খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বৃদ্ধ তিৰোতাসকলক মাতৃ আৰু যুৱতীসকলক নিজৰ ভনীৰ দৰে গণ্য কৰক
বাইবেলত কোৱা হৈছে যে আমি বৃদ্ধ খীষ্টানসকলক পিতৃ-মাতৃৰ নিচিনা আৰু ডেকা খ্ৰীষ্টানসকলক নিজৰ ভাই-ভনীৰ নিচিনা ভাবিব লাগে। (১ তীমথিয় ৫:১, ২ পঢ়ক।) বিশেষকৈ ভাইসকলে ভনীসকলক সন্মান কৰা উচিত।
এজন ভায়ে বিবাহৰ কোনো উদ্দেশ্য নথকাকৈ কোনো ভনীৰ লগত ৰোমাণ্টিক সম্পৰ্ক ৰখা উচিত নহয়। অথবা ভাইজনে এনে ব্যৱহাৰ কৰা উচিত নহয়, যাৰ বাবে ভনীগৰাকীয়ে আঘাত পায়। (ইয়ো ৩১:১) এজন অবিবাহিত ভায়ে এজনী অবিবাহিতা ভনীৰ লগত এনে আচৰণ কৰা উচিত নহয়, যাৰ বাবে ভনীগৰাকীৰ ভুলধাৰণা হয় যে ভাইজনে তাইক বিয়া কৰিব বিচাৰে।
যেতিয়া এগৰাকী ভনীয়ে প্ৰাচীনক সন্মানেৰে কিবা প্ৰশ্ন সোধে বা কোনো এটা ক্ষেত্ৰত শুধৰণিৰ প্ৰয়োজন আছে বুলি কয়, তেতিয়া প্ৰাচীনে ভনীগৰাকীৰ কথা মনোযোগেৰে শুনা উচিত। প্ৰাচীনসকলে বিশেষকৈ বিধৱা ভনীসকলৰ যত্ন লোৱা উচিত।—ৰূথ ২:৮, ৯.
মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক—বিধৱা আৰু পিতৃহীনসকলক নামৰ ভিডিঅʼখন দেখুৱাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ভাই-ভনীসকলে নিজৰ কঠিন পৰিস্থিতিতো ভনী মিইন্টক কেনেকৈ সহায় কৰিলে?
ভাই-ভনীসকলৰ প্ৰেম দেখি গাঁৱৰ লোকসকলৰ কেনে অনুভৱ হʼল?
ভাই-ভনীসকলৰ প্ৰেম দেখি ভনী মিইন্টৰ ছোৱালীকেইজনীয়ে কি উৎসাহ লাভ কৰিলে?
মণ্ডলীৰ ভনীসকলৰ বাবে আপুনি কি কৰিব পাৰে?