ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ৪/১ পৃষ্ঠা ১০-১৫
  • কিয় বাপ্তিষ্মা লোৱা আৱশ্যক?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিয় বাপ্তিষ্মা লোৱা আৱশ্যক?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বাপ্তিষ্মা—কেনেকৈ লোৱা উচিত?
  • বাপ্তিষ্মা লোৱাৰ এক নতুন কাৰণ
  • যথাৰ্থ জ্ঞান লোৱা আৱশ্যক
  • পৰাচিত আৰু মন-পালটন কৰাৰ গুৰুত্বতা
  • সম্পূৰ্ণ মনেৰে সমৰ্পণ কৰাৰ গুৰুত্বতা
  • আপোনাক ব্যৱহাৰিক পদক্ষেপ লʼবলৈ কিহবাই বাধা দিছেনে?
  • বাপ্তিষ্মা আৰু ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • বাপ্তিষ্মা হৈছে এক ডাঙৰ লক্ষ্য!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ৪/১ পৃষ্ঠা ১০-১৫

কিয় বাপ্তিষ্মা লোৱা আৱশ্যক?

“যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি . . . তেওঁবিলাকক বাপ্তাইজ কৰা।”—মথি ২৮:১৯.

১, ২. (ক) কেনে পৰিস্থিতিৰ মাজত কিছুমানে বাপ্তিষ্মা লৈছিল? (খ) বাপ্তিষ্মাৰ সম্বন্ধে কেনে প্ৰশ্নসমূহ দাঙি ধৰা হৈছে?

জন্‌ লৰ্ড নামৰ এজন বুৰঞ্জীবিদে এইদৰে লিখিছিল যে, সা.যু. ৭৭৫-৭৭ চনত ফ্ৰাঙ্কৰ ৰজা চাৰ্লমেগেনে চেক্সন অধিকাৰ কৰে। “তেওঁ চেক্সন অধিবাসীসকলক তথাকথিত খ্ৰীষ্টান ধৰ্ম্ম গ্ৰহণ কৰাবলৈ সমূহীয়াকৈ বাপ্তিষ্মা লʼবলৈ বাধ্য কৰায়।” একেইদৰে সা.যু. ৯৮৭ চনত ৰুচ দেশৰ শাসনকৰ্তা প্ৰথম ভেলাডিমাৰে গ্ৰীক অৰ্থডক্সৰ ৰাজকুমাৰী বিয়া কৰোৱাৰ পাছত “খ্ৰীষ্টান” হʼবলৈ নিৰ্ণয় লৈছিল। তেওঁ লোকসকলক সমুহীয়াকৈ বাপ্তিষ্মা লʼবলৈ আৰু যদি কোনোৱে তেনে কৰাত মান্তি নহয় তেন্তে মৃত্যুদণ্ড দিয়া হʼব বুলি আজ্ঞাপত্ৰ জাৰি কৰিছিল।

২ তেনেধৰণৰ বাপ্তিষ্মা লোৱাটো উচিত আছিলনে? তাৰ কোনা প্ৰকৃত অৰ্থ আছিলনে? কোনো এজনে কেৱল এনেই বাপ্তিষ্মা লোৱাটো উচিতনে?

বাপ্তিষ্মা—কেনেকৈ লোৱা উচিত?

৩, ৪. কেৱল মূৰত পানী ছটিয়া বা ঢালি বাপ্তিষ্মা লোৱাটো খ্ৰীষ্টানসকলৰ কিয় উচিত নহয়?

৩ চাৰ্লমেগেন আৰু ভেলাডিমাৰে বাপ্তিষ্মা দিয়াবলৈ লোৱা পদক্ষেপবোৰ ঈশ্বৰৰ বাক্যৰ সামঞ্জস্যত নাছিল। আনকি এনে ধৰণৰ বাপ্তিষ্মাই কোনো অৰ্থ নাৰাখে, যেনে—পানী ছটিয়া, ঢালা বা সত্যৰ বিষয়ে একোকে নজনা ব্যক্তিক পানীত ডুবোৱাই বাপ্তিষ্মা দিয়া।

৪ সা.যু. ২৯ চনত নাচৰতীয়া যীচুৱে যোহন বাপ্তাইজকৰ ওচৰলৈ যোৱাৰ বিষয়ে বিবেচনা কৰক। যোহন বাপ্তাইজকে যৰ্দ্দন নদীত লোকসকলক বাপ্তিষ্মা দিছিল। তেওঁলোকে স্বইচ্ছাৰে বাপ্তিষ্মা লবলৈ তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ, তেওঁলোকক যৰ্দ্দন নদীত থিয় কৰাই চৰিয়াৰে তেওঁলোকৰ মূৰত পানী ঢালিছিল বা ছটিয়াই দিছিলনে? যোহনে যেতিয়া যীচুক বাপ্তিষ্মা দিছিল, তেতিয়া কি ঘটিছিল? এই সম্বন্ধে মথিয়ে এইদৰে দাঙি ধৰি কৈছে যে “যীচু বাপ্তাইজিত হৈ, তেতিয়াই পানীৰ পৰা উঠিল।” (মথি ৩:১৬) তেওঁক সম্পূৰ্ণৰূপে পানীত ডুবোৱা হৈছিল। ঠিক তেনেদৰে কুচ-দেশীয় নিষ্ঠাৱান নপুংসক ব্যক্তিজনক “এডোখৰ পানী” থকা ঠাইত বাপ্তিষ্মা দিয়া হৈছিল। তেনেধৰণৰ এডোখৰ পানী থকা ঠাইৰ আৱশ্যকতা আছিল, কিয়নো যীচু আৰু তেওঁৰ শিষ্যসকলে সম্পূৰ্ণৰূপে পানীত ডুব গৈ বাপ্তিষ্মা লৈছিল।—পাঁচনিৰ কৰ্ম্ম ৮:৩৬.

৫. প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কেনেকৈ লোকসকলক বাপ্তিষ্মা দিছিল?

৫ গ্ৰীক শব্দত “বাপ্তাইজ,” বাপ্তিষ্মা ইত্যাদি শব্দৰ অৰ্থ হৈছে সম্পূৰ্ণকৈ পানীত নিমজ্জন কৰা। স্মিথ বাইবেল শব্দকোষৰ অনুসাৰে: প্ৰকৃত বাপ্তিষ্মাৰ অৰ্থ হৈছে পানীত সম্পূৰ্ণকৈ নিমজ্জিত কৰা।” কিছুমান বাইবেল অনুবাদত, “যোহন নিমজ্জিতকৰ্ত্তা” আৰু “যোহন ডুবাওঁতা” বুলি উল্লেখ কৰিছে। (মথি ৩:১, ৰোথাৰহেম; ডাইগ্লট্‌ ইন্টাৰলিনিয়াৰ) আগষ্টুচ নিয়ানডাৰে লিখা হিষ্ট্ৰি অৱ দ্যা খ্ৰীষ্টান ৰিলিজন এণ্ড ছাৰ্চ, ডুৱেৰীং দ্যা থ্ৰি ফ্ৰাষ্ট ছেনচুৰীচ নামৰ কিতাপখনত এইদৰে কোৱা হৈছে: “আৰম্ভণিতে বাপ্তিষ্মা শব্দটোক সম্পূৰ্ণকৈ পানীত নিমজ্জিত কৰা অৰ্থত লোৱা হৈছিল।” ফ্ৰান্সত প্ৰকাশ পোৱা বিংশ শতাব্দীৰ লাৰোচ ডুয়ে জীৱনীত এইদৰে মন্তব্য দিয়া হয়: “প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে যʼতে পানী উপলব্ধ আছিল তাতে নিমজ্জিত হৈ বাপ্তিষ্মা লৈছিল।” তদুপৰি, নিউ কেথলিক এনচাইক্লপীডিয়াত এইদৰে বৰ্ণনা কৰিছে: “স্পষ্টৰূপে, প্ৰথম শতাব্দীৰ গীৰ্জাৰ সদস্যসকলে পানীত নিমজ্জিত হৈ বাপ্তিষ্মা লৈছিল।” (১৯৬৭ চনৰ ২ খণ্ড, ৫৬ পৃষ্ঠা) সেয়েহে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে স্বইচ্ছাৰে সম্পূৰ্ণৰূপে পানীত নিমজ্জিত হৈ বাপ্তিষ্মা লয়।

বাপ্তিষ্মা লোৱাৰ এক নতুন কাৰণ

৬, ৭. (ক) যোহনে কি উদ্দেশ্যেৰে লোকসকলক বাপ্তিষ্মা দিছিল? (খ) যীচুৰ শিষ্যসকলে দিয়া বাপ্তিষ্মাত কি নতুন কাৰণ সন্মিলিত আছিল?

৬ যোহন বাপ্তাইজক আৰু যীচুৰ শিষ্যসকলে দিয়া বাপ্তিষ্মাৰ মাজত ভিন্ন উদ্দেশ্য আছিল। (যোহন ৪:১, ২) যোহনে লোকসকলক ব্যৱস্থাৰ অহিতে কৰা পাপৰ পৰা মনপালটন কৰা চিহ্ন হিচাবে ৰাজহুৱাভাৱে বাপ্তিষ্মা দিছিল।a (লূক ৩:৩) কিন্তু যীচুৰ শিষ্যসকলে দিয়া বাপ্তিষ্মাত কিবা নতুন সন্মিলিত আছিল। পেন্টাকোষ্ট সা.যু. ৩৩ চনত পাঁচনি পিতৰে তেওঁৰ শ্ৰোতাসকলক এইদৰে কৈছিল: “তোমালোকৰ পাপ-মোচনৰ অৰ্থে মন পালটোৱা, আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা।” (পাঁচনিৰ কৰ্ম্ম ২:৩৭-৪১) তেওঁ এই কথাষাৰ যদিও যিহূদী আৰু যিহূদী-ধৰ্ম্ম লোৱা লোকসকলক উদ্দেশ্য কৰি কৈছিল, তেওঁৰ অৰ্থ এইটো নাছিল যে সেই বাপ্তিষ্মাই ব্যৱস্থাৰ অহিতে কৰা পাপ মোচন বা যীচুৰ নামৰ দ্বাৰা পাপ প্ৰক্ষালন কৰাক চিহ্নিত কৰে।—পাঁচনিৰ কৰ্ম্ম ২:১০.

৭ সেই সময়ছোৱাত পাঁচনি পিতৰে পোৱা প্ৰথম “স্বৰ্গৰাজ্যৰ চাবিবোৰ” ব্যৱহাৰ কৰিছিল। কি উদ্দেশ্যৰ বাবে? যাতে তেওঁৰ শ্ৰোতাসকলে স্বৰ্গ ৰাজ্যত প্ৰবেশ কৰাৰ জ্ঞান লʼবলৈ সুযোগ লাভ কৰে। (মথি ১৬:১৯) যিহেতু যিহূদীসকলে যীচুক মচীহৰূপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, কিন্তু মনপালটন আৰু তেওঁত বিশ্বাস কৰি, ঈশ্বৰৰ পৰা ক্ষমা বিচৰা আৰু লাভ কৰাটো আছিল এটা মুখ্য আৰু নতুন কাৰণ। যিহূদীসকলে ৰাজহুৱাভাৱে যীচুৰ নামেৰে পানীত নিমজ্জিত হৈ তেনে বিশ্বাসৰ প্ৰমাণ দিব পাৰিলেহেঁতেন। তেনে কৰাৰ দ্বাৰা তেওঁলোকে ব্যক্তিগতভাৱে যীচুৰ দ্বাৰা ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰিব পাৰিলেহেঁতেন। একেইদৰে বৰ্তমান সময়ত যিসকলে ঈশ্বৰীয় অনুমোদন পাবলৈ ইচ্ছা কৰে, তেওঁলোকে সেইদৰে বিশ্বাস কৰি, সমৰ্পিত হৈ সৰ্ব্বোপৰিজনাৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ বাপ্তিষ্মা লোৱা উচিত।

যথাৰ্থ জ্ঞান লোৱা আৱশ্যক

৮. খ্ৰীষ্টান বাপ্তিষ্মা কিয় সকলোৰে বাবে নহয়?

৮ প্ৰকৃত খ্ৰীষ্টানসকলৰ বাপ্তিষ্মা সকলোৰে বাবে হয়, এনে নহয়। যীচুৱে তেওঁৰ শিষ্যসকলক আজ্ঞা দি কৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) বাপ্তিষ্মা লোৱাৰ পূৰ্বেই লোকসকলে ‘যীচুৱে তেওঁৰ শিষ্যসকলক দিয়া সকলো আজ্ঞাক পালন কৰিবলৈ শিকা আৱশ্যক।’ বল কৰি বাপ্তিষ্মা দিয়াৰ অৰ্থ হৈছে লোকসকলৰ যথাৰ্থ জ্ঞানৰ ওপৰত থকা বিশ্বাসৰ অভাৱ আৰু যীচুৱে প্ৰকৃত অনুগামীসকলক আজ্ঞা কৰাৰ বিপৰীতে কাৰ্য্য কৰা।—ইব্ৰী ১১:৬.

৯. ‘পিতৃৰ নামেৰে’ বাপ্তিষ্মা লোৱা অৰ্থ কি?

৯ ‘পিতৃৰ নামেৰে’ বাপ্তিষ্মা দিয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে বাপ্তিষ্মা লোৱা ব্যক্তিজনে স্বৰ্গীয় পিতৃৰ অধিকাৰ আৰু স্থানৰ সৈতে পৰিচিত হোৱা। কিয়নো যিহোৱা আমাৰ সৃষ্টিকৰ্তা হোৱাৰ ওপৰিও তেওঁ গোটেই পৃথিৱী আৰু বিশ্বৰ “সৰ্ব্বোপৰি জনা।”—গীতমালা ৮৩:১৮; যিচয়া ৪০:২৮; পাঁচনিৰ কৰ্ম্ম ৪:২৪.

১০. ‘পুত্ৰৰ নামেৰে’ বাপ্তিষ্মা লোৱাৰ অৰ্থ কি?

১০ ‘পুত্ৰৰ নামেৰে’ বাপ্তিষ্মা লোৱা অৰ্থ হৈছে যীচুৰ স্থান, অধিকাৰ আৰু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হিচাবে চিনি পোৱা। (১ যোহন ৪:৯) যিসকলে বাপ্তিষ্মাৰ বাবে উপযুক্ত তেওঁলোকে, যীচুক ঈশ্বৰে “সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে দান কৰিলে” বুলি গ্ৰহণ কৰা উচিত। (মথি ২০:২৮; ১ তীমথিয় ২:৫, ৬) তদুপৰি, বাপ্তিষ্মা লোৱা প্ৰাৰ্থীয়ে, ঈশ্বৰে যে তেওঁৰ পুত্ৰক “ওখ পদ” দিলে তাক জনা উচিত।—ফিলিপীয়া ২:৮-১১; প্ৰকাশিত বাক্য ১৯:১৬.

১১. ‘পবিত্ৰ আত্মা নামেৰে’ বাপ্তিষ্মা লোৱাৰ অৰ্থ কি?

১১ “পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লোৱাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে বাপ্তিষ্মা লোৱা ব্যক্তিজনে পবিত্ৰ আত্মাক ঈশ্বৰৰ সক্ৰিয় শক্তি হিচাবে চিনি পোৱা আৱশ্যক। কিয়নো এই শক্তিক যিহোৱাই নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। (আদিপুস্তক ১:২; ২ চমূৱেল ২৩:১, ২; ২ পিতৰ ১:২১) তদুপৰি, যিসকলে বাপ্তিষ্মাৰ বাবে উপযুক্ত তেওঁলোকে জানিব লাগিব যে পবিত্ৰ আত্মাই তেওঁলোকক “ঈশ্বৰৰ গভীৰ কথাক” বুজি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ আৰু আত্মাৰ ফল যি, “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন” বিকাশিত কৰিবলৈ সহায় কৰে।—১ কৰিন্থীয়া ২:১০; গালাতীয়া ৫:২২, ২৩; যোৱেল ২:২৮, ২৯.

পৰাচিত আৰু মন-পালটন কৰাৰ গুৰুত্বতা

১২. খ্ৰীষ্টান বাপ্তিষ্মা কেনেকৈ পৰাচিত হোৱাৰ সৈতে সম্বন্ধ আছে?

১২ সিদ্ধ ব্যক্তি যীচুৰ বাহিৰে অসিদ্ধ মানৱৰ বাবে বাপ্তিষ্মা হৈছে ঈশ্বৰৰ অনুমোদন পাবলৈ পৰাচিত কৰাৰ এটা চিহ্ন। আমি তেতিয়াহে অনুতপ্ত হওঁ যেতিয়া কোনো সঠিক কাৰ্য্য কৰাত বিফল বা কোনো ভুল কাৰ্য্য কৰোঁ। প্ৰথম শতাব্দীৰ যিসকল যিহুদীয়ে ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰিছিল, তেওঁলোকে যীচু খ্ৰীষ্টৰ অহিতে কৰা পাপৰ বাবে অনুতাপ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৩:১১-১৯) কৰিন্থীয়া মণ্ডলীত থকা কিছুমান অন্য জাতিৰ বিশ্বাসী লোকে ব্যভিচাৰী, দেৱপূজক, চোৰ আৰু অন্য গম্ভীৰ পাপৰ বাবে পৰাচিত কৰিছিল। কিয়নো তেওঁলোকে কৰা পৰাচিতৰ বাবে তেওঁলোকৰ পাপ “যীচু খ্ৰীষ্টৰ” তেজেৰে “ধৌত” বা “পবিত্ৰীকৃত” আৰু “ধাৰ্ম্মিক বুলি গণিত” হʼল। (১ কৰিন্থীয়া ৬:৯-১১) সদবিবেক আৰু ঈশ্বৰে কৰা ব্যৱস্থাৰ দ্বাৰা পাপৰ পৰা ৰেহাই পাবলৈ, পৰাচিত হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।—১ পিতৰ ৩:২১.

১৩. বাপ্তিষ্মাৰ সন্দৰ্ভত থকা মন-পালটনৰ সৈতে কি জড়িত আছে?

১৩ যিহোৱাৰ সাক্ষী হিচাবে বাপ্তিষ্মা লোৱাৰ পূৰ্বেই আমাক নিশ্চয়ে মন-পালটন কৰা উচিত। মন-পালটন কৰাটো হৈছে যীচুৰ অনুগামী হʼবলৈ এজন ব্যক্তিয়ে সম্পূৰ্ণ মনেৰে কৰা নিজস্ব নিৰ্ণয়। তেনে ব্যক্তিসকলে নিজৰ পূৰ্বৰ জীৱনধাৰাক ত্যাগ দি ঈশ্বৰৰ দৃষ্টিত যি উচিত তাক কৰিবলৈ নিৰ্ণয় লয়। শাস্ত্ৰত ব্যৱহাৰ কৰা হিব্ৰু আৰু গ্ৰীক ক্ৰিয়াপদ মন-পালটন শব্দটোক পিছ হুহঁকি আৰু ঘূৰি অহা অৰ্থত বুজায়। গতিকে ইয়াত এই কাৰ্য্যই ভুল পথ ত্যাগ কৰি ঈশ্বৰলৈ ঘূৰি অহাটোক বুজাইছে। (১ ৰাজাৱলি ৮:৩৩, ৩৪) এনে কাৰ্য্যক “মন-পালটনৰ যোগ্য কৰ্ম্ম” বুলি উল্লেখ কৰিছে।” (পাঁচনিৰ কৰ্ম্ম ২৬:২০) ইয়াৰ বাবে আমি মিছা উপাসনাক ত্যাগ দি ঈশ্বৰৰ আজ্ঞা অনুসাৰে চলি তেওঁলৈ একান্ত ভক্তি আগবঢ়োৱা আৱশ্যক। (দ্বিতীয় বিবৰণ ৩০:২, ৮-১০; ১ চমূৱেল ৭:৩) মন-পালটনৰ ফলস্বৰূপে আমাৰ বিচাৰধাৰা, লক্ষ্য আৰু ব্যক্তিত্ব পৰিৱৰ্তন হʼব। (যিহিষ্কেল ১৮:১) অঈশ্বৰীয় কাৰ্য্যসমূহ ত্যাগ দি নতুন ব্যক্তিত্ব ধাৰণ কৰাৰ অৰ্থ হৈছে, আমি “ঘূৰি অহা।”—পাঁচনিৰ কৰ্ম্ম ৩:১৯; ইফিচীয়া ৪:২০-২৪; কলচীয়া ৩:৫-১৪.

সম্পূৰ্ণ মনেৰে সমৰ্পণ কৰাৰ গুৰুত্বতা

১৪. যীচুৰ অনুগামীসকলে কৰা সমৰ্পণৰ তাৎপৰ্য্য কি?

১৪ যীচুৰ অনুগামী হʼবলৈ লোৱা বাপ্তিষ্মাৰ পূৰ্বে সম্পূৰ্ণ মনেৰে সমৰ্পণ কৰা উচিত। সমৰ্পণ কৰাৰ অৰ্থ হৈছে পবিত্ৰ কাৰ্য্যৰ বাবে নিজকে পৃথক কৰা। এই পদক্ষেপটো হৈছে অতি গুৰুত্বপূৰ্ণ, কিয়নো প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক কওঁ যে চিৰকালৰ বাবে আমি তেওঁলৈ একান্ত ভক্তি আগবঢ়াই থাকিম। (দ্বিতীয় বিবৰণ ৫:৯) অৱশ্যে আমাৰ সমৰ্পণ কোনো কাৰ্য্য বা মানুহলৈ নহয়, কিন্তু একমাত্ৰ ঈশ্বৰলৈ কৰা হয়।

১৫. বাপ্তিষ্মা লʼবলগীয়া বিদ্যাৰ্থীসকলে পানীত কিয় সম্পূৰ্ণকৈ নিমজ্জিত হোৱা উচিত?

১৫ যেতিয়া যীচুৰ দ্বাৰা যিহোৱালৈ নিজকে সমৰ্পিত কৰোঁ, তেতিয়া আমি শাস্ত্ৰীয় পদৰ অনুসাৰে জীৱন-যাপন কৰি ঈশ্বৰৰ ইচ্ছাক পালন কৰোঁ। যিদৰে যীচুৱে যৰ্দ্দন নদীত নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰাক চিহ্নিত কৰিবলৈ বাপ্তিষ্মা লʼলে, তেনেদৰে বাপ্তিষ্মা লোৱা বিদ্যাৰ্থীসকলেও সমৰ্পণ কৰাক চিহ্নিত কৰিবলৈ বাপ্তিষ্মা লোৱা আৱশ্যক। (মথি ৩:১৩) মন কৰিবলগীয়া যে সেই গুৰুত্বপূৰ্ণ সময়ছোৱাত যীচুৱে প্ৰাৰ্থনা কৰিছিল।—লূক ৩:২১, ২২.

১৬. লোকসকলক বাপ্তিষ্মা লোৱা দেখি আমি কেনেকৈ উচিতৰূপে নিজৰ আনন্দ প্ৰকাশ কৰিব পাৰোঁ?

১৬ যীচুৰ বাপ্তিষ্মা এক গভীৰ বিষয় যদিও এক আনন্দৰ ঘটনা আছিল। ঠিক তেনেদৰে আজিৰ সময়ত হোৱা খ্ৰীষ্টান বাপ্তিষ্মাৰ ক্ষেত্ৰতো সেই একেই সত্য। যেতিয়া আমি লোকসকলক বাপ্তিষ্মা লোৱা দেখোঁ, তেতিয়া আমি হাত চাপৰি বজাই শলাগ লৈ আনন্দিত হোৱা প্ৰকাশ কৰোঁ। কিন্তু কিৰিলি পাৰি বা উকি মাৰি বিশ্বাস প্ৰকাশ কৰা তেনে পবিত্ৰ বিষয়ৰ প্ৰতি অসন্মান নকৰোঁ। আমি সন্মানপূৰ্বক আমাৰ আনন্দ প্ৰকাশ কৰা উচিত।

১৭, ১৮. এজন ব্যক্তিয়ে বাপ্তিষ্মা লোৱাৰ বাবে যোগ্য হয় নে নহয় তাক জানিবলৈ কিহে সহায় কৰে?

১৭ যিহোৱাৰ সাক্ষীসকলে কেতিয়াও শিশুৰ ওপৰত পানী ছটিয়াই বা বাধ্য কৰাই সমূহীয়াভাৱে লোকসকলক বাপ্তিষ্মা নিদিয়ে। তদুপৰি, তেওঁলোকে সেই লোকসকলকো বাপ্তিষ্মা নিদিয়ে যিসকলে আধ্যাত্মিকৰূপে উপযুক্ত হোৱা নাই। এজন ব্যক্তিয়ে বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হোৱাৰ আগেয়েই প্ৰাচীনসকলে নিশ্চিত কৰে যে ব্যক্তিজনে বাইবেলৰ মূল শিক্ষাবোৰ বুজি সেইবোৰৰ অনুসাৰে জীৱন-যাপন কৰিছেনে আৰু এই সোধা প্ৰশ্নটোক উচিতৰূপে উত্তৰ দিছেনে, যʼত কৈছে: “আপুনি সঁচাকৈ এজন যিহোৱাৰ সাক্ষীৰ সদস্য হʼব বিচাৰিছেনে?”

১৮ বেছিভাগ ক্ষেত্ৰত যেতিয়া ব্যক্তিসকলে প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণৰূপে ভাগ লৈ বাপ্তিষ্মা প্ৰাপ্ত হʼবলৈ ইচ্ছা প্ৰকাশ কৰে, তেতিয়া প্ৰাচীনসকলে তেওঁলোকৰ সৈতে আলোচনা কৰি নিশ্চিত কৰে যে তেওঁলোকে প্ৰকৃততে যিহোৱালৈ সমৰ্পিত কৰি তেওঁৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিছে নে নাই। (পাঁচনিৰ কৰ্ম্ম ৪:৪; ১৮:৮) তেওঁলোকক ব্যক্তিগতৰূপে বাইবেলৰ শিক্ষাৰ সম্বন্ধে সোধা ১০০ টা প্ৰশ্নৰ সঠিক উত্তৰে সেই ব্যক্তিজনে বাপ্তিষ্মাৰ বাবে উপযুক্ত হয় নে নহয় তাক নিৰ্ণয় কৰিবলৈ প্ৰাচীনসকলক সহায় কৰে। কিছুমানে উপযুক্ত নোহোৱাৰ বাবে তেওঁলোকক খ্ৰীষ্টান বাপ্তিষ্মা দিয়া নহয়।

আপোনাক ব্যৱহাৰিক পদক্ষেপ লʼবলৈ কিহবাই বাধা দিছেনে?

১৯. যোহন ৬:৪৪ পদত কোৱা অনুসাৰে কোনসকলে সহ-শাসক হিচাবে কাৰ্য্য কৰিবলৈ যীচুৰ সৈতে যোগ দিব?

১৯ সমূহীয়াভাৱে বাপ্তিষ্মা লোৱা বহুতকে কোৱা হয় যে তেওঁলোকে মৃত্যুৰ পাছত স্বৰ্গাৰোহণ হʼব। এই সম্বন্ধে যীচুৱে নিজৰ অনুগামীসকলক কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (যোহন ৬:৪৪) যিহোৱাই, ১,৪৪,০০০ জনক যীচুৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ বাছি ললে। তেওঁলোকৰ কোনো এজনকো ঈশ্বৰৰ ব্যৱস্থাৰ উচ্চস্থান দিবলৈ বাধ্য কৰাই বাপ্তিষ্মা দিয়া নাছিল।—ৰোমীয়া ৮:১৪-১৭; ২ থিচলনীকীয়া ২:১৩; প্ৰকাশিত বাক্য ১৪:১.

২০. এতিয়ালৈকে যদি এজন ব্যক্তিয়ে বাপ্তিষ্মা লোৱা নাই তেন্তে তেওঁক কিহে সহায় কৰিব পাৰে?

২০ বিশেষকৈ ১৯৩০ চনৰ মধ্য ভাগৰ পৰা এক বৰলোকসমূহ যীচুৰ “অন্য মেৰ” শ্ৰেণীত যোগ দিছে, তেওঁলোকে “মহা-ক্লেশৰ” পৰা ওলাই আহি এই পৃথিৱীত চিৰকাললৈকে জীয়াই থকাৰ আশা আছে। (প্ৰকাশিত বাক্য ৭:৯, ১৪; যোহন ১০:১৬) সেই লোকসকল বাপ্তিষ্মাৰ বাবে যোগ্য হৈছে কিয়নো তেওঁলোকে ঈশ্বৰৰ বাক্যৰ অনুসাৰে জীৱন-যাপন কৰি ‘সকলো হৃদয়, প্ৰাণ, শক্তি, আৰু চিত্তৰে যিহোৱাক প্ৰেম কৰিছে।’ (লূক ১০:২৫-২৮) যদিও কিছুমানে জানিব পাৰিছে যে যিহোৱাৰ সাক্ষীসকলে “আত্মাৰে আৰু সত্যেৰে ঈশ্বৰক” উপাসনা কৰে, তথাপিও তেওঁলোকে যীচুৰ আৰ্হিক অনুকৰণ কৰি ৰাজহুভাৱে যিহোৱাৰ প্ৰতি প্ৰকৃত প্ৰেম আৰু একান্ত ভক্তিৰ প্ৰমাণ দি বাপ্তিষ্মা লৈছে। (যোহন ৪:২৩, ২৪; দ্বিতীয় বিবৰণ ৪:২৪; মাৰ্ক ১:৯-১১) এই গুৰুত্বপূৰ্ণ পদক্ষেপ লʼবলৈ তেওঁলোকে একেৰাহে আৰু নিৰ্দিষ্ট প্ৰাৰ্থনা কৰি কাৰ্য্য কৰা আৱশ্যক। ইয়াৰ ওপৰিও তেওঁলোকে ঈশ্বৰৰ বাক্যৰ অনুসাৰে চলি নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰিবলৈ সাহসী হোৱা প্ৰয়োজন।

২১, ২২. কিহৰ বাবে কিছুমানে সমৰ্পণ আৰু বাপ্তিষ্মা লোৱাৰ পৰা আঁতৰি আছে?

২১ কিছুমানে ভৌতিক সম্পত্তিৰ প্ৰতি মোহ কৰা বা আন বিষয়বোৰত জড়িত হোৱাৰ বাবে আধ্যাত্মিক বিষয়বোৰত অধিক সময় অতিবাহিত কৰিব নোৱাৰে আৰু ইয়ে তেওঁলোকক সমৰ্পণ কৰি বাপ্তিষ্মা লবলৈ বাধা দিয়ে। (মথি ১৩:২২; ১ যোহন ২:১৫-১৭) যদি তেওঁলোকে নিজৰ দৃষ্টিভঙ্গী আৰু উদ্দেশ্যত সাল-সলনি কৰে তেনেহʼলে কিমান যে আনন্দৰ বিষয় হʼব! যিহোৱাৰ কাষ চাপিলে তেওঁলোকে আধ্যাত্মিকতাত ধনী, দুচিন্তাক দূৰ আৰু ঈশ্বৰৰ ইচ্ছা পালন কৰাৰ বাবে শান্তি আৰু সন্তুষ্টি লাভ কৰিব পাৰিব।—গীতমালা ১৬:১১; ৪০:৮; হিতোপদেশ ১০:২২; ফিলিপীয়া ৪:৬, ৭.

২২ আন কিছুমানে যিহোৱাক প্ৰেম কৰা বুলি দাবী কৰে কিন্তু সমৰ্পণ আৰু বাপ্তিষ্মা নলয়, কিয়নো তেওঁলোকে ভাবে যে তেনে কৰিলে ঈশ্বৰৰ আগত কোনো লেখা দিব নালাগিব। বাস্তৱতে আমাৰ সকলোৱে ঈশ্বৰৰ আগত লেখা দিব লাগিব। যেতিয়া আমি ঈশ্বৰৰ বাক্যৰ বিষয়ে শুনো তেতিয়াৰে পৰাই আমাৰ ওপৰত দায়িত্ব আহি পৰে। (যিহিষ্কেল ৩৩:৭-৯; ৰোমীয়া ১৪:১২) এক ‘মনোনিত জাতি’ হোৱাৰ বাবে ইস্ৰায়েলসকল যিহোৱাৰ সমৰ্পিত ৰাষ্ট্ৰ হিচাবে আছিল আৰু তেওঁক বিশ্বাসী হৈ সেৱা কৰা তেওঁলোকৰ কৰ্তব্যকৰ্ম্ম আছিল। (দ্বিতীয় বিবৰণ ৭:৬, ১১) আজি কোনেও তেনে সমৰ্পিত সেৱক হৈ জন্ম গ্ৰহণ কৰা নাই। কিন্তু যদি আমি শাস্ত্ৰীয় নিৰ্দ্দেশনাবোৰক সঠিক বুলি স্বীকাৰ কৰোঁ, তেনেহʼলে তাক বিশ্বাস কৰি সেই অনুসাৰে কাৰ্য্য কৰা আৱশ্যক।

২৩, ২৪. কেনে ভয়ে ব্যক্তিসকলক বাপ্তিষ্মা লোৱাত বাধা হʼবলৈ দিব নালাগে?

২৩ জ্ঞানৰ অভাৱ থকা বুলি সন্দেহ কৰি কিছুমানে হয়তো বাপ্তিষ্মা লোৱাৰ পৰা আঁতৰি থাকিব পাৰে। গতিকে ‘আদিৰ পৰা অন্তলৈকে ঈশ্বৰে কৰা কাৰ্য্যৰ তত্ত্ব কোনেও উলিয়াব নোৱাৰাৰ’ বাবে আমাৰ সকলোকে অধিক শিক্ষা লোৱা আৱশ্যক। (উপদেশক ৩:১১) কুচ-দেশীয় নপুংসক ব্যক্তিজনৰ বিষয়ে বিবেচনা কৰক। যিহূদী ধৰ্ম্ম লোৱাৰ বাবে যদিও তেওঁৰ ওচৰত কিছু পৰিমাণে শাস্ত্ৰীয় জ্ঞান আছিল, তথাপিও তেওঁ ঈশ্বৰৰ উদ্দেশ্যৰ সম্পৰ্কে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। কিন্তু যীচুৰ মুক্তিপণ বলিদানৰ যোগেদি কৰা যিহোৱাৰ প্ৰবন্ধৰ বিষয়ে শিকাৰ পিছত তেওঁ কোনো পলম নকৰাকৈ পানীত ডুব লৈ বাপ্তিষ্মা ললে।—পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩৮.

২৪ কিছুমানে হয়তো পিছলৈ সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিব নোৱাৰাৰ ভয়তে বাপ্তিষ্মা লোৱাৰ পৰা বিৰত থাকে। এই সম্পৰ্কে ১৭ বছৰীয়া মনকিউৱে এইদৰে কৈছিল: “সমৰ্পণৰ অনুসাৰে পিছলৈ জীৱন-যাপন কৰিব নোৱাৰাৰ ভয়ত মই বাপ্তিষ্মা লোৱা নাছিলোঁ।” কিন্তু যদি আমি সম্পূৰ্ণ মনেৰে যিহোৱাত ভাৰসা ৰাখোঁ তেন্তে তেওঁ ‘আমাৰ পথবোৰ সমান কৰিব।’ বিশ্বাসী সমৰ্পিত সেৱকসকলে ‘সত্যত চলিবলৈ’ সহায় কৰাৰ দৰে তেওঁ আমাকো চলি থাকিবলৈ সহায় কৰিব।—হিতোপদেশ ৩:৫, ৬; ৩ যোহন  ৪.

২৫. এতিয়া কেনেধৰণৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হʼব?

২৫ যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম আৰু অটুট ভাৰসা বজাই ৰাখাৰ বাবে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোকে নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লʼবলৈ আগবাঢ়ি আহিছে। প্ৰকৃততে যিহোৱাৰ সকলো সমৰ্পিত সেৱকে বিশ্বাসী হৈ থাকিব বিচাৰিব। যিহেতু আমি কঠিন সময়ত জীয়াই থকাৰ বাবে বিভিন্ন ধৰণে আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব। (২ তীমথিয় ৩:১-৫) গতিকে যিহোৱালৈ কৰা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আমি কি কৰিব পাৰোঁ? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 4/1)

[ফুটনোট]

a যিহেতু যীচু সিদ্ধ আছিল, গতিকে তেওঁ মন পালটন কৰাক চিহ্নিত কৰিবলৈ বাপ্তিষ্মা লোৱা নাছিল। দৰাচলতে, তেওঁৰ বাপ্তিষ্মাই তেওঁ নিজকে পিতৃৰ ইচ্ছাক পালন কৰিবৰ অৰ্থে সমৰ্পণ কৰাক চিহ্নিত কৰিছিল।—ইব্ৰী ৭:২৬; ১০:৫-১০.

আপুনি উত্তৰ দিব পাৰিবনে?

• খ্ৰীষ্টান বাপ্তিষ্মা কেনেকৈ সম্পন্ন কৰা হয়?

• এজন ব্যক্তিক বাপ্তিষ্মা লʼবলৈ হʼলে কেনে জ্ঞান লোৱা আৱশ্যক?

• প্ৰকৃত খ্ৰীষ্টানসকলক কোনটো পদক্ষেপে বাপ্তিষ্মা লʼবলৈ পৰিচালিত কৰে?

• কিছুমান ব্যক্তিয়ে কিয় বাপ্তিষ্মা লোৱাৰ পৰা বিৰত থাকে, কিন্তু তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰি?

[১৪ পৃষ্ঠাৰ ছবিসমূহ]

আপুনি জানেনে “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লোৱাৰ অৰ্থ কি?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক