ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৫/১ পৃষ্ঠা ২২-২৬
  • যিহোৱাৰ বাক্যত ভাৰসা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ বাক্যত ভাৰসা কৰক
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ বাক্য পালন কৰি সুখী হোৱা
  • ঈশ্বৰৰ বাক্যই আমাক সিদ্ধ কৰে
  • ঈশ্বৰৰ বাক্যই বিশ্বাস বজাই ৰাখিবলৈ সহায় কৰে
  • যিহোৱাৰ বাক্যই সাহস প্ৰদান কৰে
  • ঈশ্বৰৰ বাক্যই শান্ত্বনা প্ৰদান কৰে
  • ঈশ্বৰৰ বাক্যৰ বাবে কৃতজ্ঞ হওক
  • ঈশ্বৰৰ বাক্যত ভাৰসা ৰাখক
  • যিহোৱাত সদায়ে ভাৰসা ৰাখক
  • ঈশ্বৰৰ বাক্যই আপোনাৰ পথ দীপ্তিময় কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এই বিষয়ে আমি আগতে শুনা নাইনে?
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি যিহোৱাৰ সোঁৱৰণী বাক্যক অতিশয় প্ৰেম কৰেনে?
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অধ্যয়নে ফলদায়ক আৰু আনন্দিত কৰি তোলে
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৫/১ পৃষ্ঠা ২২-২৬

যিহোৱাৰ বাক্যত ভাৰসা কৰক

“মই তোমাৰ বাক্যত ভাৰসা কৰিছোঁ।”—গীত ১১৯:৪২.

১. গীত ১১৯ অধ্যায়ৰ ৰচোঁতাজনৰ ব্যক্তিগত পৰিচয় আৰু তেওঁৰ মনোবৃত্তিৰ বিষয়ে আপুনি কি কʼব পাৰে?

যিহোৱাৰ বাক্যৰ প্ৰতি গীত ১১৯ অধ্যায়ৰ লিখকজনে কৃতজ্ঞতা প্ৰকাশ কৰিছিল। এই লিখকজন হয়তো যিহূদা বংশৰ ৰাজকুঁৱৰ হিষ্কিয়া আছিল। তাত উল্লেখ কৰা অভিব্যক্তিবোৰে ৰাজকুঁৱৰ হিষ্কিয়াৰ অনুভূতিৰ বিষয়ে প্ৰকাশ কৰিছিল, যিজনে নিজৰ ৰাজত্বকালত ‘যিহোৱাৰ আজ্ঞা পালন’ কৰাৰ পৰা বিচলিত হোৱা নাছিল। (২ ৰাজাৱলি ১৮:৩-৭) গতিকে আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি থকা তেওঁৰ সজাগতাৰ বিষয়ে স্পষ্টকৈ জানিব পৰা যায়।—মথি ৫:৩.

২. গীত ১১৯ অধ্যায়ৰ মূল সাৰাংশ কি আৰু এই গীতটো কেনেকৈ প্ৰস্তুত কৰা হৈছে?

২ প্ৰমুখকৈ গীত ১১৯ অধ্যায়টোৱে ঈশ্বৰৰ বাক্যৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰিছে।a সম্ভৱতঃ ৰচোঁতাজনে এই গীতটিক বৰ্ণমালাৰ ক্ৰম অনুসাৰে লিখিছিল যাতে সহজে সোঁৱৰিবলৈ সহায়ক হয়। অধ্যায়টোৰ ১ পদৰ পৰা ১৭৬ পদলৈকে ক্ৰমাগতভাৱে উল্লেখ কৰা বাক্যবোৰ হীব্ৰু বৰ্ণমালাত লিখা হৈছিল। মূল হীব্ৰু ভাষাত গীতটোৰ ২২ টা চৰণৰ প্ৰত্যেকটোত ৮ টাকৈ শাৰী আছিল আৰু সেইবোৰৰ আৰম্ভণী একেই বৰ্ণমালাৰে কৰা হৈছিল। এই গীতটোত ঈশ্বৰৰ বাক্য, তেওঁৰ ব্যৱস্থা, সোঁৱৰণি, সাক্ষ্য, আদেশ, বিধি, প্ৰবাদ আৰু শাসন-প্ৰণালীৰ বিষয়ে উল্লেখ কৰিছে। এই লেখটোত আৰু পৰৱৰ্তী লেখত হীব্ৰু শাস্ত্ৰ পদৰ পৰা অনুবাদ কৰা গীত ১১৯ অধ্যায়ৰ সঠিক ভাঙনিৰ বিষয়ে আলোচনা কৰা হʼব। অতীত আৰু বৰ্তমান যিহোৱাৰ সেৱকসকলে লাভ কৰা অভিজ্ঞতাবোৰৰ ওপৰত মনোযোগ দিয়াৰ দ্বাৰা আমি এই ঈশ্বৰ-প্ৰেৰণাৰে ৰচিত গীতটো আৰু তেওঁৰ বাক্য বাইবেলৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰিব পাৰিম।

ঈশ্বৰৰ বাক্য পালন কৰি সুখী হোৱা

৩. সিদ্ধ হোৱাৰ অৰ্থ কি, সেই বিষয়ে উদাহৰণ দি বৰ্ণনা কৰক।

৩ ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে চলিহে প্ৰকৃত সুখ পোৱা যায়। (গীত ১১৯:১-৮) যদি আমি ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে চলিবলৈ প্ৰচেষ্টা কৰোঁ, তেন্তে তেওঁ আমাক ‘সিদ্ধ আচৰণ কৰা’ লোক হিচাপে গণ্য কৰিব। (গীত ১১৯:১) তথাপিও সিদ্ধ হোৱাৰ অৰ্থ মানৱ পৰিপূৰ্ণতাৰ অৱস্থাক বুজোৱা নাই। বৰঞ্চ, ই আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ লোৱা প্ৰচেষ্টাকহে বুজাইছে। উদাহৰণস্বৰূপে, ঈশ্বৰৰ সৈতে “চলাচল” কৰা নোহ নামৰ ব্যক্তিজনক ‘সেই কালৰ মানুহৰ মাজত ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ’ হিচাপে গণ্য কৰা হৈছিল। যিহেতু তেওঁ আৰু তেওঁৰ পৰিয়ালে যিহোৱাৰ ব্যৱস্থাৰ অনুসাৰে চলাৰ বাবে জল-প্লাৱনৰ পৰা ৰক্ষা পালে। (আদিপুস্তক ৬:৯; ১ পিতৰ ৩:২০) ঠিক সেইদৰে এই ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পাবলৈ আমি ‘যত্নেৰে ঈশ্বৰৰ আদেশ পালন কৰা’ উচিত।—গীত ১১৯:৪.

৪. আমাৰ সুখ আৰু কৃতকাৰ্য্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

৪ আমি যদি ‘যিহোৱাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰ শিকোঁ,’ তেন্তে তেওঁ আমাক কেতিয়াও ত্যাগ নকৰিব। (গীত ১১৯:৭, ৮) যিহেতু ইস্ৰায়েলৰ পৰিচালক যিহোচূৱাই ‘ঈশ্বৰৰ ব্যৱস্থাত লিখা আটাইখিনি পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ দিনে-ৰাতিয়ে ধ্যান কৰাৰ’ বাবে যিহোৱাই তেওঁক ত্যাগ নকৰিলে। তদুপৰি এনে কৰাৰ দ্বাৰা তেওঁ কৰা কাৰ্য্যতো সফলতা লাভ কৰিব পাৰিলে। (যিহোচূৱা ১:৮) গোটেই জীৱন যিহোৱাৰ ব্যৱস্থাৰ অনুসাৰে চলাৰ বাবে তেওঁ মৃত্যু পূৰ্বেই ইস্ৰায়েলসকলক এইদৰে কʼব পাৰিলে: “তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা, যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য কলে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হল, এটিও নিষ্ফল হোৱা নাই।” (যিহোচূৱা ২৩:১৪) যিহোচূৱা আৰু গীত ১১৯ অধ্যায়ৰ ৰচোঁতাজনৰ দৰে আমাৰ সুখ আৰু কৃতকাৰ্য্যতা যিহোৱাৰ প্ৰশংসা আৰু তেওঁৰ বাক্যত ৰাখা ভাৰসাৰ ওপৰত নিৰ্ভৰ কৰে।

ঈশ্বৰৰ বাক্যই আমাক সিদ্ধ কৰে

৫ (ক) আধ্যাত্মিকভাৱে কেনেকৈ সিদ্ধ থকাটো সম্ভৱ, সেই বিষয়ে বৰ্ণনা কৰক। (খ) যদি এজন ডেকা খ্ৰীষ্টানে কোনো গম্ভীৰ পাপত পৰে তেন্তে তেওঁ কেনে ধৰণৰ সহায় লাভ কৰিব পাৰে?

৫ যদি আমি ঈশ্বৰৰ বাক্যৰ অনুসাৰে চলোঁ, তেন্তে আধ্যাত্মিকভাৱে সিদ্ধ থাকিব পাৰিম। (গীত ১১৯:৯-১৬) এই কথাশাৰীৰ সত্যতাৰ প্ৰমাণ আমি আমাৰ পিতৃ-মাতৃয়ে উত্তম আৰ্হি ৰাখক বা নাৰাখক, তেতিয়াও স্পষ্টকৈ দেখিব পাৰিম। উদাহৰণস্বৰূপে, হিষ্কিয়াৰ পিতৃ এজন মূৰ্ত্তিপূজক হোৱা স্বত্বেও হিষ্কিয়াই নিজকে দেৱী-দেৱতাৰ উপাসনা কৰাৰ পৰা পৃথকে ৰাখিলে। কিন্তু গম্ভীৰ পাপত পৰা এজন ডেকা খ্ৰীষ্টান ব্যক্তিৰ বিষয়ে কি কʼব পাৰি। সম্পূৰ্ণ মনেৰে কৰা মন পালটন, প্ৰাৰ্থনা, পিতৃ-মাতৃ আৰু খ্ৰীষ্টান প্ৰাচীনসকলে আগবঢ়োৱা সহায়ৰ দ্বাৰা তেৱোঁ হিষ্কিয়াৰ দৰে নিজৰ ‘পথ শুদ্ধ’ ৰাখিবলৈ সক্ষম হʼব।—গীত ১১৯:৯-১৬.

৬. কোনসকল স্ত্ৰীয়ে ঈশ্বৰৰ বাক্যৰ অনুসাৰে ‘নিজ নিজ পথ সিদ্ধ’ ৰাখিছিল?

৬ ৰাহাব আৰু ৰূথ নামৰ স্ত্ৰীসকলে যদিও গীত ১১৯ অধ্যায় লিখাৰ বহু সময়ৰ পূৰ্বেই বাস কৰিছিল, তথাপিও গীতটোত কোৱা হৈছে যে তেওঁলোকে ‘নিজ নিজ পথ সিদ্ধ’ ৰাখিবলৈ সক্ষম হৈছিল। ৰাহাব এগৰাকী বেশ্যা হোৱাৰ স্বত্বেও তাইক যিহোৱাৰ বিশ্বাসী উপাসক বুলি জনা গʼল। (ইব্ৰী ১১:৩০, ৩১) ৰূথ এগৰাকী মোৱাবী স্ত্ৰী হোৱাৰ স্বত্বেও নিজৰ দেৱী-দেৱতাক ত্যাগ কৰি যিহোৱাৰ উপাসনা আৰু ইস্ৰায়েলক দিয়া ব্যৱস্থাৰ অনুসাৰে জীৱন-যাপন কৰিছিল। (ৰূথ ১:১৪-১৭; ৪:৯-১৩) এই দুগৰাকী অন্যজাতিৰ স্ত্ৰীয়ে ‘ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে চলাৰ বাবে’ যীচুৰ পূৰ্বজ হোৱা বিশেষাধিকাৰ লাভ কৰিলে।—মথি ১:১, ৪-৬.

৭. আধ্যাত্মিক সিদ্ধতাৰ সম্বন্ধে দানিয়েল আৰু তেওঁৰ তিনিজন ইব্ৰী বন্ধুৱে কেনে এক উত্তম আৰ্হি ৰাখিলে?

৭ যদিও “মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ,” তথাপিও এজন ডেকা ব্যক্তিয়ে এই চয়তানৰ ৰীতি-ব্যৱস্থাত থাকি নিজৰ পথ সিদ্ধ ৰাখিব পাৰে। (আদিপুস্তক ৮:২১; ১ যোহন ৫:১৯) উদাহৰণস্বৰূপে, বাবিলত বন্দী হৈ থকা দানিয়েল আৰু তেওঁৰ তিনিজন ইব্ৰী বন্ধুৱে ‘নিজ নিজ পথ’ সিদ্ধ ৰাখিবলৈ সফল হৈছিল। তেওঁলোকে “ৰজাৰ উত্তম খাদ্যদ্ৰব্যেৰে” নিজকে অশুচি কৰাৰ পৰা বিৰত ৰাখিলে। (দানিয়েল ১:৬-১০) কিয়নো বাবুলীয়াসকলে মোচিৰ ব্যৱস্থাৰ অনুসাৰে অশুচি জন্তুবোৰক খাদ্য হিচাপে গ্ৰহণ কৰিছিল। (লেবীয়া পুস্তক ১১:১-৩১; ২০:২৪-২৬) তদুপৰি তেওঁলোকে সদায়ে খাদ্য হিচাপে গ্ৰহণ কৰা সেই জন্তুবোৰৰ তেজ উলিয়াই ৰান্ধা নাছিল, যি নেকি পোনপটীয়াকৈ ঈশ্বৰৰ ব্যৱস্থাৰ উলংঙ্ঘন কৰিছিল। (আদিপুস্তক ৯:৩, ৪) সেইবাবে চাৰিজন ইব্ৰী ব্যক্তিয়ে ৰজাৰ উত্তম খাদ্যদ্ৰব্য গ্ৰহণ কৰাৰ পৰা আঁতৰি আধ্যাত্মিক সিদ্ধতা বজাই ৰাখি এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।

ঈশ্বৰৰ বাক্যই বিশ্বাস বজাই ৰাখিবলৈ সহায় কৰে

৮. যদি আমি ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে চলিবলৈ বিচাৰিছোঁ তেন্তে আমাত কেনে মনোবৃত্তি আৰু জ্ঞান থকা আৱশ্যক?

৮ ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা আগ্ৰহকতাই বিশ্বাস বজাই ৰাখাত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। (গীত ১১৯:১৭-২৪) যদি আমি এই ৰচোঁতাজনৰ দৰে মনোবৃত্তি দেখুৱাওঁ, তেন্তে ঈশ্বৰৰ বাক্যত উল্লেখ কৰা “আচৰিত বিষয়ৰ” বাবে আমাৰ দৃঢ় আগ্ৰহকতা বিকশিত হʼব। তদুপৰি আমি নিৰন্তৰে যিহোৱাৰ “শাসন-প্ৰণালীবোৰলৈ” হাবিয়াহ আৰু ‘তেওঁৰ সাক্ষ্যবোৰৰ’ প্ৰতি আনন্দ কৰিম। (গীত ১১৯:১৮, ২০, ২৪) যদিও আমি নিজকে যিহোৱালৈ সমৰ্পিত কৰা অধিক সময় হোৱা নাই, তথাপিও আমি “মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ” কৰিছোঁনে? (১ পিতৰ ২:১-৩) ইয়াৰ বাবে আমি বাইবেলৰ মূল বিষয়বোৰ বুজি পোৱা আৱশ্যক যাতে ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে চলিবলৈ সক্ষম হʼব পাৰোঁ।

৯. যেতিয়া মানুহৰ আজ্ঞাই ঈশ্বৰৰ ব্যৱস্থা পালন কৰাত বাধা জন্মাই, তেতিয়া আমি কেনে মনোবৃত্তি ৰাখা উচিত?

৯ ‘প্ৰধানবিলাকে’ আমাৰ অহিতে কথা কোৱাৰ স্বত্বেও আমি ঈশ্বৰৰ বাক্যই সোঁৱৰাই দিয়া পৰামৰ্শবোৰৰ প্ৰতি দৃঢ় আগ্ৰহকতা বজাই ৰাখোঁনে? (গীত ১১৯:২৩, ২৪) আজি অধিকাৰীসকলে ঈশ্বৰৰ পৰিৱৰ্তে মানুহে স্থাপিত কৰা নিয়ম-ব্যৱস্থাক পালন কৰিবলৈ আমাৰ ওপৰত অধিক হেঁচা দিয়ে। এনে পৰিস্থিতিত আমি কেনে মনোবৃত্তি দেখুৱা উচিত? উৎপীড়িত যীচুৰ পাঁচনিবিলাকৰ দৰে আমিও সেই একেই আগ্ৰহকতা দেখুৱাই যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিম। তেওঁলোকে এইদৰে কৈছিল: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৫:২৯.

১০, ১১. আমি কেনেকৈ অত্যধিক কঠিন পৰিস্থিতিতো যিহোৱাৰ প্ৰতি বিশ্বস্ততা বজাই ৰাখিব পাৰোঁ, বৰ্ণনা কৰক।

১০ আমি অত্যধিক কঠিন পৰিস্থিতিতো বিশ্বাসী হৈ থাকিব পাৰোঁ। (গীত ১১৯:২৫-৩২) ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰাখাত যদি আমি সফল হʼব বিচাৰিছোঁ, তেন্তে আমি নিশ্চয়ে আনক শিকাবলৈ ইচ্ছুক আৰু যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰি আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা আৱশ্যক। তদুপৰি আমি “বিশ্বস্ততাৰ পথ” বাছনি কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়।—গীত ১১৯:২৬, ৩০.

১১ সম্ভৱতঃ গীত ১১৯ অধ্যায়টোৰ ৰচোঁতা হিষ্কিয়াই “বিশ্বস্ততাৰ পথ” বাছনি কৰিছিল। আনকি তেওঁ মিছা দেৱী-দেৱতাৰ উপাসক আৰু ৰাজকীয় মহাসভাবোৰৰ সদস্যবিলাকে ইতিকিং কৰাৰ স্বত্বেও বিশ্বস্ততাৰ পথৰ পৰা বিচলিত হোৱা নাছিল। সেইবাবে হয়তো ‘দুখত তেওঁৰ মন দ্ৰৱ হৈ পৰিছে’ বুলি কৈছিল। (গীত ১১৯:২৮) তথাপিও তেওঁ ঈশ্বৰত ভাৰসা ৰাখিছিল আৰু এজন ন্যায়পৰায়ণ ৰজা হিচাপে “যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে” কৰিছিল। (২ ৰাজাৱলি ১৮:১-৫) সেইদৰে আমিও যিহোৱাত ভাৰসা ৰাখি ন্যায়নিষ্ঠা আৰু ধৈৰ্য্যৰে পৰীক্ষাৰ সম্মুখীন হʼব পাৰোঁ।—যাকোব ১:৫-৮.

যিহোৱাৰ বাক্যই সাহস প্ৰদান কৰে

১২. আমি কেনেকৈ গীত ১১৯:৩৬, ৩৭ পদত উল্লেখ কৰা বাক্যবোৰ ব্যক্তিগতভাৱে পালন কৰিব পাৰোঁ?

১২ যিহোৱাৰ বাক্যত পোৱা নিৰ্দ্দেশনাৰ অনুসাৰে জীৱন-যাপন কৰি আমি জীৱনলৈ অহা পৰীক্ষাবোৰত সাহসেৰে সম্মুখীন হʼব পাৰোঁ। (গীত ১১৯:৩৩-৪০) আমি “সমস্ত চিত্তেৰে” যিহোৱাৰ ব্যৱস্থা পালন কৰিবলৈ নম্ৰতাৰে তেওঁৰ নিৰ্দ্দেশনা বিচৰা উচিত। (গীত ১১৯:৩৩, ৩৪) আমি গীতমালা ৰচোঁতাজনৰ দৰে এইদৰে সোধা উচিত: “তোমাৰ সাক্ষ্যবোৰলৈ মোৰ মন আকৰ্ষণ কৰা, লোভলৈ আকৰ্ষণ নকৰিবা।” (গীত ১১৯:৩৬) পাঁচনি পৌলৰ দৰে আমিও “সকলো বিষয়তে সদাচৰণ কৰিবলৈ” ইচ্ছা কৰোঁ। (ইব্ৰী ১৩:১৮) যদি কৰ্ম্মস্থলত অধিকাৰীয়ে আমাক কোনো প্ৰবঞ্চক কাৰ্য্য কৰিবলৈ কয়, তেন্তে আমি নিৰ্ভয়ে যিহোৱাৰ নিৰ্দ্দেশনা পালন কৰা উচিত। আমি সাহেৰে তেওঁৰ স্তৰবোৰ পালন কৰিবলৈ কৰা প্ৰচেষ্টাত তেওঁ সদায়ে আমাক আশীৰ্ব্বাদ কৰিব। আনকি তেওঁ আমাত থকা বেয়া বিচাৰধাৰাবোৰো দমন কৰিবলৈ সহায় কৰে। গতিকে আঁহক আমি এইদৰে প্ৰাৰ্থনা কৰোঁহঁক: “অসাৰ দৃষ্টিৰ পৰা মোৰ চকু ঘূৰুৱা।” (গীত ১১৯:৩৭) ঈশ্বৰৰ দৃষ্টিত ঘৃণিত বস্তুবোৰক আমি কেতিয়াও প্ৰেম কৰা উচিত নহয়। (গীত ৯৭:১০) তদুপৰি প্ৰাৰ্থনাই আমাক অশ্লীল আৰু প্ৰেতাত্মাবাদ কাৰ্য্যত লিপ্ত হোৱাৰ পৰাও বিৰত থাকিবলৈ প্ৰেৰিত কৰিব।—১ কৰিন্থীয়া ৬:৯, ১০; প্ৰকাশিত বাক্য ২১:৮.

১৩. যীচুৰ উৎপীড়িত পাঁচনিবিলাকে সাহেৰে সাক্ষী দিবলৈ কেনেকৈ সহায় লাভ কৰিলে?

১৩ ঈশ্বৰৰ বাক্যৰ সঠিক জ্ঞানে আমাক নিৰ্ভয়ে সাক্ষী দিবলৈ আত্মবিশ্বাস প্ৰদান কৰে। (গীত ১১৯:৪১-৪৮) তদুপৰি আমি যাতে ‘নিন্দা কৰোঁতা লোকক উত্তৰ দিব’ পাৰোঁ, তাৰ বাবে সাহসী হোৱা প্ৰয়োজন। (গীত ১১৯:৪২) কেতিয়াবা আমি হয়তো যীচুৰ উৎপীড়িত পাঁচনিবিলাকৰ দৰে এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ: “[যিহোৱা, NW] . . . আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কবলৈ দিয়ক।” ইয়াৰ বাবে তেওঁলোকে কেনে ফলাফল পালে? এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ যে, তেওঁলোকৰ “সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, ঈশ্বৰৰ বাক্য সাহেৰে কলে।” সেই একেই সৰ্ব্বশক্তিমান জনাই আমাকো তেওঁৰ বাক্য সাহেৰে কʼবলৈ শক্তি প্ৰদান কৰে।—পাঁচনিৰ কৰ্ম্ম ৪:২৪-৩১.

১৪. পৌলৰ দৰে কিহে আমাক সাহেৰে সাক্ষী দিবলৈ সহায় কৰে?

১৪ আমি যদি ঈশ্বৰৰ “সত্য বাক্যৰ” প্ৰতি মূল্যাঙ্কন কৰি নিৰন্তৰে ‘তেওঁৰ ব্যৱস্থাক পালন কৰোঁ,’ তেন্তে নিশ্চয়ে সাহেৰে সাক্ষী দিবলৈ সক্ষম হʼম। (গীত ১১৯:৪৩, ৪৪) ঈশ্বৰৰ বাক্য মনোযোগেৰে অধ্যয়ন কৰাৰ দ্বাৰা আমি “ৰজাবিলাকৰ আগতো তেওঁৰ সাক্ষ্যবোৰৰ বিষয়ে কম।” (গীত ১১৯:৪৬) আনকি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাই উচিত সময়ত কি কʼব লাগে, সেই বিষয়েও আমাক জ্ঞান প্ৰদান কৰিব। (মথি ১০:১৬-২০; কলচীয়া ৪:৬) পাঁচনি পৌলে প্ৰথম শতিকাৰ অধিকাৰীবিলাকৰ আগত নিৰ্ভয়ে ঈশ্বৰৰ সাক্ষ্যবোৰৰ বিষয়ে কৈছিল। উদাহৰণস্বৰূপে, তেওঁ ৰোম দেশৰ ৰাজ্যপাল ফীলিক্সৰ আগত সাক্ষ্য দিছিল যিজনে “খ্ৰীষ্ট যীচুত যি বিশ্বাস, তাৰ বিষয়ে তেওঁৰ পৰা শুনিলে।” (পাঁচনিৰ কৰ্ম্ম ২৪:২৪, ২৫) তদুপৰি তেওঁ ৰাজ্যপাল ফীষ্ট আৰু ৰজা আগ্ৰিপ্পৰ আগতো সাক্ষ্য দিছিল। (পাঁচনিৰ কৰ্ম্ম ২৫:২২-২৬:৩২) সেইদৰে আমিও যিহোৱাৰ দ্বাৰা সামৰ্থ পাই সাহেৰে সাক্ষী দিব পাৰিম আৰু “শুভবাৰ্ত্তাত” কেতিয়াও লাজ অনুভৱ নকৰিম।—ৰোমীয়া ১:১৬.

ঈশ্বৰৰ বাক্যই শান্ত্বনা প্ৰদান কৰে

১৫. আনে ইতিকিং কৰাৰ সময়ত ঈশ্বৰৰ বাক্যই কেনেকৈ আমাক শান্ত্বনা প্ৰদান কৰিব পাৰে?

১৫ ঈশ্বৰৰ বাক্যই নিৰন্তৰে শান্ত্বনা প্ৰদান কৰে। (গীত ১১৯:৪৯-৫৬) কেতিয়াবা আমাক কিছুমান পৰিস্থিতিৰ সম্মুখীন হʼবলৈ শান্ত্বনাৰ আৱশ্যক হʼব পাৰে। আমি যদিও সাহেৰে যিহোৱাৰ সাক্ষী হোৱাৰ বিষয়ে আনক কওঁ, তথাপিও অহঙ্কাৰীসকলে ইতিকিং কৰি আমাক তেওঁৰ ব্যৱস্থাৰ পৰা এফলীয়া কৰিব বিচাৰে।’ (গীত ১১৯:৫১) এনে সময়ত আমি প্ৰাৰ্থনা কৰাৰ দ্বাৰা তেওঁৰ বাক্যত উল্লেখ কৰা হিতকাৰী বিষয়বোৰক সোঁৱৰি ‘নিজকে শান্ত্বনা দিব পাৰোঁ।’ (গীত ১১৯:৫২) তদুপৰি আমি এনে কোনো শাস্ত্ৰীয় সিদ্ধান্তৰ বিষয়ে সোঁৱৰিব পাৰোঁ যি আমাক শান্ত্বনা আৰু সাহস প্ৰদান কৰিব পাৰে।

১৬. উৎপীড়নৰ সম্মুখীন হোৱাৰ স্বত্বেও ঈশ্বৰৰ উপাসকসকলে কেনে মনোবৃত্তি নেদেখুৱালে?

১৬ গীতমালা ৰচোঁতাজনক যিহোৱাৰ বাক্যৰ পৰা এফলীয়া কৰিব বিচৰা অহঙ্কাৰীসকল ঈশ্বৰৰ সমৰ্পিত ইস্ৰায়েল ব্যক্তি আছিল। এইটো কিমান যে অপমানজনক বিষয় আছিল! তেনেহʼলে আঁহক আমি যেন তেওঁবিলাকৰ দৰে নহৈ ঈশ্বৰৰ ব্যৱস্থাত নিৰন্তৰে লাগি থাকোঁহঁক। (গীত ১১৯:৫১) নাজীৰ উৎপীড়ন আৰু তেনে ধৰণৰ একেই পৰিস্থিতিবোৰৰ সম্মুখীন হোৱাৰ স্বত্বেও হাজাৰ হাজাৰ যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে তেওঁৰ ব্যৱস্থা আৰু সিদ্ধান্তৰ অনুসাৰে চলিবলৈ ত্যাগ নিদিলে। (যোহন ১৫:১৮-২১) যিহোৱাৰ বিধিবোৰ পালন কৰিবলৈ গধুৰ নহয়। বৰঞ্চ, তেওঁৰ বিধিবোৰ আমাৰ বাবে শান্ত্বনাদায়ক মধুৰ গীতৰ দৰে।—গীত ১১৯:৫৪; ১ যোহন ৫:৩.

ঈশ্বৰৰ বাক্যৰ বাবে কৃতজ্ঞ হওক

১৭. ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা মূল্যাঙ্কনে আমাক কি কৰিবলৈ প্ৰেৰিত কৰে?

১৭ আমি ঈশ্বৰৰ বাক্যৰ অনুসাৰে জীৱন-যাপন কৰি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। (গীত ১১৯:৫৭-৬৪) গীতমালা ৰচোঁতাজনে ‘সকলো সময়তে যিহোৱাৰ বাক্যবোৰ’ পালন কৰিবলৈ সঙ্কল্প লৈছিল। আনকি তেওঁ ‘মাজ-নিশা উঠি যিহোৱাৰ শাসন-প্ৰণালীবোৰৰ বাবে ধন্যবাদ কৰিছিল।’ যদি আমি কোনো কাৰণে মাজ-নিশা সাৰ পাওঁ, তেন্তে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে আমাৰ ওচৰত কিযে এক উত্তম সুযোগ আছে! (গীত ১১৯:৫৭, ৬২) ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন মনোবৃত্তিয়ে ঈশ্বৰীয় শিক্ষা লাভ কৰিবলৈ আৰু তেওঁক ভয় কৰোঁতাসকলৰ সৈতে আনন্দৰে প্ৰশংসা কৰিবলৈ প্ৰেৰিত কৰিব। (গীত ১১৯:৬৩, ৬৪) এনে ধৰণৰ উত্তম সঙ্গতি আমি এই পৃথিৱীৰ অন্য কোনো স্থানত বিচাৰি পাব পাৰিমনে?

১৮. ‘দুষ্টবোৰৰ জৰীয়ে মেৰাই’ ধৰাৰ সময়ত যিহোৱাই কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে?

১৮ আমি যেতিয়া সমস্ত মনেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁৰ দ্বাৰা শিক্ষিত হʼবলৈ অনুৰোধ জনাওঁ, তেতিয়া ‘তেওঁৰ অনুগ্ৰহ’ পোৱাটো আমি অপেক্ষা কৰোঁ। (গীত ১১৯:৫৮, ৬১) আমি বিশেষকৈ তেতিয়া প্ৰাৰ্থনা কৰা আৱশ্যক যেতিয়া দুষ্টবোৰৰ ‘জৰীয়ে আমাক মেৰাই ধৰে।’ (গীত ১১৯:৫৮, ৬১) মেৰাই ধৰা তেনে শত্ৰুৰূপী জৰী কাটি যিহোৱাই আমাক স্বতন্ত্ৰতাৰে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰ বাবে মুক্তি দিব পাৰে। (মথি ২৪:১৪; ২৮:১৯, ২০) এই কথাষাৰৰ সত্যতা প্ৰতিবন্ধ লগোৱা দেশবোৰত দেখিবলৈ পোৱা যায়।

ঈশ্বৰৰ বাক্যত ভাৰসা ৰাখক

১৯, ২০. ক্লেশৰ সম্মুখীন হোৱাটো কেনেকৈ এক আনন্দৰ বিষয় হʼব পাৰে?

১৯ ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ ওপৰত ৰখা ভাৰসাই আমাক ক্লেশৰ সময়ত ধৈৰ্য্যৰে যিহোৱাৰ ইচ্ছা পূৰণ কৰিবলৈ সহায় কৰিব। (গীত ১১৯:৬৫-৭২) যদিও অহঙ্কাৰীসকলে ৰচোঁতাজনৰ অহিতে “মিছা কথা সাজিলে,” তথাপিও তেওঁ গীত গাই এইদৰে কৈছিল: “মই পোৱা দুখো মোৰ পক্ষে শুভজনক।” (গীত ১১৯:৬৬, ৬৯, ৭১) কিন্তু যিহোৱাৰ উপাসকবিলাকে দুখ সহন কৰাটো কেনেকৈ এক শুভজনক বিষয়?

২০ আমি যেতিয়া ক্লেশৰ দ্বাৰা পীড়িত হওঁ, তেতিয়া আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ যি আমাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে। আমি হয়তো ঈশ্বৰৰ বাক্যৰ অধ্যয়ন কৰিবলৈ ভালেমান সময় অতিবাহিত আৰু সেইবোৰৰ অনুসাৰে চলিবলৈ অনেক প্ৰচেষ্টা কৰিবলগীয়া হʼব পাৰে। তথাপিও ই আমাৰ কাৰণে আনন্দৰ বিষয় হিচাপে প্ৰমাণিত হয়।। যদি আমি ক্লেশৰ সম্মুখীন হৈ ধৈৰ্য্যহীন আৰু অহঙ্কাৰী হৈ পৰোঁ, তেন্তে কি কৰিব পাৰোঁ? এনে দুৰ্ব্বলতাবোৰক আমি আন্তৰিক প্ৰাৰ্থনা, ঈশ্বৰৰ বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাৰ সহায়েৰে দূৰ কৰি ‘নতুন মনুষ্যত্ব ধাৰণ কৰিব পাৰোঁ।’ (কলচীয়া ৩:৯-১৪) তদুপৰি ধৈৰ্য্যেৰে ক্লেশৰ সম্মুখীন হোৱাৰ দ্বাৰা আমাৰ বিশ্বাসো দৃঢ় হয়। (১ পিতৰ ১:৬, ৭) পাঁচনি পৌলে ক্লেশৰ সম্মুখীন হৈ আনন্দিত হৈছিল। কিয়নো ইয়াৰ বাবে তেওঁ যিহোৱাত অধিককৈ নিৰ্ভৰ হʼবলৈ শিকিব পাৰিলে। (২ কৰিন্থীয়া ১:৮-১০) সেইদৰে আমিও ক্লেশৰ সম্মুখীন হৈ আনন্দিত হমনে?

যিহোৱাত সদায়ে ভাৰসা ৰাখক

২১. ঈশ্বৰে অহঙ্কাৰীসকলক লাজত পেলোৱাৰ অৰ্থ কি?

২১ ঈশ্বৰৰ বাক্যই তেওঁত ভাৰসা ৰাখিবলৈ এক যুক্তিসঙ্গত কাৰণ প্ৰদান কৰে। (গীত ১১৯:৭৩-৮০) যদি আমি সঁচাকৈ সৃষ্টিকৰ্ত্তাজনক ভাৰসা কৰোঁ, তেন্তে কেতিয়াও লজ্জিত নহʼম। আমি হয়তো অহঙ্কাৰীবিলাকে কৰা কাৰ্য্যৰ দ্বাৰা পীড়িত হʼব পাৰোঁ, তেতিয়া আমি শান্ত্বনা বিচাৰি এইদৰে প্ৰাৰ্থনা কৰা আৱশ্যক: “অহঙ্কাৰী লোকে লাজ পাওক।” (গীত ১১৯:৭৬-৭৮) তেনে ব্যক্তিসকলে লাজ পোৱাৰ অৰ্থ হৈছে তেওঁবিলাকৰ দুষ্টতাক অনাবৃত আৰু যিহোৱাৰ নাম পবিত্ৰকৰণ কৰা। আমি নিশ্চিত যে, ঈশ্বৰৰ লোকক উৎপীড়িত কৰা সকলো প্ৰচেষ্টা ব্যৰ্থ হʼব। কিয়নো তেওঁলোকে ঈশ্বৰত সম্পূৰ্ণ ভাৰসা ৰাখা যিহোৱাৰ সাক্ষীসকলৰ অস্তিত্ব কেতিয়াও লুপ্ত কৰিব নোৱাৰিব।—হিতোপদেশ ৩:৫, ৬.

২২. গীতমালা ৰচোঁতাজনে কি অৰ্থত নিজকে “ধুঁৱাত থকা মোটৰ নিচিনা” অনুভৱ কৰিছিল?

২২ উৎপীড়নৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ বাক্যই আমাক আগতকৈ অধিক ভাৰসা ৰাখিবলৈ শক্তি প্ৰদান কৰে। (গীত ১১৯:৮১-৮৮) গীতমালা ৰচোঁতাজনে উৎপীড়নৰ সম্মুখীন হোৱাত নিজকে “ধূঁৱাত থকা মোটৰ নিচিনা” অনুভৱ কৰিছিল। (গীত ১১৯:৮৩, ৮৬) বাইবেলৰ সময়ত পানী, দ্ৰাক্ষাৰস বা অন্য দ্ৰব্য পদাৰ্থবোৰ ৰাখিবলৈ জন্তুৰ চালেৰে বনোৱা মোট বা বটল ব্যৱহাৰ কৰিছিল। কিন্তু ব্যৱহাৰ নকৰা মোটবোৰ ধুঁৱাৰে ভৰা কোঠাত থকাৰ বাবে কোঁচ খাই গৈছিল। ঠিক সেইদৰে উৎপীড়নৰ সময়ত আপুনিও “ধুঁৱাত থকা মোটৰ নিচিনা” অনুভৱ কৰেনে? যদি তেনেদৰে অনুভৱ কৰিছে তেন্তে যিহোৱাত ভাৰসা ৰাখি এইদৰে প্ৰাৰ্থনা কৰক: “তোমাৰ দয়া অনুসাৰে মোক পুনৰায় জীউৱা। তাতে মই তোমাৰ মুখৰ সাক্ষ্যবোৰ পালন কৰিম।”—গীত ১১৯:৮৮.

২৩. আমি গীত ১১৯:১-১৭৬ পদত কিহৰ বিষয়ে আলোচনা কৰিলোঁ আৰু গীত ১১৯:৮৯-১৭৬ পদতো বিবেচনা কৰাৰ সময়ত নিজকে কি সুধিব পাৰোঁ?

২৩ গীত ১১৯ অধ্যায়ৰ প্ৰথম ভাগটো বিবেচনা কৰি জানিব পাৰিলোঁ যে যিহোৱাই তেওঁৰ বাক্য, আদেশ, বিধি আৰু সাক্ষ্যবোৰত ভাৰসা ৰখা লোকসকলৰ প্ৰতি দয়া দেখুৱায়। (গীত ১১৯:১৬, ৪৭, ৬৪, ৭০, ৭৭, ৮৮) উপাসকসকলে তেওঁৰ বাক্যৰ অনুসাৰে চলা দেখি যিহোৱা ঈশ্বৰে অতি সন্তুষ্ট হৈছে। (গীত ১১৯:৯, ১৭, ৪১, ৪২) এই অধ্যায়ৰ বাকী ভাগবোৰ বিবেচনা কৰাৰ দ্বাৰা আপুনি হয়তো নিজকে এইদৰে সুধিবলৈ প্ৰেৰিত হʼব: ‘মই বাস্তৱতে যিহোৱাৰ বাক্যৰে মোৰ পথ দীপ্তিময় কৰিছোঁনে?’(w05 4/15)

[ফুটনোট]

a ইয়াত উল্লেখিত বিষয়বোৰ সম্পূৰ্ণ বাইবেলখনৰ মূল বিষয়টোৰ নহয়, কিন্তু যিহোৱাৰ সংবাদৰ বিষয়েহে জোৰ দি কৈছে।

আপুনি কেনেকৈ উত্তৰ দিব?

• প্ৰকৃত সুখ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

• যিহোৱাৰ বাক্যই কেনেকৈ আমাক আধ্যাত্মিকভাৱে সিদ্ধ ৰাখে?

• কি অৰ্থত ঈশ্বৰৰ বাক্যই আমাক সাহস আৰু শান্ত্বনা প্ৰদান কৰে?

• আমি কিয় যিহোৱা আৰু তেওঁৰ বাক্যৰ ওপৰত ভাৰসা ৰাখা উচিত?

[২৪ পৃষ্ঠাৰ ছবি]

পাঁচনি পৌলে সাহেৰে ‘ঈশ্বৰৰ সাক্ষ্যবোৰৰ বিষয়ে ৰজাবিলাকৰ আগত কৈছিল’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক