ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৮/১ পৃষ্ঠা ২১-২৬
  • আমি চিৰকাললৈকে যিহোৱাৰ নামেৰে চলি থাকিম!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি চিৰকাললৈকে যিহোৱাৰ নামেৰে চলি থাকিম!
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি ন্যায়পূৰ্ণ হোৱাটো যিহোৱাই বিচাৰে
  • কোনবিলাকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হʼল?
  • পবিত্ৰ আত্মাৰে পৰিচালিত হোৱা
  • যিহোৱাই সকলো বাট পোন কৰে
  • যিহোৱাৰ নামেৰে চলিবলৈ দৃঢ়সঙ্কল্প লোৱা
  • লোকসকলৰ বাবে প্ৰকৃত সতেজতা
  • ঈশ্বৰৰ সেৱকসকলৰ ওচৰত প্ৰকৃত আশা আছে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই আমাৰ পৰা আৰু কি বিচাৰে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৮/১ পৃষ্ঠা ২১-২৬

আমি চিৰকাললৈকে যিহোৱাৰ নামেৰে চলি থাকিম!

“আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।”—মীখা ৪:৫.

১. মীখা ৩ পৰা ৫ অধ্যায়লৈকে কেনে বাৰ্ত্তাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে?

যিহোৱাই তেওঁৰ লোকবিলাকক বিশেষ কিবা এটা কʼব বিচাৰিছে আৰু সেইবাবে তেওঁ মীখাক ভৱিষ্যতবক্তা হিচাবে ব্যৱহাৰ কৰিছে। অধাৰ্ম্মিকবিলাকৰ বিৰুদ্ধে পদক্ষেপ লোৱাটো হৈছে ঈশ্বৰৰ উদ্দেশ্য। তেওঁ ইস্ৰায়েলসকলক ধৰ্ম্মত্যাগী হোৱাৰ বাবে শাস্তি দিবলগীয়া আছিল। কিন্তু যিসকলে তেওঁৰ নামেৰে চলে, তেওঁলোক আশীৰ্ব্বাদপ্ৰাপ্ত হʼব। এই বাৰ্ত্তাৰ বিষয়ে মীখা ৩ পৰা ৫ অধ্যায়লৈকে উল্লেখ কৰা হৈছে।

২, ৩. (ক) ইস্ৰায়েলৰ প্ৰধানবিলাকে কেনে গুণ দেখুউৱাব লাগিছিল, কিন্তু তেওঁলোকে কেনে হোৱাৰ পৰিচয় দিছিল? (খ) মীখা ৩:২, ৩ পদত উল্লেখ কৰা ভাবাৰ্থক বাক্যবোৰক আপুনি কেনেকৈ বৰ্ণনা কৰিব?

২ ভৱিষ্যতবক্তাজনে এইদৰে কৈছে: “হে যাকোবৰ মুখ্যবিলাক আৰু ইস্ৰায়েল-বংশৰ শাসনকৰ্ত্তাবিলাক, তোমালোকে শুনা, তোমালোকে সুবিচাৰ জনা উচিত নহয় নে?” কিন্তু তেওঁলোকে প্ৰকৃততে তেনে নকৰি কি কৰিছে? সেই বিষয়ে মীখাই এইদৰে কৈছে: “ভালক ঘিণ কৰোঁতা, আৰু বেয়াক ভাল পাওঁতা, লোকবিলাকৰ পৰা ছাল আৰু তেওঁবিলাকৰ হাড়ৰ পৰা মাংস এৰুৱাওঁতা আৰু মোৰ প্ৰজাবিলাকৰ মাংস খাওঁতা, আৰু তেওঁবিলাকৰ ছাল বখলিয়াওঁতা আৰু হাড় ভাঙোতা, এনে কি, কেৰাহীত আৰু টৌত দিয়া মাংসৰ দৰে তেওঁবিলাকক ডোখৰ-ডোখৰকৈ কাটোতা।”—মীখা ৩:১-৩.

৩ প্ৰধানসকলে জানো দৰিদ্ৰৰ লোকৰ ওপৰত অত্যাচাৰ কৰা নাইনে! ইয়াত মীখাই কি কʼব বিচাৰিছে তাক তেওঁৰ শুনোতাসকলে সহজে বুজি পাইছিল। উদাহৰণস্বৰূপে, বলিদান কৰা মেৰটোক পানীত উতলোৱাৰ পিছত ছালখন বখলিয়াই তাক ডোখৰ ডোখৰ কৰা হয়। কেতিয়াবা হাড়বোৰ ভাঙি মজ্জা উলিওৱা হয়। তাৰ পিছত মীখাৰ কিতাপত উল্লেখ কৰাৰ দৰে এটা ডাঙৰ পাত্ৰত মাংস আৰু হাড়বোৰ উতলোৱা হয়। (যিহিষ্কেল ২৪:৩-৫, ১০) সেই সময়ত প্ৰধানবিলাকৰ দ্বাৰা অত্যাচাৰৰ সম্মুখীন হোৱা লোকসকলৰ বাবে ই কিযে এক উপযুক্ত উদাহৰণ!

আমি ন্যায়পূৰ্ণ হোৱাটো যিহোৱাই বিচাৰে

৪. যিহোৱা আৰু ইস্ৰায়েলৰ প্ৰধানবিলাকৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়?

৪ প্ৰেমময় ৰখীয়া যিহোৱা আৰু ইস্ৰায়েলৰ প্ৰধানবিলাকৰ মাজত কোনো সাদৃশ্যতা দেখিবলৈ পোৱা নাযায়। কিয়নো মানৱীয় প্ৰধানবিলাকে ঈশ্বৰৰ জাকটিক ন্যায়পূৰ্ণতাৰে চোৱা-চিতা কৰা আজ্ঞাক পালন কৰাত বিফল হʼল। মীখা ৩:১০ পদৰ অনুসাৰে তেওঁলোকে নিজৰ লাক্ষণিক জাকটিক স্বাৰ্থপৰতাৰে শোষণ, ন্যায়ৰ পৰা বঞ্চিত আৰু ‘ৰক্তপাতেৰে কাৰ্য্য’ কৰিবলৈ হেঁচা দিছিল। এই বিৱৰণীৰ পৰা আমি কি শিকিবলৈ পাওঁ?

৫. ঈশ্বৰৰ লোকসকলক পৰিচালিত কৰা ব্যক্তিবিলাকৰ পৰা যিহোৱাই কি অপেক্ষা কৰে?

৫ যিহোৱাই বিচাৰে যে তেওঁৰ লোকসকলক পৰিচালিত কৰা ব্যক্তিসকলে যেন ন্যায়পূৰ্ণতাৰে আচৰণ কৰে। এই কথাষাৰ সত্যতা আজি আমি যিহোৱাৰ সেৱকসকলত প্ৰযোজ্য হোৱা দেখিবলৈ পাওঁ। তদুপৰি এই কথাশাৰী যিচয়া ৩২:১ পদৰ সৈতেও মিল খায়, যʼত এইদৰে কোৱা হৈছে: “চোৱা, এজন ৰজাই ধাৰ্ম্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্ত্তাবিলাকে ন্যায় বিচাৰেৰে শাসন কৰিব।” কিন্তু মীখাৰ সময়ত আমি কেনে অৱস্থা হোৱা দেখিবলৈ পাইছিলোঁ? সেই সময়ত পুৰোহিতবিলাকে ন্যায়েৰে কাৰ্য্য কৰা নাছিল, তেওঁলোকে “ভালক ঘিণ কৰোঁতা, আৰু বেয়াক ভাল পাওঁতা” আছিল।

কোনবিলাকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হʼল?

৬, ৭. মীখা ৩:৪ পদত কেনে গুৰুত্বপূৰ্ণ বিষয় দাঙ ধৰা হৈছে?

৬ মীখাৰ সময়ৰ অধাৰ্ম্মিক ব্যক্তিবিলাকে যিহোৱাৰ অনুগ্ৰহপ্ৰাপ্ত হʼব পাৰিছিলনে? অৱশ্যেই পৰা নাছিল! এই বিষয়ে মীখা ৩:৪ পদত এনেদৰে কৈছে: “তেওঁবিলাকে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তেওঁবিলাকক উত্তৰ নিদিব; এনে কি, তেওঁবিলাকৰ কাৰ্য্যৰ দ্বাৰাই তেওঁবিলাকে কুকৰ্ম্ম সিদ্ধ কৰাৰ উচিত প্ৰতিফলস্বৰূপে সেই সময়ত তেওঁ তেওঁবিলাকৰ পৰা নিজ মুখ ঢাকিব।” ইয়াত এক গুৰুত্বপূৰ্ণ বিষয়ক দাঙি ধৰা হৈছে।

৭ যদি আমি অধাৰ্ম্মিকতাৰ কাৰ্য্য কৰোঁ তেন্তে যিহোৱাই কেতিয়াও আমাৰ প্ৰাৰ্থনা গ্ৰহণ নকৰিব। এইটো সেই ক্ষেত্ৰত অধিক সঁচা প্ৰমাণিত হʼব, যেতিয়া আমি পাপময় কাৰ্য্য লুকুৱায় ৰাখি নিষ্ঠাৰে যিহোৱাৰ সেৱা কৰা বুলি দাবী কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। এই সামঞ্জস্যত ৰজা দায়ূদে গীতমালা ২৬:৪ পদত এইদৰে কৈছে: “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ।” যিসকলে ইচ্ছাকৃতভাৱে ঈশ্বৰৰ বাক্যক উলংঙ্ঘন কৰে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ কোনো উত্তৰ নিদিয়ে!

পবিত্ৰ আত্মাৰে পৰিচালিত হোৱা

৮. মীখাৰ সময়ত থকা মিছা ভাববাদীবিলাকক কিহৰ বাবে সতৰ্ক কৰা হৈছিল?

৮ ইস্ৰায়েল ধৰ্ম্মগুৰুসকলৰ মাজত কিমান যে নিন্দনীয় কাৰ্য্য দেখিবলৈ পোৱা গৈছিল! মিছা ভাববাদীবিলাকৰ দ্বাৰা পৰিচালিত হৈ ঈশ্বৰৰ লোকসকলে আধ্যাত্মিকভাৱে পথভ্ৰষ্ট হৈছিল। লুভীয়া ধৰ্ম্মগুৰুসকলে মুখেৰে চিঞৰি কৈছিল: “মঙ্গল!” কিন্তু প্ৰকৃততে তেওঁলোকৰ মুখত একো নিদিয়া লোকৰ বিৰুদ্ধে যুদ্ধ নিৰূপণ কৰিছিল। “সেই” ভাববাদীবিলাকৰ অহিতে যিহোৱাই এই কথা কৈছিল: “নিশ্চয়ে তোমালোকে দৰ্শন পাব নোৱাৰাকৈ তোমালোকলৈ ৰাতি হব, আৰু তোমালোকে মঙ্গল চাব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হব; সেই ভাববাদীবোৰৰ ওপৰত সূৰ্য্য মাৰ যাব, আৰু দিন সিহঁতৰ ওপৰত ডাৱৰীয়া হব। তাতে দৰ্শকবোৰে লাজ পাব, মঙ্গলতিবোৰ বিবৰ্ণ হব এনে কি, সিহঁত আটায়ে ডাড়ি ঢাকিব; কিয়নো ঈশ্বৰৰ উত্তৰ নাই।”—মীখা ৩:৫-৭.

৯, ১০. “আটায়ে ডাড়ি ঢাকিব” বুলি কোৱাৰ অৰ্থ কি আৰু মীখাই কিয় তেনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন হোৱা নাছিল?

৯ কিয় “আটায়ে ডাড়ি ঢাকিব” বুলি কোৱা হৈছে? ইয়াৰ অৰ্থ হৈছে তেওঁলোকে লাজত পৰি তেনেদৰে কৰিব। তদুপৰি তেওঁলোক তেনে হোৱাৰ যোগ্য। কিয়নো তেওঁলোকৰ কাতৰোক্তিৰ বাবে “ঈশ্বৰৰ উত্তৰ নাই।” (মীখা ৩:৭খ) যিহোৱাই কপটীয়াবিলাকৰ প্ৰাৰ্থনাত কেতিয়াও কাণ নিদিয়ে।

১০ ভৱিষ্যতবক্তা মীখাই ‘ডাড়ি ঢাকাৰ’ কোনো কাৰণ নাছিল। কিয়নো তেওঁ লজ্জিত হোৱা নাছিল। যিহোৱাই তেওঁৰ কাতৰোক্তিৰ উত্তৰ দিছিল। মীখা ৩:৮ পদত এই বিশ্বাসী ভৱিষ্যতবক্তাজনে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক: “মই নিশ্চয়ে যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু সাহসেৰে পৰিপূৰ্ণ।” তেওঁ দীৰ্ঘ সময় ধৰি কৰা ঈশ্বৰৰ কাৰ্য্যত “যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু সাহসেৰে পৰিপূৰ্ণ” হোৱাৰ বাবে কিমান যে কৃতজ্ঞ হৈছিল! ইয়ে তেওঁক “যাকোবক তাৰ অপৰাধ আৰু ইস্ৰায়েলক তাৰ পাপ বুজাবৰ নিমিত্তে” শক্তি প্ৰদান কৰিছিল।

১১. ঈশ্বৰৰ বাক্যক ঘোষণা কৰিবলৈ মানৱে কেনেকৈ সক্ষম হৈছে?

১১ এই ঈশ্বৰীয় ন্যায়দণ্ডৰ বিষয়ে ঘোষণা কৰিবলৈ মীখা ভৱিষ্যতবক্তাক অধিক শক্তিৰ আৱশ্যক আছিল। সেইবাবে তেওঁক যিহোৱাৰ আত্মাৰ প্ৰয়োজন আছিল। আমাৰ বিষয়ে কি কʼব পৰা যায়? যদি যিহোৱাই আমাক তেওঁৰ আত্মাৰ দ্বাৰা শক্তি প্ৰদান কৰে তেন্তে আমি প্ৰচাৰ কাৰ্য্য কৰিবলৈ দিয়া আজ্ঞাক পালন কৰিব পাৰিম। যদি আমি ইচ্ছাকৃতভাৱে পাপকাৰ্য্যৰ অভ্যাস কৰোঁ তেন্তে আমাৰ প্ৰচাৰ কাৰ্য্য বিফল হʼব। তেনে অৱস্থাত শক্তি বিচাৰি কৰা প্ৰাৰ্থনাৰ উত্তৰ যিহোৱাই কেতিয়াও নিদিব। অৱশ্যেই “যিহোৱাৰ আত্মাৰে” পৰিচালিত নোহোৱালৈকে আমি তেওঁৰ ন্যায়দণ্ডৰ বিষয়ে প্ৰচাৰ কৰিব নোৱাৰোঁ। আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আৰু পবিত্ৰ আত্মাৰ সহায়েৰে আমি মীখাৰ দৰে নিৰ্ভয়ে ঈশ্বৰৰ বাক্যক ঘোষণা কৰিবলৈ সক্ষম হʼম।

১২. প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলে ‘ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ’ কিয় সক্ষম হৈছিল?

১২ আপুনি হয়তো পাঁচনিৰ কৰ্ম্ম ৪:২৩-৩১ পদত উল্লেখ কৰা বৃতান্তৰ বিষয়ে সোঁৱৰিব পাৰে। কল্পনা কৰক যে আপুনি এজন যীচুৰ প্ৰথম শতিকাৰ শিষ্য। বিদ্ৰোহীবিলাকে শিষ্যসকলে কৰা প্ৰচাৰ কাৰ্য্য বন্ধ কৰিব বিচাৰিছে। কিন্তু এই শিষ্যসকলে কাতৰোক্তি কৰি যিহোৱাক কৈছে: “হে [যিহোৱা, NW], তেওঁবিলাকৰ ডাবি-ধমকি দেখক আৰু আপোনাৰ পবিত্ৰ সেৱক যীচুৰ নামেৰে চিন আৰু লক্ষণ দেখুৱাবলৈ, আৰু সুস্থ কৰিবলৈ, হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কবলৈ দিয়ক।” ইয়াৰ পৰিণাম কি হʼল? তেওঁলোকে উপস্থিত হোৱা কোঠাটো উজ্জ্বল হৈ পৰিল আৰু সকলোৱেই পবিত্ৰ আত্মা লাভ কৰিলে। ইয়ে তেওঁলোকক সাহসেৰে ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰিলে। গতিকে আঁহক আমিও যিহোৱালৈ বাট চাই তেওঁৰ আত্মাৰ ওপৰত ভাৰসা কৰি প্ৰচাৰ কাৰ্য্য কৰোঁহঁক।

১৩. যিৰূচালেম আৰু চমৰীয়াৰ সৈতে কি ঘটিবলগা আছিল আৰু কিয়?

১৩ পুনৰাইমীখাৰদিনৰবিষয়েবিবেচনা কৰক। মীখা ৩: ৯-১২ পদৰ অনুসাৰে ৰক্তদোষী শাসকবিলাকে ভেঁটীৰ অৰ্থে বিচাৰ, পুৰোহিতবিলাকে বেচৰ অৰ্থে শিক্ষা আৰু ভাববাদীসকলে ধনৰ অৰ্থে মঙ্গল চাইছিল। সেইবাবে ঈশ্বৰে কৈছিল যে যিহূদাৰ ৰাজধানী যিৰূচালেম চহৰখন “ভগ্নৰাশি হʼব!” যিহেতু যিহূদাত মিছা উপাসনা আৰু নৈতিকতাৰ পতনে একেবাৰে শীখৰ চুইছিল আৰু সেয়েহে ঈশ্বৰে চমৰীয়াকো “ভগ্নৰাশি” কৰিব বুলি মীখাই ঘোষণা কৰিছিল। (মীখা ১:৬) দৰাচলতে সা.যু.পূ. ৭৪০ চনত অচূৰীয়াসকলে চমৰীয়াৰ ওপৰত কৰা আক্ৰমণক ভৱিষ্যতবক্তাজনে নিজ চকুৰে দেখিছিল। (২ ৰাজাৱলি ১৭:৫, ৬; ২৫:১-২১) যিৰূচালেম আৰু চমৰীয়াৰ বিৰুদ্ধে ন্যায়দণ্ড শুনোৱাটো কেৱল যিহোৱাৰ শক্তিৰ দ্বাৰাহে সম্ভৱ আছিল।

১৪. মীখা ৩:১২ পদত উল্লেখ কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হৈছিল আৰু ই আমাক কি কৰিবলৈ উৎসাহিত কৰে?

১৪ কোনোপধ্যেই যিহূদা প্ৰদেশখন যিহোৱাৰ প্ৰকোপৰ পৰা ৰক্ষা পাব নোৱাৰিব। মীখা ৩:১২ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ অনুসাৰে চিয়োনক “পথাৰৰ নিচিনাকৈ চহোৱা হʼব।” একবিংশ শতিকাৰ পৰাই আমি জানিব পাৰিছোঁ যে সা.যু.পূ. ৬০৭ চনত বাবিলে যিৰূচালেম আৰু যিহূদা প্ৰদেশ উচ্ছন্ন কৰাৰ সময়ত তেনেদৰে ঘটিছিল। এশ বছৰৰ আগতেই কৰা ভৱিষ্যতবাণী নিশ্চয়ে পূৰ্ণ হʼব বুলি মীখাই জানিছিল। ঠিক সেইদৰে এই ৰীতি-ব্যৱস্থাৰ অন্ত ‘যিহোৱাৰ দিনত’ হʼব বুলি কোৱা ভৱিষ্যতবাণীৰ ওপৰত আমি ভাৰসা ৰাখা উচিত।—২ পিতৰ ৩:১১, ১২.

যিহোৱাই সকলো বাট পোন কৰে

১৫. মীখা ৪:১-৪ পদত উল্লেখ কৰা বাক্যবোৰ আপুনি কেনেকৈ নিজৰ ভাষাত বৰ্ণনা কৰিব?

১৫ পুনৰাই মীখাৰ ভৱিষ্যতবাণীলৈ লক্ষ্য কৰিলে আমি এইটো দেখিবলৈ পাওঁ যে মীখাই এতিয়া আশাৰ এক আনন্দদায়ক বাৰ্ত্তা শুনাইছে। আমি মীখা ৪:১-৪ পদত কেনেধৰণৰ উৎসাহপূৰ্ণ বাক্য পঢ়িবলৈ পাওঁ, তাৰ বিষয়ে মীখাই এইদৰে কৈছে: “অন্তিম কালত এইৰূপ ঘটিব যে, যিহোৱাৰ গৃহৰ পৰ্ব্বতখন পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব, আৰু গিৰিবোৰতকৈয়ো ওখ কৰা হব; তাতে জাতিবোৰে সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। . . . তেওঁ জাতিবোৰৰ মাজত সোধ কৰিব, আৰু দূৰত থকা বলৱন্ত জাতিবোৰৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব; তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম দিয়া কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। কিন্তু প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব; কিয়নো বাহিনীবিলাকৰ যিহোৱাই নিজ মুখেৰে এই কথা কলে।”

১৬, ১৭. বৰ্তমান সময়ত মীখা ৪:১-৪ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা কেনেকৈ হৈছে?

১৬ ইয়াত উল্লেখ কৰা “জাতিবোৰ” আৰু “বলৱন্ত জাতিবোৰ” কোন? তেওঁলোক কোনো বিভক্ত জাতি আৰু এই জগতৰ চৰকাৰসমূহ নহয়। ইয়াৰ বিপৰীতে এই উক্তি দুটাই এনে ব্যক্তিসকলক বুজায় যিসকলে যিহোৱাৰ পবিত্ৰ পৰ্ব্বতত একত্ৰিত হৈ উপাসনা কৰিবলৈ সকলো জাতিৰ পৰা ওলাই আহিছে।

১৭ মীখাৰ এই ভৱিষ্যতবাণী অনুসাৰে যিহোৱাৰ শুদ্ধ উপাসনা অতি সোনকালে সমূদায় পৃথিৱীত স্থাপিত হʼব। বৰ্তমান সময়ত, “অনন্ত জীৱন পাবলৈ নিৰূপিত” ব্যক্তিবিলাকক যিহোৱাৰ নিৰ্দ্দেশনাৰ অনুসাৰে শিক্ষা দিয়া হৈছে। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) ঈশ্বৰৰ ৰাজ্যৰ সপক্ষে থিয় দিওঁতাসকলৰ বাবে যিহোৱাই ন্যায় আৰু সকলো বাট পোন কৰিছে। তেওঁলোকে “বৰ লোকসমূহ” হিচাবে “মহা-ক্লেশৰ” পৰা উদ্ধাৰ পাব। (প্ৰকাশিত বাক্য ৭:৯, ১৪) তেওঁলোকে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়িছে আৰু শান্তিৰে সঙ্গী উপাসক আৰু আনৰ সৈতে জীৱন নিৰ্বাহ কৰিছে। তেওঁলোকৰ মাজৰ এজন হোৱাটো এক আনন্দময় বিষয় নহয়নে বাৰু!

যিহোৱাৰ নামেৰে চলিবলৈ দৃঢ়সঙ্কল্প লোৱা

১৮. “দ্ৰাক্ষাবাৰী আৰু ডিমৰু গছৰ তলত” বহাৰ অৰ্থ কি?

১৮ আজি আমাৰ দিনত ভয়ে সকলোৰে ওপৰত কʼলা ডাৱৰৰ দৰে ছাঁ দি ধৰিছে, তেনে অৱস্থাত বহুতে সত্য পথত চলা দেখি আমি হৰ্ষিত হৈছোঁ। আমি এনে এক বেগেৰে আহিবলগা সময়ৰ বাবে অপেক্ষা কৰি আছোঁ, যʼত ঈশ্বৰক প্ৰেম কৰোঁতোসকলে কোনো যুদ্ধবিদ্যা নিশিকিব কিন্তু নিজ নিজ দ্ৰাক্ষাবাৰী আৰু ডিমৰু গছৰ তলত বাস কৰিব। ডিমৰু গছবোৰ প্ৰায়েই দ্ৰাক্ষাবাৰীৰৰ মাজত ৰোৱা হয়। (লূক ১৩:৬) দ্ৰাক্ষাবাৰী আৰু ডিমৰু গছজোপাৰ তলত বাস কৰা অৰ্থই হৈছে এক শান্তিময় আৰু সুৰক্ষিত জীৱন নিৰ্বাহ কৰা। আনকি বৰ্তমান যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধই আমাক মানসিক শান্তি আৰু আধ্যাত্মিক নিৰাপত্তা প্ৰদান কৰিছে। যেতিয়া সেই ৰাজ্যৰ অধীনত তেনে ধৰণৰ পৰিস্থিতিক স্থাপিত কৰা হʼব তেতিয়া আমি সম্পূৰ্ণ নিৰ্ভয় আৰু নিৰাপত্তা অনুভৱ কৰিম।

১৯. যিহোৱাৰ নামেৰে চলাৰ অৰ্থ কি?

১৯ যদি আমি ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হʼব বিচাৰিছোঁ তেন্তে তেওঁৰ নামেৰে চলা অতি আৱশ্যক। এই বিষয়ৰ গম্ভীৰতাৰ সম্পৰ্কে দাঙি ধৰি ভৱিষ্যতবক্তাজনে মীখা ৪:৫ পদত এনেদৰে কৈছে: “যদিও আটাই জাতিয়ে নিজ নিজ দেৱতাৰ নামেৰে চলে, তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।” তেওঁৰ নামেৰে চলা মানে এইটো নহয় যে কেৱল যিহোৱাক আমাৰ ঈশ্বৰ বুলি কোৱাটোৱে যথেষ্ট। বৰঞ্চ আমি খ্ৰীষ্টান সভাবোৰত উপস্থিত আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো যদিও আৱশ্যকীয় কৰ্তব্য তথাপিও তাতকৈ অধিক কিছু কৰা প্ৰয়োজন। যদি আমি যিহোৱাৰ নামেৰে সৈতে চলিছোঁ তেন্তে নিজকে সমৰ্পণ কৰি সম্পূৰ্ণ মনেৰে তেওঁক প্ৰেম আৰু নিষ্ঠাৰে সেৱা কৰা উচিত। (মথি ২২:৩৭) সেয়েহে আঁহক তেওঁৰ উপাসক হোৱাৰ নিমিত্তে আমি চিৰকাললৈকে যিহোৱাৰ সৈতে চলি থাকিবলৈ দৃঢ়সঙ্কল্প লওঁহঁক।

২০. মীখা ৪:৬-১৩ পদত কিহৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল?

২০ মীখা ৪:৬-১৩ পদত উল্লেখ কৰা ভৱিষ্যতসূচক বাক্যবোৰক বিবেচনা কৰক। যʼত এইদৰে কোৱা হৈছিল যে “চিয়োন-জীয়াৰীক” বন্দী হৈ “বাবিললৈকে যাব লাগিব।” সা.যু.পূ. সাত শতাব্দীত এই ভৱিষ্যতবাণীৰ পূৰ্ণতা হোৱা দেখা গল। তথাপিও মীখাৰ ভৱিষ্যতবাণীয়ে বিশ্বাসী ইহুদীসকলক পুনৰাই উভটি অহা আৰু যিহোৱাৰ দ্বাৰা শত্ৰুবিলাকৰ ধ্বংস হোৱাৰ আশ্বাস দিছিল।

২১, ২২. মীখা ৫:২ পদটোত উল্লেখ কৰা ভৱিষ্যতবাণীৰ কেনেকৈ পূৰ্ণতা হৈছিল?

২১ আন ঘটনাসমূহৰ বিষয়ে মীখা ৫ অধ্যায়ত উল্লেখ কৰিছিল। উদাহৰণস্বৰূপে, মীখা ৫:২-৪ পদত কি কৈছে তাক লক্ষ্য কৰক। ইয়াত কোৱা হৈছে যে ‘পূৰ্ব্বকালৰ পৰা উৎপত্তি’ ঈশ্বৰ-নিযুক্ত জনা বাবিলৰ পৰা ওলাব। তদুপৰি এই শাসনকৰ্ত্তা জন কেৱল ইস্ৰায়েলতেই নহয় কিন্তু “পৃথিৱীৰ অন্তলৈকে” মহান হʼব। তেওঁৰ আত্মপৰিচয় হয়তো জগতৰ বাবে গুপ্ত থাকিব কিন্তু আমাৰ বাবে নহয়।

২২ বৈৎলেহেমত কোনজন প্ৰখ্যাত ব্যক্তিৰ জন্ম হৈছিল? কোনে “পৃথিৱীৰ অন্তলৈকে মহান হʼব?” সেইজন ব্যক্তি যীচুৰ বাদে আন কোনেও হʼব নোৱাৰে! যেতিয়া ৰজা হেৰোদে আহিবলগা মচীহৰ জন্ম স্থানৰ বিষয়ে পুৰোহিত আৰু ফৰীচিবিলাকক সুধিছিল তেতিয়া তেওঁলোকে কৈছিল: ‘যিহূদাৰ বৈৎলেহেম-ইফ্ৰাথাত তেওঁৰ জন্ম হʼব।’ আনকি তেওঁলোকে মীখা ৫:২ পদত উল্লেখ কৰা কথাবোৰকো দাঙি ধৰিছিল। (মথি ২৩-৬) সাধাৰণ লোকসকলেও যোহন ৭:৪২ পদটো উদ্ধৃত কৰি কৈছিল: “খ্ৰীষ্ট দায়ূদৰ বংশ, আৰু দায়ূদ থকা বৈৎ-লেহম গাৱঁৰ পৰা ওলাব বুলি ধৰ্ম্মশাস্ত্ৰে কোৱা নাই নে?”

লোকসকলৰ বাবে প্ৰকৃত সতেজতা

২৩. মীখা ৫:৭ পদৰ অনুসাৰে কি ঘটিবলৈ আৰম্ভ হৈছে?

২৩ মীখা ৫:৫-১৫ পদত কৈছে যে অচূৰীয়াসকলে কিছু পৰিমাণে সফলতা লাভ কৰিব আৰু ঈশ্বৰৰ ক্ৰোধ অৱজ্ঞাকাৰী জাতিবিলাকৰ ওপৰত আহি পৰিব। মীখা ৫:৭ পদৰ অনুসাৰে মনপালটন কৰোঁতা ইহুদীসকলে নিজৰ ঘৰলৈ উভটি যাব বুলি কৈছে আৰু এই বাক্যবোৰ আমাৰ সময়ৰ বাবেও প্ৰযোজ্য। মীখাই কৈছে: “যিহোৱাৰ পৰা অহা নিয়ৰ যেন, আৰু ঘাহৰ ওপৰত পৰা বৰষুণৰ জাক যেন হৈ যাকোবৰ অৱশিষ্ট ভাগ অনেক জাতিৰ মাজত হব।” প্ৰতীকস্বৰূপে ব্যৱহাৰ হোৱা সেই বাক্যবোৰে আধ্যাত্মিক ইস্ৰায়েলৰ দ্বাৰা লোকসকলে আশীৰ্ব্বাদপ্ৰাপ্ত হʼব বুলি কোৱা হৈছিল। পাৰ্থিব আশা ৰখা যীচুৰ ‘অন্য মেৰবৰ্গৰ’ লোকসকলে বৰ্তমান ‘ঈশ্বৰৰ ইস্ৰায়েলৰ’ সৈতে মিলিজুলি সেৱা কৰিবলৈ পাই আনন্দিত হৈছে আৰু আনকো সতেজতা লাভ কৰাত সহায় কৰিছে। (যোহন ১০:১৬; গালাতীয়া ৬:১৬; চফনিয়া ৩:৯) এই সম্বন্ধে এটা গুৰুত্বপূৰ্ণ বিষয় প্ৰকাশিত হʼবলগা আছে। ৰাজ্যৰ প্ৰচাৰক হোৱা নিমিত্তে আমি সকলোলৈ প্ৰকৃত সতেজতা কঢ়িয়াই অনা বিশেষাধিকাৰক মূল্যাকন কৰা উচিত।

২৪. মীখা ৩ ৰ পৰা ৫ অধ্যায়ত উল্লেখ কৰা কোনবোৰ বিষয়ে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিলে?

২৪ মীখা ২ পৰা ৫ অধ্যায়লৈকে আপুনি কি শিকিব পাৰিলে? আপুনি হয়তো এই বিষয়বোৰ শিকিলে: (১) ঈশ্বৰে বিচাৰে যে তেওঁৰ লোকসকলক পৰিচালিত কৰা ব্যক্তিসকলে যেন ন্যায়পূৰ্ণতাৰে আচৰণ কৰে। (২) যদি আমি ইচ্ছাকৃতভাৱে পাপ কৰোঁ তেন্তে ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিব। (৩) ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰাৰ দ্বাৰাহে আমি প্ৰচাৰ কাৰ্য্যত সফলতা পাব পাৰোঁ। (৪) ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হʼবলৈ তেওঁৰ নামেৰে চলা উচিত। (৫) ঈশ্বৰৰ ৰাজ্য প্ৰচাৰক হোৱাৰ নিমিত্তে আমি আনৰ বাবে সতেজতা কঢ়িয়াই অনা বিশেষাধিকাৰৰ প্ৰতি মূল্যাকন দেখুউৱা উচিত। তদুপৰি আন বিষয়বোৰেও আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এই ভৱিষ্যতসূচক কিতাপখনৰ পৰা আমি আৰু কি শিকিব পাৰোঁ? মীখাৰ শেষ অধ্যায় দুটাৰ পৰা আমি কেনে ব্যৱহাৰিক শিক্ষাসমূহ শিকিব পাৰোঁ তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 8/15)

[২৪ পৃষ্ঠাৰ ছবি]

মীখাৰ দৰে আমিও সাহসেৰে প্ৰচাৰ কাৰ্য্য কৰোঁ

আপুনি কেনেকৈ উত্তৰ দিব?

• ঈশ্বৰৰ লোকবিলাকক পৰিচালিত কৰোঁতাসকলৰ পৰা যিহোৱাই কি বিচাৰে?

• যিহোৱাক সেৱা কৰিবলৈ তেওঁলৈ কিয় প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পবিত্ৰ আত্মা বিচৰা আৱশ্যক?

• লোকসকলে কেনেকৈ ‘যিহোৱাৰ নামেৰে চলিব পাৰে?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক