ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ৯
  • চʼচিয়েল মিডিয়াত আপুনি কাৰ লগত বন্ধুত্ব কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চʼচিয়েল মিডিয়াত আপুনি কাৰ লগত বন্ধুত্ব কৰে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • চʼচিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ভাবি-চিন্তি বন্ধু বাছনি কৰক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ৯

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চʼচিয়েল মিডিয়াত আপুনি কাৰ লগত বন্ধুত্ব কৰে?

যিসকল লোকৰ মাজত মৰম-স্নেহ থাকে, এজনে-আনজনক প্ৰেম কৰিলে আৰু এজনে-আনজনক সন্মান কৰে তেওঁলোকক বন্ধু বুলি কোৱা হয়। কিয়নো তেওঁলোকে এজনে-আনজনক প্ৰেম কৰে আৰু সন্মান কৰে। উদাহৰণস্বৰূপে, দায়ূদে গলিয়াথক হত্যা কৰাৰ পাছৰেপৰা দায়ূদ আৰু যোনাথনৰ মাজত ঘনিষ্ঠ বন্ধুত্ব হʼল। (১চমূ ১৮:১) দুয়োজনৰ মাজত বহুতো ভাল গুণ আছিল, সেইবাবে তেওঁলোকে বন্ধু হʼব পাৰিলে। ইয়াৰপৰা বুজিব পাৰি যে কাৰোবাৰ লগত বন্ধুত্ব কৰিবলৈ হʼলে আমি তেওঁক ভালদৰে জানিব লাগিব। এনে কৰিবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। কিন্তু চʼচিয়েল মিডিয়াত লোকসকলে মোবাইলৰ বুটাম টিপিলেই বহুতো পাতিব পাৰে। কিন্তু তেওঁলোক সঁচা বন্ধু নহয়। কিয়নো তেওঁলোকে নিজৰ পৰিচয় লুকুৱাই ৰাখে আৰু আনক আনন্দিত কৰিবলৈ মিছা কথা কয়। সেইবাবে, আমি চʼচিয়েল মিডিয়াত ভাবি-চিন্তি বন্ধু পতা উচিত। যদি কোনোবাই আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় আৰু আপুনি তেওঁক চিনি পায়, কিন্তু ভালদৰে চিনি নাপায়, তেনেহʼলে আপুনি তেওঁৰ ৰিকুৱেষ্ট ডিলিট কৰিব পাৰে। এইদৰে কৰিলে তেওঁ বেয়া পাব বুলি নাভাবিব। চʼচিয়েল মিডিয়াৰ বিপদৰপৰা বাচিবলৈ কিছুমান লোকে ইয়াক ব্যৱহাৰে নকৰে। যদি আপুনি চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰিম বুলি ভাবিছে, তেনেহʼলে আপুনি কি কি কথা মনত ৰখা উচিত?

বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। এজনী ছোৱালীয়ে টিভিত নিজৰ ফটোবোৰ চাই আচৰিত হৈছে।

    কোনো ফটো দিয়া বা কিবা লিখাৰ আগতে আপুনি কি কি কথা মনত ৰখা উচিত?

  • “বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। দুজন দুষ্ট লʼৰাই এজন লʼৰাক চʼচিয়েল মিডিয়াৰ পʼষ্ট দেখুৱাইছে আৰু লʼৰাজনে নিজৰ চকু ঢাকিছে।

    আপুনি চʼচিয়েল মিডিয়াত কিয় ভাবি-চিন্তি বন্ধু পতা উচিত?

  • ‘বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। দুজন দুষ্ট লʼৰাই এজন লʼৰাক চ’চিয়েল মিডিয়াৰ পʼষ্ট দেখুৱাইছে আৰু লʼৰাজনে নিজৰ চকু ঢাকিছে।

    আপুনি চʼচিয়েল মিডিয়াত কিমান সময়ত অতিবাহিত কৰিব, তাৰ বিষয়ে আগতীয়াকৈ কিয় সময় নিৰ্ধাৰণ কৰা উচিত?—ইফি ৫:১৫, ১৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক