‘তোমালোকৰ পোহৰ প্ৰকাশিত হওঁক’
১ বৰ্তমান সময়ত গোটেই জগতখন আধ্যাত্মিক আৰু নৈতিকতাৰ আন্ধাৰত আছে। সেইবাবে আমাক সেই আন্ধাৰৰ মাৰাত্মক বিপদসমূহত উজটি খোৱাৰ পৰা ৰক্ষা পাবলৈ সত্যৰ পোহৰে ‘আন্ধাৰৰ বিফল কাৰ্য্যবোৰ’ স্পষ্টৰূপে প্ৰকাশ কৰিছে। এতেকে পাঁচনি পৌলে খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “এতিয়া প্ৰভুত পোহৰ হৈছা।”—ইফি. ৫:৮, ১১.
২ আন্ধাৰময় জগতখনৰ আচৰণৰ তুলনাত “পোহৰৰ সন্তানবিলাকৰ আচৰণ” একেবাৰে বিপৰীত। (ইফি. ৫:৯) এই আচৰণৰ পোহৰক একেৰাহে উজ্জ্বল কৰি ৰাখিবলৈ খ্ৰীষ্টানসকলে যীচুৰ অনুসাৰে জীৱন-যাপন কৰি উত্তম আৰ্হি বজাই ৰখা উচিত। ইয়াৰ ওপৰিও আমি সত্যৰ কাৰ্য্যবোৰক নিস্বাৰ্থভাৱে সম্পূৰ্ণ হৃদয়েৰে উৎসাহিত হৈ কৰা আৱশ্যক। এইবাবে আমি আমাৰ দৈনন্দিন জীৱন আৰু আমাৰ প্ৰচাৰ কাৰ্য্যত সদাচৰণ প্ৰকাশ কৰা প্ৰয়োজন।
৩ সকলো সময়তে দীপ্তিময় হওঁক: যীচুৱে পৃথিৱীত থকা সময়ত তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক।” (মথি ৫:১৬) গতিকে যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ যোগেদি আমি ঈশ্বৰৰ উদ্দেশ্য আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি যিহোৱাৰ পোহৰক প্ৰতিফলিত কৰিব পাৰোঁ। যেতিয়া আমি ঘৰে-ঘৰে, স্কুল বা কাৰ্য্যস্থলত, চুবুৰীয়া অথবা যিকোনো ক্ষেত্ৰতেই নহওঁক কিয়, সকলোতে প্ৰচাৰ কৰি দীপ্তিময় হʼব পাৰোঁ।—ফিলি. ২:১৪-১৫.
৪ কিন্তু এই বিষয়ে যীচুৱে সতৰ্ক কৰি কৈছিল যে কিছুমানে এই পোহৰক ঘৃণা কৰিব। (যোহ. ৩:২০) সেইবাবে যদিও বেছি সংখ্যক লোকে ‘খ্ৰীষ্ট, তেওঁৰ গৌৰব-প্ৰকাশক শুভবাৰ্ত্তাক’ অস্বীকাৰ কৰে, আমি নিৰুৎসাহিত হোৱাতো আৱশ্যক নহয়। (২ কৰি. ৪:৪) কিয়নো যিহোৱাই সকলো মানুহৰ হৃদয়ত কি আছে তাক জানে আৰু সেইবাবে তেওঁৰ লোকসকলে অধাৰ্ম্মিক কাৰ্য্য কৰাটো তেওঁ কেতিয়াও নিবিচাৰে।
৫ যেতিয়া আমি যিহোৱাৰ ব্যৱস্থাৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেতিয়াহে আমি আনক আধ্যাত্মিক পোহৰৰ পথ দেখুৱাব পাৰোঁ। ইয়ে তেওঁলোকক আমাৰ আচৰণত “জীৱনৰ পোহৰ” দেখি নিজৰ জীৱন প্ৰণালীক সলনি কৰি পোহৰৰ পথত চলিবলৈ আগ্ৰহী কৰিব।—যোহ. ৮:১২.
৬ তেনে কৰাৰ দ্বাৰাই আমি সত্যৰ পোহৰক প্ৰকাশ কৰি যিহোৱাক প্ৰশংসা কৰিম। ইয়াৰ ওপৰিও আনক অনন্ত জীৱন পাবলৈ সহায় কৰিব পাৰিম। (১ পিত. ২:১২) গতিকে আঁহক আমাৰ ওচৰত থকা সেই দীপ্তিৰে আনক আধ্যাত্মিক অন্ধকাৰৰ পৰা পোহৰৰ পথ বিচাৰি পাবলৈ আৰু পোহৰৰ কাৰ্য্য কৰিবলৈ সহায় কৰোঁহঁক।