ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 অক্টোবৰ পৃষ্ঠা ২৯-৩১
  • ১৯২১—এশ বছৰৰ আগত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ১৯২১—এশ বছৰৰ আগত
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • সাহসী প্ৰচাৰক
  • অধ্যয়নৰ বাবে ধাৰাবাহিক
  • এখন নতুন কিতাপ!
  • বহুতো কাম বাকী আছিল
  • ১৯২২—এশ বছৰৰ আগত
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ১৯২৩—এশ বছৰৰ আগত
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 অক্টোবৰ পৃষ্ঠা ২৯-৩১

১৯২১—এশ বছৰৰ আগত

জানুৱাৰী ১, ১৯২১ চনৰ প্ৰহৰীদুৰ্গত বাইবেল বিদ্যাৰ্থীসকলক এটা প্ৰশ্ন সোধা হৈছিল, “এই বছৰত আমি কি কাম কৰিব লাগিব?” ইয়াৰ উত্তৰত যিচয়া ৬১:১, ২ পদটো উল্লেখ কৰিছিল। যʼত লিখা আছে, “নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে . . . যিহোৱাৰ অনুগ্ৰহ-বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ,” তেওঁ আমাক বাছনি কৰিছে। এই পদৰ যোগেদি তেওঁলোকক মনত পেলাই দিছিল যে তেওঁলোকে প্ৰচাৰ কামত ভাগ লʼব লাগিব।

সাহসী প্ৰচাৰক

প্ৰচাৰ কৰিবলৈ বাইবেল বিদ্যাৰ্থীসকলে সাহসী হোৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে নম্ৰ লোকসকলক “শুভবাৰ্ত্তা” শুনোৱাৰ লগতে দুষ্ট লোকসকলক ‘ঈশ্বৰৰ প্ৰতিফল দিয়া দিনৰ’ বিষয়েও ঘোষণা কৰিবলগীয়া আছিল।

কানাডাত থকা এজন ভাই জে. এচ. হচকনে বিৰোধৰ সত্ত্বেও প্ৰচাৰ কৰিলে। ১৯২১ চনত তেওঁ এজন পাদুৰিক লগ পাইছিল। কথা-বতৰা আৰম্ভ কৰাৰ আগতে ভাইজনে তেওঁক কৈছিল যে, “বাইবেলৰপৰা কথা পতাৰ সময়ত আমি তৰ্ক-বিতৰ্ক কৰা উচিত নহয়। আমি আৰামেৰে কথা পতা উচিত। যদি আমি কিবা বিষয়ত সন্মত নাই, তেনেহʼলে আমি শান্তিৰে কথা-বতৰা বন্ধ কৰা উচিত।” কিন্তু এইদৰে নহʼল। ভাইজনে কʼলে, “কিছু সময়ৰ পাছত পাদুৰিজনে ইমান জোৰেৰে দুৱাৰখনত মাৰিলে যে মোক এনে লাগিছিল যেন দুৱাৰখনৰ চিচা ভাঙি যাব।”

পাদুৰিজনে চিঞৰি কʼলে, “যোৱা, তোমালোকে এনে লোকসকলৰ লগত কথা পাতা, যিসকল খ্ৰীষ্টান নহয়।” ভাই হচকনক এইদৰে কʼবলৈ মন গৈছিল, “তুমিনো খ্ৰীষ্টান হয়নে? ব্যৱহাৰৰপৰা তেনেকুৱা লগা নাই।” কিন্তু তেওঁ এইদৰে কোৱা নাছিল।

পাছদিনাখন পাদুৰিজনে গীৰ্জাত ভাষণ দি ভাইজনৰ বিষয়ে বেয়াকৈ কʼলে। ভাই হচকনে কʼলে, “পাদুৰিজনে গীৰ্জাৰ লোকসকলক কৈছিল যে মই মিছলীয়া হয় আৰু মোক মাৰি পেলোৱা উচিত।” কিন্তু ভাইজনে ভয় নকৰিলে। তেওঁ প্ৰচাৰ কৰি থাকিল আৰু লোকসকলৰ লগতো তেওঁৰ ভাল কথা-বতৰা হʼল। তেওঁ এইদৰে কʼলে, “এই চহৰখনত প্ৰচাৰ কৰি মই বৰ আনন্দ লাভ কৰিলোঁ। কিছুমান লোকে মোৰ বিষয়ে এইদৰে কʼলে আমি জানোঁ যে তুমি ঈশ্বৰৰ কাম কৰি আছা আৰু তেওঁলোকে মোক প্ৰয়োজনীয় বস্তু দিবলৈও সাজু আছিল।”

অধ্যয়নৰ বাবে ধাৰাবাহিক

সত্যৰ প্ৰতি আগ্ৰহ থকা লোকসকলক সহায় কৰিবলৈ বাইবেল বিদ্যাৰ্থীসকলে সোণালী যুগ আলোচনীত কিছুমান ধাৰাবাহিক প্ৰকাশিত কৰিছিল।a যেনে, “সৰু আৰু ডেকা লʼৰা-ছোৱালীৰ বাইবেল অধ্যয়ন।” এই ধাৰাবাহিকত কিছুমান প্ৰশ্ন-উত্তৰ দিয়া হৈছিল। পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক এই প্ৰশ্নবোৰ সুধিছিল আৰু বাইবেলৰপৰা উত্তৰ বিচাৰিবলৈ তেওঁলোকক সহায় কৰিছিল। কিছুমান প্ৰশ্নৰপৰা তেওঁলোকে বাইবেলৰ কিছুমান সৰু-সুৰা কথা জানিব পাৰিছিল। যেনে, বাইবেলত কেইখন কিতাপ আছে। ডেকা লʼৰা-ছোৱালীসকলক সাহসী প্ৰচাৰক হʼবলৈ এনে কিছুমান প্ৰশ্ন সোধা হৈছিল, “সকলো খ্ৰীষ্টানে তাড়না সন্মুখীন হʼব লাগিবনে?”

যিসকল বাইবেল বিদ্যাৰ্থীৰ বাইবেলৰ বেছি জ্ঞান আছিল, তেওঁলোকৰ বাবে সোণালী যুগ আলোচনীত আৰু এটা ধাৰাবাহিক প্ৰকাশিত কৰিছিল। এই ধাৰাবাহিকৰ প্ৰশ্নৰ উত্তৰ শাস্ত্ৰ অধ্যয়ন কিতাপৰ প্ৰথম খণ্ডত দিয়া হৈছিল। এই ধাৰাবাহিকৰপৰা হাজাৰ হাজাৰ লোকে লাভৱান হৈছিল। ডিচেম্বৰ ২১, ১৯২১ চনত সোণালী যুগ আলোচনীত কোৱা হৈছিল যে এতিয়াৰেপৰা এই দুয়োটা ধাৰাবাহিক বন্ধ কৰা হʼব। কিয় বাৰু?

এখন নতুন কিতাপ!

দ্যা হাৰ্প অফ গড কিতাপ

কাৰ্ড, যʼত কিমান পৃষ্ঠা পঢ়িব লাগে লিখা আছে

প্ৰশ্নবোৰৰ কাৰ্ড

সংগঠনত নেতৃত্ব লোৱা ভাইসকলে অনুভৱ কৰিলে যে নতুন বাইবেল বিদ্যাৰ্থীসকলে এটা-এটাকৈ বাইবেলৰ সকলো বিষয়ে শিকা উচিত। সেইবাবে তেওঁলোকে নৱেম্বৰ ১৯২১ চনত দ্যা হাৰ্প অফ গড নামৰ ইংৰাজী কিতাপখন প্ৰকাশিত কৰিলে। যিসকলে এই কিতাপখন লৈছিল, তেওঁলোকক এটা কৰ্চ দিয়া হৈছিল। ইয়াৰ সহায়ত তেওঁলোকে নিজে অধ্যয়ন কৰিছিল আৰু তেওঁলোকে বুজি পাইছিল যে ঈশ্বৰে এই পৃথিৱীত লোকসকলক অনন্ত জীৱন দিব। এই কৰ্চত কি কি আছিল? আহক চাওঁ।

এজন ব্যক্তিয়ে যেতিয়া এই কিতাপখন লৈছিল, তেতিয়া তেওঁক এখন সৰু কাৰ্ড দিয়া হৈছিল। সেই কাৰ্ডখনত লিখা হৈছিল যে তেওঁ কিমান পৃষ্ঠা পঢ়িব লাগিব। ইয়াৰ পাছৰ সপ্তাহত তেওঁ আৰু এখন কাৰ্ড পাইছিল। সেই কাৰ্ডখনত তেওঁ যিমান পঢ়িলে তাৰ অনুসৰি প্ৰশ্ন সোধা হৈছিল। তাত এয়াও লিখা হৈছিল যে তেওঁ পাছৰ সপ্তাহত আৰু কিমান পঢ়িব লাগিব। এইদৰে ১২ সপ্তাহলৈকে চলিছিল।

এই কাৰ্ডখন তেওঁলোকে ডাকঘৰৰ যোগেদি পাইছিল। মণ্ডলীৰ বৃদ্ধ ভাই-ভনী বা ঘৰে-ঘৰে প্ৰচাৰলৈ যাব নোৱাৰা ভাই-ভনীসকলে এই কাৰ্ডখন তেওঁলোকক পঠিয়াইছিল। আমেৰিকাৰ এগৰাকী ভনী আনা কে. গাৰ্ডনৰে নিজৰ ভনীৰ বিষয়ে এইদৰে কʼলে, “মোৰ ভনাৰ নাম থেল হয় আৰু তাই খোজকাঢ়িব নোৱাৰে। যেতিয়া এই নতুন কিতাপখন আহিল, তেতিয়া তাইৰ ওচৰত বহুতো কাম আছিল। তাই প্ৰতিসপ্তাহে প্ৰশ্নবোৰৰ কাৰ্ড পঠিয়াইছিল। যেতিয়া এই কৰ্চ শেষ হয়, তেতিয়া আন কোনোবাই বিদ্যাৰ্থীক লগ কৰিবলৈ গৈছিল আৰু তেওঁক বাইবেলৰ বিষয়ে আৰু শিকাইছিল।”

থেল গাৰ্ডনৰ উইলচেয়াৰত আছে

বহুতো কাম বাকী আছিল

১৯২১ চনৰ শেষত, ভাই জে. এফ. ৰাডাৰফৰ্ডে সকলো মণ্ডলীলৈ এখন চিঠি লিখিছিল। সেই চিঠিখনত ভায়ে এইদৰে কৈছিল, “যোৱা বছৰৰ তুলনাত এই বছৰত বেছিভাগ লোকক শুভবাৰ্তা জনোৱা হʼল। কিন্তু এতিয়াও বহুতো কাম বাকী আছে। সেইবাবে, আনক এই কামত ভাগ লʼবলৈ উৎসাহিত কৰক।” বাইবেল বিদ্যাৰ্থীসকলে ভাইজনৰ এই কথা মানিলে। ১৯২২ চনত তেওঁলোকে সাহসেৰে আৰু বহুতো লোকক প্ৰচাৰ কৰিলে।

সাহসী বন্ধু

বাইবেল বিদ্যাৰ্থীসকলে এজনে-আনজনক প্ৰেম কৰিছিল। সেইবাবে, তেওঁলোকে সাহসেৰে এজনে-আনজনক সহায় কৰিছিল। এইদৰে তেওঁলোকে “দুৰ্দ্দশাৰ” সময়ত ভাইৰ নিচিনা হʼল। (হিতো. ১৭:১৭) আহক এটা ঘটনালৈ মন কৰোঁ।

মেʼ ৩১, ১৯২১ চনৰ মংগলবাৰ দিনাখন আমেৰিকাৰ টলচাৰ চহৰত জাতিক লৈ লোকসকলক হত্যা কৰা হৈছিল। কিয়নো এজন কʼলা বৰণৰ ব্যক্তিয়ে এগৰাকী বগা বৰণৰ তিৰোতাৰ লগত বেয়া ব্যৱহাৰ কৰিছিল বুলি তেওঁক অভিযোগ কৰিছিল। সেইবাবে, সেই কʼলা বৰণৰ ব্যক্তিক জেলত বন্দী কৰা হৈছিল। ইয়াৰ পাছত প্ৰায় ১০০০ কʼলা বৰণৰ লোকসকল আৰু বগা বৰণৰ লোকসকলৰ মাজত কাজিয়াৰ সৃষ্টি হʼল। লাহে লাহে এই কাজিয়া ডাঙৰ কাজিয়ালৈ পৰিণত হʼল আৰু এই কাজিয়া গ্ৰিনৱুটতো আৰম্ভ হʼল। এই কাজিয়াত ১,৪০০-তকৈ বেছি ঘৰ আৰু দোকানবোৰত লুট-পাত কৰা হৈছিল আৰু জুই জ্বলাই দিয়া হৈছিল। যদিও বাতৰিত ৩৬ জন লোকৰ মৃত্যু হʼল বুলি দেখুৱা হৈছিল, কিন্তু প্ৰকৃততে হয়তো ৩০০ জন লোকৰ মৃত্যু হৈছিল।

সেই দিনাখন কি হৈছিল, তাৰ বিষয়ে গ্ৰিনৱুটত থকা কʼলা বৰণৰ বাইবেল বিদ্যাৰ্থী ভাই ৰিৰ্চট জে. হিলে এইদৰে কৈছে, “সেই দিনাখন আমাৰ সভা আছিল। সভা শেষ হোৱাৰ পাছত আমি চহৰত বন্দুকৰ শব্দ শুনিবলৈ পালোঁ আৰু এই শব্দ গোটেই ৰাতি শুনিবলৈ পালোঁ।” পাছ দিনাখন পৰিস্থিতি আৰু বেয়ালৈ ঢাল খালে। ভাই হিলে এইদৰে কৈছে, “কিছুমান লোকে আমাৰ ঘৰলৈ আহিলে আৰু তেওঁলোকে আমাক কʼলে যে যদি আমি ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি এখন চৰকাৰী ঘৰত যাব লাগিব।” ভাই হিলে নিজৰ পত্নী আৰু পাঁচজন সন্তানক লৈ তালৈ গʼল। তাত প্ৰায় ৩০০০ কʼলা বৰণৰ লোক গোট খাইছিল। তেওঁলোকক ৰক্ষা কৰিবলৈ আৰু কাজিয়া বন্ধ কৰিবলৈ চৰকাৰে কিছুমান সৈনিকক পঠিয়াইছিল।

সেইসময়ত এজন বগা বৰণৰ ভাই আৰ্থৰ ক্লʼজে সাহসৰ কাম কৰিলে। তেওঁ এইদৰে কৈছে, “যেতিয়া মই গম পালোঁ যে গ্ৰীনৱুটত লোকসকলে লুট-পাত কৰিছে আৰু ঘৰবোৰ জ্বলাই দিছে, তেতিয়া মই নিৰ্ণয় লʼলোঁ যে মই নিজৰ বন্ধু হিলৰ ওচৰলৈ যাম আৰু তেওঁ আৰু তেওঁৰ পৰিয়াল ভালেই আছে নে নাই, তাৰ খবৰ লʼম।”

ভাই আৰ্থৰ ক্লʼজে দ্যা হাৰ্প অফ গড কিতাপখনপৰা ১৪ জন লʼৰা-ছোৱালীক শিকালে

ভাই ক্লʼজে যেতিয়া ভাই হিলৰ ঘৰলৈ গৈ পালে, তেতিয়া তেওঁ দেখিলে যে এজন বগা বৰণৰ ব্যক্তিয়ে বন্দুক লৈ থিয় হৈ আছে। সেই ব্যক্তিজন প্ৰকৃততে ভাই হিলৰ চুবুৰীয়া আৰু বন্ধু আছিল। তেওঁ ভাবিছিল যে ভাই ক্লʼজ কাজিয়া কৰা লোকসকলৰ মাজৰ এজন হয়। সেইবাবে, তেওঁ চিঞৰি এইদৰে সুধিছিল, “তুমি ইয়াত কি কৰিছা?”

ভাই ক্লʼজে এইদৰে কৈছে, “সেই ব্যক্তিজনে মোক মাৰিবলৈ সাজু আছিল। সেইবাবে, মই তেওঁক বাৰে বাৰে কʼলোঁ যে মই ভাই হিলৰ বন্ধু হয়। মই বহুবাৰ তেওঁৰ ঘৰত আহিছোঁ।” ইয়াৰ পাছত ভাই ক্লʼজ আৰু সেই ব্যক্তিজনে মিলি ভাই হিলৰ ঘৰখন ৰক্ষা কৰিলে।

কিছুসময়ৰ পাছত ভাই ক্লʼজে গম পালে যে ভাই হিল আৰু তেওঁৰ পৰিয়াল এখন চৰকাৰী ঘৰত আছে। তেওঁ এয়াও জানিব পাৰিলে যে কোনো কʼলা বৰণৰ ব্যক্তিক তাৰপৰা বাহিৰলৈ উলিয়াই আনিবলৈ জেনেৰেল বেৰিটৰপৰা অনুমতি লʼব লাগিব। ভাই ক্লʼজে এইদৰে কৈছে, “সেই জেনেৰেলজনক লগ কৰাটো কঠিন আছিল। কিন্তু যেতিয়া মই তেওঁক লগ পালোঁ, তেতিয়া মই তেওঁক জনালোঁ যে মই ভাই হিল আৰু তেওঁৰ পৰিয়ালক নিজৰ লগত লৈ যাব বিচাৰিছোঁ। জেনেৰেলজনে মোৰ এইদৰে সুধিছিল, ‘তুমি তেওঁৰ পৰিয়ালৰ চোৱা-চিতা কৰাৰ দায়িত্ব লʼবানে?’ মই আনন্দেৰে হয় বুলি কʼলোঁ।”

তাৰ পাছত জেনেৰেলজনে ভাইজনক অনুমতি দিলে আৰু এখন নথিপত্ৰত চহী কৰি দিলে। ভাই ক্লʼজে সেই নথিপত্ৰখন লৈ চৰকাৰী ঘৰখনলৈ গʼল। যেতিয়া তেওঁ সেই নথিপত্ৰখন তাত থকা অফিচাৰজনক দেখুৱালে, তেতিয়া অফিচাৰে এইদৰে কʼলে, “এই নথিপত্ৰখনত জেনেৰেলে নিজে চহী কৰিছে। তুমি জানানে ইয়াৰপৰা কাৰোবাক লৈ যোৱাটো তুমি প্ৰথম ব্যক্তি হয়।” তাৰ পাছত ভাই হিল আৰু তেওঁৰ পৰিয়ালক বিচাৰিবলৈ অফিচাৰে ভাই ক্লʼজক সহায় কৰিলে। ইয়াৰ পাছত ভাই ক্লʼজে তেওঁলোকক নিজৰ গাড়ীত বহালে আৰু তেওঁলোকৰ ঘৰত এৰি দিলে।

“ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱে সমান হয়”

ভাই ক্লʼজে ধ্যান দিলে যে ভাই হিলৰ পৰিয়ালৰ যাতে কোনো বিপদ নহয়। তেওঁ ভাই হিল আৰু তেওঁৰ পৰিয়ালৰ বাবে যিদৰে প্ৰেম আৰু সাহস দেখুৱালে, সেয়া দেখি আনক বহুত ভাল লাগিল। ভাই ক্লʼজে এইদৰে কৈছে, “যিজন চুবুৰীয়াই ভাই হিলৰ ঘৰখন ৰক্ষা কৰিবলৈ মোৰ সহায় কৰিছিল, তেওঁ বাইবেল বিদ্যাৰ্থীসকলক আৰু সন্মান কৰিবলৈ ধৰিলে। যেতিয়া বহুতোলোকে দেখিলে যে আমি ৰঙক লৈ কোনো পক্ষপাত নকৰোঁ আৰু আমি এয়া বিশ্বাস কৰোঁ যে ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱে সমান, তেতিয়া তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জানিবলৈ বিচাৰিলে।”

a ১৯৩৭ চনত সোণালী যুগ আলোচনীৰ নাম সলনি কৰি শান্ত্বনা ৰখা হʼল। ইয়াৰ পাছত ১৯৪৬ চনত ইয়াৰ নাম সচেতন থাকক! ৰখা হʼল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক