ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 অক্টোবৰ পৃষ্ঠা ১৩-১৯
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বাইবেলক ভালদৰে ব্যৱহাৰ কৰক
  • সম্পূৰ্ণ বিশ্বাস আৰু উৎসাহেৰে কওক
  • মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক
  • সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে কথা পাতক
  • মাজে-সময়ে বিদ্যাৰ্থীৰ উন্নতিত ধ্যান দিয়ক
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • মণ্ডলীৰ সকলোৱে বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 অক্টোবৰ পৃষ্ঠা ১৩-১৯

অধ্যয়নৰ লেখ ৪২

বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২

“নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা।”—১ তীম. ৪:১৬.

গীত ৭৭ অন্ধকাৰ জগতত সত্যৰ পোহৰ

লেখৰ এক আভাসa

১. শিষ্য বনোৱা কাৰ্য্য জীৱন ৰক্ষাৰ কাৰ্য্য হয় বুলি আমি কিয় কʼব পাৰোঁ?

শিষ্য বনোৱা কাৰ্য্যই লোকসকলৰ জীৱন ৰক্ষা কৰে। এয়া আমি কিয় কʼব পাৰোঁ? মথি ২৮:১৯, ২০ পদত যীচুৱে আমাক এই আজ্ঞা দিছে, ‘যোৱা আৰু সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা।’ আমি জানোঁ যে বাপ্তিষ্মা লʼলেহে এজন ব্যক্তিয়ে উদ্ধাৰ পাব। বাপ্তিষ্মা লʼব বিচৰা লোকসকলে বিশ্বাস কৰিব লাগিব যে যীচুৱে আমাৰ বাবে নিজৰ জীৱন দিলে আৰু তেওঁক পুনৰুত্থান কৰা হʼল। কেৱল তেওঁৰ বলিদানৰ বাবেহে আমি অনন্ত জীৱন লাভ কৰাটো সম্ভৱ হʼল। সেইবাবে, পাঁচনি পিতৰে এইদৰে কৈছিল, “বাপ্তিস্মেই . . . যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই তোমালোককো ৰক্ষা কৰিছে।” (১ পিত. ৩:২১) সেইবাবে, যেতিয়া কোনোবাই বাপ্তিষ্মা লয়, তেতিয়া তেওঁৰ উদ্ধাৰৰ বাট মুকলি হয়।

২. দ্বিতীয় তীমথিয় ৪:১, ২ পদৰ অনুসৰি আমি কেনেকৈ শিক্ষা দিয়া উচিত?

২ শিষ্য বনাবলৈ আমি “শিক্ষা দিয়াত নিপুণ”b হোৱা উচিত। (২ তীমথিয় ৪:১, ২ পঢ়ক।) কিয় বাৰু? কিয়নো যীচুৱে আজ্ঞা দিছিল যে ‘যোৱা আৰু সকলোকে শিষ্য কৰি শিক্ষা দিয়া।’ পাঁচনি পৌলেও কৈছিল যে আমি যিহোৱাৰ কামত লাগি ‘থকা’ উচিত। কিয়নো এইদৰে কৰিলে “নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ” হʼব। এয়া জীৱন ৰক্ষাৰ কাম হয়, সেইবাবে পৌলে এইদৰে কৈছিল: “শিক্ষাৰ বিষয়ে সাৱধান হোৱা।” (১ তীম. ৪:১৬) আমি লোকসকলক ভালদৰে শিকালেহে তেওঁলোকে শিষ্য হʼব পাৰিব।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৩ আমি লাখ লাখ লোকক বাইবেলৰ সত্যতা শিকাই আছোঁ। আগৰ লেখত যেনেকৈ কোৱা হৈছিল যে বেছিভাগ লোকে বাপ্তিষ্মা লৈ খ্ৰীষ্টৰ শিষ্য হোৱাটো আমি বিচাৰোঁ। এই লেখত আমি নিজৰ বিদ্যাৰ্থীসকলক সহায় কৰাৰ আৰু পাঁচটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম।

বাইবেলক ভালদৰে ব্যৱহাৰ কৰক

ছবি: ১. আগৰ লেখত দেখুৱা ভনীগৰাকীয়ে বিদ্যাৰ্থীৰ লগত অধ্যয়ন কৰি আছে। তাই নিজৰ বাইবেলখন ওলটাই টেবুলত থৈছে আৰু বেছিকৈ আঙ্গি-ভঙ্গী কৰি কথা পাতিছে। তাইৰ লগত অহা বৃদ্ধ ভনী আৰু বিদ্যাৰ্থীয়ে বুজি পোৱা নাই যে তাই কি কʼব বিচাৰিছে। ২. পাছ দুয়োগৰাকী ভনী কিবা খোৱাৰ বাবে কʼৰবাত বহিছে। বৃদ্ধ ভনীগৰাকীয়ে শিক্ষা দিয়াত শুধৰণি কৰিবলৈ কিছুমান পৰামৰ্শ দিছে আৰু ভনীগৰাকীয়ে শুনি আছে।

বাইবেলক ভালদৰে ব্যৱহাৰ কৰিবলৈ কোনো প্ৰচাৰকৰ পৰামৰ্শ লওক (অনুচ্ছেদ ৪-৬ চাওক)g

৪. বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি কিয় বেছি কথা কোৱা উচিত নহয়? (ফুটনোটো চাওক।)

৪ বাইবেলৰ কথাবোৰ আনক জনাই আমাক ভাল লাগে। সেইবাবে, আমি হয়তো ইয়াৰ বিষয়ে বহুতো কথা লোকসকলক কʼব বিচাৰোঁ। কিন্তু প্ৰহৰীদুৰ্গ সঞ্চালন কৰা, মণ্ডলীৰ বাইবেল অধ্যয়ন কৰা বা কাৰোবাক বাইবেল অধ্যয়ন কৰাৰ সময়ত পৰিচালকে বেছি কথা কোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, বাইবেলখন ভালদৰে ব্যৱহাৰ কৰা উচিত। হয়তো বাইবেলৰ কোনো পদ আৰু কোনো বিষয়ত আমি বহুতো কথা জানোঁ। কিন্তু আমি সকলো কথা একেলগে কোৱা উচিত নহয়।c (যোহ. ১৬:১২) মনত পেলাওক, যেতিয়া আপোনাৰ বাপ্তিষ্মা হৈছিল, তেতিয়া আপুনি কেৱল বাইবেলৰ প্ৰাথমিক শিক্ষাবোৰহে বুজি পাইছিল। (ইব্ৰী ৬:১) আজি আপোনাৰ ওচৰত বাইবেলৰ যি জ্ঞান আছে, সেয়া পাবলৈ আপোনাক বহুবছৰ লাগিল। সেইবাবে, নতুন বিদ্যাৰ্থীক সকলো কথা এবাৰতে নজনাব।

৫. (ক) প্ৰথম থিচলনীকীয়া ২:১৩ পদৰ অনুসৰি আমাৰ বিদ্যাৰ্থীয়ে কি বুজি পোৱা উচিত? (খ) বিদ্যাৰ্থীয়ে যি শিকিছে, সেই বিষয়ে কথা পাতিবলৈ আমি তেওঁক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

৫ বিদ্যাৰ্থীয়ে শিকা কথাবোৰ বাইবেলৰ হয় বুলি তেওঁ বুজি পোৱাটো আমি বিচাৰোঁ। (১ থিচলনীকীয়া ২:১৩ পঢ়ক।) ইয়াৰ বাবে আপুনি কি কৰিব পাৰে? বাইবেলৰ সকলো পদ আপুনি বুজোৱাৰ পৰিৱৰ্তে কিছুমান পদ বিদ্যাৰ্থীকো বুজাবলৈ কওক। এইদৰে বাইবেলৰ বিষয়ে কথা পাতিবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক। বিদ্যাৰ্থীক বুজিবলৈ সহায় কৰক যে শিকা বিষয়বোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰি। কোনো পদ পঢ়াৰ সময়ত তেওঁক সৰু সৰু প্ৰশ্ন সোধক। এইদৰে কৰিলে আপুনি জানিব পাৰিব যে সেই পদৰ বিষয়ে তেওঁ কেনে অনুভৱ কৰে। (লূক ১০:২৫-২৮) আপুনি তেওঁক এইদৰে সুধিব পাৰে: “এই পদৰপৰা আপুনি যিহোৱাৰ কোনটো গুণৰ বিষয়ে শিকিলে?” “বাইবেলৰ এই কথা পালন কৰিলে আপুনি কেনেকৈ লাভৱান হʼব?” “এতিয়া আপুনি যি শিকিলে, তাৰ বিষয়ে আপুনি কি ভাবে?” (হিতো. ২০:৫) বিদ্যাৰ্থীয়ে কিমান কথা জানে ই কোনো অৰ্থ নাৰাখে, কিন্তু শিকা কথাবোৰ তেওঁ পালন কৰিছে নে নাই, এয়াহে অৰ্থ ৰাখে।

৬. বাইবেল অধ্যয়নৰ বাবে কোনো অভিজ্ঞ ভাই-ভনীসকলক লগত লৈ যোৱাটো কিয় ভাল হʼব?

৬ শিক্ষা দিয়াত নিপুণ ভাই-ভনীসকলক আপুনি নিজৰ বাইবেল অধ্যয়নত লৈ যায়নে? যদি আপুনি কেতিয়াবা তেওঁলোকক লৈ যায়, তেনেহʼলে অধ্যয়নৰ পাছত তেওঁলোকক সোধক যে আপুনি ভালদৰে শিকাব পাৰিলেনে আৰু বাইবেল ভালদৰে ব্যৱহাৰ কৰিলেনে। যদি আপুনি শিকোৱাৰ দক্ষতা বৃদ্ধি কৰিব বিচাৰে, তেনেহʼলে আপুনি নম্ৰ হোৱা উচিত। (পাঁচ. ১৮:২৪-২৬ পদৰ লগত তুলনা কৰক।) অধ্যয়নৰ পাছত তেওঁক সোধক যে বিদ্যাৰ্থীয়ে যি শিকিছে, সেয়া তেওঁ সঁচাকৈ বুজি পাইছেনে? আপুনি এসপ্তাহ বা দুসপ্তাহৰ বাবে যদি কʼৰবালৈ যায়, তেনেহʼলে সেই প্ৰচাৰকজনকে অধ্যয়ন কৰিবলৈ কʼব পাৰে। এনে কৰিলে অধ্যয়ন একেৰাহে হৈ থাকিব আৰু বিদ্যাৰ্থীজনে বুজিব পাৰিব যে প্ৰতিসপ্তাহে অধ্যয়ন কৰাটো অতি প্ৰয়োজন। এয়া “আপোনাৰ” অধ্যয়ন হয় আৰু আন কোনেও এই অধ্যয়ন কৰিব নোৱাৰে বুলি কেতিয়াও নাভাবিব। কিয়নো আপোনাৰ বিদ্যাৰ্থীয়ে ভালদৰে শিকাটো আৰু উন্নতি কৰাটো আপুনি বিচাৰে।

সম্পূৰ্ণ বিশ্বাস আৰু উৎসাহেৰে কওক

ছবি: ১. ভনীগৰাকীয়ে বিদ্যাৰ্থীক ভিডিঅʼত কাৰোবাৰ অনুভৱ দেখুৱাইছে। ২. বিদ্যাৰ্থীজনে বাইবেলৰপৰা শিকা কথাবোৰ নিজৰ স্বামীক কৈছে।

ভাই-ভনীসকলৰ অনুভৱবোৰ কʼলে বিদ্যাৰ্থীয়ে বুজিব পাৰিব যে বাইবেলৰ সিদ্ধান্তবোৰ জীৱনত কেনেকৈ পালন কৰিব পাৰি (অনুচ্ছেদ ৭-৯ চাওক)h

৭. আপুনি কেনেকৈ শিকোৱা উচিত, যাতে বিদ্যাৰ্থীয়ে শিকিবলৈ আগ্ৰহী হয়?

৭ আপুনি অধ্যয়নত সম্পূৰ্ণ বিশ্বাস আৰু উৎসাহেৰে শিকোৱা উচিত। (১ থিচ. ১:৫) এইদৰে কৰিলে বিদ্যাৰ্থীয়ে লক্ষ্য কৰিব যে বাইবেলৰ কথাবোৰৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে। লগতে বিদ্যাৰ্থীয়ে ইয়াৰ বিষয়ে জানিবলৈ বেছিকৈ আগ্ৰহী হʼব। যদি সম্ভৱ হয়, তেনেহʼলে তেওঁক কওক যে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰি আপুনি কেনেকৈ লাভৱান হৈছে। তেতিয়া তেওঁ বুজিব পাৰিব যে সেইবোৰ পালন কৰিলে তেওঁৰো লাভ হʼব।

৮. (ক) আপুনি নিজৰ বিদ্যাৰ্থীৰ বাবে আৰু কি কৰিব পাৰে? (খ) এনে কৰিলে কি লাভ হʼব?

৮ হয়তো আপোনাৰ বিদ্যাৰ্থীৰো কিবা সমস্যা বা বাধা আছে। তেওঁক সেই ভাই-ভনীৰ বিষয়ে কওক, যিসকলে তেওঁৰ দৰে সমস্যা আৰু বাধাৰ সন্মুখীন হৈছিল। যদি আপোনাৰ মণ্ডলীত এনে কোনো ভাই বা ভনী আছে, তেনেহʼলে তেওঁক আপুনি অধ্যয়নত লৈ যাব পাৰে অথবা যদি আপুনি বিচাৰে, তেনেহʼলে বিদ্যাৰ্থীজনক উৎসাহিত কৰিবলৈ jw.org ৱেবছাইটত “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” ভাগৰপৰা কিছুমান হৃদয়স্পৰ্শী অনুভৱ কʼব পাৰে।d এনেধৰণৰ লেখ আৰু ভিডিঅʼৰপৰা বিদ্যাৰ্থীয়ে জানিব যে বাইবেলৰ পৰামৰ্শ পালন কৰিলে তেওঁৰ জীৱন পৰিৱৰ্তন হʼব পাৰে।

৯. আনক সাক্ষ্য দিবলৈ আপুনি বিদ্যাৰ্থীক কেনেকৈ উৎসাহিত কৰিব পাৰে?

৯ যদি বিদ্যাৰ্থীজন বিবাহিত হয়, তেনেহʼলে তেওঁৰ সংগীও অধ্যয়ন কৰেনে? যদি নকৰে, তেনেহʼলে তেওঁকো অধ্যয়ন কৰিবলৈ কওক। শিকা বিষয়বোৰ নিজৰ পৰিয়াল আৰু বন্ধুসকলক জনাবলৈ কওক। (যোহ. ১:৪০-৪৫) আপুনি তেওঁক এইদৰে সুধিব পাৰে: “এই কথাটো আপুনি নিজৰ পৰিয়ালক কেনেকৈ কʼব?” বা “আপুনি কোনো এজন বন্ধুক জনোৱাৰ সময়ত প্ৰমাণ দিবলৈ বাইবেলৰ কোনটো পদ ব্যৱহাৰ কৰিব?” এইদৰে আপুনি নিজৰ বিদ্যাৰ্থীক শিক্ষক হʼবলৈ শিকাইছে। যেতিয়া তেওঁ এজন প্ৰচাৰক হʼব, তেতিয়া তেওঁ মণ্ডলীৰ ভাই-ভনীসকলৰ লগত মিলি প্ৰচাৰ কৰিব পাৰিব। আপুনি নিজৰ বিদ্যাৰ্থীক এয়াও সুধিব পাৰে যে তেওঁৰ চিনাকী লোকসকলৰ ভিতৰত কোনোবাই বাইবেলৰ বিষয়ে শিকিব বিচাৰেনে? যদি কোনোবাই বিচাৰে, তেনেহʼলে তেওঁক লগ কৰক আৰু বাইবেল অধ্যয়নৰ বিষয়ে তেওঁক জনাওক। তেওঁক বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখন দেখুৱাওক।e

মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক

ছবি: ১. ৰাজ্যগৃহত ভনীগৰাকীয়ে আন এগৰাকী ভনীৰ লগত নিজৰ বিদ্যাৰ্থীক চিনাকী কৰাই দিছে। ২. তাৰ পাছত আনগৰাকী ভনীৰ ঘৰত সেই ভনীগৰাকী, বিদ্যাৰ্থী আৰু তাইৰ স্বামীয়ে সংগতিৰ আনন্দ লৈছে।

বিদ্যাৰ্থীক মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ উৎসাহিত কৰক (অনুচ্ছেদ ১০-১১ চাওক)i

১০. প্ৰথম থিচলনীকীয়া ২:৭, ৮ পদৰ অনুসৰি আমি পৌলৰ দৰে কি কৰিব পাৰোঁ?

১০ আমি নিজৰ বিদ্যাৰ্থীৰ যত্ন লোৱা উচিত। তেওঁলোকে এদিন আমাৰ খ্ৰীষ্টান ভাই-ভনী হʼব বুলি ভাবক। (১ থিচলনীকীয়া ২:৭, ৮ পঢ়ক।) আগৰ বন্ধুসকলক এৰিবলৈ আৰু প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ তেওঁলোকৰ বাবে ইমান সহজ নহয়। মণ্ডলীত প্ৰকৃত বন্ধু গঢ়ি তুলিবলৈ আমি তেওঁলোকক সহায় কৰা উচিত। বাইবেল অধ্যয়নৰ উপৰিও আন সময়ত তেওঁৰ লগত সময় অতিবাহিত কৰি তেওঁৰ এজন ভাল বন্ধু হওক। আপুনি খা-খবৰ লʼবলৈ তেওঁক ফোন বা মেছেজ কৰিব পাৰে অথবা তেওঁলোকৰ ঘৰলৈ যাব পাৰে। ইয়ে দেখুৱাব যে আপুনি সঁচাকৈ তেওঁৰ যত্ন লয়।

১১. আমি আমাৰ বাইবেল বিদ্যাৰ্থীক মণ্ডলীৰ ভাই-ভনীসকলৰ লগত কিয় চিনাকী কৰাই দিয়া উচিত?

১১ কোৱা হয় যে “এটি সন্তানক ডাঙৰ-দীঘল কৰিবলৈ গোটেই গাঁৱে সহায় কৰে।” ঠিক সেইদৰে, আমি কʼব পাৰোঁ যে “এজন ব্যক্তিক শিষ্য হʼবলৈ গোটেই মণ্ডলীয়ে সহায় কৰে।” এজন ভাল শিক্ষকে মণ্ডলীৰ ভাই-ভনীসকলৰ লগত নিজৰ বিদ্যাৰ্থীক চিনাকী কৰাই দিয়ে। তেতিয়াহে বিদ্যাৰ্থীজনে ঈশ্বৰৰ লোকসকলৰ লগত আনন্দ উপভোগ কৰিব পাৰে আৰু এই ভাই-ভনীসকলে তেওঁক আধ্যাত্মিক আৰু মানসিকভাৱে সহায় কৰিব পাৰে। আমাৰ বিদ্যাৰ্থীয়ে ভাই-ভনীসকলৰ মাজত আপোন যেন অনুভৱ কৰা আৰু নিজকে মণ্ডলীৰ এক ভাগ হিচাপে অনুভৱ কৰাটো আমি বিচাৰোঁ। বিদ্যাৰ্থীয়ে ভাই-ভনীসকলৰ প্ৰেমময় পৰিয়ালৰ প্ৰতি আকৰ্ষিত হোৱাটো আমি বিচাৰোঁ। এইদৰে কৰিলে তেওঁ জগতৰ লোকসকলৰ লগত সংগতি কৰিবলৈ এৰি দিব। (হিতো. ১৩:২০) পাছলৈ যদি তেওঁৰ পুৰণি বন্ধুৱে তেওঁক এৰি দিয়ে, তেনেহʼলে তেওঁক দুখ নালাগিব। কিয়নো তেওঁ মণ্ডলীত প্ৰকৃত বন্ধু লাভ কৰিব।—মাৰ্ক ১০:২৯, ৩০; ১ পিত. ৪:৪.

সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে কথা পাতক

ছবি: ১. বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লোৱাৰ পাছত পানীৰপৰা ওলাই আহিছে। তাইৰ স্বামী, অধ্যয়ন কৰা ভনীগৰাকী আৰু মণ্ডলীৰ কিছুমানা ভাই-ভনীয়ে হাঁহি আছে আৰু হাত চাপৰি মাৰিছে।

বিদ্যাৰ্থীয়ে এটা এটাকৈ পদক্ষেপ লৈ বাপ্তিষ্মা লʼব! (অনুচ্ছেদ ১২-১৩ চাওক)

১২. আমি নিজৰ বিদ্যাৰ্থীৰ লগত সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে কিয় কথা পতা উচিত?

১২ সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে বিদ্যাৰ্থীক স্পষ্টকৈ জনাওক। কিয়নো আমি তেওঁক বাইবেলৰপৰা শিকোৱাৰ উদ্দেশ্য হৈছে বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লৈ খ্ৰীষ্টৰ শিষ্য হোৱা। যদি বিদ্যাৰ্থীয়ে কিছু মাহৰপৰা অধ্যয়ন কৰি আছে আৰু সভাতো উপস্থিত হয়, তেনেহʼলে তেওঁ এয়া স্পষ্টকৈ বুজি পোৱা উচিত যে আমি তেওঁক বাইবেল অধ্যয়ন কৰাৰ উদ্দেশ্য হৈছে তেওঁ যিহোৱাৰ সাক্ষী হৈ তেওঁৰ উপাসনা কৰা।

১৩. এজন বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼবলৈ কি কি পদক্ষেপ লয়?

১৩ যেতিয়া বিদ্যাৰ্থীয়ে এটা এটাকৈ পদক্ষেপ লয়, তেতিয়া উন্নতি কৰি বাপ্তিষ্মা লয়। সৰ্বপ্ৰথমে তেওঁ যিহোৱাৰ বিষয়ে জানিবলৈ আৰম্ভ কৰে, প্ৰেম কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰে। (যোহ. ৩:১৬; ১৭:৩) তেওঁ যিহোৱা আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ বন্ধু হৈ পৰে। (ইব্ৰী ১০:২৪, ২৫; যাকো. ৪:৮) লাহে লাহে তেওঁ বেয়া অভ্যাসবোৰ এৰি দিয়ে আৰু নিজৰ পাপৰ বাবে অনুতাপ কৰে। (পাঁচ. ৩:১৯) সেইসময়ত সত্যৰ প্ৰতি বিশ্বাস থকাৰ বাবে তেওঁ আনকো সত্যৰ বিষয়ে জনায়। (২ কৰি. ৪:১৩) তেওঁ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লৈ সকলোৰে আগত প্ৰকাশ কৰে। (১ পিত. ৩:২১; ৪:২) বাপ্তিষ্মাৰ দিনটো সকলোৰে বাবে আনন্দৰ দিন হয়। যেতিয়া বিদ্যাৰ্থীয়ে এটা এটাকৈ এই পদক্ষেপবোৰ লয়, তেতিয়া আপুনি তেওঁৰ প্ৰশংসা কৰক। তেওঁক উন্নতি কৰি থাকিবলৈ উৎসাহিত কৰক।

মাজে-সময়ে বিদ্যাৰ্থীৰ উন্নতিত ধ্যান দিয়ক

১৪. বিদ্যাৰ্থীয়ে উন্নতি কৰিছে নে নাই, এয়া আমি কেনেকৈ জানিব পাৰোঁ?

১৪ আমাৰ বিদ্যাৰ্থীয়ে উন্নতি কৰি বাপ্তিষ্মা লোৱাটো আমি বিচাৰোঁ। ইয়াৰ বাবে আমি ধৈৰ্য্য ধৰা উচিত। কিন্তু আমি জানিব লাগিব যে যিহোৱাৰ সেৱা কৰিবলৈ তেওঁৰ ইচ্ছা আছে নে নাই। ধ্যান দিয়ক যে তেওঁ যীচুৰ আজ্ঞাবোৰ পালন কৰিবলৈ চেষ্টা কৰেনে অথবা তেওঁ কেৱল বাইবেলৰ জ্ঞান লʼব বিচাৰে?

১৫. বিদ্যাৰ্থীয়ে উন্নতি কৰিছে নে নাই, এয়া জানিবলৈ আমি কি চোৱা উচিত?

১৫ বিদ্যাৰ্থীয়ে উন্নতি কৰিছে নে নাই, তালৈ ধ্যান দিয়ক। উদাহৰণস্বৰূপে, যিহোৱাৰ প্ৰতি থকা তেওঁৰ অনুভৱৰ বিষয়ে তেওঁ কয়নে? তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰেনে? (গীত. ১১৬:১, ২) তেওঁ বাইবেল পঢ়ি ভাল পায়নে? (গীত. ১১৯:৯৭) তেওঁ নিয়মিয়াকৈ সভাত উপস্থিত হয়নে? (গীত. ২২:২২) তেওঁ নিজৰ জীৱনত পৰিৱৰ্তন কৰিছেনে? (গীত. ১১৯:১১২) তেওঁ শিকা কথাবোৰ নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলক জনাইনে? (গীত. ৯:১) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, তেওঁ যিহোৱাৰ সাক্ষী হʼব বিচাৰেনে? (গীত. ৪০:৮) যদি তেওঁ এইবোৰৰ ভিতৰত কোনো এটা দিশত উন্নতি নকৰে, তেনেহʼলে তাৰ কাৰণ জানিবলৈ চেষ্টা কৰক। তাৰ পাছত তেওঁৰ লগত প্ৰেমেৰে আৰু স্পষ্টৰূপে কথা পাতক আৰু তেওঁক সহায় কৰক।f

১৬. কেনেধৰণৰ বিদ্যাৰ্থীৰ অধ্যয়ন বন্ধ কৰি দিয়াই ভাল হʼব?

১৬ মাজে-সময়ে এই বিষয়ে চিন্তা কৰক যে আপুনি বিদ্যাৰ্থীজনৰ লগত অধ্যয়ন কৰিব নে নকৰে। নিজকে সোধক: ‘বিদ্যাৰ্থীজনে অধ্যয়নৰ বাবে প্ৰস্তুতি কৰেনে? তেওঁ সভালৈ আহিব বিচাৰেনে? তেওঁৰ এতিয়াও বেয়া অভ্যাসবোৰ আছেনে? তেওঁ এতিয়াও কোনো মিছা ধৰ্মৰ সদস্য হয়নে?’ যদি এইবোৰ দিশত তেওঁ কোনো উন্নতি কৰা নাই, তেনেহʼলে তেওঁৰ লগত অধ্যয়ন কৰাৰ অৰ্থ হৈছে আমি এনে এজন ব্যক্তিক সাঁতুৰিবলৈ শিকাইছোঁ, যিজনে তিতিব নিবিচাৰে। যদি বিদ্যাৰ্থীজনে শিকা কথাবোৰৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱায় আৰু পৰিৱৰ্তন কৰিব নিবিচাৰে, তেনেহʼলে তেওঁৰ অধ্যয়ন বন্ধ কৰাই ভাল হʼব।

১৭. প্ৰথম তীমথিয় ৪:১৬ পদৰ অনুসৰি আমি নিজৰ শিক্ষাৰ ওপৰত কেনেকৈ একেৰাহে ধ্যান দিব পাৰোঁ?

১৭ আমি শিষ্য বনোৱা দায়িত্বক ভালদৰে পালন কৰা উচিত আৰু বাপ্তিষ্মা লʼবলৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰা উচিত। গতিকে, আহক আমি বাইবেলক ভালদৰে ব্যৱহাৰ কৰোঁ আৰু সম্পূৰ্ণ বিশ্বাস আৰু উৎসাহেৰে শিকাওঁ। আমি বিদ্যাৰ্থীক মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ উৎসাহিত কৰিম। আমি সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে তেওঁৰ লগত কথা পাতি থাকিম আৰু তেওঁ উন্নতি কৰিছে নে নাই, তাৰ বিষয়ে ধ্যান দিম। (“এজন শিক্ষকে নিজৰ বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে?” নামৰ বক্স চাওক।) এয়া আমাৰ বাবে অতি আনন্দৰ বিষয় যে আমি জীৱন ৰক্ষাৰ কাম কৰোঁ। গতিকে, আহক আমি মনে-প্ৰাণে এই কাম কৰোঁ আৰু বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বিদ্যাৰ্থীক সহায় কৰোঁ।

এগৰাকী ভনীয়ে আনন্দেৰে নিজৰ বিদ্যাৰ্থীক শিকাই আছে।

এজন শিক্ষকে নিজৰ বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে?

  1. ১. বাইবেল ভালদৰে ব্যৱহাৰ কৰক

    • বেছিকৈ কথা নকʼব

    • অভিজ্ঞ প্ৰচাৰকসকলৰপৰা পৰামৰ্শ লওক যাতে আপুনি আৰু ভালদৰে শিকাব পাৰে

  2. ২. সম্পূৰ্ণ বিশ্বাস আৰু উদ্যমেৰে শিকাওক

    • এইদৰে শিকাওক যাতে বিদ্যাৰ্থীয়ে চাব পাৰে যে বাইবেলৰ সত্যতাৰ প্ৰতি আপোনাৰ কিমান আগ্ৰহ আছে

    • বাইবেলৰ সিদ্ধান্ত পালন কৰা লোকসকলৰ উদাহৰণ কওক

    • বিদ্যাৰ্থীয়ে শিকা কথাবোৰ আনক জনাবলৈ উৎসাহিত কৰক

  3. ৩. মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক

    • নিজৰ বিদ্যাৰ্থীৰ যত্ন লওক

    • এনে লোকসকলৰ লগত তেওঁক লগ কৰাওক যিসকলৰপৰা তেওঁ বহুতো কথা শিকিব পাৰে

    • বিদ্যাৰ্থীক অনুভৱ কৰাওক যে মণ্ডলীৰ ভাই-ভনীসকল তেওঁৰ আপোন হয়

  4. ৪. সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে তেওঁৰ লগত কথা পাতক

    • এটা এটাকৈ পদক্ষেপ লʼবলৈ বিদ্যাৰ্থীক সহায় কৰক যাতে তেওঁ বাপ্তিষ্মা লয়

    • যেতিয়া তেওঁ উন্নতি কৰে, তেতিয়া তেওঁৰ প্ৰশংসা কৰক

  5. ৫. মাজে-সময়ে চাওক যে বিদ্যাৰ্থীয়ে উন্নতি কৰিছে নে নাই

    • বিদ্যাৰ্থীৰ যিহোৱাৰ সেৱা কৰাৰ ইচ্ছা আছে নে নাই, তালৈ ধ্যান দিয়ক

    • যদি তেওঁ উন্নতি কৰা নাই, তেনেহʼলে ইয়াৰ বিষয়ে তেওঁৰ লগত প্ৰেমেৰে আৰু স্পষ্টকৈ কথা পাতক

আপুনি কেনেকৈ উত্তৰ দিব?

  • অধ্যয়ন কৰাৰ সময়ত আমি কিয় বেছি কথা কোৱা উচিত নহয়?

  • মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ আমি বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰোঁ?

  • বিদ্যাৰ্থীক সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে কʼবলৈ আমি কিয় সংকোচ কৰা উচিত নহয়?

গীত ৭৯ তেওঁলোকক দৃঢ় হʼবলৈ শিকাওক

a যিহোৱাই আমাক বাইবেল অধ্যয়ন কৰাৰ এক বিশেষ সুযোগ দিছে। যেতিয়া আমি কাৰোবাক বাইবেল অধ্যয়ন কৰোঁ, তেতিয়া আমি তেওঁক যিহোৱাৰ দৰে ভাবিবলৈ আৰু যিহোৱাই বিচৰা অনুসৰি কাম কৰিবলৈ সহায় কৰোঁ।

b বাইবেলৰ এই পদটো নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যানৰপৰা অনুবাদ কৰা হৈছে।

c চেপ্টেম্বৰ ২০১৬ চনৰ জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ (হিন্দী) “বাইবেল অধ্যয়ন কৰাৰ সময়ত কিছুমান কথা ধ্যান দিয়ক” নামৰ লেখটো চাওক।

d আমাৰ বিষয়ে > অনুভৱ ভাগলৈ যাওক।

e JW লাইব্ৰেৰী, মিডিয়া > আমাৰ সভা আৰু পৰিচৰ্য্যা > পৰিচৰ্য্যাৰ বাবে সঁজুলি ভাগলৈ যাওক।

f মাৰ্চ ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ “যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব” আৰু “আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে?” নামৰ লেখবোৰ চাওক।

g ছবিৰ বিষয়ে: অধ্যয়নৰ পাছত অভিজ্ঞ ভনীয়ে আন এগৰাকী ভনীক কৈছে যে আমি শিকোৱাৰ সময়ত বেছিকৈ কথা কোৱা উচিত নহয়।

h ছবিৰ বিষয়ে: অধ্যয়নত বিদ্যাৰ্থীয়ে শিকিছে যে তাই কেনেকৈ এগৰাকী ভাল পত্নী হʼব পাৰে। পাছত তাই এই শিকা কথাবোৰ নিজৰ স্বামীক কৈছে।

i ছবিৰ বিষয়ে: বিদ্যাৰ্থী আৰু তাইৰ স্বামীয়ে এগৰাকী ভনীৰ ঘৰত আনন্দ উপভোগ কৰিছে। বিদ্যাৰ্থীয়ে সেই ভনীজনীক ৰাজ্যগৃহত লগ পাইছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক