ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/৯৯ পৃষ্ঠা ৪
  • আপুনি সময়ক উত্তমৰূপে ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সময়ক উত্তমৰূপে ব্যৱহাৰ কৰক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/৯৯ পৃষ্ঠা ৪

আপুনি সময়ক উত্তমৰূপে ব্যৱহাৰ কৰক

১ প্ৰত্যেক সপ্তাহত ব্যয় কৰিবলৈ সকলোৰ ওচৰত একে পৰিমাণৰ সময় আছে। যি সময়ক আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ব্যয় কৰোঁ সেই সময়টো হৈছে বহু মূল্যৱান কিয়নো এই সময়ত আমি জীৱন-ৰক্ষক কাৰ্য্য কৰোঁ। (ৰোমী. ১:১৬) সেৱা আচঁনি, সেৱা সভাত যাবলৈ ভালদৰে প্ৰস্তুত কৰা, ইয়াৰ বাবে আয়োজিত কৰা সভাৰ নিদ্ধাৰিত সময়ত উপস্থিত হোৱা আৰু সময় অপব্যয় নকৰাকৈ পৰিচৰ্য্যা ক্ষেত্ৰত যোৱাৰ দ্বাৰা আমি মূল্যঙ্কান দেখুৱাব পাৰোঁ। আমি সেৱা সভাত পলমকৈ থকাৰ পৰিৱৰ্তে প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰাটো লাভজনক হব। যিহেতু যিহোৱাই আমাক শিকাইছে যে “প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে,” সেইবাবে, যদি পৰিচৰ্য্যা কাৰ্য্যত উত্তমৰূপে অতিবাহিত কৰিবলৈ বিচাৰো তেনেহʼলে আছুতীয়াকৈ সময় ৰাখা উচিত।​—⁠উপ. ৩:⁠১.

২ বুদ্ধিমানৰূপে সময় অতিবাহিত কৰক: যেতিয়া আমি একেৰাহে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ তালিকাত অটল হৈ কাৰ্য্য কৰি থাকো তেতিয়া আমি বহু আশীৰ্ব্বাদৰ ভাগী হব পাৰোঁ। প্ৰকৃততে, পৰিচৰ্য্যা কাৰ্য্যত উত্তমফল প্ৰাপ্ত কৰিবলৈ সমান অনুপাতে সময় ব্যয় কৰা উচিত। আমি আমাৰ নিজ তালিকাত কিছু সাল-সলনি কৰি অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰোঁনে? উদাহৰণস্বৰূপে, শনিবাৰে আলোচনী বিতৰণ কৰাৰ পাছত, আমি অতিৰিক্ত সময়ত পুনৰ সাক্ষাৎ কৰিবলৈ অতিবাহিত কৰোঁনে? যদি দেওবাৰে অলপ সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিছোঁ, আমি পুনৰ সাক্ষাৎ বা বাইবেল অধ্যয়ন কৰিবলৈ সময় উলিয়াওঁ নে? ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্যৰ কৰা উপৰিও অতিৰিক্ত সময়ত ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য কৰাটো আমাৰ বাবে সম্ভৱ নে? এইধৰণে বা আন ধৰণে আমি আমাৰ সেৱকীয় কাৰ্য্যক উন্নত কৰাত সফল হব পাৰোঁ।

৩ যেতিয়া আমি প্ৰচাৰ কাৰ্য্য কৰোঁ, আৰু যদি আমি সময়ৰ প্ৰতি মনোযোগ নিদিও তেনেহʼলে আমি আমাৰ বহুমূলীয়া সময়ক হেৰুৱাব পাৰোঁ। অৱশ্যে, যেতিয়া বতৰৰ অৱস্থা বেয়া হয় তেতিয়া ক্ষন্তেক জিৰণীয়ে আমাক সতেজ কৰি তুলিব আৰু একেৰাহে আমাৰ কাৰ্য্য চলাই যাবলৈ আমাক সহায় কৰিব। ভাৰসাম্যতা বজাই ৰাখক, কিয়নো এইধৰণৰ জিৰণি সদায় লোৱাটো আৱশ্যক নাই।

৪ যোৱা কিছু বছৰত লোকসমূহক ঘৰত লগ নোপোৱাৰ সমস্যা অধিকৈ বৃদ্ধি হৈ আহিছে। এই সমস্যাক সমাধান কৰিবলৈ বহু প্ৰচাৰকে দিনটোৰ ভিন্ন-ভিন্ন সময়ত তেওঁলোকৰ ঘৰলৈ গৈ সাক্ষী দিয়াৰ কাৰ্য্য কৰে। আবেলি বা গধূলিৰ আগতে সাক্ষী দিয়া কাৰ্য্য কৰাৰ বাবে চেষ্টা নকৰে কিয়?

৫ যেতিয়া ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য কৰা হয় তেতিয়া এজন প্ৰচাৰকে আন এজন প্ৰচাৰকৰ সৈতে কথা পাতি থাকিলে সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰিব নোৱাৰি। তাৰ পৰিবৰ্ত্তে তেওঁলোকে এজনে আনজনৰ পৰা আঁতৰত থিয় হৈ বাটত অহা-যোৱা কৰা লোকসকলৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰিব পাৰে। এইদৰে উত্তমৰূপে সময় অতিবাহিত কৰি প্ৰচাৰ কাৰ্য্যত প্ৰচুৰ আনন্দ লাভ কৰিব পৰা যায়।

৬ সাক্ষী দিয়া কাৰ্য্যৰ বাবে সুযোগ বিচাৰক: এগৰাকী গৃহিণীয়ে কৈছিল যে তাই ইচ্ছুক নহয় তেতিয়া এজনী সাক্ষী ভনীয়ে সুধিছিল ঘৰত আন কোনোবা আছেনে যাৰ সৈতে তাই কথা পাতিব পাৰে। ইয়ে ঘৰত থকা মুৰব্বীৰজনৰ সৈতে কথা পাতিবলৈ পৰিচালিত কৰে যিজনে বহু বছৰ ধৰি বেমাৰত ভুগী শয্যাগ্ৰস্থ হৈ আছিল। ঈশ্বৰৰ বাক্যত থকা আশাই তেওঁৰ জীৱনৰ প্ৰতি এক নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনে। অতি কম সময়ৰ ভিতৰত তেওঁ সুস্থ হৈ শৰ্য্যা ত্যাগ কৰি ৰাজ্য গৃহৰ সভাসমূহত উপস্থিত হয় আৰু আনকো নতুনকৈ পোৱা তেওঁৰ আশাৰ সম্পৰ্কে কয়!

৭ এজনী কমবয়সীয়া ভনীয়ে মণ্ডলীত পুস্তক অধ্যয়ন কৰা সময়ৰ আগতে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা পৰামৰ্শক নিজৰ ক্ষেত্ৰতত প্ৰয়োগ কৰে। তাই প্ৰথম ঘৰত, এজনী ১৩ বছৰীয়া ছোৱালী লগ পাই যি জনীয়ে মন দি শুনিলে আৰু আলোচনী গ্ৰহণ কৰিলে। তাৰ পিছৰ দিনা স্কুলত কমবয়সীয়া ভনীজনীয়ে সেই একেজনী ছোৱালীক লগ পায়। তাৰ পাছতেই, তাই বাইবেল অধ্যয়নৰ বাবে প্ৰস্তাৱ আগবঢ়াই আৰু ছোৱালীজনীয়ে সেই প্ৰস্তাৱ স্বীকাৰ কৰে।

৮ সময়ক বহুমূলীয়া কৰি তোলক: প্ৰচাৰ কাৰ্য্যত নিয়মীয়াকৈ ভাগ লʼলে আমাৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা পদ্ধতিক উন্নত কৰাত সহায় হব। আপুনি ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত কাৰ্য্যকাৰীৰূপে কথা-বতৰা আৰম্ভ কৰি নিজৰ দক্ষতাক উন্নত কৰিব পাৰেনে? গৃহ বাইবেল অধ্যয়ন পৰিচালিত কৰাৰ সময়ত আপুনি অধিক দক্ষতাপ্ৰাপ্ত কৰা এজন শিক্ষক হবনে? এইদৰে কৰাৰ দ্বাৰা আপুনি প্ৰকৃততে সেৱা কাৰ্য্যত আপুনি অধিক সময় দিব পাৰে আৰু আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক অধিক ফলদায়ক কৰি তুলিব পাৰে।​—⁠১ তীম. ৪:⁠১৬.

৯ যিহেতু “কাল চুটি কৰা হৈছে,” আমাৰ জীৱনত খ্ৰীষ্টান কাৰ্য্যৰে ভৰি থকা উচিত। (১ কৰি. ৭:​২৯) আমাৰ তালিকাত প্ৰথম স্থান প্ৰচাৰ কাৰ্য্যত সময় অতিবাহিত কৰাটো হোৱা উচিত। আহঁক আমি সকলোৱে সমৃদ্ধিশালী, উৎসাহিত হৈ পৰিচৰ্য্যা কাৰ্য্যত অংশ গ্ৰহণ কৰোঁহঁক। যিহোৱাই আমাক প্ৰদান কৰা অপূৰ্ব সম্পদ হৈছে সময়। সকলো ক্ষেত্ৰতে ইয়াক বুদ্ধিমানৰূপে প্ৰয়োগ কৰক আৰু উত্তমৰূপে ব্যৱহাৰ কৰক।

[Box on page 4]

এই পৰমৰ্শসমূহক বিবেচনা কৰক:

◼ প্ৰচাৰৰ বাবে নিৰ্দিষ্ট কৰা সময়ত উপস্থিত হওঁক।

◼ নিৰ্দিষ্ট কাৰণত, সাক্ষী দিয়া সমূহক হ্ৰাস কৰক।

◼ প্ৰচাৰ ক্ষেত্ৰত পলমকৈ উপস্থিত হোৱাৰ পৰা বিৰত থাকক।

◼ যিসময়ত বেছিভাগ মানুহ ঘৰত থাকে তেতিয়া প্ৰচাৰ ক্ষেত্ৰত কাৰ্য্য কৰক।

◼ যদি নিৰাপদ তেতিয়াহে অকলশৰীয়াকৈ কাৰ্য্য কৰক।

◼ ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্য কৰাৰ সময়তে ওচৰতে থকা এলেকাত পুনৰ সাক্ষাৎ কৰক।

◼ যদি আন সমূহে ঘৰে-ঘৰে কৰা কাৰ্য্যত উপস্থিত হোৱাত পলম হৈছে তেনেহʼলে আপুনি নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকক।

◼ যিমান দূৰ সম্ভৱ, পৰিস্থিতিৰ উপৰত নিৰ্ভৰ কৰি এঘন্টতাকৈ বেছি সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক