ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp20 নং ২ পৃষ্ঠা ৪-৫
  • আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন আছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন আছে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মানৱীয় শাসনৰ আৰম্ভ
  • এতিয়া পদক্ষেপ লোৱাৰ সময় হʼল!
  • ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত এক নতুন শাসন-প্ৰণালী স্থাপন কৰিব
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰে অনুমতি দিয়া দুখ-কষ্টৰ অন্তৰ সময় একেবাৰে কাষ চাপিল
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পৃথিৱীত ইমান দুষ্টতা আৰু দুখ-কষ্ট কিয় হৈ আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • এখন সুখী জগতৰ মাপকাঠী
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
wp20 নং ২ পৃষ্ঠা ৪-৫
আদম আৰু হৱাই এদন বাগিছাত ঝৰণাৰ ফালে চাই আছে।

ঈশ্বৰৰ শাসনৰ অধীনত তেওঁৰ সকলো সৃষ্টি একতা আৰু শান্তিত আছিল

আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন আছে?

আমাৰ ঈশ্বৰ যিহোৱাই যেতিয়া প্ৰথম মানৱ দম্পতী আদম আৰু হৱাক সৃষ্টি কৰিছিল, তেতিয়া গোটেই বিশ্বত কেৱল তেৱেঁ একমাত্ৰ ৰজা আছিল। সেই সময়ত যিহোৱাই তেওঁলোকক প্ৰেমেৰে শাসন কৰিছিল। যিহোৱাই তেওঁলোকক থাকিবলৈ এদন নামৰ এখন সুন্দৰ বাগিছা দিছিল। তাত তেওঁলোকৰ খোৱা-বোৱাৰ কোনো অভাৱ নাছিল আৰু যিহোৱাই তেওঁলোকক সন্তোষজনক কামো দিছিল। (আদিপুস্তক ১:২৮, ২৯; ২:৮, ১৫) যদি আদম আৰু হৱাই ঈশ্বৰৰ শাসনৰ অধীনত থকা হʼলে আজি গোটেই মানৱজাতি শান্তিত থাকিব পাৰিলেহেঁতেন।

যিহোৱাই খাবলৈ মানা কৰা ফলটো হৱাই আদমক দিছে আৰু আদমে ফলটো হাতত ধৰি আছে।

প্ৰথম মানুহ আদম আৰু হৱাই ঈশ্বৰক নিজৰ ৰজা বুলি স্বীকাৰ নকৰিলে

বাইবেলত কোৱা হৈছে যে এজন স্বৰ্গদূত ঈশ্বৰৰ বিৰোধী হʼল আৰু সি চয়তান হৈ পৰিল। সি প্ৰশ্ন কৰিছিল যে ঈশ্বৰৰ শাসন কৰাৰ অধিকাৰ আছেনে। চয়তানে কোৱাৰ অৰ্থ এয়া আছিল যে মানুহে ঈশ্বৰৰ শাসনৰ অবিহনে বেছি সুখী হৈ থাকিব পাৰে। দুখৰ কথা যে চয়তানৰ দৰে আদম আৰু হৱাই ঈশ্বৰৰ বিৰোধে বিদ্ৰোহ কৰিলে।—আদিপুস্তক ৩:১-৬; প্ৰকাশিত বাক্য ১২:৯.

আদম আৰু হৱাই ঈশ্বৰক নিজৰ ৰজা বুলি মানিবলৈ অস্বীকাৰ কৰাৰ বাবে সেই সুন্দৰ বাগিছাখন হেৰুৱাই পেলালে। এয়াই নহয় তেওঁলোকে সদায় দিন জীয়াই থকাৰ আশীৰ্বাদো হেৰুৱালে। (আদিপুস্তক ৩:১৭-১৯) তেওঁলোকে ভুল নিৰ্ণয় লোৱাৰ বাবে তেওঁলোকৰ আহিবলগীয়া সন্তানসকলেও দুখ ভুগিবলগীয়া হʼল। বাইবেলত কোৱা হৈছে যে আদমৰ “দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল।” (ৰোমীয়া ৫:১২) পাপৰ বাবে আন এটা ভয়ানক পৰিণাম হʼল, মানুহে “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা” পালে। (উপদেশক ৮:৯) আন কথাত কʼবলৈ গʼলে মানুহে মানুহৰ ওপৰত অধিকাৰ কৰি বেয়া পৰিণামহে পায়।

মানৱীয় শাসনৰ আৰম্ভ

নিম্ৰোদে অহংকাৰ কৰি থিয় হৈ হৈছে আৰু তেওঁৰ পিছফালে লোকসকলে বিল্ডিং বনাই আছে।

নিম্ৰোদে যিহোৱাৰ বিৰুদ্ধে কাম কৰিলে

বাইবেলত কোৱা হৈছে যে মানৱজাতিৰ প্ৰথম শাসক নিম্ৰোদ আছিল। তেওঁ যিহোৱাৰ শাসন স্বীকাৰ কৰা নাছিল। নিম্ৰোদৰ দিনৰ পৰাই শক্তিশালী লোকসকলে নিজৰ অধিকাৰক অপব্যৱহাৰ কৰি আহিছে। আজিৰ পৰা প্ৰায় ৩০০০ বছৰ আগতে ৰজা চলোমনে এইদৰে কৈছিল ‘চোৱা অত্যাচাৰ পোৱা লোকবিলাকৰ চকু-লো বৈছে, কিন্তু তেওঁবিলাকক শান্ত্বনা কৰোঁতা কোনো নাই; আৰু তেওঁবিলাকক অত্যাচাৰ কৰোঁতাবিলাকৰ বল আছে।’—উপদেশক ৪:১.

বৰ্তমান সময়তো জগতৰ পৰিস্থিতি ঠিক একেদৰে হৈ আছে। ২০০৯ চনত সংযুক্ত ৰাষ্ট্ৰৰ এখন আলোচনীত কোৱা হৈছিল যে দিনক দিনে এয়া স্পষ্ট হৈছে যে “পৃথিৱীত ঘটি থকা বেছিভাগ সমস্যাৰ বাবে চৰকাৰে দায়ী।”

এতিয়া পদক্ষেপ লোৱাৰ সময় হʼল!

এই পৃথিৱীত এজন ভাল শাসক আৰু চৰকাৰৰ প্ৰয়োজন আছে। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰে এনেধৰণৰ চৰকাৰ আনিবলৈ প্ৰতিজ্ঞা কৰিছে।

ছবি: মানৱীয় শাসনৰ পৰিণাম. ১. এগৰাকী তিৰোতাই নিজৰ কান্দি থকা সন্তানক কোলাত লৈ এখন লেতেৰা ঠাইত বহি আছে। ২. এজন বৃদ্ধ বেমাৰী ব্যক্তি হস্পিতালৰ বিচনাত শুই আছে। ৩. সৈনিকসকলে যুদ্ধত বন্দুক চলাই আছে। ৪. প্ৰতিবাদ কৰা লোকসকল খঙত আছে আৰু হাতত বেনাৰ লৈ আছে। ৫. এগৰাকী মাতৃ আৰু ছোৱালী ঘৰৰ বাহিৰত থিয় হৈ আছে আৰু চাই আছে যে তেওঁলোকৰ ঘৰৰ দৰ্জাৰ গ্লাচ ভাঙা আছে। ৬. এখন চহৰ ধোঁৱাৰে আঁৱৰি আছে আৰু তাৰ ওপৰত বহুতো বিজুলীৰ তাঁৰ ওলমি আছে।

ভাল মানৱীয় চৰকাৰেও পৃথিৱীৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰিব পৰা নাই

ঈশ্বৰে নিজৰ এক ৰাজ্য অৰ্থাৎ চৰকাৰ গঠন কৰিছে আৰু এই চৰকাৰৰ যোগেদি সকলো মানৱীয় চৰকাৰক একেবাৰে শেষ কৰিব। তাৰ পাছত কেৱল “[ঈশ্বৰৰ ৰাজ্য] চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) লাখ লাখ লোকে এই ৰাজ্যৰ বাবে প্ৰাৰ্থনা কৰে। (মথি ৬:৯, ১০) কিন্তু ঈশ্বৰে নিজে এই চৰকাৰক পৰিচালিত নকৰিব। তাৰ বাবে তেওঁ এজন উপযুক্ত ৰজা বাছনি কৰিছে, যিজনে এসময়ত এই পৃথিৱীত মানুহ হিচাপে জীয়াই আছিল। ঈশ্বৰে কাক নিজৰ ৰাজ্যৰ বাবে ৰজা হিচাবে বাছনি কৰিছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক