অধ্যয়নৰ লেখ ৪৪
নিজৰ আশা দৃঢ় কৰি থাকক
“হে প্ৰভু যিহোৱা, তুমি মোৰ আশা।”—গীত. ৭১:৫.
গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখক!
লেখৰ এক আভাসa
১. যিহোৱাই আমাক কি আশা দিছে?
যিহোৱাই আমাক সকলোকে সদায় কাললৈকে জীয়াই থকাৰ এক সুন্দৰ আশা দিছে। আমাৰ মাজৰ কিছুমানে স্বৰ্গত অমৰ জীৱন জীয়াই থকাৰ আশা লাভ কৰিছে। (১ কৰি. ১৫:৫০, ৫৩) আমাৰ মাজৰ বেছিভাগ লোকে এই পৃথিৱীত সদায় কাল জীয়াই থকাৰ আশা লাভ কৰিছে আৰু সেই সময়ত সকলোৰে স্বাস্থ্য ভাল থাকিব আৰু সকলোৱে আনন্দিত হʼব। (প্ৰকা. ২১:৩, ৪) আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, যিহোৱাই আমাক এই আশা দিয়াৰ বাবে আমি সকলোৱে বহুত আনন্দিত আৰু এই আশা পূৰ হোৱাটো চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ।
২. আমাৰ আশা পূৰ হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?
২ বাইবেলত কোৱা ‘আশাৰ’ অৰ্থ হৈছে কিবা ভাল হোৱাটো চাবলৈ আগ্ৰহেৰে বাট চোৱা। কিন্তু আমাৰ আশা কোনো সপোন নহয়, এইবোৰ নিশ্চয় পূৰ হʼব বুলি আমাৰ ওচৰত বহুতো প্ৰমাণ আছে। যিহোৱাই আমাক এই আশা দিছে। (ৰোম. ১৫:১৩) তেওঁ আমাক স্পষ্টকৈ জনাইছে যে তেওঁ আগলৈ কি কি কৰিব আৰু আমি ভালদৰে জানোঁ যে তেওঁ নিজৰ প্ৰতিজ্ঞাবোৰ সদায় পূৰ কৰে। (গণ. ২৩:১৯) আমি এয়াও জানোঁ যে নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰাৰ তেওঁৰ ইচ্ছা আছে আৰু শক্তিও আছে। সেইবাবে, এইবোৰ কথা মনত ৰাখি আমি বিশ্বাস কৰিব পাৰোঁ যে আমাৰ আশা নিশ্চয় পূৰ হʼব।
৩. এই লেখত আমি কিহৰ বিষয়ে শিকিম? (গীতমালা ৭১:৫)
৩ যিহোৱা আমাৰ পিতৃ হয় আৰু তেওঁ আমাক বহুত প্ৰেম কৰে। আমি তেওঁৰ ওপৰত ভৰসা কৰাটো তেওঁ বিচাৰে। (গীতমালা ৭১:৫ পঢ়ক।) যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ আৰু নিজৰ আশা দৃঢ় কৰোঁ, তেনেহʼলে আমি সমস্যাবোৰ ধৈৰ্য্যেৰে আৰু সাহসেৰে সন্মুখীন হʼব পাৰিম আৰু আনন্দিত থাকিব পাৰিম। এই লেখত আমি শিকিম যে আমাৰ আশাই কেনেকৈ এটা লঙ্গৰ আৰু টকয়াৰ নিচিনা আমাক সুৰক্ষিত কৰি ৰাখে। আমি এয়াও শিকিম যে আমি নিজৰ আশাক কেনেকৈ দৃঢ় কৰিব পাৰিম।
আমাৰ আশা লঙ্গৰৰ নিচিনা হয়
৪. আমাৰ আশা কেনেকৈ এটা লঙ্গৰৰ নিচিনা হয়? (ইব্ৰী ৬:১৯)
৪ পৌলে ইব্ৰী নামৰ চিঠিখন লিখাৰ সময়ত তেওঁ কৈছিল যে আমাৰ আশা এটা লঙ্গৰৰ নিচিনা হয়। (ইব্ৰী ৬:১৯ পঢ়ক।) পৌলে প্ৰায়ে জাহাজেৰে যাত্ৰা কৰিছিল। সেইবাবে, তেওঁ ভালদৰে জানিছিল যে লঙ্গৰে কেনেকৈ জাহাজখনক থিৰে থাকিবলৈ সহায় কৰে। এবাৰ যেতিয়া তেওঁ যাত্ৰা কৰি আছিল, তেতিয়া হঠাতে এটা ডাঙৰ ধুমুহা আহিছিল। সেই সময়ত পৌলে দেখিলে যে নাবিকসকলে পানীত লঙ্গৰ পেলাই দিলে, যাতে জাহাজখন থিৰে থাকিব পাৰে আৰু শিলত খুন্দা নাখায়। (পাঁচ. ২৭:২৯, ৩৯-৪১) ঠিক সেইদৰে আমাৰ জীৱনতো ধুমুহাৰ নিচিনা ডাঙৰ ডাঙৰ সমস্যাবোৰ আহে। সেই সময়ত আশাই আমাক থিৰে থাকিবলৈ সহায় কৰে, যাতে আমি যিহোৱাৰ পৰা আঁতৰি নাযাওঁ। এই আশা থকাৰ বাবে আমি বহুত বেছি চিন্তিত আৰু হতাশ নহওঁ। কাৰণ আমি জানোঁ যে এই ধুমুহা বন্ধ হʼব। মনত ৰাখক যীচুৱেও কৈছিল যে আমাক অত্যাচাৰ কৰা হʼব। (যোহ. ১৫:২০) সেইবাবে, যদি আমি নিজৰ ধ্যান আশাৰ ওপৰত ৰাখোঁ, তেনেহʼলে আমাৰ বিশ্বাস থিৰে থাকিব আৰু আমি সমস্যাৰ সময়তো যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম।
৫. যীচুৰ মৃত্যুৰ সময়ছোৱাত আশাই কেনেকৈ তেওঁক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিলে?
৫ যীচুৱে জানিছিল যে তেওঁক যাতনাদায়ক মৃত্যুদণ্ড দিয়া হʼব। কিন্তু তেওঁ নিজৰ আশাৰ বিষয়ে চিন্তা কৰাৰ বাবে সেই সময়তো যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে। ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাখন পিতৰে নিজৰ ভাষণত যীচুৰ বিষয়ে কৰা এটা ভৱিষ্যতবাণীৰ বিষয়ে কʼলে। গীতমালা কিতাপত লিখা সেই ভৱিষ্যতবাণীৰ পৰা জানিব পাৰি যে যীচুৱে কি কথাৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁ হয়তো কি কৰিবলৈ থিৰাং কৰিছিল। তেওঁ হয়তো এইদৰে ভাবিছিল, ‘মোৰ শৰীৰো আশাযুক্ত হৈ বিশ্ৰাম কৰিব; কিয়নো তুমি পৰলোকত মোৰ আত্মা ত্যাগ নকৰিবা, আৰু তোমাৰ পবিত্ৰ জনাক ক্ষয় পাবলৈ নিদিবা। তোমাৰ সন্মুখত মোক আনন্দেৰে পূৰ কৰিবা।’ (পাঁচ. ২:২৫-২৮; গীত. ১৬:৮-১১) যীচুৱে জানিছিল যে তেওঁক মৃত্যুদণ্ড দিয়া হʼব। কিন্তু তেওঁৰ আশা আছিল যে যিহোৱাই তেওঁক নিশ্চয় পুনৰ জীৱিত কৰিব আৰু তেওঁ যিহোৱাৰ লগত স্বৰ্গত থাকিব।—ইব্ৰী ১২:২, ৩.
৬. এজন ভায়ে নিজৰ আশাৰ বিষয়ে কি কৈছিল?
৬ আশা থকাৰ বাবে আমাৰ বহুতো ভাই-ভনীয়ে সমস্যাৰ সাহসেৰে সন্মুখীন হʼব পাৰিলে। ইংলেণ্ডত থকা ভাই লেনাৰ্ড চিনেও আশা থকাৰ বাবে থিৰে থাকিব পাৰিলে। যেতিয়া প্ৰথম বিশ্ব যুদ্ধ হৈছিল, তেতিয়া ভাইক সেনাত ভৰ্তি হʼবলৈ হেঁচা দিয়া হৈছিল। কিন্তু ভায়ে সেনাত ভৰ্তি হʼবলৈ মানা কৰাৰ বাবে তেওঁক দুমাহৰ বাবে অকলে জেইলত ৰখা হʼল। তাৰ পাছত তেওঁক শ্ৰমিক হিচাপে কঠোৰ পৰিশ্ৰম কৰোৱা হʼল। পাছত তেওঁ এইদৰে লিখিছিল, “সেই সময়ছোৱাত মই শিকিলোঁ যে আশা থকাটো কিমান গুৰুত্বপূৰ্ণ। ইয়াৰ সহায়ত আমি সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰোঁ। যীচু, পাঁচনিসকল আৰু আন ভৱিষ্যতবক্তাসকলে আশা থকাৰ বাবে সমস্যাবোৰ সন্মুখীন হʼব পাৰিলে। যদি আমি তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ আৰু যিহোৱাই বাইবেলত উল্লেখ কৰা প্ৰতিজ্ঞাবোৰ ধ্যান কৰোঁ, তেনেহʼলে আমাৰ আশা আৰু দৃঢ় হʼব, যাৰ বাবে আমি সাহসেৰে সমস্যাবোৰ সন্মুখীন হʼব পাৰিম।” ভাই লেনাৰ্ডৰ বাবে তেওঁৰ আশা এটা লঙ্গৰৰ নিচিনা আছিল। আমাৰ বাবেও এয়া এটা লঙ্গৰৰ নিচিনা কাম কৰিব পাৰে।
৭. সমস্যা আহিলে আমাৰ আশা কেনেকৈ আৰু দৃঢ় হয়? (ৰোমীয়া ৫:৩-৫; যাকোব ১:১২)
৭ যেতিয়া আমি প্ৰথমবাৰ বাইবেলৰ পৰা যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে শিকিছিলোঁ, তেতিয়া আমি এটা আশা লাভ কৰিছিলোঁ। কিন্তু যেতিয়া আমি সমস্যাৰ মাজেদি পাৰ হওঁ আৰু যিহোৱাই আমাক সহায় কৰে, তেতিয়া আমাৰ আশা আৰু দৃঢ় হয়। কাৰণ আমি জানোঁ যে যিহোৱা আমাৰ পৰা আনন্দিত আছে। (ৰোমীয়া ৫:৩-৫; যাকোব ১:১২ পঢ়ক।) সমস্যাৰ সময়ত আমি নিৰাশ হৈ হাৰ মানি লোৱাটো চয়তানে বিচাৰে। কিন্তু যিহোৱাৰ সহায়ত আমি সকলো সমস্যা সাহসেৰে সন্মুখীন হʼব পাৰিম।
আমাৰ আশা সৈনিকৰ টকয়াৰ নিচিনা হয়
৮. আমাৰ আশা কেনেকৈ এটা টকয়াৰ দৰে হয়? (১ থিচলনীকীয়া ৫:৮)
৮ বাইবেলত আমাৰ আশাক টকয়াৰ লগত তুলনা কৰা হৈছে। (১ থিচলনীকীয়া ৫:৮ পঢ়ক।) যেতিয়া যুদ্ধত সৈনিকে টকয়া পিন্ধে, তেতিয়া শত্ৰুৰ আক্ৰমণৰ পৰা তেওঁ নিজৰ মূৰৰ ৰক্ষা কৰিব পাৰে। আজি চয়তানেও আমাক বিভিন্ন ধৰণে আক্ৰমণ কৰে। সি আমাক বেলেগ বেলেগ উপায়েৰে প্ৰলোভনত পেলাব বিচাৰে আৰু আমি এনে কথাবোৰ চিন্তা কৰাটো সি বিচাৰে, যি সঠিক নহয়। সেইবাবে, আমি নিজৰ চিন্তাধাৰক ৰক্ষা কৰা উচিত। যিদৰে সৈনিকে টকয়া পিন্ধিলে তেওঁৰ মূৰৰ ৰক্ষা হয়, ঠিক সেইদৰে যদি আমি নিজৰ আশাৰ বিষয়ে চিন্তা কৰি থাকোঁ, তেনেহʼলে ইয়ে আমাৰ চিন্তাধাৰাক ৰক্ষা কৰিব আৰু আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম।
৯. কোনো আশা নথকা লোকসকলে কেনেধৰণৰ জীৱন-যাপন কৰে?
৯ ভৱিষ্যতে আমি সদায় কাললৈকে জীয়াই থাকিম এই আশাৰ বিষয়ে যদি আমি মনত ৰাখোঁ, তেনেহʼলে আজি আমি ভাল নিৰ্ণয় লʼব পাৰিম আৰু সঠিক কথাৰ ওপৰত ধ্যান দিব পাৰিম। যদি আমি এই আশাৰ বিষয়ে চিন্তা নকৰোঁ, তেনেহʼলে আমি কেৱল নিজৰ ইচ্ছা পূৰ কৰাৰ বিষয়ে ভাবি থাকিম আৰু যিহোৱাই কৰা প্ৰতিজ্ঞাবোৰ পাহৰি যাম। প্ৰথম শতিকাৰ কৰিন্থ চহৰৰ লোকসকলৰ লগতো এইদৰেই হৈছিল। যিহোৱাই পুনৰুত্থানৰ বিষয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাবোৰ পূৰ নহʼব বুলি তেওঁলোকে ভাবিছিল। (১ কৰি. ১৫:১২) পৌলে কৈছিল যে এনে লোকসকল কেৱল আজিৰ কাৰণে জীয়াই থাকে। (১ কৰি. ১৫:৩২) আজিও যিসকলে যিহোৱাৰ প্ৰতিজ্ঞাৰ বিষয়ে নাজানে আৰু কোনো আশা নাই, তেওঁলোকে কেৱল আনন্দ ফুৰ্তি আৰু ৰং-ধেমালি কৰি থাকে। তেওঁলোকে ভাবে যে ‘কালিলৈ মৰিবই লাগিব, গতিকে যি কৰিব আছে আজিয়েই কৰা!’ কিন্তু আমি তেওঁলোকৰ দৰে নহওঁ। যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰিব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছে। আমাৰ আশাই টকয়াৰ নিচিনা আমাৰ চিন্তাধাৰাক ৰক্ষা কৰে, যাতে আমি নিজৰ ইচ্ছাবোৰ পূৰ কৰি নাথাকোঁ, যাৰ যোগেদি যিহোৱাৰ লগত আমাৰ সম্বন্ধ বেয়া হʼব পাৰে।—১ কৰি. ১৫:৩৩, ৩৪.
১০. আমাৰ আশাই কেনেধৰণৰ ভুল চিন্তাধাৰাৰ পৰা আমাক ৰক্ষা কৰে?
১০ যিহোৱা আমাৰ পৰা আনন্দিত নহয়, এনে ধৰণৰ ভুল চিন্তাধাৰাৰ পৰা আশাই আমাক ৰক্ষা কৰে। যেনে, কিছুমান লোকে হয়তো ভাবে যে ‘মই যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিবলৈ বহু বাৰ বিফল হওঁ, মই বহুত ভুল কৰোঁ, মই কʼতনো অনন্ত জীৱন পাম!’ ইয়োবৰ বন্ধু এলিফজেও ইয়োবক এইদৰেই কৈছিল। তেওঁ কৈছিল, “মৰ্ত্ত্য [সাধাৰণ লোক] নো কি, যে, তেওঁ শুচি হব পাৰে?” তাৰ পাছত তেওঁ যিহোৱাৰ বিষয়ে এইদৰে কৈছিল, “চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকশ-মণ্ডলো তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।” (ইয়ো. ১৫:১৪, ১৫) এলিফজে কোৱা কথাটো একেবাৰে মিছা আছিল। আচলতে আমি এইদৰে ভবাটো চয়তানে বিচাৰে। সি জানে যে যদি আমি এইদৰে চিন্তা কৰোঁ, তেনেহʼলে আমি নিজৰ আশা হেৰুৱাম। সেইবাবে, যদি আমাৰ মনলৈ এনেধৰণৰ প্ৰশ্ন আহে, তেনেহʼলে আমি লগে লগে সেইবোৰ উলিয়াই পেলোৱা উচিত আৰু যিহোৱাৰ প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰা উচিত। বিশ্বাস ৰাখক আপুনি সদায় কাললৈকে জীয়াই থকাটো যিহোৱাই বিচাৰে আৰু তেওঁ আপোনাক সহায় কৰিব যাতে আপোনাৰ এই আশা পূৰ হয়।—১ তীম. ২:৩, ৪.
নিজৰ আশা দৃঢ় কৰি থাকক
১১. যেতিয়ালৈকে আমাৰ আশা পূৰ নহয়, তেতিয়ালৈকে আমি কিয় ধৈৰ্য্য ধৰা উচিত?
১১ বহু বাৰ আমাক হয়তো ধৈৰ্য্য ধৰিবলৈ কঠিন লাগিব পাৰে আৰু আমাৰ আশা দুৰ্বল হʼব পাৰে। সেই সময়ত আমি হয়তো ভাবিব পাৰোঁ যে যিহোৱাই এতিয়ালৈকে নিজৰ প্ৰতিজ্ঞা কিয় পূৰ কৰা নাই। কিন্তু আমি মনত ৰখা উচিত যে যিহোৱা আগৰে পৰা আছে আৰু সদায় কাললৈকে থাকিব। সেইবাবে, যিহোৱাৰ সময় আৰু আমাৰ সময়ৰ মাজত পাৰ্থক্য আছে। আমাক যি সময় দীঘলীয়া যেন লাগে, সেই সময়খিনি যিহোৱাৰ কাৰণে হয়তো অলপ হʼব পাৰে। (২ পিত. ৩:৮, ৯) আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই সঠিক সময়ত নিজৰ প্ৰতিজ্ঞাবোৰ নিশ্চয় পূৰ কৰিব। কিন্তু আমি যেতিয়াই বিচাৰোঁ, তেতিয়া কৰিব এনে নহয়। গতিকে যেতিয়ালৈকে যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ নকৰে, তেতিয়ালৈকে আমি নিজৰ আশা কেনেকৈ দৃঢ় কৰিব পাৰোঁ?—যাকো. ৫:৭, ৮.
১২. ইব্ৰী ১১:১, ৬ পদৰ অনুসৰি আশা থাকিবলৈ বিশ্বাস থকাৰ কিয় প্ৰয়োজন?
১২ যিহোৱাই আমাক এই আশা দিছে আৰু তেওঁ এই আশা পূৰো কৰিব। সেইবাবে, যদি আমি তেওঁৰ ওপৰত নিজৰ বিশ্বাস বঢ়াওঁ আৰু তেওঁৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখোঁ, তেনেহʼলে আমাৰ আশা দৃঢ় হʼব। বাইবেলতো কোৱা আছে যে যিহোৱা আছে বুলি আৰু তেওঁ যে ‘তেওঁক বিচৰা লোকক পুৰস্কাৰ দিয়ে’ বুলি যদি আমি বিশ্বাস কৰোঁ, তেতিয়া আমি আশা ৰাখিব পাৰিম যে তেওঁৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব। (ইব্ৰী ১১:১, ৬ পঢ়ক।) এতিয়া আহক আমি চাওঁ যে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক কেনেকৈ মজবুত কৰিব পাৰোঁ, যাৰ পৰা আমাৰ আশা আৰু দৃঢ় হʼব।
প্ৰাৰ্থনা আৰু ধ্যান কৰিলে আমাৰ আশা দৃঢ় হʼব (অনুচ্ছেদ ১৩-১৫ চাওক)b
১৩. আমি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰোঁ?
১৩ যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু বাইবেল পঢ়ক। আমি যিহোৱাক দেখা নাপাওঁ, কিন্তু তেওঁৰ কাষ চাপিব পাৰোঁ। আমি প্ৰাৰ্থনা কৰাৰ যোগেদি তেওঁৰ লগত কথা পাতিব পাৰোঁ আৰু বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ নিশ্চয় শুনিব। (যিৰি. ২৯:১১, ১২) যেতিয়া আমি বাইবেল পঢ়োঁ আৰু ধ্যান কৰোঁ, তেতিয়া আমি তেওঁৰ কথা শুনাৰ দৰে হয়। যেতিয়া আমি বাইবেলত পঢ়োঁ যে তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক কেনেকৈ সহায় কৰিলে আৰু কেনেকৈ যত্ন লʼলে, তেতিয়া আমাৰ আশা আৰু দৃঢ় হয়। আচলতে বাইবেলত যিবোৰ লিখা হৈছিল, সেইবোৰ “আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।”—ৰোম. ১৫:৪.
১৪. যিহোৱাই আগতে নিজৰ প্ৰতিজ্ঞাবোৰ কেনেকৈ পূৰ কৰিছিল, তাৰ বিষয়ে আমি কিয় চিন্তা কৰা উচিত?
১৪ যিহোৱাই এতিয়ালৈকে নিজৰ প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিলে, তাৰ বিষয়ে চিন্তা কৰক। অব্ৰাহাম আৰু চাৰাৰ বিষয়ে চিন্তা কৰক। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকৰ এটি পুত্ৰ জন্ম হʼব। (আদি. ১৮:১০) কিন্তু তেওঁলোকৰ পুত্ৰ জন্ম হোৱাৰ কোনো আশাই নাছিল। কাৰণ তেওঁলোক বহুত বৃদ্ধ হৈছিল। তথাপি যিহোৱাই নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব বুলি অব্ৰাহামে সম্পূৰ্ণৰূপে বিশ্বাস কৰিলে। (ৰোম. ৪:১৯-২১) বাইবেলতো এইদৰে লিখা আছে, “তেওঁ অনেক জাতিৰ পিতৃ হবলৈ, আশা নোহোৱাতো, আশা কৰি বিশ্বাস কৰিলে।” (ৰোম. ৪:১৮) যিহোৱাই যি কৈছিল, সেইদৰেই হʼল। যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে আৰু তেওঁলোকৰ এটি পুত্ৰ জন্ম হʼল। যদি আমি এনেধৰণৰ ঘটনাবোৰ ধ্যান কৰোঁ, তেনেহʼলে আমাৰ বিশ্বাস বাঢ়িব যে যদিও আমাক কোনো এটা কথা আমাক অসম্ভৱ যেন লাগে, তথাপি যিহোৱাই নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব।
১৫. আমাৰ বাবে যিহোৱাই যিবোৰ কাম কৰিলে, তাৰ বিষয়ে আমি কিয় চিন্তা কৰা উচিত?
১৫ যিহোৱাই আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে চিন্তা কৰক। যীচুৱে কৈছিল যে তেওঁৰ পিতৃয়ে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। (মথি ৬:৩২, ৩৩) তেওঁ এয়াও কৈছিল যে যদি আমি যিহোৱাক পবিত্ৰ আত্মা বিচাৰোঁ, তেনেহʼলে তেওঁ আমাক নিশ্চয় দিব। (লূক ১১:১৩) যিহোৱাই আমাক এয়াও প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক ক্ষমা কৰিব, আমাক শান্ত্বনা দিব আৰু এনে বহুতো ব্যৱস্থা কৰিব, যাৰ যোগেদি আমি তেওঁৰ বিষয়ে শিকিব পাৰিম আৰু তেওঁৰ লগত থকা আমাৰ সম্পৰ্ক আৰু মজবুত হʼব। (মথি ৬:১৪; ২৪:৪৫; ২ কৰি. ১:৩) যিহোৱাৰ এই প্ৰতিজ্ঞাবোৰ পূৰ হোৱাটো আপুনি দেখিছেনে? যিহোৱাই আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে যদি আপুনি চিন্তা কৰে, তেনেহʼলে আপোনাৰ আশা আৰু দৃঢ় হʼব। আপোনাৰ সম্পূৰ্ণ বিশ্বাস হʼব যে ভৱিষ্যতে যিহোৱাই নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব।
নিজৰ আশাত আনন্দ কৰক
১৬. আমাৰ আশা কিয় ইমান মূল্যৱান হয়?
১৬ যিহোৱাই আমাক এক বৰ সুন্দৰ আশা দিছে, সেয়া হৈছে আমি সদায় কাললৈকে জীয়াই থকাৰ আশা। এই আশা পূৰ হোৱাটো চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই আশা নিশ্চয় পূৰ হʼব। আমাৰ আশা এডাল লঙ্গৰৰ নিচিনা হয়, যিয়ে ধুমুহাৰ নিচিনা সমস্যাৰ সত্ত্বেও আমাক থিৰে থাকিবলৈ সহায় কৰে। আমাৰ জীৱন বিপদত থকাৰ সত্ত্বেও এই আশা থকাৰ বাবে অত্যাচাৰ সহন কৰিব পাৰোঁ আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। আমাৰ আশা এটা টকয়াৰ নিচিনা হয়, যিয়ে আমাৰ চিন্তাধাৰা সুৰক্ষিত কৰি ৰাখে। এই আশাই আমাক বেয়া চিন্তা কৰাৰ পৰিৱৰ্তে ভাল কথাবোৰ চিন্তা কৰিবলৈ সহায় কৰে। এই আশা থকাৰ বাবে আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ আৰু তেওঁ আমাক প্ৰেম কৰে বুলি বিশ্বাস কৰিব পাৰোঁ। সঁচাকৈ যদি আমি নিজৰ আশাক দৃঢ় কৰি ৰাখোঁ, তেনেহʼলে ইয়াৰ পৰা বহুতো লাভ হয়।
১৭. আমি নিজৰ আশাত কিয় আনন্দ কৰোঁ?
১৭ পৌলে ৰোমত থকা খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “আশাত আনন্দ কৰা।” (ৰোম. ১২:১২) পৌল আনন্দিত আছিল, কাৰণ যদি তেওঁ বিশ্বাসী হৈ থাকে, তেনেহʼলে যিহোৱাই তেওঁক স্বৰ্গত অনন্ত জীৱন দিব। আমিও নিজৰ আশাৰ বাবে আনন্দ কৰিব পাৰোঁ। কাৰণ আমি জানোঁ যে যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ নিশ্চয় পূৰ কৰিব। গীত ৰচক এজনেও এইদৰে কৈছিল, ‘চিৰকাললৈকে সত্যতা ৰাখোতা, সেই ঈশ্বৰ যিহোৱাত যাৰ আশা থাকে, সেই জন ধন্য।’—গীত. ১৪৬:৬, ৭.
গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক
a যিহোৱাই আমাক এক সুন্দৰ আশা দিছে। এই আশাৰ ওপৰত মন কৰিলে আমি উৎসাহিত হওঁ আৰু সমস্যাৰ বিষয়ে ভাবি চিন্তিত নহওঁ। এই আশাই আমাক সাহস দিয়ে আৰু সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে। ইয়াৰ লগতে এই আশাই আমাৰ চিন্তাধাৰক সুৰক্ষিত কৰি ৰাখে। ইয়ে আমাৰ মনত এনে চিন্তাধাৰা আহিবলৈ নিদিয়ে, যিবোৰে আমাক যিহোৱাৰ পৰা আঁতৰাই নিব পাৰে। এই লেখত আমি এই তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু শিকিম যে আমি নিজৰ আশাক কেনেকৈ আৰু দৃঢ় কৰিব পাৰিম।
b ছবিৰ বিষয়ে: যিদৰে এটা টকয়াই সৈনিকৰ মূৰৰ ৰক্ষা কৰে আৰু লঙ্গৰে জাহাজক থিৰে থাকিবলৈ সহায় কৰে, ঠিক সেইদৰে আশাই আমাৰ চিন্তাধাৰক সুৰক্ষিত কৰি ৰাখে আৰু সমস্যাৰ সত্ত্বেও আমাক থিৰে থাকিবলৈ সহায় কৰে। এজনী ভনীয়ে প্ৰাৰ্থনা কৰি আছে আৰু তেওঁৰ সম্পূৰ্ণ ভৰসা আছে যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা নিশ্চয় শুনিছে। এজন ভায়ে ভাবি আছে যে যিহোৱাই অব্ৰাহামক কৰা প্ৰতিজ্ঞাবোৰ তেওঁ কেনেকৈ পূৰ কৰিলে। এজন ভায়ে ভাবি আছে যে যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে আৰু তেওঁক কিমান আশীৰ্বাদ দিলে।