যিহোৱাৰ মহিমা ঘোষণা কৰক
১ গীতমালা ৰচোঁতাই এইদৰে ঘোষণা কৰিছিল: ‘হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা। . . . জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, সমুদায় লোকসমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম বৰ্ণনা কৰা।’ আমি, যিহোৱাই কৰা, কৰি থকা আৰু কৰিবলগীয়া কাৰ্য্যবোৰৰ ওপৰত মনোযোগ দিয়াৰ দ্বাৰা আমাৰ হৃদয় তেওঁৰ মহিমান্বিত কৰিবলৈ প্ৰেৰিত হʼব।—গীত ৯৬:১, ৩.
২ আমাৰ পৰিচৰ্য্যাত: যিহোৱাৰ সাক্ষী নাম ধাৰণ কৰি ঈশ্বৰৰ নামৰ লোক হৈ সমুদায় পৃথিৱীত ঘোষণা কৰিবলৈ আমাৰ এক বিশেষাধিকাৰ আছে। (মলা. ১:১১) বাইবেল অনুবাদ কৰাৰ সময়ত অহঙ্কাৰী হৈ ঈশ্বৰৰ নাম গুচাই পেলোৱা খ্ৰীষ্টীয়জগতৰ পাদ্ৰীসকলৰ তুলনাত কেনে এক ভিন্নতা দেখিবলৈ পোৱা যায়! আগন্তুক মহাক্লেশৰ পৰা ৰক্ষা পাবলৈ লোকসকলে ঈশ্বৰৰ নাম আৰু তেওঁত বিশ্বাস কৰিবলৈ ঈশ্বৰৰ নামৰ সম্পৰ্কে ঘোষণা কৰাটো অতি আৱশ্যক। (ৰোমী. ১০:১৩-১৫) তদুপৰি সমুদায় পৃথিৱী আৰু ইয়াৰ বাসিন্দাসকলৰ মাজত শান্তি স্থাপন হোৱাটো ঈশ্বৰৰ নামৰ পবিত্ৰকৰণ হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। দৰাচলতে, ঈশ্বৰৰ সকলো কাৰ্য্য তেওঁৰ নামৰ সৈতে জড়িত আছে।
৩ “যিহোৱা মহান, আৰু অতি প্ৰশংসনীয়।” কিন্তু লোকসকলে “যিহোৱাৰ উদ্দেশে তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্ত্তন” কৰিবলৈ তেওঁৰ বিষয়ে সত্যতা জনা অতি আৱশ্যক। (গীত ৯৬:৪, ৮) কিন্তু কিছুমানে ঈশ্বৰ অস্তিত্বত আছে বুলি কʼবলৈ অস্বীকাৰ কৰে। (গীত ১৪:১) আনসকলে তেওঁক শক্তিহীন বা মানুহৰ প্ৰতি কোনো আগ্ৰহী নহয় বুলি কৈ বদনাম কৰে। গতিকে আমি নম্ৰ মনৰ লোকসকলক আমাৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে যথাৰ্থ জ্ঞান, তেওঁৰ উদ্দেশ্য আৰু তেওঁৰ ব্যক্তিত্বৰ গুণসমূহৰ বিষয়ে জানিবলৈ সহায় কৰি আমি যিহোৱাৰ নামৰ মহিমান্বিত কৰোঁ।
৪ আমাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰা: যিহোৱাৰ ধাৰ্ম্মিক স্তৰৰ অনুসাৰে জীৱন-যাপন কৰি আমি তেওঁক সন্মান কৰোঁ। আমাৰ উত্তম আচাৰ-ব্যৱহাৰ কেতিয়াও আনৰ চকুত নপৰাকৈ লুকাই থকা নাই। (১ পিত. ২:১২) উদাহৰণস্বৰূপে, আমাৰ পৰিষ্কাৰ আৰু পৰিপাটি ব্যক্তিত্ব দেখি আনসকলে উৎসাহজনক মন্তব্য দিব পাৰে আৰু ইয়ে তেওঁলোকক ঈশ্বৰৰ বাক্যত পোৱা সিদ্ধান্তৰ বিষয়ে কʼবলৈ আমাৰ বাবে এক সুযোগ মুকলি কৰে। (১ তীম. ২:৯, ১০) আনে ‘আমাৰ ভাল কৰ্ম্ম দেখি স্বৰ্গত থকা আমাৰ পিতৃক স্তুতি’ কৰাটো আমাৰ বাবে এক আনন্দৰ বিষয় নহয়নে বাৰু!—মথি ৫:১৬.
৫ এতেকে আঁহক আমি আমাৰ কাৰ্য্য আৰু বাক্যৰে প্ৰত্যেক দিনা আমাৰ ঈশ্বৰক মহিমা কৰি এইদৰে কওঁহঁক: “যিহোৱাৰ উদ্দেশে গান কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা।”—গীত ৯৬:২.