ঈশ্বৰৰ লোকসকলে দয়াক প্ৰেম কৰা উচিত
“ন্যায় কাৰ্য্য কৰাৰ, দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?”—মীখা ৬:৮.
১, ২. (ক) আমি আনৰ সৈতে দয়াৰে আচৰণ কৰাৰ বিষয়ে যিহোৱাই অপেক্ষা কৰাটো কিয় যুক্তিসঙ্গত? (খ) দয়া গুণটোৰ সম্বন্ধে উঠা কেনে প্ৰশ্নবোৰ বিবেচনা কৰা উচিত?
যিহোৱা হৈছে এজন দয়ালু ঈশ্বৰ। (ৰোমীয়া ২:৪; ১১:২২) এইবাবে প্ৰথম মানৱ দম্পত্তি আদম আৰু হৱাই অধিক কৃতজ্ঞতা অনুভৱ কৰা নাছিলনে বাৰু! তেওঁলোকে থকা বাগিছাখনত ঈশ্বৰে কৰা দৃশ্যমান বস্তুৰ সৃষ্টিৰে পূৰ্ণ হৈ আছিল, যিয়ে মানৱৰ প্ৰতি দেখুৱা ঈশ্বৰৰ দয়াৰ প্ৰমাণ আৰু তেওঁলোকৰ মন আনন্দিত কৰিছিল। আজিও ঈশ্বৰে একেৰাহে অকৃতজ্ঞ আৰু দুষ্ট লোকসকলৰ প্ৰতি দয়া দেখুৱালৈ এৰি দিয়া নাই।
২ যিহেতু মানৱক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰাৰ বাবে তেওঁলোকে এই গুণটোক প্ৰতিফলিত কৰিব পাৰে। (আদিপুস্তক ১:২৬) গতিকে যিহোৱাই বিচাৰে যে আমি যাতে আনৰ সৈতে দয়াৰে আচৰণ কৰোঁ। আনকি মীখা ৬:৮ পদত কৈছে যে ঈশ্বৰৰ লোকসকলে “দয়া ভাল” পোৱা উচিত। আচলতে, দয়া বুলি উল্লেখ কৰা গুণটো কি? ই কেনেকৈ ঈশ্বৰৰ আন গুণবোৰৰ সৈতে জড়িত আছে? যিহেতু মানৱত এই গুণটো প্ৰকাশ কৰা ক্ষমতা থকাৰ স্বত্বেও আজি জগতখন কিয় ইমান নিষ্ঠুৰতাৰে ভৰি পৰিছে? প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে আমি কিয় আনৰ সৈতে দয়াৰে আচৰণ কৰা উচিত?
দয়া গুণটো কি?
৩. আপুনি দয়া গুণটোক কেনেকৈ বৰ্ণনা কৰিব?
৩ আনৰ হিতৰ প্ৰতি সক্ৰিয়ভাৱে আগ্ৰহী হোৱাৰ যোগেদি দয়াৰ গুণটো প্ৰকাশ কৰিব পাৰি। এই গুণটো কাৰোবাৰ প্ৰতি কৰা উপকাৰমূলক কাৰ্য্য আৰু বিবেচনাশীল হোৱাৰ দ্বাৰা দেখুৱা হয়। আচলতে দয়ালু হোৱাৰ অৰ্থ হৈছে কোনো এজনৰ হানিৰ পৰিৱৰ্তে হিতজনক কাৰ্য্য কৰা। এজন দয়ালু ব্যক্তিৰ বৈশিষ্ট্য হৈছে উদাৰ, নম্ৰ আৰু সমবেদনাশীল। তেওঁ সদায়েই আনৰ প্ৰতি উদাৰমন আৰু বিবেচনাশীল মনোবৃত্তি ৰাখে। এই সন্দৰ্ভে পাঁচনি পৌলে খ্ৰীষ্টানসকলক এইদৰে পৰামৰ্শ দিছিল: “ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।” (কলচীয়া ৩:১২) তেনেহʼলে দয়া হৈছে সকলো প্ৰকৃত খ্ৰীষ্টানে পিন্ধা লাক্ষণিক পোছাকৰ এক অপৰিহাৰ্য্য অংশ।
৪. যিহোৱাই কেনেকৈ মানৱজাতিৰ প্ৰতি দয়া দেখুৱাবলৈ আগভাগ লʼলে?
৪ এই গুণটো প্ৰকাশ কৰিবলৈ সৰ্ব্বপ্ৰথমে যিহোৱাই আগভাগ লʼলে। পাঁচনি পৌলৰ অনুসাৰে, “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ মধুৰ স্বভাৱ, আৰু মনুষ্যজাতিলৈ প্ৰেম প্ৰকাশিত হল,” যাতে “তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ” কৰে। (তীত ৩:৪, ৫) ঈশ্বৰে যীচুৰ বলিদানৰ দ্বাৰা অভিষিক্ত খ্ৰীষ্টানসকলক পাপৰ মলিনতাৰ পৰা পৰিষ্কাৰ কৰিলে। আনকি তেওঁলোকক পবিত্ৰ আত্মাৰ দ্বাৰা নতুন কৰি অভিষিক্ত সন্তান হিচাবে “নতুন সৃষ্টি” কৰিলে। (২ কৰিন্থীয়া ৫:১৭) তদুপৰি ঈশ্বৰে তেওঁৰ দয়া আৰু প্ৰেম ‘এক বৰ লোকসমূহক’ দেখুৱালে যিসকলে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।”—প্ৰকাশিত বাক্য ৭:৯, ১৪; ১ যোহন ২:১, ২.
৫. ঈশ্বৰৰ পবিত্ৰ আত্মাৰে পৰিচালিত হোৱা সকলে কিয় দয়া গুণটোক প্ৰতিফলিত কৰা উচিত?
৫ আনকি দয়া গুণটো পবিত্ৰ আত্মাৰো এক ভাগ। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলো আত্মাৰ ফল; এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।” (গালাতীয়া ৫:২২, ২৩) তেন্তে ঈশ্বৰৰ পবিত্ৰ আত্মাৰে পৰিচালিত হোৱা সকলে এই গুণটো প্ৰতিফলিত কৰাটো উচিত নহʼবনে?
দয়ালু হোৱাৰ অৰ্থ দুৰ্ব্বলতাৰ পৰিচয় নহয়
৬. কেতিয়া দয়াৰ গুণটোক দুৰ্ব্বল বুলি কোৱা হয় আৰু কিয়?
৬ কিছুমানে ভাবে যে দয়ালু হোৱা মানে দুৰ্ব্বলতা প্ৰকাশ কৰা। তেওঁলোকৰ অনুসাৰে এজন ব্যক্তিয়ে কঠোৰ মন ৰাখা উচিত, যাতে আনে তেওঁ কেনে ধৰণৰ ব্যক্তি তাক বুজিব পাৰে। আচলতে প্ৰকৃত দয়া দেখুৱালৈ এজন ব্যক্তিক সহনশীল হোৱা উচিত। যিহেতু প্ৰকৃত দয়া হৈছে পবিত্ৰ আত্মাৰ এটা ফল, যাৰ অৰ্থ কোনো ভয়াতুৰ হোৱা আৰু বেয়া আচৰণক সহন কৰাটো নুবুজায়। আনহাতে, অনুচিত দয়া হৈছে দুৰ্ব্বল যি ভুলকাৰ্য্যৰ প্ৰতি সহনশীল হয়।
৭. (ক) এলীয়ে কেনেকৈ অনুচিত দয়া দেখুৱাইছিল? (খ) প্ৰাচীনসকলে কিয় অনুচিত দয়া নেদেখুৱাবলৈ সতৰ্ক হোৱা উচিত?
৭ উদাহৰণস্বৰূপে, ইস্ৰায়েলৰ মহা-পুৰোহিত এলীৰ বিষয়ে বিবেচনা কৰক। তেওঁ নিজৰ দুজন পুতেক হফ্নী আৰু পীনহচক অনুশাসন দিয়াত অৱহেলা কৰিলে। সেই দুজন পুতেকে মন্দিৰত পুৰোহিত হিচাবে কাৰ্য্য কৰিছিল। ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে বলিদানৰ যিমান অংশ তেওঁলোকে পাব বুলি কৈছিল, সেই অংশৰ পৰিমাণত তেওঁলোক সন্তুষ্ট হোৱা নাছিল। তেওঁলোকে নিজৰ এজন দাসক বেদিত বলিদান কৰা মেৰ বা ছাগৰ চৰ্বী উৎসৰ্গ কৰাৰ পূৰ্বেই বলিদান কৰা ব্যক্তিজনৰ পৰা জন্তুটোৰ মঙহ বলেৰে আনিবলৈ পঠিয়াইছিল। তদুপৰি এলীৰ সেই দুজন পুতেক অসৎ চৰিত্ৰৰ ব্যক্তি আছিল। তেওঁলোকে মন্দিৰত পৰিচৰ্য্যা কৰা তিৰোতাবিলাকৰ সৈতে ব্যভিচাৰ কৰিছিল। হফ্নী আৰু পীনহচৰ এনে কাৰ্য্যত তেওঁলোকৰ পিতৃ এলীয়ে তেওঁলোকক মন্দিৰৰ পৰা বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে কেৱল মৃদুভাৱে গৰিহণা কৰিছিল। (১ চমূৱেল ২:১২-২৯) যিহেতু সেই সময়ত “যিহোৱাৰ বাক্য দুৰ্লভ” হোৱাৰ বাবে তেনে হৈছিল! (১ চমূৱেল ৩:১) গতিকে বৰ্তমান সময়ৰ খ্ৰীষ্টান প্ৰাচীনসকলে কোনো দোষী ব্যক্তিৰ প্ৰতি অনুচিত দয়া নেদেখুৱাবলৈ সতৰ্ক হোৱা উচিত অন্যথা মণ্ডলীৰ আধ্যাত্মিকতা বিপদত পৰিব পাৰে। আনহাতে, প্ৰকৃত দয়াই কেতিয়াও অহিতকাৰক বাক্য আৰু কাৰ্য্যক সহন নকৰে।
৮. যীচুৱে কেনেকৈ প্ৰকৃত দয়া দেখুৱালে?
৮ সকলোতকৈ উত্তম আৰ্হি ৰখা মহান শিক্ষক যীচুৱে কেতিয়াও অনুচিত দয়া দেখুৱা নাছিল। প্ৰকৃত দয়া দেখুৱাৰ সম্পৰ্কে তেওঁ এক শ্ৰেষ্ঠ আৰ্হি ৰাখিলে। উদাহৰণস্বৰূপে, তেওঁ ‘ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হোৱা লোকসকলক দেখি অতি সমবেদনাশীল হৈছিল।’ তদুপৰি তেওঁ শিশুবিলাকক কোলাত লৈ, সিহঁতৰ গাত হাত দি আশীৰ্ব্বাদ কৰাৰ’ দ্বাৰা প্ৰতিফলিত কৰা দয়া আৰু সহানুভুতিৰ বিষয়েও বিবেচনা কৰক। (মথি ৯:৩৬; মাৰ্ক ১০:১৩-১৬) এজন দয়ালু ব্যক্তি হোৱাৰ স্বত্ত্বেও তেওঁ সদায়ে নিজৰ স্বৰ্গীয় পিতৃৰ দৃষ্টিত যি সঠিক তাৰ প্ৰতি দৃঢ় আছিল। তেওঁ কেতিয়াও বেয়াক সহন কৰা নাছিল। বৰঞ্চ, ঈশ্বৰৰ পৰা লাভ কৰা শক্তিৰ দ্বাৰা সাহসী হৈ তেওঁ কপটীয়া ধৰ্ম্মগুৰুসকলক তেওঁলোকে কৰা কাৰ্য্যৰ বাবে স্পষ্টকৈ অভিযুক্ত কৰিছিল। সেই সম্পৰ্কে মথি ২৩:১৩-২৬ পদত তেওঁ সঘনাই কোৱা বাক্যশাৰীক এইদৰে পঢ়িবলৈ পোৱা যায়: “হায় হায় কপটীয়া অধ্যাপক আৰু ফৰীচীবিলাক!”
দয়া আৰু ঈশ্বৰীয় আন গুণসমূহ
৯. দয়া গুণটো কেনেকৈ চিৰসহিষ্ণুতা আৰু মঙ্গলভাবৰ সৈতে সম্পৰ্ক আছে?
৯ পবিত্ৰ আত্মাৰ দ্বাৰা উৎপন্ন হোৱা অন্য গুণসমূহৰ সৈতে দয়া গুণটোৰ সম্পৰ্ক আছে। এই গুণটো “চিৰসহিষ্ণুতা” আৰু “মৃদু-ভাবৰ” সৈতে প্ৰকাশ পাইছে। দয়া গুণটো বিকশিত কৰা এজন ব্যক্তিয়ে চিৰসহিষ্ণুতা হৈ এই গুণটো প্ৰতিফলিত কৰি দেখুৱাই। আনকি তেওঁ নিৰ্দয়তা হোৱাৰ পৰিস্থিতো সহনশীল হয়। যিহেতু দয়া গুণটো মঙ্গলভাবৰ সৈতে সম্পৰ্ক থকাৰ কাৰণে সদায়ে আনৰ হিতৰ বাবে উপকাৰমূলক কাৰ্য্য কৰে। বাইবেলত উল্লেখ কৰা গ্ৰীক ভাষাৰ “দয়া” শব্দটো কেতিয়াবা “মঙ্গলভাব” বুলিও অনুবাদ কৰা হৈছে। টাৰ্টুলিয়ানৰ অনুসাৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ মাজত এই গুণটো অধিককৈ দেখিবলৈ পোৱাৰ বাবে তাত থকা মুৰ্ত্তিপূজকসকলে তেওঁলোকক ‘দয়াৰে গঠিত লোক’ বুলি আখ্যা দিছিল।
১০. দয়া গুণটো প্ৰেমৰ সৈতে কেনেকৈ সংযোগ হৈ আছে?
১০ দয়া আৰু প্ৰেমৰ মাজত এক সম্পৰ্ক আছে। এই বিষয়ে যীচুৱে নিজৰ শিষ্যবিলাকক সম্বোধিত কৰি এইদৰে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) তদুপৰি পাঁচনি পৌলেও এইদৰে কৈছিল: “প্ৰেমে অনেক দিন সহে, মৰমো কৰে।” (১ কৰিন্থীয়া ১৩:৪) দয়া গুণটো শাস্ত্ৰীয় পদবোৰত বাৰম্বাৰভাৱে উল্লেখ কৰা “প্ৰেমপূৰ্বক দয়াৰ” সৈতেও সম্পৰ্ক আছে। আচলতে এই গুণটো আনুগত্য প্ৰেমৰ পৰা উৎপন্ন হৈছে। আনকি হিব্ৰু বিশেষ্য পদ “প্ৰেমপূৰ্বক দয়া” শব্দটোৱে স্নেহ দেখুৱাতকৈ অধিক অৰ্থ ৰাখে। এই ধৰণৰ দয়া কোনো এক বস্তুৰ সৈতে তাৰ উদ্দেশ্য পূৰ্ণ নোহোৱালৈকে আপোনা-আপুনিকৈ সংযোজিত হৈ থাকে। যিহোৱাৰ আনুগত্য প্ৰেম বহুধৰণে প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে, এই গুণটো তেওঁ নিৰাপত্তা দিয়া আৰু উদ্ধাৰ কৰা কাৰ্য্যৰ সম্বন্ধে দেখিবলৈ পোৱা যায়।—গীত ৬:৪; ৪০:১১; ১৪৩:১২.
১১. ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াই আমাক কেনে আশ্বাস দিছে?
১১ যিহোৱাই প্ৰকাশ কৰা প্ৰেমপূৰ্বক দয়াৰ বাবে লোকসকলে তেওঁৰ কাষ চাপে। (যিৰিমিয়া ৩১:৩) উদাহৰণস্বৰূপে, তেওঁৰ উপাসকবিলাকে ভালকৈ জানে যে যিহোৱাই বিপদৰ সময়ত তেওঁলোকক অৱশ্যেই প্ৰেমপূৰ্বক দয়া দেখুৱাব। সেইবাবে তেওঁলোকে বিশ্বাসেৰে গীতমালা ৰচোঁতাজনৰ দৰে প্ৰাৰ্থনা কৰিব পাৰে, যʼত তেওঁ এইদৰে কৈছিল: “মই হলে তোমাৰ [প্ৰেমপূৰ্বক, NW] দয়াত বিশ্বাস কৰিছোঁ; মোৰ মন তোমাৰ পৰিত্ৰাণত আনন্দিত হব।” (গীত ১৩:৫) যিহেতু ঈশ্বৰে আনুগত্য প্ৰেম দেখুৱাৰ বাবে তেওঁৰ সেৱকবিলাকে তেওঁত সম্পূৰ্ণ ভাৰসা ৰাখিব পাৰে। তদুপৰি তেওঁলোকক এনেধৰণে আশ্বাস দিয়া হৈছে: “যিহোৱাই নিজ প্ৰজাবিলাকক ত্যাগ নকৰিব, আৰু নিজ আধিপত্য নেৰিব।”—গীত ৯৪:১৪.
এই জগতখন ইমান নিষ্ঠুৰ কিয়?
১২. চয়তানৰ ক্ৰুৰতাপূৰ্বক শাসন কেতিয়া আৰু কেনেকৈ আৰম্ভ হʼল?
১২ এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হʼলে এদন বাগিছাত ঘটা ঘটনাটোৰ বিষয়ে বিবেচনা কৰা আৱশ্যক। মানৱ ইতিহাস আৰম্ভ হোৱা কিছু সময়ৰ পিছত ঈশ্বৰৰ এজন আত্মিক প্ৰাণীয়ে নিজেই এই জগতৰ শাসক হোৱাৰ ইচ্ছা পূৰণ কৰিবলৈ এক স্বাৰ্থপৰ আঁচনি বনালে। সেই আঁচনিত সফলতা লাভ কৰি সি অৱশ্যেই ‘এই জগতৰ অধিপতি’ হৈ এক অত্যাচাৰী শাসক হৈছিল। (যোহন ১২:৩১) পিছলৈ সি দিয়াবল চয়তান আৰু ঈশ্বৰ আৰু মানৱৰ প্ৰমুখ শত্ৰু হিচাবে জনাজাত হৈ পৰিল। (যোহন ৮:৪৪; প্ৰকাশিত বাক্য ১২:৯) যিহোৱাৰ শাসন-প্ৰণালীৰ বিৰোদ্ধে সি ৰচা ষড়যন্ত্ৰ প্ৰথম মানৱ স্ত্ৰী হৱাৰ সৃষ্টি হোৱাৰ কিছু সময়ৰ পিছতেই স্পষ্টকৈ প্ৰকাশ পালে। যিদিনা আদমে ঈশ্বৰৰ পৰা স্বাধীন আৰু তেওঁৰ দয়াক ত্যাগ কৰি নিজ ইচ্ছাৰ অনুসাৰে চলিবলৈ বাছি লʼলে, সেইদিনাৰে পৰা অন্যায়পূৰ্ণ শাসন আৰম্ভ হʼল। (আদিপুস্তক ৩:১-৬) আচলতে তেওঁলোক স্বাধীন নহয় কিন্তু চয়তানৰ স্বাৰ্থপৰ ইচ্ছা আৰু শাসনৰ অধীন হৈ পৰিল।
১৩-১৫. (ক) যিহোৱাৰ ধাৰ্ম্মিক শাসন-প্ৰণালীৰ বিৰোদ্ধে যোৱাৰ বাবে কেনে পৰিণামসমূহ দেখিবলৈ পোৱা গৈছে? (খ) এই জগতখনৰ পৰিস্থিতি কিয় ইমান নিষ্ঠুৰ হৈ পৰিল?
১৩ তাৰ কিছুমান পৰিণামৰ বিষয়ে বিবেচনা কৰক। প্ৰথমতে আদম আৰু হৱাক এদন বাগিছাৰ পৰা বহিষ্কাৰ কৰা হʼল। তেওঁলোকক এনে এক অৱস্থাৰ পৰা বহিষ্কাৰ কৰা হʼল যʼত কোনো প্ৰকাৰৰ পৰিশ্ৰম কৰাৰ আৱশ্যক নাছিল। কিন্তু বাগিছাখনৰ বাহিৰৰ পৰিস্থিত একেবাৰে ভিন্ন আছিল। এই বিষয়ে ঈশ্বৰে আদমক এইদৰে কৈছিল: “যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে, তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে; তুমি জীৱনৰ গোটেই কালত, দুঃখেৰে তাৰ পৰা খাবলৈ পাবা; কাঁইট আৰু কাঁইটীয়া বন সি তোমালৈ উৎপন্ন কৰিব।” ভূমি অভিশপ্ত হোৱাৰ অৰ্থ আছিল যে আদমে অতি কষ্টৰে শষ্য উৎপন্ন কৰিব লাগিব। এনে কাঁইট আৰু কাঁইটীয়া বন ভৰি থকা অভিশপ্ত ভূমিত শষ্য উৎপন্ন কৰাটো সঁচাকৈ এক কষ্টদায়ক কাৰ্য্য, সেই বিষয়ে আদমৰ বংশজ অৰ্থাৎ নুহৰ পিতৃ লেমকেও স্বীকাৰ কৰিছিল যে ‘যিহোৱাই শাও দিয়া ভূমিৰ কাৰণে তেওঁলোকৰ শ্ৰম আৰু হাতৰ ক্লেশ হৈছিল।’—আদিপুস্তক ৩:১৭-১৯; ৫:২৯.
১৪ তদুপৰি আদম আৰু হৱাই পীড়া বা বেদনাৰ বাবে অশান্তি ভুগীবলগীয়া হৈছিল। এই সন্দৰ্ভে যিহোৱাই হৱাক এইদৰে কৈছিল: “মই তোমাৰ গৰ্ভ-বেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব, আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব।” পিছলৈ আদমৰ জেষ্ঠ পুত্ৰ কয়িনে নিজৰ ভায়েক হাবিলক বধ কৰি এক ক্ৰুৰতাপূৰ্ণ কাৰ্য্য কৰিলে।—আদিপুস্তক ৩:১৬; ৪:৮.
১৫ পাঁচনি যোহনে কৈছিল যে, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) সেইদৰে আজিৰ জগতখনত তাৰ শাসকৰ দৰে লোকসকলৰ মাজত স্বাৰ্থপৰ আৰু অহঙ্কাৰপূৰ্ণ ভাৱনা দেখিবলৈ পোৱা যায়। সেয়েহে জগতখন ইমান নিষ্ঠুৰতালৈ ঢাল খালে বুলি কোৱাটো কোনো আচৰিত বিষয় নহʼব! কিন্তু জগতখন সদায়ে এনেদৰে নাথাকিব। যিহোৱাৰ ৰাজ্যৰ অধীনত তেওঁৰ ইচ্ছাৰ অনুসৰি বৰ্তমান বিদ্যমান হোৱা ক্ৰুৰ আৰু কঠোৰতা পৰিস্থিতিৰ বিপৰীতে নিশ্চিতভাৱে দয়া আৰু সমবেদনা পৰিস্থিতিলৈ পৰিণত হʼব।
ঈশ্বৰৰ ৰাজ্যৰ অধীনত দয়া ব্যাপকভাৱে প্ৰকাশ পাব
১৬. যীচুৱৰ দ্বাৰা পৰিচালিত হোৱা ঈশ্বৰৰ শাসন-প্ৰণালী কিয় দয়াৰ প্ৰতীক বুলি কোৱা হৈছে আৰু ই আমাক কেনে কৰ্তব্যক পালন কৰিবলৈ সোঁৱৰাই দিয়ে?
১৬ যিহোৱা আৰু তেওঁৰ নিযুক্ত ৰজা যীচুৱে তেওঁলোকৰ প্ৰজাসকলে পৰস্পৰে ইজনে সিজনৰ সৈতে দয়াৰে আচৰণ কৰাটো বিচাৰে। (মীখা ৬:৮) যীচুৱে ঈশ্বৰৰ দ্বাৰা পোৱা শাসন-প্ৰণালী দয়াৰ এক প্ৰতীক হʼব বুলি পূৰ্বাভাস দিছিল। (ইব্ৰী ১:৩) এই সত্যতাৰ বিষয়ে আমি যীচুৱে মিছা ধৰ্ম্মগুৰুসকলৰ দ্বাৰা পীড়িত লোকসকলক সম্বোধিত কৰি কোৱা বাক্যশাৰীৰ পৰা জানিব পাৰোঁ। তেওঁ এইদৰে কৈছিল: “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু।” (মথি ১১:২৮-৩০) বৰ্তমান জগতৰ শাসক আৰু ধৰ্ম্মগুৰুসকলে স্থাপনা কৰা অসংখ্য নিয়ম-প্ৰণালীৰ দ্বাৰা লোকসকলে ভাৰক্ৰান্ত হৈছে। কিন্তু যীচুৱে তেওঁৰ শিষ্যবিলাকৰ আৱশ্যকতাৰ অনুসাৰে বহন কৰিব পৰা নিয়ম-প্ৰণালীবোৰহে দিয়ে। ই সচাঁকৈ এক সুসহ্য যুৱলী! তেন্তে আমিও তেওঁৰ দৰে আনৰ সৈতে দয়াৰে আচৰণ কৰিবলৈ প্ৰেৰিত হোৱা আৱশ্যক নহয়নে বাৰু?—যোহন ১৩:১৫.
১৭, ১৮. স্বৰ্গত যীচুৰ সৈতে শাসন কৰিবলগীয়া বা পৃথিৱীত থকা তেওঁৰ প্ৰতিনিধিসকলে দয়াৰে আচৰণ কৰা আৱশ্যক বুলি আমি কিয় আশ্বাস ৰাখিব পাৰোঁ?
১৭ যীচুৱে তেওঁৰ শিষ্যবিলাকক কোৱা উল্লেখনীয় মন্তব্যসমূহে দেখুৱাইছে যে ঈশ্বৰৰ ৰাজ্য আৰু মানৱ শাসন-প্ৰণালীৰ মাজত কেনে এক বৃহৎ পাৰ্থক্য আছে। এই বিষয়ে বাইবেলে কৈছে: “তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হৈছিল। কিন্তু তেওঁ তেওঁলোকক কলে, পৰজাতিৰ ৰজাসকলে তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰে, আৰু তেওঁবিলাকৰ মাজত ক্ষমতা পোৱাবিলাকক উপকাৰক বোলা যায়। কিন্তু তোমালোক তেনে নোহোৱা; তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰুজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক। কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নাইবা পৰিচাৰক? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছো।”—লূক ২২:২৪-২৭.
১৮ মানৱ শাসকবিলাকে আনৰ ওপৰত ‘প্ৰভুত্ব কৰি’ আৰু খ্যাতি পোৱাৰ ইচ্ছাৰে সকলোতকৈ মহান হোৱাটো বিচাৰে। কিন্তু যীচুৱে কৈছিল যে প্ৰকৃত মহান ব্যক্তি সেইজনহে যিজনে অতি পৰিশ্ৰম আৰু নিস্বাৰ্থৰে আনৰ সেৱা কৰে। স্বৰ্গত যীচুৰ সৈতে শাসন কৰিবলগীয়া বা পৃথিৱীত থকা প্ৰতিনিধিসকলে নম্ৰ আৰু দয়াৰ সম্বন্ধে তেওঁৰ আৰ্হিক অনুকৰণ কৰা উচিত।
১৯, ২০. (ক) যিহোৱাই ব্যাপকভাৱে প্ৰকাশ কৰা দয়াৰ বিষয়ে যীচুৱে কেনেকৈ উল্লেখ কৰিছিল? (খ) এই সম্বন্ধে আমি কেনেকৈ যিহোৱাক অনুকৰণ কৰিব পাৰিম?
১৯ গতিকে আঁহক আমি যীচুৱে প্ৰেমেৰে দিয়া অন্য পৰামৰ্শসমূহৰ বিষয়ে বিবেচনা কৰোঁহঁক। যিহোৱাই ব্যাপকভাৱে দেখুৱা দয়াৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকক প্ৰেম কৰাবিলাককহে যদি তোমালোকে প্ৰেম কৰা, তেন্তে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁবিলাকক প্ৰেম কৰাবিলাকক প্ৰেম কৰে। আৰু তোমালোকৰ হিত কৰাবিলাককহে যদি তোমালোকে হিত কৰা, তেন্তে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰে। আৰু লোকৰ পৰা পাবলৈ আশা কৰি তেওঁবিলাকক ধাৰ দিলে, তোমালোকে কি প্ৰশংসা পাবা? আচলখিনিকে আকৌ পাবলৈ পাপীও পাপীক ধাৰ দিয়ে। কিন্তু তোমালোকে নিজৰ নিজৰ শত্ৰুবিলাককো প্ৰেম কৰা, হিত কৰা, আৰু কেতিয়াও নিৰাশ নহৈ ধাৰ দিবা; তাতে তোমালোকৰ পুৰস্কাৰ অধিক হব, আৰু তোমালোকে সৰ্ব্বোপৰিজনাৰ সন্তান হবা; কিয়নো উপকাৰ নমনা আৰু দুষ্টবিলাকৰ প্ৰতি তেৱেঁই হিতকাৰী। তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।”—লূক ৬:৩২-৩৬.
২০ ঈশ্বৰৰ দয়া হৈছে নিস্বাৰ্থ। এই দয়া কোনো লাভ পোৱাৰ আশাৰে প্ৰকাশ কৰা নহয়। যেনে, যিহোৱাই “দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত তেওঁৰ সূৰ্য্য উদয় হবলৈ দিয়ে; আৰু ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰষায়।” (মথি ৫:৪৩-৪৫; পাঁচনিৰ কৰ্ম্ম ১৪:১৬, ১৭) আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাক অনুকৰণ কৰি আমি আমাৰ বিৰোধীসকলৰ প্ৰতি কেৱল অকৃতজ্ঞতাৰে হানি কৰাৰ পৰাই বিৰত থাকিম এনে নহয়, কিন্তু তেওঁলোকৰ বাবে হিত কাৰ্য্যও কৰিম। এই দয়া গুণটো প্ৰকাশ কৰাৰ দ্বাৰা যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচুক দেখুৱাওঁ যে আমি ঈশ্বৰীয় গুণসমূহ মানৱ সম্বন্ধত ব্যাপকভাৱে প্ৰবল হোৱা ঈশ্বৰৰ ৰাজ্যৰ অধীনত থাকিব বিচাৰোঁ।
কিয় দয়া দেখুৱা আৱশ্যক?
২১, ২২. আমি কিয় দয়া দেখুৱা উচিত?
২১ এজন প্ৰকৃত খ্ৰীষ্টানে এই গুণটো প্ৰতিফলিত কৰাৰ বিশেষ আৱশ্যকতা আছে। কিয়নো ইয়াৰ দ্বাৰা আমি দেখুৱাওঁ যে ঈশ্বৰৰ আত্মাই আমাক পৰিচালিত কৰিছে। তদুপৰি আমি যেতিয়া প্ৰকৃত দয়া দেখুৱাওঁ তেতিয়া যিহোৱা আৰু যীচুক অনুকৰণ কৰাৰ প্ৰমাণ দিওঁ। ঈশ্বৰৰ ৰাজ্যৰ অধীনত প্ৰজা হোৱা লোকসকলে এই গুণটো প্ৰতিফলিত কৰা এক বিশেষ আৱশ্যকতা। এতেকে আমি দয়াক ভাল পোৱা আৰু ইয়াক প্ৰকাশ কৰাৰ বিষয়ে শিকাটো আমাৰ বাবে অতি আৱশ্যক।
২২ আমাৰ দৈনন্দিন জীৱনত দয়া প্ৰতিফলিত কৰাৰ কিছুমান ব্যৱহাৰিক পদ্ধতি কি? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 4/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• দয়া গুণটো কি?
• এই জগতখন কিয় ইমান নিষ্ঠুৰ আৰু কঠোৰ হৈ পৰিছে?
• আমি কেনেকৈ জানিম যে ঈশ্বৰৰ শাসনৰ অন্তৰ্গত দয়া গুণটো ব্যাপকভাৱে দেখিবলৈ পোৱা যাব?
• যিসকলে ঈশ্বৰৰ ৰাজ্যৰ অধীনত থাকিবলৈ বিচাৰে তেওঁলোকে কিয় দয়া গুণটো প্ৰতিফলিত কৰা অতি আৱশ্যক?
[২১ পৃষ্ঠাৰ ছবি]
খ্ৰীষ্টান প্ৰাচীনসকলে আনৰ সৈতে দয়াৰে আচৰণ কৰা উচিত
[২৩ পৃষ্ঠাৰ ছবি]
যিহোৱাৰ সেৱকবিলাকে কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ সময়ত তেওঁ প্ৰেমপূৰ্বক দয়া দেখুৱাবলৈ কেতিয়াও বিফল নহয়
[২৪ পৃষ্ঠাৰ ছবিসমূহ]
যিহোৱাই দয়াৱান হৈ সকলোলৈ সূৰ্য্য উদয় আৰু বৰষুণ বৰষায়