ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ১ পৃষ্ঠা ৮-৯
  • ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাগ ১১
    ঈশ্বৰৰ বাক্য শুনক
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ১ পৃষ্ঠা ৮-৯

ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

আমি ঈশ্বৰৰ লগত কথা পতাটো তেওঁ বিচাৰে। পবিত্ৰ শাস্ত্ৰত লিখা আছে যে যেতিয়া আমি সম্পূৰ্ণ মনেৰে তেওঁলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয় আৰু তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। কিন্তু শাস্ত্ৰত এয়াও লিখা আছে যে ঈশ্বৰে কিছুমান লোকৰ প্ৰাৰ্থনা নুশুনে। গতিকে আহক আমি চাওঁ যে আমি কেনেকৈ প্ৰাৰ্থনা কৰা উচিত আৰু কেনেকৈ নহয়।

গীৰ্জাত কিছুমান লোকে প্ৰাৰ্থনাৰ কিতাপৰ পৰা পঢ়ি প্ৰাৰ্থনা কৰি আছে।

‘প্ৰাৰ্থনা কৰাৰ সময়ত একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা’—মথি ৬:৭.

যদি আপোনাৰ বন্ধুৱে একেটা কথাকে বাৰে বাৰে কৈ থাকে, তেনেহʼলে আপোনাৰ কেনেকুৱা লাগিব? আপোনাক নিশ্চয় আমনি লাগি যাব। ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও আমি কিতাপত লিখা প্ৰাৰ্থনা কৰিলে বা মুখস্থ কৰি প্ৰাৰ্থনা কৰিলে ভাল নাপায়। আমি তেওঁক নিজৰ বন্ধু বুলি ভবাটো আৰু নিজৰ মনৰ সকলো কথা জনোৱাটো তেওঁ বিচাৰে।

এজন ব্যক্তিয়ে ওপৰলৈ চাই লটাৰি টিকট ঘঁহি আছে।

“তোমালোকে খোজা কিন্তু নোপোৱা, কিয়নো তোমালোকে সঠিক মনোবৃত্তিৰে নোখোজা।”—যাকোব ৪:৩, NW.

যদি আমি জানি-শুনি এনে বিষয়ে প্ৰাৰ্থনা কৰোঁ যি ভুল হয়, তেনেহʼলে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা নুশুনিব। আপুনি কি ভাবে যদি এজন জুৱাৰীয়ে লটাৰি জিকিবলৈ প্ৰাৰ্থনা কৰে, তেনেহʼলে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিব নে? নুশুনে। পবিত্ৰ শাস্ত্ৰত ঈশ্বৰে স্পষ্টকৈ লিখুৱাইছে যে তেওঁ লুভীয়া লোকসকলক ঘৃণা কৰে। ইয়াৰ লগতে আমি ভাগ্যৰ ওপৰত বিশ্বাস কৰাটো তেওঁ নিবিচাৰে। (যিচয়া ৬৫:১১; লূক ১২:১৫) যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহʼলে আমি ধ্যান দিব লাগিব যে আমি প্ৰাৰ্থনাত কি বিচাৰি আছোঁ। আমি চিন্তা কৰিব লাগিব যে আমি যি বিচাৰি আছোঁ, সেয়া ঈশ্বৰৰ দৃষ্টিত সঠিক হয় নে। পবিত্ৰ শাস্ত্ৰ বাইবেলত কোৱা হৈছে যে আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰা উচিত।

এজন পাদুৰীয়ে যুদ্ধলৈ যাবলৈ ওলোৱা সৈনিকৰ বাবে প্ৰাৰ্থনা কৰিছে।

“যি মানুহে ব্যৱস্থালৈ আওকাণ কৰে, তাৰ প্ৰাৰ্থনাও ঘিণলগীয়া হয়।”—হিতোপদেশ ২৮:৯.

পবিত্ৰ শাস্ত্ৰত লিখা আছে যে প্ৰাচীন সময়ত যিসকল লোকে বেয়া কামত লিপ্ত হৈ আছিল, ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনিলে। (যিচয়া ১:১৫, ১৬) আজিও যিহোৱা ঈশ্বৰে এনে লোকসকলৰ প্ৰাৰ্থনা নুশুনে, যিসকলে জানি-শুনি বেয়া কাম কৰি থাকে। (মলাখী ৩:৬) ইয়াৰ পৰা বুজিব পাৰি যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো যদি আমি বিচাৰোঁ, তেনেহʼলে সদায় তেওঁৰ দৃষ্টিত যি সঠিক সেয়া কৰি থকা উচিত। কিন্তু অতীতত যদি আমি কিবা ভুল কৰিছোঁ, তেনেহʼলে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা কেতিয়াও নুশুনিব নে? এনে নহয়। যদি আমি ক্ষমা বিচাৰোঁ আৰু সঠিক কাম কৰি থাকোঁ, তেনেহʼলে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব।—পাঁচনিৰ কৰ্ম্ম ৩:১৯.

“ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।”—ইব্ৰী ১১:৬.

এগৰাকী তিৰোতাই বাইবেল পঢ়ি আছে।

প্ৰাৰ্থনা কৰাৰ অৰ্থ এয়া নহয় যে আমি কেৱল এনে সময়ত ঈশ্বৰক মনত পেলোৱা, যেতিয়া আমি বহুত চিন্তিত হওঁ আৰু আমাক মনৰ শান্তিৰ প্ৰয়োজন হয়। ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম আৰু ভৰসা থকা উচিত। শাস্ত্ৰত লিখা আছে যে যেতিয়া আমি ঈশ্বৰক কিবা খোজো, তেতিয়া বিশ্বাসেৰে খোজা উচিত। তেতিয়াহে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। (যাকোব ১:৬, ৭) ঈশ্বৰৰ ওপৰত বিশ্বাস বঢ়াবলৈ আমি সময় উলিয়াই বাইবেল পঢ়া উচিত। এইদৰে কৰিলে আমি ঈশ্বৰক ভালদৰে জানিব পাৰিম আৰু আমাৰ বিশ্বাস হʼব যে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব।

ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি থাকক!

আজি লাখ লাখ লোকে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে। যদিও ঈশ্বৰে সকলোৰে প্ৰাৰ্থনা নুশুনে, কিন্তু যিসকলে সম্পূৰ্ণ হৃদয়েৰে তেওঁলৈ প্ৰাৰ্থনা কৰে, ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নিশ্চয় শুনে। পবিত্ৰ শাস্ত্ৰত কোৱা হৈছে যে আমি কেনেদৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনিব। এই বিষয়ে পৰৱৰ্তী লেখত বুজোৱা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক