ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৯/১ পৃষ্ঠা ৩
  • আনুগত্য বজাই ৰাখাটো লাভদায়কনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনুগত্য বজাই ৰাখাটো লাভদায়কনে?
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বহুতো লোকে আনুগত্যক মূল্যাঙ্কন কৰে যদিও অভ্যাস নকৰে
  • আনুগত্য বজাই ৰাখাটো বাস্তৱতে লাভদায়ক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৯/১ পৃষ্ঠা ৩

আনুগত্য বজাই ৰাখাটো লাভদায়কনে?

কাৰ্ল নামৰ এজন বীমা প্ৰতিনিধিয়ে এইদৰে কয়: “আপুনি স্বাস্থ্য বীমাৰ বাবে অধিক ধন ব্যয় কৰিছে। যদি আপুনি মোৰ কোম্পানীত যোগদান কৰে, তেনেহʼলে এমাহত ৯০০ টকা ৰাহি কৰিব পাৰিব।”a

“আপুনি কোৱা কথাষাৰ প্ৰকৃততে সঁচা, কিন্তু বহু বছৰৰ পৰা মই এই কোম্পানীত মোৰ স্বাস্থ্য বীমা কৰি আহিছোঁ। তেওঁলোক অতীতৰে পৰা মোৰ বাবে বৃহৎ সহায়কাৰী প্ৰমাণিত হৈছে আৰু মই তেওঁলোকৰ প্ৰতি আনুগ্যত বজাই ৰাখিব বিচাৰিছোঁ,” বুলি জেনচে উত্তৰ দি কয়।

তাতে কাৰ্লে কয় যে, “আনুগ্যত বজাই ৰাখাটো হৈছে এক উত্তম গুণ। কিন্তু আনুগ্যত বজাই ৰাখিবলৈ আপুনি অধিক ধন ব্যয় কৰিবলগীয়া হোৱা নাইনে বাৰু!”

কাৰ্লে কোৱা কথাষাৰ সঁচা আৰু প্ৰায়ে কোনোবা এজনৰ প্ৰতি আনুগত্য বা বিশ্বস্ততা বজাই ৰাখিবলৈ অধিক ধন খৰচ কৰিবলগীয়া হয়।b তদুপৰি ইয়াৰ বাবে সময়, শক্তি আৰু আৱেগীক প্ৰতিশ্ৰুতিও সন্মিলিত আছে। গতিকে আনুগত্য বাজাই ৰাখাটো লাভদায়কনে?

বহুতো লোকে আনুগত্যক মূল্যাঙ্কন কৰে যদিও অভ্যাস নকৰে

জাৰ্মানীত এলেন্সবেচ্ছ অপিনিয়ন ৰিচাৰ্ছ প্ৰতিষ্ঠানে কৰা জৰীপৰ অনুসাৰে ৯৬ শতাংশ লোকে বিশ্বস্ততাক এক বাঞ্চনীয় গুণ বুলি দৃষ্টি কৰে। সেই প্ৰতিষ্ঠানে কৰা জৰীপে দেখুৱাইছে যে, ১৮-২৪ বছৰীয়া লোকসকলৰ তিনিভাগৰ দুভাগে বিশ্বস্ততা গুণটোক সকলোৱে ভাল পোৱাৰ বাবে ইয়াৰ প্ৰতি অনুকুল দৃষ্টি ৰাখে।

প্ৰকৃততে আনুগত্য বা বিশ্বস্ততা গুণটোক লোকসকলে যদিও বিস্তাৰিতভাৱে মূল্যাঙ্কন কৰে, তথাপিও আনুগত্য হোৱা বা বিশ্বস্ততা বজাই ৰাখাৰ ক্ষেত্ৰত এক ভিন্ন দৃষ্টিভঙ্গী ৰাখে। উদাহৰণস্বৰূপে, বহুতো ইউৰোপীয় দেশত বৈবাহিক দম্পতী বা পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ প্ৰতি আনুগত্য নহয়। বন্ধুসকলৰ বহুতে এজনে আনজনৰ প্ৰতি বিশ্বাসী নহয়। অতীতত কৰ্ম্মী আৰু মালিক বা ব্যৱসায়ী আৰু গ্ৰাহকক বিশ্বস্ততাৰ বান্ধোনে একেলগে বান্ধি ৰাখিছিল। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে সেই বান্ধ লোপ পাইছে। কিয় লোপ পাইছে?

জীৱনৰ ব্যস্ততাৰ বাবে প্ৰতিশ্ৰুতিৰ প্ৰতি আনুগত্য বজাই ৰাখা আৱেগীক সহনশীলতা হেৰুৱাই পেলাইছে। যিসকল ব্যক্তিয়ে মানৱ সম্বন্ধৰ বাবে হতাশ আৰু নিৰাশ হৈছে, তেওঁলোকে হয়তো এতিয়া কোনো এজনৰো প্ৰতি আনুগত্য বজাই ৰাখিবলৈ কুন্ঠাবোধ কৰিছে। আনসকলে আজিৰ এই খন্তেকীয়া জীৱনত আনুগত্য বজাই ৰাখাটো গুৰুত্বপূৰ্ণ বুলি নাভাবিব পাৰে।

সেয়েহে, আনুগত্য গুণটোক যদিও এক উত্তম নৈতিক গুণ বুলি প্ৰশংসা কৰা হয়, তথাপিও ইয়াক অভ্যাস নকৰে। এতেকে প্ৰশ্ন হৈছে: আনুগত্য বজাই ৰাখাটো লাভদায়কনে? যদি লাভদায়ক, তেন্তে আমি কাৰ প্ৰতি আনুগত্য বজাই ৰাখা উচিত আৰু কি প্ৰকাৰে? আমি আনুগত্য বজাই ৰাখি কেনে লাভসমূহ পাব পাৰোঁ? (w05 9/1)

[ফুটনোটবোৰ]

a এই লেখটোত আৰু পৰৱৰ্তী লেখত কিছুমান নাম সলনি কৰা হৈছে।

b “আনুগত্য” আৰু “বিশ্বস্ততা” শব্দ দুটাক যদিও সদায় একেটা আনুষঙ্গিক কথাত ব্যৱহাৰ কৰা নহয়, কিন্তু এই লেখটোত কেতিয়াবা এই দুটা শব্দক সাল-সলনি কৰি ব্যৱহাৰ কৰা হৈছে।

[৩ পৃষ্ঠাৰ ব্লাৰ্ব]

আনুগত্য গুণটোক যদিও এক উত্তম নৈতিক গুণ বুলি প্ৰশংসা কৰা হয়, তথাপিও ইয়াক অভ্যাস নকৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক