ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 ফেব্ৰুৱাৰী পৃষ্ঠা ১৪-১৯
  • ঈৰ্ষাক নিয়ন্ত্ৰণ কৰক আৰু শান্তি বজাই ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈৰ্ষাক নিয়ন্ত্ৰণ কৰক আৰু শান্তি বজাই ৰাখক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈৰ্ষাৰ কাৰণ
  • নম্ৰতা আৰু সন্তুষ্টি ভাবনা বঢ়াওক
  • ‘শান্তিজনক যি যি আছে, সেইবোৰলৈ যত্ন কৰোঁহক’
  • অশান্তি কৰাৰ পৰিৱৰ্তে শান্তি বজাই ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 ফেব্ৰুৱাৰী পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৮

ঈৰ্ষাক নিয়ন্ত্ৰণ কৰক আৰু শান্তি বজাই ৰাখক

“শান্তিজনক, আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰলৈ যত্ন কৰোঁহঁক।”—ৰোম. ১৪:১৯.

গীত ১১৩ শান্তি আমাৰ সম্পত্তি

লেখৰ এক আভাসa

১. ঈৰ্ষাৰ বাবে যোচেফৰ পৰিয়ালৰ কি হ’ল?

যাকোবে নিজৰ সকলো সন্তানক প্ৰেম কৰিছিল, কিন্তু ১৭ বছৰীয়া যোচেফক তেওঁ বেছি প্ৰেম কৰিছিল। সেইবাবে, যোচেফৰ ভাইসকলে তেওঁক ঈৰ্ষা কৰিছিল। যদিও যোচেফে তেওঁলোকৰ একো হানি কৰা নাছিল। তেওঁলোকৰ ঈৰ্ষা ইমানেই বাঢ়িলে যে তেওঁলোকে যোচেফক ঘিণ কৰিবলৈ ধৰিলে। যোচেফৰ ভাইসকলে তেওঁক দাস হিচাপে বেচি দিয়ে আৰু এটা হিংস্ৰ জন্তুৱে যোচেফক মাৰি পেলালে বুলি তেওঁৰ পিতৃক মিছা কথা কয়। যোচেফৰ ভাইসকলে কৰা ঈৰ্ষাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ শান্তি ভংগ হয় আৰু তেওঁৰ পিতৃয়ে দুখ পায়।—আদি. ৩৭:৩, ৪, ২৭-৩৪.

২. গালাতীয়া ৫:১৯-২১ পদৰ অনুসৰি ঈৰ্ষাৰপৰা কি হানি হ’ব পাৰে?

২ বাইবেলে কৈছে যে ঈৰ্ষা ‘মাংসৰ কাৰ্য্য’ হয়,b যিয়ে এজন ব্যক্তিক বিনাশৰ ফালে লৈ যায়। (গালাতীয়া ৫:১৯-২১ পঢ়ক।) ঈৰ্ষা কৰা লোকসকলে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। ঈৰ্ষা ভাবনাই আমাৰ মাজত কিছুমান বেয়া গুণ বিকশিত কৰে। যেনে শত্ৰুভাৱ, তৰ্ক-বিতৰ্ক আৰু খং।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৩ যোচেফৰ ভাইসকলৰ উদাহৰণে দেখুৱাই যে ঈৰ্ষাই সম্পৰ্ক নাইকিয়া কৰে আৰু পৰিয়ালত শান্তি ভংগ কৰে। যোচেফৰ ভাইসকলে যি কৰিলে, আমি হয়তো তেনেধৰণৰ কাম কেতিয়াও নকৰোঁ। কিন্তু আমি সকলোৱে পাপী হয় আৰু আমাৰ হৃদয় কপটময়। (যিৰি. ১৭:৯) সেইবাবে, কেতিয়াবা কেতিয়াবা আমিও আনক ঈৰ্ষা কৰিব পাৰোঁ। আহক আমি বাইবেলৰপৰা এনে কিছুমান উদাহৰণ চাম, যিসকলে বেয়া উদাহৰণ ৰাখিছে। ইয়াৰপৰা আমি বুজিব পাৰিম যে আমাৰ মনত ঈৰ্ষা ভাব কিয় আহিব পাৰে। ইয়াৰ পাছত আমি চাম যে ঈৰ্ষা ভাব মনৰপৰা উলিয়াবলৈ আৰু শান্তি বজাই ৰাখিবলৈ আমি কি কি কৰিব পাৰোঁ।

ঈৰ্ষাৰ কাৰণ

৪. পলেষ্টীয়া লোকসকলে ইচহাকৰ ওপৰত কিয় ঈৰ্ষা কৰিবলৈ ধৰিছিল?

৪ ধন সম্পত্তি। ইচহাক এজন ধনী ব্যক্তি আছিল, কিন্তু তেওঁৰ উন্নতি দেখি পলেষ্টীয়াসকলে ঈৰ্ষা কৰিছিল। (আদি. ২৬:১২-১৪) সেইবাবে জীৱ-জন্তুৱে পানী খাবলৈ ইচহাকে যি নাদ খানিছিল, তাক তেওঁলোকে পুতি পেলাইছিল। (আদি. ২৬:১৫, ১৬, ২৭) পলেষ্টীয়াসকলৰ দৰে আজিও কিছুমান লোকে ধনী লোকক ঈৰ্ষা কৰে। আনৰ দৰে তেওঁলোকৰ ওচৰতো ধন-সম্পত্তি থকা আৰু আনৰ ধন-সম্পত্তি নাইকিয়া হৈ যোৱাটো তেওঁলোকে বিচাৰে।

৫. ধৰ্ম গুৰুসকলে যীচুৰ ওপৰত কিয় ঈৰ্ষা কৰিছিল?

৫ প্ৰশংসা। বেছিভাগ লোকে যীচুক ভাল পাইছিল আৰু সেইবাবে যিহূদী ধৰ্ম গুৰুসকলে যীচুৰ ওপৰত ঈৰ্ষা কৰিছিল। (মথি ৭:২৮, ২৯) যীচুক ঈশ্বৰে পঠাইছিল আৰু যীচুৱে লোকসকলক সত্যতা শিকাইছিল। তথাপিও ধৰ্ম গুৰুসকলে যীচুৰ বিষয়ে বেয়া কথা কৈছিল আৰু তেওঁৰ নামত কংলক আনিবলৈ চেষ্টা কৰিছিল। (মাৰ্ক ১৫:১০; যোহ. ১১:৪৭, ৪৮; ১২:১২, ১৩, ১৯) আমাৰো মনোবৃত্তি সেই ধৰ্ম গুৰুসকলৰ দৰে হয়নে? যেতিয়া মণ্ডলীত কোনো এজন ভাই বা ভনীৰ ভাল গুণৰ বাবে মণ্ডলীৰ সকলোৱে তেওঁলোকক ভাল পায়, তেতিয়া সেই ভাই-ভনীৰ প্ৰতি আমাৰ হয়তো ঈৰ্ষা ভাব হ’ব পাৰে। কিন্তু আমি এই বেয়া ভাবনা মনৰপৰা দূৰ কৰা উচিত আৰু সেই ভাই-ভনীসকলৰ দৰে ভাল গুণবোৰ বিকশিত কৰিবলৈ চেষ্টা কৰা উচিত।—১ কৰি. ১১:১; ৩ যোহ. ১১.

৬. দিয়ত্ৰিফিৰ ঈৰ্ষা ভাব হোৱাৰ বাবে কি কৰিলে?

৬ মণ্ডলীৰ দায়িত্ব। প্ৰথম শতিকাৰ এখন মণ্ডলীত মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব দিয়া ভাইসকলৰ ওপৰত দিয়ত্ৰিফিয়ে ঈৰ্ষা কৰিছিল। তেওঁ মণ্ডলীৰ লোকসকলৰ মাজত “প্ৰাধান্য” লাভ কৰিবলৈ বিচাৰিছিল। সেইবাবে, তেওঁ পাঁচনি যোহন আৰু দায়িত্ব থকা ভাইসকলৰ বিষয়ে বেয়া কথা কৈছিল, যাতে আনৰ দৃষ্টিত তেওঁলোকৰ মান-সন্মান কমি যায়। (৩ যোহ. ৯, ১০) আমি হয়তো দিয়ত্ৰিফিৰ দৰে ডাঙৰ ভুল নকৰিব পাৰোঁ, কিন্তু যেতিয়া কোনো ভাই-ভনীয়ে মণ্ডলীত কিছুমান দায়িত্ব লাভ কৰে, তেতিয়া হয়তো আমি তেওঁলোকৰ প্ৰতি ঈৰ্ষা কৰিব পাৰোঁ। আমি হয়তো ভাবিব পাৰোঁ যে সেই ভাই-ভনীৰ দৰে মোৰ ওচৰতো দক্ষতা আছে আৰু সেইবাবে এই দায়িত্ব মইহে পোৱা উচিত।

ছবি: ১. মিহি মাটিত এটা সুন্দৰ বনৰীয়া ফুল আছে। ২. সেই একে বনৰীয়া ফুলক বনৰীয়া ঘাঁহে আগুৰি ধৰিছে ৩. ৰাজ্যগৃহত তিনিজনী ভনীয়ে আনন্দেৰে কথা পাতি আছে কিন্তু আন এগৰাকী ভনী অকলে থিয় হৈ চিন্তিত আছে।

আমাৰ অন্তৰখন মাটিৰ নিচিনা হয় আৰু ভাল গুণবোৰ সুন্দৰ ফলৰ দৰে হয়, কিন্তু ঈৰ্ষা ভাব এক বিষাক্ত বীজৰ দৰে হয়। ঈৰ্ষা ভাবে আমাৰ অন্তৰত থকা প্ৰেম, কৰুণা আৰু দয়া গুণবোৰ বিকশিত কৰাত বাধা দিব পাৰে (অনুচ্ছেদ ৭ চাওক)

৭. ঈৰ্ষা ভাব হ’লে কি হ’ব পাৰে?

৭ ঈৰ্ষা হৈছে বিষাক্ত বীজৰ দৰে। যদি এবাৰ এই বীজ আমাৰ হৃদয়ত খামোচ মাৰি ধৰে, তেনেহʼলে তাক উঘালি পেলোৱাটো কঠিন হ’ব। যদি আমাৰ অন্তৰত অহংকাৰ আৰু স্বাৰ্থী ভাবনা আছে, তেনেহ’লে ঈৰ্ষা ভাব আৰু বেছিকৈ বাঢ়িব। আমাৰ অন্তৰত থকা প্ৰেম, দয়া আৰু কৰুণা গুণবোৰক বিকশিত কৰাত এই ঈৰ্ষা গুণে বাধা দিব পাৰে। সেইবাবে, যদি আমাৰ অনুভৱ হয় যে আমাৰ অন্তৰত ঈৰ্ষা ভাব আছে, তেনেহ’লে তাক মনৰপৰা দূৰ কৰা উচিত। আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ?

নম্ৰতা আৰু সন্তুষ্টি ভাবনা বঢ়াওক

ছবি: ১. মিহি মাটিত এটা সুন্দৰ বনৰীয়া ফুল আছে। ২. কোনোবাই বনৰীয়া ফুলৰ আশে-পাশে থকা বনৰীয়া ঘাঁহক উঘালি পেলাইছে। ৩. ৰাজ্যগৃহত চাৰিজনী ভনীয়ে এজনে-আনজনৰ লগত আনন্দেৰে কথা পাতিছে।

আমি ঈৰ্ষা ভাবক কেনেকৈ দূৰ কৰিব পাৰোঁ? আমি পত্ৰিত আত্মাৰ সহায়ত এই ভাবনাক অন্তৰপৰা একেবাৰ দূৰ কৰিব পাৰোঁ আৰু ইয়াৰ সলনি নম্ৰতা আৰু আত্ম-সন্তুষ্টি গুণৰ বীজ ৰূপণ কৰিব পাৰোঁ (অনুচ্ছেদ ৮-৯ চাওক)

৮. কোনটো গুণ থাকিলে আমি মনৰপৰা ঈৰ্ষা ভাব উলিয়াই পেলাব পাৰোঁ?

৮ নম্ৰতা আৰু সন্তুষ্টি ভাবনা বঢ়ালে আমি মনৰপৰা ঈৰ্ষা ভাব দূৰ কৰিব পাৰিম। যদি আমাৰ হৃদয়ত ভাল গুণবোৰেৰে ভৰি পৰে, তেনেহ’লে ঈৰ্ষা ভাবে ঠাই নাপাব। নম্ৰ হ’লে আমি নিজকে কেতিয়াও ডাঙৰ বুলি নাভাবিম। এজন নম্ৰ ব্যক্তিয়ে আনে যি লাভ কৰে, তাতকৈ বেছি লাভ কৰাটো কেতিয়াও নিবিচাৰে। (গালা. ৬:৩, ৪) এজন আত্ম-সন্তুষ্টি ব্যক্তিয়ে নিজৰ ওচৰত যি আছে, তাকেলৈ তেওঁ সুখী থাকে আৰু নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰে। (১ তীম. ৬:৭, ৮) যেতিয়া এজন নম্ৰ আৰু আত্ম-সন্তুষ্টি ব্যক্তিয়ে আনক কিবা পোৱা দেখে, তেতিয়া তেওঁ সুখী হয় আৰু তেওঁ কেতিয়াও ঈৰ্ষা নকৰে।

৯. গালাতীয়া ৫:১৬ আৰু ফিলিপীয়া ২:৩, ৪ অনুসৰি পবিত্ৰ আত্মাৰ সহায়ত আমি কি কৰিব পাৰোঁ?

৯ ঈৰ্ষাক উলিয়াই পেলাবলৈ আৰু তাৰ ঠাইত নম্ৰতা আৰু সন্তুষ্টি ভাবনা বঢ়াবলৈ আমাক পবিত্ৰ আত্মাৰ প্ৰয়োজন। (গালাতীয়া ৫:১৬; ফিলিপীয়া ২:৩, ৪ পঢ়ক।) আমাৰ মনৰ উদ্দেশ্য কি আৰু আমি কিহৰ বিষয়ে চিন্তা কৰোঁ, তাৰ বিষয়ে জানিবলৈ পবিত্ৰ আত্মাই নিজকে চালি-জাৰি চাবলৈ আমাক সহায় কৰিব পাৰে। ঈশ্বৰৰ সহায়ত আমি মনৰপৰা বেয়া চিন্তাধাৰা আৰু ভাবনা উলিয়াব পাৰোঁ আৰু তাৰ ঠাইত ভাল চিন্তাধাৰা আনিব পাৰোঁ। (গীত. ২৬:২; ৫১:১০) আহক মোচি আৰু পৌলৰ উদাহৰণলৈ মন কৰোঁ, যিসকলে নিজৰ হৃদয়ত ঈৰ্ষাৰ ভাবনা বাঢ়িবলৈ দিয়া নাছিল।

মোচি, যিহোচূৱা আৰু ইস্ৰায়েলীয়ে তম্বুৰ কাষত থিয় হৈ কথা পাতিছে। ভৱিষ্যতবক্তাৰ দৰে ব্যৱহাৰ কৰা দুজন ব্যক্তিক বাধা দিবলৈ যিহোচূৱাই মোচিক কৈছে।

এজন ডেকা ইস্ৰায়েলীয়ে মোচি আৰু যিহোচূৱাৰ ওচৰলৈ দৌৰি আহিছে আৰু তেওঁ কৈছে যে তম্বুত দুজন ব্যক্তিয়ে ভৱিষ্যতবক্তাৰ দৰে ব্যৱহাৰ কৰিছে। সেই দুজন ব্যক্তিক বাধা দিবলৈ যিহোচূৱাই মোচিক কৈছে। কিন্তু মোচিয়ে এইদৰে কৰা নাই। ইয়াৰ পৰিৱৰ্তে, মোচিয়ে যিহোচূৱাক কয় যে যিহোৱাই সেই দুজন ব্যক্তিক পবিত্ৰ আত্মা দিয়াৰ বাবে তেওঁ আনন্দিত। (অনুচ্ছেদ ১০ চাওক)

১০. মোচিয়ে কিয় আনক ঈৰ্ষা কৰিব পাৰিলেহেঁতেন? (বেটুপাতত দিয়া ছবিখন চাওক)

১০ মোচিক ঈশ্বৰৰ লোকসকলৰ ওপৰত বহুতো অধিকাৰ দিয়া হৈছিল। কিন্তু তেওঁৰ দৰে অধিকাৰ আন কোনেও নাপাওক বুলি তেওঁ কেতিয়াও ভবা নাছিল। এটা ঘটনালৈ মন কৰক এবাৰ যিহোৱাই মোচিৰপৰা অলপ পবিত্ৰ আত্মা লৈ তম্বুৰ চাৰিওফালে থিয় হৈ থকা কিছুমান ইস্ৰায়েলী বৃদ্ধ লোকক পবিত্ৰ আত্মা দিছিল। কিছুসময়ৰ পাছত মোচিয়ে জানিব পাৰিলে যে তম্বুৰ ওচৰত থিয় নথকা দুজন বৃদ্ধ লোকেও পবিত্ৰ আত্মা লাভ কৰিছে আৰু তেওঁলোকে ভৱিষ্যতবক্তাসকলৰ দৰে ব্যৱহাৰ কৰিছে। তেতিয়া যিহোচূৱাই মোচিক সেই দুজনক বাধা দিবলৈ কৈছিল। কিন্তু মোচিয়ে কি কৰিলে? যিহোৱাই সেই দুজন ব্যক্তিকো বিশেষ অধিকাৰ দিয়াৰ বাবে মোচিয়ে ঈৰ্ষা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকেও এই আশীৰ্বাদ পোৱাৰ বাবে মোচি আনন্দিত হৈছিল। কিয়নো মোচি এজন নম্ৰ ব্যক্তি আছিল। (গণ. ১১:২৪-২৯) মোচিৰপৰা আমি কি শিকিব পাৰোঁ?

ছবি: ১. প্ৰাচীন গোষ্ঠীৰ সভাত এজন ডেকা ভাইক প্ৰহৰীদুৰ্গ অধ্যয়ন কেনেকৈ সঞ্চালন কৰা হয় তাৰ প্ৰশিক্ষণ দিবলৈ বৃদ্ধ ভাইজনক কোৱা হৈছে। ২. ডেকা প্ৰাচীনে প্ৰহৰীদুৰ্গ অধ্যয়ন সঞ্চালন কৰাৰ সময়ত বৃদ্ধ প্ৰাচীনে বহি মনোযোগেৰে শুনিছে। ৩. বৃদ্ধ ভাইজনে ডেকা প্ৰাচীনজনক প্ৰশংসা কৰিছে।

প্ৰাচীনসকলে কেনেকৈ মোচিৰ দৰে নম্ৰ হ’ব পাৰে? (অনুচ্ছেদ ১১-১২ চাওক)c

১১. প্ৰাচীনসকলে মোচিক কেনেকৈ অনুকৰণ কৰিব পাৰে?

১১ ধৰি লওক আপুনি এজন প্ৰাচীন হয়। আপুনি এতিয়া মণ্ডলীত কৰি থকা কাম, আন এজন ভাইক শিকাবলৈ কোৱা হৈছে। আপুনি হয়তো সেই কামটো বহুত ভাল পায়। যেনে, প্ৰহৰীদুৰ্গ অধ্যয়ন সঞ্চালন কৰা। মোচিৰ দৰে নম্ৰ হʼলে আপুনি এয়া নাভাবিব যে আপোনাৰ দায়িত্ব আন ভাইক দিলে মণ্ডলীত আপোনাৰ গুৰুত্বতা কমি যাব। ইয়াৰ পৰিৱৰ্তে, আপুনি আনন্দেৰে নিজৰ ভাইক সহায় কৰিব।

১২. আজি বহুতো ভাই-ভনীয়ে কেনেকৈ নম্ৰ আৰু সন্তুষ্ট হৈ সেৱা কৰি আছে?

১২ আন এটা পৰিস্থিতিলৈ মন কৰক। কিছুমান ভায়ে বহুবছৰৰপৰা প্ৰাচীন গোষ্ঠীৰ সমপদস্থ আছিল। কিন্তু যেতিয়া তেওঁলোকৰ বয়স ৮০ বছৰ হ’ল, তেতিয়া তেওঁলোকৰ দায়িত্ব আনক দিয়া হ’ল। এই বৃদ্ধ ভাইসকলে এই সাল-সলনিক আনন্দেৰে স্বীকাৰ কৰিলে। যিসকল চাৰ্কিট ওভাৰচিয়াৰৰ বয়স ৭০ বছৰ, তেওঁলোকক যেতিয়া আন দায়িত্ব দিয়া হ’ল, তেতিয়া তেওঁলোকে তাক নম্ৰতাৰে স্বীকাৰ কৰিলে। ইমানেই নহয় বিগত বছৰবোৰত বেথেল সেৱা কৰা বহুতো ভাই-ভনীক আন দায়িত্ব দি বেথেলৰপৰা পঠিয়াই দিয়া হৈছিল। এই বিশ্বাসী ভাই-ভনীসকলে সেই লোকসকলক ঈৰ্ষা কৰা নাছিল, যিসকলক তেওঁলোকৰ ঠাইত নিৰ্বাচিত কৰা হৈছিল।

১৩. পৌলে কিয় ১২ জন পাঁচনিক ঈৰ্ষা কৰিব পাৰিলেহেঁতেন?

১৩ পাঁচনি পৌলেও নম্ৰ আৰু সন্তুষ্ট হৈ সেৱা কৰাৰ এক ভাল উদাহৰণ ৰাখিলে আৰু তেওঁ নিজৰ অন্তৰত ঈৰ্ষা ভাবনাক বাঢ়িবলৈ দিয়া নাছিল। তেওঁ প্ৰচাৰ কাৰ্য্যত কঠিন পৰিশ্ৰম কৰিছিল। তথাপিও তেওঁ নম্ৰতাৰে এইদৰে কৈছিল, “পাঁচনিবিলাকৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ।” (১ কৰি. ১৫:৯, ১০) যীচুৰ ১২ জন পাঁচনিয়ে তেওঁৰ লগত মিলি সেৱা কাৰ্য্য কৰিছিল। কিন্তু পৌলে এই সুযোগ পোৱা নাছিল। কিয়নো যীচুৰ মৃত্যু আৰু পুনৰ জীৱিত হোৱাৰ পাছত পৌলে খ্ৰীষ্টান হৈছিল। ইয়াৰ পাছত পৌলক যদিও ‘পৰজাতিবিলাকৰ নিমিত্তে পাঁচনি’ নিযুক্ত কৰা হৈছিল, তথাপিও তেওঁ ১২ জন পাঁচনিৰ ভিতৰত এজন হোৱাৰ বিশেষ সন্মান নাপালে। (ৰোম. ১১:১৩: পাঁচ. ১:২১-২৬) পৌলে সেই ১২ জন পাঁচনিক ঈৰ্ষা কৰা নাছিল। ইয়াৰ উপৰিও, তেওঁলোকে যীচুক ভালদৰে জানিবলৈ যি সুযোগ লাভ কৰিছিল, তাৰ বিষয়ে তেওঁলোকে ঈৰ্ষা কৰা নাছিল। পৌলে যি আশীৰ্বাদ লাভ কৰিছিল, তাত তেওঁ আনন্দিত আছিল।

১৪. আত্ম-সন্তুষ্ট আৰু নম্ৰ হ’লে আমি কি কৰিম?

১৪ আমি পৌলৰ দৰে নম্ৰ আৰু সন্তুষ্ট হ’লে, যিহোৱাই অধিকাৰ দিয়া ভাইসকলক আমি সন্মান কৰিম। (পাঁচ. ২১:২০-২৬) যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ প্ৰাচীনসকলক নিযুক্ত কৰিছে, যদিও তেওঁলোকে কিবা ভুল কৰে, তথাপিও যিহোৱাই তেওঁলোকক ‘মানুহবিলাকক নান বৰ’ হিচাপে গণ্য কৰে। (ইফি. ৪:৮, ১১) এই ভাইসকলক সন্মান কৰিলে আৰু নম্ৰতাৰে তেওঁলোকৰ নিৰ্দেশনা পালন কৰিলে, আমি যিহোৱাৰ কাষত থাকিম আৰু ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিব পাৰিম।

‘শান্তিজনক যি যি আছে, সেইবোৰলৈ যত্ন কৰোঁহক’

১৫. আমি কি কথা মনত ৰখা উচিত?

১৫ যদি আমি আনক ঈৰ্ষা কৰিম, তেনেহ’লে আমাৰ মাজত শান্তি নাথাকিব। আমি অন্তৰৰপৰা ঈৰ্ষাৰ ভাব দূৰ কৰা উচিত আৰু আনৰ অন্তৰত ঈৰ্ষাৰ বীজ ৰূপণ কৰা উচিত নহয়। অৰ্থাৎ এনে কাম কৰা উচিত নহয়, যাৰ বাবে আনে আমাৰ ওপৰত ঈৰ্ষা কৰিব পাৰে আৰু এনে কৰাটো অতি প্ৰয়োজন। তেতিয়াহে আমি যিহোৱাৰ এই আজ্ঞা পালন কৰিব পাৰিম, “শান্তিজনক, আৰু পৰস্পৰ উন্নতিসাধক যি যি আছে, সেইবোৰলৈ যত্ন কৰোঁহঁক।” (ৰোম. ১৪:১৯) নিজৰ অন্তৰৰপৰা ঈৰ্ষা ভাব দূৰ কৰিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ?

১৬. আমি কি কি কথাৰ ওপৰত ধ্যান দিব পাৰোঁ, যাতে আনে আমাক ঈৰ্ষা নকৰে?

১৬ আমাৰ মনোবৃত্তি আৰু ব্যৱহাৰৰ বাবে আনে ঈৰ্ষা কৰিব পাৰে। আমি আনৰ আগত “জীৱন কালৰ গৰ্ব্ব” কৰাটো জগতৰ লোকসকলে বিচাৰে। (১ যোহ. ২:১৬) এনেধৰণৰ মনোবৃত্তি ৰাখিলে, আমি আনৰ অন্তৰত ঈৰ্ষা জন্মোৱাৰ দৰে হয়। আমাৰ ওচৰত কি আছে বা আমি কি কিনিবলৈ চিন্তা কৰিছোঁ, তাৰ বিষয়ে যদি আনৰ লগত সকলো সময়তে কথা পাতি থাকোঁ, তেন্তে তেওঁলোকে আমাক ঈৰ্ষা কৰিব পাৰে। যদি আমি মণ্ডলীত কিবা দায়িত্ব লাভ কৰোঁ আৰু বাৰে বাৰে আনৰ ধ্যান সেই দায়িত্বৰ ওপৰত আকৰ্ষণ কৰাওঁ, তেনেহ’লে তেওঁলোকে আমাক ঈৰ্ষা কৰিব পাৰে। আনহাতে, যদি আমি আনৰ প্ৰতি আগ্ৰহ দেখুৱাওঁ আৰু তেওঁলোকে কৰা ভাল কামৰ বাবে প্ৰশংসা কৰোঁ, তেনেহ’লে তেওঁলোকৰ ওচৰত যি আছে, তাতে তেওঁলোকে আত্ম-সন্তুষ্ট হ’ব। এনে কৰাৰ যোগেদি মণ্ডলীত একতাৰ বান্ধোন দৃঢ় হ’ব আৰু শান্তি বাঢ়িব।

১৭. যোচেফৰ ভাইসকলে কি কৰিবলৈ সক্ষম হয় আৰু কিয়?

১৭ ঈৰ্ষাৰ ভাবনা দূৰ কৰিবলৈ আমি নিশ্চয় সফল হ’ব পাৰিম। যোচেফৰ ভাইসকলে এইদৰেই কৰিছিল। মনত পেলাওক, যেতিয়া বহুবছৰ পাছত মিচৰ দেশত তেওঁলোকে যোচেফক লগ পালে, তেতিয়া কি হৈছিল। যোচেফে নিজৰ পৰিচয় দিয়াৰ আগতে জানিব বিচাৰিছিল যে তেওঁলোকে সলনি হ’ল নে নাই। যোচেফে তেওঁলোকক খোৱাৰ বাবে নিমন্ত্ৰণ কৰিছিল আৰু সৰু ভাই বিন্যামীনক সকলোতকৈ বেছি আহাৰ দিছিল। (আদি. ৪৩:৩৩, ৩৪) কিন্তু সেইসময়ত তেওঁৰ ভাইসকলে বিন্যামীনক ঈৰ্ষা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকৰ ব্যৱহাৰৰপৰা জানিব পৰা গ’ল যে তেওঁলোকে নিজৰ ভাই আৰু পিতৃক প্ৰকৃত প্ৰেম কৰে। (আদি. ৪৪:৩০-৩৪) যোচেফৰ ভাইসকলে অন্তৰৰপৰা ঈৰ্ষা ভাব দূৰ কৰিলে আৰু সেইবাবে, নিজৰ পৰিয়ালৰ লগত পুনৰ শান্তি বজাই ৰাখিব পাৰিলে। (আদি. ৪৫:৪, ১৫) যদি আমি আমাৰ অন্তৰৰপৰা ঈৰ্ষা ভাব দূৰ কৰোঁ, তেনেহ’লে আমি আমাৰ পৰিয়ালত আৰু মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিম।

১৮. যাকোব ৩:১৭, ১৮ পদৰ অনুসৰি যদি আমি শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলোঁ তেনেহ’লে কি পৰিণাম হ’ব পাৰে?

১৮ আমি অন্তৰৰপৰা ঈৰ্ষা ভাব দূৰ কৰা আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। ইয়াৰ বাবে আমি বহুত সংঘৰ্ষ কৰিব লাগিব। এই লেখৰপৰা আমি বুজিব পাৰিলোঁ যে আনৰ প্ৰতি ঈৰ্ষা ভাব ৰখাটো আমাৰ এক দুৰ্বলতা আছে। (যাকো. ৪:৫) আমি এনে এখন জগতত বাস কৰিছোঁ, য’ত আনৰ প্ৰতি ঈৰ্ষা ভাব কৰিবলৈ উৎসাহিত কৰা হয়। যদি আমি আত্ম-সন্তুষ্টি আৰু নম্ৰ হৈ থাকিবলৈ শিকিম আৰু আনক প্ৰশংসা কৰিম, তেনেহ’লে আমি আমাৰ অন্তৰত ঈৰ্ষা ভাব বাঢ়িবলৈ নিদিম। ইয়াৰ পৰিৱৰ্তে, আমি শান্তি বজাই ৰাখিব পাৰিম আৰু অন্তৰত বহুতো ভাল গুণ বিকশিক কৰিব পাৰিম।—যাকোব ৩:১৭, ১৮ পঢ়ক।

ঈৰ্ষা ভাবক অন্তৰৰপৰা দূৰ কৰিবলৈ . . .

  • পবিত্ৰ আত্মাই আমাক কেনেকৈ সহায় কৰিব পাৰে?

  • আত্ম-সন্তুষ্টি আৰু নম্ৰ হৈ থকা কিয় প্ৰয়োজন?

  • সঠিক মনোবৃত্তি ৰখাটো কিয় প্ৰয়োজন?

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

a যিহোৱাৰ সংগঠন শান্তিৰে কাম কৰা সংগঠন হয়। যদি আমি আনক ঈৰ্ষা কৰোঁ, তেনেহ’লে এই শান্তি ভংগ হ’ব পাৰে। এই লেখত আমি চাম যে কোনবোৰ কথাই ঈৰ্ষা ভাব জন্মাব পাৰে। আমি এয়াও চাম যে আমি কেনেকৈ ঈৰ্ষাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু শান্তি বজাই ৰাখিব পাৰোঁ।

b ইয়াৰ অৰ্থ কি: এই লেখত এনে ঈৰ্ষাৰ বিষয়ে কোৱা হৈছে, যিয়ে এজন ব্যক্তিক ঘৃণা ভাব জন্মাব পাৰে। বাইবেলৰ অনুসৰি এনেধৰণৰ ঈৰ্ষা থাকিলে, এজন ব্যক্তিয়ে আনৰ ওচৰত যি আছে, সেইবোৰ পাব বিচাৰে আৰু আনৰ ওচৰত থকাখিনি নাইকিয়া হৈ যোৱাটো তেওঁ বিচাৰে।

c ছবিৰ বিষয়ে: প্ৰাচীন গোষ্ঠীৰ সভাত এজন ডেকা প্ৰাচীনক প্ৰহৰীদুৰ্গৰ অধ্যয়ন কৰিবলৈ শিকাবলৈ এজন বৃদ্ধ প্ৰাচীনক কোৱা হৈছে। এতিয়ালৈকে এই বৃদ্ধ ভাইজনে প্ৰহৰীদুৰ্গৰ অধ্যয়ন চলাই আছিল আৰু তেওঁ এই কাম কৰি বহুত ভাল পাইছিল। তথাপিও তেওঁ আনন্দেৰে প্ৰাচীনসকলৰ কথা শুনিলে আৰু ডেকা ভাইজনক ভালদৰে পৰামৰ্শ দিলে আৰু অন্তৰৰপৰা প্ৰশংসা কৰিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক