ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ৩
  • পিতৃ-মাতৃসকল, জ্ঞানেৰে নিজৰ সন্তানসকলক প্ৰস্তুত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পিতৃ-মাতৃসকল, জ্ঞানেৰে নিজৰ সন্তানসকলক প্ৰস্তুত কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • পিতৃ-মাতৃ আৰু লৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ৩
পিতৃ-মাতৃয়ে নিজৰ সন্তানসকলক প্ৰলোভনৰপৰা বাচিবলৈ শিকাইছে আৰু সন্তানহঁতে হাতেৰে ‘নহয়’ বুলি দেখুৱাবলৈ প্ৰস্তুতি কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পিতৃ-মাতৃসকল, জ্ঞানেৰে নিজৰ সন্তানসকলক প্ৰস্তুত কৰক

বৰ্তমান জগতত ভালক বেয়া আৰু বেয়াক ভাল বুলি কোৱা হয়। (যিচ ৫:২০) কিছুমান লোকে এনে কাম কৰে, যাক যিহোৱাই বেয়া পায়। যেনে, পুৰুষে পুৰুষৰ লগত, স্ত্ৰীয়ে স্ত্ৰীৰ লগত যৌন সম্পৰ্ক ৰাখে। কিছুমান লোকে আমাৰ লʼৰা-ছোৱালীক বেয়া কাম কৰিবলৈ ফুচুলাব পাৰে। আনকি স্কুলৰ সহপাঠীসকলেও ফুচুলাব পাৰে। পিতৃ-মাতৃসকল, এনেধৰণৰ লোকসকলৰপৰা আঁতৰি থাকিবলৈ নিজৰ লʼৰা-ছোৱালীক শিকাওক।

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ মানদণ্ডৰ বিষয়ে শিকাওক। (লেবী ১৮:৩) বাইবেলৰ অনুসৰি কোন লোকসকলৰ মাজত যৌন সম্পৰ্ক ৰখা ভুল হয়, এই বিষয়ে লʼৰা-ছোৱালীৰ বয়সৰ অনুসৰি শিকাওক। (দ্বিতী ৬:৭) নিজকে সোধক, ‘মই এই বিষয়ে নিজৰ লʼৰা-ছোৱালীক শিকাইছোঁনে? যেনে, প্ৰেম প্ৰকাশ কৰাৰ সঠিক উপায় কি আৰু শালীনতাৰ সৈতে কাপোৰ পিন্ধা কিয় প্ৰয়োজন? আনৰ শৰীৰ চোৱা বা অসৎ ভাৱে স্পৰ্শ কৰা, কাৰো অধিকাৰ নাই। মোৰ সন্তানে জানেনে যে যদি কোনোবাই অশ্লীল ছবি দেখুৱাই বা বেয়া কাম কৰিবলৈ কয়, তেতিয়া কি কৰা উচিত?’ আপুনি আগতিয়াকৈ এই বিষয়ে জনালে, তেওঁলোকে সমস্যাৰপৰা বাচি থাকিব পাৰিব। (হিতো ২৭:১২; উপ ৭:১২) সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য। (গীত ১২৭:৩) আমি সঠিক তথ্য দিয়াৰ যোগেদি তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰোঁ।

মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এজনী মাক আৰু তাইৰ সন্তানে ‘নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক’ নামৰ ভিডিঅʼখন চাইছে।

    কিছুমান পিতৃ-মাতৃসকলে নিজৰ সন্তানসকলক কিয় যৌন সম্পৰ্কৰ বিষয়ে জনাবলৈ সংকোচ কৰে?

  • মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানক ‘মহান শিক্ষকৰপৰা শিকক’ কিতাপ আৰু আন প্ৰকাশনবোৰৰপৰা কি বুজাইছে।

    পিতৃ-মাতৃয়ে ‘যিহোৱাৰ ইচ্ছা অনুসৰি লʼৰা-ছোৱালীক শিকোৱা বুজোৱা’ কিয় প্ৰয়োজন?—ইফি ৬:৪

  • মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। আফ্ৰিকাৰ এজন পিতৃ-মাতৃয়ে নিজৰ সন্তানসকলৰ লগত কিছুমান পদত ওপৰত আলোচনা কৰিছে।

    জ্ঞানে সন্তানসকলক সুৰক্ষা দিয়ে

    আপুনি কোনোবোৰ প্ৰকাশনৰ সহায়ত নিজৰ লʼৰা-ছোৱালীক যৌন সম্পৰ্কৰ বিষয়ে সঠিক তথ্য জনাব পাৰে?—w১৯.৫-HI ১২, বক্স

  • আপোনাৰ লʼৰা-ছোৱালীয়ে যদিও সমস্যাত পৰা নাই, তথাপিও আপুনি নিজৰ সন্তানসকলৰ লগত নিয়মীয়াকৈ কথা পতা কিয় প্ৰয়োজন?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক