ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 জুলাই পৃষ্ঠা ২-৭
  • ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কেতিয়া আৰম্ভ হʼল
  • যীচুৱে স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে বুলি আমি কিয় কʼব পাৰোঁ?
  • ঈশ্বৰৰ ৰাজ্যই নিজৰ শত্ৰুসকলক কেনেকৈ ধ্বংস কৰিব?
  • যিহোৱাই আপোনাক ৰক্ষা কৰিব বুলি ভৰসা কৰক
  • বাইবেলৰ ভৱিষ্যতবাণীৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 জুলাই পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ২৮

ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!

“এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হল।”—প্ৰকা. ১১:১৫.

গীত ২২ স্বৰ্গত ৰাজ্য আৰম্ভ হʼল—এতিয়া পৃথিৱীত হওক, এই প্ৰাৰ্থনা!

লেখৰ এক আভাসa

১. (ক) আজি কি কি ভৱিষ্যতবাণী পূৰ হৈ আছে? (খ) এইবোৰে কি প্ৰমাণ কৰে?

আজি জগতত যদি আমি চাওঁ, তেনেহʼলে সকলো পৰিয়ালতে হাই-কাজিয়া হয়। লোকসকলে প্ৰতিটো কথাতে খং কৰে আৰু কথাৰ প্ৰতি মাৰ-পিট কৰে। লোকসকল স্বাৰ্থপৰ হৈ পৰিছে। অধিকাৰীসকলে লোকসকলৰ লগত বিশ্বাসঘাত কৰিছে। সেইবাবে লোকসকলে তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ এৰি দিছে। এই সকলো দেখি আমি হয়তো ভাবিব পাৰোঁ যে আমাৰ কোনো আশা নাই আৰু পৰিস্থিতি কেতিয়াও ভাললৈ পৰিৱৰ্তন নহʼব। প্ৰকৃততে এই সকলো হোৱা দেখি আমি আশাৰ ৰেঙণী পাওঁ যে অতি সোনকালে সকলো ভাললৈ পৰিৱৰ্তন হʼব। বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল যে যদি আমি এইবোৰ হৈ থকা দেখোঁ, তেনেহʼলে আমি বুজিব লাগিব যে এই জগতৰ অন্ত একেবাৰে ওচৰ চাপিছে অৰ্থাৎ আমি “শেষ-কালত” জীয়াই আছোঁ। (২ তীম. ৩:১-৫) ইয়াত কোনো সন্দেহ নাই যে ভৱিষ্যতবাণীবোৰ এতিয়া পূৰ হৈ আছে। এই ভৱিষ্যতবাণীয়ে প্ৰমাণ কৰে যে যীচু খ্ৰীষ্টই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে। ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত আৰু বহুতো ভৱিষ্যতবাণী বাইবেলত উল্লেখ কৰিছে। এই লেখত আমি কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আমাৰ সময়ত পূৰ হৈছে আৰু ইয়াৰ পৰা আমাৰ বিশ্বাস আৰু মজবুত হʼব।

এখন ডাঙৰ ছবিত দানিয়েল আৰু প্ৰকাশিত বাক্যত উল্লেখ থকা বেলেগ বেলেগ ভৱিষ্যতবাণীৰ দৃশ্য দেখুৱা হৈছে। এই ছবিখন সৰু সৰু টুকুৰা লগ লগাই বনোৱা হৈছে। এজন ব্যক্তিয়ে তাৰ শেষ টুকুৰা সঠিক ঠাইত লগাই আছে। এই টুকুৰাটোত সেই শিল দেখিবলৈ পোৱা গৈছে, যিয়ে মূৰ্তিক খুন্দা মাৰিছিল। ১. পৰ্বতৰ পৰা এটা শিল বেগেৰে তলৰ ফালে আহে আৰু ধাতুৰে নিৰ্মিত ডাঙৰ মূৰ্তিৰ ভৰিখনক খুন্দা মাৰে। ২. এজোপা বিশাল গছ। ৩. দৌৰি থকা চাৰিটা ঘোঁৰা আৰু সিহঁতৰ চালক। ৪. এজনী বেশ্যাই সেন্দুৰ বৰণীয়া জন্তুৰ ওপৰত বহি আছে।

দানিয়েল আৰু প্ৰকাশিত বাক্যত লিখা ভৱিষ্যতবাণীবোৰ এখন ডাঙৰ ছবিৰ সৰু সৰু টুকুৰাৰ দৰে হয়। এইবোৰ লগ লগালে আমি সম্পূৰ্ণ ছবিখন চাব পাৰিম, অৰ্থাৎ আমি বুজিব পাৰিম যে বহুতো ভৱিষ্যতবাণী পূৰ হʼল আৰু যিহোৱাই প্ৰতিজ্ঞা কৰাৰ দৰে অতি সোনকালে জগতৰ ধ্বংস হʼব (অনুচ্ছেদ ২ চাওক)

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম আৰু কিয়? (বেটুপাতত দিয়া ছবিখন চাওক।)

২ এই লেখত প্ৰথমে আমি এটা ভৱিষ্যতবাণীৰ ওপৰত মন দিম, যাৰ পৰা আমি জানিব পাৰি যে ঈশ্বৰৰ ৰাজ্য কেতিয়া আৰম্ভ হʼল। ইয়াৰ পাছত আমি কিছুমান ভৱিষ্যতবাণীৰ পৰা শিকিম যে যীচুৱে ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে বুলি আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ। শেষত আমি কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে আলোচনা কৰিম, যাৰ পৰা বুজিব পাৰিম যে ঈশ্বৰৰ ৰাজ্যই কেনেকৈ নিজৰ শত্ৰুক ধ্বংস কৰিব। এই ভৱিষ্যতবাণীবোৰ এটা ডাঙৰ ছবিৰ সৰু সৰু টুকুৰাৰ নিচিনা হয়, যাক লগ লগালে আমি সম্পূৰ্ণ ছবিখন চাব পাৰিম, অৰ্থাৎ আমি বুজিব পাৰিম যে বহুতো ভৱিষ্যতবাণী পূৰ হʼল আৰু যিহোৱাই প্ৰতিজ্ঞা কৰাৰ দৰে অতি সোনকালে এই জগতৰ ধ্বংস হʼব।

ঈশ্বৰৰ ৰাজ্য কেতিয়া আৰম্ভ হʼল

৩. দানিয়েল ৭:১৩, ১৪ পদত লিখা ভৱিষ্যতবাণীৰ পৰা কি কথাৰ প্ৰতি আমাৰ বিশ্বাস হয়?

৩ দানিয়েল ৭:১৩, ১৪ পদত যি ভৱিষ্যতবাণী কৰা হৈছিল, তাৰ পৰা বিশ্বাস হয় যে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হৈছে যীচু খ্ৰীষ্ট আৰু তেওঁতকৈ ভাল ৰজা আৰু কোনেও হʼব নোৱাৰে। ইয়াৰ পৰা এয়াও জানিব পাৰি যে তেওঁ সদায় কাললৈকে শাসন কৰিব আৰু ৰাষ্ট্ৰৰ সকলো লোকে আনন্দেৰে তেওঁৰ ‘সেৱা কৰিব।’ কিন্তু যীচুৱে কেতিয়াৰ পৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে? দানিয়েলে আৰু এটা ভৱিষ্যতবাণী কৰিছিল যে যেতিয়া সাত কাল শেষ হʼব, তেতিয়া যীচুৱে ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিব। কিন্তু এই সাত কাল কেতিয়া শেষ হʼল আহক চাওঁ।

৪. যীচুৱে কেতিয়া ৰজা হʼব, তাৰ বিষয়ে দানিয়েল ৪:১০-১৭ পদৰ পৰা কেনেকৈ জানিব পাৰি? (ফুটনোট চাওক।)

৪ দানিয়েল ৪:১০-১৭ পঢ়ক। এই ভৱিষ্যতবাণীত কোৱা ‘সাত কালৰ’ অৰ্থ হৈছে ২,৫২০ বছৰ। খ্ৰীষ্টপূৰ্ব ৬০৭-ত যেতিয়া বাবিলৰ লোকসকলে যিৰূচালেমৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সেই ঠাইৰ ৰজাক তেওঁৰ পদৰ পৰা আঁতৰাই দিছিল, তেতিয়া সাত কাল আৰম্ভ হৈছিল। ইয়াৰ পাছত ২,৫২০ বছৰলৈকে যিহোৱাৰ ফালৰ পৰা শাসন কৰোতা কোনো ৰজা নাছিল। ১৯১৪ চনত যেতিয়া যিহোৱাই যীচুক নিজৰ ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিলে, যাৰ ‘স্বত্ত্ব’ অৰ্থাৎ আইন মতে শাসন কৰাৰ অধিকাৰ আছে, তেতিয়া এই সাত কাল শেষ হʼল।b—যিহি. ২১:২৫-২৭.

৫. “সাত কালৰ” ভৱিষ্যতবাণীৰ পৰা আমি কি কথা বিশ্বাস কৰিব পাৰোঁ?

৫ এই ভৱিষ্যতবাণীটো বুজিলে আমি কেনেকৈ লাভৱান হওঁ? আমাৰ বিশ্বাস বাঢ়ে যে যিহোৱাই নিজৰ প্ৰতিজ্ঞা সঠিক সময়ত পূৰ কৰে। যিহোৱাই “সাত কালৰ” ভৱিষ্যতবাণী সঠিক সময়ত পূৰ কৰিলে আৰু ঈশ্বৰৰ ৰাজ্য নিৰ্ধাৰিত সময়ত আৰম্ভ হʼল। সেইবাবে আমি বিশ্বাস কৰিব পাৰোঁ যে আন ভৱিষ্যতবাণীবোৰো সঠিক সময়ত পূৰ হʼব আৰু যিহোৱাৰ দিন আহিবলৈ “উচিত সময়তকৈ দেৰি নহব।”—হব. ২:৩.

যীচুৱে স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে বুলি আমি কিয় কʼব পাৰোঁ?

৬. (ক) যীচুৱে স্বৰ্গত শাসন আৰম্ভ কৰাৰ কি কি চিন আছে? (খ) প্ৰকাশিত বাক্য ৬:২-৪ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ পৰাও কেনেকৈ প্ৰমাণ হʼল যে যীচুৱে শাসন কৰিবলৈ আৰম্ভ কৰিলে?

৬ যীচুৱে স্বৰ্গলৈ উভটি যোৱাৰ আগতে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁ যেতিয়া শাসন কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া পৃথিৱীত কি কি হʼব? তেওঁ কৈছিল যুদ্ধ, আকাল, আৰু ভূমিকম্প হʼব। তেওঁ এয়াও কৈছিল যে এটাৰ পাছত এটা মহামাৰী হʼব আৰু আজি আমি চাৰিওফালে দেখিবলৈ পাইছোঁ যে গোটেই পৃথিৱীত কʼভিড ১৯ মহামাৰী হৈছে। বাইবেলত কোৱা হৈছে যে এইবোৰ যীচু খ্ৰীষ্ট অহাৰ “চিন।” (মথি ২৪:৩, ৭; লূক ২১:৭, ১০, ১১) যীচুৱে নিজৰ শিষ্যসকলক এই বিষয়ে জনোৱাৰ ৬০ বছৰৰ পাছত পাঁচনি যোহনকো কৈছিল যে যেতিয়া তেওঁৰ শাসন আৰম্ভ হʼব, তেতিয়া এই ঘটনাবোৰ ঘটিব। (প্ৰকাশিত বাক্য ৬:২-৮ পঢ়ক।) যেতিয়া ১৯১৪ চনত যীচুৰ শাসন আৰম্ভ হʼল, তেতিয়াৰ পৰা এই সকলো ভৱিষ্যতবাণী পূৰ হʼবলৈ ধৰিছে।

৭. যেতিয়াৰে পৰা চয়তানক পৃথিৱীত পেলোৱা হʼল, তেতিয়াৰে পৰা পৃথিৱীৰ পৰিস্থিতি কিয় ইমান বেয়ালৈ ঢাল খাবলৈ ধৰিছে?

৭ যেতিয়াৰে পৰা স্বৰ্গত যীচুৱে শাসন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰে পৰা পৃথিৱীৰ পৰিস্থিতি কিয় বেয়ালৈ ঢাল খাবলৈ ধৰিছে? ইয়াৰ বিষয়ে প্ৰকাশিত বাক্য ৬:২ পদৰ পৰা জানিব পাৰি। তাত কোৱা হৈছে যে ৰজা হোৱাৰ লগে লগে যীচুৱে চয়তান আৰু দুষ্ট স্বৰ্গদূতৰ লগত যুদ্ধ কৰিলে। প্ৰকাশিত বাক্য ১২ অধ্যায়ত কোৱা হৈছে যে যীচুৱে চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলক পৃথিৱীত পেলাই দিলে। যাৰ বাবে চয়তান অতি খঙত আছে আৰু সি নিজৰ খং মানুহৰ ওপৰত উলিয়াই আছে। সেইবাবে বাইবেলত এইদৰে লিখা আছে, ‘পৃথিবীত সন্তাপ হব।’—প্ৰকা. ১২:৭-১২.

এহাল দম্পতীয়ে টিভিত প্ৰতিবাদৰ বাতৰি শুনি আছে। ওচৰৰ টেবুলত বাইবেল আৰু তাৰ আধাৰিত কিছুমান প্ৰকাশন থোৱা আছে।

বেয়া বাতৰিবোৰ শুনি আমাক ভাল নালাগে, কিন্তু যেতিয়া আমি দেখোঁ যে বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ হৈ আছে, তেতিয়া ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল বুলি আমাৰ বিশ্বাস বাঢ়ে (অনুচ্ছেদ ৮ চাওক)

৮. ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ পূৰ হোৱা দেখি আমাৰ কেনে অনুভৱ হয়?

৮ এই ভৱিষ্যতবাণীটো বুজিলে আমি কেনেকৈ লাভৱান হওঁ? আজি লোকসকলে কিমান দুষ্ট আৰু স্বাৰ্থপৰ হৈ পৰিছে, এইবোৰৰ পৰা জানিব পাৰি যে স্বৰ্গত যীচু ৰজা হʼল। সেইবাবে এইবোৰ দেখি আমি অধিক চিন্তিত হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি মনত ৰখা উচিত যে বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ হৈ আছে আৰু স্বৰ্গত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল। (গীত. ৩৭:১) হৰমাগিদোন যুদ্ধ যিমানে কাষ চাপিব, সিমানে সমস্যাবোৰ আৰু বাঢ়িব। (মাৰ্ক ১৩:৮; ২ তীম. ৩:১৩) কিন্তু আমি অতি আনন্দিত যে যিহোৱাই আমাক এয়া বুজিবলৈ সহায় কৰিলে যে পৃথিৱীৰ পৰিস্থিতি কিয় ইমান বেয়ালৈ ঢাল খাইছে।

ঈশ্বৰৰ ৰাজ্যই নিজৰ শত্ৰুসকলক কেনেকৈ ধ্বংস কৰিব?

৯. (ক) দানিয়েল ২:২৮, ৩১-৩৫ পদত শেষ বিশ্ব শক্তিৰ বিষয়ে কি কোৱা হৈছে? (খ) ইয়ে কেতিয়াৰ পৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে?

৯ দানিয়েল ২:২৮, ৩১-৩৫ পঢ়ক। আজি আমি এই ভৱিষ্যতবাণী পূৰ হোৱা দেখিছোঁ। ৰজা নবূখদনেচৰে “শেষকালত” যীচুৱে শাসন কৰাৰ পাছত কি হʼব, তাৰ বিষয়ে এটা সপোন দেখিছিল। তেওঁ দেখিছিল যে এটা মূৰ্তিৰ ভৰিখন ‘লোহা আৰু মাটিৰে’ নিৰ্মিত আছে। ইয়ে শেষৰ বিশ্ব শক্তি হʼব আৰু ই ঈশ্বৰৰ ৰাজ্যৰ শত্ৰু হʼব। যীচুৱে যেতিয়া শাসন আৰম্ভ কৰিব, তেতিয়া এই বিশ্ব শক্তিয়ে পৃথিৱীত শাসন কৰিব। গতিকে এই বিশ্ব শক্তি কোন হয় আৰু কেতিয়াৰ পৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে? প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত ঘনিষ্ঠ বন্ধুত্ব হʼল আৰু পাছলৈ তেওঁলোকে একেলগে মিলি শাসন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোক ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি নামেৰে জনাজাত হʼল। কিন্তু এই বিশ্ব শক্তি আন বিশ্ব শক্তিতকৈ একেবাৰে বেলেগ। কেনেকৈ বাৰু? আহক ইয়াৰ দুটা কাৰণলৈ মন দিওঁ।

১০. (ক) ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক যিদৰে চিত্ৰিত কৰা হৈছে, সেয়া কিয় একেবাৰে সঠিক হয়? (খ) আমি কি কথাৰ বাবে সাৱধান হোৱা উচিত? (“মাটিৰ পৰা সাৱধান!” নামৰ বক্স পঢ়ক।)

১০ নবূখদনেচৰে যি মূৰ্তিৰ সপোন দেখিছিল, সেই মূৰ্তিৰ বেলেগ বেলেগ ভাগে বেলেগ বেলেগ বিশ্ব শক্তিক চিত্ৰিত কৰে আৰু সেইবোৰ সোণ আৰু ৰূপেৰে নিৰ্মিত আছিল। কিন্তু মূৰ্তিৰ ভৰি মাটি আৰু লোহাৰে নিৰ্মিত আছিল। যি ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক চিত্ৰিত কৰে। মাটিয়ে সাধাৰণ লোকসকলক চিত্ৰিত কৰে। (দানি. ২:৪৩) আজি আমি স্পষ্টকৈ দেখিবলৈ পাওঁ যে এই সাধাৰণ লোকসকলৰ বাবে এই বিশ্ব শক্তিৰ লোহাৰ নিচিনা শক্তি দুৰ্বল হৈ পৰে। কোনখন চৰকাৰ গঠন হʼব, কোনখন চৰকাৰে জিকিব, এয়া লোকসকল অৰ্থাৎ নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰে। আজি লোকসকলে নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰে আৰু অধিকাৰীসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ইউনিয়ন গঠন কৰে। এই সকলোবোৰ নাগৰিকৰ হাতত থাকে। এইদৰে ব্ৰটেইন-আমেৰিকা বিশ্ব শক্তিয়ে নিজে একো কাম কৰিব নোৱাৰে।

মাটিৰ পৰা সাৱধান!

দানিয়েলে দৰ্শনত যি মূৰ্তি দেখিছিল, তাৰ ভৰি লোহা আৰু মাটিৰে নিৰ্মিত আছে। ভৰিৰ মাজত কিছুমান লোকে আন্দোলন বা প্ৰতিবাদ কৰিছে। কিছুমান পুলিচে ঢাল লৈছে। পৃথিৱীৰ নেতাসকলে একেলগে থিয় হৈ আছে আৰু সংযুক্ত ৰাষ্ট্ৰৰ সদস্যসকলে এটা সন্মিলনত একগোট হৈছে।

দানিয়েলৰ ভৱিষ্যতবাণীত উল্লেখ কৰা মূৰ্তিৰ ভৰি লোহা আৰু মাটিৰে নিৰ্মিত আছিল। মন্ত্ৰীসকলে কি নিৰ্ণয় লʼব আৰু কি কি নিয়ম পালন কৰিব, সেইবোৰ সাধাৰণ লোকসকলৰ ওপৰত নিৰ্ভৰ কৰে। (দানি. ২:৪১-৪৩) বহুবাৰ যেতিয়া লোকসকলক চৰকাৰৰ কোনো নিৰ্ণয় ভাল নালাগে, তেতিয়া তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বা আন্দোলন কৰে। তেওঁলোকক দেখি আমিও হয়তো মনতে তেওঁলোকক সমৰ্থন কৰিব পাৰোঁ। কিন্তু আমি লোকসকলক দেখি যাতে কোনো ৰাজনৈতিক দল বা মন্ত্ৰীৰ পক্ষ নলওঁ, তাৰ বাবে আমি সাৱধান হোৱা উচিত। (হিতো. ৪:২৩; ২৪:২১) সকলো চৰকাৰ চয়তানৰ অধীনত আছে আৰু সি জগতৰ ৰজা হয়, এই কথা আমি মনত ৰখা উচিত। (১ যোহ. ৫:১৯) ঈশ্বৰৰ ৰাজ্যই সকলো সমস্যা সমাধান কৰিব পাৰে।—গীত. ১৪৬:৩-৫.

১১. আজি ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে শাসন কৰি আছে, ইয়াৰ পৰা আমি শেষ-কালত জীয়াই আছোঁ বুলি আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

১১ দ্বিতীয় কাৰণ। মূৰ্তিৰ ভৰিয়ে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক চিত্ৰিত কৰে। ইয়াৰ অৰ্থ হৈছে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি একেবাৰে শেষ বিশ্ব শক্তি হয়। ইয়াৰ পাছত আৰু কোনো বিশ্ব শক্তিয়ে শাসন নকৰিব। আজি এই বিশ্ব শক্তিৰে শাসন চলি আছে। হৰমাগিদোনৰ যুদ্ধত ঈশ্বৰৰ ৰাজ্যই এই বিশ্ব শক্তিৰ লগতে আন সকলো চৰকাৰক সদায় কালৰ বাবে ধ্বংস কৰিব।c—প্ৰকা. ১৬:১৩, ১৪, ১৬; ১৯:১৯, ২০.

১২. দানিয়েলৰ ভৱিষ্যতবাণীটো বুজি পালে আমি কেনেকৈ লাভৱান হওঁ?

১২ এই ভৱিষ্যতবাণীটো বুজিলে আমি কেনেকৈ লাভৱান হওঁ? দানিয়েলৰ ভৱিষ্যতবাণীৰ পৰা প্ৰমাণ পাওঁ যে আমি একেবাৰে শেষ-কালত জীয়াই আছোঁ। দানিয়েলে ২,৫০০ বছৰ আগতে কৈছিল যে বাবিলৰ পাছত আৰু চাৰিটা বিশ্ব শক্তি আহিব, যিয়ে ঈশ্বৰৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিব। তেওঁ যি ভৱিষ্যতবাণী কৰিছিল, তাৰ পৰা আমি বুজিব পাৰোঁ যে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি শেষ বিশ্ব শক্তি হয়। ইয়াৰ পৰা আমি শান্ত্বনা লাভ কৰোঁ যে আমি একেবাৰে শেষ-কালত জীয়াই আছোঁ আৰু ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে এই বিশ্ব শক্তিক নাশ কৰিব আৰু আন চৰকাৰবোৰকো নাশ কৰিব আৰু ইয়ে গোটেই পৃথিৱীত শাসন কৰিব।—দানি. ২:৪৪.

১৩. (ক) প্ৰকাশিত বাক্য ১৭:৯-১২ পদত কোৱা ‘অষ্টম ৰজা’ আৰু “দহ জন ৰজা” কোন হয়? (খ) এইবোৰৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল?

১৩ প্ৰকাশিত বাক্য ১৭:৯-১২ পঢ়ক। প্ৰথম বিশ্ব যুদ্ধৰ সময়ছোৱাত পৃথিৱীত বহুত যুদ্ধ হʼল, যাৰ বাবে বাইবেলত শেষ-কালৰ বিষয়ে কৰা আৰু এটা ভৱিষ্যতবাণী পূৰ হʼল। পৃথিৱীত শান্তি হোৱাটো সকলো চৰকাৰে বিচাৰিছিল। সেইবাবে তেওঁলোকে মিলি ১৯২০ চনৰ জানুৱাৰী মাহত তেওঁলোকে এটা সংগঠন গঠন কৰিলে, যাৰ নাম আছিল ৰাষ্ট্ৰ সংঘ। ১৯৪৫ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰ সংগৰ ঠাই সংযুক্ত ৰাষ্ট্ৰই লʼলে। এই সংগঠন কোনো বিশ্ব শক্তি নহয়, কিন্তু এই সংগঠনক পৃথিৱীৰ সকলো চৰকাৰে ক্ষমতা দিছে আৰু বাইবেলত এই সংগঠনক ‘অষ্টম ৰজা’ বুলি কোৱা হৈছে আৰু গোটেই চৰকাৰক “দহ জন ৰজা” বুলি কোৱা হৈছে।

১৪-১৫. (ক) প্ৰকাশিত বাক্য ১৭:৩-৫ পদৰ পৰা ‘মহা-বাবিলৰ’ বিষয়ে আমি কি জানিব পাৰোঁ? (খ) আজি মিছা ধৰ্মৰ লগত কি হৈ আছে?

১৪ প্ৰকাশিত বাক্য ১৭:৩-৫ পঢ়ক। পাঁচনি যোহনে দৰ্শনত এজনী বেশ্যা দেখিছিল, তাইক “মহা-বাবিল” বুলি কোৱা হৈছে আৰু তাই এই পৃথিৱীত বিয়পি থকা মিছা ধৰ্মক চিত্ৰিত কৰে। বহু বছৰ ধৰি এই পৃথিৱীৰ চৰকাৰ আৰু মিছা ধৰ্মৰ মাজত এটা ভাল সম্পৰ্ক দেখিবলৈ পোৱা গৈছে আৰু মিছা ধৰ্মই এই চৰকাৰবোৰক সহযোগ কৰি আহিছে। কিন্তু অতি সোনকালে চৰকাৰে এই “দহ জন ৰজা” অৰ্থাৎ মিছা ধৰ্মক যিহোৱাৰ “মনস্থ পূৰ কৰিবলৈ” অৰ্থাৎ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ তেওঁলোকক ব্যৱহাৰ কৰিব আৰু এই চৰকাৰে পৃথিৱীত বিয়পি থকা সকলো মিছা ধৰ্মক ধ্বংস কৰিব।—প্ৰকা. ১৭:১, ২, ১৬, ১৭.

১৫ অতি সোনকালে মহা-বাবিল ধ্বংস হʼব বুলি আমি কি কথাৰ পৰা জানিব পাৰোঁ? ইয়াৰ উত্তৰ জানিবলৈ আমি প্ৰাচীন সময়ৰ বাবিল নগৰলৈ মন দিব পাৰোঁ। বাবিল নগৰখন সুৰক্ষিত থাকিবলৈ তাৰ চাৰিওফালে ফৰাদ নদী আছিল। ঠিক সেইদৰে প্ৰকাশিত বাক্যতো কোৱা হৈছে যে মহা-বাবিলৰ চাৰিওফালে ‘অনেক পানীয়ে’ আৱৰি আছে, অৰ্থাৎ পানীবোৰে সেই মিছা ধৰ্মক সুৰক্ষিত ৰাখে। (প্ৰকা. ১৭:১৫) এই পানীবোৰে লাখ লাখ ভক্ত লোকসকলক চিত্ৰিত কৰে, যিয়ে মিছা ধৰ্মক সহযোগ কৰে। কিন্তু প্ৰকাশিত বাক্যত এয়াও কোৱা হৈছে যে এই “পানী শুকাই” যাব অৰ্থাৎ বহুতো লোকে মিছা ধৰ্ম এৰি দিব। (প্ৰকা. ১৬:১২) এই ভৱিষ্যতবাণীবোৰ আজি আমাৰ সময়ত পূৰ হোৱা দেখিবলৈ পাইছোঁ। আজি বহুতো লোকৰ ধৰ্মৰ পৰা বিশ্বাস নাইকিয়া হৈছে। সেইবাবে তেওঁলোকে সমস্যাৰ সমাধান বিচাৰিবলৈ বা মনৰ শান্তি পাবলৈ আন উপায় ব্যৱহাৰ কৰে।

১৬. সংযুক্ত ৰাষ্ট্ৰৰ গঠন আৰু মহা-বাবিলৰ ধ্বংসৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ বুজিলে আমি কেনেকৈ লাভৱান হওঁ?

১৬ এই ভৱিষ্যতবাণীটো বুজিলে আমি কেনেকৈ লাভৱান হওঁ? সংযুক্ত ৰাষ্ট্ৰ গঠন হʼল আৰু বহুতো লোকে মিছা ধৰ্ম এৰি গৈছে। ইয়াৰ পৰা প্ৰমাণ হয় যে আমি একেবাৰে শেষ-কালত জীয়াই আছোঁ। যদিও মিছা ধৰ্মক সহযোগ কৰা লোকৰ সংখ্যা কম হৈছে, কিন্তু ইয়াৰ কাৰণে মিছা ধৰ্ম ধ্বংস নহʼব। যিহোৱাইহে ইয়াক ধ্বংস কৰিব। যিদৰে আমি শিকিলোঁ যিহোৱাই “দহ জন ৰজা” অৰ্থাৎ সংযুক্ত ৰাষ্ট্ৰক সহযোগ কৰা চৰকাৰসকলক ব্যৱহাৰ কৰিব, যাতে তেওঁলোকে যিহোৱাৰ “মনস্থ পূৰ” কৰে অৰ্থাৎ যিহোৱাৰ ইচ্ছা পূৰ কৰে। মিছা ধৰ্মৰ হঠাতে ধ্বংস হোৱা দেখি লোকসকলে আচৰিত হʼব।d (প্ৰকা. ১৮:৮-১০) মহা-বাবিল ধ্বংস হোৱা দেখি গোটেই পৃথিৱীৰ ওপৰত ইয়াৰ গভীৰভাৱে প্ৰভাৱ পৰিব, যাৰ বাবে বহুতো সমস্যা সৃষ্টি হʼব পাৰে। কিন্তু যিহোৱাৰ লোকসকলেহে কেৱল আনন্দিত থাকিব। কিয়নো যিহোৱাৰ শত্ৰুক সদায় কাললৈকে ধ্বংস কৰা হʼব আৰু অতি সোনকালে তেওঁলোকে এই দুষ্ট জগতৰ পৰা মুক্তি পাব।—লূক ২১:২৮.

যিহোৱাই আপোনাক ৰক্ষা কৰিব বুলি ভৰসা কৰক

১৭-১৮. (ক) আমি নিজৰ বিশ্বাস বঢ়াবলৈ কি কৰিব লাগিব? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৭ শেষ-কালত সত্য জ্ঞান “বৃদ্ধি হব” বুলি দানিয়েলে ভৱিষ্যতবাণী কৰিছিল আৰু এই ভৱিষ্যতবাণী আজি পূৰ হৈ আছে। এতিয়া আমি শেষ-কালৰ বিষয়ে কৰা সকলো ভৱিষ্যতবাণী ভালদৰে বুজি পাওঁ। (দানি. ১২:৪, ৯, ১০) বাইবেলত উল্লেখ থকা ভৱিষ্যতবাণীবোৰ পূৰ হোৱা দেখি যিহোৱা আৰু বাইবেলৰ প্ৰতি আমাৰ গভীৰ সন্মান বাঢ়ে। (যিচ. ৪৬:১০; ৫৫:১১) গতিকে বাইবেলৰ গভীৰভাৱে অধ্যয়ন কৰক আৰু লোকসকলক যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰক। এইদৰে কৰিলে আপোনাৰ বিশ্বাস বাঢ়িব। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যিসকলে তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰে আৰু নিৰ্ভৰ কৰে, যিহোৱাই তেওঁলোকক ‘শান্তিত ৰাখিব।’—যিচ. ২৬:৩.

১৮ পৰৱৰ্তী লেখত যিহোৱাৰ লোকসকলৰ বিষয়ে কৰা কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আজি পূৰ হৈ আছে। ইয়াৰ পৰা আমি শেষ-কালত জীয়াই আছোঁ বুলি আমাৰ বিশ্বাস আৰু বাঢ়িব। আমি এয়াও শিকিম যে বৰ্তমান সময়ত আমাৰ ৰজা যীচু খ্ৰীষ্টই আমাক কেনেকৈ সঠিক পথ দেখুৱায়।

ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল বুলি তলত দিয়া ভৱিষ্যতবাণীবোৰৰ পৰা কেনেকৈ জানিব পাৰি?

  • দানিয়েল ৪:১০-১৭

  • প্ৰকাশিত বাক্য ৬:২-৮

  • দানিয়েল ২:২৮, ৩১-৩৫; প্ৰকাশিত বাক্য ১৭:৩-৫, ৯-১২

গীত ৬১ আগবাঢ়ি যোৱা সাক্ষীসকল!

a বহু বছৰৰ আগতে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে এনে বহুতো ভৱিষ্যতবাণী কৰা হৈছিল, যিবিলাকৰ মাজত আজি বেছিভাগ আমাৰ সময়ত পূৰ হৈ আছে। ঈশ্বৰৰ ৰাজ্য স্বৰ্গত আৰম্ভ হʼল, ইয়াৰ লগত জড়িত কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম, যাৰ পৰা আমাৰ বিশ্বাস মজবুত হʼব। এই ভৱিষ্যবাণীবোৰ আলোচনা কৰিলে আমি এতিয়া আৰু আহিবলগীয়া সমস্যাৰ বিষয়ে চিন্তা কৰি ভয় নকৰিম। ইয়াৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত ভৰসা কৰিম।

b দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ পাঠ ৩২, ভাগ ৪ পঢ়ক আৰু jw.org-ত ১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল নামৰ ভিডিঅʼ চাওক।

c দানিয়েলৰ ভৱিষ্যতবাণীৰ বিষয়ে বেছিকৈ জানিবলৈ জুন ১৫, ২০১২ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ১৪-১৯ পৃষ্ঠাত দিয়া লেখটো পঢ়ক।

d অতি সোনকালে কি কি ঘটনা ঘটিব, তাৰ বিষয়ে জানিবলৈ ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে! (হিন্দী) নামৰ কিতাপখনৰ ২১ অধ্যায় পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক