ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৫
  • আপোনাৰ বুজা শক্তিক প্ৰশিক্ষণ দি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ বুজা শক্তিক প্ৰশিক্ষণ দি থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনাৰ বুজা শক্তিক প্ৰশিক্ষণ দি থাকক

এজন খেলুৱৈয়ে সদায় নিজকে প্ৰশিক্ষণ দিয়ে, যাতে তেওঁ ভালদৰে খেলিব পাৰে। ঠিক সেইদৰে, আমিও নিজৰ বুজা শক্তিক প্ৰশিক্ষণ দি থকা উচিত, যাতে আমি এই শক্তিক ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। (ইব্ৰী ৫:১৪) আনে যি নিৰ্ণয় লয়, সেই একে নিৰ্ণয় লʼবলৈ আমাৰ বাবে সহজ হয়। কিন্তু আমি নিজৰ নিৰ্ণয় নিজে লোৱা উচিত। কিয় বাৰু? কিয়নো আমি সকলোৱে নিজৰ নিৰ্ণয়ৰ বাবে যিহোৱাক হিচাপ দিব লাগিব।—ৰোম ১৪:১২.

আমি বহুবছৰ ধৰি সত্যত থকাৰ বাবে আমাৰ সকলো নিৰ্ণয় সঠিক হʼব বুলি আমি কেতিয়াও ভবা উচিত নহয়। আমাৰ নিৰ্ণয় সদায় যিহোৱা, তেওঁৰ বাক্য আৰু সংগঠনৰ আধাৰত হোৱা উচিত।—যিহো ১:৭, ৮; হিতো ৩:৫, ৬; মথি ২৪:৪৫.

নিজৰ বিবেক শুদ্ধ ৰাখক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “নিজৰ বিবেক শুদ্ধ ৰাখক” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। এমা আৰু তাইৰ স্বামীয়ে বিয়াৰ নিমন্ত্ৰণ পত্ৰ চাই আছে।

    এমাই কি নিৰ্ণয় লʼবলগীয়া হৈছিল?

  • “নিজৰ বিবেক শুদ্ধ ৰাখক” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। এমীয়ে নিজৰ মতামত জনাইছে।

    এজন ব্যক্তিয়ে নিজৰ বিবেকৰ আধাৰত নিৰ্ণয় লোৱাৰ সময়ত আমি কিয় নিজৰ মতামত দিয়া উচিত নহয়?

  • “নিজৰ বিবেক শুদ্ধ ৰাখক” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। এমাই চাৰ্লেট আৰু এলেনৰপৰা পৰামৰ্শ লৈ আছে।

    এহাল দম্পতীয়ে এমাক কি পৰামৰ্শ দিছিল?

  • “নিজৰ বিবেক শুদ্ধ ৰাখক” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। এমাই নিজৰ কম্পিউটাৰত “ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰিত” অনুসন্ধান কৰি আছে।

    এমাই সঠিক নিৰ্ণয় লʼবলৈ কʼৰপৰা সহায় বিচাৰি পালে?

মই কিহৰ আধাৰত নিৰ্ণয় লওঁ?

  • নিজৰ মতামতৰ আধাৰত

  • আনৰ মতামতৰ আধাৰত

  • বাইবেলৰ আধাৰত

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক