ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 জানুৱাৰী পৃষ্ঠা ২০-২৫
  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • অভিষিক্ত খ্ৰীষ্টানসকলে কিয় উপস্থিত হয়
  • অন্য মেৰৰ লোকসকলে কিয় উপস্থিত হয়
  • স্মৰণীয় দিনত উপস্থিত হোৱাৰ আৰু কিছুমান কাৰণ
  • স্মৰণীয় দিনত উপস্থিত হোৱাৰ লাভ
  • বৰ লোকসমূহে যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • প্ৰভুৰ ভোজ পৰ্ব্বটোৱে আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 জানুৱাৰী পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ৪

আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?

“মোক সুৱিৰবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.

গীত ২০ তুমি নিজৰ প্ৰিয় পুত্ৰ দিয়া

লেখৰ এক আভাসa

১-২. (ক) আমাৰ মৃত্যু হোৱা আপোনজনাক আমি বিশেষকৈ কেতিয়া মনত পেলাওঁ? (খ) যীচুৱে মৃত্যুৰ আগনিশাত কি কৰিছিল?

আমাৰ আপোনজনাৰ মৃত্যু হোৱা বহুবছৰ হʼলেও, আমি তেওঁলোকক কেতিয়াও পাহৰি নাযাওঁ। বিশেষকৈ যি তাৰিখে তেওঁলোকৰ মৃত্যু হৈছিল, সেই তাৰিখে আমি তেওঁলোকক মনত পেলাওঁ।

২ যীচু আমাৰ বাবে বৰ বিশেষ আছিল, সেইবাবে প্ৰতিবছৰে তেওঁৰ মৃত্যুৰ দিনাখন আমি তেওঁক মনত পেলাওঁ। গোটেই পৃথিৱীত লাখ লাখ লোকে আমাৰ লগত মিলি যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰে। (১ পিত. ১:৮) আমি এইদৰে কৰাৰ কাৰণ হৈছে যীচুৱে আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিবলৈ নিজৰ জীৱন মুক্তিপণস্বৰূপে বলিদান দিলে। (মথি ২০:২৬) ইয়াৰ লগতে যীচুৰ শিষ্যসকলে তেওঁৰ মৃত্যুৰ দিন মনত ৰখাটো যীচুৱে বিচাৰিছিল। সেইবাবে, নিজৰ মৃত্যুৰ আগনিশা তেওঁ এটা বিশেষ ভোজৰ আৰম্ভ কৰিলে আৰু নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দিলে, “মোক সুৱিৰবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৩ যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰা লোকসকলৰ মাজৰ কিছুমান লোক অভিষিক্ত খ্ৰীষ্টান হয়, অৰ্থাৎ তেওঁলোকৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে। কিন্তু বেছিভাগ লোকৰ এই পৃথিৱীতে জীয়াই থকাৰ আশা আছে। এই লেখত আমি আলোচনা কৰিম যে এই দুয়োটা সমূহে প্ৰতিবছৰে স্মৰণীয় দিন কিয় পালন কৰে। আমি এয়াও শিকিম যে স্মৰণীয় দিনত উপস্থিত হʼলে আমাৰ কি লাভ হয়। এতিয়া আহক প্ৰথমে চাওঁ যে অভিষিক্ত খ্ৰীষ্টানে স্মৰণীয় দিনত কিয় উপস্থিত হয়।

অভিষিক্ত খ্ৰীষ্টানসকলে কিয় উপস্থিত হয়

৪. অভিষিক্ত খ্ৰীষ্টানসকলে স্মৰণীয় দিনত কিয় পিঠা আৰু দ্ৰাক্ষাৰস খায়?

৪ প্ৰতিবছৰে অভিষিক্ত খ্ৰীষ্টানে স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস খাবলৈ তাত উপস্থিত হয়। কিয় বাৰু? ইয়াৰ উত্তৰ জানিবলৈ আহক মন কৰোঁ যে যীচুৰ মৃত্যুৰ আগনিশা কি হৈছিল। নিস্তাৰ পৰ্ব পালন কৰাৰ পাছত যীচুৱে এটি ভোজৰ আৰম্ভ কৰিছিল, যাক প্ৰভুৰ ভোজ বুলি কোৱা হয়। তেওঁ নিজৰ ১১ জন বিশ্বাসী পাঁচনিক পিঠা আৰু দ্ৰাক্ষাৰস খাবলৈ কʼলে। যীচুৱে তেওঁলোকক দুটা চুক্তিৰ বিষয়ে কʼলে। নতুন চুক্তি আৰু ৰাজ্যৰ চুক্তি।b (লূক ২২:১৯, ২০, ২৮-৩০) এই চুক্তিৰ বাবে ১,৪৪,০০০ জন লোকে স্বৰ্গত ৰজা আৰু পুৰোহিত হোৱাৰ সুযোগ লাভ কৰিছে। (প্ৰকা. ৫:১০; ১৪:১) সেইবাবে, কেৱল সেই লোকসকলে পিঠা আৰু দ্ৰাক্ষাৰস খাই, যিসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে।

৫. অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ আশাৰ বিষয়ে কি জানে?

৫ অভিষিক্ত খ্ৰীষ্টানসকলে আৰু এটা কাৰণৰ বাবে স্মৰণীয় দিনত উপস্থিত হয়। স্মৰণীয় দিনত উপস্থিত হৈ তেওঁলোকে নিজৰ আশাৰ বিষয়ে ভাবিব পাৰে। তেওঁলোকে এক সুন্দৰ আশা পাইছে। যিহোৱাই তেওঁলোকক স্বৰ্গত অমৰ জীৱন আৰু অক্ষয় শৰীৰ দিব। তেওঁলোকে যীচু আৰু যিসকল অভিষিক্ত খ্ৰীষ্টান স্বৰ্গলৈ গুচি গʼল, তেওঁলোকৰ লগত মিলি সেৱা কৰিবলৈ পাব আৰু যিহোৱাক নিজ চকুৰে চাবলৈ পাব। (১ কৰি. ১৫:৫১-৫৩; ১ যোহ. ৩:২) অভিষিক্ত খ্ৰীষ্টানসকলে জানে যে যদি তেওঁলোকে মৃত্যুলৈকে বিশ্বাসী হৈ থাকে, তেতিয়াহে তেওঁলোকে এই জীৱন লাভ কৰিব। (২ তীম. ৪:৭, ৮) স্মৰণীয় দিনত অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ আশাৰ বিষয়ে ভাবি আনন্দ লাভ কৰে। (তীত ২:১৩) কিন্তু ‘অন্য মেৰৰ’ লোকসকলে কিয় স্মৰণীয় দিনত উপস্থিত হয়? (যোহ. ১০:১৬) আহক ইয়াৰ কিছুমান কাৰণৰ বিষয়ে মন কৰোঁ।

অন্য মেৰৰ লোকসকলে কিয় উপস্থিত হয়

৬. অন্য মেৰৰ লোকসকলে স্মৰণীয় দিনত কিয় উপস্থিত হয়?

৬ অন্য মেৰৰ লোকসকলে পিঠা আৰু দ্ৰাক্ষাৰস নাখায়। তেওঁলোকে স্মৰণীয় দিনত কেৱল উপস্থিতহে হয়। ইমানতে তেওঁলোকে আনন্দিত হয়। ১৯৩৮ চনত প্ৰথমবাৰ তেওঁলোকক স্মৰণীয় দিনত নিমন্ত্ৰণ কৰা হৈছিল। মাৰ্চ ১, ১৯৩৮ চনৰ প্ৰহৰীদুৰ্গত (ইংৰাজী) কোৱা হৈছিল যে “অন্য মেৰৰ লোকসকলেও এই সভাত উপস্থিত হোৱা উচিত আৰু স্মৰণীয় দিন কেনেকৈ পালন কৰা হয়, সেয়া চোৱা উচিত। . . . এয়া তেওঁলোকৰ বাবেও আনন্দৰ দিন হয়।” বিয়াত উপস্থিত হৈ আলহীয়ে যেনেকৈ আনন্দিত হয়, ঠিক সেইদৰে স্মৰণীয় দিনত উপস্থিত হৈ অন্য মেৰৰ লোকসকলে আনন্দ লাভ কৰে।

৭. অন্য মেৰৰ লোকসকলে স্মৰণীয় দিনৰ ভাষণ শুনিবলৈ কিয় ভাল পায়?

৭ অভিষিক্ত খ্ৰীষ্টানসকলৰ দৰে অন্য মেৰৰ লোকসকলেও স্মৰণীয় দিনত নিজৰ আশাৰ বিষয়ে ভাবিব পাৰে। স্মৰণীয় দিনৰ ভাষণত এই কথাৰ ওপৰত ধ্যান দিয়া হৈ যে যীচু আৰু তেওঁৰ ১,৪৪,০০০ জন সংগী ৰজাই হাজাৰ বছৰৰ সময়ছোৱাত মানুহৰ বাবে কি কি কৰিব। তেওঁলোকে এই পৃথিৱীখন ধুনীয়া বাগিচালৈ পৰিৱৰ্তন কৰিব আৰু মানুহক লাহে লাহে সিদ্ধ কৰি তুলিব। যেতিয়া স্মৰণীয় দিনত অন্য মেৰৰ লোকসকলে যিচয়া ৩৫:৫, ৬; ৬৫:২১-২৩; আৰু প্ৰকাশিত বাক্য ২১:৩, ৪ পদত দিয়া ভৱিষ্যতবাণীবোৰৰ বিষয়ে কল্পনা কৰে, তেতিয়া তেওঁলোকে বহুত আনন্দিত হয়। তেওঁলোকৰ আশা আৰু মজবুত হয়। ইয়াৰ লগতে তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিবলৈ আৰু উৎসাহিত হয়।—মথি ২৪:১৩; গালা. ৬:৯.

৮. অন্য মেৰৰ লোকসকলে আৰু কি কাৰণৰ বাবে স্মৰণীয় দিনত উপস্থিত হয়?

৮ অন্য মেৰৰ লোকসকলে আৰু এটা কাৰণৰ বাবে স্মৰণীয় দিনত উপস্থিত হয়। তেওঁলোকে অভিষিক্ত খ্ৰীষ্টানক প্ৰেম কৰে আৰু তেওঁলোকক সহযোগ কৰিব বিচাৰে। এই দুয়োটা সমূহৰ মাজত গভীৰ সম্পৰ্ক হʼব বুলি বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল। আহক কিছুমান ভৱিষ্যতবাণীৰ ওপৰত মন কৰোঁ।

৯. জখৰিয়া ৮:২৩ পদৰ ভৱিষ্যতবাণীৰপৰা অন্য মেৰ আৰু অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজৰ সম্পৰ্কৰ বিষয়ে কি জানিব পাৰি?

৯ জখৰিয়া ৮:২৩ পঢ়ক। এই ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে অন্য মেৰৰ লোকসকলে অভিষিক্ত খ্ৰীষ্টানসকলক প্ৰেম কৰে। ইয়াত “এজন যিহূদী” আৰু “তোমালোকৰ” বুলি অভিষিক্ত খ্ৰীষ্টানসকলক কোৱা হৈছে। (ৰোম. ২:২৮, ২৯) ‘আটাই ভাষা কব পৰা দহ জন লোক’ বুলি অন্য মেৰৰ লোকসকলক কোৱা হৈছে। তেওঁলোকে ‘যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰে’ ইয়াৰ অৰ্থ হৈছে অন্য মেৰৰ লোকসকলে অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত মিলি শুদ্ধ উপাসনা কৰে। সেইবাবে, তেওঁলোকে অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত মিলি স্মৰণীয় দিনো পালন কৰে।

১০. যিহোৱাই যিহিষ্কেল ৩৭:১৫-১৯, ২৪, ২৫ পদত দিয়া ভৱিষ্যতবাণী কেনেকৈ পূৰ কৰিলে?

১০ যিহিষ্কেল ৩৭:১৫-১৯, ২৪, ২৫ পঢ়ক। এই পদবোৰৰপৰা বুজিব পাৰি যে অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰৰ লোকসকলৰ মাজত একতা আছে। ভৱিষ্যতবাণীত দুডাল কাঠৰ বিষয়ে উল্লেখ আছে। এডাল কাঠ “যিহূদাৰ” বাবে (যি ফৈদৰপৰা ইস্ৰায়েলৰ ৰজা বাছনি কৰা হৈছিল) আৰু আনডাল “ইফ্ৰয়িমৰ” বাবে।c “যিহূদাৰ” কাঠডাল সেই লোকসকলক চিত্ৰিত কৰে, যিসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে আৰু “ইফ্ৰয়িমৰ” কাঠডালে পৃথিৱীত জীয়াই থাকিবলৈ আশা ৰখা লোকসকলক চিত্ৰিত কৰে। ভৱিষ্যতবাণীৰ অনুসৰি যিহোৱাই এই দুডাল কাঠক ‘লগ লগাই এডাল’ কৰিব, অৰ্থাৎ এই দুয়োটা সমূহক এক কৰিব। তেওঁলোকে একেলগে মিলি এজন ৰজা অৰ্থাৎ যীচুৰ অধীনত থাকি সেৱা কৰিব। প্ৰতিবছৰে যেতিয়া অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰৰ লোকসকলে স্মৰণীয় দিনত উপস্থিত হয়, তেতিয়া তেওঁলোকে বেলেগ বেলেগ সমূহ হিচাপে নহয়, “একেটা জাক” হিচাপে উপস্থিত হয়, যাৰ “একেজন ৰখীয়া” আছে।—যোহ. ১০:১৬.

১১. মথি ২৫:৩১-৩৬, ৪০ পদত কোৱা ‘মেৰে’ খ্ৰীষ্টৰ ভাই অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকলক কেনেকৈ সহযোগ কৰে?

১১ মথি ২৫:৩১-৩৬, ৪০ পঢ়ক। যীচুৱে উদাহৰণত কোৱা ‘মেৰ’ সেই ধাৰ্মিক লোকসকল হয়, যিসকলে বৰ্তমান সময়ত জীয়াই আছে আৰু যিসকলৰ এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে, অৰ্থাৎ তেওঁলোক অন্য মেৰৰ লোক হয়। তেওঁলোকে গোটেই পৃথিৱীত প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত খ্ৰীষ্টৰ ভাই অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকলক সহযোগ কৰে।—মথি ২৪:১৪; ২৮:১৯, ২০.

১২-১৩. অন্য মেৰৰ লোকসকলে আৰু কি কি উপায়েৰে খ্ৰীষ্টৰ ভাইসকলক সহযোগ কৰে?

১২ প্ৰতিবছৰে স্মৰণীয় দিনৰ কিছু সপ্তাহৰ আগত গোটেই পৃথিৱীত এখন অভিযান ৰখা হয়। অন্য মেৰৰ লোকসকলে এই অভিযানত ভাগ লয় আৰু আগ্ৰহ দেখুৱা লোকসকলক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ কৰে। এইদৰে তেওঁলোকে খ্ৰীষ্টৰ ভাইক সহযোগ কৰে। (“আপুনি সাজু আছেনে?” নামৰ বক্স পঢ়ক।) যদিও বহুতো মণ্ডলীত অভিষিক্ত খ্ৰীষ্টানসকল নাই, তথাপি অন্য মেৰৰ লোকসকলে স্মৰণীয় দিন পালন কৰে আৰু পিঠা আৰু দ্ৰাক্ষাৰসৰ ব্যৱস্থা কৰে। এইদৰে খ্ৰীষ্টৰ ভাইসকলক সহযোগ কৰি তেওঁলোকে বহুত আনন্দিত হয়। তেওঁলোকে জানে যে যেতিয়া তেওঁলোকে খ্ৰীষ্টৰ ভাইসকলক সহযোগ কৰে, তেতিয়া তেওঁলোকে যীচুক সহযোগ কৰাৰ দৰে হয়।—মথি ২৫:৩৭-৪০.

১৩ স্মৰণীয় দিনত উপস্থিত হোৱাৰ আৰু কাৰণ আছে। আহক ইয়াৰ বিষয়ে চাওঁ।

প্ৰভু ভোজৰ সময়ছোৱাত যীচু আৰু তেওঁৰ বিশ্বাসী সেৱকসকলে মেজত হাতখন আঁউজি বহি আছে।

আপুনি সাজু আছেনে?

স্মৰণীয় দিনৰ আগতে

  • স্মৰণীয় দিনৰ অভিযানত লোকসকলক নিমন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণভাৱে ভাগ লওক। আপুনি কোন লোকসকলক মাতিব বিচাৰিছে, তেওঁলোকৰ এখন তালিকা বনাওক।

  • আপুনি মাৰ্চ আৰু এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰিবনে? ইয়াৰ বিষয়ে আপুনি প্ৰাৰ্থনা কৰক।

  • স্মৰণীয় দিন, মুক্তিপণ স্বৰূপ বলিদান আৰু যিহোৱা আৰু যীচুৰ প্ৰেমৰ বিষয়ে উল্লেখ থকা লেখ পঢ়ক। উদাহৰণস্বৰূপে, আপুনি যিহোৱাৰ কাষ চাপক (হিন্দী) কিতাপখনৰ ১৪ আৰু ২৩ অধ্যায় আৰু “আহাঁ, মোৰ পাছে পাছে চলাহি” (হিন্দী) কিতাপখনৰ ১৭ অধ্যায় পঢ়িব পাৰে।

  • দৈনিক পাঠত দিয়া স্মৰণীয় দিনৰ লগত জড়িত বাইবেল পদবোৰ পঢ়ক। পৃথিৱীত যীচুৰ শেষ সপ্তাহ, তেওঁৰ মৃত্যু আৰু তেওঁ জীৱিত হোৱাৰ বিষয়ে পঢ়ক আৰু ধ্যান কৰক।

স্মৰণীয় দিনাখন সন্ধিয়া

  • সোনকালে আহি নতুন লোকসকল আৰু নিষ্ক্ৰীয় ভাই-ভনীসকলক আদৰণি জনাওক।

  • মনোযোগেৰে ভাষণ শুনক আৰু যেতিয়া বাইবেল পদবোৰ কয়, তেতিয়া নিজৰ বাইবেল খুলি সেই পদবোৰ পঢ়ক।

  • স্মৰণীয় দিনৰ সভাৰ পাছত নতুন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। যদি তেওঁ কিবা সোধে, তেন্তে তাৰ উত্তৰ দিয়ক। যদি তেওঁ আগ্ৰহ দেখুৱায়, তেনেহʼলে পাছত তেওঁক লগ কৰিবলৈ যাওক বা আন কাৰোবাক লগ কৰিবলৈ কওক।

স্মৰণীয় দিনৰ পাছত

আগ্ৰহ দেখুৱা লোকসকলক লগ কৰক আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ ব্ৰচাৰখনৰপৰা অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক।

এহাল দম্পতীয়ে এজন ব্যক্তিক লগ কৰিছে আৰু তেওঁক “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখন দিছে।

স্মৰণীয় দিনত উপস্থিত হোৱাৰ আৰু কিছুমান কাৰণ

১৪. যিহোৱা আৰু যীচুৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ কি হয়?

১৪ আমি যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ। যিহোৱাই আমাক প্ৰেম কৰে বুলি বহুতো উপায়েৰে দেখুৱালে। তেওঁৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে তেওঁ নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক আমাৰ বাবে বলিদান দিলে। (যোহ. ৩:১৬) যীচুৱেও আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ আনন্দেৰে নিজৰ জীৱন আমাৰ বাবে বলিদান দিলে। (যোহ. ১৫:১৩) যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি কৰিলে, সেয়া আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। কিন্তু আমি নিজৰ জীৱন-যাপনৰপৰা দেখুৱাব পাৰোঁ যে আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। (কল. ৩:১৪, ১৫) স্মৰণীয় দিনত উপস্থিত থাকিও আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ আৰু আমি তেওঁলোকক প্ৰেম কৰোঁ বুলিও দেখুৱাব পাৰোঁ।

১৫. অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰৰ লোকসকলে মুক্তিপণস্বৰূপ বলিদানক কিয় মূল্যৱান বুলি গণ্য কৰে?

১৫ মুক্তিপণস্বৰূপ বলিদানক আমি মূল্যৱান বুলি গণ্য কৰোঁ। (মথি ২০:২৬) অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে মুক্তিপণস্বৰূপ বলিদান অতি মূল্যৱান হয়, কিয়নো ইয়াৰ বাবে তেওঁলোকে এক সুন্দৰ আশা লাভ কৰিছে। মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে যিহোৱাই তেওঁলোকক ধাৰ্মিক বুলি গণ্য কৰিছে আৰু নিজৰ পুত্ৰ হিচাপে তুলি লৈছে। (ৰোম. ৫:১; ৮:১৫-১৭, ২৩) অন্য মেৰৰ লোকসকলেও মুক্তিপণস্বৰূপ বলিদানক মূল্যৱান বুলি গণ্য কৰে। মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে তেওঁলোক ঈশ্বৰৰ দৃষ্টিত শুদ্ধ হʼব পাৰে, তেওঁৰ পবিত্ৰ সেৱা কৰিব পাৰে আৰু তেওঁলোকে “মহা-ক্লেশৰ পৰা” ওলাই অহাৰ আশা লাভ কৰে। (প্ৰকা. ৭:১৩-১৫) অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰ এই দুয়োটা সমুহে মুক্তিপণৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এটা উপায় হৈছে প্ৰতিবছৰে স্মৰণীয় দিনত উপস্থিত থকা।

১৬. আমি আৰু কি কাৰণৰ বাবে স্মৰণীয় দিনত উপস্থিত হওঁ?

১৬ আমি যীচুৰ আজ্ঞা পালন কৰিব বিচাৰোঁ। যেতিয়া যীচুৱে স্মৰণীয় দিনৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ এইদৰে আজ্ঞা দিছিল, “মোক সুঁৱিৰবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা।” (১ কৰি. ১১:২৩, ২৪) আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ হওক বা পৃথিৱীত, আমি সকলোৱে যীচুৰ এই আজ্ঞা পালন কৰিব বিচাৰোঁ।

স্মৰণীয় দিনত উপস্থিত হোৱাৰ লাভ

১৭. স্মৰণীয় দিনত উপস্থিত হোৱাৰ বাবে আমি কেনেকৈ যিহোৱাৰ আৰু কাষ চাপিব পাৰোঁ?

১৭ আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ। (যাকো. ৪:৮) যেতিয়া আমি স্মৰণীয় দিনত উপস্থিত হওঁ, তেতিয়া যিহোৱাই আমাক কিমান ভাল আশা দিছে আৰু তেওঁ আমাক কিমান প্ৰেম কৰে, তাৰ বিষয়ে আমি ভাবিব পাৰোঁ। (যিৰি. ২৯:১১; ১ যোহ. ৪:৮-১০) এই কথাৰ প্ৰতি গভীৰভাৱে চিন্তা কৰিলে যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম বাঢ়ে আৰু তেওঁৰ লগত থকা আমাৰ সম্পৰ্ক আৰু ঘনিষ্ঠ হৈ পৰে।—ৰোম. ৮:৩৮, ৩৯.

১৮. যীচুৰ বিষয়ে ধ্যান কৰিলে আমি কি কৰিবলৈ উৎসাহিত হওঁ?

১৮ আমি যীচুৰ উদাহৰণ অনুকৰণ কৰিবলৈ উৎসাহিত হওঁ। (১ পিত. ২:২১) পৃথিৱীত যীচুৰ শেষ সপ্তাহৰ বিষয়ে, তেওঁৰ মৃত্যুৰ বিষয়ে আৰু তেওঁ জীৱিত হোৱাৰ বিষয়ে আমি স্মৰণীয় দিনৰ আগতে পঢ়োঁ আৰু ধ্যান কৰোঁ। তাৰ পাছত স্মৰণীয় দিনাখন সন্ধিয়া যি ভাষণ দিয়া হয়, সেই ভাষণত আমাক মনত পেলাই দিয়া হয় যে যীচুৱে আমাক কিমান প্ৰেম কৰে। (ইফি. ৫:২; ১ যোহ. ৩:১৬) ইয়াৰপৰা ‘যীচুৱে যেনে আচৰণ কৰিলে, আমিও তেনে আচৰণ’ কৰিবলৈ উৎসাহিত হওঁ।—১ যোহ. ২:৬.

১৯. ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ আমি কি কৰা উচিত?

১৯ ঈশ্বৰৰ প্ৰেমত নিজক ৰাখিবলৈ আমাৰ ইচ্ছা আৰু মজবুত হয়। (যিহূ. ২০, ২১) যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেওঁৰ নাম পবিত্ৰ কৰোঁ আৰু তেওঁৰ হৃদয়ক আনন্দিত কৰোঁ, তেনেহʼলে আমি তেওঁৰ প্ৰেমত নিজকে ৰাখিব পাৰিম। (হিতো. ২৭:১১; মথি ৬:৯; ১ যোহ. ৫:৩) স্মৰণীয় দিনত উপস্থিত হʼলে আমি প্ৰতিদিনে যিহোৱাৰ ইচ্ছা অনুসৰি জীৱন-যাপন কৰিবলৈ উৎসাহিত হওঁ আৰু যিহোৱাক আমি এইদৰে কʼব পাৰিম যে ‘মই সদায় আপোনাৰ প্ৰেমত থাকিব বিচাৰোঁ!’

২০. আমি কিয় স্মৰণীয় দিনত উপস্থিত হোৱা উচিত?

২০ আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ হওক বা পৃথিৱীত, আমি সকলোৱে প্ৰতিবছৰে স্মৰণীয় দিনত উপস্থিত হোৱা উচিত। যীচুৱে আমাৰ বাবে কিয় নিজৰ জীৱন বলিদান দিলে, তাৰ বিষয়ে স্মৰণীয় দিনত আমি মনত পেলাওঁ। আমি এয়াও মনত পেলাওঁ যে যিহোৱাই নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দি প্ৰমাণ কৰিলে যে তেওঁ আমাক কিমান প্ৰেম কৰে। এই বছৰত স্মৰণীয় দিন এপ্ৰিল ১৫, ২০২২ চনৰ শুক্ৰবাৰে সন্ধিয়া পালন কৰা হʼব। আমি যিহোৱা আৰু যীচুক বহুত প্ৰেম কৰোঁ, সেইবাবে আহক আমি যিকোনো পৰিস্থিতিতো স্মৰণীয় দিনত উপস্থিত হওঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • অভিষিক্ত খ্ৰীষ্টানসকল কিয় স্মৰণীয় দিনত উপস্থিত হয়?

  • অন্য মেৰৰ লোকসকলে কিয় স্মৰণীয় দিনত উপস্থিত হয়?

  • স্মৰণীয় দিনত উপস্থিত হʼলে কি লাভ হয়?

গীত ১৬ অভিষিক্ত পুত্ৰসকলৰ বাবে যিহোৱাৰ প্ৰশংসা কৰক!

a আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ হওক বা পৃথিৱীত, আমি সকলোৱে প্ৰতিবছৰে স্মৰণীয় দিনৰ বাবে অতি আগ্ৰহেৰে বাট চাই থাকোঁ। আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ আৰু এইদৰে কৰিলে কি লাভ হয়, তাৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব।

b নতুন চুক্তি আৰু ৰাজ্যৰ চুক্তিৰ বিষয়ে বেছিকৈ জানিবলৈ অক্টোবৰ ১৫, ২০১৪ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী) ১৫-১৭ পৃষ্ঠাত দিয়া “তোমালোক ‘ৰাজকীয় পুৰোহিত’ হʼবা” লেখটো পঢ়ক।

c এই ভৱিষ্যতবাণীৰ বিষয়ে বেছিকৈ জানিবলৈ গোটেই পৃথিৱীত যিহোৱাৰ শুদ্ধ উপাসনাৰ পুনৰ আৰম্ভণি! (হিন্দী) কিতাপৰ ১৩০-১৩৫ পৃষ্ঠাৰ অনুচ্ছেদ ৩-১৭ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক