ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ১ পৃষ্ঠা ১৪-১৫
  • প্ৰাৰ্থনা কৰিলে কি লাভ হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰাৰ্থনা কৰিলে কি লাভ হয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ১ পৃষ্ঠা ১৪-১৫

প্ৰাৰ্থনা কৰিলে কি লাভ হয়?

পেমেলা নামৰ তিৰোতাগৰাকীৰ কেন্সাৰ আছিল। তাই নিজৰ চিকিৎসা কৰালে আৰু এই বেমাৰৰ সন্মুখীন হʼবলৈ সহায় বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনাও কৰিলে। প্ৰাৰ্থনা কৰাৰ বাবে তাইৰ কিবা লাভ হʼল নে?

পেমেলাই কৈছে, “চিকিৎসা কৰাৰ সময়ত বহু বাৰ মই বহুত চিন্তিত হৈ পৰিছিলোঁ; মোৰ মনটো উগুল-থুগুল লাগিছিল। কিন্তু যেতিয়া মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া মোৰ মন শান্ত হৈছিল। মোৰ শৰীৰত এতিয়াও বিষ আছে, কিন্তু যেতিয়া মই প্ৰাৰ্থনা কৰোঁ, তেতিয়া বিষৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে ভাল কথাবোৰলৈ ধ্যান দিব পাৰোঁ। লোকসকলে যেতিয়া মোক সোধে যে মই কেনেকুৱা আছোঁ, তেতিয়া মই তেওঁলোকক কওঁ, ‘স্বাস্থ্য ইমান ভাল নহয়, কিন্তু আনন্দত আছোঁ।’”

যেতিয়া আমাৰ গম্ভীৰ বেমাৰ হয় বা আমাৰ জীৱন বিপদত পৰে, তেতিয়া আমি প্ৰাৰ্থনা কৰিব পাৰোঁ; এনে নহয়। আমি সৰু সৰু সমস্যা বা চিন্তাৰ সন্মুখীন হʼলেও আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। পবিত্ৰ শাস্ত্ৰত লিখা আছে, ঈশ্বৰ “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।” (গীতমালা ৫৫:২২) এই শব্দবোৰৰ পৰা আমি বহুত শান্ত্বনা লাভ কৰোঁ! যদি আমি সঠিক উপায়েৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে সমস্যা পাৰ কৰিবলৈ তেওঁ আমাক সহায় কৰিব।—“প্ৰাৰ্থনা কৰিলে আপুনি . . . ” নামৰ বক্স চাওক।

প্ৰাৰ্থনা কৰিলে আপুনি . . .

মনৰ শান্তি লাভ কৰিব

আগতে চাকৰি হেৰুৱা ব্যক্তিজনে এতিয়া হাঁহি হাঁহি আত্মবিশ্বাসেৰে খোজ কাঢ়ি গৈ আছে।

শাস্ত্ৰত লিখা আছে, ‘সকলো বিষয়তে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।’ (ফিলিপীয়া ৪:৬, ৭) নিজৰ সকলো চিন্তা ঈশ্বৰক জনালে আপুনি মনত শান্তি লাভ কৰিব আৰু সমস্যাৰ সময়তো সঠিক নিৰ্ণয় লʼব পাৰিব।

ঈশ্বৰৰ পৰা বুদ্ধি লাভ কৰিব

আগতে কিতাপ এখনৰ পৰা পঢ়ি পঢ়ি প্ৰাৰ্থনা কৰা মহিলাগৰাকীয়ে, এতিয়া ঘৰত নিজৰ বাইবেল পঢ়ি আছে।

শাস্ত্ৰত লিখা আছে, “তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচ্‌না কৰক; তাতে তেওঁক দিয়া হব।” (যাকোব ১:৫) যেতিয়া আমি চিন্তিত হৈ থাকোঁ, তেতিয়া সঠিক নিৰ্ণয় লʼবলৈ আমাৰ কাৰণে কঠিন হয়। এনে পৰিস্থিতিত যদি আমি বুদ্ধি বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে তেওঁ শাস্ত্ৰৰ কিছুমান কথা মনত পেলাই দিব পাৰে, যাৰ সহায়ত আমি সঠিক নিৰ্ণয় লʼব পাৰিম।

শক্তি আৰু শান্ত্বনা লাভ কৰিব

আগতে হস্পিতালত থকা দম্পতীহালে একেলগে পাৰ্কত খোজ কাঢ়ি আছে। স্বামীয়ে পত্নীৰ হাতখন ধৰি আছে আৰু লাখুটিৰ সহায়ত খোজ কাঢ়িবলৈ সহায় কৰিছে।

শাস্ত্ৰত লিখা আছে, “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” (ফিলিপীয়া ৪:১৩) যিহোৱা সৰ্ব্বশক্তিমান ঈশ্বৰ হয়। সমস্যাৰ ভালদৰে সন্মুখীন হʼবলৈ তেওঁ আমাক শক্তি দিব পাৰে। (যিচয়া ৪০:২৯) যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া তেওঁ আমাক শান্ত্বনাও দিয়ে। শাস্ত্ৰত লিখা আছে, তেওঁ “সকলো শান্ত্বনাৰ ঈশ্বৰ।”—২ কৰিন্থীয়া ১:৩, ৪.

আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব নে?

আমি যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবই লাগিব বুলি তেওঁ জোৰ-জবৰদস্তি নকৰে। যেতিয়া আমি নিজ ইচ্ছাৰে তেওঁলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আমাৰ প্ৰাৰ্থনা শুনি আনন্দিত হয়। (যিৰিমিয়া ২৯:১১, ১২) কেতিয়াবা আপোনাৰ এনে অনুভৱ হৈছে নে যে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনা নাই? যদি হৈছে, তেনেহʼলে নিৰাশ নহʼব। ক্ষন্তেকৰ বাবে সৰু লʼৰা-ছোৱালীৰ বিষয়ে চিন্তা কৰক, কেতিয়াবা কেতিয়াবা তেওঁলোকে নিজৰ পিতৃ-মাতৃক কিবা বস্তু কিনিবলৈ জিদ কৰে আৰু সেয়া লগে লগে বিচাৰে। কিন্তু লʼৰা-ছোৱালীয়ে যি বিচাৰি আছে, পিতৃ-মাতৃয়ে সেয়া লগে লগে নিদিব বা একেবাৰে নিদিবও পাৰে। হয়তো পিতৃ-মাতৃয়ে তেওঁলোকৰ বাবে বেলেগ কিবা ভাবি থৈছে, যিটো সন্তানে যি খুজিছে তাতকৈ ভাল হয়। কিন্তু এটা কথা সঁচা যে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ ভালৰ বাবে চিন্তা কৰে।

আমি সকলোৱে যিহোৱা ঈশ্বৰৰ সন্তান হওঁ। তেওঁ আমাক বহুত প্ৰেম কৰে আৰু আমাৰ ভালৰ বিষয়ে চিন্তা কৰে। শাস্ত্ৰৰ পৰা আমি যিবোৰ কথা আলোচনা কৰিলোঁ, সেইবোৰ মনত ৰাখিলে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব!—গীতমালা ৩৪:১৫; মথি ৭:৭-১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক