“হৃদয় বহল হওক”
১ মণ্ডলীক প্ৰেমৰ জৰিৰে বান্ধি ৰাখাটো খ্ৰীষ্টান ভাতৃত্ব সমাজত আমাৰ প্ৰত্যেকৰে কৰ্তব্য। (১ পিত. ১:২২; ২:১৭) তেনে প্ৰেম কেৱল তেতিয়াহে উৎপন্ন হয় যেতিয়া আমি নিজৰ “হৃদয় বহল” কৰি এজনে আনজনৰ প্ৰতি প্ৰতিভা বিকশিত কৰোঁ। (২ কৰি. ৬:১২, ১৩) আমি আমাৰ ভাই আৰু ভনীসকলক ভালকৈ জনাটো কিয় গুৰুত্বপূৰ্ণ?
২ শক্তিশালী বন্ধুত্ব গঢ়ি উঠা: আমি যেনেকৈ আমাৰ সঙ্গী বিশ্বাসী ভাই-ভনীক জানিব পাৰিম, তেতিয়া তেওঁলোকৰ বিশ্বাস, ধৈৰ্য্যশীল আৰু আন গুণসমূহৰ প্ৰতি মূল্যাঙ্কন দেখুৱাব পাৰিম। আমাৰ বাবে তেওঁলোকৰ ত্ৰুটিবোৰ নগণ্য হৈ পৰিব আৰু তেওঁলোকৰ সৈতে আমাৰ বন্ধুত্ব শক্তিশালী হৈ উঠিব। ভাই-ভনীসকলে এজনে আনজনক ভালদৰে বুজি ইজনে সিজনক শান্ত্বনা দি উত্তমভাৱে গঢ়ি তুলিব পাৰিব। (১ থিচ. ৫:১১) চয়তানৰ জগতৰ অহিতকাৰক প্ৰভাৱবোৰক প্ৰতিৰোধ কৰি আমি আনসকলৰ প্ৰতি “দৃঢ়তাস্বৰূপ” হʼম। (কল. ৪:১১, NW) আমি বৰ্তমান সময়ত এই জগতৰ ক্লেশদয়াক পৰিস্থিতিৰ কথা মনত ৰাখি যিহোৱাৰ লোকসকলৰ সৈতে অগভীৰ বন্ধুত্ব গঢ়ি তুলাটো আমাৰ বাবে কৃতজ্ঞতাৰ বিষয় নহয়নে বাৰু!—হিতো. ১৮:২৪.
৩ আমি অত্যন্ত উৎপীড়নৰ সম্মুখীন হোৱাৰ সময়ত অগভীৰ বন্ধুত্বই এক বিশেষ শক্তি আৰু শান্ত্বনা প্ৰদান কৰিব পাৰে। (হিতো. ১৭:১৭) নিজকে অযোগ্য বুলি ভৱা অনুভূতিৰ সৈতে সংঘৰ্ষ কৰা এগৰাকী খ্ৰীষ্টান ভনীয়ে এইদৰে কৈছিল: “বন্ধুবিলাকে মোৰ আত্মবিশ্বাস গঢ়ি তুলাত উৎসাহিত কৰি মোক নেতিবাচক মনোবৃত্তিৰ সৈতে সফলতা লাভ কৰিবলৈ সহায় কৰিলে।” অৱশ্যে এনে বন্ধুত্ব হৈছে যিহোৱাৰ আশীৰ্ব্বাদ।—হিতো. ২৭:৯.
৪ আনৰ প্ৰতি আগ্ৰহী হওক: আমি কেনেকৈ আমাৰ সঙ্গী বিশ্বাসী ভাই-ভনীৰ প্ৰতি বহল হৃদয়েৰে প্ৰেম দেখুৱাব পাৰোঁ? খ্ৰীষ্টান সভাবোৰত ভাই-ভনীসকলক কেৱল অভিবাদন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে অৰ্থপূৰ্ণৰূপে কথোপকথন হওক। কিন্তু এটা কথা মনত ৰাখক যে তেওঁলোকৰ ব্যক্তিগত জীৱনত নিজা আগ্ৰহকতা দেখুৱাবলৈ চেষ্টা নকৰিব। (ফিলি. ২:৪; ১ পিত. ৪:১৫) আনৰ প্ৰতি আগ্ৰহকতা প্ৰকাশ কৰাৰ আন এক পদ্ধতি হৈছে তেওঁলোকক আপোনাৰ সৈতে আহাৰ কৰিবলৈ আমন্ত্ৰণ কৰক। (লূক ১৪:১২-১৪) অথবা আপুনি তেওঁলোকৰ সৈতে একেলগে প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰিব পাৰে। (লূক ১০:১) আমি আগভাগ লৈ আমাৰ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক ভালকৈ জানি মণ্ডলীত ঐক্যতা বজাই ৰাখিব পাৰিম।—কল. ৩:১৪.
৫ আমি কেৱল তেনে ভাই-ভনীৰ সৈতে সঙ্গতি কৰিবলৈ বাছনি কৰোঁনে যি সকল সমবয়সৰ বা তেওঁলোকৰ লক্ষ্য আৰু মনোবৃত্তি আমাৰ সৈতে মিল খাই? এনেবোৰ কাৰণক আমি মণ্ডলীৰ সকলো ভাই-ভনীৰ সৈতে বন্ধুত্ব গঢ়ি তুলাত বাধাৰ কাৰণ হʼবলৈ দিয়া উচিত নহয়। দায়ূদ আৰু যোনাথন, একেইদৰে নয়মী আৰু ৰূথৰ বয়স আৰু পৃষ্ঠভূমি ভিন্ন হোৱাৰ স্বত্ত্বেও তেওঁলোকৰ পৰস্পৰে মাজত বন্ধুত্বৰ এক অটুত বন্ধন গঢ়ি উঠিছিল। (ৰূথ ৪:১৫; ১ চমূ. ১৮:১) আপুনি নিজৰ বন্ধুত্ব বিস্তাৰিত কৰিব পাৰেনে? তেনেদৰে কৰাৰ দ্বাৰা ঈশ্বৰৰ পৰা প্ৰচুৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰে।
৬ আমি নিজৰ হৃদয় বহল কৰি প্ৰেম প্ৰতিফলিত কৰাৰ দ্বাৰা এজনে আনজনৰ বিশ্বাস দৃঢ় আৰু মণ্ডলীত শান্তি বজাই ৰাখিব পাৰোঁ। তদুপৰি আমাৰ ভাই-ভনীসকলক প্ৰেম প্ৰকাশ কৰাৰ বাবে যিহোৱাই স্বয়ং আশীৰ্ব্বাদ দিয়ে। (গীত ৪১:১, ২; ইব্ৰী ৬:১০) এতেকে আপুনি এজনে আনজনৰ সৈতে ভালকৈ পৰিচিত হʼবলৈ আপোনাৰ লক্ষ্য নবনাই কিয়?
[Study Questions]
১. আমাৰ প্ৰত্যেকৰে কেনে কৰ্তব্য আছে?
২. আমি বিশ্বাসী সঙ্গী ভাই-ভনীসকলৰ সৈতে অগভীৰ বন্ধুত্ব গঢ়ি তুলাটো কিয় অতি গুৰুত্বপূৰ্ণ বিষয়?
৩. আমি কেনেকৈ এজনে আনজনৰ শক্তিশালী সহায়কৰ্তা হʼব পাৰোঁ?
৪. মণ্ডলীত থকা আন ভাই-ভনীসকলক কেনেকৈ ভালদৰে জানিব পাৰিম?
৫. আমি আমাৰ বন্ধুত্বক বিস্তাৰিত কৰাৰ এটা পদ্ধতি কি?
৬. আমি হৃদয় বহল কৰি আমাৰ বিশ্বাসী ভাই-ভনীসকললৈ প্ৰেম প্ৰতিফলিত কৰাৰ দ্বাৰা কেনে লাভসমূহ পাব পাৰোঁ?