অধ্যয়নৰ লেখ ৪১
প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰি?
“যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে, সেই জন ধন্য।”—গীত. ১২৮:১.a
গীত ১১০ ‘আনন্দ যিহোৱাই দিয়ে’
লেখৰ এক আভাসb
১. (ক) আমাক কি ইচ্ছা দি সৃষ্টি কৰা হৈছে? (খ) এই ইচ্ছা পূৰ কৰিলে আমি কিয় আনন্দ পাওঁ?
এই পৃথিৱীত এনে বহুতো বস্তু আছে, যাৰ সহায়ত আমি অলপ সময়ৰ বাবে আনন্দত থাকিব পাৰোঁ। কিন্তু তাক আমি প্ৰকৃত আনন্দ বুলি কʼব নোৱাৰোঁ। কাৰণ প্ৰকৃত আনন্দ সদায় কাললৈকে থাকে। যীচুৱে পৰ্বতীয়া উপদেশ দিয়াৰ সময়ত কৈছিল যে প্ৰকৃত আনন্দ পাবলৈ আমি কি কৰিব লাগিব। তেওঁ কৈছিল, “আধ্যাত্মিক বিষয়বোৰলৈ ভোক থকাবিলাক সুখী।” (মথি ৫:৩, NW) যিহোৱাৰ বিষয়ে শিকা আৰু তেওঁৰ উপাসনা কৰাৰ ইচ্ছাৰে আমাক সৃষ্টি কৰা হৈছে বুলি যীচুৱে জানিছিল। এই ইচ্ছা পূৰ কৰিলে আমি প্ৰকৃত আনন্দ পাওঁ। বাইবেলত যিহোৱাক ‘পৰম-ধন্য ঈশ্বৰ’ বা আনন্দিত ঈশ্বৰ বুলি কোৱা হৈছে। সেইবাবে, তেওঁৰ উপাসনা কৰিলে আমিও আনন্দিত হʼম।—১ তীম. ১:১১.
২-৩. (ক) মথি ৫:৪, ১০, ১১ পদৰ অনুসৰি আমি কি কি পৰিস্থিতিতো আনন্দিত থাকিব পাৰিম? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম আৰু এই বিষয়ে আলোচনা কৰাটো কিয় লাভজনক?
২ যেতিয়া আমাৰ জীৱনত সকলোবোৰ ঠিকে চলি থাকে আৰু আমি কোনো কথাৰ বাবে চিন্তিত নহওঁ, কেৱল তেতিয়াহে আমি আনন্দত থাকিব পাৰিমনে? এনে নহয়। আমি সমস্যাৰ সন্মুখীন হোৱাৰ সময়তো আনন্দত থাকিব পাৰোঁ। ইয়াক বুজিবলৈ যীচুৱে কোৱা এটা কথালৈ মন কৰক। তেওঁ কৈছিল যে “শোক কৰাবিলাক ধন্য।” যিসকলে আগতে পাপ বা ভুল কৰাৰ বাবে এতিয়া বৰ দুখত আছে, তেওঁলোকে শোক কৰাবিলাক হʼব পাৰে। যিসকলে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ চিন্তিত আছে, তেওঁলোকেও শোক কৰাবিলাক হʼব পাৰে। যীচুৱে এয়াও কৈছিল যে “ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক” আৰু তেওঁৰ নামৰ কাৰণে ‘নিন্দাৰ’ সন্মুখীন হোৱাবিলাকো আনন্দত থাকিব পাৰে। (মথি ৫:৪, ১০, ১১) কিন্তু এতিয়া প্ৰশ্ন হʼব পাৰে যে এনে পৰিস্থিতিতো লোকসকলে কেনেকৈ আনন্দত থাকিব পাৰে?
৩ যীচুৱে বুজাব বিচাৰিছিল যে আমাৰ জীৱনত সকলোবোৰ ঠিকে চলিলে আৰু কোনো কথাৰ বাবে চিন্তিত নহʼলেহে আমি প্ৰকৃত আনন্দত পাম এনে নহয়। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি যিহোৱাৰ বিষয়ে শিকি থাকিম, তেওঁৰ উপাসনা কৰিম আৰু তেওঁৰ কাষ চাপিম, তেতিয়াহে আমি প্ৰকৃত আনন্দ পাব পাৰিম। (যাকো. ৪:৮) এই লেখত আমি আলোচনা কৰিম আৰু শিকিম যে প্ৰকৃত আনন্দ পাবলৈ আমি কি তিনিটা পদক্ষেপ লʼব লাগিব।
বাইবেল পঢ়ক আৰু ইয়াৰ অধ্যয়নো কৰক
৪. প্ৰকৃত আনন্দ পাবলৈ আমি কি কৰিব লাগিব? (গীতমালা ১:১-৩)
৪ প্ৰথম পদক্ষেপ: প্ৰকৃত আনন্দ পাবলৈ হʼলে আমি বাইবেল পঢ়িব লাগিব আৰু অধ্যয়ন কৰিব লাগিব। মানুহ আৰু জীৱ-জন্তুক জীয়াই থাকিবলৈ হʼলে আহাৰ খোৱাটো অতি প্ৰয়োজন। কিন্তু যীচুৱে মানুহক আৰু এটা বস্তুৰ প্ৰয়োজন আছে বুলি কৈছিল। তেওঁ কৈছিল, “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।” (মথি ৪:৪) আমি যিদৰে প্ৰতিদিনে আহাৰ খাওঁ, ঠিক সেইদৰে আমি প্ৰতিদিনে বাইবেল পঢ়িব লাগিব আৰু অধ্যয়ন কৰিব লাগিব। গীত ৰচক এজনে কৈছিলে যে ‘যি মানুহে যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য।’—গীতমালা ১:১-৩ পঢ়ক।
৫-৬. (ক) যিহোৱাই বাইবেলত কি কি লিখাইছে? (খ) আমি কিয় বাইবেল পঢ়া উচিত?
৫ যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ বাইবেলত লিখুৱাইছে যে আমি আনন্দত থাকিবলৈ কি কৰিব লাগিব। যেনে, বাইবেলৰ সহায়ত আমি জানিব পাৰোঁ যে আমি কেনেধৰণৰ জীৱন-যাপন কৰা উচিত, আমি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰোঁ আৰু তেওঁৰ বন্ধু হʼব পাৰোঁ। ইয়াৰ লগতে বাইবেলৰ পৰা আমি এয়াও জানিব পাৰোঁ যে যিহোৱাৰ পৰা ক্ষমা পাবলৈ হʼলে আমি কি কৰিব লাগিব। ইয়াৰ উপৰিও আমি ভৱিষ্যতে আমি এটা ভাল জীৱন জীয়াই থাকিব পাৰিম বুলি বাইবেলত আশাও দিছে। (যিৰি. ২৯:১১) এই বিষয়বোৰ শিকিলে আমি বহুত আনন্দ পাওঁ!
৬ বাইবেলত বহুতো বিষয়ত ভাল পৰামৰ্শ দিয়া আছে। সেইবোৰ পালন কৰিলে আমি আনন্দত থাকিব পাৰিম। সেইবাবে, যেতিয়া আপুনি চিন্তিত হয় বা দুখত থাকে, তেতিয়া বাইবেল পঢ়িবলৈ আৰু সেই কথাবোৰ ধ্যান কৰিবলৈ আৰু বেছিকৈ সময় উলিৱাওক। যীচুৱে কৈছিল, “যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।”—লূক ১১:২৮.
৭. আমি কেনেধৰণে বাইবেল পঢ়া উচিত আৰু এনে কৰিলে আমাৰ কি লাভ হʼব?
৭ বাইবেল পঢ়াৰ সময়ত খৰ-খেদাকৈ পঢ়াৰ পৰিৱৰ্তে লাহে লাহে পঢ়ক। এটা উদাহৰণলৈ মন কৰকচোন। ধৰি লওক, কোনোবাই আপুনি বহুত ভাল পোৱা আহাৰ বনাইছে। কিন্তু আপুনি সেই আহাৰ খোৱাৰ সময়ত আপোনাৰ ধ্যান বেলেগ এটা ঠাইত থকাৰ বাবে বা আপোনাৰ সময় নথকাৰ বাবে আপুনি খৰ-খেদাকৈ সেই আহাৰ খালে আৰু তাৰ সোৱাদ লʼব নোৱাৰিলে। কিন্তু পাছত আপুনি ভাবিলে যে ‘সেই আহাৰখিনি মই লাহে লাহে আৰু সোৱাদ লৈ খোৱা হʼলে কিমান ভাল হʼলহেঁতেন!’ বাইবেল পঢ়াৰ সময়তো আমাৰ লগত এইদৰেই হʼব পাৰে। বাইবেল পঢ়াৰ সময়ত যদি আমি খৰ-খেদাকৈ পঢ়ি যাওঁ, তেনেহʼলে তাত যি শিক্ষা দিয়া আছে, তাক আমি ধ্যান নিদিবও পাৰোঁ। সেইবাবে, আপোনালোকে বাইবেল লাহে লাহেকৈ পঢ়ক। যেতিয়া আপুনি কোনো এটা ঘটনা পঢ়ে, তেতিয়া তাৰ বিষয়ে কল্পনা কৰিবলৈ চেষ্টা কৰক। আপুনি চিন্তা কৰক যে সেই সময়ত তাত কি কি হৈ আছে আৰু ওচৰ-পাজৰৰ পৰা কেনেধৰণৰ মাত আহিছে। আপুনি সেই ঘটনাৰ পৰা কি শিকিব পাৰে তালৈও মন কৰক। এইদৰে বাইবেল পঢ়িলে আপুনি বহুত লাভৱান হʼব আৰু আনন্দিত হʼব।
৮. ‘বিশ্বাসী বুদ্ধিমান দাসে’ কেনেকৈ নিজৰ দায়িত্ব ভালদৰে পালন কৰি আছে? (ফুটনোট চাওক)
৮ আমাক “উচিত সময়ত আহাৰ দিবলৈ” যীচুৱে ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰিছে। আজি এই দাসে নিজৰ দায়িত্ব ভালদৰে পালন কৰি আছে। সেইবাবে, আমি বাইবেল আধাৰিত বহুতো প্ৰকাশন পাইছো।c (মথি ২৪:৪৫) তেওঁলোকে যিমান প্ৰকাশন উলিয়ায়, সেইবোৰ বাইবেল আধাৰিত হয়। (১ থিচ. ২:১৩) সেইবাবে, যেতিয়া আমি এইবোৰ পঢ়ো, তেতিয়া আমি জানিব পাৰোঁ যে কোনো এটা বিষয়ত যিহোৱাৰ দৃষ্টিভংগী কি। প্ৰহৰীদুৰ্গ, সচেতন থাকক! আৰু jw.org ৱেবছাইটত যিবোৰ লেখ আহে, সেইবোৰ আমি পঢ়া উচিত। ইয়াৰ লগতে সভাৰ বাবে ভালদৰে প্ৰস্তুতি কৰা উচিত আৰু প্ৰতিমাহে JW ব্ৰডকাষ্টিং চোৱা উচিত। যদি আমি এই বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়োঁ, তেনেহʼলে আমি দ্বিতীয় পদক্ষেপটো লʼব পাৰিম যিয়ে আমাক প্ৰকৃত আনন্দ দিব।
যিহোৱাৰ মানদণ্ডবোৰ পালন কৰক
৯. প্ৰকৃত আনন্দ পাবলৈ আমি আৰু কি কৰিব লাগিব?
৯ দ্বিতীয় পদক্ষেপ: প্ৰকৃত আনন্দ পাবলৈ হʼলে আমি যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিব লাগিব। গীত ৰচক এজনে এইদৰে কৈছিল, “যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে, সেই জন ধন্য।” (গীত. ১২৮:১) যিহোৱাক ভয় কৰাৰ অৰ্থ এয়া নহয় যে আমি সদায় কপি কপি ভয়ে ভয়ে জীয়াই থাকিম। ইয়াৰ পৰিৱৰ্তে তাৰ অৰ্থ হৈছে আমি সেই কামবোৰৰ পৰা আঁতৰি থকা যিবোৰ যিহোৱাই ভাল নাপায়। (হিতো. ১৬:৬) যিহোৱাই বাইবেলত লিখাইছে যে তেওঁ কি ভাল পায় আৰু কি বেয়া পায়। সেইবাবে, আমি তেওঁৰ মানদণ্ডবোৰ পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (২ কৰি. ৭:১) যদি আমি যিহোৱাই ভাল পোৱা কামবোৰ কৰোঁ আৰু যিবোৰ কামক তেওঁ ঘিণ কৰে, তাৰ পৰা আঁতৰি থাকোঁ, তেনেহʼলে আমি আনন্দত থাকিম।—গীত. ৩৭:২৭; ৯৭:১০; ৰোম. ১২:৯.
১০. ৰোমীয়া ১২:২ পদৰ অনুসৰি যিহোৱাৰ মানদণ্ডবোৰ জনাৰ উপৰিও আমি আৰু কি কৰিব লাগিব?
১০ ৰোমীয়া ১২:২ পঢ়ক। হয়তো এজন ব্যক্তিয়ে জানে যে ভাল আৰু বেয়াৰ মাজত নিৰ্ণয় লোৱাৰ অধিকাৰ কেৱল যিহোৱাৰ হয়। কিন্তু তেওঁ কেৱল জানিলেই নহʼব, সেই মানদণ্ডবোৰ পালনো কৰিব লাগিব। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। এজন ব্যক্তিয়ে জানে যে কোনো এখন ৰাস্তাত কিমান স্পীডত গাড়ী চলাব পাৰি, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ চৰকাৰৰ আছে। কিন্তু তেওঁ কিমান স্পীডত গাড়ী চলাব তাৰ পৰা জানিব পাৰি যে তেওঁ সেই নিয়ম পালন কৰিছে নে নাই। ঠিক সেইদৰে আমি যেনেধৰণৰ জীৱন-যাপন কৰোঁ, তাৰ পৰা জানিব পাৰি যে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিলে আমাৰেই লাভ হʼব বুলি আমি বিশ্বাস কৰোঁ নে নকৰোঁ। (হিতো. ১২:২৮) দায়ূদেও বিশ্বাস কৰিছিল যে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিলেহে আনন্দ পাব পাৰি। সেইবাবে, তেওঁ এইদৰে কৈছিল, “তুমি মোক জীৱনৰ পথ জনাবা; তোমাৰ সম্মুখত তৃপ্তিজনক আনন্দ, তোমাৰ সোঁহাতে অনন্ত সুখ।”—গীত. ১৬:১১.
১১-১২. (ক) যেতিয়া আমি দুখত থাকোঁ বা চিন্তিত হওঁ, তেতিয়া আমি কি কথা মনত ৰখা উচিত? (খ) ফিলিপীয়া ৪:৮ পদে মনোৰঞ্জন বাছনি কৰাত কেনেকৈ সহায় কৰিব পাৰে?
১১ যেতিয়া আমি দুখত থাকোঁ আৰু চিন্তিত হওঁ, তেতিয়া আমি হয়তো তাৰ পৰা ওলাই আহিবলৈ কিছুমান কাম কৰোঁ। কিন্তু সেই সময়ত আমি সাৱধান হোৱা উচিত যাতে আমি এনে একো কাম নকৰোঁ, যিবোৰ যিহোৱাই ঘৃণা কৰে।—ইফি. ৫:১০-১২, ১৫-১৭.
১২ পৌলে ফিলিপীয়া মণ্ডলীলৈ লিখা চিঠিখনত এইদৰে কৈছিল, ‘যি আদৰণীয়, যি শুদ্ধ, যি প্ৰিয় আৰু যি প্ৰশংসাৰ যোগ্য সেই সকলোৰে আলোচনা কৰা।’ (ফিলিপীয়া ৪:৮ পঢ়ক।) পৌলে ইয়াত বিশেষভাৱে মনোৰঞ্জনৰ বিষয়ে কোৱা নাই। তথাপি আপুনি যদি নিজৰ আজৰি সময়ত কিবা কৰিম বুলি ভাবিছে, তেতিয়া আপুনি এই পদটো মনত ৰাখিব পাৰে। যেনে, কোনো এখন চিনেমা চোৱাৰ আগত আপুনি ভাবিব পাৰে যে ‘এই চিনেমাখন আদৰণীয় নে, শুদ্ধ নে, প্ৰিয় নে আৰু প্ৰশংসাৰ যোগ্য নে?’ ঠিক সেইদৰে কোনো এটা গান শুনা, কিতাপ পঢ়া বা ভিডিঅʼ গেম খেলাৰ আগতে আমি এনেধৰণৰ প্ৰশ্ন নিজকে সুধিব পাৰোঁ। এইদৰে ভাবিলে আমি জানিব পাৰিম যে যিহোৱাৰ দৃষ্টিত কি ভাল আৰু কি বেয়া। আমি যিহোৱাৰ এই উচ্চ মানদণ্ডবোৰ পালন কৰিলে আমাৰ বিবেক শুদ্ধ হৈ থাকিব। (গীত. ১১৯:১-৩; পাঁচ. ২৩:১) এনে কৰিলে আমি তৃতীয় পদক্ষেপটো লʼব পাৰিম, যিয়ে আমাক প্ৰকৃত আনন্দ দিব পাৰে।
যিহোৱাৰ উপাসনাক আটাইতকৈ বেছি গুৰুত্ব দিয়ক
১৩. যোহন ৪:২৩, ২৪ পদৰ অনুসৰি প্ৰকৃত আনন্দ পাবলৈ আমি আৰু কি কৰিব লাগিব?
১৩ তৃতীয় পদক্ষেপ: যিহোৱাৰ উপাসনাক আটাইতকৈ বেছি গুৰুত্ব দিয়ক। যিহোৱাইহে আমাক সৃষ্টি কৰিছে, সেইবাবে আমি তেওঁৰ উপাসনা কৰা উচিত আৰু সাৱধান হোৱা উচিত যাতে কোনো বিষয়ে আমাৰ উপাসনাক বাধা নিদিয়ে। (প্ৰকা. ৪:১১; ১৪:৬, ৭) আমি যিহোৱাই বিচৰা অনুসৰি পবিত্ৰ “আত্মাৰে আৰু সত্যেৰে” তেওঁৰ উপাসনা কৰা উচিত। পবিত্ৰ আত্মাই বাইবেলত লিখা সত্যতাক বুজিবলৈ আৰু তাৰ অনুসৰি যিহোৱাৰ উপাসনা কৰিবলৈ আমাক সহায় কৰে। (যোহন ৪:২৩, ২৪ পঢ়ক।) যদি আমাৰ কামক নিষেধ কৰা হয়, তথাপিও আমি যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিয়া উচিত নহয়। আজি যিহোৱাৰ উপাসনা কৰাৰ বাবে আমাৰ ১০০-তকৈ বেছি ভাই-ভনী জেইলত আছে।d জেইলতো তেওঁলোকে একেৰাহে যিহোৱালৈ প্ৰাৰ্থনা কৰে, অধ্যয়ন কৰে আৰু আনক যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে জনায়। সেইবাবে, তেওঁলোকে আনন্দিত থাকে। যদি আমাক বদনাম কৰা হয় বা তাড়না দিয়া হয়, তেতিয়া আমি মনত ৰাখিব পাৰোঁ যে যিহোৱা আমাৰ লগত আছে আৰু উচিত সময়ত পুৰস্কাৰ দিব। এইদৰে কৰিলে আমি আনন্দত থাকিব পাৰিম।—যাকো. ১:১২; ১ পিত. ৪:১৪.
সমস্যাৰ সত্ত্বেও কেনেকৈ এজন ভায়ে আনন্দত থাকিব পাৰিলে?
১৪. তাজিকিস্তানৰ আমাৰ এজন ভাইৰ লগত কি হʼল?
১৪ আমাৰ এনে বহুতো ভাই-ভনী আছে, যিসকলে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু ওপৰত উল্লেখ কৰা তিনিটা পদক্ষেপ লোৱাৰ বাবে তেওঁলোকে আনন্দ থাকিব পাৰিছে। অলপতে তাজিকিস্তানৰ এজন ভাইৰ জীৱনলৈ বহুতো সমস্যা আহিল। তেওঁৰ নামৰ হৈছে জʼভিডন বাবাজʼনভ। ১৯ বছৰ বয়সতে তেওঁক সেনাত ভৰ্তি হʼবলৈ কোৱা হৈছিল, কিন্তু তেওঁ মানা কৰিলে। সেইবাবে, ৪ অক্টোবৰ, ২০১৯ চনত পুলিচে তেওঁক ঘৰৰ পৰা জোৰ-জবৰদস্তি কৰি লৈ গʼল আৰু কেইবা মাহলৈকে অপৰাধীৰ দৰে বন্দী কৰি ৰাখিলে। বহুতো দেশৰ মিডিয়াই জনালে যে তেওঁৰ লগত কেনে ধৰণৰ ব্যৱহাৰ হৈ আছে। বাতৰিত কোৱা হৈছিল যে পুলিচে তেওঁক বহুত মাৰ-পিট কৰিছিল আৰু সেনা বাহিনীত ভৰ্তি হোৱাৰ শপত লʼবলৈ আৰু সেনা বাহিনীৰ ইউনিফৰ্ম পিন্ধিবলৈ হেঁচা দিছিল। পাছত ন্যায়ালয়ে তেওঁক দোষী বুলি ঘোষণা কৰিলে আৰু তেওঁক জেইলত পঠাই দিলে। কিন্তু কিছু সময়ৰ পাছত তাজিকিস্তানৰ ৰাষ্ট্ৰপতিয়ে তেওঁক মুকলি কৰিবলৈ আদেশ দিলে। এই কঠিন সময়ছোৱাতো তেওঁ আনন্দত থাকিব পাৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে। যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক থকাৰ বাবে তেওঁ এইদৰে কৰিব পাৰিলে।
জʼভিডনে যিহোৱাৰ বিষয়ে শিকি থাকিল, তেওঁৰ মানদণ্ডবোৰ পালন কৰিলে আৰু তেওঁৰ উপাসনাক আটাইতকৈ বেছি গুৰুত্ব দিলে (অনুচ্ছেদ ১৫-১৭ চাওক)
১৫. জʼভিডনে জেইলত থকাৰ সময়তো কেনেকৈ যিহোৱাৰ বিষয়ে শিকি থাকিল?
১৫ জেইলত থকাৰ সময়ত জʼভিডনৰ ওচৰত বাইবেল আৰু প্ৰকাশনো নাছিল, তথাপি তেওঁ যিহোৱাৰ বিষয়ে শিকি থাকিল। কেনেকৈ বাৰু? যিসকল ভাই-ভনীয়ে তেওঁক আহাৰ দিবলৈ গৈছিল, তেওঁলোকে দৈনিক পাঠটো আহাৰৰ বেগত লিখি দিছিল। এইদৰে কৰাৰ বাবে জʼভিডনে প্ৰতিদিনে বাইবেল পঢ়িব পাৰিলে আৰু তাৰ বিষয়ে ধ্যান কৰিব পাৰিলে। জেইলৰ পৰা মুকলি হোৱাৰ পাছত জʼভিডনে কৈছিল যে “যিসকল ভাই-ভনীয়ে এতিয়ালৈকে কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা নাই তেওঁলোকক মই কʼব বিচাৰোঁ যে যেতিয়ালৈকে আপোনালোকৰ ওচৰত স্বাধীনতা আছে, তেতিয়ালৈকে নিয়মীয়াকৈ বাইবেল আৰু প্ৰকাশনবোৰ পঢ়ক আৰু যিহোৱাৰ বিষয়ে শিকি থাকক।”
১৬. জʼভিডনে জেইলত থকাৰ সময়তো কিহৰ বিষয়ে ভাবিছিল?
১৬ জʼভিডনে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰি থাকিল। সেই সময়ত তেওঁ বেয়া কথাবোৰ চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাই কি ভাল পায় তাৰ বিষয়ে চিন্তা কৰিলে। তেওঁ যেতিয়াই সুযোগ পাইছিল, তেতিয়াই যিহোৱাৰ সৃষ্টিৰ বিষয়ে ধ্যান কৰিছিল। যেনে, তেওঁ সদায় ৰাতিপুৱা উঠি চৰাই-চিৰিকটিৰ মাত আৰু গান শুনিছিল আৰু ৰাতি আকাশত জোন আৰু তৰাবোৰ চাইছিল। তেওঁ কৈছিল যে “যিহোৱাই যিবোৰ সৃষ্টি কৰিছে, সেয়া মোৰ বাবে উপহাৰস্বৰূপ হয়। ইয়াৰ যোগেদি মই আনন্দত থাকিব পাৰিলোঁ আৰু উৎসাহ লাভ কৰিলোঁ।” আমিও যিহোৱাৰ সৃষ্টিৰ বিষয়ে ধ্যান কৰিলে আৰু নিয়মীয়াকৈ বাইবেল পঢ়িলে আনন্দত থাকিব পাৰিম আৰু ইয়াৰ সহায়ত ডাঙৰ ডাঙৰ সমস্যাবোৰ সন্মুখীন হʼব পাৰিম।
১৭. সমস্যা আহিলে যদি আমি জʼভিডনৰ নিচিনা বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে ১ পিতৰ ১:৬, ৭ পদৰ অনুসৰি কি হʼব?
১৭ জʼভিডনে যিহোৱাৰ উপাসনাক আটাইতকৈ বেছি গুৰুত্ব দিছিল। যীচুৱে কৈছিল যে “তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু অকল তেওঁৰেই আৰাধনা কৰা।” (লূক ৪:৮) জʼভিডনেও যিকোনো পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰিছিল। যিহোৱাৰ উপাসনা এৰি দিবলৈ অধিকাৰী আৰু সৈনিকসকলে জʼভিডনৰ ওপৰত বহুত হেঁচা দিছিল। কিন্তু তেওঁ সাহস বিচাৰি দিনে-ৰাতিয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকিল, যাতে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে। অধিকাৰীসকলে তেওঁৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলে। তথাপি তেওঁ হাৰ নামানিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিল। জʼভিডনক জোৰ-জবৰদস্তি কৰি ঘৰৰ পৰা নিয়া হৈছিল, মাৰ-পিট কৰা হৈছিল আৰু জেইলত ৰখা হৈছিল। এনেদৰে তেওঁৰ বিশ্বাসৰ পৰীক্ষা হৈছিল। জʼভিডনৰ বিশ্বাস আগতকৈ এতিয়া বহুত মজবুত হোৱাৰ বাবে তেওঁ বৰ আনন্দিত।—১ পিতৰ ১:৬, ৭.
১৮. সমস্যা আহিলেও আমি কেনেকৈ আনন্দত থাকিব পাৰোঁ?
১৮ আমি প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে আৰু আমি এয়া কেনেকৈ পাব পাৰিম তাৰ বিষয়ে তেওঁ জনাইছেও। আমাৰ জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয়, যদি আমি এই লেখত আলোচনা কৰা তিনিটা পদক্ষেপ লওঁ, তেনেহʼলে আমি আনন্দত থাকিব পাৰিম। তেতিয়া আপুনিও গীত ৰচকৰ দৰে কʼব পাৰিব, “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য।”—গীত. ১৪৪:১৫.
গীত ৮৯ শুনি পালন কৰা
a কিছুমান লোকে ভাবে যে যদি তেওঁলোকৰ ওচৰত বহুত টকা-পইচা থাকে, সমাজত এটা ভাল নাম আৰু পদ থাকে আৰু যদি তেওঁলোকে আনন্দ-ফুৰ্তি কৰে, তেতিয়াহে তেওঁলোকে আনন্দত থাকিব পাৰিব। কিন্তু এয়া সঁচা নহয়। যীচুৱে এই পৃথিৱীত থকাৰ সময়ত কৈছিল যে প্ৰকৃত আনন্দ পাবলৈ হʼলে আমি কি কৰিব লাগিব। কি তিনিটা পদক্ষেপ লʼলে আমি আনন্দত থাকিব পাৰিম, তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম।
b এই লেখত ধন্য বুলি উল্লেখ কৰা শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে সুখী বা আনন্দিত।
c ১৫ আগষ্ট, ২০১৪ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “আপুনি ‘উচিত সময়ত আহাৰ’ পাইছেনে?” নামৰ লেখটো পঢ়ক।
d বেছিকৈ জানিবলৈ jw.org-ৰ ইংৰাজী ৱেবছাইটত “যেহʼৱাজ উইটনেছেচ ইমপ্ৰিজেণ্ড ফৰ দেয়াৰ ফেইথ” অনুসন্ধান কৰক।
e ছবিৰ বিষয়ে: যেতিয়া ভাই-ভনীক গ্ৰেপ্তাৰ কৰি ন্যায়ালয়ত নিয়া হয়, তেতিয়া বহু বাৰ আন ভাই-ভনীসকল আশে-পাশে থিয় হৈ তেওঁলোকক উৎসাহিত কৰে।