ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১২/১ পৃষ্ঠা ১৪-১৯
  • ‘তোমালোক কৃতজ্ঞ হোৱা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘তোমালোক কৃতজ্ঞ হোৱা’
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কৃতজ্ঞ হোৱাৰ কাৰণসমূহ
  • মোচিৰ নিয়ম-ব্যৱস্থাৰ পৰা তিনিটা শিক্ষা
  • কৃতজ্ঞতাৰ প্ৰতি থকা আমাৰ অভিব্যক্তি
  • অগ্ৰগামী মনোবৃত্তি বিকশিত আৰু বজাই ৰাখক
  • ‘বহুমূল্য সম্পত্তিৰে’ কৃতজ্ঞতা প্ৰকাশ কৰা
  • আপুনি ধন্যবাদসূচক মনোবৃত্তি প্ৰকাশ কৰক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ সাক্ষীসকলে দশম ভাগ দান কৰে নেকি?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১২/১ পৃষ্ঠা ১৪-১৯

‘তোমালোক কৃতজ্ঞ হোৱা’

“খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক; তোমালোক . . . কৃতজ্ঞ হোৱা।”—কলচীয়া ৩:১৪-১৫.

১. খ্ৰীষ্টান মণ্ডলী আৰু চয়তানৰ জগতৰ মাজত আমি কেনে ভিন্নতা দেখিবলৈ পাওঁ?

গোটেই পৃথিৱীত থকা যিহোৱাৰ সাক্ষীসকলৰ ৯৪,৬০০ খন মণ্ডলীত আমি কৃতজ্ঞতাৰ মনোবৃত্তি বজাই ৰাখাটো দেখিবলৈ পাওঁ। তেওঁলোকে প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক ধন্যাবাদ কৰি প্ৰত্যেকখন সভাৰ আৰম্ভণি আৰু সমাপ্তি কৰে। তদুপৰি আমি সঘনাই সৰু, বৰ, নতুন বা দীৰ্ঘ সময়ৰ সাক্ষী ভাই-ভনীসকলৰ মুখৰ পৰা “ধন্যবাদ” বুলি কোৱা শুনিবলৈ পাওঁ আৰু তেওঁলোকে ইজনে সিজনৰ সৈতে সঙ্গতি কৰি আনন্দিত হয়। (গীত ১৩৩:১) সেই লোকসকলৰ তুলনাত এইটো কিমান যে বিপৰীত যিসকল স্বাৰ্থপৰ লোকে ‘ঈশ্বৰক নাজানে আৰু শুভবাৰ্ত্তা নামানে’! (২ থিচলনীকীয়া ১:৬) আজি আমি এনে এখন জগতত বাস কৰিছোঁ যʼত অকৃতজ্ঞতাশীল মনোবৃত্তিয়ে প্ৰবলভাৱে গা কৰি উঠিছে। ইয়াৰ সকলোৰে মুলতে যে এই জগতৰ ঈশ্বৰ চয়তান অৰ্থাৎ দিয়াবল আৰু তাৰ অহঙ্কাৰপূৰ্ণ বিৰোধিতা মনোবৃত্তিয়ে গোটেই মানৱজাতিক অধিককৈ প্ৰভাৱিত কৰিছে, এই বিষয়ে বিবেচনা কৰি আমি অৱশ্যেই আচৰিত নহওঁ!—যোহন ৮:৪৪; ২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯.

২. আমি কেনে সতৰ্কবাণীক পালন কৰা উচিত আৰু এই বিষয়ে কেনে ধৰণৰ প্ৰশ্নসমূহ বিবেচনা কৰিব পাৰি?

২ যিহেতু আমি চয়তানৰ জগতত বাস কৰাৰ বাবে নিজকে তেনে মনোবৃত্তিৰ পৰা বিৰত ৰাখাটো অতি আৱশ্যক। প্ৰথম শতাব্দীত পাঁচনি পৌলে ইফিচীত থকা খ্ৰীষ্টানসকলক সোঁৱৰাই দি এইদৰে কৈছিল: “সেইবোৰত তোমালোকে, এই জগতৰ নিয়ম অনুসাৰে, আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ, অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন কৰোঁতা আত্মাৰ দৰে, আগেয়ে চলিছিলা; সেইবোৰৰ মাজত আমিও সকলোৱে আগেয়ে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি, নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ, আৰু আন সকলোৰ নিচিনা, স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ।” (ইফিচীয়া ২:২, ৩) বৰ্তমান সময়ত বহুতৰ বাবে শাস্ত্ৰৰ এই পদটো সঁচা প্ৰমাণিত হৈছে। গতিকে আমি কেনেকৈ কৃতজ্ঞতা মনোবৃত্তি দেখুৱাব পাৰোঁ? ইয়াৰ বাবে যিহোৱাই কেনে ধৰণৰ সহায় আগবঢ়াইছে? আমি যে সঁচাকৈ কৃতজ্ঞশীল তাক কেনে ব্যৱহাৰিকৰূপে প্ৰকাশ কৰিব পাৰোঁ?

কৃতজ্ঞ হোৱাৰ কাৰণসমূহ

৩. আমি কিহৰ বাবে যিহোৱাক ধন্যবাদ কৰা উচিত?

৩ আমাৰ সৃষ্টিকৰ্ত্তা আৰু জীৱন দিওঁতা যিহোৱা ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত, কিয়নো তেওঁ আমাক বহুতো উত্তম উপহাৰ প্ৰদান কৰিলে। (যাকোব ১:১৭) আমি জীয়াই থকাৰ বাবে যিহোৱাক সদায়ে ধন্যাবাদ কৰোঁ। (গীত ৩৬:৯) আমাৰ চাৰিওফালে থকা সৃষ্টিত, যেনে, সূৰ্য্য, চন্দ্ৰ আৰু তৰাসমূহত যিহোৱাৰ কাৰুকাৰ্য্যৰ প্ৰমাণ দেখিবলৈ পাওঁ। আমাৰ পৃথিৱীখনত জীৱন প্ৰতিপন্ন কৰি ৰাখিবলৈ খনিজ সম্পদ, বায়ুমণ্ডলত গেছজাতিয় পদাৰ্থসমূহে সঠিকভাৱে ভাৰসাম্য বজাই ৰাখা আৰু প্ৰকৃতিৰ জটিল চক্ৰবোৰে আমি আমাৰ প্ৰেমময় সৃষ্টিকৰ্ত্তাজনৰ প্ৰতি কৃতজ্ঞ হোৱাৰ কাৰণ দাঙি ধৰিছে। এই সন্দৰ্ভে ৰজা দায়ূদে নিজৰ গীতটিত এইদৰে উল্লেখ কৰিছিল: “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি; মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।”—গীত ৪০:৫.

৪. মণ্ডলীত উপভোগ কৰা উৎসাহজনক সঙ্গতিৰ বাবে আমি কিয় যিহোৱাক ধন্যবাদ দিয়া উচিত?

৪ যদিও যিহোৱাৰ সেৱকসকলে আজি প্ৰাকৃতিক পৰমদেশত নাই তথাপিও তেওঁলোকে আধ্যাত্মিক পৰমদেশত থাকি আনন্দ লাভ কৰিছে। ৰাজ্যগৃহ আৰু অধিৱেশন স্থানবোৰত আমি ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি তেওঁলোকত আত্মাৰ ফল কাৰ্য্যকৰী হোৱা দেখিবলৈ পাইছোঁ। আনকি বহুতো সাক্ষী ভাই-ভনীয়ে প্ৰচাৰ কাৰ্য্যত ধৰ্ম্মৰ প্ৰতি কিছুমাত্ৰাত আগ্ৰহী বা নাস্তিক বুলি কোৱা ব্যক্তিসকলক লগ পাই তেতিয়া তেওঁলোকে গালাতীয়ালৈ লিখা পাঁচনি পৌলৰ চিঠিখনত বৰ্ণনা কৰাৰ দৰে অনুভৱ কৰে। সৰ্ব্বপ্ৰথমে, তেওঁলোকে জগতত হোৱা “মাংসৰ কাৰ্য্যবোৰৰ” প্ৰতি ব্যক্তিসকলক মনোযোগ দি সেই বিষয়ে থকা তেওঁলোকৰ অভিমত কবলৈ আগ্ৰহ কৰে। (গালাতীয়া ৫:১৯-২৩) তেনে পৰিৱেশ আজিৰ সমাজখনত বিস্তাৰিতভাৱে দেখিবলৈ পোৱা যায় বুলি তেওঁলোকৰ বহুতে সন্মত হয়। যেতিয়া তেওঁলোকে স্থানীয় ৰাজ্যগৃহত উপস্থিত হয় আৰু আত্মাৰ ফল কাৰ্য্যকৰী হোৱা দেখে তেতিয়া বহুতে এনেদৰে প্ৰতিক্ৰিয়া দেখুৱাই: “নিশ্চয়ে তোমালোকৰ মাজত ঈশ্বৰ আছে।” (১ কৰিন্থীয়া ১৪:২৫) এনেধৰণৰ পৰিৱেশ কেৱল স্থানীয় ৰাজ্যগৃহতে সীমিত নহয় কিন্তু বিশ্বত থকা ৬০ লাখতকৈ অধিক যিহোৱাৰ সাক্ষীসকলৰ মাজত সেই একেই আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা যায়। বাস্তৱতে এনেধৰণৰ উৎসাহজনক সঙ্গতিয়ে হৈছে যিহোৱাৰ প্ৰতি কৃতজ্ঞতা হোৱাৰ এটা কাৰণ, যিজনে নিজৰ পবিত্ৰ আত্মা প্ৰদান কৰে।—চফনিয়া ৩:৯; ইফিচীয়া ৩:২০, ২১.

৫, ৬. ঈশ্বৰে দিয়া সকলোতকৈ মহান উপহাৰ অৰ্থাৎ যীচুৰ মুক্তিপণ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ?

৫ যিহোৱাই দিয়া সকলোতকৈ উত্তম আৰু সিদ্ধ উপহাৰ হৈছে তেওঁৰ একমাত্ৰ পুত্ৰ যীচু, যিজনে মুক্তিপণৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গ কৰিলে। এই বিষয়ে পাঁচনি যোহনে এইদৰে লিখিছিল: “ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।” (১ যোহন ৪:১১) আমি কেৱল এই মুক্তিপণ বলিদানৰ বাবে যিহোৱাৰ প্ৰতি প্ৰেম আৰু কৃতজ্ঞতা দেখুৱাওঁ এনে নহয়, কিন্তু তাৰ অনুসাৰে এনেধৰণৰ জীৱন-যাপন কৰোঁ যি আনলৈ প্ৰেম প্ৰতিফলিত কৰে।—মথি ২২:৩৭-৩৯.

৬ যিহোৱাই ইস্ৰায়েলৰ সৈতে কৰা আচৰণৰ সম্পৰ্কে আমি বিবেচনা কৰি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিষয়ে অধিককৈ শিকিব পাৰিম। মোচিৰ নিয়ম-ব্যৱস্থাৰ দ্বাৰা যিহোৱাই ইস্ৰায়েলজাতিক বহুতো উপদেশ প্ৰদান কৰিলে। “বিধানত জ্ঞানৰ আৰু সত্যৰ আকাৰ পোৱাত” আমি পাঁচনি পৌলে সঙ্গী অনুগামীসকললৈ দিয়া পৰামৰ্শই আমাক অধিককৈ শিকিবলৈ সহায় কৰে, যʼত তেওঁ এইদৰে কৈছিল: “কৃতজ্ঞ হোৱা।”—ৰোমীয়া ২:১৯; কলচীয়া ৩:১৫.

মোচিৰ নিয়ম-ব্যৱস্থাৰ পৰা তিনিটা শিক্ষা

৭. দশম ভাগ দিয়াৰ ব্যৱস্থাই কেনেকৈ যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ ইস্ৰায়েলজাতিক সুযোগ দিছিল?

৭ মোচিৰ নিয়ম-ব্যৱস্থাৰ দ্বাৰা যিহোৱাই তিনি প্ৰকাৰে প্ৰকাশ কৰিছিল যে কেনেকৈ ইস্ৰায়েলজাতিয়ে তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰিলেহেঁতেন। ইয়াৰ প্ৰথমটো আছিল দশম ভাগ। ভূমিৰ পৰা উৎপন্ন সকলো বস্তুৰ সৈতে ‘গৰু আৰু ছাগৰ জাকৰ আটাই দশম ভাগ যিহোৱাৰ উদ্দেশে পবিত্ৰ আছিল।’ (লেবীয়া পুস্তক ২৭:৩০-৩২) যেতিয়া ইস্ৰায়েলজাতিয়ে ঈশ্বৰৰ আজ্ঞা অনুসাৰে চলিছিল তেতিয়া তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিছিল। এই বিষয়ে ভৱিষ্যতবক্তা মলাখীয়ে এইদৰে কৈছিল: “মোৰ গৃহত আহাৰ হবৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশম ভাগ আনা; বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।”—মলাখী ৩:১০.

৮. স্বইচ্ছাৰে উৎসৰ্গ কৰা আৰু দশম ভাগৰ মাজত কেনে ভিন্নতা আছে?

৮ দ্বিতীয়তে, স্বইচ্ছাৰে দান কৰা। এই সম্বন্ধে যিহোৱাই নিৰ্দ্দেশনা দি মোচিক এইদৰে কʼবলৈ কৈছিল: “মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত, তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত যিহোৱাৰ উদ্দেশে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।” দৰাচলতে তেওঁলোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ “খৰচীয়া আটাৰ এটা পীঠা” পুৰুষানুক্ৰমে “যিহোৱাৰ উদ্দেশে উৎসৰ্গ” কৰিব লাগিছিল। মন কৰিবলগীয়া এই যে উৎসৰ্গ বা দান কৰাৰ বাবে প্ৰথম ফলৰ কোনো নিৰ্দ্দিষ্ট পৰিমাণৰ আৱশ্যকতা নাছিল। (গণনা পুস্তক ১৫:১৮-২১) কিন্তু যেতিয়া ধন্যবাদৰূপী দান কৰিলে তেতিয়া তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিছিল। একেইদৰে ভৱিষ্যতবক্তা যিহিষ্কেলে মন্দিৰৰ বিষয়ে দেখা দৰ্শনতো তেনে ব্যৱস্থা কৰা দেখিবলৈ পাইছিল। এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ-ভাগ, আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনী ভাগ পুৰোহিতবিলাকৰেই হব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ নিমিত্তে তুমি তোমাৰ খৰচীয়া শস্যৰ আগভাগ পুৰোহিতক দিবা।”—যিহিষ্কেল ৪৪:৩০.

৯. দাবৰ সময়ত সম্পূৰ্ণকৈ নহয় কিন্তু অলপ পৰিমাণৰ শস্য এৰি দিয়াৰ ব্যৱস্থা কৰি যিহোৱাই কেনে শিক্ষাদান কৰিলে?

৯ তৃতীয়টো হৈছে, শস্য দাওঁতে সম্পূৰ্ণকৈ নহয় কিন্তু তাৰ কিছু অংশ এৰি দিবলৈ যিহোৱাই কৰা ব্যৱস্থা। এই সম্পৰ্কে ঈশ্বৰে এইদৰে নিৰ্দ্দেশনা দিছিল: “তোমালোকে নিজ নিজ ভূমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য শেষ নথকাকৈ নাদাবা, আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা, আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ নিমিত্তে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।” (লেবীয়া পুস্তক ১৯:৯, ১০) শস্য কিমানকৈ এৰিব লাগিছিল তাৰ কোনো নিৰ্দ্দিষ্ট পৰিমাণ উল্লেখ কৰা নাছিল। ই প্ৰত্যেকজন ইস্ৰায়েল ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিছিল যে তেওঁ আৱশ্যকতা থকাসকলৰ বাবে কিমান এৰিব। এই বিষয়ে বুদ্ধিমান ৰজা চলোমনে এইদৰে কৈছিল: “যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব।” (হিতোপদেশ ১৯:১৭) এনে ব্যৱস্থাৰ যোগেদি যিহোৱাই আৱশ্যক থকাসকলৰ প্ৰতি সহানুভূতি আৰু বিবেচক হʼবলৈ এক শিক্ষাদান কৰিলে।

১০. ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে কেনে পৰিণামৰ সম্মুখীন হৈছিল?

১০ যিসকল ইস্ৰায়েল ব্যক্তিয়ে আজ্ঞাকাৰী হৈ দশম ভাগ উৎসৰ্গ, স্বইচ্ছাৰে দান আৰু দুখীয়াবিলাকৰ বাবে শস্য এৰি দিছিল তেওঁলোকক যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ প্ৰদান কৰিলে। কিন্তু যেতিয়া সেইবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাত বিফল হʼল তেতিয়া তেওঁলোকে যিহোৱাৰ অনুগ্ৰহ হেৰুৱালে। পৰিণামস্বৰূপে তেওঁলোকে দাসত্বৰ বন্দী হʼবলগীয়া হʼল। (২ বংশাৱলি ৩৬:১৭-২১) আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ?

কৃতজ্ঞতাৰ প্ৰতি থকা আমাৰ অভিব্যক্তি

১১. আমি কেনে মুখ্য প্ৰকাৰে যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

১১ আমি যিহোৱাক স্তুতি কৰা আৰু ধন্যবাদ জনোৱাৰ মুখ্য পদ্ধতিটো এটা অনুৰূপমূলক “উৎসৰ্গ” কৰাৰ সৈতে সন্মিলিত কৰিব পাৰোঁ। এইটো সঁচা যে আজি আমি মোচিৰ ব্যৱস্থাৰ অধীনত নাই আৰু সেইবাবে কোনো জন্তুক বলিৰূপে উৎসৰ্গ কৰাৰো প্ৰয়োজন নাই। (কলচীয়া ২:১৪) তথাপিও পাঁচনি পৌলে ইব্ৰী খ্ৰীষ্টানসকলক এনেদৰে উৎসাহিত কৰিছিল: “এতেকে আহাঁ, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।” (ইব্ৰী ১৩:১৫) আমি আমাৰ দক্ষতা আৰু ধন-সম্পত্তি প্ৰচাৰ কাৰ্য্য বা “সমাজবোৰৰ মাজত” ব্যৱহাৰ কৰাৰ দ্বাৰা প্ৰেমময় পিতৃ যিহোৱাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰিম। (গীত ২৬:১২) তেনেদৰে কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে যিদৰে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হৈছিল তাৰ পৰা আমি কি শিকিব পাৰিম?

১২. আমাৰ খ্ৰীষ্টান কৰ্তব্যৰ বিষয়ে মনত ৰাখি আমি দশম ভাগ ব্যৱস্থাৰ পৰা কি শিকিব পাৰোঁ?

১২ সৰ্ব্বপ্ৰথমে, আমি জানিব পাৰিলোঁ যে দশম ভাগ ব্যৱস্থা কোনো বিকল্পিত নাছিল; প্ৰত্যেকজন ইস্ৰায়েল ব্যক্তিয়ে ইয়াক পালন কৰাটো এটা কৰ্তব্য আছিল। ঠিক একেইদৰে প্ৰকৃত খ্ৰীষ্টান হোৱাৰ নিমিত্তে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু সভাত উপস্থিত থকাটো আমাৰ কৰ্তব্য। এই কাৰ্য্যবোৰৰ কোনো বিকল্প নাই। এই জগতখনৰ শেষ হোৱাৰ বিষয়ে কৰা প্ৰমুখ ভৱিষ্যতবাণীত যীচুৱে এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪; ২৮:১৯, ২০) খ্ৰীষ্টান সভাবোৰৰ সম্বন্ধে পাঁচনি পৌলে এইদৰে লিখিবলৈ প্ৰেৰিত হৈছিল: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৪, ২৫) আমি আনন্দেৰে নিয়মিতৰূপে প্ৰচাৰ, শিক্ষাদান কৰা, সঙ্গী ভাই-ভনীসকলৰ সৈতে কৰা সঙ্গতিক গম্ভীৰভাৱে বিবেচনা কৰি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা হোৱাৰ প্ৰমাণ আৰু ইয়াক এক বিশেষাধিকাৰ আৰু সন্মানীয় বিষয় বুলি দৃষ্টি কৰিব পাৰোঁ।

১৩. স্বইচ্ছাৰে দান কৰা আৰু দাবৰ সময়ত এৰি যোৱা শস্যৰ সম্পৰ্কে কৰা ব্যৱস্থাৰ পৰা আমি কি শিকিব পাওঁ?

১৩ তদুপৰি আমি স্বইচ্ছাৰে দান কৰা আৰু দাবৰ সময়ত অলপমাত্ৰাত শস্য এৰি দিয়া, এই দুটা প্ৰবন্ধৰ বিষয়ে বিবেচনা কৰিও লাভৱান হʼব পাৰোঁ। দশম ভাগ ব্যৱস্থাৰ তুলনাত স্বইচ্ছাৰে দান কৰা আৰু দাবৰ সময়ত এৰি যোৱা শস্যৰ পৰিমাণৰ সম্পৰ্কে কোনো ধৰা-বন্ধা নিয়ম নাছিল। ইয়াৰ পৰিৱৰ্তে এজন সেৱকে নিজৰ হৃদয়ত গভীৰ কৃতজ্ঞতাৰ মনোবৃত্তি বিকশিত কৰিব লাগিছিল, যিয়ে তেওঁক কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে। তুলনাত্মকভাৱে, যিহোৱাৰ প্ৰত্যেকজন সেৱকৰ বাবে প্ৰচাৰ কাৰ্য্য আৰু সভাত উপস্থিত থকাটো হৈছে এক অপৰিহাৰ্য্য কৰ্তব্য। কিন্তু আমি স্বইচ্ছা আৰু সম্পূৰ্ণ হৃদয়েৰে সেই কৰ্তব্য পালন কৰোঁনে? সেইবোৰক আমি এনেদৰে দৃষ্টি কৰোঁনে যে যিহোৱাই আমাৰ বাবে যি কৰিলে তাৰ প্ৰতি হৃদয়েৰে কৃতজ্ঞ হোৱাত ই এক সুযোগ প্ৰদান কৰে? এই কাৰ্য্যবোৰত আমাৰ পৰিস্থিতিৰ অনুসাৰে উদাৰভাৱে ভাগ লওঁনে? অথবা আমি সেইবোৰক কেল কৰ্তব্য হিচাবে দৃষ্টি কৰি সেইবোৰৰ পৰা অব্যাহতি লবলৈ বিচাৰোনে? অৱশ্যেই আমি ব্যক্তিগতভাৱে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰতিজনে নিজৰ কৰ্ম্মৰ পৰীক্ষা কৰক; তেহে তেওঁ, অন্যৰ কথাত নহয়, নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব।”—গালাতীয়া ৬:৪.

১৪. আমি কৰা সেৱাত যিহোৱাই কি অপেক্ষা কৰে?

১৪ আমাৰ পৰিস্থিতিৰ বিষয়ে যিহোৱাই ভালদৰে জানে। তেওঁ আমাৰ পৰিসীমাৰ বিষয়েও জানে। তেওঁৰ সেৱকসকলে সৰু বা বৃহৎ মাত্ৰাত স্বইচ্ছাৰে কৰা ত্যাগৰ প্ৰতি তেওঁ মূল্যাঙ্কন দেখুৱায়। তেওঁ কেতিয়াও সকলোৰে পৰা একে পৰিমাণে পোৱাটো অপেক্ষা নকৰে। কিয়নো আমিও তেনেদৰে কৰিব নোৱাৰো। পাঁচনি পৌলে ভৌতিক বস্তু দান কৰাৰ সম্বন্ধে কৰিন্থীয়া মণ্ডলীৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “যদি প্ৰস্তুততা থাকে, তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য হয়।” (২ কৰিন্থীয়া ৮:১২) এই সিদ্ধান্তটো আমি কৰা যিহোৱাৰ সেৱাতো একেইভাৱে প্ৰযোজ্য হয়। আমি কৰা গ্ৰহণযোগ্য সেৱা, সময়ৰ ওপৰত নহয় কিন্তু আনন্দেৰে আৰু সম্পূৰ্ণ মনেৰে কৰাৰ ওপৰতহে নিৰ্ভৰ কৰে।—গীত ১০০:১-৫; কলচীয়া ৩:২৩.

অগ্ৰগামী মনোবৃত্তি বিকশিত আৰু বজাই ৰাখক

১৫, ১৬. (ক) অগ্ৰগামী সেৱাকাৰ্য্য আৰু কৃতজ্ঞতা দেখুৱাৰ মাজত কেনে সম্পৰ্ক আছে? (খ) যিসকলে অগ্ৰগামী সেৱাকাৰ্য্যত ভাগ লব নোৱাৰে তেওঁলোকে কেনেকৈ অগ্ৰগামী মনোবৃত্তি দেখুৱাব পাৰে?

১৫ যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এটা ফলদায়ক পদ্ধতি হৈছে পূৰ্ণ-সময়ৰ প্ৰচাৰ সেৱাত জড়িত হোৱা। বহুতো সমৰ্পিত প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু কৃতজ্ঞতাৰে প্ৰেৰিত হৈ নিজৰ জীৱনত সাল-সলনি কৰি পূৰ্ণ-সময়ৰ প্ৰচাৰক হʼব পাৰিছে। তেওঁলোকৰ কিছুমানে নিয়মিত অগ্ৰগামী হৈ প্ৰচাৰ আৰু শিক্ষাদান কৰা কাৰ্য্যত প্ৰত্যেক মাহে গড় হিচাপে ৭০ ঘন্টা সময় অতিবাহিত কৰিছে। অন্যসকলে পৰিস্থিতিৰ অনুসাৰে মাজে-সময়ে সহযোগী অগ্ৰগামী হিচাবে ৫০ ঘন্টা সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছে।

১৬ যিসকলে নিয়মিত বা সহযোগী অগ্ৰগামী হিচাবে সেৱা কৰিব পৰা নাই তেওঁলোকৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকেও অগ্ৰগামী মনোবৃত্তি বিকশিত আৰু বজাই ৰাখি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰে। কেনেকৈ দেখুৱাব পাৰে? অগ্ৰগামী কৰিব পৰা সকলক উৎসাহিত কৰা, নিজৰ লʼৰা-ছোৱালীত তেনে ভাৱনা জগাই তুলা আৰু প্ৰচাৰ কাৰ্য্যত পৰিশ্ৰমী হোৱাৰ দ্বাৰা তেনে কৰিব পাৰে। যিহোৱাই অতীতত যি কৰিলে, বৰ্তমানে যি কৰিছে আৰু ভৱিষ্যতে যি কৰিব তাৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাৰ ওপৰত পৰিচৰ্য্যা কাৰ্য্য নিৰ্ভৰ কৰে।

‘বহুমূল্য সম্পত্তিৰে’ কৃতজ্ঞতা প্ৰকাশ কৰা

১৭, ১৮. (ক) আমি কেনেকৈ নিজৰ ‘বহুমূল্য সম্পত্তিৰে’ যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ? (খ) বিধৱাগৰাকীয়ে দিয়া দানৰ প্ৰতি যীচুৱে কেনে মূল্যাঙ্কন দেখুৱালে আৰু কিয়?

১৭ হিতোপদেশ ৩:৯ পদত এইদৰে কৈছে: “তোমাৰ সম্পত্তিৰে যিহোৱাক আদৰ কৰা, আৰু তোমাৰ সকলো আয়ৰ আগ ভাগেৰে যিহোৱাক সন্মান কৰা।” যিহেতু আজি যিহোৱাৰ সেৱকসকলে দশম ভাগ ব্যৱস্থাৰ অধীনত নাই। গতিকে পাঁচনি পৌলে কৰিন্থীয়াৰ খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” (২ কৰিন্থীয়া ৯:৭) আমি বিশ্বব্যাপী শুভবাৰ্ত্তা কাৰ্য্যৰ বাবে স্বইচ্ছাৰে দান কৰাৰ দ্বাৰা কৃতজ্ঞতা দেখুৱাব পাৰোঁ। আন্তৰিক মূল্যাঙ্কনে আমাক প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে কিছু মাত্ৰাত ধন আছুতীয়াকৈ ৰাখি নিয়মিত বা সপ্তাহিকভাৱে দান কৰিবলৈ প্ৰেৰিত কৰে।—১ কৰিন্থীয়া ১৬:১, ২.

১৮ আমি দান কৰা পৰিমাণে যে যিহোৱাৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰে এনে নহয়, ইয়াৰ পৰিৱৰ্তে আমি যি মনোবৃত্তিৰে দান কৰোঁ সেয়েহে গুৰুত্বপূৰ্ণ। এই বিষয়ে যীচুৱে মন্দিৰৰ দানপাত্ৰত দান কৰা লোকসকলৰ মনোবৃত্তিক লক্ষ্য কৰিছিল। যেতিয়া এগৰাকী বিধৱা স্ত্ৰীয়ে “দুই পাই” দান কৰা দেখিছিল তেতিয়া তেওঁ এইদৰে কৈছিল: “মই তোমালোকক সঁচাকৈ কওঁ, সেই আটাইবিলাকতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিককৈ দিলে। কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত ধনৰ পৰা দান দিলে; কিন্তু তেওঁৰ নাটনি হোৱাতো, জীৱিকা লৈ যি আছিল, সেই আটাইখিনি দিলে।”—লূক ২১:১-৪.

১৯. আমি যি ধৰণে যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ তাক পুনৰ নিৰীক্ষণ কৰাটো কিয় উত্তম?

১৯ এতেকে এই লেখটোৰ অধ্যয়নৰ দ্বাৰা কেনেকৈ যিহোৱাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰি তাক পুনৰ নিৰীক্ষণ কৰিবলৈ প্ৰেৰিত হওঁহঁক। যিহোৱাক স্তুতি কৰিবলৈ আমি অধিক ত্যাগ আৰু বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ অধিককৈ দান কৰিব পাৰোঁনে? পৰিস্থিতিৰ অনুসাৰে যিমানলৈকে তেনে কৰিবলৈ চেষ্টা কৰোঁ, আমি নিশ্চিত হʼব পাৰিম যে আমাৰ পিতৃ যিহোৱালৈ প্ৰকাশ কৰা কৃতজ্ঞতাৰ বাবে অৱশ্যেই তেওঁৰ মন আনন্দিত হʼব। (w03 12/01)

আপোনাৰ মনত আছেনে?

• আমি কিহৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱা উচিত?

• আমি দশম ভাগ, স্বইচ্ছাৰে দান কৰা আৰু দাবৰ সময়ত এৰি দিয়া শস্যৰ ব্যৱস্থাৰ পৰা কেনে শিক্ষা শিকিব পাৰোঁ?

• আমি কেনেকৈ অগ্ৰগামী মনোবৃত্তি দেখুৱাব পাৰোঁ?

• আমি কেনেকৈ ‘বহুমূল্য সম্পত্তি’ ব্যৱহাৰ কৰি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

“সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়”

[১৬ পৃষ্ঠাৰ ছবিসমূহ]

আমি মোচিৰ নিয়ম-ব্যৱস্থাৰ পৰা কেনে তিনি প্ৰকাৰৰ শিক্ষাৰ বিষয়ে শিকিব পাৰোঁ

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

আমি কেনে ধৰণৰ উৎসৰ্গ কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক