ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা ঘোষণা কৰা
১ “মই . . . ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে; কিয়নো সেই নিমিত্তে মোক পঠোৱা হল।” (লূক ৪:৪৩) এই বাক্যশাৰীৰ দ্বাৰা যীচুৱে তেওঁৰ পৰিচৰ্য্যাৰ মূল বিষয়বস্তু যে ঈশ্বৰৰ ৰাজ্য আছিল তাক দাঙি ধৰিলে। বৰ্তমান সময়তো ঈশ্বৰৰ ৰাজ্যক কেন্দ্ৰীত কৰি “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব” বুলি মথি ২৪:১৪ পদত কোৱাৰ অনুসাৰে প্ৰচাৰ কৰা হৈছে। ঈশ্বৰৰ ৰাজ্যৰ সম্পৰ্কে কেনে সত্যতাৰ বিষয়ে লোকসকলে শুনা আৱশ্যক?
২ ঈশ্বৰৰ ৰাজ্যই এতিয়া স্বৰ্গত শাসন কৰিছে আৰু অতি সোনকালে সেই ৰাজ্যই সকলো মানৱজাতিৰ শাসনক অন্ত কৰিব। দিয়াবল অৰ্থাৎ চয়তানক ইতিমধ্যেই স্বৰ্গৰ পৰা বহিষ্কাৰ কৰা হʼল আৰু বৰ্তমানৰ দুষ্ট ৰীতি-ব্যৱস্থা শেষকালত প্ৰৱেশ কৰিলে। (প্ৰকা. ১২:১০, ১২) চয়তান আৰু তাৰ সমস্ত ৰীতি-ব্যৱস্থা সম্পূৰ্ণকৈ ধ্বংস কৰা হʼব, কিন্তু ঈশ্বৰৰ ৰাজ্য কেতিয়াও অস্থিৰ নহʼব। এই ৰাজ্য চিৰকাললৈকে থাকিব।—দানি. ২:৪৪; ইব্ৰী ১২:২৮.
৩ ঈশ্বৰৰ ৰাজ্যই আজ্ঞাকাৰী মানৱজাতিৰ সকলো হিতকাৰী ইচ্ছা পূৰণ কৰিব। তদুপৰি সেই ৰাজ্যই মানৱজাতিৰ সকলো প্ৰকাৰৰ যুদ্ধৰ ফলত উৎপন্ন হোৱা দুখ-কষ্ট, অত্যাচাৰ, নিৰ্য্যাতন আৰু দৰিদ্ৰতা আঁতৰ কৰিব। (গীত. ৪৬:৮, ৯; ৭২:১২-১৪) তাত প্ৰচুৰ পৰিমাণে খাদ্য থাকিব। (গীত. ৭২:১৬; যিচ. ২৫:৬) ৰোগ আৰু শাৰীৰিক অক্ষমতা, অতীতৰ বিষয় হৈ পৰিব। (যিচ. ৩৩:২৪; ৩৫:৫, ৬) যেনেকৈ মানৱজাতিয়ে সিদ্ধতালৈ আগবাঢ়িব এই পৃথিৱীখন এখন পৰমদেশলৈ পৰিণত হʼব আৰু সকলো মানৱে একেলগে শান্তিত বাস কৰিব।—যিচ. ১১:৬-৯.
৪ আমাৰ জীৱন-যাপন প্ৰণালীৰে প্ৰকাশ কৰোঁ যে আমি ঈশ্বৰৰ ৰাজ্যৰ অধীন হʼব বিচাৰোঁ। ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাই আমাৰ সমস্ত জীৱনধাৰাত থকা লক্ষ্য আৰু সৎকৰ্মত প্ৰভাৱিত কৰা উচিত। উদাহৰণস্বৰূপে, আমাৰ পৰিয়ালটোক ভৰণ-পোষণ দিয়াটো আমাৰ কৰ্তব্য, কিন্তু আমি ভৌতিকবস্তু একত্ৰিত কৰাৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যৰ সৈতে জড়িত থকা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি আওকাণ কৰিব নোৱাৰোঁ। (মথি ১৩:২২; ১ তীম. ৫:৮) ইয়াৰ পৰিৱৰ্তে আমি নিশ্চয়ে যীচুৰ এই পৰামৰ্শৰ প্ৰতি কাণ দিয়া উচিত। যʼত এইদৰে কোৱা হৈছে: “তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।”—মথি ৬:৩৩.
৫ গতিকে এতিয়া সময় থাকোঁতেই লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়া আৰু তাৰ অনুসাৰে পদক্ষেপ লোৱা আৱশ্যক। সেয়েহে আঁহক আমি ‘ঈশ্বৰৰ ৰাজ্য-বিষয়ৰ কথাৰে’ তেওঁলোকক সহায় কৰোঁহঁক।—পাঁচ. ১৯:৮.