ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৭/১ পৃষ্ঠা ২০-২৫
  • আপুনি “অপেক্ষা” কৰিব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি “অপেক্ষা” কৰিব পাৰেনে?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” অপেক্ষা কৰা
  • “ভক্তিৰে” অপেক্ষা কৰা
  • আমি “নিষ্কলঙ্ক” হোৱা আৱশ্যক
  • আমি “নিৰ্দ্দোষী” হোৱা আৱশ্যক
  • আমি “শান্তিৰে প্ৰকাশিত হোৱা” আৱশ্যক
  • ধৈৰ্য্যৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ‘ঈশ্বৰৰ সেই দিনৰ আগমনৰ আকাঙ্ক্ষা কৰি থাকক’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • প্ৰতীক্ষাৰ মনোভাব বজাই ৰাখক!
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৭/১ পৃষ্ঠা ২০-২৫

আপুনি “অপেক্ষা” কৰিব পাৰেনে?

“তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি, সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত?”—২ পিতৰ ৩:১১.

১, ২. যিহোৱাৰ দিনলৈ “অপেক্ষা” কৰাৰ সম্পৰ্কে আমি কেনে দৃষ্টান্ত দাঙি ধৰিব পাৰোঁ?

কল্পনা কৰক যে একেলগে নিশাৰ আহাৰ কৰিবলৈ এটা পৰিয়ালে কোনো আলহীক আমন্ত্ৰণ কৰিছে আৰু পৰিয়ালটোৰ সকলোৱে আলহী অহালৈ অপেক্ষা কৰি আছে। আলহীক উপস্থিত হʼবলৈ দিয়া নিযুক্ত সময় একেবাৰে কাষ চাপি আহিছে। পত্নী গৰাকীয়েও আহাৰ ৰন্ধা প্ৰায়ে শেষ কৰিছে। পৰিয়ালটোৰ মুখীয়াল অৰ্থাৎ স্বামী আৰু লʼৰা-ছোৱালীয়ে সকলোবোৰ খোৱাবস্তু সজাই থোৱাত সহায় কৰিছে। সকলোৱে ৰোমাঞ্চিত হৈ পৰিছে। প্ৰকৃততে গোটেই পৰিয়ালটোৱে আগ্ৰহেৰে আলহীৰ সৈতে সুস্বাদু আহাৰৰ জুতি লʼবলৈ আৰু তেওঁলোকৰ সৈতে সঙ্গতি কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

২ খ্ৰীষ্টানৰূপে আমিও অতি গুৰুত্বপূৰ্ণ কিহবা এটালৈ অপেক্ষা কৰি আছোঁ। সেইটো কি বাৰু? আমি সকলোৱে “যিহোৱাৰ দিনলৈ” অপেক্ষা কৰি থকা নাইনে বাৰু! এতেকে যেতিয়ালৈকে সেই দিন উপস্থিত নহয় তেতিয়ালৈকে আমি মীখা ভৱিষ্যতবক্তাৰ দৰে হোৱা উচিত, যিজনে এইদৰে কৈছিল: “মই হলে, যিহোৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম।” (মীখা ৭:৭) ইয়াৰ অৰ্থ নিষ্ক্ৰিয় হৈ পৰাটো বুজাইছেনে? অৱশ্যেই নহয়। কিয়নো কৰিবলগীয়া বহুতো কাম আছে।

৩. খ্ৰীষ্টানসকলে ২ পিতৰ ৩:১১, ১২ পদৰ অনুসাৰে কেনে মনোবৃত্তি ৰখা আৱশ্যক?

৩ অপেক্ষা কৰি থকাৰ সময়ছোৱাত সঠিক মনোবৃত্তি ৰাখিবলৈ পাঁচনি পিতৰে আমাক সহায় আগবঢ়াইছে। তেওঁ এইদৰে কৈছিল: “তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি, সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত?” (২ পিতৰ ৩:১১) লক্ষ্য কৰক যে ইয়াত এটা আশ্চৰ্য্যসূচক উক্তি ব্যৱহাৰ কৰা হৈছে। পিতৰে আচলতে এটা প্ৰশ্ন সুধিছিল। তেওঁ লিখা দুখন প্ৰেৰিত পত্ৰত খ্ৰীষ্টানসকলে কেনেধৰণৰ ব্যক্তি হোৱা উচিত এই বিষয়ে বৰ্ণনা কৰিছিল। তদুপৰি তেওঁ খ্ৰীষ্টানসকলক “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” আচৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। যীচুৱে “এই জগতৰ শেষ হোৱাৰ চিন” দিয়াৰ প্ৰায় ৩০ বছৰ সময় উকলি গʼল তথাপিও খ্ৰীষ্টানসকলে আধ্যাত্মীকভাৱে সতৰ্ক হৈ থকা আৱশ্যক আছিল। (মথি ২৪:৩) কিয়নো তেওঁলোকে যিহোৱাৰ সেই দিনৰ উপস্থিতিৰ “আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা” কৰিব লাগিছিল।

৪. “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা” কৰাত কি জড়িত আছে?

৪ ইয়াত উল্লেখ কৰা গ্ৰীক শব্দ “অপেক্ষা আৰু আকঙ্ক্ষা” কৰাৰ অৰ্থ হৈছে, “দ্ৰুতবেগী হোৱা।” প্ৰকৃততে আমি যিহোৱাৰ সেই দিনটোক ‘দ্ৰুতবেগে’ আনিব নোৱাৰোঁ। কিয়নো “সেই দিন আৰু সময়” অৰ্থাৎ যীচুৱে নিজ পিতৃৰ শত্ৰুবিলাকৰ ওপৰত কৰা সোধ-বিচাৰৰ সময়ৰ বিষয়ে আমি একো নাজানোঁ। (মথি ২৪:৩৬; ২৫:১৩) এটা বিবৃতিয়ে এইদৰে বৰ্ণনা কৰিছে যে “দ্ৰুতবেগী হোৱা” গ্ৰীক মূল ক্ৰিয়া শব্দৰ উক্তিটোৰ অৰ্থ হৈছে “‘শীঘ্ৰে কৰা’ আৰু এই শব্দটো নিবিড়ভাৱে ‘কোনো কাৰ্য্যৰ বাবে উৎসাহী, সক্ৰিয়, বিবেচক হোৱাৰ সৈতে খাপ খাই আছে।’” গতিকে পিতৰে সঙ্গী ভাই-ভনীসকলক যিহোৱাৰ দিনৰ সময় উপস্থিতিৰ বিষয়ে তৎপৰতাৰে আকাঙ্ক্ষা কৰিবলৈ উৎসাহিত কৰিছিল। দৰাচলতে তেওঁলোকে একেৰাহে যিহোৱাৰ সেই দিনৰ বিষয়ে মনত ৰাখিব লাগিছিল। “যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন” একেবাৰে কাষ চাপি আহিছে, গতিকে আমিও সেই একেই মনোবৃত্তি ৰখা উচিত।—যোৱেল ২:৩১.

“সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” অপেক্ষা কৰা

৫. “ঈশ্বৰৰ সেই দিনৰ আগমনৰ” বাবে যে আমি তৎপৰতাৰে আকাঙ্ক্ষা কৰিছোঁ তাক আমি কেনেকৈ দেখুৱাব পাৰোঁ?

৫ যদি আমি যিহোৱাৰ সেই দিনত উদ্ধাৰ পাবলৈ তৎপৰতাৰে আকাঙ্ক্ষা কৰিছোঁ, তেনেহʼলে আমি “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” আচৰণ কৰাৰ প্ৰমাণ দিয়া উচিত। “পবিত্ৰ আচাৰ-ব্যৱহাৰ” উক্তিটোৱে আমাক পিতৰে কোৱা এই উপদেশৰ বিষয়ে স্মৰণ কৰাই দিয়ে, যʼত তেওঁ এইদৰে কৈছিল: “আজ্ঞাধীন হোৱা সন্তানবিলাকৰ যেনে উপযুক্ত, তেনেকৈ তোমালোক পূৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহৈ, তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হোৱা, কিয়নো লিখা আছে, তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।”—১ পিতৰ ১:১৪-১৬.

৬. পবিত্ৰ হৈ থাকিবলৈ আমি কি কৰা উচিত?

৬ পবিত্ৰ হʼবলৈ আমি অৱশ্যেই শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিকৰূপে শুদ্ধতা বজাই ৰখা উচিত। আমি যিহোৱাৰ নাম বহনকাৰী হৈ নিজকে পবিত্ৰ কৰি “ঈশ্বৰৰ সেই দিনৰ আগমনৰ” বাবে সাজু হৈছোঁনে? বৰ্তমান আমি নৈতিক অধঃপতনৰ জগতত বাস কৰাৰ বাবে তেনে পবিত্ৰতা অথবা শুদ্ধতা বজাই ৰখাটো ইমান সহজ নহয়। (১ কৰিন্থীয়া ৭:৩১; ২ তীমথিয় ৩:১৩) আমি জগতৰ বহল মনোবৃত্তি আৰু আমাৰ নৈতিক স্তৰসমূহৰ মাজত থকা পৃথকতাক স্পষ্টকৈ দেখিবলৈ পাইছোঁনে? যদি দেখিবলৈ পোৱা নাই, তেনেহʼলে সেই বিষয়ে বাস্তৱতে বিবেচনাশীল হোৱা আৱশ্যক। আমাৰ ব্যক্তিগত স্তৰসমূহ এই জগততকৈ অধিক উচ্চ হোৱাৰ স্বত্ত্বেও সময়ে গতি কৰাৰ লগে লগে ক্ষয়প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছেনে? যদি সম্ভাৱনা আছে, তেনেহʼলে আমি সেই বিষয়ে সংশোধন কৰি ঈশ্বৰৰ মন আনন্দিত কৰিবলৈ এক সঠিক পদক্ষেপ লোৱাটো অতি আৱশ্যক।

৭, ৮. (ক) “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” আচৰণ কৰাৰ গুৰুত্বতাৰ প্ৰতি আমি কেনেকৈ অন্যমনস্ক হʼব পাৰোঁ? (খ) কেনে সংশোধনমূলক পদক্ষেপৰ আৱশ্যক?

৭ গোপনীয় স্থান আৰু ইন্টাৰনেটতত অশ্লীল চলচিত্ৰৰ অভ্যাগমন হোৱাত যিসকলে এসময়ত তেনে চলচিত্ৰ লুকাই গুপনে চাইছিল, তেওঁলোকৰ বিষয়ে এজন চিকিৎসকে এইদৰে কয়, এতিয়া “যৌন সম্বন্ধে অসীমিতভাৱে তেওঁলোকৰ অভাৱ পূৰণ হৈছে।” যদি আমি ইন্টাৰনেটত তেনে অশ্লীল চাইটবোৰ বিচাৰি চাওঁ, তেনেহʼলে আমি বাইবেলত “কোনো অশুচি বস্তু নুচুবা” বুলি দিয়া আজ্ঞাৰ প্ৰতি অৱশ্যেই উপেক্ষা কৰিম। (যিচয়া ৫২:১১) আমি প্ৰকৃততে “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা” কৰি আছোঁনে? অন্যথা এতিয়াও শুচি হোৱাৰ যথেষ্ট সময় আছে বুলি ভাবি সেই দিনটোৰ অপেক্ষাৰ প্ৰতি কম গুৰুত্ব দি আমাৰ মনটোত অশ্লীল বিষয়েৰে পূৰ্ণ কৰিছোঁনে? যদি এই সম্পৰ্কে ইতিমধ্যেই আমাৰ কোনো এটা সমস্যা আৰম্ভ হৈছে, তেনেহʼলে বিনা কোনো পলমে ‘অসাৰ দৃষ্টিৰ পৰা আমাৰ চকু ঘূৰুৱা আৰু তেওঁৰ পথত আমাক পুনৰাই জীউৱা বুলি’ প্ৰাৰ্থনা কৰা উচিত।—গীতমালা ১১৯:৩৭.

৮ যিহোৱাৰ সাক্ষীসকলৰ অধিক সংখ্যক লোক কিশোৰ-কিশোৰী আৰু বৃদ্ধ বয়সৰ, তেওঁলোকে ঈশ্বৰৰ উচ্চ নৈতিক স্তৰ বজাই ৰাখি অনৈতিকতাপূৰ্ণ জগতৰ সকলোবোৰ প্ৰলোভনৰ পৰা আঁতৰি আছে। আমাৰ সময়ৰ গুৰুত্বতাৰ বিষয়ে বুজি পিতৰে এইদৰে সতৰ্ক কৰি কৈছিল, “চোৰৰ নিচিনাকৈ [যিহোৱাৰ, NW] দিন আহিব,” গতিকে তেওঁলোকে “সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” আচৰণ কৰি থকা উচিত। (২ পিতৰ ৩:৯, ১১) নিজৰ কাৰ্য্যৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁলোকে “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা” কৰি আছে।a

“ভক্তিৰে” অপেক্ষা কৰা

৯. ঈশ্বৰীয় ভক্তিয়ে আমাক কি কৰিবলৈ প্ৰেৰিত কৰা উচিত?

৯ যিহোৱাৰ সেই দিনটোৰ বিষয়ে মনত ৰাখি “ভক্তিৰে” আচৰণ কৰাটোও অতি গুৰুত্বপূৰ্ণ। “ভক্তিৰে” কৰা আচৰণত ঈশ্বৰৰ প্ৰতি ৰখা সম্ভ্ৰম শ্ৰদ্ধাই আমাক তেওঁৰ মন আনন্দিত কৰিবলৈ পৰিচালিত কৰাটোও সন্মিলিত আছে। যিহোৱাৰ সৈতে ৰখা নিবিড় সম্পৰ্কই আমাক ঈশ্বৰীয় ভক্তিৰে কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে। এইটো হৈছে তেওঁৰ ইচ্ছা যে “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৪) কিয়নো “কোনো যেন বিনষ্ট নহয়, কিন্তু মন-পালটনত প্ৰবৃত্ত হয়,” এয়ে হৈছে ঈশ্বৰৰ ইচ্ছা। (২ পিতৰ ৩:৯) গতিকে আমাৰ ঈশ্বৰীয় ভক্তিয়ে আমাক আনক যিহোৱাৰ বিষয়ে শিকাত আৰু তেওঁক অনুকৰণ কৰাত সহায় কৰিবলৈ অধিক প্ৰচেষ্টা কৰাত প্ৰেৰিত নকৰেনে?—ইফিচীয়া ৫:১.

১০. আমি নিজকে কিয় ‘ধনৰ মায়াৰ’ পৰা প্ৰতিৰক্ষা দিয়া উচিত?

১০ যদি আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিওঁ তেনেহʼলে আমাৰ জীৱন প্ৰণালী ঈশ্বৰীয় ভক্তিৰে উপচি পৰিব। (মথি ৬:৩৩) তদুপৰি আমি ভৌতিকবাদত ভাৰসাম্যতা বাজাই ৰাখিম। এই বিষয়ে যীচুৱে সতৰ্ক কৰি এইদৰে কৈছিল: “সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও, মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়।” (লূক ১২:১৫) যদিও আমি নিজকে ধন-সম্পত্তিৰ প্ৰেমত অন্ধ হোৱাৰ বিষয়ে কল্পনা কৰিব নোৱাৰোঁ তথাপিও আমি সতৰ্ক হোৱা উচিত। কিয়নো “সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই” আমাক “হেঁচি” ধৰিব পাৰে। (মথি ১৩:২২) কিছুমান দেশৰ আৰ্থিক অৱস্থা টনকীয়াল নোহোৱাৰ বাবে জীৱন-নিৰ্বাহ কৰাটো ইমান সহজ নহয়। সেয়েহে বহুতে এক উত্তমৰূপে জীৱন-যাপন কৰিবলৈ কিছু বছৰৰ বাবে নিজৰ পৰিয়ালটোক এৰি এখন সমৃদ্ধিশীল দেশলৈ গৈ চাকৰি কৰি ধন আৰ্জন কৰাৰ কাৰণ দৰ্শায়। তদুপৰি কিছুমান ঈশ্বৰৰ সেৱকেও সেই একেই কাৰণ দৰ্শায়। আন দেশলৈ গৈ তেওঁলোকে নিজৰ পৰিয়ালটোক আধুনিক সময়ৰ সা-সুবিধা দিয়াত সক্ষম হয়। কিন্তু নিজ দেশত থকা তেওঁলোকৰ পৰিয়ালটোৰ আধ্যাত্মিক অৱস্থা কেনে হʼব পাৰে? ঘৰখনৰ মুৰস্বৰূপ হোৱাৰ বাবে এজন ব্যক্তিয়ে নিজৰ পৰিয়ালটোক যিহোৱাৰ সেই দিনত ৰক্ষা পাবলৈ থকা আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিব পাৰিবনে?

১১. বিদেশলৈ গৈ চাকৰি কৰা এজন কৰ্ম্মীয়ে কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱালে যে ধনী হোৱাতকৈ ঈশ্বৰীয় ভক্তিৰ কাৰ্য্য কৰাটো অধিক গুৰুত্বপূৰ্ণ?

১১ নিজৰ স্বদেশ ফিলিপিন্স এৰি জাপানলৈ চাকৰি কৰিবলৈ অহা এজন ব্যক্তিয়ে সেই দেশত থকা যিহোৱাৰ সাক্ষীসকলৰ পৰা সত্যতাৰ বিষয়ে শিকিবলৈ ধৰিলে। ঘৰখনৰ মুৰস্বৰূপ হোৱাৰ দায়িত্বৰ বিষয়ে শিকিব পাৰি অনুভৱ কৰিলে যে তেওঁ নিজৰ পৰিয়ালটোক যিহোৱাৰ সেৱক হোৱাৰ বাবে সহায় কৰা আৱশ্যক। (১ কৰিন্থীয়া ১১:৩) তেওঁ পোৱা এই নতুন বিশ্বাসক ফিলিপিন্সত থকা তেওঁৰ পত্নীয়ে কঠোৰভাৱে বিৰোধ কৰিব ধৰিলে আৰু ঘৰলৈ ঘূৰি আহি তেওঁৰ পৰিয়ালটোক বাইবেলৰ জ্ঞান দিয়াৰ পৰিৱৰ্তে জাপানত থাকি পৰিয়ালটোক আৰ্থিক সহায় কৰি থকাটো বিচাৰিলে। কিন্তু সেই ব্যক্তিজনে সময়ৰ গুৰুত্বতা বুজি তেওঁৰ প্ৰিয়জনৰ প্ৰতি থকা চিন্তাই তেওঁক ঘৰলৈ ঘূৰাই আনিলে। ঘৰখনত তেওঁ পৰিয়ালটোৰ সদস্যসকলৰ সৈতে সহনশীল আৰু প্ৰেমেৰে কৰা আচৰণৰ বাবে বাস্তৱতে পুৰস্কাৰদায়ক প্ৰমাণিত হʼল। এটা সময়ত তেওঁৰ পৰিয়ালটোৱে সত্য উপাসনাত সংযুক্ত হৈ পৰিল আৰু সেই ভাইজনৰ পত্নীয়ে পূৰ্ণ সময়ৰ পৰিচৰ্য্যা সেৱাত যোগদান কৰিলে।

১২. আমি নিজৰ জীৱনত আধ্যাত্মিক কাৰ্য্যসমূহক কিয় প্ৰথম স্থান দিয়া উচিত?

১২ কল্পনা কৰক যে আমি এটা জুই লগা ঘৰৰ ভিতৰত আছোঁ। জুইৰ ফলত খহি পৰিবলগা ঘৰখনত ভৌতিক বস্তুসমূহ উদ্ধাৰ কৰিবলৈ ব্যাকুলতাৰে ইফালে-সিফালে দৌৰি থকাটো বুদ্ধিমানৰ কাৰ্য্য হʼবনে? ইয়াৰ বিপৰীতে আমি নিজক, আমাৰ পৰিয়ালটোক আৰু ঘৰখনত থকা আনসকলক ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ নহʼবনে? একেইদৰে আজিৰ এই দুষ্টতাপূৰ্ণ জগতখনো অতি শীঘ্ৰেই খহি পৰিবলগীয়া আছে আৰু জীৱন বিপদপন্ন হৈ আছে। এই সত্যতাৰ বিষয়ে অৱগত হৈ আমি সৰ্বপ্ৰথমে আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহী আৰু কৰ্মতৎপৰতাৰে জীৱন-ৰক্ষক ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্য কৰা উচিত।—১ তীমথিয় ৪:১৬.

আমি “নিষ্কলঙ্ক” হোৱা আৱশ্যক

১৩. যিহোৱাৰ সেই মহৎ দিনৰ উপস্থিতিত আমি কেনে অৱস্থাত থকা উচিত?

১৩ সহনশীল মনোবৃত্তি বজাই ৰখাৰ গুৰুত্বতাৰ সম্পৰ্কে জোৰ দি পিতৰে এইদৰে কৈছিল: “হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি, তোমালোকে যেন তেওঁৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ, শান্তিৰে প্ৰকাশিত হোৱা, তাৰ কাৰণে যত্ন কৰা।” (২ পিতৰ ৩:১৪) ইয়াৰ উপৰিও পিতৰে যীচুৰ বোৱতী তেজেৰে নিজকে শুদ্ধ কৰি অৱশেষত যিহোৱাৰ অনুমোদন পোৱাৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰি পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ঈশ্বৰীয় ভক্তিৰে জীৱন-যাপন কৰিবলৈ সকলো ব্যক্তিকে উৎসাহিত কৰিছিল। (প্ৰকাশিত বাক্য ৭:৯, ১৪) ইয়াৰ বাবে এজন ব্যক্তিক যীচুৰ বলিদানক বিশ্বাস আৰু নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লৈ যিহোৱাৰ সেৱক হোৱা উচিত।

১৪. “নিষ্কলঙ্ক” হোৱাত কি জড়িত হৈ আছে?

১৪ আমি “নিষ্কলঙ্ক” হৈ থাকিবলৈ মনে-প্ৰাণে চেষ্টা কৰাৰ বিষয়ে পিতৰে আমাক পৰামৰ্শ দিছিল। আমি আমাৰ খ্ৰীষ্টীয় আচৰণৰ সাজ-পোছাক আৰু ব্যক্তিত্বক এই জগতত কোনো প্ৰকাৰে কলঙ্কিত নোহোৱাকৈ ৰাখিছোঁনে? সাধাৰণতে যেতিয়া আমি আমাৰ সাজ-পোছাকত কোনো চেকা লগা দেখোঁ তেতিয়া পলম নকৰাকৈ তাক আঁতৰ কৰিবলৈ চেষ্টা কৰোঁ। যদি আমি ভালপোৱা পোছাকত চেকা লাগে তেন্তে সাৱধানে তাক পৰিষ্কাৰ কৰোঁ। একেইদৰে আমি আমাৰ ব্যক্তিত্ব বা আচৰণৰ দ্বাৰা খ্ৰীষ্টীয় বস্ত্ৰত কোনো চেকা লগাটো বিবেচনা কৰোঁনে?

১৫. (ক) ইস্ৰায়েলসকলে তেওঁলোকৰ বস্ত্ৰৰ আঁচলত কিয় সূতাৰ থোপা লগাব লাগিছিল? (খ) বৰ্তমান সময়ৰ যিহোৱাৰ সেৱকসকলে নিজকে কিয় এই জগতৰ পৰা পৃথকে ৰাখে?

১৫ ইস্ৰায়েলসকলে “নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা” আৰু “নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা” লগাব লাগিছিল। কিয় লাগিছিল? কিয়নো ই তেওঁলোকক তেওঁলোকৰ ঈশ্বৰ যিহোৱাই “পবিত্ৰ-হোৱা” বুলি দিয়া আজ্ঞাক স্মৰণ কৰাইছিল। (গণনা পুস্তক ১৫:৩৮-৪০) বৰ্তমান সময়ত আমি যিহোৱাৰ সেৱক হোৱাৰ বাবে ঈশ্বৰৰ ব্যৱস্থা আৰু সিদ্ধান্তসমূহ পালন কৰি নিজকে এই জগতৰ পৰা পৃথকে ৰাখোঁ। উদাহৰণস্বৰূপে, আমি নিজকে নৈতিকভাৱে শুদ্ধতা, তেজৰ পবিত্ৰতাক সন্মান আৰু সকলো প্ৰকাৰৰ মূৰ্ত্তিপূজাৰ পৰা নিজকে বিৰত ৰাখোঁ। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯) আমি নিজকে নিষ্কলঙ্কৰূপে ৰাখিবলৈ কৰা চেষ্টাক দেখি বহুতে আমাক সন্মান কৰে।—যাকোব ১:২৭.

আমি “নিৰ্দ্দোষী” হোৱা আৱশ্যক

১৬. নিজকে “নিৰ্দ্দোষী” ৰাখিবলৈ আমি কৰা উচিত?

১৬ পিতৰে এইদৰেও কৈছিল যে আমি “নিৰ্দ্দোষী” হোৱা আৱশ্যক। সেইটো কেনেকৈ সম্ভৱ হʼব পাৰে? সাধাৰণতে লগা এটা চেকা বা কলঙ্ক পৰিষ্কাৰ কৰিব পাৰি কিন্তু দোষ বা ত্ৰুটিক আঁতৰ কৰিব নোৱাৰি। কিয়নো এইটো হৈছে এজন ব্যক্তিৰ ভিতৰ বা অন্তৰত থকা কোনো ভুল বা খুঁত। এই বিষয়ে পাঁচনি পৌলে ফিলিপীত থকা সঙ্গী ভাই-ভনীসকলৰ উদ্দেশ্যে এইদৰে কৈছিল: “যি কুটিল আৰু বিপথগামী লোকৰ মাজত তোমালোকে জীৱনৰ বাক্য ধাৰণ কৰে, জগতত দীপ্তিস্বৰূপ প্ৰকাশ পাইছা, তেওঁবিলাকৰ মাজত তোমালোক নিৰ্দ্দোষী আৰু শুদ্ধ হৈ, ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হবৰ কাৰণে, বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম্ম কৰা।” (ফিলিপীয়া ২:১৪, ১৫) যদি আমি এই পৰামৰ্শক পালন কৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ অহিতে কোনো ঈষৎ আপত্তি নকৰাকৈ শুদ্ধ অভিপ্ৰায়েৰে তেওঁক উপাসনা কৰিব পাৰিম। আমি যিহোৱা আৰু চুবুৰীয়া প্ৰতি থকা প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ সকলোলৈ “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰিম। (মথি ২২:৩৫-৪০; ২৪:১৪) তদুপৰি আমি কিয় স্বইচ্ছাৰে ঈশ্বৰ আৰু তেওঁৰ বাক্য বাইবেলৰ বিষয়ে কʼবলৈ পৰিশ্ৰম আৰু সময় ব্যয় কৰিছোঁ বুলি সাধাৰণ লোকসকলে বুজিব নোৱাৰিলেও একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কৰি থাকিম।

১৭. খ্ৰীষ্টান মণ্ডলীত কোনো বিশেষাধিকাৰ পাবলৈ আমি কেনে অভিপ্ৰায় ৰখা উচিত?

১৭ যিহেতু আমি “নিৰ্দ্দোষী” হৈ থকাটো ইচ্ছা কৰোঁ, ইয়াৰ বাবে সকলো ক্ষেত্ৰতে আমাৰ অভিপ্ৰায়ক নিৰীক্ষণ কৰাটো অতি আৱশ্যক। জগতত ধনী বা সমৃদ্ধিশালী হʼবলৈ স্বাৰ্থপৰতাৰে কৰা সকলো প্ৰচেষ্টাকে আমি ত্যাগ কৰিলোঁ। যদি আমি খ্ৰীষ্টান মণ্ডলীত সেৱা কৰাৰ বিশেষাধিকাৰ লাভ কৰিব বিচাৰিছোঁ, তেনেহʼলে আমাৰ অভিপ্ৰায় শুদ্ধ আৰু সদায়ে যিহোৱা আৰু আনৰ প্ৰতি প্ৰেমেৰে প্ৰেৰিত হোৱা উচিত। কিয়নো তেনে আধ্যাত্মিক ব্যক্তিসকলে নিজৰ সঙ্গী ভাই-ভনী আৰু যিহোৱাক সেৱা কৰিবলৈ আগ্ৰহী আৰু আনন্দিত হৈ “অধ্যক্ষ-পদলৈ আকাঙ্ক্ষা” কৰা দেখিবলৈ পোৱাটো বাস্তৱতে এটা প্ৰণোদিত বিষয়। (১ তীমথিয় ৩:১; ২ কৰিন্থীয়া ১:২৪) দৰাচলতে যিসকলে প্ৰাচীনৰূপে সেৱা কৰিবলৈ উপযুক্ত, তেওঁলোকে “ঈশ্বৰৰ যি জাক আছে, তাক . . . আৱশ্যকতাৰ কাৰণে নহয় কিন্তু ইচ্ছাৰে, ঈশ্বৰৰ দৰে; কুচ্ছিত লাভৰ অৰ্থেও নহয় কিন্তু সন্তুষ্ট মনেৰে; . . . নিৰূপিত অধিকাৰৰ ওপৰত প্ৰভুত্ব নকৰি, জাকৰ আৰ্হি হৈ তাৰ তত্ত্বাৱধান” লয়।—১ পিতৰ ৫:১-৪.

আমি “শান্তিৰে প্ৰকাশিত হোৱা” আৱশ্যক

১৮. যিহোৱাৰ সাক্ষীসকলে কেনে গুণসমূহৰ বাবে অধিক জনাজাত হৈ পৰিছে?

১৮ অৱশেষত পিতৰে “শান্তিৰে প্ৰকাশিত” হোৱাৰ বিষয়ে উল্লেখ কৰিছিল। আৱশ্যকতাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আমি যিহোৱা আৰু আমাৰ চুবুৰীয়াৰ সৈতে শান্তি বজাই ৰখা আৱশ্যক। পিতৰে আমাৰ “মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম” ৰাখিবলৈ আৰু সঙ্গী খ্ৰীষ্টান ভাই-ভনীৰ সৈতে শান্তি বজাই ৰাখিবলৈ অধিক গুৰুত্ব দি উল্লেখ কৰিছিল। (১ পিতৰ ২:১৭; ৩:১০, ১১; ৪:৮; ২ পিতৰ ১:৫-৭) দৰাচলতে আমাৰ মাজত শান্তি বজাই ৰাখিবলৈ আমি নিশ্চয়ে পৰস্পৰে এজনে আনজনক প্ৰেম কৰা উচিত। (যোহন ১৩:৩৪, ৩৫; ইফিচীয়া ৪:১, ২) আমি বজাই ৰখা প্ৰেম আৰু শান্তিৰ প্ৰমাণ বিশেষকৈ অৱস্থিত হোৱা আমাৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত দেখিবলৈ পোৱা গʼল। কোষ্টাৰিকা নামৰ আমেৰিকাৰ ক্ষুদ্ৰ দেশত ১৯৯৯ চনত হোৱা আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ বিষয়ে বিবেচনা কৰক। সেই দেশৰ বিমান বন্দৰত থকা এজন দোকানীয়ে ক্ষুব্ধ হৈছিল, কিয়নো স্থানীয় যিহোৱাৰ সাক্ষীসকলে প্ৰতিনিধিসকলক আদৰণী জনাবলৈ অহাত ভুলক্ৰমে তেওঁৰ ব্যৱসায়ৰ ঠাইত প্ৰতিবন্ধক সৃষ্টি কৰিছিল। দ্বিতীয় দিনা যিহেতু তেওঁ লক্ষ্য কৰি অতি প্ৰভাৱিত হʼল যে যদিও স্থানীয় সাক্ষীসকলে প্ৰতিনিধিসকলক ব্যক্তিগতভাৱে নাজানিছিল তথাপিও তেওঁলোকক প্ৰেম আৰু শান্তিৰে উৎসাহিত হৈ আদৰণী জনাইছিল। শেষৰ দিনা সেই দোকানীজনে সাক্ষীসকলৰ সৈতে আদৰণী জনোৱাত যোগদান কৰিলে আৰু তেওঁ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ অনুৰুধ কৰিলে।

১৯. আমি সঙ্গী ভাই-ভনীৰ সৈতে কিয় শান্তি বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ?

১৯ আমাৰ আধ্যাত্মিক ভাই-ভনীৰ সৈতে শান্তি বজাই ৰাখিবলৈ কৰা প্ৰচেষ্টাই এইটো প্ৰকাশ কৰে যে আমি কিমান নিষ্ঠাৰে যিহোৱাৰ সেই দিন আৰু তেওঁ প্ৰতিজ্ঞা কৰা নতুন জগতলৈ অপেক্ষা কৰি আছোঁ। (গীতমালা ৩৭:১১; ২ পিতৰ ৩:১৩) ধৰি লওক আমি কোনো ভাই-ভনীৰ সৈতে শান্তি বজাই ৰাখিবলৈ অসুবিধা পাইছোঁ। তেন্তে আমি তেওঁৰ সৈতে প্ৰতিজ্ঞাত পৰমদেশত শান্তিৰে বাস কৰাটো কল্পনা কৰিব পাৰিমনে? যদি কোনো ভাই বা ভনীৰ আমাৰ অহিতে কিবা আছে, তেনহʼলে আমি কোনো পলম নকৰাকৈ ‘তেওঁৰ সৈতে মিল হোৱা আৱশ্যক।’ (মথি ৫:২৩, ২৪) এইদৰে কৰাটো অতি আৱশ্যক, কিয়নো তেতিয়াহে আমি যিহোৱাৰ সৈতে শান্তি বজাই ৰাখিব পাৰিম।—গীতমালা ৩৫:২৭; ১ যোহন ৪:২০.

২০. আমি কিদৰে “অপেক্ষা” কৰি থাকাটো প্ৰকাশ কৰা উচিত?

২০ আপুনি ব্যক্তিগতভাৱে যিহোৱা “ঈশ্বৰৰ সেই দিনৰ আগমৰ অপেক্ষা আৰু আকাঙ্ক্ষা” কৰি আছেনে? আমি এই অনৈতিকতাপূৰ্ণ জগতত নিজকে পবিত্ৰ কৰি ৰাখি আমি যে আগ্ৰহেৰে এই দুষ্টতাপূৰ্ণ জগতখনৰ বিনাস হোৱালৈ অপক্ষা কৰি আছোঁ তাৰ প্ৰমাণ দিওঁ। তদুপৰি আমি আমাৰ ভক্তিৰে কাৰ্য্য কৰাৰ দ্বাৰা এই কথাৰ প্ৰমাণ দিওঁ যে আমি অতি আশাৰে যিহোৱাৰ দান আৰু তেওঁৰ ৰাজ্যৰ অধীনত হোৱা শাসনৰ বাবে অপেক্ষা কৰি আছোঁ। শান্তিময় নতুন জগতত বাস কৰাৰ আশা আমাৰ সঙ্গী উপাসকসকলৰ সৈতে শান্তি বজাই ৰাখাটো প্ৰকাশ পায়। এই অৰ্থত প্ৰকাশ কৰোঁ যে আমি যিহোৱা “ঈশ্বৰৰ সেই দিনৰ আগমনৰ . . . আকাঙ্ক্ষা” আৰু “অপেক্ষা” কৰি আছোঁ। (w03 7/15)

[ফুটনোটবোৰ]

a উদাহৰণস্বৰূপে, জানুৱাৰী ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ ১৬ পৃষ্ঠাত আৰু যিহোৱাৰ সাক্ষীসকলৰ ১৯৯৭ চনৰ বাৰ্ষিক পুস্তকʼৰ ৫১ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• যিহোৱা “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা” কৰাৰ অৰ্থ কি?

• আমি আমাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰা কেনেকৈ “অপেক্ষা” কৰি থকাটো প্ৰকাশ কৰিম?

• “ভক্তিৰে” কাৰ্য্য কৰাটো কিয় অতি আৱশ্যক?

• যিহোৱাৰ সম্মুখত “নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ শান্তিৰে প্ৰকাশিত” হʼবলৈ আমি কি কৰা উচিত?

[২১ পৃষ্ঠাৰ ছবি]

পবিত্ৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰা “অপেক্ষা” কৰাটো প্ৰকাশ পায়

[২২ পৃষ্ঠাৰ ছবিসমূহ]

ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাটো হৈছে জীৱন-ৰক্ষক

[২৪ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সেই দিনলৈ অপেক্ষা কৰি আঁহক আমি আনৰ সৈতে শান্তি বজাই ৰাখোঁহঁক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক