ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১/১ পৃষ্ঠা ২৫-২৯
  • একেৰাহে মঙ্গলময় প্ৰকাশ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • একেৰাহে মঙ্গলময় প্ৰকাশ কৰক
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পোহৰৰ ফল
  • আত্মাৰ এটা ফল
  • ‘সুকৰ্ম্ম কৰি থাকক’
  • “তালৈ সাৱধানে চাবা”
  • মঙ্গলময়ে উত্তম পৰিণাম কঢ়িয়াই আনে
  • একেৰাহে “হিতজনক কৰ্ম্ম” কৰক
  • যিহোৱা—মঙ্গলময়ৰ এক উত্তম আৰ্হি ৰখা ঈশ্বৰ
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাক অনুকৰণ কৰা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱা যে দয়ালু পৰীক্ষা কৰি চোৱা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১/১ পৃষ্ঠা ২৫-২৯

একেৰাহে মঙ্গলময় প্ৰকাশ কৰক

“কিয়নো সকলো মঙ্গলভাব, ধাৰ্ম্মিকতা আৰু সত্যতাত পোহৰৰ ফল প্ৰকাশিত হয়।”—ইফিচীয়া ৫:১০.

১. আজি লাখ লাখ লোকে কেনেকৈ প্ৰকাশ কৰিছে যে তেওঁলোক গীতমালা ৩১:১৯ পদটোৰ সৈতে সন্মত?

মানৱজাতিয়ে কৰা সকলোতকৈ প্ৰশংসামূলক কাৰ্য্যটো হৈছে যিহোৱাক মহিমা কৰা। যিহোৱা মঙ্গলময় হোৱাৰ বাবে আজি লাখ লাখ লোকে একেৰাহে তেওঁৰ স্তুত্তি কৰিছে। যিহোৱাৰ নিষ্ঠাৱান সেৱক হোৱা হেতুকে আমি সম্পূৰ্ণ মনেৰে গীতমালাৰ লিখককে গোৱা এই গীতটোৰ সৈতে সন্মত হৈছোঁ, যʼত তেওঁ এইদৰে গাইছিল: “তুমি দিয়া সেই মঙ্গল কেনে মহৎ!”—গীতমালা ৩১:১৯.

২, ৩. যদি আমি উত্তম আচাৰ-ব্যৱহাৰ নাৰাখি শিষ্য-বনোৱা কাৰ্য্য কৰোঁ, তেনেহʼলে কি হʼব পাৰে?

২ যিহোৱালৈ ৰখা সশ্ৰদ্ধ ভয়ে আমাক তেওঁ প্ৰকাশ কৰা মঙ্গলময়ক স্তুতি কৰিবলৈ প্ৰেৰিত কৰে। তদুপৰি, ইয়ে আমাক ‘যিহোৱাৰ প্ৰশংসা, তেওঁৰ ধন্যবাদ আৰু ৰাজ্যৰ গৌৰৱযুক্ত প্ৰতাপ, সকলোৰে আগত জনাবৰ নিমিত্তে’ পৰিচালিত কৰিব। (গীতমালা ১৪৫:১০-১৩) সেইবাবে আমি উৎসাহিৎ হৈ প্ৰচাৰকাৰ্য্য আৰু শিষ্য-বনোৱা কাৰ্য্যত ভাগ লওঁ। (মথি ২৪:১৪; ২৮:১৯, ২০) আমি নিশ্চয়ে প্ৰচাৰকাৰ্য্যত ভাল আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰা উচিত। অন্যথা ই যিহোৱাৰ পবিত্ৰ নাম গ্লানি কৰিব।

৩ বহুতো লোকে ঈশ্বৰক উপাসনা কৰে বুলি দাবী কৰে, কিন্তু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ তেওঁৰ প্ৰেৰিত বাক্যৰ স্তৰৰ অনুসাৰে নহয়। প্ৰাচীন সময়তো কিছুমান ব্যক্তিয়ে সৎকৰ্ম্ম কৰা বুলি দাবী কৰিছিল, কিন্তু তেওঁলোকে তাৰ অনুসাৰে জীৱন-যাপন কৰা নাছিল। তেওঁলোকক উদ্দেশ্য কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে? হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, তুমি ব্যভিচাৰ কৰা নে? . . . ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই পৰজাতিবিলাকৰ মাজত নিন্দিত হৈছে।”—ৰোমীয়া ২:২১, ২২, ২৪.

৪. আমাৰ সজ আচৰণে কেনে প্ৰভাৱ পেলাব পাৰে?

৪ যিহোৱাৰ নাম নিন্দা কৰাৰ পৰিৱৰ্ত্তে আমি আমাৰ সজ আচৰণৰ দ্বাৰা তেওঁক মহিমা কৰিবলৈ চেষ্টা কৰা আৱশ্যক। আমাৰ এনে কাৰ্য্যই খ্ৰীষ্টান নোহোৱা লোকসকলক সঠিকৰূপে প্ৰভাৱিত কৰে। এটা কথা নিশ্চিত যে আমাৰ সজ আচৰণে বিৰোধীসকলক নিৰুত্তৰ কৰিবলৈ সহায় কৰে। (১ পিতৰ ২:১৫) গুৰুত্বপূৰ্ণ বিষয় এইটো যে আমাৰ সজ আচৰণে লোকসকলক যিহোৱাৰ সংগঠনলৈ আহিবলৈ প্ৰেৰিত কৰে আৰু যিহোৱাক মহিমা কৰি অনন্ত জীৱন লাভ কৰিবৰ বাবে তেওঁলোকলৈ পথ মুকলি হয়।—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮.

৫. এতিয়া আমি কেনে প্ৰশ্নসমূহৰ বিষয়ে বিবেচনা কৰা উচিত?

৫ আমি অসিদ্ধ মানৱ হোৱাৰ কাৰণে, কেনেকৈ এনে আচাৰণৰ পৰা আতঁৰি থাকিব পাৰোঁ যিয়ে যিহোৱাক অনাদৰ আৰু সত্যক বিচৰা লোকসকলৰ বাবে বাধাৰ কাৰণ হʼব পাৰে? আনহাতে আমি কেনেকৈ মঙ্গলময় প্ৰকাশ কৰাত সফলতা লাভ কৰিব পাৰোঁ?

পোহৰৰ ফল

৬. ‘আন্ধাৰৰ বিফল কাৰ্য্যবোৰ’ কি কি? কিন্তু খ্ৰীষ্টানসকলে কেনে ফল উৎপন্ন কৰা আৱশ্যক?

৬ আমি সমৰ্পিত খ্ৰীষ্টান হোৱা হেতুকে, এনে এক আনন্দ উপভোগ কৰিছোঁ, যিয়ে আমাক “আন্ধাৰৰ বিফল কাৰ্য্যবোৰৰ ভাগী” নহবলৈ সহায় কৰে। তেনে ঈশ্বৰ-নিন্দা কাৰ্য্যবোৰৰ সৈতে, কটু-বাক্য, দ্বন্দ, নিন্দা, অনৈতিক যৌন কাৰ্য্যৰ বিষয়ে কথোপকথন, লজ্জ্বাজনক আচৰণ, অশ্লীল কৌতুক আৰু মতলীয়া হোৱা সন্মিলিত হৈ আছে। (ইফিচীয়া ৪:২৫, ২৮, ৩১; ৫:৩, ৪, ১১, ১২, ১৮) আমি নিজকে তেনে কাৰ্য্যত জড়িত কৰাৰ পৰিৱৰ্তে “পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা” আৱশ্যক। পাঁচনি পৌলে এইদৰে কৈছিল যে, “সকলো মঙ্গলভাব, ধাৰ্ম্মিকতা আৰু সত্যতাত পোহৰৰ ফল প্ৰকাশিত হয়।” (ইফিচীয়া ৫:৮-১০) আমি পোহৰত খোজ কৰাৰ দ্বাৰাহে একেৰাহে মঙ্গলময় প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু সেইটো কেনেধৰণৰ পোহৰ?

৭. একেৰাহে মঙ্গলময়ৰ ফল প্ৰকাশ কৰিবলৈ আমি কি কৰা আৱশ্যক?

৭ আমি অসিদ্ধ মানৱ হোৱাৰ স্বত্ত্বেও মঙ্গলময়ক প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ বাবে আমি আধ্যাত্মিক পোহৰত চলা আৱশ্যক। গীতমালাৰ লিখকে এইদৰে গীত গাইছিল: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।” (গীতমালা ১১৯:১০৫) যদি ‘সকলো মঙ্গলভাবৰ’ কাৰ্য্য কৰি একেৰাহে “পোহৰৰ ফল” প্ৰকাশ কৰিব বিচাৰোঁ, তেন্তে আমি নিৰন্তৰে ঈশ্বৰৰ বাক্যত থকা আধ্যাত্মিক পোহৰৰ পৰা সম্পূৰ্ণকৈ লাভ উঠোৱা উচিত। প্ৰকৃত খ্ৰীষ্টানসকলৰ আলোচনীবোৰত এই পোহৰৰ বিষয়ে বিতংভাৱে পৰীক্ষা আৰু আমাৰ সভাবোৰত একেৰাহে আলোচনা কৰা হয়। (লূক ১২:৪২; ৰোমীয়া ১৫:৪; ইব্ৰী ১০:২৪, ২৫) তদুপৰি, আমি যীচুৰ আৰ্হি, তেওঁ দিয়া শিক্ষা অৰ্থাৎ “জগতৰ পোহৰ” আৰু ‘ঈশ্বৰৰ [যিহোৱাৰ] প্ৰতাপৰ প্ৰতিবিম্বৰ’ প্ৰতি বিষেশভাৱে মনোযোগ দিয়া উচিত।—যোহন ৮:১২; ইব্ৰী ১:১-৩.

আত্মাৰ এটা ফল

৮. আমি কিয় মঙ্গলময় প্ৰকাশ কৰিব পাৰোঁ?

৮ আধ্যাত্মিক পোহৰে আমাক নিশ্চয়ে মঙ্গলময় প্ৰকাশ কৰিবলৈ সহায় কৰে। ইয়াৰ ওপৰিও, ঈশ্বৰৰ পবিত্ৰ আত্মা বা সক্ৰিয় শক্তিয়ে আমাক এই গুণটোক প্ৰকাশ কৰিবলৈ সহায় কৰিছে। মঙ্গলময় বা মঙ্গলভাব হৈছে “আত্মাৰ” এটা ফল। (গালাতীয়া ৫:২২, ২৩) যদি আমি যিহোৱাৰ আত্মাৰ মাৰ্গ-দৰ্শনৰ অনুসাৰে চলোঁ, তেন্তে ই আমাত মঙ্গলময়ৰ উত্তম ফল উৎপন্ন কৰিব।

৯. আমি কেনেকৈ লূক ১১:৯-১৩ পদত উল্লেখ কৰা যীচুৰ বাক্যশাৰীৰ সামঞ্জস্যত চলিব পাৰোঁ?

৯ আমাৰ আন্তৰিক ইচ্ছা হৈছে যীচুৰ বাক্যৰ সামঞ্জস্যত আত্মাৰ ফল যি মঙ্গলময় গুণ প্ৰকাশ কৰি যিহোৱাৰ মন আনন্দিত কৰা। যীচুৰ বাক্যত এইদৰে কোৱা হৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব; বিচৰা, তেহে পাবা; দুৱাৰত টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব। কিয়নো যেয়ে যেয়ে খোজে, সেয়ে সেয়ে পায়; যেয়ে বিচাৰে সেয়ে দেখা পায়; আৰু যেয়ে টুকৰিয়ায়, তেওঁলৈকে দুৱাৰ মুকলি কৰা হব। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে, তেওঁ তাক শিল দিব? বা মাছ খুজিলে তাৰ সলনি তাক সাপ দিব? নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব? এতেকে তোমালোকে দুৰ্জন হৈয়ো নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” (লূক ১১:৯-১৩) গতিকে আহঁক আমি পবিত্ৰ আত্মা বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি যীচুৰ পৰামৰ্শক পালন কৰোঁহঁক, যাতে আমি একেৰাহে মঙ্গলময় ফলৰ অনুসাৰে আচৰণ কৰিব পাৰোঁ।

‘সুকৰ্ম্ম কৰি থাকক’

১০. যাত্ৰাপুস্তক ৩৪:৬, ৭ (NW) পদত যিহোৱাৰ মঙ্গলময়ৰ কেনে দিশবোৰৰ সম্পৰ্কে উল্লেখ কৰা হৈছে?

১০ ঈশ্বৰৰ বাক্যৰ পৰা লাভ কৰা আধ্যাত্মিক পোহৰ আৰু তেওঁৰ পবিত্ৰ আত্মাৰ সহায়ৰ দ্বাৰা আমি একেৰাহে ‘সুকৰ্ম্ম কৰিব’ পাৰোঁ। (ৰোমীয়া ১৩:৩) নিয়মিত বাইবেল অধ্যয়নৰ দ্বাৰা আমি যিহোৱাৰ মঙ্গলময় গুণক অধিকভাৱে কেনেকৈ অনুকৰণ কৰিব পাৰোঁ তাৰ বিষয়ে শিকিবলৈ পাওঁ। আগৰ লেখত আমি মোচিক কোৱা ঘোষণা বাক্যসমূহত যিহোৱাৰ মঙ্গলময় বিষয়ে শিকিবলৈ পালোঁ, যাৰ বিষয়ে যাত্ৰাপুস্তক ৩৪:৬, ৭ (NW) পদত উল্লেখ কৰা হৈছিল আৰু সেই সম্বন্ধে এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, মহা-অনুগ্ৰহ আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে মহা-অনুগ্ৰহ কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা; তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে; তৃতীয় চতুৰ্থ পুৰুষলৈকে পুতেক আৰু নাতিয়েকহঁতৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা।” এই ঘোষণা বাক্যসমূহক অতি মনোযোগেৰে বিবেচনা কৰাৰ দ্বাৰা আমি ‘সুকৰ্ম্ম কৰি থাকিবলৈ’ সহায় লাভ কৰিব পাৰিম

১১. যিহোৱা কৃপালু আৰু দয়াশীল হোৱাৰ বিষয়ে জানি আমি কি কৰিবলৈ প্ৰভাৱিত হোৱা উচিত?

১১ এই ঈশ্বৰীয় ঘোষণাই কৃপা আৰু দয়ালু হোৱাৰ দ্বাৰা যিহোৱাক অনুকৰণ কৰাৰ আৱশ্যকতাৰ বিষয়ে সতৰ্ক কৰে। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “দয়ালুবিলাক ধন্য; কিয়নো তেওঁবিলাকে দয়া পাব।” (মথি ৫:৭; লূক ৬:৩৬) যিহোৱাৰ দয়াশীলতাৰ বিষয়ে জ্ঞাত হোৱাৰ দ্বাৰা আমি প্ৰচাৰ কৰা লোকসকল আৰু আনৰ সৈতে দয়ালু আচৰণ কৰিবলৈ প্ৰেৰিত হওঁ। এইটো পাচঁনি পৌলে দিয়া পৰামৰ্শৰ সৈতে মিল খায়, যʼত তেওঁ এইদৰে কৈছিল: “কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।”—কলচীয়া ৪:৬.

১২. (ক) ঈশ্বৰে ক্ৰোধত ধীৰ হোৱাৰ বাবে আমি আনৰ প্ৰতি কেনে ব্যৱহাৰ কৰা উচিত? (খ) যিহোৱাৰ মহা-অনুগ্ৰহই আমাক কি কৰিবলৈ প্ৰেৰিত কৰে?

১২ ঈশ্বৰে ক্ৰোধত ধীৰ হোৱাৰ হেতুকে “সুকৰ্ম্ম কৰা” আমাৰ ইচ্ছাই আমাক সঙ্গী বিশ্বাসী ভাই-ভনীসকলৰ সৰু সৰু ভুল-ভ্ৰান্তিৰ প্ৰতি আওকাণ কৰি তেওঁলোকৰ উত্তম গুণসমূহত ধ্যান কেন্দ্ৰীত কৰিবলৈ প্ৰেৰিত কৰে। (মথি ৭:৫; যাকোব ১:১৯) যিহোৱাৰ মহা-অনুগ্ৰহই আমাক সকলোতকৈ কঠিন পৰিস্থিতিতো আনুগত্য প্ৰেম প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে। এইটো অৱশ্যেই এক বাঞ্চনীয় বিষয়।—হিতোপদেশ ১৯:২২

১৩. যিহোৱাই যে “সত্যতাত মহান,” তাক প্ৰতিফলিত কৰিবলৈ আমি কেনে কাৰ্য্য কৰা উচিত?

১৩ যিহেতু আমাৰ স্বৰ্গীয় পিতৃ হৈছে “সত্যতাত মহান,’’ গতিকে আমি আমাৰ সত্য কথাবতৰাৰে ‘পৰিচাৰক হিচাবে ঈশ্বৰৰ অনুমোদন লাভ কৰিব বিচাৰোঁ।’ (২ কৰিন্থীয়া ৬:৩-৭) যিহোৱাই ঘিণ কৰা সাতোটা বস্তুৰ ভিতৰত “মিছা কথা কোৱা জিবা” আৰু “মিছা কথা কওঁতা মিছা সাক্ষী” সন্মিলিত আছে। (হিতোপদেশ ৬:১৬-১৯) গতিকে যিহোৱাৰ মন আনন্দিত কৰাৰ প্ৰতি থকা আমাৰ ইচ্ছাই আমাক ‘মিছা কথা কোৱাৰ পৰা আতঁৰি থাকি সত্য কবলৈ’ উৎসাহিত কৰে। (ইফিচীয়া ৪:২৫) এই প্ৰমুখ ক্ষেত্ৰত আমি মঙ্গলময় প্ৰকাশ কৰিবলৈ কেতিয়াও বিফল নহওঁ যেন।

১৪. আমি কিয় ক্ষমাশীল হোৱা উচিত?

১৪ যিহোৱাই মোচিলৈ কৰা ঘোষণা বাক্যসমূহেও আমাক ক্ষমাশীল ব্যক্তি হবলৈ প্ৰেৰিত কৰে, কিয়নো যিহোৱাই সদায়ে ক্ষমা কৰিবলৈ সাজু থাকে। (মথি ৬:১৪, ১৫) অৱশ্য যিহোৱাই মন পালটন নকৰা পাপীসকলক শাস্তি দিয়ে। মণ্ডলীত আধ্যাত্মিক শুদ্ধতা বজাই ৰখিবলৈ দিয়া মঙ্গলময়ৰ স্তৰসমূহক আমি নিশ্চয়ে পালন কৰা উচিত।—লেবীয়া পুস্তক ৫:১; ১ কৰিন্থীয়া ৫:১১, ১২; ১ তীমথিয় ৫:২২.

“তালৈ সাৱধানে চাবা”

১৫, ১৬. ইফিচীয়া ৫:১৫-১৯ পদত উল্লেখ কৰা পৌলৰ পৰামৰ্শই আমাক একেৰাহে মঙ্গলময় প্ৰকাশ কৰিবলৈ কেনেকৈ সহায় কৰে?

১৫ আমাৰ চাৰিওফালে ভৰি থকা দুষ্টতাৰ স্বত্ত্বেও মঙ্গলময়ক অনুকৰণ কৰিবলৈ, আমি ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হোৱা আৱশ্যক আৰু কিদৰে চলোঁ তাৰ প্ৰতি সাৱধানে চোৱা উচিত। সেয়েহে ইফিচিয়াত থকা খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি পাঁচনি পৌলে এইদৰে লিখিছিল: “এতেকে যি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ। এই হেতুকে তোমালোক নিৰ্ব্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা। আৰু দ্ৰাক্ষৰসেৰে মতলীয়া নহবা; কিয়নো তাত নষ্টামি আছে; কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা; ধৰ্ম্ম-গীত, স্ত্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে আলাপ কৰা; আৰু প্ৰভুৰ উদ্দেশে তোমালোকৰ হৃদয়েৰে গান আৰু বাদ্য কৰা।” (ইফিচীয়া ৫:১৫-১৯) আমি শেষ-কালত বাস কৰাৰ বাবে এই পৰামৰ্শটো আমাৰ বাবে একেবাৰে উপযুক্ত।—২ তীমথিয় ৩:১.

১৬ যদি আমি একেৰাহে মঙ্গলময়ৰ অনুসাৰে জীৱন-যাপন কৰিব বিচাৰোঁ, তেনেহʼলে আমি নিশ্চয়ে ঈশ্বৰৰ জ্ঞানত চলোঁতাসকলৰ দৰে চলিবলৈ নিজকে সাৱধানে চোৱা উচিত। (যাকোব ৩:১৭) আমি গম্ভীৰ পাপ কৰাৰ পৰা আতঁৰি থাকি, ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হৈ ইয়াৰ দ্বাৰা পথ-প্ৰদৰ্শক হোৱা আৱশ্যক। (গালাতীয়া ৫:১৯-২৫) খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিৱেশনসমূহত শিকোৱা আধ্যাত্মিক নিৰ্দ্দেশনক পালন কৰাৰ যোগেদি আমি একেৰাহে সুকৰ্ম্ম কৰিব পাৰিম। ইফিচীয়া মণ্ডলীক প্ৰদান কৰা পাঁচনি পৌলৰ পৰামৰ্শই আমাক উপাসনাৰ বাবে একত্ৰিত হৈ বেছিভাগ সভাত হৃদয়েৰে গোৱা ‘আত্মিক গানৰ’ পৰা লাভৱান হোৱাৰ বিষয়ে স্মৰণ কৰাই দিয়ে। কিয়নো বেছিভাগ গীত আমি আচৰণ কৰিবলগীয়া আধ্যাত্মিক গুণসমূহ, যেনে মঙ্গলময়ৰ ওপৰত আধাৰিত।

১৭. গম্ভীৰ শাৰীৰিক অসুস্থতা বা আন পৰিস্থিতিৰ বাবে যদি তেওঁলোকে নিয়মীয়াকৈ সভাত উপস্থিতি হʼব নোৱাৰে, তেনেহʼলে তেওঁলোকে কি বিষয়ে নিশ্চিত হʼব পাৰে?

১৭ যিসকল সঙ্গী উপাসকে গম্ভীৰভাৱে শৰীৰিক অসুস্থ হোৱা বাবে নিয়মীয়াকৈ সভাত উপস্থিত হʼব নোৱাৰে, তেওঁলোকৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকে হয়তো নিয়মীয়াকৈ যিহোৱাক উপাসনা কৰিবলৈ ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰিব নোৱাৰাৰ বাবে নিৰুৎসাহিত হʼব পাৰে। কিন্তু তেওঁলোকে এটা কথাত নিশ্চিত হʼব পাৰে যে যিহোৱাই তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে বুজি পাই আৰু সেইবাবে তেওঁ তেওঁলোকক সত্যত দৃঢ় হৈ থাকিবলৈ পবিত্ৰ আত্মা প্ৰদান আৰু একেৰাহে সুকৰ্ম্ম কৰি থকিবলৈ সহায় কৰিব।—যিচয়া ৫৭:১৫.

১৮. মঙ্গলময়ৰ পথত চলিবলৈ আমাক কিহে সহায় কৰিব?

১৮ মঙ্গলময় পথত চলিবলৈ হʼলে আমি বেয়া সঙ্গতিৰ পৰা বিৰত আৰু ‘মঙ্গলময়ক ঘিণাওঁতা’ সকলৰ পৰা আতঁৰি থকা আৱশ্যক। (২ তীমথিয় ৩:২-৫; ১ কৰিন্থীয়া ১৫:৩৩) সেই পৰামৰ্শৰ অনুসাৰে চলি আমি পবিত্ৰ “আত্মাক অসন্তুষ্ট” কৰা কাৰ্য্য নকৰিবলৈ সহায় লাভ কৰিম। (ইফিচীয়া ৪:৩০) তদুপৰি, মঙ্গলময়ৰ অনুসাৰে চলা ব্যক্তিসকলৰ সৈতে যদি আমি নিবিড় সম্পৰ্ক বজাই ৰাখোঁ, তেনেহʼলে তেওঁলোকৰ পৰা একেৰাহে সৎকৰ্ম্ম কৰিবলৈ সহায় প্ৰাপ্ত কৰিম আৰু যিহোৱাৰ পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হʼম।—আমোচ ৫:১৫; ৰোমীয়া ৮:১৪; গালাতীয়া ৫:১৮.

মঙ্গলময়ে উত্তম পৰিণাম কঢ়িয়াই আনে

১৯-২১. মঙ্গলময় প্ৰকাশ কৰাৰ পৰিণামস্বৰূপে পোৱা অভিজ্ঞতাক বৰ্ণনা কৰক।

১৯ আধ্যাত্মিক পোহৰৰ পথত চলি, ঈশ্বৰৰ আত্মাৰ দ্বাৰা নিৰ্দ্দেশিত হৈ আৰু আমি নিজকে সাৱধানে পৰীক্ষা কৰা যোগেদি যি বেয়া তাক ত্যাগ দি ‘একেৰাহে সুকৰ্ম্ম কৰি’ থাকিবলৈ সহায় লাভ কৰিম। দৰাচলতে এনে কাৰ্য্যই এক উত্তম পৰিণাম কঢ়িয়াই আনিব পাৰে। উদাহৰণস্বৰূপে, দক্ষিণ আফ্ৰিকাত বাস কৰা জঙ্গেজেলে নামৰ এজন যিহোৱাৰ সাক্ষী ভাইৰ অভিজ্ঞতাৰ বিষয়ে বিবেচনা কৰক। এবাৰ তেওঁ স্কুলৰ অভিমুখে যোৱাৰ পথত, অলপমাত্ৰাত জমা কৰা সঞ্চিত ধনৰ পৰিমাণৰ বিষয়ে জানিবলৈ বেঙ্কলৈ গৈছিল। তেওঁ জমা কৰা ধনৰ পৰিমাণৰ বিষয়ে জানিবলৈ যেতিয়া বেঙ্কত থকা স্বয়ংচলিত ধনৰ পৰিণাম কোৱা যন্ত্ৰক সোধা হয়, তেতিয়া সেই যন্ত্ৰই ভুলক্ৰমে ভাইজনৰ নামত ২,৭০,০০০ টকা জমা আছে বুলি দেখুৱাই এখন ৰচিত পত্ৰ দিয়ে। সেই বেঙ্কৰ এজন সুৰক্ষা গাৰ্ড আৰু আন ব্যক্তিসকলে তেওঁক সেই টকাখিনি ওলিয়াই আন এটা বেঙ্কত জমা কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু তেওঁ যি যিহোৱাৰ সাক্ষী দম্পতীৰ সৈতে বাস কৰিছিল, তেওঁলোকে কেৱল তেওঁক সেই টকা নুলিয়াবলৈ পৰামৰ্শ দিয়ে।

২০ দ্বিতীয় দিনা জঙ্গেজেলে নামৰ ভাইজনে বেঙ্ক কৃৰ্ত্তৃপক্ষক সেই ভুলটোৰ বিষয়ে অৱগত কৰে। অনুসন্ধান কৰাৰ পাছত এইটো জানিব পৰা গʼল যে তেওঁৰ লেখা নম্বৰ আন এজন ধনী ব্যৱসায়ীৰ সৈতে মিল খোৱাৰ বাবে সেই ব্যক্তিজনে ভুলতে তেওঁৰ নম্বৰত টকা জমা কৰিছিল। সেই ব্যৱসায়ী ব্যক্তিজনে জঙ্গেজেলেৰ এনে আচৰণ দেখি আঁচৰিত হৈ সেই ভাইজনক এইদৰে সুধিলে, “আপুনি কোন ধৰ্ম্মৰ ব্যক্তি?” ভাইজনে কʼলে যে তেওঁ এজন যিহোৱাৰ সাক্ষী। বেঙ্ক কৃৰ্ত্তৃপক্ষই তেওঁৰ এনে কাৰ্য্যৰ বাবে প্ৰশংসা কৰি কʼলে: “আমি বিচাৰোঁ সকলো ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ দৰে সত্যবাদী হওঁক।” দৰাচলতে সত্যবাদী আৰু মঙ্গলময়ৰ কাৰ্য্যই লোকসকলক যিহোৱাৰ নাম মহিমা কৰিবলৈ প্ৰেৰিত কৰিব পাৰে।—ইব্ৰী ১৩:১৮.

২১ ততালিকে কোনো উত্তম পৰিণাম পোৱাৰ আশাৰে মঙ্গলময়ৰ কাৰ্য্য কৰা উচিত নহয়। উদাহৰণস্বৰূপে, উত্তৰ আমেৰিকাৰ কেলিফৰ্ণীয়াৰ অন্তৰ্গত থকা চামোৱা দ্বীপপুঞ্জৰ এটা দ্বীপত পূৰ্ণ সময়ৰ প্ৰচাৰকাৰ্য্য কৰা এজন যিহোৱাৰ সাক্ষী যুৱক ভায়ে এখন স্থানীয় চিকিৎসালয়লৈ গৈছিল। চিকিৎসালয়ত বহুতো লোকে ডাক্টৰৰ বাবে অপেক্ষা কৰি আছিল। এনেতে তেওঁ নিজৰ কাষত অতিশয় শৰীৰিকভাৱে অসুস্থ হোৱা এগৰাকী বৃদ্ধ মহিলাক লক্ষ্য কৰিলে। গতিকে সেই বৃদ্ধ মহিলা গৰাকীক তেওঁৰ পাল পৰা সময়ত যাবলৈ কʼলে, যাতে তাই সোনকালে ডাক্টৰক দেখা কৰিব পাৰে। বহু দিনৰ পাছত ভাইজনে সেই বৃদ্ধ মহিলাগৰাকীক এদিন বজাৰত লগ পায়। তেতিয়া তাই চিকিৎসালয়ত সেই ভাইজনে কৰা উত্তম কাৰ্য্যক স্মৰণ কৰি এইদৰে কয়: “এতিয়া মই বিশ্বাস কৰোঁ যে প্ৰকৃততে যিহোৱাৰ সাক্ষীসকলেহে তেওঁবিলাকৰ চুবুৰীয়াক প্ৰেম কৰে।” পূৰ্বতে সেই মহিলাগৰাকীয়ে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি কোনো আগ্ৰহ দেখুৱা নাছিল। কিন্তু তাই সেই ভাইজনে কৰা কাৰ্য্যৰ দ্বাৰা প্ৰভাৱিত হৈ গৃহ বাইবেল অধ্যয়ন কৰিবলৈ নিজৰ আগ্ৰহ প্ৰকাশ কৰে আৰু তাই ঈশ্বৰৰ বাক্যৰ জ্ঞান লবলৈ আৰম্ভ কৰে।

২২. ‘একেৰাহে সৎকৰ্ম্ম কৰি থকাৰ’ সকলোতকৈ উল্লেখনীয় বিষয়টো কি?

২২ সম্ভৱতঃ আপুনিও মঙ্গলময় প্ৰকাশ কৰি কোনো কাৰ্য্য কৰাৰ অনুভৱ আছে। ‘একেৰাহে সুকৰ্ম্ম কৰি থকাৰ’ উল্লেখনীয় পথটো হৈছে নিয়মীয়াকৈ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকাৰ্য্যত ভাগ লোৱা। (মথি ২৪:১৪) এতেকে যিসকলে ঈশ্বৰৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী, তেওঁলোকলৈ উৎসাহী হৈ এই বিশেষ অধিকাৰযুক্ত কাৰ্য্য কৰাৰ দ্বাৰা সৎকৰ্ম্ম কৰোঁহঁক। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ প্ৰচাৰকাৰ্য্য আৰু সজ আচৰণে যিহোৱাৰ নাম মহিমা কৰে, যিজন হৈছে মঙ্গলময়ৰ উৎস।—মথি ১৯:১৬, ১৭.

একেৰাহে “হিতজনক কৰ্ম্ম” কৰক

২৩. খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যক কিয় হিতজনক কৰ্ম্ম বুলি কোৱা হয়?

২৩ আমাৰ পৰিচৰ্য্যা কাৰ্য্য হৈছে এটা হিতজনক কৰ্ম্ম। ই আমাক আৰু আমাৰ ৰাজ্যৰ বাৰ্ত্তা শুনোতাসকলক উদ্ধাৰ আৰু অনন্ত জীৱনৰ পথলৈ পৰিচালিত কৰিব পাৰে। (মথি ৭:১৩, ১৪; ১ তীমথিয় ৪:১৬) যেতিয়া আমি কোনো নিৰ্ণয় লওঁ, তেতিয়া হিতজনক কৰ্ম্ম কৰিবলৈ থকা ইচ্ছাই আমাৰ সম্মুখত এনে এটা প্ৰশ্ন দাঙি ধৰে: ‘মই লোৱা এই নিৰ্ণয়ে ৰাজ্যৰ প্ৰচাৰকাৰ্য্যত কেনে প্ৰভাৱ পেলাব? মই যাক উত্তম বুলি বিবেচনা কৰিছোঁ, প্ৰকৃততে সঁচাকৈ সেইটো উত্তম নে? আনে “অনন্ত শুভবাৰ্ত্তা” গ্ৰহণ আৰু যিহোৱাৰ সৈতে অটুট সম্বন্ধ গঢ়ি তুলিবলৈ মই আগবঢ়োৱা সাহায্যৰ প্ৰতি ই মোক কেনেকৈ সহায় কৰিব? (প্ৰকাশিত বাক্য ১৪:৬) আমি ৰাজ্যৰ হিতৰ বাবে সঠিক নিৰ্ণয় লৈ অধিক আনন্দিত হʼব পাৰিম। (মথি ৬:৩৩; পাঁচনিৰ কৰ্ম্ম ২০:৩৫)

২৪, ২৫. কি কি প্ৰকাৰে মণ্ডলীত সৎকৰ্ম্ম কৰ্ম্ম কৰিব পাৰি আৰু যদি আমি একেৰাহে মঙ্গলময় প্ৰকাশ কৰোঁ, তেনেহʼলে কিহৰ বিষয়ে নিশ্চিত হʼব পাৰিম?

২৪ আহঁক আমি মঙ্গলময়ৰ বাবে লাভ কৰা পৰিণামসমূহৰ প্ৰতি কেতিয়াও হেয়জ্ঞান নকৰোঁহঁক। আমি খ্ৰীষ্টান মণ্ডলীক সমৰ্থন, তাৰ প্ৰতি আগ্ৰহী আৰু হিতজনক কৰ্ম্ম কৰাৰ দ্বাৰা একেৰাহে এই গুণটো বজাই ৰাখিব পাৰোঁ। যেতিয়া আমি নিয়মীয়াকৈ খ্ৰীষ্টান সভাত উপস্থিত আৰু তাত ভাগ লওঁ, দৰাচলতে তেতিয়াহে আমি সৎকৰ্ম্ম কৰোঁ। আমি সভাত উপস্থিত হʼলে আমাৰ সঙ্গী ভাই-ভনীয়ে উৎসাহিত আৰু সভাত দিয়া আমাৰ মন্তব্যই তেওঁলোকক আধ্যাত্মিকৰূপে দৃঢ় কৰি তুলে। ইয়াৰ ওপৰিও যেতিয়া আমি ৰাজ্যগৃহক চোৱা-চিতা বা মেৰামতি কৰিবলৈ আৰ্থিক সাহয্য আগবঢ়াও, তেতিয়াও আমি সৎকৰ্ম্ম কৰোঁ। (২ ৰাজাৱলি ২২:৩-৭; ২ কৰিন্থীয়া ৯:৬, ৭) অৱশ্যে যেতিয়ালৈকে আমি ‘শুভক্ষণ পাওঁ, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।’—গালাতীয়া ৬:১০.

২৫ এইটো সঁচা যে আমি সকলো পৰিস্থিতিতে মঙ্গলময় প্ৰকাশ কৰাৰ বাবে অপেক্ষা কৰিব নোৱাৰোঁ। গতিকে যেতিয়া কোনো নতুন প্ৰত্যাহ্বানজনক বিষয়সমূহৰ সম্মুখীন হওঁ, তেতিয়া আহঁক আমি শাস্ত্ৰীয় পদৰ সেই সম্পৰ্কে জ্ঞান, ঈশ্বৰৰ পবিত্ৰ আত্মা বিচাৰি তেওঁলৈ প্ৰাৰ্থনা আৰু তেওঁৰ হিতজনক কৰ্ম্ম আৰু সিদ্ধ অভিপ্ৰায়ত একেৰাহে লাগি থাকিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰোঁহঁক। (ৰোমীয়া ২:৯, ১০; ১২:২) এনে কৰাৰ দ্বাৰা নিশ্চিত হʼব পাৰিম যে যেনেকৈ আমি মঙ্গলময় প্ৰকাশ কৰিম, যিহোৱাই আমাক আশীৰ্ব্বাদ কৰিব। (w02 1/15)

আপুনি কিদৰে উত্তৰ দিব?

• আটাইতকৈ মহান সৎকৰ্ম্মক আমি কেনেকৈ সম্পন্ন কৰিব পাৰোঁ?

• মঙ্গলময়ক কিয় ‘পোহৰৰ ফল’ বুলি কোৱা হয়?

• মঙ্গলময়ক কিয় ‘আত্মাৰ ফল’ ৰূপে বৰ্ণনা কৰা হয়?

• আমাৰ সজ আচৰণে কেনেদৰে প্ৰভাৱিত কৰে?

[২৫ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাই আমাক মঙ্গলময় প্ৰকাশ কৰিবলৈ সহায় কৰে

[২৮ পৃষ্ঠাৰ ছবিসমূহ]

মঙ্গলময় প্ৰকাশ কৰাৰ যোগেদি উত্তম ফল লাভ কৰিম

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক