ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 জুলাই পৃষ্ঠা ৮-১৩
  • যীচুৰ নেতৃত্বত কাম কৰি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ নেতৃত্বত কাম কৰি থাকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে প্ৰচাৰ কামৰ নেতৃত্ব লৈ আছে
  • যীচুৱে দাসক নিযুক্ত কৰিলে
  • যীচুৱে সংগঠনৰ যোগেদি আমাক পথ দেখুৱাইছে
  • বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • এজন বিশ্বাসী বুদ্ধিমান “দাস”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • শিষ্য বনোৱা কাৰ্য্যত সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 জুলাই পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ২৯

যীচুৰ নেতৃত্বত কাম কৰি থাকক

“স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল।”—মথি ২৮:১৮.

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

লেখৰ এক আভাসa

১. যিহোৱাৰ ইচ্ছা কি?

গোটেই পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ হোৱাটোৱেই হৈছে যিহোৱাৰ ইচ্ছা। (মাৰ্ক ১৩:১০; ১ তীম. ২:৩, ৪) যিহোৱাই এই কামটো কৰিবলৈ নিজৰ পুত্ৰ যীচুক বাছনি কৰিছে। কিয়নো এই কামটো অতি গুৰুত্বপূৰ্ণ হয়। যীচুৱেই সকলোতকৈ ভালদৰে নেতৃত্ব লʼব পাৰে। সেইবাবে আমি বিশ্বাস কৰিব পাৰোঁ যে এই জগতখন ধ্বংস হোৱাৰ আগতে গোটেই পৃথিৱীত প্ৰচাৰ কৰি সম্পূৰ্ণ হʼব।—মথি ২৪:১৪.

২. এই লেখত আমি কি কি শিকিম?

২ এই লেখত আমি শিকিম যে যীচুৱে ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি ঈশ্বৰৰ বাক্যৰ পৰা আমাক কেনেকৈ পথ দেখুৱাই আছে আৰু গোটেই পৃথিৱীত প্ৰচাৰ কাম কৰিবলৈ আমাক কেনেকৈ নিৰ্দেশনা দিছে। (মথি ২৪:৪৫) আমি এয়াও শিকিম যে যীচু আৰু বিশ্বাসী বুদ্ধিমান দাসক আমি কেনেকৈ সহযোগ কৰিব পাৰোঁ।

যীচুৱে প্ৰচাৰ কামৰ নেতৃত্ব লৈ আছে

৩. যীচুক কি অধিকাৰ দিয়া হৈছে?

৩ যীচুৱে প্ৰচাৰ কামৰ নেতৃত্ব লৈ আছে বুলি আমি কেনেকৈ কʼব পাৰোঁ? মন কৰক যে যীচুৱে স্বৰ্গলৈ যোৱাৰ আগতে যেতিয়া নিজৰ শিষ্যসকলক গালীলত লগ কৰিছিল, তেতিয়া তেওঁ কি কৈছিল। তেওঁ এইদৰে কৈছিল, ‘স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল। এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰা।’ (মথি ২৮:১৮, ১৯) এই কথাৰ পৰা জানিব পাৰি যে আজি প্ৰচাৰ কামৰ নেতৃত্ব লʼবলৈ যীচুক অধিকাৰ দিয়া হৈছে।

৪. যীচুৱে আজিও প্ৰচাৰ কামৰ নেতৃত্ব লৈ আছে বুলি কি কথাৰ পৰা জানিব পাৰি?

৪ যীচুৱে কৈছিল যে “সকলো জাতিকে” প্ৰচাৰ কৰা হʼব আৰু শিষ্য বনোৱা হʼব। এই কথাষাৰ কোৱাৰ পাছত তেওঁ নিজৰ শিষ্যসকলক আশ্বাস দিছিল যে “জগতৰ শেষলৈকে” যীচু তেওঁলোকৰ লগত থাকিব। (মথি ২৮:২০) এই কথাৰ পৰাও স্পষ্টকৈ জানিব পাৰি যে আজি প্ৰচাৰ কামত যীচুৱে নেতৃত্ব লৈ আছে।

৫. গীতমালা ১১০:৩ পদত উল্লেখ কৰা ভৱিষ্যতবাণী পূৰ কৰাত আমি কেনেকৈ সহায় কৰি আছোঁ?

৫ প্ৰচাৰ কাম কৰিবলৈ লোকসকল থাকিব নে নাথাকে, তাৰ বিষয়ে যীচুৱে চিন্তা কৰা নাছিল। কিয়নো তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে শেষ-কালত গীতমালাত কোৱা ভৱিষ্যতবাণী নিশ্চয় পূৰ হʼব। তাত এইদৰে লিখা আছে, “তোমাৰ পৰাক্ৰমৰ দিনত তোমাৰ প্ৰজাবিলাক ইচ্ছামতে দিয়া উপহাৰস্বৰূপ হব।” (গীত. ১১০:৩) যদি আপুনিও প্ৰচাৰ কাম কৰি আছে, তেনেহʼলে আপুনিও এই ভৱিষ্যতবাণী পূৰ কৰাত সহায় কৰি আছে আৰু যীচু আৰু বুদ্ধিমান দাসক সহযোগ কৰি আছে। আজি এই প্ৰচাৰ কাম অতি বেগেৰে আগবাঢ়িছে। কিন্তু এই কামত কিছুমান বাধাও আছে।

৬. আজি আমি কি বাধাৰ সন্মুখীন হওঁ?

৬ এটা বাধা হৈছে লোকসকলে আমাৰ বিৰোধ কৰে। ধৰ্মত্যাগী, ধৰ্ম গুৰু আৰু মন্ত্ৰীসকলে আমাৰ বিষয়ে মিছা কথা কয়। যেতিয়া আমাৰ পৰিয়ালৰ লোক, চিনাকি লোক বা আমাৰ লগত কাম কৰা লোকসকলে এই কথাৰ বিষয়ে গম পায়, তেতিয়া তেওঁলোকে আমাক যিহোৱাৰ সেৱা কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ এৰি দিবলৈ হয়তো হেঁচা দিব পাৰে। কিছুমান দেশত আমাৰ ভাই-ভনীসকলক ডাবি-ধমকি দিয়া হয়, অত্যাচাৰ কৰা হয়, গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁলোকক জেইলতো নিয়া হয়। কিন্তু এই সকলোবোৰ দেখি বা শুনি আমি আচৰিত হোৱা উচিত নহয়। কিয়নো যীচুৱে আমাক আগতেই কৈছিল যে “মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) যেতিয়া আমাক বিৰোধ কৰা হয়, তেতিয়া আমি এই কথা মনত ৰখা উচিত যে আমি সঠিক কাম কৰি আছোঁ আৰু যিহোৱা আমাৰ কামৰ পৰা আনন্দিত আছে। (মথি ৫:১১, ১২) চয়তানে লোকসকলৰ যোগেদি আজি আমাৰ বিৰোধ কৰি আছে। সি যিমানেই বিৰোধ নকৰক কিয়, যীচুৰ তুলনাত সি একোৱেই নহয়। যীচুৰ সহায়ত আজি গোটেই পৃথিৱীত প্ৰচাৰ কাম হৈ আছে। আহক ইয়াৰ বিষয়ে আৰু শিকোঁ।

৭. প্ৰকাশিত বাক্য ১৪:৬, ৭ পদত লিখা ভৱিষ্যতবাণী আজি কেনেকৈ পূৰ হৈ আছে?

৭ আজি পৃথিৱীত লোকসকলৰ বহুতো ভাষা আছে, সেইবাবে তেওঁলোকৰ নিজৰ ভাষাত শুভবাৰ্তা প্ৰচাৰ কৰাটো বাধা হয়। কিন্তু যীচুৱে পাঁচনি যোহনক এটা দৰ্শনত কৈছিল যে শেষ-কালত প্ৰতিটো ভাষাৰ লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰা হʼব। (প্ৰকাশিত বাক্য ১৪:৬, ৭ পঢ়ক।) আজি এই ভৱিষ্যতবাণী পূৰ হৈ আছে। আমি লোকসকলক তেওঁলোকৰ নিজৰ ভাষাত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছোঁ। আজি লোকসকলে আমাৰ ৱেবছাইট jw.org-ত ১০০০-তকৈ বেছি ভাষাত বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়িব পাৰে। ইয়াৰ লগতে বাইবেল অধ্যয়ন কৰিবলৈ উলিওৱা দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ নতুন কিতাপখন ৭০০-তকৈ বেছি ভাষাত প্ৰকাশিত কৰা হৈছে। যিসকলে শুনিব নোৱাৰে, তেওঁলোকৰ বাবে সাংকেতিক ভাষাত বহুতো ভিডিঅʼ বনোৱা হৈছে। যিসকলে দেখা নাপায় বা চাব নোৱাৰে, তেওঁলোকৰ বাবে ব্ৰেইল ভাষাত প্ৰকাশনবোৰ ছপা কৰা হৈছে। আজি বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ হোৱাটো আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ। ‘জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা লোকে’ আজি “শুদ্ধ ওঁঠ” বা শুদ্ধ ভাষা কʼবলৈ শিকিছে অৰ্থাৎ সত্য শিকি আছে। (জখ. ৮:২৩; চফ. ৩:৯) এই সকলোবোৰৰ পৰা প্ৰমাণ হয় যে আজি যীচুৱে এই কামৰ ভালদৰে নেতৃত্ব লৈ আছে।

৮. প্ৰচাৰ কামৰ কি ভাল পৰিণাম হৈছে?

৮ আজি আমি প্ৰচাৰ কামৰ বহুতো ভাল ভাল পৰিণাম দেখিবলৈ পাইছোঁ। পৃথিৱীৰ ২৪০ খন দেশত ৮০ লাখতকৈ বেছি লোক যিহোৱাৰ সংগঠনৰ ভাগ হয় আৰু প্ৰতি বছৰে এক লাখতকৈ লোকে বাপ্তিষ্মা লৈ এই সংগঠনৰ ভাগ হয়। কিন্তু ইয়াতকৈ আনন্দৰ বিষয় এই যে লোকসকলে ‘নতুন পুৰুষক’ পিন্ধিছে অৰ্থাৎ তেওঁলোকে ভাল ভাল গুণবোৰ বঢ়াই আছে। (কল. ৩:৮-১০) তেওঁলোকৰ মাজৰ কিছুমানে আগতে অনৈতিক আৰু হিংসাত্মক কামবোৰ কৰিছিল, পক্ষপাত কৰিছিল আৰু দেশ ভক্তিমূলক কামবোৰতো জড়িত আছিল। কিন্তু এতিয়া তেওঁলোকে নিজকে সলনি কৰিছে। যিচয়া ২:৪ পদত ভৱিষ্যতবাণী কৰা হৈছে যে “সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব।” এই ভৱিষ্যতবাণী আমি পূৰ হোৱা দেখিবলৈ পাইছোঁ। যেতিয়া আমি ভাল গুণবোৰ বঢ়াওঁ, তেতিয়া লোকসকলে যিহোৱাৰ সংগঠনৰ ফালে আকৰ্ষিত হয়। এইদৰে কৰি আমি যীচুৰ উদাহৰণ অনুকৰণ কৰিছোঁ। (যোহ. ১৩:৩৫; ১ পিত. ২:১২) প্ৰচাৰ কামত পোৱা ভাল পৰিণামবোৰ কেৱল যীচুৰ সহায়তে সম্ভৱ হৈছে।

যীচুৱে দাসক নিযুক্ত কৰিলে

৯. মথি ২৪:৪৫-৪৭ পদত শেষ-কালৰ বিষয়ে কি ভৱিষ্যতবাণী কৰা হৈছিল?

৯ মথি ২৪:৪৫-৪৭ পঢ়ক। যীচুৱে কৈছিল যে তেওঁ শেষ-কালত ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰিব আৰু তেওঁলোকে ঈশ্বৰৰ বাক্যৰ পৰা আমাক পথ দেখুৱাব। আজি এই দাসে এইদৰেই কৰি আছে। যীচুৱে অভিষিক্ত খ্ৰীষ্টানসকলৰ এটা সমূহৰ যোগেদি ঈশ্বৰৰ লোকসকলক আৰু যিসকলে আগ্ৰহ দেখুৱায়, তেওঁলোকক উচিত সময়ত আহাৰ দি আছে। সেই ভাইসকলে বহুত পৰিশ্ৰম কৰে। কিন্তু তেওঁলোকে কেতিয়াও এয়া নাভাবে যে তেওঁলোক আমাৰ বিশ্বাসৰ মালিক হয়। (২ কৰি. ১:২৪) ইয়াৰ পৰিৱৰ্তে তেওঁলোকে জানে যে যীচু আমাৰ ‘নায়ক আৰু অধ্যক্ষ’ হয়।—যিচ. ৫৫:৪.

ছবি: যোৱা বহু বছৰ ধৰি আগ্ৰহ দেখুৱা লোকসকলৰ লগত বেলেগ বেলেগ প্ৰকাশনৰ পৰা বাইবেল অধ্যয়ন কৰা হʼল। ১. ১৯৪৬: “ঈশ্বৰ সত্য হওক!” এজনী ভনীয়ে প্ৰচাৰ কৰাৰ সময়ত এহাল দম্পতীক এই কিতাপখন দিছে। ২. ১৯৬৮: “সত্য যি অনন্ত জীৱনলৈ লৈ যায়।” এজন ব্যক্তিয়ে নিজৰ ঘৰত বহি এই কিতাপখন পঢ়ি আছে। ৩. ১৯৮২: “আপুনি পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিব পাৰে।” এজন ভায়ে এই কিতাপখনৰ পৰা এজন ব্যক্তিৰ অধ্যয়ন কৰি আছে। ৪. ১৯৯৫: “জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়।” এজন ভায়ে এই কিতাপখনৰ পৰা এজন ব্যক্তিৰ অধ্যয়ন কৰি আছে। তেওঁলোকে একে ঠাইতে কাম কৰে আৰু আহাৰ খোৱাৰ সময়ত কথা পাতি আছে। ৫. ২০০৫ আৰু ২০১৫: “বাইবেলে প্ৰকৃততে কি শিকায়?” আৰু “বাইবেলে আমাক কি শিকায়?” কিতাপবোৰ। এজনী ভনীয়ে এগৰাকী তিৰোতাৰ অধ্যয়ন কৰি আছে। ৬. ২০২১: “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” এজনী ভনীয়ে ভিডিঅʼ কলৰ যোগেদি এই কিতাপখনৰ পৰা এগৰাকী তিৰোতাৰ লগত অধ্যয়ন কৰি আছে।

১০. ছবিখনত দেখুৱা কোনখন কিতাপ পঢ়ি আপুনি যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলে?

১০ বিশ্বাসী বুদ্ধিমান দাসে ১৯১৯ চনৰ পৰা এনে প্ৰকাশনবোৰ উলিয়ালে, যাৰ যোগেদি লোকসকলে বাইবেলৰ সত্যতাৰ বিষয়ে জানিব পাৰিলে। এই কিতাপবোৰ উচিত সময়ত দিয়া আহাৰৰ নিচিনা আছিল, যাৰ যোগেদি লোকসকলে বাইবেলৰ বিষয়ে শিকিব পাৰিলে। ১৯২১ চনত এই দাসে এখন কিতাপ উলিয়ালে, যাৰ নাম হৈছে দ্যা হাৰ্প অফ গড। সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেল অধ্যয়ন কৰিবলৈ আৰু বহুতো নতুন প্ৰকাশন প্ৰস্তুত কৰা হʼল। যেনে, “ঈশ্বৰ সত্য হওক!,” সত্য যি অনন্ত জীৱনলৈ লৈ যায়, আপুনি পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিব পাৰে, জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, বাইবেলে প্ৰকৃততে কি শিকায়?, বাইবেলে আমাক কি শিকায়? অলপ আগতে এই দাসে আন এখন নতুন কিতাপ উলিয়ালে, যাৰ নাম হৈছে দুখ-কষ্ট নথকা এক অনন্ত জীৱন! এই কিতাপবোৰৰ ভিতৰত আপুনি কোনখন কিতাপৰ পৰা যিহোৱাৰ বিষয়ে শিকিলে আৰু তেওঁৰ কাষ চাপিলে।

১১. আমি সকলোৱে যিহোৱা আৰু বাইবেলৰ বিষয়ে শিকি থকাটো কিয় প্ৰয়োজন?

১১ কেৱল বাইবেল বিদ্যাৰ্থীকে এই ভাল আধ্যাত্মিক ‘আহাৰ’ খাব লাগে, এনে নহয়। আমি সকলোৱে যিহোৱা আৰু বাইবেলৰ বিষয়ে ভালদৰে শিকি থকা উচিত। ইয়াৰ বিষয়ে পৌলে এটা ভাল কথা কৈছিল, “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে” হয়। পৌলে এয়াও কৈছিল যে যদি আমি এই আহাৰ খাই থাকোঁ আৰু ইয়াৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আমি ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰিম। (ইব্ৰী ৫:১৪) আজি জগতৰ নৈতিক মানদণ্ড একেবাৰে বেয়ালৈ ঢাল খাইছে। এনে পৰিস্থিতিত যিহোৱাই ভাল আৰু বেয়াৰ যি মানদণ্ড দিছে, সেয়া পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে আমাৰ বিশ্বাস বঢ়াবলৈ আমি বাইবেলৰ পৰা যাতে উচিত সময়ত আহাৰ পাই থাকোঁ, তাৰ বাবে যীচুৱে ধ্যান দিয়ে। তেওঁ আমাক এই আহাৰ বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি দিয়ে।

১২. যীচুৰ দৰে আমি যিহোৱাৰ নাম কেনেকৈ মহিমা কৰিলোঁ?

১২ যীচুৰ দৰে আমিও যিহোৱাৰ নাম মহিমা কৰি আছোঁ। (যোহ. ১৭:৬, ২৬) ১৯৩১ চনত আমি ‘যিহোৱাৰ সাক্ষী’ নাম গ্ৰহণ কৰিলোঁ। এই নামটো বাইবেলৰ পৰা লোৱা হৈছে। এইদৰে কৰাৰ যোগেদি আমি দেখুৱালোঁ যে ঈশ্বৰৰ নামটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আৰু তেওঁৰ নামেৰে আমাৰ পৰিচয় হোৱাটো আমি বিচাৰোঁ। (যিচ. ৪৩:১০-১২) সেই বছৰৰ অক্টোবৰ মাহৰে পৰা প্ৰহৰীদুৰ্গৰ বেটুপাতত যিহোৱাৰ নামটো উল্লেখ কৰা হʼল। বাইবেলৰ যি যি ঠাইত ঈশ্বৰৰ নাম হʼব লাগিছিল, নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ত সেই সকলো ঠাইত আমি ঈশ্বৰৰ নাম উল্লখ কৰিলোঁ। সঁচাকৈ আমাৰ সংগঠন, গীৰ্জাবোৰতকৈ একেবাৰে বেলেগ। তেওঁলোকে বাইবেলৰ পৰা ঈশ্বৰৰ নাম আঁতৰাই দিলে, কিন্তু আমাৰ সংগঠনে বাইবেলত যিহোৱাৰ নাম উল্লেখ কৰিলে। এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ নাম মহিমা কৰিলোঁ।

যীচুৱে সংগঠনৰ যোগেদি আমাক পথ দেখুৱাইছে

১৩. যীচুৱে বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি সংগঠনক চলাই আছে বুলি আপুনি কিয় বিশ্বাস কৰে? (যোহন ৬:৬৮)

১৩ যীচুৱে বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি এই সংগঠনক চলাই আছে আৰু শুদ্ধ উপাসনা কৰিবলৈ উৎসাহিত কৰিছে। আপুনিও এই সংগঠনৰ ভাগ হয়। গতিকে এই সংগঠনৰ ভাগ হোৱাৰ বাবে আপুনি কেনে অনুভৱ কৰে? আপুনি হয়তো পিতৰৰ দৰে অনুভৱ কৰে। তেওঁ যীচুক এইদৰে কৈছিল, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে” ওচৰত আছে। (যোহ. ৬:৬৮) সঁচাকৈ এই সংগঠনৰ ভাগ নোহোৱা হʼলে আমাৰ কি যে হʼলহেঁতেন! যীচুৱে এই সংগঠনৰ যোগেদি আমাক “উচিত সময়ত” আহাৰ দি আছে, যাতে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত হয় আৰু আমি প্ৰচাৰ কেনেকৈ কৰিব লাগে, তাৰ বিষয়েও আমাক শিকাই আছে। ইয়াৰ উপৰিও যীচুৱে আমাক এই সংগঠনৰ যোগেদি “নতুন পুৰুষক” পিন্ধিবলৈও সহায় কৰিছে, যাতে আমি যিহোৱাক আনন্দিত কৰিব পাৰোঁ।—ইফি. ৪:২৪.

১৪. কভিড ১৯ মহামাৰীৰ সময়ছোৱাত যিহোৱাৰ সংগঠনৰ যোগেদি আপুনি কেনেকৈ সহায় লাভ কৰিলে?

১৪ যীচুৱে কঠিন পৰিস্থিতিত আমাক সংগঠনৰ যোগেদি নিৰ্দেশনা দিয়ে। যেতিয়া গোটেই পৃথিৱীত কভিড ১৯ মহামাৰী আৰম্ভ হৈছিল, তেতিয়া বহুতো লোকে জনা নাছিল যে তেওঁলোকে কি কৰিব লাগে বা কি কৰিব নালাগে। কিন্তু সেই সময়ত যীচুৱে আমাক সংগঠনৰ যোগেদি নিৰ্দেশনা দিলে, যাতে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ। বাহিৰলৈ যোৱাৰ আগতে মাস্ক পিন্ধিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আমাক বাৰে বাৰে মনত পেলাই দিয়া হৈছিল। মণ্ডলীৰ সকলো ভাই-ভনীৰ খা-খবৰ লʼবলৈ প্ৰাচীনসকলক কোৱা হৈছিল। ইয়াৰ লগতে ভাই-ভনীসকলৰ শাৰিৰীক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিবলৈ প্ৰাচীনসকলক কোৱা হৈছিল। (যিচ. ৩২:১, ২) প্ৰশাসন গোষ্ঠীৰ ফালৰ পৰাও আমি বহুতো আপডেট পালোঁ। ইয়াৰ যোগেদি আমি বহুতো নিৰ্দেশনা পালোঁ আৰু আমি শান্ত্বনাও লাভ কৰিলোঁ।

১৫. (ক) মহামাৰীৰ সময়ছোৱাত সভা আৰু প্ৰচাৰৰ বিষয়ে কি নিৰ্দেশনা দিয়া হৈছিল? (খ) ইয়াৰ কি পৰিণাম হʼল?

১৫ মহামাৰী আৰম্ভ হোৱা কিছু সময়ৰ পাছত আমাক সভা আৰু প্ৰচাৰৰ বিষয়ে বহুতো নিৰ্দেশনা দিয়া হʼল। আমাৰ সভা, সন্মিলন আৰু অধিৱেশন অনলাইনত হʼবলৈ ধৰিলে। আমাক এয়াও কোৱা হৈছিল যে ঘৰত থাকিয়েই আমি চিঠি আৰু ফোনৰ যোগেদি প্ৰচাৰ কৰা উচিত। এই কামত যিহোৱাই আশীৰ্বাদ দিলে। বহুতো দেশত প্ৰচাৰকৰ সংখ্যা বৃদ্ধি পালে আৰু বহুতো ভাই-ভনীয়ে ভাল ভাল অনুভৱো লাভ কৰিলে।—“আমাৰ প্ৰচাৰ কামক যিহোৱাই আশীৰ্বাদ দিলে” নামৰ বক্স চাওক।

আমাৰ প্ৰচাৰ কামক যিহোৱাই আশীৰ্বাদ দিলে

  • আমেৰিকাৰ এহাল দম্পতীয়ে ১৫ বছৰ ধৰি ইউৰোপত থাকে। যেতিয়া মহামাৰী আৰম্ভ হʼল, তেতিয়া তেওঁলোকে নিৰ্ণয় লʼলে যে তেওঁলোকে নিজৰ পৰিয়ালৰ সম্বন্ধীয় লোকসকলক আৰু যিসকলক তেওঁলোকে চিনি পায়, তেওঁলোকক প্ৰচাৰ কৰিব। তেওঁলোকক প্ৰচাৰ কৰিবলৈ সেই দম্পতীয়ে প্ৰায় ২০০ খন চিঠি লিখি ইন্টাৰনেটৰ যোগেদি পঠিয়ালে। তেওঁলোকৰ মাজৰ যিসকলে আগ্ৰহ দেখুৱালে, সেই লোকসকলক সেই দম্পতীয়ে পুনৰ সাক্ষাৎ কৰিলে আৰু প্ৰকাশন আৰু ভিডিঅʼৰ লিংকবোৰ পঠিয়ালে। যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিলে। সেইবাবে ৮ মাহৰ ভিতৰতে সেই দম্পতীয়ে ১৪ টা বাইবেল অধ্যয়ন আৰম্ভ কৰিলে।

  • ২০২০ চনৰ নবেম্বৰ মাহৰ অভিযানৰ সময়ত এজন ভায়ে তেওঁৰ স্কুলৰ পুৰণি বন্ধুক ফোন কৰিলে আৰু তেওঁক এখন প্ৰহৰীদুৰ্গ দিলে, যাৰ নাম হৈছে “ঈশ্বৰৰ ৰাজ্য কি হয়?” সেই ব্যক্তিজনে আলোচনীখন লʼলে আৰু তাৰ পৰা আলোচনা কৰিবলৈ সন্মত হʼল। আন এদিনাখন তেওঁলোকে আলোচনা কৰাৰ সময়ত সেই ব্যক্তিজনে ভাইজনক এইদৰে কʼলে, “যোৱাবাৰ তুমি মোক ফোন কৰাৰ আগতে মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু তেওঁক কৈছিলোঁ যে তেওঁ মোৰ পৰা কি বিচাৰে, তাক জানিবলৈ তেওঁ যাতে মোক সহায় কৰে।” সেই ব্যক্তিজনে বাইবেল অধ্যয়ন কৰিবলৈ, সভালৈ যাবলৈ আৰম্ভ কৰিলে আৰু তেওঁ যি শিকি আছে, সেই অনুসৰি জীৱন-যাপন কৰিবলৈ ধৰিলে। পাছত সেই ব্যক্তিজনে ভাইজনক এইদৰে কৈছে, “আগতে মোৰ জীৱনত কিবা নথকা যেন লাগিছিল, কিন্তু এতিয়াহে মই গম পালোঁ যে মোৰ কিয় এইদৰে অনুভৱ হৈছিল। কিয়নো মই যিহোৱাক জনা নাছিলোঁ। মই তোমাক যিমানেই ধন্যবাদ দিওঁ, তথাপি সেয়া কম হʼব, কিয়নো তুমি মোক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰি আছা!”

১৬. আমি কি কথা বিশ্বাস কৰিব পাৰোঁ?

১৬ মহামাৰীৰ সময়ছোৱাত কিছুমান লোকে ভাবিছিল যে আমাৰ সংগঠনে অলপ বেছিকৈ সাৱধান হʼবলৈ কৈছে। কিন্তু আমি বহু বাৰ স্পষ্টকৈ দেখিবলৈ পালোঁ যে সংগঠনে আমাক যি নিৰ্দেশনা দিছে, সেয়া একেবাৰে সঠিক আছিল। (মথি ১১:১৯) যেতিয়া আমি এই বিষয়ে চিন্তা কৰোঁ যে যীচুৱে আমাৰ কিমান যত্ন লয় আৰু তেওঁ আমাৰ কিমান ভালদৰে নেতৃত্ব লৈছে, তেতিয়া আমাৰ বিশ্বাস হয় যে ভৱিষ্যতে যিয়ে পৰিস্থিতি নাহক কিয়, যীচু আৰু যিহোৱাই আমাক কেতিয়াও নেৰিব।—ইব্ৰী ১৩:৫, ৬ পঢ়ক।

১৭. যীচুৰ নেতৃত্বত কাম কৰি আপুনি কেনে অনুভৱ কৰে?

১৭ যীচুৱে আমাৰ নেতৃত্ব লয় এই কথা জানি আমি বহুত আনন্দিত হওঁ। আমি এনে এখন সংগঠনৰ ভাগ হয়, যʼত বিভিন্ন দেশ, ভাষা আৰু সংস্কৃতিৰ লোক আছে। আমাক ঈশ্বৰৰ বাক্যৰ পৰা একেৰাহে নিৰ্দেশনা দিয়া হয় আৰু প্ৰচাৰ কাম আৰু ভালদৰে কেনেকৈ কৰিব পাৰি, তাৰ বিষয়েও শিকোৱা হয়। ইয়াৰ উপৰিও আমাক এজনে-আনজনক প্ৰেম কৰিবলৈ আৰু নতুন পুৰুষক পিন্ধিবলৈও শিকোৱা হয়। যীচুৰ নেতৃত্বত কাম কৰিবলৈ পাই আমি সঁচাকৈ গৰ্ব অনুভৱ কৰোঁ!

আপুনি কেনেকৈ উত্তৰ দিব?

  • গোটেই পৃথিৱীত হৈ থকা প্ৰচাৰ কামত যীচুৱে নেতৃত্ব লৈ আছে বুলি আপুনি কিয় বিশ্বাস কৰে?

  • বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি যীচুৱে আমাক উচিত সময়ত আহাৰ দি আছে বুলি আপুনি কিয় বিশ্বাস কৰে?

  • এই কঠিন পৰিস্থিতিতো যীচুৱে আমাক পথ দেখুৱাই আছে বুলি আপুনি কিয় বিশ্বাস কৰে?

গীত ১৬ অভিষিক্ত পুত্ৰৰ বাবে যিহোৱাৰ প্ৰশংসা কৰক!

a আজি লাখ লাখ পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীয়ে আগ্ৰহেৰে প্ৰচাৰ কামত লাগি আছে। আপুনিও তেওঁলোকৰ মাজৰ এজন হয়নে? যদি হয়, তেনেহʼলে আপুনি যীচুৰ নেতৃত্বত এই কাম কৰি আছে। এই লেখত আমি শিকিম যে আজি যীচুৱে প্ৰচাৰ কামৰ নেতৃত্ব লৈ আছে বুলি আমি কিয় কʼব পাৰোঁ। যদি এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণৰূপে বিশ্বাস হʼব, তেনেহʼলে আমি যীচুৰ অধীনত থাকিব পাৰিম আৰু যিহোৱাৰ সেৱা কৰিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক