ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 নৱেম্বৰ পৃষ্ঠা ২-৭
  • আনক খ্ৰীষ্টৰ আজ্ঞা পালন কৰিবলৈ শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনক খ্ৰীষ্টৰ আজ্ঞা পালন কৰিবলৈ শিকাওক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৰ আজ্ঞা পালন কৰিবলৈ শিকাওক
  • মণ্ডলীয়ে বিদ্যাৰ্থীক উন্নতি কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?
  • নিষ্ক্ৰীয় লোকক উদ্যমী কৰি তোলক
  • আমি নিজৰ কাম সম্পূৰ্ণ কৰিব বিচাৰোঁ
  • ‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ‘মই যি যি আদেশ দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া’
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 নৱেম্বৰ পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ৪৫

আনক খ্ৰীষ্টৰ আজ্ঞা পালন কৰিবলৈ শিকাওক

“তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।”—মথি ২৮:১৯, ২০.

গীত ৮৯ শুনি পালন কৰা

লেখৰ এক আভাসa

১. মথি ২৮:১৮-২০ পদৰ অনুসৰি যীচুৱে নিজৰ শিষ্যসকলক কি আজ্ঞা দিছিল?

যেতিয়া যীচুৰ পুনৰুত্থান হৈছিল, তেতিয়া তেওঁ এবাৰ গালীলত নিজৰ শিষ্যসকলৰ আগত দেখা দিছিল। যীচুৱে তেওঁলোকক কিবা গুৰুত্বপূৰ্ণ কথা কʼব বিচাৰিছিল। সেইবাবে, যীচুৱে তেওঁলোকক তাত একত্ৰিত হʼবলৈ কৈছিল। মথি ২৮:১৮-২০ পদত লিখা আছে যে যীচুৱে তেওঁলোকক কি কৈছিল।—পঢ়ক।

২. আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

২ আজি যিহোৱাৰ সকলো সেৱকে শিষ্য বনোৱা আজ্ঞা পালন কৰা উচিত। এই লেখত আমি এই আজ্ঞাৰ লগত জড়িত তিনিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। প্ৰথম, বাইবেল বিদ্যাৰ্থীসকলক ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ শিকোৱাৰ উপৰিও আমি আৰু কি কৰা উচিত? দ্বিতীয়, মণ্ডলীৰ প্ৰতিজন ভাই-ভনীয়ে বিদ্যাৰ্থীক উন্নতি কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে? তৃতীয়, আমি নিষ্ক্ৰীয় ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকে পুনৰ শিষ্য বনোৱা কাম কৰিব পাৰে?

যীচুৰ আজ্ঞা পালন কৰিবলৈ শিকাওক

৩. যীচুৱে আমাক কি কি কৰিবলৈ আজ্ঞা দিছিল?

৩ যীচুৱে স্পষ্টৰূপে নিৰ্দেশনা দিছিল। তেওঁ আমাক যি আজ্ঞা দিছিল, সেই সকলো আমি আনক শিকোৱা উচিত। যীচুৱে কেৱল এয়া কোৱা নাছিল যে ‘মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।’ ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল, “মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” আমি নিজৰ বিদ্যাৰ্থীক ঈশ্বৰৰ আজ্ঞাবোৰৰ বিষয়ে শিকোৱাৰ উপৰিও তাক পালন কৰিবলৈও শিকোৱা উচিত। (পাঁচ. ৮:৩১) এইদৰে কৰাৰ কিয় প্ৰয়োজন?

৪. এটা উদাহৰণ দি বুজাওক যে আমি যীচুৱে দিয়া আজ্ঞা পালন কৰিবলৈ বিদ্যাৰ্থীক কেনেকৈ শিকাব পাৰোঁ।

৪ যীচুৰ আজ্ঞাবোৰ “পালন” কৰিবলৈ আমি কেনেকৈ শিকাব পাৰোঁ, তাক জানিবলৈ এটা উদাহৰণলৈ মন কৰক। ড্ৰাইভিং স্কুলত যিজনে আনক গাড়ী চলাবলৈ শিকায়, তেওঁ নিজৰ বিদ্যাৰ্থীক ট্ৰেফিকৰ নিয়ম পালন কৰিবলৈ কেনেকৈ শিকায়? প্ৰথমতে তেওঁ নিজৰ বিদ্যাৰ্থীসকলক শ্ৰেণীকোঠাত ৰাস্তাৰ নিয়মবোৰৰ বিষয়ে শিকায়। ইয়াৰ পাছত তেওঁ শিকায় যে সেই নিয়মবোৰ কেনেকৈ পালন কৰা উচিত। তেওঁ বিদ্যাৰ্থীসকলক নিজৰ লগত গাড়ীত লৈ যায় আৰু তেওঁলোকক গাড়ী চলাবলৈ কয়। তেওঁলোকে গাড়ী চলোৱাৰ সময়ত তেওঁ মাজে মাজে কৈ থাকে যে তেওঁলোকে কি কৰা উচিত আৰু কেনেকৈ কৰা উচিত। এই উদাহৰণৰপৰা আমি কি শিকোঁ?

৫. (ক) যোহন ১৪:১৫ আৰু ১ যোহন ২:৩ পদৰ অনুসৰি আমি নিজৰ বাইবেল বিদ্যাৰ্থীক কি বুজোৱা উচিত? (খ) আমি এয়া কেনেকৈ কৰিব পাৰোঁ?

৫ বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি বিদ্যাৰ্থীক শিকাওঁ যে ঈশ্বৰে তেওঁৰপৰা কি বিচাৰে। কিন্তু ঈশ্বৰৰ আজ্ঞা শিকোৱাই যথেষ্ট নহয়। আমি তেওঁক এয়াও বুজোৱা উচিত যে দৈনন্দিন জীৱনত তেওঁ ঈশ্বৰৰ আজ্ঞাবোৰ কেনেকৈ পালন কৰিব পাৰে। (যোহন ১৪:১৫; ১ যোহন ২:৩ পঢ়ক।) আমি নিজৰ বিদ্যাৰ্থীক দেখুৱাব পাৰোঁ যে তেওঁলোকে বাইবেলৰ প্ৰাথমিক শিক্ষাবোৰ স্কুলত, কামত আৰু মনোৰঞ্জনৰ সময়ত কেনেকৈ পালন কৰিব পাৰে। আমি তেওঁলোকক নিজৰ অনুভৱ কʼব পাৰোঁ যে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ বাবে আমি কেনেকৈ সমস্যাৰপৰা বাছি থাকিব পাৰিলোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰিলোঁ। অধ্যয়নৰ সময়ছোৱাত আমি বিদ্যাৰ্থীৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ, যাতে পবিত্ৰ আত্মাই তেওঁক নিৰ্দেশনা দিব পাৰে।—যোহ. ১৬:১৩.

৬. আমি নিজৰ বিদ্যাৰ্থীক শিকোৱা আৰু বুজোৱাৰ উপৰিও আৰু কি কৰা উচিত?

৬ আমি আৰু কি কৰিব পাৰোঁ, যাতে আমাৰ বিদ্যাৰ্থীয়ে যীচুৰ আজ্ঞা পালন কৰে? শিষ্য বনোৱাৰ কাম কৰাৰ ইচ্ছা আমি তেওঁৰ মনত আনিব লাগিব। কিন্তু কিছুমান বিদ্যাৰ্থীয়ে আনক সাক্ষ্য দিয়াৰ কথা ভাবিয়েই হয়তো ভয় কৰিব পাৰে। সেইবাবে, আমি ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। আমি তেওঁলোকক বাইবেলৰ শিক্ষা ভালদৰে বুজোৱা উচিত, যাতে তেওঁলোকৰ বিশ্বাস দৃঢ় হয়। এইদৰে কৰিলে সত্যই তেওঁৰ হৃদয় স্পৰ্শ কৰিব আৰু তেওঁৰ মনত প্ৰচাৰ কৰাৰ ইচ্ছা জাগি উঠিব। আহক চাওঁ, এই ক্ষেত্ৰত আমি এজন বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰোঁ?

৭. আমি কি কৰিব পাৰোঁ, যাতে বিদ্যাৰ্থীৰ মনত সাক্ষ্য দিয়াৰ ইচ্ছা জাগি উঠে?

৭ আমি নিজৰ বিদ্যাৰ্থীক এনেধৰণৰ প্ৰশ্ন সুধিব পাৰোঁ: “আপুনি বাইবেলৰপৰা যি শিকিছে, তাৰ অনুসৰি জীৱন অতিবাহিত কৰাৰ বাবে আপোনাৰ কি লাভ হৈছে? আনৰো লাভ হʼব বুলি আপুনি ভাবেনে? আপুনি কি কৰিব পাৰে, যাতে তেওঁলোকেও লাভৱান হয়?” (হিতো. ৩:২৭; মথি ৯:৩৭, ৩৮) নিজৰ বিদ্যাৰ্থীক শিক্ষাদানৰ সঁজুলিৰ বাকচত থকা ট্ৰেক্টবোৰ দেখুৱাওক। তেওঁক সোধক যে তেওঁৰ সম্বন্ধীয়, বন্ধুবৰ্গ আৰু সহকৰ্মীসকলক কোনখন ট্ৰেক্ট ভাল লাগিব? সেই ট্ৰেক্টখনৰ কেইবাখনো কপি তেওঁক দিয়ক। তাৰ পাছত তেওঁ সেই ট্ৰেক্টখন আনক কেনেকৈ কৌশলতাৰে দিব পাৰে, তাৰ বিষয়ে একেলগে অভ্যাস কৰক। নিঃসন্দেহ, যেতিয়া তেওঁ এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼব, তেতিয়াও আমি তেওঁৰ লগত থাকিম আৰু আনৰ লগত কথা পাতিবলৈ তেওঁক সহায় কৰিম।—উপ. ৪:৯, ১০; লূক ৬:৪০.

মণ্ডলীয়ে বিদ্যাৰ্থীক উন্নতি কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

৮. আমাৰ বিদ্যাৰ্থীয়ে নিজৰ হৃদয়ত ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম বঢ়োৱাটো কিয় প্ৰয়োজন? (“নিজৰ বিদ্যাৰ্থীৰ মনত ঈশ্বৰৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰি” নামৰ বক্সটো চাওক।)

৮ মনত ৰাখক যে আনক “সেই সকলোকে পালন কৰিবলৈ” শিক্ষা দিবলৈ যীচুৱে আমাক আজ্ঞা দিছে। যীচুৱে দিয়া আজ্ঞাৰ ভিতৰত সকলোতকৈ ডাঙৰ আজ্ঞা হৈছে ঈশ্বৰ আৰু নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰা। ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমেই এজন ব্যক্তিক প্ৰচাৰ কৰিবলৈ আৰু শিষ্য বনাবলৈ উৎসাহিত কৰিব। (মথি ২২:৩৭-৩৯) কিছুমান বিদ্যাৰ্থীয়ে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ কথা ভাবি, হয়তো ভয় কৰিব পাৰে। যদি আমাৰ বিদ্যাৰ্থীও ভয় কৰে, তেন্তে আমি তেওঁক আশ্বাস দিব পাৰোঁ যে যিহোৱাই তেওঁক সহায় কৰিব আৰু তেওঁৰ ভয় নাইকিয়া হʼব। (গীত. ১৮:১-৩; হিতো. ২৯:২৫) এই লেখত দিয়া বক্সত কোৱা হৈছে যে আমি নিজৰ বিদ্যাৰ্থীৰ মনত ঈশ্বৰৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ। এই ক্ষেত্ৰত মণ্ডলীৰ ভাই-ভনীসকলে বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে? আহক আলোচনা কৰোঁ।

নিজৰ বিদ্যাৰ্থীৰ মনত ঈশ্বৰৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰি

এগৰাকী ভনীয়ে বাইবেল অধ্যয়নৰ সময়ত নিজৰ বিদ্যাৰ্থীক ভিডিঅʼ দেখুৱাইছে।

অনুচ্ছেদ ৮ চাওকb

বাইবেল পঢ়িবলৈ উৎসাহিত কৰক

বাইবেল বিদ্যাৰ্থীৰ হাতত থকা বাইবেল পঢ়াৰ তালিকাৰ অনুসৰি তাই বাইবেল পঢ়ি আছে।

নিজৰ বাইবেল বিদ্যাৰ্থীক প্ৰতিদিনে অলপ সময় হʼলেও বাইবেল পঢ়িবলৈ উৎসাহিত কৰক। তেওঁক বাইবেল পঢ়াৰ তালিকাখন দিয়ক। (jw.org ৱেবছাইটত “বাইবেল পঢ়াৰ তালিকাখন” চাওক। ইয়াক আপুনি বাইবেলৰ শিক্ষা > বাইবেল অধ্যয়নৰ সঁজুলি ভাগত পাব। ইয়াৰ আপুনি প্ৰিণ্টো লʼব পাৰে।) বাইবেল কিতাপখনৰ পৰিচয় ভিডিঅʼবোৰ চাবলৈ তেওঁক উৎসাহিত কৰক। এই ভিডিঅʼবোৰ আমাৰ ৱেবছাইটত কʼত আছে, তেওঁক দেখুৱাওক।

ধ্যান কৰিবলৈ শিকাওক

বিদ্যাৰ্থীয়ে বাইবেল পঢ়াৰ পাছত ধ্যান কৰি আছে।

ঈশ্বৰৰ বাক্য বাইবেলৰপৰা শিকা বিষয়বোৰ ধ্যান কৰিবলৈ বিদ্যাৰ্থীক সহায় কৰক। নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলৰ আৰম্ভণি পৃষ্ঠাৰ “ঈশ্বৰৰ বাক্যৰ পৰিচয়” ভাগৰ ২০ নম্বৰ প্ৰশ্নটো দেখুৱাওক: “আপুনি বাইবেল পঢ়াৰপৰা সম্পূৰ্ণৰূপে কেনেকৈ লাভৱান হʼব পাৰে?” তেওঁক কওক যে তাত দিয়া চাৰিটা প্ৰশ্নই তেওঁক ধ্যান কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে। ধ্যান কেনেকৈ কৰা হয়, তাক দেখুৱাবলৈ বাইবেলৰ কিছুমান পদ একেলগে পঢ়ক আৰু সেই চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়ক। এইদৰে ধ্যান কৰিবলৈ শিকালে তেওঁ নিজে বাইবেলৰপৰা আধ্যাত্মিক ৰত্ন বিচাৰিব পাৰিব। এনে কৰিলে তেওঁ আনন্দিত হʼব আৰু যিহোৱাৰ কাষ চাপি আহিব।

প্ৰাৰ্থনা কৰিবলৈ শিকাওক

বাইবেল বিদ্যাৰ্থীয়ে প্ৰাৰ্থনা কৰি আছে।

নিজৰ বিদ্যাৰ্থীক যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ শিকাওক আৰু কওক যে কি কি বিষয়ত তেওঁ প্ৰাৰ্থনা কৰিব পাৰে। গীতমালা ২৫:৪, ৫ আৰু ১ যোহন ৫:১৪, ১৫ পদবোৰ দেখুৱাই তেওঁক বুজাওক যে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো কিয় অতি গুৰুত্বপূৰ্ণ। বাইবেল অধ্যয়ন কৰাৰ আগত আৰু পাছত নিজৰ প্ৰাৰ্থনাত বিদ্যাৰ্থীৰ প্ৰয়োজনীতাৰ বিষয়ে স্পষ্টকৈ কওক। তেতিয়া তেওঁ যিহোৱাক নিজৰ মনৰ কথা কʼবলৈ শিকিব। যেতিয়া বিদ্যাৰ্থীয়ে এইদৰে প্ৰাৰ্থনা কৰিব, তেতিয়া হৃদয়ৰপৰা যিহোৱাৰ কথা পালন কৰিবলৈ আৰু যীচুৰ আজ্ঞা অনুসৰি চলিবলৈ তেওঁৰ ইচ্ছা বাঢ়িব।

৯. গাড়ী চলাবলৈ শিকা ব্যক্তিজনে শিক্ষকৰ উপৰিও আৰু কাৰপৰা শিকে?

৯ পুনৰ ড্ৰাইভিং স্কুলৰ উদাহৰণলৈ মন কৰক। গাড়ী চলাবলৈ শিকা ব্যক্তিজনে যেতিয়া নিজৰ শিক্ষকৰ লগত গাড়ীত বহে, তেতিয়া তেওঁ কেনেকৈ শিকে? প্ৰথমতে, তেওঁ নিজৰ শিক্ষকৰ কথা ভালদৰে শুনে আৰু দ্বিতীয়তে, ভালদৰে গাড়ী চলোৱা ড্ৰাইভাৰক লক্ষ্য কৰে। গাড়ী চলোৱাৰ সময়ত হয়তো শিক্ষকজনে দেখুৱায় যে এজন ড্ৰাইভাৰে কেনেকৈ নম্ৰতাৰে আনক আগবাঢ়িবলৈ দিয়ে। অথবা তেওঁ হয়তো দেখুৱায় যে এজন ড্ৰাইভাৰে কেনেকৈ নিজৰ গাড়ীৰ হেডলাইটৰ পোহৰ কম কৰি দিয়ে, যাতে সন্মুখৰপৰা অহা গাড়ীৰ কোনো অসুবিধা নহয়। এনেধৰণৰ উদাহৰণৰপৰা তেওঁ বুজিব পাৰে যে গাড়ী চলোৱাৰ সময়ত তেওঁ কি কি কথা মনত ৰখা উচিত।

১০. খ্ৰীষ্টৰ শিষ্য হʼবলৈ এজন বিদ্যাৰ্থীয়ে কি কৰা উচিত?

১০ ঠিক সেইদৰে, যেতিয়া এজন বাইবেল বিদ্যাৰ্থীয়ে জীৱনৰ পথত চলিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ নিজৰ শিক্ষকৰ উপৰিও আন ভাই-ভনীসকলৰপৰা বহুতো কথা শিকে। গতিকে, এজন বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰি খ্ৰীষ্টৰ শিষ্য হʼবলৈ কি কৰা উচিত? তেওঁ খ্ৰীষ্টান সভাত উপস্থিত হোৱা উচিত। কিয় বাৰু? সভাত বাইবেলৰপৰা যি শিক্ষা দিয়া হয়, ইয়াৰপৰা তেওঁৰ জ্ঞান বৃদ্ধি হʼব, বিশ্বাসত দৃঢ় হʼব আৰু ঈশ্বৰৰ প্ৰতি তেওঁৰ হৃদয়ত প্ৰেম বাঢ়িব। (পাঁচ. ১৫:৩০-৩২) আপোনাৰ বিদ্যাৰ্থী সভালৈ আহিলে তেওঁক এনে ভাই-ভনীসকলৰ লগত পৰিচয় কৰাওক, যিসকলৰ পৰিস্থিতি তেওঁৰ দৰে হয়। বিদ্যাৰ্থীজনে দেখিব পাৰিব যে ভাই-ভনীসকলে কেনেকৈ ঈশ্বৰক প্ৰেম কৰাৰ আজ্ঞা পালন কৰিছে।

১১. (ক) এজন বিদ্যাৰ্থীয়ে মণ্ডলীৰ কেনেধৰণৰ লোকক লক্ষ্য কৰি শিকিব পাৰে? (খ) ইয়াৰপৰা বিদ্যাৰ্থীৰ কি লাভ হʼব?

১১ উদাহৰণস্বৰূপে, যদি বাইবেল বিদ্যাৰ্থীজন অকলে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰে, তেনেহʼলে তাই মণ্ডলীৰ এনে ভনীৰপৰা বহুতো কথা শিকিব পাৰে, যিয়ে তাইৰ দৰে অকলে ঘৰখন চলায়। যেতিয়া তাই দেখিব যে ভনীগৰাকীয়ে নিজৰ সন্তানক ৰাজ্যগৃহলৈ আনিবলৈ কিমান কষ্ট কৰিছে, তেতিয়া ইয়ে তাইৰ হৃদয় স্পৰ্শ কৰিব। যদি এজন বিদ্যাৰ্থীয়ে চিগাৰেট এৰিব পৰা নাই, তেনেহʼলে তেওঁ এনে এজন প্ৰচাৰকৰ লগত কথা পাতিব পাৰে, যিয়ে আগতে চিগাৰেট সেৱন কৰিছিল। প্ৰচাৰকজনে বিদ্যাৰ্থীক কʼব যে তেওঁৰো এই অভ্যাস এৰিবলৈ কঠিন হৈছিল, কিন্তু যিহোৱাৰ প্ৰতি নিজৰ হৃদয়ত প্ৰেম বঢ়োৱাৰ বাবে তেওঁ এই আজ্ঞা পালন কৰিব পাৰিলে আৰু এই বেয়া অভ্যাস এৰিব পাৰিলে। (২ কৰি. ৭:১; ফিলি. ৪:১৩) প্ৰচাৰকজনে তেওঁক আশ্বাস দিব যে তেওঁ নিশ্চয় এই অভ্যাস এৰিব পাৰিব। ইয়াৰপৰা বিদ্যাৰ্থীৰ বিশ্বাস দৃঢ় হʼব। যদি বিদ্যাৰ্থীজন এগৰাকী যুৱতী হয়, তেনেহʼলে তাই মণ্ডলীৰ এনে এগৰাকী ভনীক লক্ষ্য কৰিব, যিয়ে সাক্ষী হিচাপে জীৱনত আনন্দ উপভোগ কৰিছে। তাইৰ আনন্দ দেখি বাইবেল বিদ্যাৰ্থীয়ে জানিব বিচাৰিব যে তাই সদায় কিয় ইমান আনন্দত থাকে।

১২. মণ্ডলীৰ প্ৰতিজন প্ৰচাৰকে বাইবেল বিদ্যাৰ্থীক সহায় কৰিব পাৰে বুলি আমি কিয় কʼব পাৰোঁ?

১২ বিদ্যাৰ্থীয়ে সভালৈ আহিলে এনে বহুতো ভাই-ভনীৰ বিষয়ে জানিব পাৰিব, যিসকলে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে। তেওঁলোকক দেখি বিদ্যাৰ্থীজনে শিকিব পাৰিব যে ঈশ্বৰ আৰু চুবুৰীয়াক প্ৰেম কৰাৰ বিষয়ে খ্ৰীষ্টৰ আজ্ঞা কেনেকৈ পালন কৰিব পাৰি। (যোহ. ১৩:৩৫; ১ তীম. ৪:১২) ইয়াৰ উপৰিও, যেনেকৈ আগতে উল্লেখ কৰা হৈছিল, তেওঁ সেই ভাই-ভনীসকলৰপৰা বহুতো কথা শিকিব পাৰে, যিসকলে তেওঁৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকক দেখি তেওঁ শিকিব পাৰিব যে খ্ৰীষ্টৰ শিষ্য হʼবলৈ হʼলে তেওঁক যি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন, সেয়া তেওঁ নিশ্চয় কৰিব পাৰিব। (দ্বিতী. ৩০:১১) মণ্ডলীৰ প্ৰতিজন প্ৰচাৰকে বিভিন্ন উপায়েৰে উন্নতি কৰি খ্ৰীষ্টৰ শিষ্য হʼবলৈ বিদ্যাৰ্থীক সহায় কৰিব পাৰে। (মথি ৫:১৬) আপোনাৰ সভালৈ অহা বিদ্যাৰ্থীসকলক উৎসাহিত কৰিবলৈ আপুনি কি কৰে?

নিষ্ক্ৰীয় লোকক উদ্যমী কৰি তোলক

১৩-১৪. যীচুৱে নিজৰ পাঁচনিসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল?

১৩ আমি নিজৰ নিষ্ক্ৰীয় ভাই-ভনীসকলক সহায় কৰা উচিত, যাতে তেওঁলোকে উদ্যমী হৈ পুনৰ শিষ্য বনোৱা কাম কৰিব পাৰে। মন কৰক, যেতিয়া যীচুৰ পাঁচনিসকলে নিৰুৎসাহ হৈছিল, তেতিয়া যীচুৱে তেওঁলোকক কেনেকৈ সহায় কৰিছিল।

১৪ এয়া যীচুৰ মৃত্যুৰ আগমুহূৰ্তৰ কথা। পাঁচনিসকলে ইমানেই ভয় খাইছিল যে “সকলোৱে তেওঁক এৰি, পলাই গল।” (মাৰ্ক ১৪:৫০; যোহ. ১৬:৩২) এয়া তেওঁলোকৰ বাবে এক কঠিন সময় আছিল আৰু তেওঁলোকে নিৰাশ হৈ পৰিছিল। যীচুৱে তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰিলে? পুনৰুত্থান হোৱাৰ কিছুসময়ৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কৈছিল, “ভয় নকৰিবা; তোমালোক যোৱা, [মোৰ পুনৰুত্থান হʼল বুলি] মোৰ ভাইবিলাকক . . . সম্বাদ দিয়াগৈ।” (মথি ২৮:১০) যীচুৱে নিজৰ পাঁচনিসকলৰ লগত সম্পৰ্ক নাইকিয়া কৰা নাছিল। যদিও পাঁচনিসকলে যীচুক এৰি গৈছিল, তথাপি তেওঁ তেওঁলোকক ‘ভাই’ বুলি কৈছিল। যিহোৱাৰ দৰে যীচুও দয়ালু হয়। সেইবাবে, তেওঁ নিজৰ শিষ্যসকলক ক্ষমা কৰিলে।—২ ৰাজা. ১৩:২৩.

১৫. আমি নিজৰ নিষ্ক্ৰীয় ভাই-ভনীসকলৰ বিষয়ে কেনে অনুভৱ কৰোঁ?

১৫ ঠিক সেইদৰে, প্ৰচাৰ কাম এৰি দিয়া নিষ্ক্ৰীয় লোকসকলৰ বাবে আমি চিন্তা কৰোঁ। তেওঁলোক আমাৰ ভাই-ভনী হয় আৰু আমি তেওঁলোকক প্ৰেম কৰোঁ। আমি এতিয়াও মনত পেলাওঁ যে এসময়ত তেওঁলোকে যিহোৱাৰ সেৱাৰ বাবে বহুতো পৰিশ্ৰম কৰিছিল। কিছুমান লোকে বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰিছিল। (ইব্ৰী ৬:১০) তেওঁলোকক আমি সঁচাকৈ মনত পেলাওঁ। (লূক ১৫:৪-৭) গতিকে, যীচুৰ দৰে আমি নিষ্ক্ৰীয় ভাই-ভনীসকলৰ বাবে কি কৰিব পাৰোঁ?

১৬. আমি নিজৰ নিষ্ক্ৰীয় ভাই-ভনীসকলৰ বাবে কি কৰিব পাৰোঁ?

১৬ তেওঁলোকক মৰমেৰে সভালৈ মাতক। যীচুৱে নিজৰ পাঁচনিসকলক উৎসাহিত কৰিবলৈ এখন সভালৈ মাতিছিল। (মথি ২৮:১০; ১ কৰি. ১৫:৬) ঠিক সেইদৰে, আমি সেই নিষ্ক্ৰীয় লোকসকলক সভালৈ আহিবলৈ উৎসাহিত কৰিব পাৰোঁ, যিসকলে সভালৈ অহা নাই। এবাৰ বা দুবাৰ মাতিলে তেওঁলোকে নাহিবও পাৰে। আমি তেওঁলোকক বাৰে বাৰে নিমন্ত্ৰণ কৰিবলগীয়া হʼব পাৰে। যীচুৱে নিমন্ত্ৰণ কৰাৰ পাছত যেতিয়া তেওঁৰ শিষ্যসকলে সভালৈ আহিছিল, তেতিয়া তেওঁ নিশ্চয় আনন্দিত হৈছিল।—মথি ২৮:১৬ আৰু লূক ১৫:৬ পদৰ লগত তুলনা কৰক।

১৭. যেতিয়া কোনো নিষ্ক্ৰীয় লোক সভালৈ আহে, তেতিয়া আমি কি কৰা উচিত?

১৭ আন্তৰিকতাৰে সম্ভাষণ জনাওক। যেতিয়া যীচুৰ শিষ্যসকলে সভালৈ আহিছিল, তেতিয়া যীচুৱে নিজেই গৈ তেওঁলোকক লগ কৰিছিল, যাতে তেওঁলোকৰ মনত কোনো সংকোচ নাথাকে। (মথি ২৮:১৮) যেতিয়া কোনো নিষ্ক্ৰীয় লোক ৰাজ্যগৃহলৈ আহে, তেতিয়া আমি কি কৰা উচিত? আমি নিজেই তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক সম্ভাষণ জনোৱা উচিত। আৰম্ভণিতে আমি হয়তো বুজি নাপাওঁ যে আমি তেওঁলোকক কি কোৱা উচিত। কিন্তু আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি কেৱল এয়া কʼব পাৰোঁ যে তেওঁক দেখি আমাক ভাল লাগিছে। কিন্তু মনত ৰখা উচিত যে তেওঁলোকে লজ্জিত হোৱা এনে কোনো কথা যাতে আমি নকওঁ।

১৮. আমি নিষ্ক্ৰীয় ভাই-ভনীসকলৰ উদ্যম কেনেকৈ বঢ়াব পাৰোঁ?

১৮ তেওঁক আশ্বাস দিয়ক। সেই সভাত যেতিয়া যীচুৱে নিজৰ শিষ্যসকলক গোটেই জগতত প্ৰচাৰ কৰিবলৈ দায়িত্ব দিছিল, তেতিয়া তেওঁলোকে এই দায়িত্ব পালন কৰিব নোৱাৰিম বুলি ভাবিছিল। কিন্তু যীচুৱে তেওঁলোকক আশ্বাস দি এইদৰে কৈছিল, “মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:২০) ইয়ে শিষ্যসকলক উৎসাহিত কৰিছিলনে? নিশ্চয় কৰিছিল। কিছুসময়ৰ ভিতৰতে তেওঁলোকে লোকসকলক ‘উপদেশ দিবলৈ আৰু প্ৰচাৰ কৰিবলৈ’ আৰম্ভ কৰিলে। (পাঁচ. ৫:৪২) আজি আমিও নিষ্ক্ৰীয় ভাই-ভনীসকলক উৎসাহিত কৰা উচিত। তেওঁলোকে হয়তো পুনৰ প্ৰচাৰ কৰাৰ কথা ভাবিয়েই ভয় কৰিব পাৰে। আমি তেওঁলোকক আশ্বাস দিব পাৰোঁ যে তেওঁলোক অকলশৰীয়া নহয়। আমিও তেওঁলোকৰ লগত আছোঁ। তেওঁলোকে প্ৰচাৰ কাম কৰিবলৈ পুনৰ ওলাই আহিলে যদি আমি তেওঁলোকৰ লগত থাকোঁ, তেনেহʼলে তেওঁলোকক ভাল লাগিব। যদি আমি নিষ্ক্ৰীয় লোকক নিজৰ ভাই-ভনী বুলি ভাবিম আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰিম, তেনেহʼলে তেওঁলোকে পুনৰ উদ্যমেৰে সেৱা কৰিব আৰু মণ্ডলীত সকলোৱে আনন্দিত হʼব।

আমি নিজৰ কাম সম্পূৰ্ণ কৰিব বিচাৰোঁ

১৯. আমি কি থিৰাং কৰিছোঁ আৰু কিয়?

১৯ যীচুৱে দিয়া কাম আমি কিমান দিনলৈকে কৰা উচিত? এই জগতৰ শেষলৈকে। (মথি ২৮:২০; “জগতৰ শেষলৈকে” শব্দকোষ চাওক।) আমি যীচুৰ আজ্ঞা পালন কৰি প্ৰচাৰ আৰু শিষ্য বনোৱা কাম সেইসময়লৈকে কৰি থাকিব পাৰিমনে? এনে কৰিবলৈ আমি থিৰাং কৰিছোঁ। আমি আনন্দেৰে নিজৰ সময়, শক্তি আৰু সম্পত্তি “অনন্ত জীৱন পাবলৈ নিৰূপিত” লোকসকলক বিচাৰিবলৈ ব্যৱহাৰ কৰোঁ। (পাঁচ. ১৩:৪৮) এইদৰে আমি যীচুৰ আৰ্হিক অনুকৰণ কৰোঁ। তেওঁ কৈছিল, “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” (যোহ. ৪:৩৪; ১৭:৪) আমাক দিয়া কাম পূৰ কৰাটো আমিও বিচাৰোঁ। (যোহ. ২০:২১) আমাৰ বাইবেল বিদ্যাৰ্থী আৰু নিষ্ক্ৰীয় লোকসকলেও আমাৰ লগত এই কাম কৰি থকাটো আমি বিচাৰোঁ।—মথি ২৪:১৩.

২০. ফিলিপীয়া ৪:১৩ পদৰ অনুসৰি যীচুৱে দিয়া কাম আমি কিয় সম্পূৰ্ণ কৰিব পাৰিম?

২০ এয়া সঁচা যে যীচুৱে আমাক যি কাম দিছে, সেয়া কৰাটো ইমান সহজ নহয়। তথাপি আমি নিৰুৎসাহ নহওঁ, কিয়নো এই কাম আমি অকলে কৰা নাই। যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ আমাৰ লগত থাকিব। শিষ্য বনোৱা কাৰ্য্যত আমি “ঈশ্বৰৰ সহকৰ্ম্মী” হয় আৰু ‘খ্ৰীষ্টৰ’ লগত মিলি আমি এই কাম কৰোঁ। (১ কৰি. ৩:৯; ২ কৰি. ২:১৭) সেইবাবে, আমি এই কাম নিশ্চয় পূৰ কৰিব পাৰিম। গতিকে, আহক আমি এই কাম আনন্দেৰে কৰি থাকোঁ আৰু ইয়াক কৰিবলৈ আনকো সহায় কৰি থাকোঁ।—ফিলিপীয়া ৪:১৩ পঢ়ক।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি নিজৰ বাইবেল বিদ্যাৰ্থীক যীচুৰ আজ্ঞা পালন কৰিবলৈ কেনেকৈ শিকাব পাৰোঁ?

  • মণ্ডলীৰ প্ৰতিজন ভাই-ভনীয়ে বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে?

  • আমি নিষ্ক্ৰীয় ভাই-ভনীসকলক প্ৰচাৰ কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ?

গীত ৭৯ তেওঁলোকক দৃঢ় হʼবলৈ শিকাওক

a লোকসকলক শিষ্য বনাবলৈ আৰু তেওঁ দিয়া আজ্ঞা পালন কৰিবলৈ শিকাবলৈ যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দিছিল। যীচুৱে দিয়া এই কথাবোৰ আমি কেনেকৈ পালন কৰিব পাৰোঁ, তাৰ বিষয়ে এই লেখত কোৱা হʼব। এই লেখৰ কিছুমান তথ্য জুলাই ১, ২০০৪ চনৰ প্ৰহৰীদুৰ্গৰ ২৪-২৯ পৃষ্ঠাৰপৰা লোৱা হৈছে।

b ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে নিজৰ বিদ্যাৰ্থীক তিনিটা পৰামৰ্শ দিছে, যাতে তাইৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেম বাঢ়ে। পাছলৈ বিদ্যাৰ্থীয়ে এই তিনিওটা পৰামৰ্শ পালন কৰিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক