ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৫ পৃষ্ঠা ৮
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সভাবোৰত উপস্থিত হ’বলৈ আনক সহায় কৰক
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাই নিজৰ সংগঠনক চলাই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৫ পৃষ্ঠা ৮

প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

ভাগ ৮: বিদ্যাৰ্থীসকলক সংগঠনলৈ পৰিচালিত কৰক

১ আমি কেৱল বাইবেলীয় সিদ্ধান্তৰ বিষয়ে শিক্ষাদান কৰিবলৈ বাইবেল অধ্যয়ন পৰিচালনা কৰোঁ এনে নহয়, কিন্তু বিদ্যাৰ্থীসকলক খ্ৰীষ্টান মণ্ডলীৰ ভাগ হʼবলৈও সহায় আগবঢ়াওঁ। (জখ. ৮:⁠২৩) এই বিষয়ে যিহোৱাৰ সাক্ষীসকল​—⁠ তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? নামৰ ব্ৰচাৰখনে বিদ্যাৰ্থীসকলক অধিক সহায় কৰিব পাৰিব। নতুন বাইবেল বিদ্যাৰ্থীসকলক এই ব্ৰচাৰখন পঢ়িবলৈ উৎসাহিত কৰক। তদুপৰি প্ৰত্যেক সপ্তাহে কৰা অধ্যয়নত এই ব্ৰচাৰখনৰ পৰা যিহোৱাৰ সংগঠনৰ বিষয়ে এটাকৈ বিষয় আলোচনা কৰক।

২ মণ্ডলীৰ সভাবোৰ: ঈশ্বৰৰ সংগঠনক বিদ্যাৰ্থীসকলে মূল্যাঙ্কন কৰাত সহায় কৰাৰ প্ৰধান পথটো হৈছে আমাৰ সৈতে মণ্ডলীৰ সভাবোৰত উপস্থিত হোৱা। (১ কৰি. ১৪:⁠২৪, ২৫) সেয়েহে আপুনি আমাৰ সপ্তাহিক সভাৰ বিষয়ে এবাৰত এটাকৈ বিষয় বিদ্যাৰ্থীজনক বুজাই দিব পাৰে। আগন্তুক ৰাজহুৱা ভাষণৰ বিষয়বস্তুৰ বিষয়ে বিদ্যাৰ্থীজনক কওক। তেওঁলোকক প্ৰহৰীবুৰুজ অধ্যয়ন আৰু মণ্ডলীৰ পুস্তক অধ্যয়নত আলোচনা কৰা প্ৰকাশনবোৰ দেখুৱাক। ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল আৰু সেৱা সভাৰ বিষয়ে বৰ্ণনা কৰক। আপোনাৰ যেতিয়া স্কুলত কোনো ভাগ থাকে, তেতিয়া বিদ্যাৰ্থীজনৰ আগত আখৰা কৰি দেখুৱাব পাৰে। সভাত শিকা বিশেষ বিষয়বোৰক বিদ্যাৰ্থীজনক কওক। সংস্থাই প্ৰকাশ কৰা প্ৰকাশনবোৰত থকা ছবিবোৰ দেখুৱাক যাতে বিদ্যাৰ্থীজনে আমাৰ সভাবোৰ কেনেকৈ পৰিচালনা কৰা হয়, সেই বিষয়ে কল্পনা কৰিব পাৰে। অধ্যয়ন পৰিচালনা আৰম্ভ কৰা সময়ৰ পৰাই তেওঁলোকক সভাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক।

৩ যেতিয়া স্মৰণীয় পৰ্ব্ব, সন্মিলন আৰু চাৰ্কিট ওভাৰচিয়াৰৰ পৰিদৰ্শনৰ সময় কাষ চাপে, তেতিয়া এই ব্যৱস্থাত উপস্থিত হʼবলৈ বিদ্যাৰ্থীসকলৰ সৈতে আগৰে পৰা অলপ সময় ধৰি সেই বিষয়ে বুজাই দিয়া আৱশ্যক। তেওঁলোকক এইদৰে প্ৰগতিশীল প্ৰশ্নৰ উত্তৰ দিবলৈ আগ্ৰহ কৰিব পাৰে: আমাক কিয় যিহোৱাৰ সাক্ষী বুলি কোৱা হয়? ৰাজ্যগৃহবোৰক আমাৰ সভাৰ স্থান বুলি কিয় কওঁ? প্ৰাচীন আৰু সহায়ক সেৱকসকলৰ দায়িত্ব কি? কেনেকৈ প্ৰচাৰ কাৰ্য্য আৰু এলেকাবোৰক সংগঠিত কৰা হয়? কেনেকৈ আমাৰ সাহিত্যবোৰ প্ৰকাশ কৰা হয়? সস্থাই কিদৰে আৰ্থিক সহায় লাভ কৰে? আমাৰ কাৰ্য্যবোৰ নিৰীক্ষণ কৰাত শাখা কাৰ্য্যালয় আৰু প্ৰশাসন গোষ্ঠীয়ে কেনে ভূমিকা আদায় কৰে?

৪ শিক্ষাপ্ৰদ ভিডিঅ’: আমাৰ ভিডিঅʼবোৰে যিহোৱাৰ মহান সংগঠনৰ বিষয়ে জানিবলৈ বাইবেল বিদ্যাৰ্থীসকলক আন এক প্ৰকাৰে সহায় কৰিব। ইয়ে তেওঁলোকক পৃথিৱীৰ শেষ সীমালৈকে লৈ যাব আৰু আমাৰ সমুদায় ভাতৃত্ব সমাজʼৰ পৰিচিত হৈ আমি কেনেকৈ ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা একত্ৰিত, সেই বিষয়ে নিজেই চাব পাৰিব। পাঁচ বছৰে আমাৰ আলোচনী আৰু আন সাহিত্যবোৰ প্ৰাপ্ত কৰা এগৰাকী মহিলাই যিহোৱাৰ সাক্ষী নামৰ নেপথ্যত থকা সেই সংগঠন নামৰ ভিডিঅʼখন চোৱাৰ পিছত তাইৰ চকুলো ওলাই আহিল। মহিলাগৰাকীক সাক্ষাৎ কৰিবলৈ অহা যিহোৱাৰ সাক্ষীৰ সদস্যসকলক ভাৰসা কৰিছিল, কিন্তু ভিডিঅʼখন চোৱাৰ পিছত তাই অনুভৱ কৰিব পাৰিলে যে তেওঁলোকৰ সংগঠনকো ভাৰসা কৰিব পাৰি। তাৰ পিছত মহিলাগৰাকীৰ সৈতে অধ্যয়ন আৰম্ভ হয় আৰু পিছৰ সপ্তাহত তাই ৰাজ্যগৃহৰ সভাত উপস্থিত হʼবলৈ ধৰে।

৫ প্ৰত্যেক সপ্তাহে বিদ্যাৰ্থীসকলৰ সৈতে সংস্থাই আগবঢ়োৱা উপযুক্ত সাহিত্যৰ পৰা কেই মিনিটমান সময় অতিবাহিত কৰি, ক্ৰমান্বয়ে আমি তেওঁলোকক বৰ্তমান সময়ত যিহোৱাই ব্যৱহাৰ কৰা সংগঠনলৈ পৰিচালিত কৰিব পাৰোঁ।

[Study Questions]

১. প্ৰত্যেক সপ্তাহে পৰিচালনা কৰা বাইবেল অধ্যয়নত যিহোৱাৰ সংগঠনৰ বিষয়ে এটাকৈ বিষয় আলোচনা কৰাটো কিয় লাভদায়ক?

২. মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ বিদ্যাৰ্থীসকলক কেনেকৈ আমি উৎসাহিত কৰিব পাৰোঁ?

৩. সংগঠনৰ কেনে ব্যৱস্থাবোৰৰ বিষয়ে আমি আলোচনা কৰিব পাৰোঁ?

৪, ৫. আমাৰ ভিডিঅʼবোৰ ব্যৱহাৰ কৰি আমি কেনেকৈ সংগঠনৰ প্ৰতি বিদ্যাৰ্থীসকলৰ মূল্যাঙ্কন গঢ়ি তুলিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক