প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহৰ পৰা একেৰাহে লাভবান হওঁক
সাহিত্য বিতৰণ পদ্ধতিৰ সৰলীকৰণ কৰাৰ লগে লগে এইটো নিৰ্ণয় লোৱা হʼল যে ডাকযোগে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ গ্ৰাহকতাৰ যোগানত হ্ৰাস কৰা হʼব। গতিকে লোকসকলে যাতে আলোচনীৰ কোনো এখন সংখ্যা পোৱাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি নিশ্চিত হʼবলৈ বিশেষ চেষ্টা কৰা আৱশ্যক।
ব্যক্তিগত আলোচনীসমূহ: যেতিয়া ব্যক্তিগতৰূপে কৰা আলোচনীৰ গ্ৰাহকতা অন্ত হয়, তেতিয়া বৰ্তমানে আলোচনী বিভাগৰ পৰা পোৱা আপোনাৰ আলোচনীৰ সংখ্যা বৃদ্ধি কৰক। পিতৃ-মাতৃয়ে যথেষ্ট মাত্ৰাত আলোচনীৰ আৱেদন কৰা আৱশ্যক যাতে পৰিয়ালৰ সকলো সদস্যই ব্যক্তিগতভাৱে আলোচনীৰ একোখনকৈ কপি লাভ কৰিব পাৰে। ব্যক্তিগত আলোচনীসমূহত নিজৰ নাম লিখি নিশ্চিত কৰক যে সেইবোৰক যাতে অন্যমনস্ক হৈ প্ৰচাৰ কাৰ্য্যত বিতৰণ নকৰে। মণ্ডলীয়ে যেতিয়া সংস্থাৰ পৰা আলোচনীসমূহ প্ৰাপ্ত কৰে, তেতিয়া মণ্ডলীৰ আলোচনীৰ বিভাগ চোৱা-চিতা কৰা ভাইজনে পলম নকৰাকৈ সকলো প্ৰকাশককে প্ৰত্যেক সংখ্যাৰ আলোচনী বিতৰণ কৰিব।
আলোচনী প্ৰবাহ: যিসকল আগ্ৰহী লোকে আলোচনীৰ প্ৰত্যেকখন সংখ্যা প্ৰাপ্ত কৰিব বিচাৰে তেওঁলোকৰ সৈতে প্ৰচাৰকসকলে আলোচনী প্ৰবাহ স্থাপন কৰা আৱশ্যক। ব্যক্তিগতভাৱে এনে আগ্ৰহী লোকক আলোচনী দিয়াৰ যোগেদি তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ সুযোগ মুকলি হয়। অক্টোবৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠা চাওঁক।
যিসকলক বিশেষ সহায়ৰ আৱশ্যক: যদি এজন আগ্ৰহী ব্যক্তিয়ে এনে এটা অনিযুক্ত এলেকাত বাস কৰে, তেনেহʼলে তেওঁৰ ক্ষেত্ৰত অব্যাহতি কৰিব পৰা যায়। ডাকযোগে আলোচনীৰ গ্ৰাহকতা লাভ কৰিবলৈ তেওঁৰ বাবে ব্যৱস্থা কৰক। যদি এজন আগ্ৰহী ব্যক্তিয়ে মণ্ডলীৰ এলেকাত বাস কৰে কিন্তু তেওঁৰ সৈতে আলোচনী প্ৰবাহ স্থাপন কৰাটো সম্ভৱ নহয়, তেনেহʼলে এই বিষয়ে মণ্ডলীৰ সেৱা সমিতিৰ সৈতে আলোচনা কৰক। যদি তেওঁলোকে অনুমতি দিয়ে তেনেহʼলে সেই আগ্ৰহী ব্যক্তিজনক গ্ৰাহকতা আগবঢ়াব পাৰে। এই সম্পৰ্কে নিৰ্দ্দিষ্ট মান স্বৰূপে থকা গ্ৰাহকতা ফৰ্ম (M-1 আৰু M-101) ব্যৱহাৰ কৰিব পাৰে।
আমি নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰৰ ৰাজ্যৰ অৰ্থে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰিবলৈ কৰা প্ৰচেষ্টাত যিহোৱাই একেৰাহে আশীৰ্ব্বাদ কৰিব।