ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 আগষ্ট পৃষ্ঠা ৮-১৩
  • নিজৰ সীমা বুজি নম্ৰতাৰে ঈশ্বৰৰ সৈতে চলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ সীমা বুজি নম্ৰতাৰে ঈশ্বৰৰ সৈতে চলক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি যিহোৱাৰপৰা কি শিকিব পাৰোঁ?
  • আমি আনৰপৰা কি শিকিব পাৰোঁ?
  • নম্ৰ হʼলে আৰু নিজৰ সীমা বুজি পালে আমাৰ কি লাভ আছে
  • যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 আগষ্ট পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ৩২

নিজৰ সীমা বুজি নম্ৰতাৰে ঈশ্বৰৰ সৈতে চলক

‘নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলক।’—মীখা ৬:৮.

গীত ৩১ ঈশ্বৰে সৈতে চলক

লেখৰ এক আভাসa

১. দায়ূদে যিহোৱাৰ নম্ৰতাৰ বিষয়ে কি কৈছিল?

যিহোৱা এজন নম্ৰ ঈশ্বৰ হয়। আমি এয়া কিয় কʼব পাৰোঁ? দায়ূদে এইদৰে লিখিছে, “তুমি নিজ পৰিত্ৰাণৰূপ ঢাল মোক দিলা; তোমাৰ মৃদুতাই মোক মহান কৰিলে।” (২ চমূ. ২২:৩৬; গীত. ১৮:৩৫) এই কথাষাৰ লিখাৰ সময়ত দায়ূদৰ হয়তো সেই ঘটনালৈ মনত পৰিছিল, যেতিয়া ভৱিষ্যতবক্তা চমূৱেলে দায়ূদৰ পিতৃৰ ঘৰলৈ গৈছিল। ইস্ৰায়েলৰ পৰৱৰ্তী ৰজাক অভিষিক্ত কৰিবলৈ চমূৱেলক দায়িত্ব দিয়া হৈছিল। দায়ূদ আঠজন পুত্ৰৰ ভিতৰত একেবাৰে সৰু পুত্ৰ আছিল। তথাপিও যিহোৱাই চৌলৰ সলনি তেওঁক ৰজা হিচাপে বাছনি কৰিলে।—১ চমূ. ১৬:১, ১০-১৩.

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২ গীতমালা ১১৩-ত যিহোৱাৰ বিষয়ে যি লিখা আছে, দায়ূদেও সেই কথা স্বীকাৰ কৰে। ইয়াত এইদৰে লিখা আছে, “যি জনাই আকাশ-মণ্ডল আৰু পৃথিবীলৈ দৃষ্টি কৰিবৰ নিমিত্তে নিজকে নম্ৰ কৰিলে, যি জনাই প্ৰধানবিলাকৰ লগত বহুৱাবলৈ, ধূলিৰ পৰা দুখীয়াক, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে।” (গীত. ১১৩:৬-৮) এই লেখত আমি চাম যে যিহোৱাই কেনেকৈ নম্ৰতাৰে ব্যৱহাৰ কৰে আৰু আমি তেওঁৰপৰা কি শিকিব পাৰোঁ। ইয়াৰ পাছত আমি চাম যে নিজৰ সীমা বুজি পোৱাৰ বিষয়ে ৰজা চৌল, ভৱিষ্যতবক্তা দানিয়েল আৰু যীচুৰপৰা আমি কি শিকিব পাৰোঁ।

আমি যিহোৱাৰপৰা কি শিকিব পাৰোঁ?

৩. যিহোৱাই আমাৰ লগত কেনেদৰে ব্যৱহাৰ কৰে আৰু ইয়াৰপৰা কি জানিব পাৰি?

৩ যিহোৱাই আমাৰ দৰে অসিদ্ধ ব্যক্তিৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰপৰা বুজিব পাৰি তেওঁ নম্ৰ হয়। তেওঁ আমাৰ উপাসনা গ্ৰহণ কৰে আৰু আমাক নিজৰ বন্ধু বুলি ভাবে। (গীত. ২৫:১৪) তেওঁ নিজে আমাৰ বাবে বাট মুকলি কৰিছে, যাতে আমি তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ। আমাৰ পাপ ক্ষমা কৰিবলৈ তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে বলিদান দিছে। সঁচাকৈ যিহোৱা বৰ দয়ালু ঈশ্বৰ হয়।

৪. যিহোৱাই আমাক কি কৰিবলৈ স্বাধীনতা দিছে আৰু কিয়?

৪ যিহোৱাৰ নম্ৰতা আৰু এটা কথাত দেখিবলৈ পোৱা যায়। তেওঁ নিজ প্ৰতিমূৰ্ত্তিৰে আমাক সৃষ্টি কৰিছে আৰু নিজৰ নিৰ্ণয় নিজে লোৱাৰ অধিকাৰ দিছে। তেওঁ বিচৰা হʼলে আমাক এনে স্বাধীনতা নিদিলেহেঁতেঁন। তেওঁ আমাক স্বাধীনতা দিয়াৰ কাৰণ হৈছে আমি যাতে স্ব-ইচ্ছাৰে তেওঁৰ উপাসনা কৰিব পাৰোঁ। তেওঁক প্ৰেম কৰিলে আৰু তেওঁৰ আজ্ঞা পালন কৰিলেই আমি উপকৃত হʼম বুলি বুজি পোৱাটো তেওঁ বিচাৰে। (দ্বিতী. ১০:১২; যিচ. ৪৮:১৭, ১৮) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ নম্ৰ হয়।

স্বৰ্গত যীচু আৰু তেওঁৰ লগত শাসন কৰিবলগীয়া শাসকসকল থিয় হৈ আছে। তেওঁলোকে লাখ লাখ স্বৰ্গদূতসকলক চাই আছে। কিছুমান স্বৰ্গদূতে যিহোৱাই দিয়া কাম পূৰ কৰিবলৈ পৃথিৱীলৈ গৈছে।

স্বৰ্গত যীচু আৰু তেওঁৰ লগত শাসন কৰিবলগীয়া শাসকসকল থিয় হৈ আছে। তেওঁলোকে লাখ লাখ স্বৰ্গদূতসকলক চাই আছে। কিছুমান স্বৰ্গদূতে যিহোৱাই দিয়া কাম পূৰ কৰিবলৈ পৃথিৱীলৈ গৈছে। এই ছবিখনত যিসকলক দেখুৱা হৈছে, তেওঁলোকক যিহোৱা ঈশ্বৰে কিছুমান অধিকাৰ দিছে (অনুচ্ছেদ ৫ চাওক)

৫. যিহোৱা নম্ৰ হোৱাৰ বাবে কি কৰে? (বেটুপাতত দিয়া ছবিখন চাওক।)

৫ আমি তেওঁৰ দৰে নম্ৰ হোৱাটো আৰু আনৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়ে তেওঁৰপৰা শিকাটো যিহোৱাই বিচাৰে। গোটেই বিশ্বব্ৰহ্মাণ্ডত যিহোৱা এজন বুদ্ধিমান ঈশ্বৰ হয়। তেওঁক আনৰপৰা পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। তথাপি তেওঁ আনৰপৰা পৰামৰ্শ লয়। সকলো বস্তু সৃষ্টি কৰাৰ সময়ত যিহোৱাই নিজৰ পুত্ৰকো সহায় কৰিবলৈ সুযোগ দিছিল। (হিতো. ৮:২৭-৩০; কল. ১:১৫, ১৬) যিহোৱা সৰ্বশক্তিমান ঈশ্বৰ হয়, তথাপি তেওঁ আনক দায়িত্ব দিয়ে। উদাহৰণস্বৰূপে, তেওঁ যীচু খ্ৰীষ্টক ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে আৰু তেওঁ ১,৪৪,০০০ জনকো যীচুৰ লগত শাসন কৰিবলৈ অধিকাৰ দিব। (লূক ১২:৩২) যিহোৱাই যীচুক ৰজা আৰু মহাপুৰোহিত হিচাপে প্ৰশিক্ষণ দিছে। (ইব্ৰী ৫:৮, ৯) বৰ্তমান সময়ত তেওঁ যীচুৰ লগত শাসন কৰিবলগীয়া শাসকসকলকো প্ৰশিক্ষণ দিছে। কিন্তু তেওঁ সৰু-সুৰা বিষয়ত ধ্যান নিদিয়ে যে তেওঁলোকে নিজৰ দায়িত্ব কেনেকৈ পূৰ কৰিছে। তেওঁলোকে যিহোৱাৰ ইচ্ছা অনুসৰি কাম কৰিব বুলি যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছে।—প্ৰকা. ৫:১০.

ছবি: এজন প্ৰাচীনে এজন ডেকা ভাইক দায়িত্ব দিছে। ১. এজন প্ৰাচীনে এখন মানচিত্ৰ ব্যৱহাৰ কৰি মণ্ডলীৰ এলেকাৰ কাৰ্ডবোৰ শৃংখলাবদ্ধ কৰিবলৈ এজন ডেকা ভাইক প্ৰশিক্ষণ দিছে। ২. ডেকা ভাইজনে মণ্ডলীৰ আন এজন ভাইক দেখুৱাইছে যে এলেকাৰ কাৰ্ডবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি।

যিহোৱাৰ দৰে নম্ৰ হʼলে আমি আনক শিকাম আৰু দায়িত্ব দিম (অনুচ্ছেদ ৬-৭ চাওক)b

৬-৭. আনক কাম বা দায়িত্ব দিয়াৰ ক্ষেত্ৰত আমি যিহোৱাৰপৰা কি শিকিব পাৰোঁ?

৬ যিহোৱাক কোনো লোকৰপৰা সহায় লোৱাৰ প্ৰয়োজন নাই। তেওঁ নিজৰ কাম নিজে কৰিব পাৰে, তথাপি তেওঁ আনক কাম আৰু দায়িত্ব দিয়ে। যদি যিহোৱাই এইদৰে কৰে, তেনেহʼলে আমিও এইদৰে কৰা উচিত নহয়নে? যদি আপুনি পৰিয়ালৰ মুৰব্বী বা মণ্ডলীৰ প্ৰাচীন হয়, তেনেহʼলে আপুনিও আনক কাম আৰু দায়িত্ব দিয়ক। যেতিয়া তেওঁলোকে কাম কৰি থাকে, তেতিয়া তেওঁলোকক বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাই। এইদৰে কৰিলে আপোনাৰ কামো হৈ যাব, আপুনি আনক শিকাবও পাৰিব আৰু তেওঁলোকৰ ভৰসা বাঢ়িব যে তেওঁলোকেও কিবা কৰিব পাৰে। (যিচ. ৪১:১০) আপুনি যিহোৱাৰপৰা আৰু কি শিকিব পাৰে?

৭ আমি বাইবেলৰ এটা ঘটনাৰপৰা বুজিব পাৰোঁ যে এজন পিতৃ হিচাপে যিহোৱাই নিজৰ পুত্ৰ অৰ্থাৎ স্বৰ্গদূতসকলৰ মন্তব্য জানিব বিচাৰে। (১ ৰাজা. ২২:১৯-২২) পিতৃ-মাতৃসকল, আপোনালোকে যিহোৱাৰ দৰে কি কৰিব পাৰে? কিছুমান ক্ষেত্ৰত নিজৰ লʼৰা-ছোৱালীৰপৰা মন্তব্য লওক যে কোনো এটা কাম কেনেকৈ কৰিব পাৰি। যদি তেওঁলোকৰ মন্তব্য ভাল লাগে, তেনেহʼলে সেইদৰেই কৰক।

৮. অব্ৰাহাম আৰু চাৰাৰ ক্ষেত্ৰত যিহোৱাই কেনেকৈ ধৈৰ্য্য দেখুৱাইছিল?

৮ তেওঁ ধৈৰ্য্য ধৰাৰ যোগেদিও প্ৰমাণ কৰে যে তেওঁ নম্ৰ ঈশ্বৰ হয়। উদাহৰণস্বৰূপে, তেওঁৰ কোনো এজন সেৱকে যেতিয়া তেওঁৰ নিৰ্ণয় বুজি নাপায় আৰু তেওঁক প্ৰশ্ন কৰে, তেতিয়া তেওঁ ধৈৰ্য্যেৰে শুনে আৰু তেওঁক উত্তৰ দিয়ে। অব্ৰাহামৰ ক্ষেত্ৰত তেওঁ এইদৰেই কৰিলে। যেতিয়া অব্ৰাহামে চদোম আৰু ঘমোৰাৰ ধ্বংসৰ বিষয়ে নিজৰ চিন্তা যিহোৱাক জনায়, তেতিয়া তেওঁ ধৈৰ্য্যেৰে শুনে। (আদি. ১৮:২২-৩৩) যিহোৱাই অব্ৰাহামৰ পত্নী চাৰাৰ লগতো এইদৰেই ব্যৱহাৰ কৰিছিল। বৃদ্ধ বয়সত চাৰাই এটি সন্তান জন্ম দিব বুলি যিহোৱাই যি প্ৰতিজ্ঞা কৰিছিল, তাৰ ওপৰত চাৰাই যেতিয়া হাঁহিছিল, তেতিয়া যিহোৱাই খং কৰা নাছিল। (আদি. ১৮:১০-১৪) যিহোৱাই চাৰাৰ লগত সন্মানেৰে ব্যৱহাৰ কৰিলে।

৯. পিতৃ-মাতৃ আৰু প্ৰাচীনসকলে যিহোৱাৰপৰা কি শিকিব পাৰে?

৯ পিতৃ-মাতৃ আৰু প্ৰাচীনসকল, আপোনালোকে যিহোৱাৰপৰা কি শিকিব পাৰে? আপোনাৰ সন্তান বা মণ্ডলীৰ ভাই-ভনীসকলে যেতিয়া আপোনাৰ নিৰ্ণয় বুজি নাপায় আৰু আপোনাক প্ৰশ্ন কৰে, তেতিয়া আপুনি কি কৰে? এই বিষয়ে জনাটো তেওঁলোকৰ কাম নহয় বুলি আপুনি কয়নে? অথবা এই প্ৰশ্ন তেওঁলোকে কিয় কৰিছে, তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰে। যেতিয়া পিতৃ-মাতৃ আৰু প্ৰাচীনসকলে যিহোৱাৰ দৰে নম্ৰ হয় আৰু ধৈৰ্য্য দেখুৱায়, তেতিয়া পৰিয়াল আৰু মণ্ডলীত সকলোৱে আনন্দিত হয়। এতিয়ালৈকে আমি শিকিলোঁ যে আমি কেনেকৈ যিহোৱাৰ দৰে নম্ৰ হʼব পাৰোঁ। এতিয়া আহক আমি জানো যে ঈশ্বৰৰ বাক্যত উল্লেখ কৰা লোকসকলৰ দৰে আমি নিজৰ সীমা কেনেকৈ বুজিব পাৰোঁ।

আমি আনৰপৰা কি শিকিব পাৰোঁ?

১০. যিহোৱাই কিছুমান লোকসকলৰ বিষয়ে বাইবেলত কি উল্লেখ কৰিছে?

১০ আমাৰ মহান ‘শিক্ষক’ যিহোৱা ঈশ্বৰে আমাক শিকাবলৈ নিজৰ বাক্যত কিছুমান লোকৰ উদাহৰণ উল্লেখ কৰাইছে। (যিচ. ৩০:২০, ২১) আমি তেওঁলোকৰ বিষয়ে বাইবেলত পঢ়িবলৈ পাওঁ যে তেওঁলোকে কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰা গুণবোৰ বিকশিত কৰিছিল। উদাহৰণস্বৰূপে, নিজৰ সীমা কেনেকৈ বুজিব পাৰি। বাইবেলত এনে লোকসকলৰ বিষয়েও উল্লেখ আছে, যিসকলে এই গুণবোৰ বিকশিত কৰা নাছিল আৰু তাৰ পৰিণাম কি হʼল।—গীত. ৩৭:৩৭; ১ কৰি. ১০:১১.

১১. আমি চৌলৰপৰা কি শিকিব পাৰোঁ?

১১ ৰজা চৌলৰ উদাহৰণলৈ ধ্যান দিয়ক। তেওঁ প্ৰথমে এজন নম্ৰ ব্যক্তি আছিল আৰু নিজৰ সীমা বুজি পাইছিল। যেতিয়া তেওঁক এটা ডাঙৰ দায়িত্ব দিয়া হৈছিল, তেতিয়া তেওঁ সেই দায়িত্ব গ্ৰহণ কৰিবলৈ সংকোচ কৰিছিল। কিয়নো তেওঁ নিজৰ সীমা বুজি পাইছিল। (১ চমূ. ৯:২১; ১০:২০-২২) কিন্তু ৰজা হোৱাৰ কিছু সময়ৰ পাছতে তেওঁ অহংকাৰী হৈ পৰে। তেওঁ এনে কাম কৰিবলৈ ধৰিলে, যি তেওঁৰ অধিকাৰত নাছিল। এবাৰ তেওঁক ভৱিষ্যতবক্তা চমূৱেলৰ বাবে অপেক্ষা কৰিবলগীয়া আছিল, যাতে তেওঁ আহি হোমবলি দিয়ে। অপেক্ষা কৰাৰ সময়ত তেওঁ ধৈৰ্য্য হেৰুৱায় আৰু নিজে হোমবলি উৎসৰ্গ কৰে। এই ক্ষেত্ৰত যিহোৱাই কোনো এটা ব্যৱস্থা কৰিব বুলি তেওঁ ভৰসা কৰাৰ প্ৰয়োজন আছিল। কিন্তু তেওঁ এইদৰে নকৰিলে আৰু নিজৰ সীমা পাৰ কৰিলে। কিন্তু তেওঁক এনে কৰাৰ কোনো অধিকাৰ নাছিল। ইয়াৰ পৰিণাম কি হʼল? তেওঁ যিহোৱাৰ অনুমোদন হেৰুৱাই পেলায় আৰু ৰজাৰ পদৰপৰা তেওঁক আঁতৰুৱা হয়। (১ চমূ. ১৩:৮-১৪) আমি চৌলৰপৰা শিকিব পাৰোঁ যে আমি কেতিয়াও নিজৰ সীমা পাৰ কৰা উচিত নহয়।

১২. দানিয়েলে নিজৰ সীমা বুজি পাইছিল বুলি আমি কিয় কʼব পাৰোঁ?

১২ এতিয়া ভৱিষ্যতবক্তা দানিয়েলৰ উদাহৰণলৈ ধ্যান দিয়ক। তেওঁ চৌলতকৈ একেবাৰে বেলেগ আছিল। তেওঁ গোটেই জীৱন নম্ৰ হৈ থাকিল আৰু তেওঁ কেতিয়াও নিজৰ সীমা পাৰ কৰা নাছিল। তেওঁ সদায় যিহোৱাৰপৰা নিৰ্দেশনা বিচাৰিলে। এবাৰ তেওঁ নবূখদনেচৰৰ সপোনৰ অৰ্থ কৈছিল। তেওঁ নিজৰ প্ৰশংসা কৰাৰ পৰিৱৰ্তে সকলো মহিমা যিহোৱাক দিলে। (দানি. ২:২৬-২৮) আমি দানিয়েলৰপৰা কি শিকিব পাৰোঁ? যদি আমি ভাল ভাষণ দিওঁ বা প্ৰচাৰত ভাল পৰিণাম লাভ কৰোঁ, তেনেহʼলে আমি নিজৰ প্ৰশংসা কৰাৰ পৰিৱৰ্তে সকলো মহিমা যিহোৱাক দিয়া উচিত। আমি নম্ৰতাৰে স্বীকাৰ কৰা উচিত যে আমি এই সকলো যিহোৱাৰ সহায়তহে কৰিব পাৰিলোঁ। (ফিলি. ৪:১৩) এইদৰে কৰিলে আমি যীচুৰ উদাহৰণক অনুকৰণ কৰাৰ দৰে হয়। কেনেকৈ বাৰু?

১৩. যোহন ৫:১৯, ৩০ পদৰপৰা কেনেকৈ বুজিব পাৰি যে যীচুৱে নিজৰ সীমা বুজি পাইছিল?

১৩ ঈশ্বৰৰ পুত্ৰ যীচু সিদ্ধ আছিল, তথাপি তেওঁ যিহোৱাৰ ওপৰত নিৰ্ভৰশীল আছিল। (যোহন ৫:১৯, ৩০ পঢ়ক।) তেওঁ কেতিয়াও নিজৰ পিতৃৰ অধিকাৰ লʼবলৈ চেষ্টা কৰা নাছিল। ফিলিপীয়া ২:৬ পদত কৈছে যে যীচুৱে “ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে।” এজন পুত্ৰ হিচাপে তেওঁ সদায় নিজৰ পিতৃৰ অধীনত আছিল। তেওঁ নিজৰ সীমা বুজি পাইছিল আৰু নিজৰ পিতৃৰ অধিকাৰক সন্মান কৰিছিল।

যীচুৱে যাকোব আৰু যোহনৰ মাতৃৰ লগত কথা পাতিছে। যাকোব আৰু যোহনে গছৰ পিছফালৰপৰা চাই আছে।

যীচুৱে নিজৰ সীমা বুজি পাইছিল। সেইবাবে, তেওঁৰ অধিকাৰত নথকা কামবোৰ তেওঁ কেতিয়াও কৰা নাছিল (অনুচ্ছেদ ১৪ চাওক)

১৪. যেতিয়া যীচুৰ অধিকাৰত নথকা এটা কাম কৰিবলৈ কোৱা হৈছিল, তেতিয়া যীচুৱে কি কৰিলে?

১৪ এবাৰ যাকোব আৰু যোহনে নিজৰ মাতৃৰ লগত যীচুৰ ওচৰলৈ আহিছিল। তেওঁলোকে যীচুক অনুৰোধ কৰিছিল যে ঈশ্বৰৰ ৰাজ্যত তেওঁলোকক যীচুৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ সুযোগ দিয়ে। মন কৰক যীচুৱে কি কৈছিল? ঈশ্বৰৰ ৰাজ্যত কোনে সোঁহাতে বহিব আৰু কোনে বাওঁহাতে বহিব, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ কেৱল যিহোৱাৰ আছে বুলি যীচুৱে কৈছিল। (মথি ২০:২০-২৩) যীচু নম্ৰ আছিল, সেইবাবে তেওঁ নিজৰ সীমা বুজি পাইছিল। যিহোৱাই কৰিবলৈ অধিকাৰ নিদিয়া এনে কোনো কাম যীচুৱে কেতিয়াও কৰা নাছিল। (যোহ. ১২:৪৯) আমি কেনেকৈ যীচুৰ উদাহৰণ অনুকৰণ কৰিব পাৰোঁ?

এজনী ভনীয়ে হাতত বিয়াৰ নিমন্ত্ৰণ-পত্ৰখন লৈ আছে আৰু ৰাজ্যগৃহত এজন প্ৰাচীনৰ লগত কথা পাতিছে। প্ৰাচীনজনে বাইবেলৰপৰা কিছুমান সিদ্ধান্ত তাইক দেখুৱাইছে।

যীচুৰ দৰে কেনেকৈ আমি নিজৰ সীমা বুজিব পাৰোঁ (অনুচ্ছেদ ১৫-১৬ চাওক)c

১৫-১৬. আমি ১ কৰিন্থীয়া ৪:৬ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ?

১৫ আমি ১ কৰিন্থীয়া ৪:৬ পদত দিয়া পৰামৰ্শ পালন কৰিব পাৰোঁ। ইয়াত এইদৰে কৈছে, “যি লিখা আছে, তাৰ অতিক্ৰম কৰিব নালাগে।” কোনোবাই কিবা কথাত আমাৰপৰা পৰামৰ্শ বিচাৰিলে আমি নিজৰ মন্তব্য দিয়া উচিত নহয় আৰু কোনো চিন্তা-ভাবনা নকৰাকৈ পৰামৰ্শ দিয়াও উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আমি তেওঁলোকক কোৱা উচিত যে ইয়াৰ বিষয়ে বাইবেল আৰু প্ৰকাশনত কি পৰামৰ্শ দিয়া আছে। এইদৰে আমি নিজৰ সীমাত থকা উচিত। কিয়নো আমি সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাৰ ‘ন্যায় কৰ্ম্মতকৈ’ ভাল পৰামৰ্শ দিব নোৱাৰোঁ।—প্ৰকা. ১৫:৩, ৪.

১৬ এতিয়ালৈকে আমি দেখিলোঁ যে যদি আমি নিজৰ সীমা বুজি পাওঁ তেনেহʼলে যিহোৱাৰ মহিমা হয়। এতিয়া আহক চাওঁ যে নম্ৰ হৈ থাকিলে আৰু নিজৰ সীমা বুজি পালে আমি কেনেকৈ আনন্দত থাকিব পাৰোঁ আৰু আনক সহায় কৰিব পাৰোঁ।

নম্ৰ হʼলে আৰু নিজৰ সীমা বুজি পালে আমাৰ কি লাভ আছে

১৭. নম্ৰ হʼলে আৰু নিজৰ সীমা বুজি পালে আমি কিয় আনন্দত থাকিম?

১৭ নম্ৰ হʼলে আৰু নিজৰ সীমা বুজি পালে আমি আনন্দত থাকিম। কেনেকৈ বাৰু? আমি এই কথা বুজি পাম যে কিছুমান কাম আমি নিজে কৰিব নোৱাৰোঁ। সেইবাবে, কোনোবাই আমাক সহায় কৰিলে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হʼম আৰু আনন্দিত হʼম। উদাহৰণস্বৰূপে, সেই ঘটনালৈ মনত পেলাওক যেতিয়া যীচুৱে দহজন কুষ্ঠ ৰোগীক সুস্থ কৰিছিল। তেওঁলোকৰ মাজৰ কেৱল এজনে আহি যীচু খ্ৰীষ্টক ধন্যবাদ দিছিল। কিয় বাৰু? কিয়নো তেওঁ নম্ৰ আছিল আৰু তেওঁ জানিছিল যে তেওঁৰ যি ভয়ানক ৰোগ আছে, সেয়া তেওঁ নিজে ঠিক কৰিব নোৱাৰে। যীচুৱে তেওঁৰ বাবে যি কৰিলে, তাৰ বাবে তেওঁ কৃতজ্ঞ আছিল আৰু তেওঁ যিহোৱাৰ প্ৰশংসা কৰিলে।—লূক ১৭:১১-১৯.

১৮. যিসকল লোক নম্ৰ হয় আৰু নিজৰ সীমা বুজি পায় তেওঁলোকে কেনেকৈ আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে? (ৰোমীয়া ১২:১০)

১৮ যিসকল লোক নম্ৰ হয় আৰু নিজৰ সীমা বুজি পায়, তেওঁলোকে আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে আৰু তেওঁলোকৰ লগত ঘনিষ্ঠ বন্ধুত্ব কৰিব পাৰে। তেওঁলোকে এই কথা স্বীকাৰ কৰে যে আনৰ মাজতো ভাল গুণ থাকে আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰে। যেতিয়া কোনোবাই যিহোৱাৰ সেৱা ভালদৰে কৰে, তেতিয়া তাক দেখি তেওঁলোকে আনন্দিত হয়। তেওঁলোকক প্ৰশংসা কৰিবলৈ তেওঁলোকে সংকোচ নকৰে আৰু তেওঁলোকক সন্মান কৰে।—ৰোমীয়া ১২:১০ পঢ়ক।

১৯. আমি কিহৰ বাবে অহংকাৰী হোৱা উচিত নহয়?

১৯ কিন্তু অহংকাৰী লোকে সহজে আনৰ প্ৰশংসা নকৰে। কিয়নো সকলোৱে তেওঁলোকক প্ৰশংসা কৰাটো তেওঁলোকে বিচাৰে। তেওঁলোকে ভাবে যে তেওঁলোকতকৈ কোনেও ভালদৰে কাম কৰিব নোৱাৰে আৰু যদি কৰেও তেনেহʼলে তেওঁলোকে তেওঁলোকতকৈ আগবাঢ়িব বিচাৰে। তেওঁলোকে আনক কোনো কাম নিশিকায় আৰু কোনো দায়িত্বও নিদিয়ে। তেওঁলোকে ভাবে যে “কোনো এটা কাম ভালদৰে কৰিবলৈ হʼলে নিজেই কৰাটোৱেই ভাল।” এজন অহংকাৰী ব্যক্তিয়ে সদায় আগত থাকিব বিচাৰে আৰু আনক ঈৰ্ষা কৰে। (গালা. ৫:২৬) এনেধৰণৰ লোকৰ বন্ধু কম থাকে। আমাৰ ওচৰতো কম-বেছি পৰিমাণে অহংকাৰ আছে বুলি যদি আমি অনুভৱ কৰোঁ, তেনেহʼলে তাক দমন কৰিবলৈ আমি যিহোৱালৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা উচিত। তেওঁৰ সহায়ত আমি “নতুন মন” কৰিব পাৰোঁ, যাতে এই অহংকাৰ আমাৰ জীৱনৰ ভাগ হৈ নপৰে।—ৰোম. ১২:২.

২০. আমি কিয় নম্ৰ হোৱা উচিত আৰু নিজৰ সীমা বুজি পোৱা উচিত?

২০ আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ এজন নম্ৰ ঈশ্বৰ হয়। তেওঁ নিজৰ সেৱকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, আমিও আনৰ লগত সেইদৰেই ব্যৱহাৰ কৰিব বিচাৰোঁ। আমি বাইবেলত উল্লেখ কৰা সেই লোকসকলৰ দৰে হʼব বিচাৰোঁ, যিসকলে নিজৰ সীমা বুজি পাইছিল। আহক আমি সকলো সময়তে যিহোৱাৰ সন্মান আৰু প্ৰশংসা কৰোঁ। কিয়নো তেওঁ ইয়াৰ বাবে যোগ্য। (প্ৰকা. ৪:১১) এইদৰে কৰিলে আমি যিহোৱাৰ সৈতে চলিব পাৰিম, যিয়ে নম্ৰ আৰু নিজৰ সীমা বুজি পোৱা লোকসকলক প্ৰেম কৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আনক কাম বা দায়িত্ব দিয়াৰ ক্ষেত্ৰত আমি যিহোৱাৰপৰা কি শিকিব পাৰোঁ?

  • যীচু কিয় আমাৰ বাবে এক উত্তম উদাহৰণ হয়?

  • নম্ৰ হʼলে আৰু নিজৰ সীমা বুজি পালে আমাৰ কি লাভ আছে?

গীত ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়ৰপৰা পালন কৰোঁ

a এজন নম্ৰ ব্যক্তিয়ে আনক দয়া দেখুৱায়। যিহোৱাও দয়ালু ঈশ্বৰ হয়। সেইবাবে, আমি কʼব পাৰোঁ যে তেওঁ নম্ৰ হয়। এই লেখত আমি নম্ৰতা আৰু নিজৰ সীমা কেনেকৈ বুজিব পাৰি, তাৰ বিষয়ে শিকিম। সৰ্বপ্ৰথমে, আমি যিহোৱাৰ উদাহৰণৰপৰা শিকিম যে আমি কেনেকৈ নম্ৰ হৈ থাকিব পাৰিম। তাৰ পাছত আমি ৰজা চৌল, ভৱিষ্যতবক্তা দানিয়েল আৰু যীচুৰপৰা শিকিম যে আমি কেনেকৈ নিজৰ সীমাৰ বিষয়ে বুজিব পাৰিম।

b ছবিৰ বিষয়ে: মণ্ডলীৰ প্ৰচাৰৰ এলেকা কেনেকৈ পৰিচালনা কৰিব পাৰি, তাৰ বিষয়ে এজন প্ৰাচীনে সময় উলিয়াই এজন ডেকা ভাইক প্ৰশিক্ষণ দিছে। পাছলৈ যেতিয়া ভাইজনে নিজৰ কাম কৰি থাকে, তেতিয়া প্ৰাচীনজনে বাৰে বাৰে গৈ চাই নাথাকে।

c ছবিৰ বিষয়ে: এজনী ভনীয়ে এজন প্ৰাচীনক সুধিছে যে গীৰ্জাত হোৱা এখন বিয়ালৈ তাই যাব পাৰেনে। প্ৰাচীনজনে নিজৰ মন্তব্য দিয়াৰ পৰিৱৰ্তে বাইবেলৰ সিদ্ধান্ত দেখুৱাইছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক