যিহোৱা হৈছে সত্য ঈশ্বৰ
“হে সত্য ঈশ্বৰ যিহোৱা, তুমি মোক মুক্ত কৰিলা।”—গীতমালা ৩১:৫.
১. অসত্যতা অস্তিত্বত অহাৰ পূৰ্ব্বেই স্বৰ্গ আৰু পৃথিৱীত কেনে পৰিৱেশ আছিল?
এনে এক সময় আছিল যʼত অসত্যৰ কোনো অস্তিত্ব নাছিল। স্বৰ্গৰ আত্মিক প্ৰাণীবোৰে “সত্য ঈশ্বৰক” উপাসনা কৰিছিল। (গীতমালা ৩১:৫) তাত কোনো প্ৰকাৰৰ প্ৰবঞ্চনা আৰু অসত্যতা নাছিল। যিহোৱাই তেওঁৰ আত্মিক পুত্ৰসকলৰ সৈতে সত্যনিষ্ঠাৰে যোগাযোগ কৰিছিল। ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে আৰু সেইবাবে তেওঁলোকৰ মঙ্গল কামনা কৰিছিল। সেই একেই পৰিস্থিতি পৃথিৱীটো দেখা গৈছিল। যিহোৱাই প্ৰথম মানৱ দম্পতীক সৃষ্টি কৰি তেওঁলোকৰ সৈতে সদায়েই নিয়োজিত মাধ্যমেৰে পোনপটীয়া আৰু সত্যনিষ্ঠাৰে যোগাযোগ কৰিছিল। সেইটো কিযে এক আনন্দয়ম প্ৰবন্ধ আছিল!
২. কোনে নিজকে মিছলীয়া হোৱাৰ পৰিচয় দিলে আৰু কিহৰ বাবে?
২ যিহেতু এজন আত্মিক পুত্ৰই বিদ্ৰোহী হোৱাৰ বাবে তেনে পৰিৱেশ অশান্তিময় হৈ পৰিল। এই আত্মিক প্ৰাণী যি পিছলৈ গৈ দিয়াবল অৰ্থাৎ চয়তান নামেৰে বিখ্যাত হৈ পৰিল, যিজনে ঈশ্বৰৰ প্ৰতি থকা উপাসনাক নিজেই পাবলৈ লোভ কৰিলে। এই লক্ষ্যত উপনীত হʼবলৈ সি মিছাৰ আশ্ৰয় লʼলে যাতে আনৰ ওপৰত অধিকাৰ চলাব পাৰে। তেনে কৰাৰ বাবে সি “মিছলীয়া আৰু তাৰ বাপেক” হোৱাৰ পৰিচয় দিলে।—যোহন ৮:৪৪.
৩. চয়তানে কোৱা মিছাকথাৰ প্ৰতি আদম আৰু হৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে আৰু তাৰ পৰিণামস্বৰূপে কি ঘটিল?
৩ সি এটা সাপৰ যোগেদি প্ৰথম মানৱ স্ত্ৰী হৱাক কৈছিল যে যদি তাই ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰি নিষিদ্ধ ফলটো খাই, তেন্তে তাই কেতিয়াও মৃত্যুৰ মুখ নেদেখিব। সেইয়া আছিল মিছাকথাৰ আৰম্ভণি। তদুপৰি সি ইয়াকো কৈছিল যে তাই ঈশ্বৰৰ তুল্য হৈ ভাল আৰু বেয়া কি তাক জানিব পাৰিব। সেইটো আন এটা মিছাকথা আছিল। ইয়াৰ আগেয়ে হৱাই কেতিয়াও মিছাকথা শুনা নাছিল আৰু সাপে কোৱা কথাষাৰ যে ঈশ্বৰে তাইৰ স্বামী আদমক দিয়া আজ্ঞাক উলঙ্ঘন কৰে, তাৰ বিষয়ে চিন্তা কৰিব লাগিছিল। কিন্তু তাই যিহোৱাক ভাৰসা কৰাৰ বিপৰীতে চয়তানকহে ভাৰসা কৰিলে। চয়তানৰ মিছা যুক্তিত পতিয়ন গৈ তাই ফলটো খালে আৰু পিছলৈ তাইৰ স্বামী আদমেও সেই ফলটো খালে। (আদিপুস্তক ৩:১-৬) হৱাৰ দৰে আদমে কেতিয়াও মিছাকথা শুনা নাছিল, তথাপিও তেওঁ প্ৰবাঞ্চিত হʼব নালাগিছিল। (১ তীমথিয় ২:১৪) কিন্তু তেওঁৰ কাৰ্য্যৰ দ্বাৰাই প্ৰকাশ পালে যে তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক প্ৰত্যাখান কৰিলে। তেওঁৰ অৱজ্ঞাকাৰীতাৰ ফলস্বৰূপে সকলো মানৱজাতিলৈ পাপ, মৃত্যু আৰু আন আন ধ্বংসাত্মক পৰিস্থিতি বিয়পি পৰিল।—ৰোমীয়া ৫:১২.
৪. (ক) এদন বাগিছাত কেনে ধৰণৰ মিছাকথা কোৱা হৈছিল? (খ) চয়তানৰ দ্বাৰা ভ্ৰান্ত নহʼবলৈ আমি কি কৰা উচিত?
৪ তেওঁলোকে লোৱা এই ভুল নিৰ্ণয়ৰ বাবে অসত্যতাও বিয়পি পৰিল। এদন বাগিছাত কোৱা সেই মিছাকথাবোৰে যিহোৱাৰ সত্যতাৰ ওপৰত আঘাত হানিলে বুলি আমি বুজা উচিত। চয়তানে অভিযোগ দি কৈছিল যে ঈশ্বৰে ইচ্ছাকৃতভাৱে প্ৰথম দম্পতীক কোনো সঠিক জ্ঞান লাভ কৰাৰ পৰা বিৰত ৰাখিছিল। যিটো অৱশ্যেই সঁচা নাছিল। কিয়নো আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘণ কৰি কোনো প্ৰকাৰে লাভৱান হʼব নোৱাৰিলে। যিহোৱাই কোৱাৰ দৰে তেওঁলোকৰ মৃত্যু হʼল। তথাপিও চয়তানে একেৰাহে যিহোৱাক মিছা প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিল। এই বিষয়ে বহু শতিকাৰ পিছতো পাঁচনি যোহনে এনেদৰে লিখিবলৈ প্ৰেৰিত হৈছিল যে চয়তানে “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকাশিত বাক্য ১২:৯) তাৰ এনে ভ্ৰান্তিময় কাৰ্য্যৰ পৰা ৰক্ষা পাবলৈ আমি যিহোৱা আৰু তেওঁৰ বাক্যৰ সত্যতাৰ ওপৰত সম্পূৰ্ণকৈ ভাৰসা ৰাখা উচিত। আপুনি কেনেকৈ ঈশ্বৰৰ এই শত্ৰুজনৰ প্ৰবঞ্চনা আৰু মিছাকথাৰ পৰা নিজকে ৰক্ষা আৰু যিহোৱাৰ ওপৰত থকা আপোনাৰ ভাৰসা দৃঢ় কৰিব পাৰে?
সত্য কি তাক যিহোৱাই জানে
৫, ৬. (ক) যিহোৱাৰ ওচৰত কেনেধৰণৰ জ্ঞান আছে? (খ) যিহোৱাৰ জ্ঞানৰ সৈতে মানৱ জ্ঞানক কেনেকৈ তুলনা কৰা হৈছে?
৫ বাইবেলে সদায়েই যিহোৱাক “সকলোৰে সৃষ্টিকৰ্ত্তা” ঈশ্বৰ বুলি কৈ আহিছে। (ইফিচীয়া ৩:৯) তেওঁৱেই “স্বৰ্গ, পৃথিবী, সাগৰ আৰু এইবোৰৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্ত্তা।” (পাঁচনিৰ কৰ্ম্ম ৪:২৪) যিহেতু এজন সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে তেওঁ সকলোবোৰ বস্তুৰ বিষয়ে সত্যতা জানে। উদাহৰণস্বৰূপে, এনে এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক যিজনে নিজেই ঘৰখনৰ নক্সা তৈয়াৰী কৰি সেই অনুসাৰে ঘৰ নিৰ্ম্মাণ কৰিলে। তেওঁৰ অবিহনে কোনেও ঘৰখনৰ ভিতৰে বাহিৰে বিস্তাৰিতভাৱে জানিব নোৱাৰে। যিদৰে লোকসকলে নিজেই নিৰ্ম্মাণ কৰা বস্তুৰ বিষয়ে ভালদৰে জানে, ঠিক সেইদৰে ঈশ্বৰেও সকলোবোৰ সৃষ্টিক জানে।
৬ ভৱিষ্যতবক্তা যিচয়াই অতি সুন্দৰকৈ যিহোৱাৰ ব্যাপক জ্ঞানৰ বিষয়ে বৰ্ণনা কৰিছে। এই বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “কোনে নিজ হাতৰ তলুৱাত জলৰাশি পৰিমাণ কৰিছিল? আৰু কোনে হাতৰ বেগেতৰ দ্বাৰাই আকাশমণ্ডলক জুখিছিল? কোনে পৃথিবীৰ সমুদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত আৰু গিৰিবোৰক তুলাচনীত জুখিছিল? কোনে যিহোৱাৰ আত্মাৰ তত্ত্ব নিৰূপণ কৰিছিল? বা কোনে তেওঁক বুজাইছিল আৰু তেওঁক বিচাৰ-পথৰ বিষয়ে শিক্ষা দিছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?” (যিচয়া ৪০:১২-১৪) বাস্তৱতে যিহোৱা হৈছে “সকলোকে জানোতা” আৰু “জ্ঞানত সিদ্ধ” ঈশ্বৰ। (১ চমূৱেল ২:৩; ইয়োব ৩৬:৪; ৩৭:১৬) তেওঁৰ তুলনাত আমাৰ কিমান যে কম জ্ঞান আছে! বিস্তাৰিতৰূপে জ্ঞান আহৰণ কৰিও আমি মানৱে বুজিবলৈ অক্ষম কিয়নো এই জ্ঞান “[ঈশ্বৰৰ] কাৰ্য্যবোৰৰ কণিকা মাথোন।” ই যেন “পৰাক্ৰমৰ গৰ্জ্জনৰ” তুলনাত “ফুচ্ফুচ্নি” মাথোন।—ইয়োব ২৬:১৪.
৭. যিহোৱাৰ জ্ঞানৰ বিষয়ে ৰজা দায়ূদে কি জানিব পাৰিছিল আৰু আমি কি জনা উচিত?
৭ যিহেতু যিহোৱাই আমাক সৃষ্টি কৰাৰ বাবে তেওঁ আমাৰ বিষয়ে ভালদৰে জানে। এই বিষয়ে ৰজা দায়ূদে বুজি পাই এনেদৰে লিখিছিল: “হে যিহোৱা, তুমি মোৰ বুজ-বিচাৰ লৈ মোক জানিলা। তুমি মোৰ বহা আৰু উঠাকো জানিছা, দূৰৈৰ পৰা মোৰ চিত্তো বুজিছা। তুমি মোৰ চলন আৰু শয়ন বিচাৰ কৰিছা, আৰু মোৰ সকলো পথ চিনি পাইছা। কিয়নো চোৱা, হে যিহোৱা, তুমি যি কথা সম্পূৰ্ণকৈ নাজানা, এনে কোনো কথা মোৰ জিবাত নাই।” (গীতমালা ১৩৯:১-৪) ৰজা দায়ূদে ভালদৰে জানিছিল যে মানৱক ঈশ্বৰে আজ্ঞাকাৰী হʼবলৈ বা নহʼবলৈ স্বাধীনতা প্ৰদান কৰিছিল। (দ্বিতীয় বিবৰণ ৩০:১৯, ২০; যিহোচূৱা ২৪:১৫) যিয়েই নহওঁক যিহোৱাই আমাৰ বিষয়ে আমাতকৈও ভালদৰে জানে। তেওঁ আমাৰ উত্তম হোৱাটো বিচাৰে আৰু কেৱল তেৱেই আমাৰ মাগদৰ্শন কৰিব পাৰে। (যিৰিমিয়া ১০:২৩) দৰাচলতে যিহোৱাৰ বাহিৰে এনে কোনো এজন শিক্ষক, বিশেষজ্ঞ বা পৰামৰ্শ দিওঁতা নাই যিজনে আমাক সত্যৰ জ্ঞান দি বুদ্ধিমান আৰু আনন্দিত কৰিব পাৰে।
যিহোৱা হৈছে সত্যবাদী
৮. ঈশ্বৰ যে সত্যবাদী তাক আমি কেনেকৈ জানিব পাৰোঁ?
৮ সত্যক জনা আৰু সদায়ে সত্য কোৱাটো সম্পূৰ্ণকৈ এটা বেলেগ বিষয়। উদাহৰণস্বৰূপে, চয়তানে ‘সত্যত নাথাকিবলৈ’ নিৰ্ণয় লʼলে। (যোহন ৮:৪৪) ইয়াৰ বিপৰীতে যিহোৱা হৈছে “সত্যতাত মহান।” (যাত্ৰাপুস্তক ৩৪:৬) শাস্ত্ৰীয় পদবোৰত বাৰে বাৰে যিহোৱাৰ সত্যতাৰ বিষয়ে উল্লেখ কৰিছে। পাঁচনি পৌলে কৈছিল যে “ঈশ্বৰে মিছা কোৱা অসাধ্য” আৰু তেওঁ “মিছা নোকোৱা ঈশ্বৰ।” (ইব্ৰী ৬:১৮; তীত ১:২) সত্য হৈছে ঈশ্বৰৰ ব্যক্তিত্বৰ এটা ভাগ। আমি তেওঁৰ ওপৰত সম্পূৰ্ণকৈ ভাৰসা ৰাখিব পাৰোঁ; কিয়নো তেওঁ কেতিয়াও বিশ্বাসীসকলক ছল বা প্ৰতাৰণা নকৰে।
৯. ঈশ্বৰৰ নামটো কেনেকৈ সত্যতাৰ সৈতে জড়িত আছে?
৯ স্বয়ং যিহোৱাৰ ব্যক্তিগত নামেই তেওঁ সত্যবাদী হোৱাৰ প্ৰমাণ দিয়ে। তেওঁৰ নামৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত অনাৰ মূল।” ইয়াৰ দ্বাৰা এইটো জানিব পৰা যায় যে যিহোৱাই ক্ৰম অনুসাৰে সকলোকে অস্তিত্বত আনিব পাৰে অৰ্থাৎ প্ৰতিজ্ঞা কৰা সকলোকে পূৰ্ণ কৰাত তেওঁৰ ক্ষমতা আছে। তেওঁৰ দৰে আন কাৰো এনে ক্ষমতা নাই। কিয়নো তেওঁ হৈছে এজন সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু তেওঁক উদ্দেশ্য পূৰ্ণ কৰিবলৈ কোনেও বাধা দিব নোৱাৰে। তেওঁ কেৱল সত্যবাদীয়েই নহয় কিন্তু তেওঁ কোৱা সকলোবোৰ কথা পূৰ্ণ কৰিবলৈও শক্তি আৰু জ্ঞান আছে।
১০. (ক) যিহোৱাৰ সত্যতাৰ বিষয়ে যিহোচূৱাই কেনেকৈ সাক্ষ্য হৈছিল? (খ) আপুনি যিহোৱাৰ কোনবোৰ প্ৰতিজ্ঞাক পূৰ্ণ হোৱা দেখিছে?
১০ যিহোৱাই কৰা অলৌকিক কাৰ্য্যবোৰক নিজ চকুৰে সাক্ষ্য হোৱা আন লোকবিলাকৰ ভিতৰত যিহোচূৱাও এজন আছিল। যেতিয়া যিহোৱাই মিচৰ দেশক দহোটা ক্লেশেৰে প্ৰহাৰ কৰিছিল তেতিয়া যিহোচূৱাও তাত উপস্থিত আছিল। আনকি মিচৰ দেশৰ পৰা উদ্ধাৰ হৈ ইস্ৰায়েলসকলে প্ৰতিজ্ঞাত দেশত প্ৰবেশ কৰিব আৰু শক্তিশালী কনানী সৈন্য-সামন্তক পৰাস্ত কৰা হʼব বুলি কোৱা প্ৰতিজ্ঞাৰ পূৰ্ণতাও যিহোচূৱাই দেখিবলৈ পাইছিল। জীৱনৰ শেষকালছোৱাত যিহোচূৱাই ইস্ৰায়েলৰ প্ৰধানবিলাকক এনেদৰে কৈছিল: “তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা, যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য কলে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হল, এটিও নিষ্ফল হোৱা নাই।” (যিহোচূৱা ২৩:১৪) যদিও আপুনি যিহোচূৱাৰ দৰে অলৌকিক কাৰ্য্যবোৰ দেখা নাই তথাপিও আপোনাৰ জীৱনকালত তেওঁৰ প্ৰতিজ্ঞাবোৰ পূৰ্ণ হোৱা নিশ্চয়ে দেখিছে।
যিহোৱাই সত্যতা প্ৰকাশ কৰে
১১. যিহোৱাই সত্যতাৰ বিষয়ে মানৱজাতিৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰে বুলি কিহে প্ৰকাশ কৰিছে?
১১ এনে এজন পিতৃ বা মাতৃৰ বিষয়ে কল্পনা কৰক যিজনৰ ওচৰত বিস্তৃত জ্ঞান আছে কিন্তু নিজৰ লʼৰা-ছোৱালীৰ সৈতে খুব কমহে কথা-বতৰা হয়। কিন্তু যিহোৱাই তেনেদৰে নকৰে বুলি জানি আপুনি কৃতজ্ঞতা অনুভৱ নকৰেনে? তেওঁ অতি প্ৰেমপূৰ্বক আৰু উদাৰভাৱে মানৱজাতিৰ সৈতে যোগাযোগ কৰে। বাইবেলে তেওঁক “মহান শিক্ষক” বুলি কৈছে। (যিচয়া ৩০:২০, NW) আনকি তেওঁ দয়ালু হোৱাৰ বাবে তেওঁৰ বাক্য নুশুনা সকলৰ সৈতেও যোগাযোগ কৰে। উদাহৰণস্বৰূপে, কঠোৰ মনৰ লোকসকলৰ ওচৰলৈ গৈ প্ৰচাৰ কৰিবলৈ যিহোৱাই ভৱিষ্যতবক্তা যিহিষ্কেলক পঠিয়াইছিল। যিহোৱাই এনেদৰে কৈছিল: “মনষ্য-সন্তান, ইস্ৰায়েল-বংশৰ ওচৰলৈ গৈ তেওঁবিলাকক মোৰ বাক্য কোৱা।” তেওঁলোকৰ বিষয়ে তেওঁক ঈশ্বৰে সতৰ্ক কৰি এইদৰে কৈছিল: “ইস্ৰায়েল-বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহব; কিয়নো তেওঁবিলাকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ টান-কপলীয়া আৰু কঠিন-চিত্তীয়া।” বাস্তৱতে সেইটো যদিও এটা কঠিন দায়িত্ব আছিল তথাপিও যিহিষ্কেলে তাক বিশ্বাসী হৈ পূৰ্ণ কৰিলে আৰু এইদৰে তেওঁ যিহোৱাৰ কৰুণাময় গুণটোক প্ৰকাশ কৰিলে। যদি আপুনি প্ৰচাৰ কাৰ্য্যৰ দায়িত্বক কঠিন বুলি ভাবিছে তেন্তে যিহোৱাক ভাৰসা ৰাখি নিশ্চিত হওক যে তেওঁ আপোনাক যিহিষ্কেলৰ দৰে শক্তি প্ৰদান কৰিব।—যিহিষ্কেল ৩:৪, ৭-৯.
১২, ১৩. ঈশ্বৰে মানৱজাতিৰ সৈতে কেনেকৈ যোগাযোগ কৰে?
১২ যিহোৱাৰ ইচ্ছা এই যে “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৪) সেয়েহে তেওঁ ভৱিষ্যতবক্তা, স্বৰ্গদূত আৰু আনকি তেওঁৰ একমাত্ৰ প্ৰিয় পুত্ৰ যীচুৰ দ্বাৰা যোগাযোগ কৰিছিল। (ইব্ৰী ১:১, ২; ২:২) যীচুৱেও পীলাতক এনেদৰে কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। সত্যতাৰ ফলীয়া সকলোৱে মোৰ কথা শুনে।” যিহোৱাই মানৱজাতিক উদ্ধাৰ কৰিবলৈ কৰা প্ৰবন্ধৰ বিষয়ে যীচুৰ মুখৰ পৰা শুনিবলৈ পোৱাটো পীলাতৰ বাবে এক বহুমূলীয়া সুযোগ আছিল। কিন্তু তেওঁ সত্যতাৰ পক্ষ লʼবলৈ আৰু যীচুৰ পৰা শিকিবলৈ অনিচ্ছুক হʼল। তাৰ পৰিৱৰ্তে তেওঁ কুটিলতাৰে এইদৰে সুধিছিল: “সত্যতা নো কি?” (যোহন ১৮:৩৭, ৩৮) তেওঁ যি কৰিলে সেইটো কিযে এক দুখৰ বিষয় আছিল! তথাপিও যীচুৱে প্ৰচাৰ কৰা সত্যৰ প্ৰতি বহুতে শুনিছিল। তেওঁ নিজৰ শিষ্যসকলক এনেদৰে কৈছিল: “তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।”—মথি ১৩:১৬.
১৩ বাইবেলৰ যোগেদি যিহোৱাই সত্যতাক সংৰক্ষিত কৰি থলে আৰু সকলোলৈ উপলব্ধ কৰিলে। বাইবেলে সত্যতাৰে সেই বিষয়বোৰক প্ৰকাশ কৰে। ইয়াত ঈশ্বৰৰ গুণ, উদ্দেশ্য, আজ্ঞা, একেইদৰে তেওঁ আৰু মানৱজাতিৰ মাজত ঘটা ঘটনাবোৰক সঠিকভাৱে বৰ্ণনা কৰা হৈছে। এই সম্পৰ্কে যীচুৱেও প্ৰাৰ্থনাত এনেদৰে কৈছিল: “তোমাৰ বাক্যেই সত্য।” (যোহন ১৭:১৭) সেইবাবে বাইবেলখন হৈছে এখন অদ্বিতীয় কিতাপ। একমাত্ৰ এই কিতাপখনকেই ঈশ্বৰ-প্ৰেৰণা দ্বাৰা লিখা হৈছিল যিজনে সকলোবোৰৰ বিষয়ে জানে। (২ তীমথিয় ৩:১৬) এইটো হৈছে মানৱজাতিৰ বাবে এক অমূল্য উপহাৰ যাক ঈশ্বৰৰ সেৱকসকলে সকলোতকৈ মূল্যৱান বুলি দৃষ্টি কৰে। আমি নিয়মীয়াকৈ ইয়াক পঢ়াতো বুদ্ধিমানৰ কাৰ্য্য হʼব।
সত্যক দৃঢ়তাৰে ধৰি ৰাখা
১৪. যিহোৱাই কোৱা কোনবোৰ বিষয়ক পূৰ্ণ কৰিব আৰু আমি কিয় তেওঁত ভাৰসা ৰাখা উচিত?
১৪ যিহোৱাই তেওঁৰ বাক্যৰ দ্বাৰা যি কৈছে তাক আমি গম্ভীৰতাৰে লোৱা আৱশ্যক। তেওঁ নিজৰ বিষয়ে যি কৈছে সেইয়া সত্য আৰু তেওঁ যি কয় তাক অৱশ্যেই পূৰণ কৰিব। গতিকে আমাৰ ওচৰত তেওঁত ভাৰসা ৰাখাৰ সকলো কাৰণ আছে। আমি এই কথাষাৰৰ ওপৰতো বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই তেওঁক “নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” (২ থিচলনীকীয়া ১:৬) তেওঁ ধাৰ্ম্মিকতাৰ অনুগামীসকলক প্ৰেম কৰে, চিৰকালৰ জীৱন দিব আৰু শোক বা বেদনা, ক্ৰন্দন আৰু মৃত্যুক আঁতৰ কৰিব বুলি কোৱা কথাষাৰতো আমি ভাৰসা ৰাখিব পাৰোঁ। এই শেষ প্ৰতিজ্ঞাবোৰ যে নিশ্চয়ে পূৰণ হʼব তাক আমি যোহনে দিয়া নিৰ্দ্দেশনাৰ পৰা জানিব পাৰোঁ, যʼত তেওঁ কৈছে: “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”—প্ৰকাশিত বাক্য ২১:৪, ৫; হিতোপদেশ ১৫:৯; যোহন ৩:৩৬.
১৫. চয়তানে কেনে ধৰণৰ মিছা বিষয়বোৰত লোকসকলৰ বিশ্বাসৰ জন্মাব বিচাৰে?
১৫ চয়তান হৈছে যিহোৱাৰ একেবাৰে বিপৰীত। সি লোকসকলক সত্য পথত পৰিচালিত কৰাৰ পৰিৱৰ্তে বিপথে লৈ গৈছে। সি লোকসকলক সত্য উপাসনাৰ পৰা বিচলিত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ মিছা আশ্ৰয় লৈছে। উদাহৰণস্বৰূপে, সি হয়তো আমাক বিশ্বাস জন্মাব বিচাৰিব যে ঈশ্বৰে বৰ্তমানৰ দুখ-কষ্টৰ প্ৰতি অলপো ধ্যান নিদিয়ে। যিহেতু বাইবেলে কৈছে যে যিহোৱাই নিজৰ সৃষ্টিৰ প্ৰতি আগ্ৰহকতাৰে চোৱা-চিতা, কিন্তু দুষ্টতা আৰু দুখ-কষ্টৰ প্ৰতি দুখ প্ৰকাশ কৰে। (পাঁচনিৰ কৰ্ম্ম ১৭:২৪-৩০) কিন্তু চয়তানে লোকসকলক বিশ্বাস কৰাব বিচাৰে যে আধ্যাত্মিক বিষয়বোৰত ধ্যান দিয়াটো হৈছে অৰ্থহীনভাৱে সময় ব্যয় কৰা। ইয়াৰ বিপৰীতে বাইবেলে কৈছে যে “ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” তদুপৰি বাইবেলে স্পষ্টকৈ কৈছে, “তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়।”—ইব্ৰী ৬:১০; ১১:৬.
১৬. খ্ৰীষ্টানসকলে কিয় পৰ দি থাকি সত্যতাক দৃঢ়তাৰে ধৰি ৰখা উচিত?
১৬ চয়তানৰ সম্বন্ধে পাঁচনি পৌলে এনেদৰে লিখিছিল: “ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি যি খ্ৰীষ্ট তেওঁৰ গৌৰব-প্ৰকাশক শুভবাৰ্ত্তা যদি দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে, এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান-চকু অন্ধ কৰিলে।” (২ কৰিন্থীয়া ৪:৪) কিছুমানে হৱাৰ নিচিনাকৈ সম্পূৰ্ণকৈ চয়তানৰ দ্বাৰা প্ৰবাঞ্চিত হʼল। আদমে প্ৰতাৰিত নোহোৱাৰ নিচিনাকৈ যদিও আনবিলাকে প্ৰতাৰিত হোৱা নাই তথাপিও তেওঁলোকে ইচ্ছাকৃতভাৱে অৱজ্ঞাকাৰী হʼবলৈ বাছি লৈছে। (যিহূদা ৫, ১১) সেইবাবে প্ৰকৃত খ্ৰীষ্টানসকলে পৰ দি থাকি সত্যতাক দৃঢ়তাৰে ধৰি ৰখা আৱশ্যক।
যিহোৱাই ‘অকল্পিত বিশ্বাসী’ হোৱাটো বিচাৰে
১৭. যিহোৱাৰ অনুগ্ৰহপ্ৰাপ্ত হʼবলৈ আমি কি কৰা উচিত?
১৭ যিহেতু যিহোৱাই সকলোতে সত্যবাদী হোৱাৰ বাবে তেওঁ নিজৰ উপাসকবিলাককো সত্যৰে তেওঁক উপাসনা কৰাটো বিচাৰে। এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে লিখিছিল: “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব? যি জনে যথাৰ্থ আচৰণ আৰু ধৰ্ম্মকৰ্ম্ম কৰে, আৰু নিজৰ মনতে সঁচা কথা কয়।” (গীতমালা ১৫:১, ২) ইহুদীসকলে গোৱা এই গীতটোৱে যিহোৱাৰ পবিত্ৰ পৰ্ব্বত চিয়নোৰ বিষয়ে মনত পেলাই, যʼত ৰজা দায়ূদে তম্বুৰ ভিতৰত নিয়ম-চন্দুক ৰাখিছিল। (২ চমূৱেল ৬:১২, ১৭) সেই পৰ্ব্বত আৰু তাত থকা তম্বুৱে লোকসকলক লাক্ষণিকৰূপে যিহোৱাই বাস কৰাৰ বিষয়ে স্মৰণ কৰাইছিল। ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হʼবলৈ লোকসকলে তাত উপস্থিত হʼব লাগিছিল।
১৮. (ক) ঈশ্বৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ কিহৰ আৱশ্যক? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
১৮ যিজন ব্যক্তিয়ে যিহোৱাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ বিচাৰে তেওঁ কেৱল মুখেৰে নহয় কিন্তু “মনেৰে” সত্যতাৰ বিষয়ে কোৱা উচিত। ঈশ্বৰৰ প্ৰকৃত বন্ধুসকলে মনেৰে সত্যবাদী আৰু হৃদয়েৰে সত্যতা প্ৰকাশ কৰি কাৰ্য্যৰে ‘অকল্পিত বিশ্বাসী’ হোৱাৰ প্ৰমাণ দিয়া উচিত। (১ তীমথিয় ১:৫; মথি ১২:৩৪, ৩৫) যিজন ঈশ্বৰৰ বন্ধু তেওঁ কুটিল মনৰ হোৱা উচিত নহয়, কিয়নো “যিহোৱাই . . . কপটীয়া মানুহক ঘিণ কৰে।” (গীতমালা ৫:৬) গোটেই পৃথিৱীত থকা যিহোৱাৰ সাক্ষীসকলে সত্যতাৰ সম্বন্ধে যিহোৱাক অনুকৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 8/1)
আপুনি কেনেকৈ উত্তৰ দিব?
• যিহোৱাই সকলোবোৰৰ বিষয়ে কিয় সত্যতা জানে?
• যিহোৱা যে সত্যবাদী তাক কিহে প্ৰমাণ কৰিছে?
• যিহোৱাই কেনেকৈ সত্যতাক প্ৰকাশ কৰিলে?
• আমি সত্যতাৰ সম্বন্ধে কি কৰা আৱশ্যক?
[১০ পৃষ্ঠাৰ ছবিসমূহ]
সত্য ঈশ্বৰে তেওঁৰ সৃষ্টিৰ বিষয়ে সকলোবোৰ জানে