ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 আগষ্ট পৃষ্ঠা ২-৭
  • কিশোৰ-কিশোৰী—বাপ্তিষ্মাৰ পাছতো আগবাঢ়ি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিশোৰ-কিশোৰী—বাপ্তিষ্মাৰ পাছতো আগবাঢ়ি থাকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৰিপক্ক খ্ৰীষ্টান কেনেকৈ হʼব পাৰি?
  • লক্ষ্য ৰাখক আৰু পৰিপক্ক হওক
  • প্ৰেম বঢ়াই থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰি থাকক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • লক্ষ্য ৰাখক আৰু তাত উপনীত হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱাই সঁচাকৈ আপোনাক প্ৰেম কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 আগষ্ট পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ৩২

কিশোৰ-কিশোৰী—বাপ্তিষ্মাৰ পাছতো আগবাঢ়ি থাকক

‘প্ৰেমত সত্যাৱলম্বী হৈ, যি খ্ৰীষ্ট্‌ মূৰস্বৰূপ, তেওঁৰ উদ্দেশে সকলো বিষয়ত বৃদ্ধি হওঁ।’—ইফি. ৪:১৫.

গীত ৫৬ সত্যক আপোন কৰি লওক

লেখৰ এক আভাসa

১. বহুতো কিশোৰ-কিশোৰীয়ে কি কৰিলে?

প্ৰতিবছৰে হাজাৰ হাজাৰ কিশোৰ-কিশোৰীয়ে বাপ্তিষ্মা লয়। আপুনিও বাপ্তিষ্মা লʼলেনে? যদি লৈছে, তেনেহʼলে আপোনাৰ এই নিৰ্ণয়ৰ পৰা আপোনাৰ মণ্ডলীৰ ভাই-ভনীসকল আৰু যিহোৱা বহুত আনন্দিত হৈছে। (হিতো. ২৭:১১) আপুনি এতিয়ালৈকে কি কি কৰিলে, তাৰ বিষয়ে চিন্তা কৰক। আপুনি হয়তো বহু বছৰলৈকে বাইবেল অধ্যয়ন কৰিলে আৰু বাইবেলখন ঈশ্বৰে লিখাইছে বুলি আপোনাৰ বিশ্বাস হʼল। ইয়াৰ উপৰিও আপুনি যিহোৱাৰ বিষয়ে শিকিলে আৰু তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। এই প্ৰেমে আপোনাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ অনুপ্ৰাণিত কৰিলে আৰু তাৰ পাছত আপুনি বাপ্তিষ্মা লৈ তেওঁৰ সেৱক হʼল। সঁচাকৈ আমি আপোনাক লৈ গৰ্ব অনুভৱ কৰোঁ!

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২ বাপ্তিষ্মা লোৱাৰ আগতে আপুনি হয়তো বহুতো সমস্যাৰ সন্মুখীন হৈছিল, যাৰ বাবে যিহোৱাৰ বিশ্বাসী হৈ থকাটো আপোনাৰ বাবে কঠিন হৈছিল। আপুনি ডাঙৰ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ আৰু বহুতো সমস্যা আহিব। এনে পৰিস্থিতিত লাহে লাহে যিহোৱাৰ পৰা আঁতৰি যোৱা, তেওঁক প্ৰেম কৰিবলৈ এৰি দিয়া আৰু তেওঁৰ সেৱা কৰিবলৈও এৰি দিয়াটো চয়তানে বিচাৰে। (ইফি. ৪:১৪) কিন্তু কোনোপধ্যেই এইদৰে হʼবলৈ নিদিব। যেতিয়া আপুনি যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিছিল, তেতিয়া আপুনি তেওঁৰ সদায় বিশ্বাসী হৈ থাকিম বুলি প্ৰতিজ্ঞা কৰিছিল। আপুনি এই প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিব পাৰে? বাপ্তিষ্মা লোৱাৰ পাছতো আপুনি সম্পূৰ্ণকৈ ‘যত্ন কৰি’ আগবাঢ়ি যাব লাগিব আৰু পৰিপক্ক হʼব লাগিব। (ইব্ৰী ৬:১, ২) এয়া আপুনি কেনেকৈ কৰিব পাৰে, তাৰ বিষয়ে এই লেখত আমি আলোচনা কৰিম।

পৰিপক্ক খ্ৰীষ্টান কেনেকৈ হʼব পাৰি?

৩. বাপ্তিষ্মা লোৱাৰ পাছত সকলো খ্ৰীষ্টানে কি কৰি থাকিব লাগিব?

৩ বাপ্তিষ্মা লোৱাৰ পাছত আমি সকলোৱে পৌলৰ সেই পৰামৰ্শ পালন কৰা উচিত, যি তেওঁ ইফিচৰ খ্ৰীষ্টানসকলক দিছিল। পৌলে তেওঁলোকক ডাঙৰ হʼবলৈ কৈছিল। (ইফি. ৪:১১) তেওঁলোকে আগবাঢ়ি যোৱা আৰু পৰিপক্ক খ্ৰীষ্টান হোৱাটো পৌলে বিচাৰিছিল। ইয়াক বুজাবলৈ পৌলে এজন খ্ৰীষ্টানৰ তুলনা এটি শিশুৰ লগত কৰিছিল। এটি কেচুৱাৰ জন্ম হোৱাৰ সময়ত মা-দেউতা বহুত আনন্দিত হয়। কিন্তু সেই কেচুৱাটো সদায় শিশু হৈ নাথাকিব। তেওঁ এদিন নহয় এদিন ‘শিশুৰ সকলো কথা এৰিব’ লাগিব আৰু ডাঙৰ হʼব লাগিব। (১ কৰি. ১৩:১১) ঠিক সেইদৰে খ্ৰীষ্টানসকলেও বাপ্তিষ্মা লোৱাৰ পাছত তাতে ৰৈ যোৱাৰ পৰিৱৰ্তে আগবাঢ়ি যোৱা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ, আহক কিছুমান উপায়লৈ মন কৰোঁ?

৪. এজন পৰিপক্ক খ্ৰীষ্টান হʼবলৈ আপুনি কি কৰিব লাগিব? বুজাওক। (ফিলিপীয়া ১:১০)

৪ যিহোৱাৰ প্ৰতি প্ৰেম আৰু বঢ়াওক। এয়া সঁচা যে আপুনি এতিয়াও যিহোৱাক প্ৰেম কৰে। কিন্তু আপুনি যিহোৱাৰ প্ৰতি প্ৰেম আৰু বঢ়াব পাৰে। এনে কৰিলে আপুনি পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। পৌলে ফিলিপীয়াৰ খ্ৰীষ্টানসকলক যিহোৱাৰ প্ৰতি “অধিককৈ” প্ৰেম বঢ়াবলৈ কৈছিল। পৌলে তেওঁলোকক এইদৰে কৰিবলৈ এটা উপায়ৰ বিষয়েও কৈছিল, যাৰ বিষয়ে আমি ফিলিপীয়া ১:১০ পদত পঢ়িবলৈ পাওঁ। (পঢ়ক।) তেওঁ কৈছিল ‘জ্ঞান আৰু বিবেচনা’ থাকিলেহে, তেওঁলোকে এইদৰে কৰিব পাৰিব। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি যিমানেই যিহোৱাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, সিমানেই আমি তেওঁক প্ৰেম কৰিবলৈ ধৰিম। যিহোৱাৰ কি কি ভাল গুণ আছে আৰু তেওঁ কেনেধৰণে কাম কৰে, তাৰ বিষয়ে আমি জানিব পাৰিম। এইবোৰৰ বিষয়ে জানিলে আমি এনে কাম কৰিম, যিবোৰে তেওঁক আনন্দিত কৰে আৰু আমি তেওঁৰ মনত কেতিয়াও আঘাত নিদিম। যেতিয়া আমি চিন্তা কৰিম যে তেওঁ আমাৰ পৰা কি বিচাৰে, তেতিয়া আমি সেইমতে কাম কৰিবলৈ চেষ্টা কৰিম।

৫-৬. যিহোৱাৰ প্ৰতি আৰু প্ৰেম বঢ়াবলৈ আমি কি কৰিব লাগিব? বুজাওক।

৫ আমি শিকিলোঁ যে যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াবলৈ আমি তেওঁৰ বিষয়ে আৰু ভালদৰে জানিব লাগিব। এইদৰে কৰাৰ এটা উপায় হৈছে তেওঁৰ পুত্ৰ যীচুক জনা। (ইব্ৰী ১:৩) আপুনি যীচুৰ বিষয়ে ভালদৰে জানিবলৈ মথি, মাৰ্ক, লূক আৰু যোহন, এই চাৰিখন শুভবাৰ্তাৰ কিতাপ পঢ়িব পাৰে। যদি আপুনি প্ৰতিদিনে বাইবেল পঢ়িব নোৱাৰে, তেনেহʼলে এই কিতাপবোৰৰ পৰা আৰম্ভ কৰিব পাৰে আৰু এইদৰে প্ৰতিদিনে বাইবেল পঢ়িবলৈ অভ্যাস কৰিব পাৰে। যীচুৰ বিষয়ে পঢ়াৰ সময়ত মন কৰক যে তেওঁৰ কি কি ভাল গুণ আছিল আৰু তেওঁ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল। লোকসকলে যীচুৰ ওচৰলৈ যাবলৈ আৰু তেওঁৰ লগত কথা পাতিবলৈ ভাল পাইছিল। আনকি লʼৰা-ছোৱালীয়ে তেওঁৰ ফালে আকৰ্ষিত হৈছিল আৰু যীচুৱে তেওঁলোকক কোলাত বহাইছিল। (মাৰ্ক ১০:১৩-১৬) তেওঁৰ শিষ্যসকলেও তেওঁৰ লগত কথা পাতিবলৈ ভয় কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে সকলো কথা তেওঁক খুলি কৈছিল। (মথি ১৬:২২) যীচুৰ এইবোৰ গুণ কিয় আছিল? কিয়নো যিহোৱাৰ এইবোৰ গুণ আছে। আমি যিহোৱাৰ লগত সংকোচ নকৰাকৈ কথা পাতিব পাৰোঁ। আমি নিজৰ মনৰ সকলো কথা তেওঁক জনাব পাৰোঁ। আমি বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ কেতিয়াও আমাৰ বিষয়ে বেয়াকৈ নাভাবিব। যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু তেওঁ আমাৰ যত্ন লয়।—১ পিত. ৫:৭.

৬ লোকসকলৰ বেয়া পৰিস্থিতি দেখি যীচুৱে তেওঁলোকৰ প্ৰতি দয়া দেখুৱাইছিল। ইয়াৰ বিষয়ে মথি কিতাপত এইদৰে কোৱা হৈছে, “মানুহবিলাকক দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” (মথি ৯:৩৬) যেতিয়া যিহোৱাই এনে লোকসকলক দেখে, যিসকলে তেওঁৰ বিষয়ে নাজানে, তেতিয়া তেওঁলোকৰ প্ৰতি যিহোৱাৰ দয়া উপজে। যীচুৱে তেওঁৰ বিষয়ে এইদৰে কৈছিল, “এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই।” (মথি ১৮:১৪) এই কথাষাৰ জানি আপোনাৰ হৃদয় স্পৰ্শ নহʼলনে? সঁচাকৈ আমি যিমানেই বেছি যীচুৰ বিষয়ে শিকিম, সিমানেই যিহোৱাক প্ৰেম কৰিম।

৭. পৰিপক্ক ভাই-ভনীৰ লগত সময় অতিবাহিত কৰিলে আপুনি কি কৰিব পাৰিব?

৭ যদি আপুনি যিহোৱাক বেছিকৈ প্ৰেম কৰিব বিচাৰে আৰু পৰিপক্ক খ্ৰীষ্টান হʼব বিচাৰে, তেনেহʼলে মণ্ডলীৰ পৰিপক্ক ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰক। মন কৰক যে তেওঁলোকে যিহোৱাৰ সেৱা কৰি কিমান আনন্দ লাভ কৰিছে আৰু তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ যি নিৰ্ণয়ৰ বাবে দুখ অনুভৱ কৰা নাই। তেওঁলোকে যিহোৱাৰ সেৱাত লাভ কৰা অনুভৱবোৰৰ বিষয়ে আপুনি সুধিব পাৰে। আপুনি কোনো ডাঙৰ নিৰ্ণয় লোৱাৰ সময়ত তেওঁলোকৰ পৰা পৰামৰ্শ লওক। কাৰণ বাইবেলতো কোৱা আছে যে “বহুতো লোকৰ পৰামৰ্শৰ পৰা সফলতা লাভ কৰিব পাৰি।”—হিতো. ১১:১৪, NWT.

ছবি: ১. এজনী যুৱতী ভনীয়ে “ওৱাজ লাইফ ক্ৰীয়েটেড?” আৰু “জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন” ব্ৰচাৰৰ পৰা অনুসন্ধান কৰি আছে। ২. ভনীজনীয়ে নিজৰ শিক্ষক আৰু তাইৰ ক্লাচৰ সকলো লʼৰা-ছোৱালীক নিজৰ বিশ্বাসৰ বিষয়ে কৈছে।

স্কুলত যদি আপোনাক বিবৰ্তন বা বিকাশবাদৰ বিষয়ে শিকোৱা হয়, তেনেহʼলে আপুনি কি কৰিব পাৰে? (অনুচ্ছেদ ৮-৯ চাওক)

৮. বাইবেলৰ সত্যতাৰ ওপৰত আপোনাৰ সন্দেহ জন্মিলে আপুনি কি কৰিব পাৰে?

৮ বাইবেলৰ সত্যতাৰ প্ৰতি বিশ্বাস বঢ়াওক। আমি অনুচ্ছেদ ২-ত শিকিছিলোঁ যে আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ আৰু আমাক যিহোৱাৰ পৰা আঁতৰাই নিবলৈ চয়তানে চেষ্টা কৰে। ইয়াৰ লগতে আমি বাইবেলৰ সত্যতাৰ ওপৰত সন্দেহ কৰাটো সি বিচাৰে। যেনে, এটা সত্যতা হৈছে ঈশ্বৰে আমাৰ সৃষ্টি কৰিছে, কিন্তু বহুতো লোকে আপোনাৰ বিশ্বাস জন্মাব বিচাৰে যে আমি বিবৰ্তনৰ পৰা আহিছোঁ। আপুনি সৰু থকাৰ সময়ত হয়তো আপুনি ইয়াৰ বিষয়ে চিন্তা কৰা নাছিলে। কিন্তু এতিয়া আপোনাৰ স্কুলত ইয়াৰ বিষয়ে শিকোৱা হয় আৰু আপোনাৰ শিক্ষকসকলে যিদৰে ইয়াৰ বিষয়ে শিকায়, তাৰ পৰা আপুনি হয়তো ভাবিব পাৰে যে এই শিক্ষা সঁচাও হʼব পাৰে। কিন্তু মন কৰক যে আপোনাৰ শিক্ষকসকলে সেই প্ৰমাণবোৰৰ ওপৰত ধ্যান দিয়েনে, যাৰ পৰা বুজিব পাৰি যে এজন সৃষ্টিকৰ্তা আছে। মন কৰক হিতোপদেশ ১৮:১৭ পদত এইদৰে কোৱা হৈছে, “যি জনে নিজৰ গোচৰত প্ৰথমে উপস্থিত হয়, তাকেই নিৰ্দ্দোষী যেন বোধ হয়; কিন্তু সিজনে আহি ই কেনে মানুহ তাক উলিয়াই পেলায়।” আপোনাৰ স্কুলত বহুতো কথা শিকোৱা হʼব, কিন্তু সকলো কথাৰ ওপৰত বিশ্বাস নকৰিব। আপুনি বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে। আগতে বিবৰ্তন বা বিকাশবাদৰ ওপৰত বিশ্বাস কৰা ভাই-ভনীসকলৰ লগতো আপুনি কথা পাতিব পাৰে।b এজন সৃষ্টিকৰ্তা আছে, যিয়ে আমাক বহুত প্ৰেম কৰে বুলি তেওঁলোকৰ কেনেকৈ বিশ্বাস হʼল, তাৰ বিষয়ে তেওঁলোকক সোধক। এনে কৰিলে আপুনি বুজিব পাৰিব যে সঁচা কি।

৯. আপুনি মেলিচাৰ পৰা কি শিকিলে?

৯ মেলিচা নামৰ ভনীগৰাকীৰ মনত সন্দেহ আছিল যে আমাক কোনোবাই সৃষ্টি কৰিছে নে আমি নিজে নিজে আহিছোঁ।c কিন্তু যেতিয়া তাই অনুসন্ধান কৰিলে, তেতিয়া তাইৰ মনৰ পৰা সন্দেহ নাইকিয়া হʼল। তাই এইদৰে কৈছে, “স্কুলত শিক্ষকসকলে বিবৰ্তনৰ বিষয়ে শিকোৱাৰ সময়ত সেইবোৰেই সঁচা যেন লাগিছিল। সেইবাবে আৰম্ভণিতে মই অনুসন্ধান কৰিব বিচৰা নাছিলোঁ, কাৰণ মোৰ ভয় লাগিছিল যে কোনোবাই আমাক সৃষ্টি কৰিছে বুলি মই একো প্ৰমাণ বিচাৰি নাপাম। আমি কোনোবা এটা কথা এনেই বিশ্বাস কৰাটো যিহোৱাই নিবিচাৰে। বিশ্বাস কৰাৰ স্পষ্ট কাৰণ হোৱা উচিত। মই জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন (হিন্দী) আৰু আন কিছুমান প্ৰকাশন পঢ়িলোঁ।d এইবোৰ পঢ়াৰ পাছত মোৰ সন্দেহ নাইকিয়া হʼল। মই এই কিতাপবোৰ আগতে পঢ়া হʼলে কিমান ভাল আছিল!”

১০-১১. আপুনি বেয়া কাম কৰাৰ পৰা নিজকে কেনেকৈ বাধা দিব পাৰে? (১ থিচলনীকীয়া ৪:৩, ৪)

১০ বেয়া কাম কৰিবলৈ নিজকে বাধা দিয়ক। ডাঙৰ হোৱাৰ লগে লগে কিশোৰ-কিশোৰীসকলৰ মনত আনৰ লগত যৌন সম্পৰ্ক ৰখাৰ ইচ্ছা বাঢ়ে। জগতৰ লোকসকলেও কয় যে বিয়াৰ আগতে যৌন সম্পৰ্ক ৰখাত কোনো ভুল নাই আৰু হয়তো তেওঁলোকে আপোনাক এনে কৰিবলৈ উৎসাহিত কৰিব পাৰে। আপুনি নিজৰ এই ইচ্ছা বঢ়াই থকা আৰু বেয়া কাম কৰাটো চয়তানেও বিচাৰে। কিন্তু আপুনি বেয়া কাম কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰে? (১ থিচলনীকীয়া ৪:৩, ৪ পঢ়ক, NWTe) যেতিয়া আপুনি অকলে যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেতিয়া আপোনাৰ মনত কি চলি আছে, তাৰ বিষয়ে যিহোৱাক স্পষ্টকৈ জনাওক। তেওঁক এয়াও জনাওক যে তেওঁ যাতে এই ইচ্ছাবোৰ দমন কৰিবলৈ সহায় কৰে। (মথি ৬:১৩) তেওঁ আপোনাৰ বিষয়ে কি ভাবিব বা আপোনাক শাস্তি দিব বুলি ভাবি ভয় নকৰিব। কিয়নো তেওঁ আপোনাৰ বন্ধু হয়, শত্ৰু নহয়। (গীত. ১০৩:১৩, ১৪) প্ৰতিদিনে বাইবেল পঢ়ি আপুনি বহুতো সহায় লাভ কৰিব পাৰে। নিজৰ বেয়া ইচ্ছাবোৰ দমন কৰিবলৈ ভনী মেলিচাৰো কঠিন হৈছিল। তাই এইদৰে কৈছে, “প্ৰতিদিনে বাইবেল পঢ়ি মই বহুতো সহায় লাভ কৰিলোঁ। ইয়াৰ উপৰিও মই মনত ৰাখিব পাৰোঁ যে মই নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছোঁ আৰু মই সদায় তেওঁক আনন্দিত কৰিব লাগিব।”—গীত. ১১৯:৯.

১১ নিজৰ ইচ্ছাৰ বিৰোধে আপুনি অকলেই যুঁজিব লাগিব বুলি নাভাবিব। আপুনি নিজৰ মা-দেউতাৰ লগত ইয়াৰ বিষয়ে কথা পাতিব পাৰে। তেওঁলোকক ইয়াৰ বিষয়ে কʼবলৈ আপোনাক হয়তো টান লাগিব পাৰে, কিন্তু তেওঁলোকৰ লগত কথা পতাটো অতি প্ৰয়োজন। ভনী মেলিচাই এইদৰে কৈছে, “মই সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু নিজৰ মনৰ সকলো কথা দেউতাক জনালোঁ। এইদৰে কৰি মোৰ বৰ ভাল লাগিল আৰু মই জানোঁ যিহোৱাও মোৰ পৰা আনন্দিত হʼল।”

১২. আপুনি সঠিক নিৰ্ণয় কেনেকৈ লʼব পাৰে?

১২ বাইবেলৰ সিদ্ধান্তবোৰ মনত ৰাখি নিৰ্ণয় লওক। সৰু থাকোতে আপোনাৰ মা-দেউতাই কৈছিল যে আপুনি কি কৰিব লাগিব। কিন্তু ডাঙৰ হোৱাৰ লগে লগে বহুতো নিৰ্ণয় আপুনি নিজে লʼব লাগিব। কিন্তু আপোনাৰ জীৱনৰ ইমান অভিজ্ঞতা নাই। গতিকে আপুনি সঠিক নিৰ্ণয় কেনেকৈ লʼব, যাৰ পৰা যিহোৱা আৰু আপোনাৰ সম্পৰ্কৰ মাজত একো বাধা নাহে? (হিতো. ২২:৩) কাৰী নামৰ ভনীগৰাকীয়ে কৈছে যে সঠিক নিৰ্ণয় লʼবলৈ প্ৰতিটো কথাৰ বাবে আমাৰ ওচৰত নিয়ম থাকিব লাগিব এনে নহয়। তাই কৈছে, “প্ৰতিটো কথাতে মই নিয়ম বিচৰাৰ পৰিৱৰ্তে মই চিন্তা কৰিব লাগিব যে বাইবেলত ইয়াৰ বিষয়ে কি সিদ্ধান্ত দিয়া আছে।” সেইবাবে বাইবেল পঢ়াৰ সময়ত আপুনি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰে। যেনে, ‘এই পদবোৰৰ পৰা মই যিহোৱাৰ বিষয়ে কি শিকিলোঁ আৰু তেওঁৰ চিন্তাধাৰা কি? ইয়াত এনে সিদ্ধান্তবোৰ আছেনে, যিটো মনত ৰাখি মই সঠিক নিৰ্ণয় লʼব পাৰোঁ? আৰু এই সিদ্ধান্ত পালন কৰিলে, মই কেনেকৈ লাভৱান হʼম?’ (গীত ১৯:৭; যিচ. ৪৮:১৭, ১৮) যেতিয়া আপুনি বাইবেল পঢ়ে আৰু অলপ সময় ৰৈ তাত দিয়া সিদ্ধান্তবোৰৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব, যাৰ পৰা যিহোৱা আনন্দিত হয়। প্ৰতিবাৰে আপুনি নিৰ্ণয় লোৱাৰ আগতে বাইবেলত কি সিদ্ধান্ত দিয়া আছে, তাৰ বিষয়ে বিচাৰি থকাৰ প্ৰয়োজন নহʼব। কাৰণ আপুনি জানে যিহোৱাৰ চিন্তাধাৰা কি, সেইবাবে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব।

দুজনী যুৱতী ভনীয়ে একেলগে মিলি “প্ৰহৰীদুৰ্গৰ” এখন লেখ অধ্যয়ন কৰি আছে।

এই যুৱতী ভনীয়ে কেনেধৰণৰ বন্ধু বনালে? (অনুচ্ছেদ ১৩ চাওক)

১৩. আমাৰ ওপৰত ভাল বন্ধুৰ কি প্ৰভাৱ পৰিব পাৰে? (হিতোপদেশ ১৩:২০)

১৩ যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰক। আমি যিসকলৰ লগত বন্ধুত্ব কৰোঁ, লাহে লাহে আমিও তেওঁলোকৰ নিচিনাই হৈ পৰোঁ। সেইবাবে আমি অনুচ্ছেদ ৭-ত শিকিলোঁ যে যদি আপুনি পৰিপক্ক খ্ৰীষ্টান হʼব বিচাৰে, তেনেহʼলে পৰিপক্ক ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰক। (হিতোপদেশ ১৩:২০ পঢ়ক।) চাৰা নামৰ ভনীগৰাকীয়ে কৈছে যে এসময়ত তাই যিহোৱাৰ সেৱা কৰি আনন্দ লাভ কৰা নাছিল। কিন্তু কি কথাই তাইক সহায় কৰিলে? তাই এইদৰে কৈছে, “মই সঠিক সময়ত বহুতো ভাল বন্ধু পালোঁ। এজনী যুৱতী ভনীয়ে প্ৰতি সপ্তাহে মোৰ লগত প্ৰহৰীদুৰ্গ অধ্যয়নৰ প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিলে। আন এজনী ভনীয়ে মোক সভাত উত্তৰ দিবলৈ সহায় কৰিলে। নিজৰ বন্ধুসকলৰ সহায়ত মই আৰু ভালদৰে ব্যক্তিগত অধ্যয়ন আৰু প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। যিহোৱাৰ লগত মোৰ সম্পৰ্ক বেছিকৈ মজবুত হʼবলৈ ধৰিলে আৰু মই পুনৰ আনন্দত থাকিবলৈ ধৰিলোঁ।”

১৪. ভাই জʼনে ভাল বন্ধু কেনেকৈ বনাব পাৰিলে?

১৪ আপুনি ভাল বন্ধু কেনেকৈ বনাব পাৰে? জʼন নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “মই সৰু থকাৰ সময়ত প্ৰচাৰ কৰোঁতে ভাই-ভনীসকলৰ লগত মোৰ এটা ভাল বন্ধুত্ব গঢ়ি উঠিল। তেওঁলোক বৰ উৎসাহী আছিল আৰু তেওঁলোকৰ লগত থাকি মই প্ৰচাৰত বেছিকৈ আনন্দ লাভ কৰিবলৈ ধৰিলোঁ। মই ভাবিলোঁ যে ডাঙৰ হৈ মই পূৰ্ণ সময়ৰ সেৱা কৰিম। আগতে মই কেৱল নিজৰ বয়সৰ লোকসকলৰ লগতহে বন্ধুত্ব কৰিছিলোঁ। কিন্তু মই দেখিলোঁ যে ডাঙৰ লোকসকলেও ভাল বন্ধু হʼব পাৰে। পাছত মই বেথেললৈ আহিলোঁ আৰু ইয়াত বহুতো ভাল বন্ধু বনালোঁ। তেওঁলোকক দেখি মই কেনেধৰণৰ মনোৰঞ্জন কৰোঁ, তাৰ বিষয়ে বেছিকৈ ধ্যান দিবলৈ ধৰিলোঁ। এইদৰে কৰি যিহোৱাৰ লগত মোৰ বন্ধুত্ব আৰু ঘনিষ্ঠ হʼল।”

১৫. পৌলে তীমথিয়ক কি কৰিবলৈ কৈছিল? (২ তীমথিয় ২:২০-২২)

১৫ যিহোৱাৰ লগত ভাল সম্পৰ্ক থকা লোকসকলৰ লগত আমি সকলোৱে বন্ধুত্ব কৰিব বিচাৰোঁ। মণ্ডলীতো আমি ভাবি-চিন্তি বন্ধুত্ব কৰা উচিত। কাৰণ সকলোৰে যিহোৱাৰ লগত ভাল সম্পৰ্ক নাথাকিবও পাৰে। প্ৰথম শতিকাতো এনে ভাই-ভনীসকল আছিল। সেইবাবে পৌলে তীমথিয়ক তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। (২ তীমথিয় ২:২০-২২ পঢ়ক।) যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক বহুত মূল্যৱান হয় আৰু আপুনি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ কঠিন পৰিশ্ৰম কৰিলে। সেইবাবে এনে ব্যক্তিৰ লগত বন্ধুত্ব নকৰিব, যাৰ বাবে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক নাইকিয়া হʼব পাৰে। কোনোপধ্যেই এইদৰে হʼবলৈ নিদিব।—গীত. ২৬:৪.

লক্ষ্য ৰাখক আৰু পৰিপক্ক হওক

১৬. আপুনি কেনেধৰণৰ লক্ষ্য ৰখা উচিত?

১৬ ভাল লক্ষ্য ৰাখক। এনে লক্ষ্য ৰাখক, যিয়ে আপোনাক পৰিপক্ক খ্ৰীষ্টান হʼবলৈ আৰু আপোনাৰ বিশ্বাস বঢ়াবলৈ সহায় কৰে। (ইফি. ৩:১৫, ১৬) যেনে, আপুনি প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰু নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰিবলৈ অভ্যাস কৰিব পাৰে। (গীত. ১:২, ৩) অথবা আপুনি আৰু ভালদৰে প্ৰাৰ্থনা কৰিবলৈ আৰু বেছিকৈ প্ৰাৰ্থনা কৰিবলৈও লক্ষ্য ৰাখিব পাৰে। আপুনি কেনেধৰণৰ মনোৰঞ্জন কৰে আৰু কি কামত বেছি সময় কটায়, তাৰ প্ৰতিও আপুনি ধ্যান দিবলৈ লক্ষ্য ৰাখিব পাৰে। (ইফি. ৫:১৫, ১৬) আপুনি আধ্যাত্মিকভাৱে আগবাঢ়িবলৈ কিমান পৰিশ্ৰম কৰিছে, তাৰ বিষয়ে যেতিয়া যিহোৱাই লক্ষ্য কৰিব, তেতিয়া তেওঁ বহুত আনন্দিত হʼব।

যি ভনীয়ে প্ৰথম ছবিখনত আন এজনী ভনীৰ লগত “প্ৰহৰীদুৰ্গৰ” এখন লেখ অধ্যয়ন কৰি আছিল, তেওঁ এতিয়া এজনী বৃদ্ধ ভনীৰ লগত বজাৰত আছে আৰু তেওঁলোকে কিছুমান বস্তু কিনি আছে।

এই যুৱতী ভনীয়ে কি লক্ষ্য ৰাখিলে? (অনুচ্ছেদ ১৭ চাওক)

১৭. আপুনি কিয় আনৰ সহায় কৰা উচিত?

১৭ আপুনি আনক সহায় কৰিও এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰে। যীচুৱেও কৈছিলে যে “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচ. ২০:৩৫) আপুনি এতিয়া ডেকা হয় আৰু আপোনাৰ বহুত শক্তি আছে। সেইবাবে যদি আপুনি সময় উলিয়াই আনক সহায় কৰে, তেনেহʼলে আপুনি বহুত আনন্দ লাভ কৰিব। যেনে, আপুনি মণ্ডলীৰ বৃদ্ধ বা বেমাৰ হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈ লক্ষ্য ৰাখিব পাৰে। যদি তেওঁলোকক বজাৰৰ পৰা কিবা বস্তু অনাৰ প্ৰয়োজন আছে, তেনেহʼলে আপুনি সেই বস্তুটো আনি দিবলৈ তেওঁলোকক সহায় কৰিব পাৰে। অথবা আপুনি তেওঁলোকক ফোন বা কম্পিউটাৰ চলাবলৈও সহায় কৰিব পাৰে। ভাইসকলে পৰিচাৰক হʼবলৈ লক্ষ্য ৰাখিব পাৰে। কাৰণ ইয়াৰ যোগেদি তেওঁলোকে আন ভাই-ভনীসকলক সহায় কৰিব পাৰিব। (ফিলি. ২:৪) আপুনি প্ৰচাৰ কৰিও আনক সহায় কৰিব পাৰে। (মথি ৯:৩৬, ৩৭) সম্ভৱ হʼলে আপুনি পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ লক্ষ্য ৰাখিব পাৰে।

১৮. পূৰ্ণ সময়ৰ সেৱা কৰি আপুনি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰিব?

১৮ পূৰ্ণ সময়ৰ সেৱা কৰিলে আপুনি যিহোৱাৰ সেৱা কৰাৰ বহুতো সুযোগ পাব। এইদৰে কৰি আপুনি যিহোৱাৰ কাষ চাপিব আৰু এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। যেনে, যদি আপুনি অগ্ৰগামী সেৱা কৰে, তেনেহʼলে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাবলৈ সুযোগ পাব। আপুনি হয়তো বেথেলত সেৱা কৰিবলৈ বা নিৰ্মাণ কামত ভাগ লʼবলৈ সুযোগ পাব পাৰে। কেটলিণ নামৰ ভনীজনী ২১ বছৰৰ হয় আৰু তাই অগ্ৰগামী সেৱা কৰি আছে। তাই এইদৰে কৈছে, “বাপ্তিষ্মা লোৱাৰ পাছত মই পৰিপক্ক ভাই-ভনীসকলৰ লগত প্ৰচাৰত বেছি সময় কটাবলৈ ধৰিলোঁ। এইদৰে কৰি যিহোৱাৰ লগত মোৰ বন্ধুত্ব আৰু ঘনিষ্ঠ হʼল। তেওঁলোকক দেখি মই আৰু ভালদৰে বাইবেল অধ্যয়ন কৰিবলৈ আৰু লোকসকলক ভালদৰে শিকোৱাৰ বাবে চেষ্টা কৰিবলৈ উৎসাহিত হʼলোঁ।”

১৯. আপুনি উন্নতি কৰি গৈ থাকিলে কি কি আশীৰ্বাদ লাভ কৰিব?

১৯ আপুনি উন্নতি কৰি গৈ থাকিলে যিহোৱাই আপোনাক বহুতো আশীৰ্বাদ দিব। আপুনি নিজৰ গোটেই সময় জগতৰ কামবোৰত নষ্ট কৰাৰ পৰিৱৰ্তে ভাল কামবোৰত ব্যৱহাৰ কৰিব পাৰিব। (১ যোহ. ২:১৭) আপুনি ভুল নিৰ্ণয় লোৱাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু কোনো কথাৰ বাবে আপুনি দুখ অনুভৱ নকৰিব। আপুনি সঠিক নিৰ্ণয় লʼব আৰু আনন্দিত হʼব। (হিতো. ১৬:৩) আপোনাৰ ভাল উদাহৰণে মণ্ডলীৰ বাকী ভাই-ভনীৰ ওপৰত ভাল প্ৰভাৱ পেলাব আৰু তেওঁলোকে উৎসাহিত হʼব। (১ তীম. ৪:১২) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই যে যিহোৱাৰ লগত আপোনাৰ ভাল সম্পৰ্ক থকাৰ বাবে আৰু তেওঁ আপোনাৰ পৰা আনন্দিত হোৱাৰ বাবে আপুনিও আনন্দিত হʼব।—হিতো. ২৩:১৫, ১৬.

আপুনি কেনেকৈ উত্তৰ দিব?

  • বাপ্তিষ্মা লোৱাৰ পাছতো আমি কিয় আগবাঢ়ি থকা উচিত?

  • এজন পৰিপক্ক খ্ৰীষ্টান হʼবলৈ কিশোৰ-কিশোৰীয়ে কি কৰিব পাৰে?

  • লক্ষ্য ৰাখিলে আপুনি কেনেকৈ এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰে?

গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা

a যেতিয়া কিশোৰ-কিশোৰীসকলে বাপ্তিষ্মা লয়, তেতিয়া যিহোৱাৰ সেৱকসকলে বহুত আনন্দিত হয়। কিন্তু বাপ্তিষ্মা লোৱাৰ পাছত সকলো শেষ হৈ নাযায়। ইয়াৰ পাছতো এই ভাই-ভনীসকলে উন্নতি কৰি থাকিব লাগিব। এই লেখত আমি শিকিম যে যিসকল কিশোৰ-কিশোৰীয়ে বাপ্তিষ্মা লৈছে, তেওঁলোকে কেনেকৈ এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰে।

b এনে ভাই-ভনীসকলৰ ইণ্টাৰভিউ চাবলৈ jw.org-ৰ “জীৱনৰ আৰম্ভণিৰ বিষয়ে তেওঁলোকৰ মতামত” ভাগলৈ যাওক।

c কিছুমান নাম সলনি কৰা হৈছে।

d ইজ দেয়াৰ এ ক্ৰীয়েটৰ হো কেয়াৰ এৱাউট ইউ? কিতাপ আৰু ওৱাজ লাইফ ক্ৰীয়েটেড? ব্ৰচাৰ।

e ৩ ঈশ্বৰৰ ইচ্ছা এই যে তোমালোক যেন পবিত্ৰতা লাভ কৰা অৰ্থাৎ তোমালোকে যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা। ৪ আৰু তোমালোকৰ মাজৰ প্ৰতিজনে পবিত্ৰতা আৰু সমাদৰেৰে নিজৰ শৰীৰক যেন নিয়ন্ত্ৰণত ৰাখিব জানা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক