প্ৰকৃত আনন্দৰ বাবে কৰা অন্বেষণ
কিছু বছৰৰ আগেয়ে ফ্ৰান্স, জাৰ্মানি, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলে সুধিছিল, “প্ৰকৃত আনন্দিত হʼবলৈ কিহৰ আৱশ্যক?” এই সম্পৰ্কে সাক্ষাৎকাৰ গ্ৰহণ কৰা ৮৯ শতাংশ লোকে কৈছিল যে উত্তম স্বাস্থ্য; ৭৯ শতাংশ লোকে কৈছিল এক সফল বিবাহ বা উত্তম সঙ্গী; ৬২ শতাংশ লোকে পিতৃ-মাতৃ হোৱাৰ আশীৰ্ব্বাদ; আৰু ৫১ শতাংশ লোকে আনন্দিত হʼবলৈ সফলপ্ৰাপ্ত বৃত্তি বা চাকৰি আৱশ্যক বুলি কৈছিল। যদিও বেছিভাগ লোকে সাধাৰণভাৱে ভাবিছিল যে টকা-পইচাই সুখ প্ৰদান কৰিব নোৱাৰে, কিন্তু প্ৰশ্ন কৰা ৪৭ শতাংশ লোকে বিশ্বাস কৰে যে টকা-পইচাই সুখ প্ৰদান কৰে। এই সত্যতাবোৰে কি দেখুৱাইছে?
আঁহক আমি সৰ্ব্বপ্ৰথমে টকা-পইচা আৰু আনন্দিত হোৱাৰ মাজত থকা অনুমানিক সম্পৰ্কটোৰ বিষয়ে বিবেচনা কৰোঁহঁক। যুক্তৰাষ্ট্ৰত এশজন ধনৱান ব্যক্তিৰ ওপৰত চলোৱা এটা জৰীপে দেখুৱাইছে যে, তেওঁলোকে সাধাৰণ শ্ৰেণীৰ লোকসকলতকৈ অধিক আনন্দিত নহয়। তদুপৰি মানসিক স্বাস্থ্য বিশেজ্ঞৰ অনুসাৰে, যুক্তৰাষ্ট্ৰত থকা বহুতো লোকৰ ওচৰত যোৱা তিনি দশকত তেওঁলোকৰ সা-সম্পত্তি প্ৰায় দুগুণ কৰিলে, তথাপিও তেওঁলোকে পূৰ্বৰ দৰে আনন্দিত হʼব পৰা নাই। দৰাচলতে এখন ৰিপোৰ্টে এইদৰে মন্তব্য দিছে: “একেই সময়তে নিৰুৎসাহী হৈ পৰা লোকৰ সংখ্যা অধিককৈ বৃদ্ধি পাইছে। কিশোৰ-কিশোৰীসকলে আত্মহত্যা কৰা সংখ্য তিনিগুণ হৈছে। বিবাহ বিচ্ছেদ দুগুণ হৈছে।” প্ৰায় ৫০ খন বিভিন্ন দেশত অনুসন্ধানকাৰীসকলে ধন আৰু সুখৰ মাজত থকা সম্পৰ্কৰ ওপৰত অধ্যয়ন কৰি এইদৰে শেষ সিদ্ধান্তত উপনীত হʼল যে টকা-পইচাই প্ৰকৃত আনন্দ প্ৰদান কৰিব নোৱাৰে।
দ্বিতীয়তে, আনন্দিত হʼবলৈ উত্তম স্বাস্থ্য, এক সফল বিবাহ আৰু বৃত্তি বা চকৰি গুৰুত্বপূৰ্ণনে? যদি এই কাৰণবোৰ সঁচা হয়, তেনেহʼলে আজি জগতত লোকসকলে উত্তম স্বাস্থ্য, বিবাহিত জীৱন সফল হোৱাৰ স্বত্ত্বেও কিয় আনন্দিত হʼব পৰা নাই? ইয়াৰ উপৰিও নিঃসন্তান বৈবাহিক দম্পতী আৰু সফল বৃত্তি বা চাকৰি নথকা পুৰুষ বা মহিলাৰ বিষয়ে কি কʼব পাৰি? তেনে লোকবিলাকে জীৱনত অধিককৈ দুখী হৈ পৰা নাইনে? যিসকলে উত্তম স্বাস্থ্য আৰু এক সফল বৈবাহিক জীৱনৰ বাবে নিজকে আনন্দিত বুলি কৈছে, তেওঁলোকৰ অৱস্থা সলনি হোৱাত সেই আনন্দ তেতিয়াও অটল হৈ থাকেনে?
আমি সঠিক উৎসৰ পৰা আনন্দ হোৱাৰ অন্বেষণ কৰিছোঁনে?
বাস্তৱতে সকলোৱে আনন্দিত হʼব বিচাৰে। ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো মানৱৰ সৃষ্টিকৰ্ত্তা স্বয়ং হৈছে এজন “আনন্দিত ঈশ্বৰ” আৰু তেওঁ মানুহক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিলে। (১ তীমথিয় ১:১১; আদিপুস্তক ১:২৬, ২৭) সেয়েহে মানুহে আনন্দিত হʼবলৈ অন্বেষণ কৰাটো এটা স্বাভাৱিক কথা। যিহেতু বহুতে হাতত এমুঠি বালি ধৰাৰ নিচিনকৈ আনন্দিত হৈছে, কিন্তু সেয়াও ক্ষন্তেকীয় অৰ্থাৎ অতি শীঘ্ৰেই হাতৰ পৰা পিছলি পৰে।
এনে হʼব পাৰেনে যে কিছুমানে আনন্দিত হʼবলৈ অত্যধিকভাৱে প্ৰচেষ্টা কৰিছে? এই বিষয়ে সামাজিক দাৰ্শনিকবিদ এৰিক্ হফাৰে এইদৰে মন্তব্য দিছিল: “আনন্দ হোৱাৰ বাবে অন্বেষণ কৰাটো হৈছে দুখী হৈ পৰাৰ এটা মুখ্য কাৰণ।” যদি আমি ভুল উৎসৰ পৰা আনন্দিত হʼবলৈ অন্বেষণ কৰিছোঁ, তেনেহʼলে দাৰ্শনিকবিদ জনে কোৱা কথাষাৰ একেবাৰে সঁচা। এনে ক্ষেত্ৰত আমি নিশ্চয়ে নিৰাশ আৰু ব্যৰ্থতা হৈ পৰিব পাৰোঁ। ধনী হʼবলৈ চেষ্টা; অধিককৈ বিখ্যাত; ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক লক্ষ্যসমূহ ৰাখা; বা কেৱল নিজৰ বাবে জীৱন-যাপন আৰু নিজৰ ইচ্ছা শীঘ্ৰেই পূৰ্ণ কৰা আশাই কেৱল দুখী হোৱালৈ পৰিচালিত কৰে। সেয়েহে কিছুমানে বিদ্ৰুপাত্মক হৈ পৰে বুলি কৈ এগৰাকী লেখিকাই এইদৰে মন্তব্য দিছে: “যদি আমি আনন্দিত হোৱাৰ বাবে অন্বেষণ কৰা বন্ধ কৰোঁ, তেতিয়া আমি যুক্তিসঙ্গতভাৱে আনন্দিত হʼব পাৰিম”!
উল্লেখযোগ্যভাৱে লেখটোৰ আৰম্ভণিতে উল্লেখ কৰা জৰীপে প্ৰকাশ কৰিলে যে প্ৰত্যেক ১০ জনৰ ভিতৰত ৪ জন ব্যক্তিয়ে অনুভৱ কৰিছে যে ভাল কাৰ্য্য আৰু আনক সহায় কৰাৰ দ্বাৰাহে আনন্দিত হʼব পাৰে। প্ৰত্যেক ৪ জনৰ ভিতৰত ১ জন ব্যক্তিয়ে বিশ্বাস আৰু ধৰ্ম্মীয় প্ৰতিপন্নতাই যে আনন্দিত কৰি তুলাত মুখ্য ভূমিকা আদায় কৰে সেই বিষয়ে গুৰুত্ব দিয়ে। স্পষ্টৰূপে প্ৰকৃত আনন্দিত হʼবলৈ কিহৰ প্ৰয়োজন সেই বিষয়ে আমি তন্ন তন্নকৈ নিৰীক্ষণ কৰা আৱশ্যক। পিছৰ লেখটোৱে আমাক তেনেদৰে নিৰীক্ষণ কৰিবলৈ সহায় কৰিব। (w04 9/1)
[৩ পৃষ্ঠাৰ ছবিসমূহ]
বহুতে বিবেচনা কৰে যে আনন্দিত হোৱাৰ বাবে এক সফল পৰিয়াল বা সফলপ্ৰাপ্ত বৃত্তি হোৱা আৱশ্যক। আপুনি সেই কথাত মান্তি হয়নে?