ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৯-১০
বিশ্বাস দৃঢ় কৰিব পৰা এটা দৰ্শন
অন্য ৰূপ লোৱাৰ সময়ত ঈশ্বৰে স্বৰ্গৰপৰা যীচুক কৈছিল যে ‘এওঁত মই পৰম সন্তুষ্ট,’ এই কথা শুনি যীচুৱে কেনে অনুভৱ কৰিছিল, আপুনি কল্পনা কৰিব পাৰেনে? নিঃসন্দেহ, এই কথাই যীচুক সন্মুখীন হʼবলগীয়া দুখ-কষ্ট সহন কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰিও, এই দৰ্শনে পিতৰ, যাকোব আৰু যোহনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যীচুৱেই যে মচীহ হয় আৰু তেওঁৰ কথা শুনি তেওঁলোকে কোনো ভুল কৰা নাই বুলি এই দৰ্শনে তেওঁলোকৰ বিশ্বাস দৃঢ় কৰে। প্ৰায় ৩২ বছৰৰ পাছতো, পিতৰে এই দৰ্শন মনত ৰাখিছিল আৰু তেওঁ কৈছিল যে ‘ভাববাদীসকলৰ বাক্যৰ’ ওপৰত তেওঁৰ বিশ্বাস আৰু দৃঢ় হৈছিল।—২পিত ১:১৬-১৯.
এইটো সঁচা যে আমি এই দৰ্শন ব্যক্তিগতভাৱে দেখা পোৱা নাই, কিন্তু আমি ইয়াৰ পূৰ্ণতা দেখিবলৈ পাইছোঁ। বৰ্তমান সময়ত যীচুৱে এজন শক্তিশালী ৰজা হিচাপে শাসন কৰিছে। অতি সোনকালে, তেওঁ “জয়” সম্পূৰ্ণ কৰিব আৰু তাৰ পাছত ধাৰ্ম্মিক লোকসকলে বাস কৰা নতুন পৃথিৱী হʼব।—প্ৰকা ৬:২.
বাইবেলত বৰ্ণনা কৰা ভৱিষ্যতবাণীবোৰৰ পূৰ্ণতাই আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰে?