ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 এপ্ৰিল পৃষ্ঠা ২-৭
  • উত্তৰৰপৰা আক্ৰমণ!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উত্তৰৰপৰা আক্ৰমণ!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • সলনি হোৱাৰ চাৰিটা কাৰণ
  • ভৱিষ্যতবাণীৰ অৰ্থ কি?
  • সকলো আগৰ দৰে
  • কি সলনি হৈছে?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 এপ্ৰিল পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ১৪

উত্তৰৰপৰা আক্ৰমণ!

“এক বলৱান জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল।”—যোৱে. ১:৬.

গীত ৯৫ বৃদ্ধি হয় সত্যৰ পোহৰ

লেখৰ এক আভাসa

১. (ক) ভাই চি. টি. ৰছল আৰু কিছুমান লোকে কি পদ্ধতিৰে বাইবেল অধ্যয়ন কৰিছিল? (খ) এই পদ্ধতি কিয় ভাল আছিল?

এশ বছৰৰ আগতে চি. টি. ৰছল আৰু তেওঁক সহযোগ কৰা কিছুমান লোকে একত্ৰিত হৈ বাইবেল অধ্যয়ন কৰিছিল। তেওঁলোকে যিহোৱা ঈশ্বৰ, যীচু খ্ৰীষ্ট, মৃত লোকৰ অৱস্থাৰ বিষয়ে বাইবেলে প্ৰকৃততে কি শিকায়, তাৰ বিষয়ে জানিব বিচাৰিছিল। এই বাইবেল বিদ্যাৰ্থীসকলৰ অধ্যয়ন কৰাৰ পদ্ধতি সহজ-সৰল আছিল। তেওঁলোকৰ ভিতৰত এজনে কোনো এটা বিষয়ৰ ওপৰত প্ৰশ্ন সুধিছিল আৰু তাৰ পাছত সকলোৱে সেই প্ৰশ্নটোৰ লগত জড়িত সকলো পদৰ ওপৰত অনুসন্ধান কৰিছিল। অনুসন্ধানত তেওঁলোকে যিবোৰ তথ্য পাইছিল, সেইবোৰ তেওঁলোকে লিখি ৰাখিছিল। যিহোৱাৰ সহায়ত তেওঁলোকে বাইবেলৰ বহুতো সত্যতা সঠিকভাৱে বুজিবলৈ সক্ষম হৈছিল। তেওঁলোকে বিচাৰি উলিওৱা সত্যতা আজি আমিও বিশ্বাস কৰোঁ।

২. ভৱিষ্যতবাণীবোৰ সঠিকভাৱে বুজিবলৈ আমি কি কৰা উচিত?

২ কিছু সময়ৰ পাছত সেই বাইবেল বিদ্যাৰ্থীসকলে বুজি পায় যে বাইবেলৰ শিক্ষাতকৈ বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ বহুত কঠিন। এনে কিয় বাৰু? এটা কাৰণ হৈছে, ভৱিষ্যতবাণীটো তেতিয়াহে ভালদৰে বুজিব পাৰি, যেতিয়া ভৱিষ্যতবাণীটো পূৰ হৈ আছে বা পূৰ হʼল। আন এটা কাৰণ হৈছে আমি কোনো ভৱিষ্যতবাণী সঠিকভাৱে বুজিবলৈ, কিছুমান পদৰ ওপৰতে নহয়, কিন্তু সম্পূৰ্ণ ভৱিষ্যতবাণীৰ ওপৰত ধ্যান দিয়া উচিত। যদি আমি কেৱল কিছুমান পদৰ ওপৰত ধ্যান দিম, তেনেহʼলে আমি ভৱিষ্যতবাণীটো সঠিকভাৱে বুজিব নোৱাৰিম। হয়তো বিগত সময়ছোৱাত আমি যোৱেলৰ এটা ভৱিষ্যতবাণীৰ সকলো পদৰ ওপৰত ধ্যান দিয়া নাছিলোঁ। সেইবাবে, এই ভৱিষ্যতবাণীৰ বিষয়ে এতিয়ালৈকৈ আমি যি বিশ্বাস কৰি আহিছোঁ, সেয়া সলনি কৰাৰ প্ৰয়োজন। আহক, এই বিষয়ে আলোচনা কৰোঁ আৰু চাওঁ যে সলনি কৰাৰ কিয় প্ৰয়োজন।

৩-৪. যোৱেল ২:৭-৯ পদত দিয়া ভৱিষ্যতবাণীৰ এতিয়ালৈকে আমি কি অৰ্থ বুজি পাইছিলোঁ?

৩ যোৱেল ২:৭-৯ পঢ়ক। যোৱেলে ভৱিষ্যতবাণী কৰিছিল যে কাকতী ফৰিঙৰ এক ডাঙৰ জাকে ইস্ৰায়েল দেশক আক্ৰমণ কৰিব আৰু গোটেই দেশখনক ধ্বংস কৰিব। যোৱেলে লক্ষ্য কৰিছিল যে এই ফৰিংবোৰৰ দাঁত সিংহৰ দাঁতৰ নিচিনা হয় আৰু ওচৰত যি পায়, তাকে খায় পেলায়। (যোৱে. ১:৪, ৬) বহুবছৰৰপৰা আমি বিশ্বাস কৰি আহিছোঁ যে ভৱিষ্যতবাণীত কোৱা কাকতী ফৰিং যিহোৱা ঈশ্বৰৰ লোকসকলক চিত্ৰিত কৰে। এই লোকসকলে প্ৰচাৰ কাৰ্য্যত দ্ৰুত গতিৰে আগবাঢ়িব। যিদৰে ফৰিঙৰ জাকক বাধা দিয়াটো সহজ নহয়, ঠিক সেইদৰে এই লোকসকলকো বাধা দিয়াটো সহজ নহয়। আমি বিশ্বাস কৰিছিলোঁ যে তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যত ধ্বংস হোৱা দেশখনে ধৰ্মগুৰুৰ অধীনত থকা লোকসকলক চিত্ৰিত কৰে।b

৪ যদি আমি কেৱল যোৱেল ২:৭-৯ পঢ়ো, তেনেহʼলে এই ভৱিষ্যতবাণী আমাৰ প্ৰচাৰ কাৰ্য্যৰ বিষয়ে হয় যেন লাগিব পাৰে। কিন্তু এই সম্পূৰ্ণ ভৱিষ্যতবাণীৰ ওপৰত মনোযোগেৰে ধ্যান দিলে আমি বুজিব পাৰিম যে ইয়াৰ অৰ্থ বেলেগ। এনে কোৱাৰ চাৰিটা কাৰণ আছে। আহক এই বিষয়ে চাওঁ।

সলনি হোৱাৰ চাৰিটা কাৰণ

৫-৬. এই পদবোৰলৈ ধ্যান দিলে আমাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে, (ক) যোৱেল ২:২০? (খ) যোৱেল ২:২৫?

৫ প্ৰথম কাৰণ, মন কৰক যে যিহোৱা ঈশ্বৰে কাকতী ফৰিঙৰ আক্ৰমণৰ বিষয়ে কি কৈছে: “মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্যসামন্তক [কাকতী ফৰিঙক] দূৰ কৰিম।” (যোৱে. ২:২০) যদি কাকতী ফৰিং যিহোৱাৰ সাক্ষীসকলক চিত্ৰিত কৰে, তেনেহʼলে যিহোৱাই তেওঁলোকক কিয় দূৰ কৰিব? তেওঁলোকে যীচুৰ আজ্ঞা পালন কৰি প্ৰচাৰ কৰে আৰু শিষ্য বনোৱা কাম কৰে। (যিহি. ৩৩:৭-৯; মথি ২৮:১৯, ২০) নিঃসন্দেহ, যিহোৱা ঈশ্বৰে নিজৰ বিশ্বাসী লোকসকলক নহয়, কিন্তু এনে সেৱকসকলক দূৰ কৰিব, যিসকলে তেওঁৰ লোকসকলক তাড়না দিয়ে।

৬ দ্বিতীয় কাৰণ জানিবলৈ যোৱেল ২:২৫ পদলৈ ধ্যান দিয়ক। ইয়াত যিহোৱাই এইদৰে কৈছে, “তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।” মন কৰক, যিহোৱাই কৈছে যে ফৰিংবোৰে যি ক্ষতি কৰিছে, সেইবোৰ তেওঁ পুনৰাই ঠিক কৰিব। যদি ফৰিংবোৰে ৰাজ্যৰ শুভবাৰ্তা জনোৱা প্ৰচাৰকসকলক চিত্ৰিত কৰে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যৰপৰা ক্ষতি হৈছে। কিন্তু এয়া সত্য নহয়। আমাৰ শুভবাৰ্তাই লোকসকলক উপকৃত কৰে। আনকি দুষ্ট লোকসকলেও যদি আমাৰ শুভবাৰ্তা গ্ৰহণ কৰে, তেনেহʼলে তেওঁলোকে অনুতাপ কৰিব আৰু উপকৃত হʼব। তেওঁলোকৰ জীৱন ৰক্ষা পৰিব।—যিহি. ৩৩:৮, ১৯.

৭. ‘তাৰ পাছতে মই মোৰ আত্মা বাকি দিম,’ এই বাক্যৰপৰা কি বুজিব পাৰি?

৭ যোৱেল ২:২৮, ২৯ পঢ়ক। তৃতীয় কাৰণ জানিবলৈ মন কৰক যে ভৱিষ্যতবাণীৰ ঘটনাবোৰ কেনেকৈ ক্ৰমান্বয়ে ঘটিব। যিহোৱাই কৈছে: ‘তাৰ পাছতে মই মোৰ আত্মা বাকি দিম।’ কিন্তু ফৰিংবোৰে নিজৰ কাম কৰাৰ পাছত, যিহোৱাই কিয় তেওঁলোকক পবিত্ৰ আত্মা বাকি দিব? তেওঁলোকে পবিত্ৰ আত্মাৰ অবিহনে এই কামটো কেতিয়াও কৰিব নোৱাৰে। যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বাবেহে তেওঁলোকে বহুবছৰৰপৰা এই কামটো কৰি আছে। ইয়াৰ সত্ত্বেও তেওঁলোকে বহুতো বিৰোধৰ সন্মুখীন হৈছে আৰু কেইবাবাৰো তেওঁলোকক বাধা দিয়া হৈছে।

বিচিত্ৰ: ঐতিহাসিক প্ৰচাৰৰ দৃশ্য। ১. এগৰাকী ভনীয়ে ডাউন-মʼবাইল ব্যৱহাৰ কৰিছে, কিতাপেৰে ভৰি থকা দুছকীয়া চুটকেচ। ২. ভাই-ভনীসকলে প্ল্যাকাৰ্ড পিন্ধিছে আৰু চাইন বৰ্ড লৈছে। ৩. এখন চাউণ্ড কাৰ। ৪. এজন ভায়ে আলোচনী লৈছে। ৫. যোচেফ এফ. ৰাডাৰফৰ্ডে অধিৱেশনত ভাষণ দিছে। ৬. এজন ভায়ে ফনʼগ্ৰাফ চলাইছে আৰু দুজন গৃহস্থই শুনি আছে।

ভাই জে. এফ. ৰাডাৰফোৰ্ড আৰু আন অভিষিক্ত সেৱকসকলে দুষ্ট ব্যৱস্থাৰ বিৰুদ্ধে সাহসেৰে ঈশ্বৰৰ ন্যায়-বিচাৰৰ ঘোষণা কৰিবলৈ আগভাগ লৈছে (অনুচ্ছেদ ৮ চাওক)

৮. প্ৰকাশিত বাক্য ৯:১-১১ পদত উল্লেখ কৰা ফৰিংবোৰে কাক চিত্ৰিত কৰে? (বেটুপাতত দিয়া ছবিখন চাওক।)

৮ প্ৰকাশিত বাক্য ৯:১-১১ পঢ়ক। এতিয়া চতুৰ্থ কাৰণলৈ মন কৰক। প্ৰথমে আমি বিশ্বাস কৰিছিলোঁ যে প্ৰকাশিত বাক্য আৰু যোৱেলৰ কিতাপত ফৰিঙৰ বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছে, সেয়া আমাৰ প্ৰচাৰ কাৰ্য্যক চিত্ৰিত কৰে। প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা ফৰিংবোৰৰ মুখ, মানুহৰ মুখৰ নিচিনা আছিল আৰু তেওঁলোকৰ মূৰত সুৱৰ্ণময় কিৰীটি থকা যেন দেখা গৈছিল। (প্ৰকা. ৯:৭) ফৰিংবোৰে সেই লোকসকলক [অৰ্থাৎ ঈশ্বৰৰ শত্ৰুসকলক] তাড়না দিয়ে, যিবিলাকৰ “কপালত ঈশ্বৰৰ ছাব নাই।” (প্ৰকা. ৯:৪, ৫) ফৰিংবোৰৰ জীৱনকাল হৈছে পাঁচ মাহ আৰু তেওঁলোকে পাঁচ মাহলৈকে তাড়না দিয়ে। জানিব পৰা গৈছে যে প্ৰকাশিত বাক্য কিতাপৰ ভৱিষ্যতবাণীত উল্লেখ কৰা ফৰিংবোৰে যিহোৱাৰ অভিষিক্ত লোকসকলক চিত্ৰিত কৰে। তেওঁলোকে নিৰ্ভয়ে এই দুষ্ট জগতক যিহোৱাৰ ন্যায়ৰ বাৰ্তা শুনায়। সেইবাবে, জগতৰ লোকসকলে তেওঁলোকৰ বাৰ্তাৰপৰা আঘাত পায়।

৯. যোৱেল আৰু প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণীত উল্লেখ কৰা ফৰিংবোৰৰ মাজত কি পাৰ্থক্য আছে?

৯ এইটো সঁচা যে প্ৰকাশিত বাক্য আৰু যোৱেল কিতাপত দিয়া ভৱিষ্যতবাণীৰ মাজত কিছুমান বিষয় মিল আছে। কিন্তু কিছুমান বিষয় একেবাৰে মিল নাই। এটা পাৰ্থক্য হৈছে, যোৱেলৰ ভৱিষ্যতবাণীত কোৱা হৈছে যে ফৰিংবোৰে গছ-গছনিক শেষ কৰি পেলাব। (যোৱে. ১:৪, ৬, ৭) কিন্তু প্ৰকাশিত বাক্য কিতাপৰ ভৱিষ্যতবাণীত ফৰিংবোৰৰ বিষয়ে উল্লেখ কৰিছে যে তেওঁলোকে ‘কোনো তৃৰ্ণ, বা কোনো কেঁচা শাক বা কোনো গছক হিংসা [ক্ষতি, NW]’ নকৰিব। (প্ৰকা. ৯:৪) যোৱেলে দৰ্শনত দেখিছিল যে ফৰিংবোৰ উত্তৰ দিশৰপৰা আহিছে। (যোৱে. ২:২০) কিন্তু প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা ফৰিংবোৰে অগাধ ঠাইৰপৰা ওপৰলৈ আহিছে। (প্ৰকা. ৯:২, ৩) ফৰিংবোৰক দূৰ কৰা হʼব বুলি যোৱেলৰ ভৱিষ্যতবাণীত উল্লেখ কৰা হৈছিল। কিন্তু প্ৰকাশিত বাক্য কিতাপৰ ভৱিষ্যতবাণীত উল্লেখ কৰা হৈছে যে যিহোৱা ঈশ্বৰে ফৰিংবোৰক দূৰ নকৰে। কিন্তু তেওঁলোকক নিজৰ কাম পূৰ কৰিবলৈ দিয়ে। এই ফৰিংবোৰে এনে লোকসকলক চিত্ৰিত কৰে, যিসকলৰ কামৰপৰা যিহোৱা ঈশ্বৰ আনন্দিত। যিহোৱা ঈশ্বৰ তেওঁলোকৰ কামৰপৰা আনন্দিত নহয় বুলি বাইবেলত কʼতো উল্লেখ নাই। “ফৰিঙৰ বিষয়ে ভৱিষ্যতবাণীবোৰ—একেধৰণৰ কিন্তু বেলেগ বেলেগ” নামৰ বক্স চাওক।

ফৰিঙৰ বিষয়ে ভৱিষ্যতবাণীবোৰ—একেধৰণৰ কিন্তু বেলেগ বেলেগ

যোৱেল ১:৪; ২:৭-৯, ২০

  • বাবিলৰ সৈন্যসকলে নিজৰ তৰোৱাল আৰু যাঠী লৈছে। তেওঁলোকৰ পিছফালে কাকতী ফৰিঙৰ জাকে উৰিছে।

    তেওঁলোকে উত্তৰ দিশৰপৰা আহে

  • তেওঁলোকে তৃৰ্ণ, কেচা শাক আৰু গছক ক্ষতি কৰে

  • তেওঁলোকক দূৰ কৰা হয়

  • তেওঁলোকে বাবিলৰ সৈন্যক চিত্ৰিত কৰে। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ৬০৭-ত যিৰূচালেম আক্ৰমণ কৰিছিল

প্ৰকাশিত বাক্য ৯:১-১১

  • ভাই-ভনীসকলে চাইন বৰ্ড আৰু প্ল্যাকাৰ্ডেৰে প্ৰচাৰ কৰিছে। তেওঁলোকৰ তলত কাকতী ফৰিঙৰ জাকে উৰিছে।

    তেওঁলোকে অগাধ ঠাইৰপৰা ওলাই আহে

  • তেওঁলোকে তৃৰ্ণ, কেচা শাক আৰু গছক ক্ষতি নকৰে

  • তেওঁলোকে নিজৰ কাম সম্পূৰ্ণ কৰে

  • তেওঁলোকে যিহোৱাৰ অভিষিক্ত লোকসকলক চিত্ৰিত কৰে, যিসকলে সাহসেৰে ন্যায়ৰ বাৰ্তা শুনায়

১০. বাইবেলৰপৰা উদাহৰণ দি বুজাওক যে কেনেকৈ এটা বিষয়ে দুটা বেলেগ বেলেগ বিষয়ক চিত্ৰিত কৰিব পাৰে?

১০ আমি দেখিলোঁ যে যোৱেল আৰু প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণীৰ মাজত বহুত পাৰ্থক্য আছে। এই দুয়োখন কিতাপত উল্লেখ কৰা ফৰিংবোৰে বেলেগ বেলেগ বিষয়ক চিত্ৰিত কৰে। কিন্তু আপুনি ভাবিব পাৰে যে ই কেনেকৈ হʼব পাৰে? যিহেতু দুয়োটা ভৱিষ্যতবাণীতে ফৰিঙৰ বিষয়ে কোৱা হৈছে, তেনেহʼলে দুয়োটাই কেনেকৈ বেলেগ বেলেগ বিষয়ক চিত্ৰিত কৰিছে? উত্তৰৰ বাবে মন কৰক যে বাইবেলৰ কিছুমান জীৱ-জন্তুক বেলেগ বেলেগ পদত বেলেগ বেলেগ বিষয়ত চিত্ৰিত কৰা হৈছে। উদাহৰণস্বৰূপে, প্ৰকাশিত বাক্য ৫:৫ পদত যীচুক “যিহূদা ফৈদৰ সিংহ” বুলি কোৱা হৈছে। আনহাতে, প্ৰথম পিতৰ ৫:৮ পদত চয়তানক “গুজৰি থকা সিংহ” বুলি কোৱা হৈছে। আমি এনে চাৰিটা কাৰণ দেখিলোঁ, যিয়ে প্ৰমাণ কৰে যে যোৱেলৰ ভৱিষ্যতবাণীৰ বিষয়ে এতিয়ালৈকে আমি যি বিশ্বাস কৰিছোঁ, সেয়া সঠিক নহয়। গতিকে এতিয়া প্ৰশ্ন হয় যে যোৱেলৰ ভৱিষ্যতবাণীৰ সঠিক অৰ্থ কি?

ভৱিষ্যতবাণীৰ অৰ্থ কি?

১১. (ক) যোৱেলৰ ভৱিষ্যতবাণীত উল্লেখ কৰা ফৰিংবোৰৰ অৰ্থ কি? (খ) যোৱেল ১:৬ আৰু ২:১, ৮, ১১ পদৰপৰা কেনেকৈ ইয়াৰ প্ৰমাণ পোৱা যায়?

১১ যোৱেলৰ গোটেই ভৱিষ্যতবাণীৰ ওপৰত ভালদৰে অধ্যয়ন কৰিলে বুজিব পাৰি যে যোৱেলে এজন সৈন্যৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰিছে। যোৱেল ১:৬ আৰু ২:১, ৮, ১১ পদৰপৰা বুজিব পাৰি যে ফৰিংবোৰৰ অৰ্থ হৈছে বাবিলৰ “সৈন্যসামন্ত,” যিসকলে বিদ্ৰোহী ইস্ৰায়েলীসকলক শাস্তি দিবলৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব। (যোৱে. ২:২৫) এনে কোৱাৰ এটা কাৰণ হৈছে, এই সৈন্য-সামন্ত উত্তৰ দিশৰপৰা আহিব বুলি যোৱেলে কৈছিল। (যোৱে. ২:২০) বাবিলৰ সৈন্যসামন্তই সঁচাকৈ উত্তৰ দিশৰপৰা ইস্ৰায়েলক আক্ৰমণ কৰিবলগীয়া আছিল। আন এটা কাৰণ হৈছে, সৈন্যসামন্তৰ আক্ৰমণ ফৰিঙৰ আক্ৰমণৰ দৰে হʼব। কিয়নো ফৰিঙৰ জাকে শৃংখলাবদ্ধভাৱে আক্ৰমণ কৰে। যোৱেলে কৈছে যে “প্ৰতিজনে [প্ৰতিজন সৈনিকে] নিজ নিজ পথত যাত্ৰা কৰে; . . . সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকীয়েদি সোমায়।” (যোৱে. ২:৮, ৯) আপুনি কল্পনা কৰিব পাৰেনে যে বাবিলৰ সৈন্যসামন্তৰ আক্ৰমণ কেনেকুৱা আছিল? চাৰিওফালে সৈনিকক দেখিবলৈ পোৱা গৈছিল। লুকাই থাকিবলৈ কোনো ঠাই নাছিল। তেওঁলোকৰ তৰোৱালৰপৰা কোনেও বাছি থাকিব নোৱাৰিলে।

১২. ফৰিংবোৰৰ বিষয়ে কোৱা যোৱেলৰ ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল?

১২ খ্ৰীষ্টপূৰ্ব ৬০৭-ত বাবিলৰ লোকসকলে সঁচাকৈ ফৰিঙৰ দৰে যিৰূচালেম নগৰখন আক্ৰমণ কৰিছিল। বাইবেলে এইদৰে উল্লেখ কৰিছে: ‘কলদীয়াবিলাকৰ ৰজাই ডেকাবিলাকক তৰোৱালেৰে বধ কৰিলে, যুৱা কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰীয়া বুঢ়া, কালৈকো দয়া নকৰিলে। ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে। আৰু তেওঁৰ লোকবিলাকে ঈশ্বৰৰ গৃহ পুৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে, আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।’ (২ বং. ৩৬:১৭, ১৯) যেতিয়া বাবিলৰ লোকসকলে ইস্ৰায়েল দেশক ধ্বংস কৰিছিল, তেতিয়া দেশৰ অৱস্থা দেখি লোকসকলে এইদৰে কৈছিল: “ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান। ইয়াক কলদীয়াহঁতৰ হাতত সমৰ্পণ কৰা হৈছে।”—যিৰি. ৩২:৪৩.

১৩. যিৰিমিয়া ১৬:১৬ আৰু ১৮ পদৰ অৰ্থ কি?

১৩ যোৱেলে ভৱিষ্যতবাণী কৰাৰ ২০০ বছৰৰ পাছত যিহোৱাই বাবিলৰ আক্ৰমণৰ বিষয়ে যিৰিমিয়াকো ভৱিষ্যতবাণী কৰিবলৈ দিলে। এই ভৱিষ্যতবাণীত সেই আক্ৰমণৰ বিষয়ে আৰু কিছুমান কথা উল্লেখ কৰিছে। যিৰিমিয়াই কৈছিল যে শত্ৰুবিলাকে আহি দুষ্ট কাম কৰা সকলো ইস্ৰায়েলীক বিচাৰি উলিয়াব। ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “যিহোৱাই কৈছে, চোৱা, মই অনেক মাছ-মৰীয়া অনাম, সিহঁতে মাছ ধৰাদি তেওঁবিলাকক ধৰিব; পাছে মই অনেক ব্যাধ অনাম, সিঁহতে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি, আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁবিলাকক উলিয়াব। মই প্ৰথমে তেওঁবিলাকৰ অপৰাধ আৰু পাপৰ দুগুণ প্ৰতিফল দিম।” এই পদবোৰৰ অৰ্থ হৈছে ইস্ৰায়েলীসকলে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সমুদ্ৰ বা জংঘল, যʼতেই নাযাওক কিয়, তেওঁলোকে শত্ৰুৰ হাতৰপৰা নিজকে ৰক্ষা কৰিব নোৱাৰে। বাবিলৰ লোকসকলে মাছমৰীয়া আৰু ব্যাধৰ দৰে তেওঁলোকক ধৰিব।—যিৰি. ১৬:১৬, ১৮.

সকলো আগৰ দৰে

১৪. যোৱেল ২:২৮, ২৯ পদত উল্লেখ কৰা ভৱিষ্যতবাণী কেতিয়া পূৰ হৈছিল?

১৪ যিৰূচালেমৰ ধ্বংসৰ বিষয়ে কোৱাৰ পাছত যোৱেলে এক ভাল খবৰৰ বিষয়ে কয়। তেওঁ এইদৰে কৈছে, ইস্ৰায়েলীসকলে বাবিলৰপৰা নিজৰ দেশলৈ উভতি আহিব। দেশৰ মাটি পুনৰ সাৰুৱা হʼব আৰু প্ৰচুৰ পৰিমাণে আহাৰ হʼব। (যোৱে. ২:২৩-২৬) ভৱিষ্যতে যথেষ্ট পৰিমাণে আধ্যাত্মিক আহাৰ হʼব। সেয়া হৈছে ঈশ্বৰৰ জ্ঞান। যিহোৱাই এইদৰে ভৱিষ্যতবাণী কৰিছিল: “মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, . . . সেই কালত মই বন্দী-বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম।” (যোৱে. ২:২৮, ২৯) এই ভৱিষ্যতবাণী ইস্ৰায়েলীসকলে উভতি অহাৰ লগে লগে পূৰ হোৱা নাছিল। কিন্তু বহু বছৰৰ পাছত পূৰ হৈছিল। ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনা যিহোৱাই নিজৰ লোকসকলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিছিল। সেইসময়ত এই ভৱিষ্যতবাণী পূৰ হৈছিল বুলি আমি কেনেক জানিব পাৰোঁ?

১৫. (ক) পাঁচনিৰ কৰ্ম্ম ২:১৬, ১৭ পদত, যোৱেল ২:২৮ পদৰ উদ্ধৃতি দিয়াৰ সময়ত কি বেলেগ বাক্য ব্যৱহাৰ কৰিছিল? (খ) ইয়াৰপৰা কি বুজিব পাৰি?

১৫ পেন্টাকোষ্টৰ দিনাখন ৰাতিপুৱা নমান বজাত এক আচৰিত ঘটনা ঘটিছিল। ঈশ্বৰে নিজৰ কিছুমান লোকৰ ওপৰত পবিত্ৰ আত্মা বাকি দিছিল আৰু তেওঁলোকে “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ কথা” কৈছিল। (পাঁচ. ২:১১) সেইসময়ত পাঁচনি পিতৰে ঈশ্বৰৰ প্ৰেৰণাৰে কৈছিল যে এই ঘটনাৰ যোগেদি যোৱেল ২:২৮, ২৯ পদত উল্লেখ কৰা ভৱিষ্যতবাণী পূৰ হয়। কিন্তু পিতৰে যোৱেলৰ ভৱিষ্যতবাণীৰ উদ্ধৃতি দিয়াৰ সময়ত পাঁচনি কৰ্ম্ম ২:১৬, ১৭ পদত ঈশ্বৰৰ প্ৰেৰণাৰে তেওঁ কিছুমান বেলেগ বাক্য কৈছিল। (পঢ়ক।) আপুনি মন কৰিলেনে, যোৱেলে ভৱিষ্যতবাণীৰ আৰম্ভণিতে ‘তাৰ পাছত’ বুলি কৈছিল, কিন্তু পিতৰে “শেষৰ দিনা” বুলি কৈছিল। পিতৰে ইয়াত যিহূদী ব্যৱস্থাৰ শেষৰ দিনৰ বিষয়ে কৈছিল। সেই শেষৰ দিনত যিহোৱা ঈশ্বৰে “গোটেই মনুষ্যজাতিৰ ওপৰত” নিজৰ পবিত্ৰ আত্মা দিব। ইয়াৰপৰা বুজিব পাৰি যে ভৱিষ্যতবাণীৰ এই কথা ইস্ৰায়েলীসকলে নিজৰ দেশ উভতি অহাৰ বহু বছৰৰ পাছত পূৰ হৈছিল।

১৬. (ক) প্ৰথম শতিকাত পবিত্ৰ আত্মাৰ সহায়ত শুভবাৰ্তা কিমান দূৰলৈকে সিচৰিত হৈছিল? (খ) বৰ্তমান সময়ৰ বিষয়ে কি কʼব পাৰি?

১৬ প্ৰথম শতিকাত যেতিয়া পেন্টাকোষ্টৰ দিনাখন ঈশ্বৰে খ্ৰীষ্টানসকলক পবিত্ৰ আত্মা দিছিল, তেতিয়াৰেপৰা প্ৰচাৰ কাম দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিলে। প্ৰায় ৬১ খ্ৰীষ্টাব্দলৈকে গোটেই পৃথিৱীত শুভবাৰ্তা সিচৰিত হৈছিল। এয়াই কাৰণ হৈছে যে সেই বছৰৰ সময়ছোৱাত পৌলে যেতিয়া কলচীয়া নামৰ চিঠিখন লিখিছিল, তেতিয়া তেওঁ শুভবাৰ্তা প্ৰচাৰৰ বিষয়ে এইদৰে কৈছিল: “গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত” হʼল। (কল. ১:২৩) পৌলে “গোটেই সৃষ্টি” বুলি কোৱাৰ অৰ্থ হৈছে জগতৰ সেই সকলো ঠাই, যʼত পৌল আৰু আন খ্ৰীষ্টানসকলে যাব পাৰিছিল। বৰ্তমান সময়ত পবিত্ৰ আত্মাৰ সহায়ত শুভবাৰ্তা দূৰ-দূৰণি ঠাই অৰ্থাৎ “জগতৰ সীমালৈকে” বিয়পি পৰিছে।—পাঁচ. ১৩:৪৭; “মই . . . মোৰ আত্মা বাকি দিম” নামৰ বক্স চাওক।

“মই . . . মোৰ আত্মা বাকি দিম”

৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনা প্ৰায় ৩,০০০ পুৰুষ আৰু তিৰোতাই যীচুৰ শিষ্য হিচাপে বাপ্তিষ্মা লৈছিল। তেওঁলোকে লগে লগে যীচুৰ বিষয়ে আন লোকসকলক জনাবলৈ আৰম্ভ কৰে। যিহোৱা ঈশ্বৰে তেওঁলোকৰ কাৰ্য্যত আশীৰ্বাদ কৰেনে? তেওঁ নিশ্চয় কৰিলে। “কত হাজাৰ” লোকে যীচুৰ শিষ্য হৈছিল।—পাঁচ. ২:৪১; ২১:২০.

বহু হাজাৰ লোকে কেনেকৈ খ্ৰীষ্টান হৈছিল? বাইবেলত ইয়াৰ বিষয়ে কোনো উল্লেখ কৰা নাই, কিন্তু প্ৰথম শতিকাৰ শেষলৈকেয়ো খ্ৰীষ্টানসকলৰ সংখ্যা ১,৪৪,০০০-ৰপৰা একেবাৰে কম আছিল। সেইসময়ত যিহোৱা ঈশ্বৰে পুৰুষ আৰু তিৰোতাক স্বৰ্গীয় ৰাজ্যৰ বাবে বাছনি কৰিছিল। কিন্তু বেছি সংখ্যক অভিষিক্ত লোকক বৰ্তমান সময়ত বাছনি কৰা হৈছে। প্ৰথম শতিকাৰ আচৰিতজনক বৃদ্ধিয়ে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰে সেই আৰম্ভণিৰ শিষ্যসকলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিছিল।—পাঁচ. ২:১৬-১৮.

যিহোৱা ঈশ্বৰে বৰ্তমান সময়তো নিজৰ সেৱকসকলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিছে বুলি কিবা প্ৰমাণ আছেনে? নিশ্চয় আছে। এই বিষয়বোৰলৈ ধ্যান দিয়ক: উপলব্ধ তথ্য অনুসৰি ১৯১৯ চনত গোটেই পৃথিৱীত ৬,০০০-তকৈ কম শুভবাৰ্তাৰ প্ৰচাৰক আছিল। সেইবাবে, যিহোৱা ঈশ্বৰে প্ৰচাৰ কাৰ্য্যৰ ওপৰত আশীৰ্বাদ কৰে আৰু ১৯৮৩ চনলৈকে প্ৰতি বছৰে ১,৪৪,০০০-তকৈ বেছি লোকে যিহোৱাৰ সাক্ষী হিচাপে বাপ্তিষ্মা লৈছিল। ইয়ে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰে নিজৰ সেৱকসকলৰ বিষয়ে কৰা প্ৰতিজ্ঞা পূৰ কৰিছে: “মই . . . মোৰ আত্মা বাকি দিম”!—যোৱে. ২:২৮, ২৯.

কি সলনি হৈছে?

১৭. ফৰিঙৰ বিষয়ে যোৱেলে কৰা ভৱিষ্যতবাণীৰ এতিয়া আমি কি অৰ্থ বুজি পালোঁ?

১৭ যোৱেল ২:৭-৯ পদত ফৰিঙৰ বিষয়ে দিয়া ভৱিষ্যতবাণী এতিয়া আমি ভালদৰে বুজিব পাৰিছোঁ। আমি লক্ষ্য কৰিলোঁ যে এই পদত আমাৰ প্ৰচাৰ কাৰ্য্যৰ বিষয়ে কোৱা নাই। ইয়াৰ পৰিৱৰ্তে এই ভৱিষ্যতবাণীৰ অৰ্থ হৈছে, বাবিলৰ সৈন্যই যিৰূচালেমৰ ওপৰত আক্ৰমণ কৰিব। এই ভৱিষ্যতবাণী খ্ৰীষ্টপূৰ্ব ৬০৭-ত পূৰ হৈছিল।

১৮. প্ৰচাৰ কাৰ্য্যৰ ক্ষেত্ৰত কিবা সাল-সলনি হৈছেনে?

১৮ কিন্তু আমাৰ প্ৰচাৰ কাৰ্য্যত কোনো সাল-সলনি হোৱা নাই। আমি সকলো ঠাই আৰু সকলো পদ্ধতি ব্যৱহাৰ কৰি লোকসকলক শুভবাৰ্তা জনাই আছোঁ। (মথি ২৪:১৪) চৰকাৰে যিমানেই বাধা নিদিয়ক কিয়, আমি এই কাম কৰিবলৈ কেতিয়াও নেৰিম। যিহোৱাৰ সহায়ত আমি আগতকৈয়ো বেছি উৎসাহ আৰু সাহসেৰে প্ৰচাৰ কৰি আছোঁ। আমি যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ যে বাইবেলৰ ভৱিষ্যতবাণীবোৰ সঠিক সময়ত আমাক ভালদৰে বুজিবলৈ সহায় কৰিব আৰু “আটাই সত্যৰ পথ” দেখুৱাব।—যোহ. ১৬:১৩.

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি বিশ্বাস কৰা কিছুমান ভৱিষ্যতবাণী কেতিয়াবা কেতিয়াবা কিয় সাল-সলনি কৰাৰ প্ৰয়োজন হয়?

  • যোৱেল ২:৭-৯ পদত কি ভৱিষ্যতবাণী কৰা হৈছিল?

  • ভৱিষ্যতবাণীবোৰৰ অৰ্থত কিবা সাল-সলনি হোৱাৰ সময়ত আমাৰ বিশ্বাস দৃঢ় হয় বুলি আপুনি কিয় বিশ্বাস কৰে?

গীত ৯৭ জীৱন যিহোৱাৰ বাক্যৰ ওপৰত নিৰ্ভৰশীল

a যোৱেল ১ আৰু ২ অধ্যায়ত দিয়া ভৱিষ্যতবাণীৰ বিষয়ে আমি বহুবছৰৰপৰা এয়াই ভাবিছিলোঁ যে এই ভৱিষ্যতবাণী প্ৰচাৰ কামৰ বিষয়ে হয় আৰু ই আমাৰ সময়ত পূৰ হৈছে। কিন্তু এই ভৱিষ্যতবাণীৰ বিষয়ে আমি যি ভাবিছিলোঁ, সেয়া এতিয়া সলনি কৰাৰ প্ৰয়োজন। এনে কৰাৰ চাৰিটা কাৰণ এই লেখত উল্লেখ কৰা হৈছে।

b উদাহৰণস্বৰূপে, ২০০৯, ১৫ এপ্ৰিল প্ৰহৰীবুৰুজ (হিন্দী) “সৃষ্টিয়ে যিহোৱাৰ বুদ্ধিৰ প্ৰমাণ দিয়ে” লেখৰ ১৪-১৬ অনুচ্ছেদ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক