ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ১ পৃষ্ঠা ৪-৫
  • ঈশ্বৰৰ নাম কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ নাম কি হয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ নামৰ বিষয়ে জনাটো কিয় প্ৰয়োজন
  • ঈশ্বৰৰ নামৰ পৰা কি জানিব পাৰি
  • ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰ কোন হয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ১ পৃষ্ঠা ৪-৫

ঈশ্বৰৰ নাম কি হয়?

যদি আপুনি কাৰোবাৰ বিষয়ে জানিব বিচাৰে, তেনেহʼলে আপুনি হয়তো তেওঁক এইদৰে সুধিব, “আপোনাৰ নাম কি হয়?” যদি আপুনি এই প্ৰশ্ন ঈশ্বৰক সোধে, তেনেহʼলে তেওঁ কি উত্তৰ দিব?

“মই যিহোৱা, এয়েই মোৰ নাম।”—যিচয়া ৪২:৮.

আপুনি কেতিয়াবা যিহোৱা নামটো শুনিছেনে? কিছুমান বাইবেলত যিহোৱাৰ নাম বহুত কম বাৰ লিখা হৈছে আৰু কিছুমান বাইবেলত এই নাম একেবাৰেই নাই। এই নামৰ সলনি প্ৰভু বা ঈশ্বৰ লিখা হৈছে। কিন্তু আৰম্ভণিতে যেতিয়া বাইবেল লিখা হৈছিল, তেতিয়া যিহোৱাৰ নাম প্ৰায় ৭,০০০ বাৰ লিখা হৈছিল। হিব্ৰু ভাষাত চাৰিটা বৰ্ণৰে এই নাম লিখা হয় YHWH আৰু অসমীয়াত এই নাম যিহোৱা বুলি উচ্চাৰণ কৰা হয়।

মৃত সাগৰৰ কাষত পোৱা নুৰাত হিব্ৰু ভাষাত ঈশ্বৰৰ নাম

মৃত সাগৰৰ ওচৰত পোৱা গীতমালাৰ নুৰা ৩০-৫০ খ্ৰীষ্টাব্দ, হিব্ৰু

টিন্ডেলৰ বাইবেলৰ অনুবাদত ইংৰাজীত ঈশ্বৰৰ নাম

টিন্ডেলৰ অনুবাদ ১৫৩০, ইংৰাজী

ৰেইনা-ভালেৰা সংস্কৰণৰ বাইবেলত স্পেনিচত ঈশ্বৰৰ নাম

ৰেইনা-ভালেৰা সংস্কৰণ ১৬০২, স্পেনিচ

ৰেইনা-ভালেৰা সংস্কৰণৰ বাইবেলত স্পেনিচত ঈশ্বৰৰ নাম

ইউনিয়ন সংস্কৰণ ১৯১৯, চীনা

ঈশ্বৰৰ নাম বাইবেলৰ সম্পূৰ্ণ হিব্ৰু শাস্ত্ৰত আৰু বহুতো অনুবাদত পোৱা যায়

ঈশ্বৰৰ নামৰ বিষয়ে জনাটো কিয় প্ৰয়োজন

এই নাম ঈশ্বৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ। ঈশ্বৰৰ নাম কোনেও ৰাখা নাই, তেওঁ নিজেই নিজৰ নাম ৰাখিছে। বাইবেলত যিহোৱাই এইদৰে কৈছে, “এয়ে মোৰ চিৰকালৰ নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে সেই সোঁৱৰণীয় হম।” (যাত্ৰাপুস্তক ৩:১৫) গতিকে, বাইবেলত যিহোৱাক সৰ্ব্বশক্তিমান ঈশ্বৰ, পিতৃ, প্ৰভু আৰু ঈশ্বৰ বুলিও কোৱা হৈছে। কিন্তু এই উপাধিবোৰতকৈ বেছিবাৰ তেওঁৰ নাম লিখা হৈছে। উদাহৰণস্বৰূপে: অব্ৰাহাম, মোচি, দায়ূদ আৰু যীচু নামতকৈও বেছিবাৰ বাইবেলত যিহোৱাৰ নাম লিখা আছে। ইয়াৰ পৰা জানিব পাৰি যে এয়া এক বিশেষ নাম হয়। লগতে সকলো মানুহে তেওঁৰ নামৰ বিষয়ে জনাটো যিহোৱাই বিচাৰে। বাইবেলত কোৱা হৈছে, “অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।”—গীতমালা ৮৩:১৮.

এই নাম যীচুৰ বাবে গুৰুত্বপূৰ্ণ। যীচুৱে নিজৰ শিষ্যসকলক এক বিশেষ প্ৰাৰ্থনা শিকাইছিল, যাক প্ৰভুৰ প্ৰাৰ্থনা বুলি কোৱা হয়। তেওঁ নিজৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, “তোমাৰ নাম পবিত্ৰ হওক।” (মথি ৬:৯) তেওঁ নিজেও যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, “পিতৃ তোমাৰ নাম মহিমান্বিত কৰা।” (যোহন ১২:২৭) যীচুৱে গোটেই জীৱন ঈশ্বৰৰ নামৰ মহিমা কৰিলে। সেইবাবে তেওঁ ঈশ্বৰলৈ এইদৰে প্ৰাৰ্থনা কৰিব পাৰিলে, ‘মই তোমাৰ নাম তেওঁলোকক জনালোঁ আৰু আগলৈও জনাম।’—যোহন ১৭:২৬.

ঈশ্বৰৰ উপাসকসকলৰ বাবে এই নাম গুৰুত্বপূৰ্ণ। প্ৰাচীন সময়ত যিহোৱাৰ উপাসকসকলে বুজিব পাৰিলে যে তেওঁলোকৰ সুৰক্ষা আৰু পৰিত্ৰাণ ঈশ্বৰৰ নাম লোৱাৰ ওপৰত নিৰ্ভৰ কৰে। বাইবেলত কোৱা হৈছে, “যিহোৱাৰ নাম দৃঢ় দুৰ্গস্বৰূপ; ধাৰ্ম্মিক লোক তালৈ পলাই গৈ ৰক্ষা পায়।” (হিতোপদেশ ১৮:১০) ‘যি জনে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব।’ (যোৱেল ২:৩২) বাইবেলে কয় যে ঈশ্বৰৰ নামৰ যোগেদি তেওঁৰ লোকসকলে এক বিশেষ পৰিচয় লাভ কৰে। “আটাই জাতিয়ে নিজ নিজ দেৱতাৰ নামেৰে চলে, তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।”—মীখা ৪:৫; পাঁচনিৰ কৰ্ম্ম ১৫:১৪.

ঈশ্বৰৰ নামৰ পৰা কি জানিব পাৰি

কেৱল যিহোৱা নামেৰে ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। কিছুমান বিদ্বানে কয় যে যিহোৱা নামৰ অৰ্থ হৈছে, “তেওঁ যি বিচাৰে, সেয়াই হʼব পাৰে।” যিহোৱাই নিজৰ এজন সেৱক মোচিক নিজৰ নামৰ বিষয়ে জনাওতে এইদৰে কৈছিল, ‘মই যি হʼব বিচাৰোঁ, সেয়াই হʼব পাৰোঁ।’ (যাত্ৰাপুস্তক ৩:১৪, NW) যিহোৱাই যি কৈছিল তাৰ পৰা আমি তেওঁৰ নামৰ অৰ্থৰ বিষয়ে কিছু কথা জানিব পাৰোঁ। যেনে, যিহোৱা কেৱল সৃষ্টিকৰ্তাই নহয়, যি জনে সকলো বনাইছে। ইয়াৰ পৰিৱৰ্তে, তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যেতিয়া যি প্ৰয়োজন সেয়াই হʼব পাৰে আৰু নিজৰ সৃষ্টিকো বনাব পাৰে। যিহোৱাৰ এটা উপাধি হৈছে, সৰ্ব্বশক্তিমান। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাৰ ওচৰত কিমান অধিকাৰ আৰু শক্তি আছে। কিন্তু যিহোৱা নামৰ পৰা তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি যে তেওঁ কোন হয় আৰু কি হʼব পাৰে।

তেওঁৰ নামৰ পৰা আমি জানিব পাৰোঁ যে তেওঁ আমাৰ যত্ন লয়। যিহোৱাৰ নামৰ পৰা জানিব পাৰি যে তেওঁ নিজৰ সম্পূৰ্ণ সৃষ্টিৰ যত্ন লয়। যʼত মানৱ জাতিও জড়িত আছে। আমি তেওঁক জনাটোও তেওঁ বিচাৰে। সেইবাবে তেওঁ আমাক তেওঁৰ নাম জনাইছে। বহু বছৰ আগতে তেওঁ নিজে লোকসকলক নিজৰ নাম জনাইছিল। ইয়াৰ পৰা বুজিব পাৰি যে যিহোৱা ঈশ্বৰ কোনো অচিনাকী দেৱতা নহয়, যাক বুজাটো অসম্ভৱ। কিন্তু যিহোৱা এজন প্ৰকৃত ঈশ্বৰ হয়, যাৰ বিষয়ে আমি জানিব পাৰোঁ আৰু তেওঁৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ।—গীতমালা ৭৩:২৮.

যিহোৱাৰ নাম ব্যৱহাৰ কৰি আমি দেখুৱাওঁ যে আমি তেওঁৰ বন্ধু হʼব বিচাৰোঁ। কেনেকৈ বাৰু? এয়া বুজিবলৈ এটা উদাহৰণলৈ মন কৰক, যদি আপুনি কাৰোবাৰ লগত বন্ধুত্ব কৰিব বিচাৰে, তেনেহʼলে আপুনি তেওঁক আপোনাৰ নামলৈ মাতিবলৈ কয়। কিন্তু বহুবাৰ কোৱাৰ সত্ত্বেও তেওঁ আপোনাক আপোনাৰ নামলৈ নামাতে। এনেতে আপুনি ভাবিব পাৰে যে তেওঁ আপোনাৰ বন্ধু হʼব নিবিচাৰে। ঈশ্বৰেও আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰে। সেইবাবে তেওঁ আমাক নিজৰ নাম জনাইছে আৰু আমি তেওঁৰ নাম ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে। যিহোৱাৰ নাম ব্যৱহাৰ কৰাৰ যোগেদি আমি দেখুৱাওঁ যে আমি তেওঁৰ লগত বন্ধুত্ব কৰিব বিচাৰোঁ। তেওঁ লক্ষ্য কৰে যে কোনে তেওঁৰ নামক ‘বহুমূল্য’ বুলি ভাবে।—মলাখী ৩:১৬, NW, ফুটনোট।

ঈশ্বৰৰ নাম জনাটো কেৱল আৰম্ভণিহে মাথোন। তেওঁৰ কাষ চাপিবলৈ তেওঁৰ গুণবোৰৰ বিষয়েও জানিব লাগিব। আহক এই বিষয়ে চাওঁ।

ঈশ্বৰৰ নাম কি হয়? ঈশ্বৰৰ নাম হৈছে, যিহোৱা। তেওঁৰ নামৰ পৰাই জানিব পাৰি যে তেওঁ এনে ঈশ্বৰ হয়, যি নিজৰ উদ্দেশ্য পূৰ কৰে

ঈশ্বৰক কোনে সৃষ্টি কৰিলে?

এনেধৰণৰ প্ৰশ্ন বহুতো মানুহৰ মনত আহে, হয়তো আপোনাৰ মনলৈও আহিছিল। পৃথিৱীত যিবোৰ বস্তু আছে, সেইবোৰ নিশ্চয় কোনোবা নহয় কোনোবাই বনাইছে। কিন্তু প্ৰশ্ন হৈছে, ঈশ্বৰক কোনে সৃষ্টি কৰিলে?

এই বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি হৈছিল বুলি বেছিভাগ বৈজ্ঞানিকে বিশ্বাস কৰে। বাইবেলৰ প্ৰথম পদতো এয়াই কোৱা হৈছে,“আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।”—আদিপুস্তক ১:১.

এই বিশ্বব্ৰহ্মাণ্ড নিজে নিজে সৃষ্টি হোৱা নাই। কিয়নো প্ৰতিটো বস্তু কোনোবা নহয় কোনোবাই বনাইছে। সৃষ্টিকৰ্তা নোহোৱা হʼলে পৃথিৱীৰ কোনো বস্তুৰে অস্তিত্ব নাথাকিলহেঁতেন। আনকি আমাৰো। কিন্তু প্ৰশ্ন হৈছে, সেই সৃষ্টিকৰ্তাজন কোন? বাইবেলত কোৱা হৈছে যে তেওঁ এজন অদৃশ্য ঈশ্বৰ। তেওঁ বহুত শক্তিশালী আৰু বুদ্ধিমান। তেওঁৰ নাম হৈছে, যিহোৱা।—যোহন ৪:২৪.

বাইবেলত ঈশ্বৰৰ বিষয়ে এইদৰে লিখা আছে, “পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, তুমি পৃথিবী আৰু জগত সৃজন কৰাৰ পূৰ্ব্বে, অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।” (গীতমালা ৯০:২) ঈশ্বৰক কোনেও সৃষ্টি কৰা নাই, তেওঁ আদিৰে পৰা আছে। তেওঁৱে “আৰম্ভণিতে” পৃথিৱী, আকাশ-মণ্ডল আৰু সকলো বস্তু সৃষ্টি কৰিছে।—প্ৰকাশিত বাক্য ৪:১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক