অধ্যয়নৰ লেখ ৩৩
দানিয়েলৰ উদাহৰণৰ পৰা শিকক
“তুমি [ঈশ্বৰৰ কাৰণে] অতি প্ৰিয়।”—দানি. ৯:২৩.
গীত ৭৩ আমাক নিৰ্ভয়তাৰ বৰদান দিয়ক
লেখৰ এক আভাসa
১. বাবিলৰ লোকসকলে দানিয়েলক কিয় ভাল পাইছিল?
ডেকা কালত ভৱিষ্যতবক্তা দানিয়েলক যিৰূচালেমৰ পৰা বহু দূৰ বাবিললৈ বন্দী কৰি লৈ অনা হৈছিল। যেতিয়া বাবিলৰ অধিকাৰীসকলে তেওঁৰ বাহ্যিক ৰূপ চালে আৰু দেখিলে যে তেওঁত কোনো “ঘুণ” অৰ্থাৎ খুঁত নাই, তেওঁ দেখিবলৈ “সুন্দৰ” আৰু সমাজত ভাল নাম থকা পৰিয়ালৰ হয়, তেতিয়া তেওঁলোকে দানিয়েলক বহুত ভাল পালে। (১ চমূ. ১৬:৭) সেইবাবে, তেওঁলোকে ভাবিলে যে তেওঁলোকে দানিয়েলক শিক্ষা দিব যাতে তেওঁ আগলৈ গৈ ৰাজভৱনত কাম কৰিব পাৰে।—দানি. ১:৩, ৪, ৬.
২. যিহোৱাই দানিয়েলৰ বিষয়ে কেনে অনুভৱ কৰিছিল? (যিহিষ্কেল ১৪:১৪)
২ যিহোৱাও দানিয়েলক প্ৰেম কৰিছিল। তেওঁ দেখিবলৈ সুন্দৰ বা উচ্চ পদত থকাৰ কাৰণে যিহোৱাই তেওঁক প্ৰেম কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে যিহোৱাই চালে যে তেওঁ অন্তৰৰ পৰা কেনে ব্যক্তি হয়। যিহোৱাই দানিয়েলৰ বিষয়ে কৈছিল যে তেওঁ নোহ আৰু ইয়োবৰ দৰে ভাল মানুহ হয়। নোহ আৰু ইয়োবে বহু বছৰ ধৰি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল আৰু তেওঁৰ দৃষ্টিত এটা ভাল নাম অৰ্জন কৰিছিল। কিন্তু আপুনি জানেনে যিহোৱাই যেতিয়া দানিয়েলৰ বিষয়ে এই কথা কৈছিল, তেতিয়া তেওঁ হয়তো মাত্ৰ ১৯-২০ বছৰৰ আছিল। (আদি. ৫:৩২; ৬:৯, ১০; ইয়ো. ৪২:১৬, ১৭; যিহিষ্কেল ১৪:১৪ পঢ়ক।) দানিয়েল বহু বছৰলৈকে জীয়াই থাকিল আৰু তেওঁৰ জীৱনত বহুতো সমস্যা আহিল। কিন্তু যিহোৱাই তেওঁক কেতিয়াও এৰি নিদিলে আৰু সদায় তেওঁক প্ৰেম কৰি থাকিল।—দানি. ১০:১১, ১৯.
৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
৩ এই লেখত আমি দানিয়েলৰ এনে দুটা গুণৰ বিষয়ে আলোচনা কৰিম, যাৰ কাৰণে তেওঁ যিহোৱাৰ অতি প্ৰিয় আছিল। প্ৰথমতে, আমি সেই গুণবোৰৰ বিষয়ে আলোচনা কৰিম আৰু চাম যে কি কি পৰিস্থিতিত দানিয়েলে এই গুণবোৰ দেখুৱালে। তাৰ পাছত আমি চাম যে দানিয়েলে কেনেকৈ এই গুণবোৰ বঢ়াব পাৰিলে। অৱশেষত আমি শিকিম যে আমি দানিয়েলৰ দৰে কেনেকৈ হʼব পাৰোঁ আৰু সেই গুণবোৰ কেনেকৈ দেখুৱাব পাৰোঁ। এই লেখখন বিশেষকৈ ডেকা লʼৰা-ছোৱালীক মনত ৰাখি তৈয়াৰ কৰা হৈছে। কিন্তু আমি সকলোৱে দানিয়েলৰ উদাহৰণৰ পৰা শিকিব পাৰোঁ।
দানিয়েলৰ দৰে সাহসী হওক
৪. দানিয়েলে কেনেকৈ সাহসেৰে কাম কৰিলে? এটা উদাহৰণ দিয়ক।
৪ বহু বাৰ সাহসী লোকসকলেও ভয় কৰে। কিন্তু ইয়াৰ বাবে তেওঁলোকে সঠিক কাম কৰিবলৈ পিছ নপৰে। দানিয়েল বহুত সাহসী আছিল। দানিয়েলে সাহসেৰে কাম কৰা এনে দুটা ঘটনালৈ মন কৰক। প্ৰথম ঘটনা হয়তো সেই সময়ৰ হয়, যেতিয়া বাবিলে যিৰূচালেমক ধ্বংস কৰা দুবছৰ হৈছিল। বাবিলৰ ৰজা নবুখদ্নেচৰে সপোনত এটা বিশাল মূৰ্তি দেখিলে যাৰ কাৰণে তেওঁ বহুত চিন্তিত হৈ পৰিল। তেওঁ নিজৰ জ্ঞানী লোকসকলক তেওঁ দেখা সপোন আৰু তাৰ অৰ্থৰ বিষয়ে কʼবলৈ কʼলে আৰু যদি তেওঁলোকে কʼবলৈ নোৱাৰে, তেনেহʼলে তেওঁলোকক হত্যা কৰা হʼব বুলিও কʼলে। দানিয়েলৰ জীৱনো বিপদত আছিল। (দানি. ২:৩-৫) তেওঁ লগে লগে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল। কিয়নো বহুতো লোকৰ জীৱন বিপদত আছিল। তেওঁ “ৰজাৰ ওচৰলৈ গৈ এই প্ৰাৰ্থনা কৰিলে, মহাৰাজক সপোনটোৰ ফলিতা জনাবৰ অৰ্থে মোক কিছু সময় দিবলৈ আজ্ঞা হওক।” (দানি. ২:১৬) ইয়াৰ পৰা জানিব পাৰি যে দানিয়েল বহুত সাহসী আছিল আৰু ঈশ্বৰৰ ওপৰত তেওঁৰ বহুত বিশ্বাস আছিল। কাৰণ বাইবেলত কʼতো এইদৰে লিখা নাই যে তেওঁ আগতে কোনো সপোনৰ অৰ্থ কৈছিল। দানিয়েলৰ তিনিজন বন্ধু আছিল চদ্ৰক, মৈচক আৰু অবেদ-নগো।b দানিয়েলে তেওঁলোকক “নিগূঢ় কথাৰ বিষয়ে স্বৰ্গৰ ঈশ্বৰৰ আগত কৃপা মাগন কৰিবলৈ” প্ৰাৰ্থনা কৰিবলৈ কʼলে। (দানি. ২:১৮) যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে। ঈশ্বৰৰ সহায়ত দানিয়েলে নবুখদ্নেচৰৰ সপোনৰ অৰ্থ কʼবলৈ পাৰিলে, যাৰ বাবে দানিয়েল আৰু তেওঁৰ বন্ধুসকলৰ জীৱন ৰক্ষা পৰিল।
৫. দানিয়েলে কেনে পৰিস্থিতিত আৰু এবাৰ সাহসেৰে কাম কৰিবলগীয়া হʼল?
৫ দানিয়েলে ৰজাক বিশাল মূৰ্তিৰ সপোনৰ অৰ্থ কোৱাৰ কিছু সময়ৰ পাছত আৰু এটা ঘটনা ঘটে, যʼত তেওঁ সাহসেৰে কাম কৰাৰ প্ৰয়োজন আছিল। ৰজা নবুখদ্নেচৰে আৰু এটা ভয় লগা সপোন দেখিলে। এইবাৰ তেওঁ সপোনত এজোপা ওখ আৰু বিশাল গছ দেখিলে। দানিয়েলে সাহসেৰে ৰজাক তেওঁ দেখা সপোনৰ অৰ্থ কʼলে। দানিয়েলে ৰজাক কৈছিল যে তেওঁ পগলা হৈ যাব আৰু কিছু সময়ৰ বাবে শাসন কৰিব নোৱাৰিব। (দানি ৪:২৫) ৰজাই ভাবিব পাৰিলেহেঁতেন যে দানিয়েলে তেওঁৰ বিৰোধে বিদ্ৰোহ কৰি আছে আৰু তেওঁক মৃত্যুদণ্ড দিব পাৰিলেহেঁতেন। তথাপিও দানিয়েলে সাহসেৰে কাম কৰিলে আৰু তেওঁক এই বাৰ্তা শুনালে।
৬. দানিয়েলে হয়তো কিহৰ বাবে সাহসেৰে কাম কৰিব পাৰিলে?
৬ দানিয়েলে গোটেই জীৱন সাহসেৰে কাম কৰিলে। তেওঁ এয়া কেনেকৈ কৰিব পাৰিলে? যেতিয়া তেওঁ সৰু আছিল, তেতিয়া তেওঁৰ মা-দেউতাৰ ভাল উদাহৰণৰ পৰা শিকিছিল। যিহোৱাই ইস্ৰায়েলী মা-দেউতাক যি নিৰ্দেশনা দিছিল, সেইবোৰ তেওঁলোকে হয়তো পালন কৰিছিল আৰু দানিয়েলক ঈশ্বৰৰ নিয়মৰ বিষয়েও নিশ্চয় শিকাইছিল। (দ্বিতী. ৬:৬-৯) সেইবাবে, দানিয়েলে নিয়মৰ ডাঙৰ ডাঙৰ কথা, যেনে: দহ আজ্ঞা এইবোৰ কথা জনাৰ উপৰিও সেই নিয়মৰ সৰু সৰু কথাও জানিছিল। যেনে, ইস্ৰায়েলীসকলে কি খাব পাৰে আৰু কি খাব নোৱাৰে।c (লেবী. ১১:৪-৮; দানি. ১:৮, ১১-১৩) দানিয়েলে এয়াও জানিছিল যে অতীতত ঈশ্বৰৰ লোকসকলৰ লগত কি কি হৈছিল। যেতিয়া তেওঁলোকে ঈশ্বৰৰ মানদণ্ড পালন নকৰিলে, তেতিয়া তেওঁলোকে কি কি পৰিণাম ভুগিবলগীয়া হৈছিল। (দানি. ৯:১০, ১১) দানিয়েলৰ জীৱনত এনে বহুতো ঘটনা ঘটিছিল, যাৰ পৰা তেওঁৰ বিশ্বাস হʼল যে যিহোৱা আৰু তেওঁৰ স্বৰ্গদূত তেওঁৰ লগত আছে।—দানি. ২:১৯-২৪; ১০:১২, ১৮, ১৯.
দানিয়েলে শাস্ত্ৰ অধ্যয়ন কৰিলে, প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। সেইবাবে, তেওঁ সাহসেৰে কাম কৰিব পাৰিলে (অনুচ্ছেদ ৭ চাওক)
৭. দানিয়েলে আন কি কাৰণৰ বাবে সাহসী হʼব পাৰিলে? (ছবিখনো চাওক।)
৭ দানিয়েলে ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলে লিখা কিতাপবোৰ অধ্যয়ন কৰিছিল, যেনে: যিৰিমিয়াৰ ভৱিষ্যতবাণী। সেইবাবে, তেওঁ আগলৈ গৈ বুজি পালে যে বহু বছৰৰ পৰা বাবিলত বন্দী হৈ থকা যিহূদীসকলে অতি সোনকালে নিজৰ দেশলৈ উভটি আহিব। (দানি. ৯:২) যেতিয়া দানিয়েলে দেখিলে যে বাইবেলৰ ভৱিষ্যতবাণীবোৰ কেনেদৰে পূৰ হৈ আছে, তেতিয়া তেওঁৰ হয়তো যিহোৱাৰ ওপৰত ভৰসা আৰু বাঢ়িল। যিসকলৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা থাকে, তেওঁলোকৰ আচৰিত ধৰণে সাহস আহে। (ৰোমীয়া ৮:৩১, ৩২, ৩৭-৩৯ পদৰ লগত তুলনা কৰক।) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে দানিয়েলে বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (দানি. ৬:১০) তেওঁ ঈশ্বৰৰ ওচৰত নিজৰ পাপ স্বীকাৰ কৰিছিল আৰু তেওঁক নিজৰ মনৰ সকলো কথা কৈছিল। তেওঁ ঈশ্বৰৰ পৰা সহায়ো বিচাৰিছিল। (দানি. ৯:৪, ৫, ১৯) দানিয়েল আমাৰ নিচিনা সাধাৰণ মানুহ আছিল, তেওঁ জন্মৰে পৰা সাহসী নাছিল। তেওঁ শাস্ত্ৰৰ অধ্যয়ন, প্ৰাৰ্থনা আৰু যিহোৱাৰ ওপৰত ভৰসা কৰিছিল। সেইবাবে, তেওঁ সাহসী হʼব পাৰিলে।
৮. আমি কেনেকৈ সাহসী হʼব পাৰিম?
৮ গতিকে আমি কেনেকৈ সাহসী হʼব পাৰোঁ? মা-দেউতাই হয়তো আমাক কʼব পাৰে যে তোমালোকে সাহসেৰে কাম কৰিব লাগিব। কিন্তু সাহস এনে কোনো বস্তু নহয়, যি মা-দেউতাই আমাক দিব পাৰে। আমি নিজেই সাহসী হʼব লাগিব। সাহসী হʼবলৈ শিকাটো নতুন দক্ষতা শিকাৰ দৰে হয়। কোনো দক্ষতা শিকাৰ এটা উপায় হৈছে আমি শিকাওঁতাজনক মন দি চোৱা। তাৰ পাছত তেওঁ যিদৰে কৰে, সেইদৰে কৰিবলৈ চেষ্টা কৰা। ঠিক সেইদৰে যদি আমি সাহসী হʼব বিচাৰোঁ, তেনেহʼলে আমি আনক মন দি চাব লাগিব যে তেওঁ কেনেদৰে সাহসেৰে কাম কৰিছে আৰু তেওঁলোকৰ দৰে হʼবলৈ চেষ্টা কৰিব লাগিব। গতিকে আমি দানিয়েলৰ পৰা কি শিকিলোঁ? আমি তেওঁৰ দৰে ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ ভালদৰে বুজিব লাগিব, আমি যিহোৱালৈ মন খুলি আৰু নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিব লাগিব আৰু এইদৰে তেওঁৰ লগত মজবুত সম্পৰ্ক গঢ়ি তুলিব লাগিব। যিহোৱাৰ ওপৰত ভৰসা কৰিব লাগিব আৰু সম্পূৰ্ণ বিশ্বাস কৰিব লাগিব যে তেওঁ সদায় আমাৰ লগত থাকিব। এনে কৰিলে বিশ্বাসৰ পৰীক্ষাহোৱাৰ সময়ত আমি সাহসেৰে কাম কৰিব পাৰিম।
৯. সাহসেৰে কাম কৰিলে কি লাভ হয়?
৯ সাহসেৰে কাম কৰিলেআমাৰ বহুতো লাভ হয়। বেনৰ উদাহৰণলৈ মন কৰক। তেওঁ জাৰ্মানীৰ এখন স্কুলত পঢ়িছিল আৰু তাত লʼৰা-ছোৱালীয়ে বিবৰ্তন বা বিকাশবাদৰ শিক্ষাৰ ওপৰত বিশ্বাস কৰিছিল। বাইবেলত সৃষ্টিৰ বিষয়ে যি লিখা আছে, সেয়া সঁচা নহয় বুলি তেওঁলোকে বিশ্বাস কৰিছিল। এবাৰ বেনে তেওঁৰ ক্লাছৰ সকলোৰে আগত এয়া কʼবলৈ সুযোগ পালে যে জীৱ-জন্তু, গছ-গছনি আৰু মানুহক কোনোবাই সৃষ্টি কৰিছে বুলি তেওঁ কিয় বিশ্বাস কৰে। তেওঁ সাহসেৰে সকলোকে এই বিষয়ে কʼলে। ইয়াৰ কি লাভ হʼল? বেনে কৈছে, “মোৰ টিচাৰে মোৰ কথা বহুত মন দি শুনিছিল আৰু মই যি কৈছিলোঁ তেওঁ তাৰ বহুতো কপি বনাইছিল আৰু ক্লাছৰ সকলো লʼৰা-ছোৱালীক এখন এখনকৈ দিছিল।” বেনৰ ক্লাছৰ লʼৰা-ছোৱালীয়ে কি কৰিলে? বেনে কৈছে, “ক্লাছৰ বহুতো লʼৰা-ছোৱালীয়ে মোৰ কথা মন দি শুনিলে আৰু তেওঁলোকে মোৰ প্ৰশংসা কৰিলে।” বেনৰ অনুভৱৰ পৰা জানিব পাৰি যে যিসকলে সাহসেৰে কাম কৰে, মানুহে প্ৰায়ে তেওঁলোকৰ সন্মান কৰে। তেওঁলোকৰ কাৰণে ভাল মানুহে হয়তো যিহোৱাৰ বিষয়ে জানিবলৈ বিচাৰিব। গতিকে, আহক আমি সাহসী হʼবলৈ চেষ্টা কৰোঁ।
দানিয়েলৰ দৰে সদায় বিশ্বাসী হৈ থাকক
১০. বিশ্বাসী হৈ থকাৰ অৰ্থ কি? বুজাওক।
১০ বাইবেলত যি হিব্ৰু শব্দৰ অনুবাদ “বিশ্বাসী হৈ থকা” বা “প্ৰকৃত প্ৰেম” বুলি কৰা হৈছে, সেয়া প্ৰায়ে এয়া বুজাবলৈ ব্যৱহাৰ কৰা হয় যে নিজৰ সেৱকসকলৰ প্ৰতি ঈশ্বৰৰ কিমান গভীৰ প্ৰেম আছে। যেতিয়া ঈশ্বৰৰ সেৱকসকলৰ মাজত থকা প্ৰেমৰ কথা আহে, তেতিয়াও এই শব্দ ব্যৱহাৰ কৰা হয়। (২ চমূ. ৯:৬, ৭, NW) সময় অতিবাহিত হোৱাৰ লগে লগে কাৰোবাৰ প্ৰতি বিশ্বাসী হৈ থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব পাৰে। দানিয়েলৰ ক্ষেত্ৰত এই কথা কেনেকৈ পূৰ হʼল, আহক চাওঁ।
যিহোৱাই দানিয়েলৰ বিশ্বাসৰ বাবে আনন্দিত আছিল। সেইবাবে, তেওঁ এজন স্বৰ্গদূত পঠাই সিংহৰ মোক বন্ধ কৰিলে (অনুচ্ছেদ ১১ চাওক)
১১. বৃদ্ধ বয়সত কেনেকৈ দানিয়েলৰ বিশ্বাসৰ পৰীক্ষা হʼল? (বেটুপাতত দিয়া ছবিখন চাওক।)
১১ দানিয়েলৰ জীৱনত এনে বহুতো ঘটনা ঘটিছিল, যাৰ কাৰণে বিশ্বাসী হৈ থকাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল। কিন্তু তেওঁৰ বয়স যেতিয়া ৯০-তকৈ বেছি আছিল, তেতিয়া তেওঁ আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়লৈকে মাদীয়া আৰু পাৰসীৰ লোকসকলে বাবিল অধিকাৰ কৰি লৈছিল আৰু তাত ৰজা দাৰিয়াবচে শাসন কৰিছিল। ৰাজকীয় মহাসভাৰ সদস্যসকলে দানিয়েলক ভাল পোৱা নাছিল আৰু তেওঁলোকে দানিয়েলৰ ঈশ্বৰকো সন্মান কৰা নাছিল। সেইবাবে, তেওঁলোকে দানিয়েলক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। তেওঁলোকে ৰজাক এটা নিয়ম জাৰি কৰালে যাৰ যোগেদি প্ৰমাণ হʼলহেঁতেন যে দানিয়েল ৰজাৰ বিশ্বাসী হৈ থাকিব নে নিজৰ ঈশ্বৰৰ। যদি দানিয়েলে ৩০ দিনলৈকে যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে, তেনেহʼলে এয়া প্ৰমাণ হʼব যে তেওঁ ৰজাৰ বিশ্বাসী হয় আৰু কাৰো চকুত নপৰিলে হয়। কিন্তু তেওঁ যিহোৱাৰ বিশ্বাসী হৈ প্ৰাৰ্থনা কৰি থাকিল, যাৰ বাবে তেওঁক সিংহৰ গাঁতত পেলাই দিয়া হʼল। কিন্তু দানিয়েলক বিশ্বাসী হৈ থকা দেখি যিহোৱা আনন্দিত হৈছিল। সেইবাবে, তেওঁ দানিয়েলক সিংহৰ পৰা ৰক্ষা কৰিলে। (দানি. ৬:১২-১৫, ২০-২২) আমি দানিয়েলৰ দৰে যিকোনো পৰিস্থিতিত কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ?
১২. দানিয়েলে কিয় যিকোনো পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে?
১২ আমি শিকিলোঁ যে যেতিয়া আমি কাৰোবাক প্ৰেম কৰোঁ, তেতিয়াহে আমি তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰোঁ। দানিয়েলে নিজৰ পিতৃ যিহোৱাক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ যিকোনো পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে। তেওঁ এই প্ৰেম কেনেকৈ বঢ়াব পাৰিলে? তেওঁ এই বিষয়ে হয়তো নিশ্চয় চিন্তা কৰিছিল যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তেওঁৰ কি কি গুণ আছে আৰু তেওঁ এই গুণবোৰ কেনেকৈ দেখুৱালে। (দানি. ৯:৪) দানিয়েলে এয়াও চিন্তা কৰিছিল যে যিহোৱাই তেওঁৰ বাবে আৰু নিজৰ লোকসকলৰ বাবে কি কি কৰিলে আৰু এইবোৰৰ বাবে তেওঁ বহুত কৃতজ্ঞ আছিল।—দানি. ২:২০-২৩; ৯:১৫, ১৬.
দানিয়েলৰ দৰে যদি আপুনি যিহোৱাক প্ৰেম কৰে, তেনেহʼলে যিকোনো পৰিস্থিতিত তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিব (অনুচ্ছেদ ১৩ চাওক)
১৩. (ক) কেনে পৰিস্থিতিত আমাৰ ডেকা ভাই-ভনীসকলক বিশ্বাসী হৈ থাকিবলৈ কঠিন হয়? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।) (খ) যদি কোনোবাই আপোনাক সোধে যে যিহোৱাৰ সাক্ষীসকলে সমকামিতা লোকক সহযোগ কৰেনে, তেনেহʼলে আপুনি কি কʼব পাৰে? (jw.org ৱেবছাইটত দিয়া ‘ধাৰ্মিকতাৰ ফল শান্তি হʼব’ নামৰ ভিডিঅʼখন চাওক।)
১৩ দানিয়েলৰ দৰে আমাৰ ডেকা ভাই-ভনীসকলেও আজি এনে লোকসকলৰ সন্মুখীন হʼবলগীয়া হয়, যিসকলে যিহোৱা আৰু তেওঁৰ মানদণ্ডক অলপো সন্মান নকৰে। হয়তো তেওঁলোকে এনে লোকসকলে একেবাৰে ভাল নাপায়, যাৰ ধৰ্ম বা চিন্তা তেওঁলোকৰ পৰা একেবাৰে বেলেগ। কিছুমানে আমাৰ ডেকা ভাই-ভনীসকলক ইমানেই আমনি কৰে যে তেওঁলোকৰ বাবে যিহোৱাৰ বিশ্বাসী হৈ থকাটো কঠিন হৈ পৰে। মন কৰক, অষ্ট্ৰেলিয়াত থকা গ্ৰেহম নামৰ এজন ডেকা ভাইৰ লগত কি হʼল। স্কুলত পঢ়িথকাৰ সময়ত তেওঁ এটা সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। এবাৰ তেওঁৰ টিচাৰে ক্লাছৰ সকলো লʼৰা-ছোৱালীক সুধিলে যে যদি তোমাৰ কোনো বন্ধুৱে তোমাক কয় যে তেওঁ সমকামিতা হয়, তেনেহʼলে তুমি কি কৰিবা? তাৰ পাছত যিসকল লʼৰা-ছোৱালীয়ে সমকামিতাক কোনো ভুল নহয় বুলি ভাবে, তেওঁলোকক এফালে আৰু যিসকলে ভুল বুলি ভাবে তেওঁলোকক আনফালে থিয় হʼবলৈ টিচাৰে কʼলে। গ্ৰেহমে কৈছে, “মই আৰু আন এজন সাক্ষীক এৰি ক্লাছৰ সকলো লʼৰা-ছোৱালী সিফালে গৈ থিয় হʼল। তেওঁলোকক লাগিছিল যে সমকামিতাত কোনো ভুল নাই।” ইয়াৰ পাছত যি হʼল তাৰ বাবে গ্ৰেহমৰ বিশ্বাসৰ পৰীক্ষা হ’ল। তেওঁ কৈছে, “প্ৰায় এক ঘন্টালৈ সেই টিচাৰ আৰু লʼৰা-ছোৱালীবিলাকে আমাক ঠাট্টা কৰি থাকিল। মই যি বিশ্বাস কৰোঁ সেয়া তেওঁলোকক প্ৰেমেৰে বুজাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলোঁ। কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।” সেই সময়ত গ্ৰেহমৰ কেনেকুৱা লাগিল? তেওঁ কৈছে, “তেওঁলোকে মোক বহুত কিবা-কিবি কোৱাৰ বাবে মোৰ বেয়া লগিছিল। কিন্তু মই এই কথাৰ বাবে আনন্দিত আছিলোঁ যে মই যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলোঁ আৰু মই যি বিশ্বাস কৰোঁ তাৰ বিষয়ে তেওঁলোকক কʼব পাৰিলোঁ।”
১৪. যিকোনো পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থকাৰ এটা উপায় কি?
১৪ দানিয়েলৰ দৰে আপুনি যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম বঢ়াই থাকিলেহে যিকোনো পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। এইদৰে কৰাৰ এটা উপায় হৈছে তেওঁৰ গুণবোৰৰ বিষয়ে শিকা। ইয়াৰ বাবে আমি তেওঁ কৰা সৃষ্টিৰ ওপৰত অধ্যয়ন কৰিব পাৰোঁ। (ৰোম. ১:২০) যদি আপুনি যিহোৱাৰ প্ৰতি প্ৰেম আৰু সন্মান বঢ়াব বিচাৰে, তেনেহʼলে আপুনি “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?” ধাৰাবাহিকত দিয়া সৰু সৰু লেখ পঢ়িব পাৰে বা ভিডিঅʼ চাব পাৰে। অথবা জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন (হিন্দী) ব্ৰচাৰখন পঢ়িব পাৰে।d মন কৰক যে এই প্ৰকাশনবোৰৰ বিষয়ে ডেনমাৰ্কত থকা এষ্টেৰ নামৰ এজনী ভনীয়ে কি কৈছে। তাই কৈছে, “ইয়াত কথাবোৰ ইমান ধুনীয়াকৈ বুজাই দিয়া হৈছে যে কি কওঁ আৰু! এই প্ৰকাশনবোৰত এয়া কোৱা নাই যে আপুনি কি বিশ্বাস কৰিব লাগে আৰু কি কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে ইয়াত কেৱল সঠিক কথাবোৰ লিখা আছে, যাৰ আধাৰত আপুনি নিজেই নিৰ্ণয় লʼব পাৰিব যে আপুনি কি বিশ্বাস কৰিব।” ওপৰত উল্লেখ কৰা বেনে কৈছে, “ইয়াত লিখা কথাবোৰ পঢ়ি মোৰ বিশ্বাস আৰু বাঢ়িলে। ইয়াৰ পৰা মোৰ বিশ্বাস হৈছে যে ঈশ্বৰে সকলোকে সৃষ্টি কৰিছে।” এই প্ৰকাশনবোৰত লিখা কথাবোৰ পঢ়ি আপুনি হয়তো বাইবেলত লিখা এই কথাৰ ওপৰত সন্মত হʼব, “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা।”—প্ৰকা. ৪:১১.e
১৫. যিহোৱাৰ লগত নিজৰ বন্ধুত্ব দৃঢ় কৰাৰ আন এটা উপায় কি?
১৫ যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱাৰ আন এটা উপায় হৈছে তেওঁৰ পুত্ৰ যীচুৰ জীৱনত হোৱা ঘটনাবোৰৰ বিষয়ে অধ্যয়ন কৰা। জাৰ্মানীত থকা চামীৰা নামৰ ভনীজনীয়ে এইদৰেই কৰিলে। তাই কৈছে, “যীচুৰ বিষয়ে জনাৰ বাবে মই যিহোৱাৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিলোঁ।” সৰু থাকোঁতে তাইৰ এয়া বুজিবলৈ কঠিন হৈছিল যে যিহোৱা তেওঁৰ বন্ধু হ’ব পাৰে আৰু তেওঁক প্ৰেম কৰিব পাৰে। কিন্তু যীচুৱে কেনে অনুভৱ কৰিছিল তাই ভালদৰে বুজি পাইছিল। তাই এয়াও কয়, “যীচুৱে সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰিছিল আৰু সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল। সেইবাবে, যীচুক মোৰ বহুত ভাল লাগিছিল।” যিমানে তাই যীচুৰ বিষয়ে জানিলে সিমানে তাই যিহোৱাক আৰু ভালদৰে জানিব পাৰিলে আৰু তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। তাই কয়, “লাহে লাহে মই বুজি পালোঁ যে যীচুৱে সকলো কাম নিজৰ পিতৃৰ দৰেই কৰে। যিহোৱাৰ নিচিনা গুণ যীচুৰো আছে। মই বুজি পালোঁ যে যিহোৱাই যীচুক পৃথিৱীলৈ পঠিওৱাৰ এইটো এটা কাৰণ আছিল যে তেওঁৰ যোগেদি সকলো মানুহে যিহোৱাক ভালদৰে জানিব পাৰে।” (যোহ. ১৪:৯) যদি আপুনি যিহোৱাৰ লগত নিজৰ বন্ধুত্ব দৃঢ় কৰিব বিচাৰে, তেনেহʼলে আপুনি যিমান পাৰে সিমান যীচুৰ বিষয়ে শিকিবলৈ চেষ্টা কৰি থাকক। এইদৰে কৰিলে যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব আৰু আপুনি সদায় তেওঁৰ বিশ্বাসী হৈ থাকিব।
১৬. বিশ্বাসী হৈ থাকিলে আমাৰ কি লাভ হয়? (গীতমালা ১৮:২৫; মীখা ৬:৮)
১৬ যিসকলে আনৰ বিশ্বাসী হৈ থাকে আৰু সদায তেওঁলোকক সহযোগ কৰে, আনে তেওঁলোকৰ ভাল বন্ধু হৈ যায়। (ৰূথ ১:১৪-১৭) যিহোৱাৰ বিশ্বাসী হৈ থকা লোকসকলে মনৰ শান্তি আৰু সন্তুষ্টি লাভ কৰে। কিয়নো যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকে, যিহোৱাও তেওঁলোকৰ বিশ্বাসী হৈ থাকিব। (গীতমালা ১৮:২৫; মীখা ৬:৮ পঢ়ক।f) চিন্তা কৰক, এয়া কিমান সন্মানৰ বিষয় যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাই আমাৰ লগত বন্ধুত্ব কৰিব বিচাৰে আৰু যেতিয়া তেওঁৰ লগত আমাৰ বন্ধুত্ব দৃঢ় হৈ যায়, তেতিয়া কোনো সমস্যা, কোনো বিৰোধ আনকি মৃত্যুৱেও ইয়াক নাইকিয়া কৰিব নোৱাৰে। (দানি. ১২:১৩; লূক ২০:৩৭, ৩৮; ৰোম. ৮:৩৮, ৩৯) গতিকে, আহক আমি সকলোৱে দানিয়েলৰ দৰে হওঁ আৰু সদায় যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ।
দানিয়েলৰ পৰা শিকি থাকক
১৭-১৮. দানিয়েলৰ পৰা আমি আৰু কি শিকিব পাৰোঁ?
১৭ এই লেখত আমি দানিয়েলৰ কেৱল দুটা গুণৰ বিষয়ে আলোচনা কৰিলোঁ। কিন্তু আমি তেওঁৰ পৰা আৰু বহুতো কথা শিকিব পাৰোঁ। যেনে, যিহোৱাই দানিয়েলক বহুত দৰ্শন আৰু সপোন দেখুৱাইছিল আৰু তেওঁ দানিয়েলক ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ অৰ্থ বুজাবলৈ দক্ষতা দিছিল। তাৰ মাজৰ বহুতো ভৱিষ্যতবাণী পূৰ হʼল। আন কিছুমান ভৱিষ্যতবাণীত আগলৈ হʼবলগীয়া এনে ঘটনাবোৰৰ বিষয়ে কোৱা হৈছে, যিবোৰ পৃথিৱীত থকা সকলো মানুহে সন্মুখীন হʼব লাগিব।
১৮ পৰৱৰ্তী লেখত আমি দানিয়েলে লিখা দুটা ভৱিষ্যতবাণীৰ বিষয়ে আলোচনা কৰিম। সেয়া বুজিলে ডেকা, বৃদ্ধ সকলোৱে লাভৱান হʼব আৰু আমি সকলোৱে ভাল নিৰ্ণয় লʼব পাৰিম। এই ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰিলে আমি আৰু বেছিকৈ সাহসেৰে কাম কৰিব পাৰিম আৰু বিশ্বাসী হৈ থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব। ইয়াৰ যোগেদি অতি সোনকালে হʼবলগীয়া ঘটনাবোৰৰ কাৰণে আমি নিজকে সাজু কৰিব পাৰিম।
গীত ১১৯ আমাৰ বিশ্বাস দৃঢ় হওক
a আজি যিহোৱাৰ সেৱা কৰা লʼৰা-ছোৱালীৰ ওচৰত এনে পৰিস্থিতি আহি পৰে, যʼত তেওঁলোকে সাহসেৰে কাম কৰিবলৈ আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ কঠিন হʼব পাৰে। হয়তো তেওঁলোকৰ ক্লাছৰ আন লʼৰা-ছোৱালীয়ে তেওঁলোকক ঠাট্টা কৰিব পাৰে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিছে। অথবা তেওঁলোকে ঈশ্বৰৰ সেৱা কৰে আৰু ভাল বেয়াৰ মাজত তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। সেইবাবে, আন লʼৰা-ছোৱালীয়ে হয়তো তেওঁলোক মূৰ্খ হয় বুলি অনুভৱ কৰাব পাৰে। কিন্তু আমি এই লেখত শিকিম যে যিসকলে দানিয়েলৰ দৰে সাহসেৰে কাম কৰে আৰু বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰে, তেৱেই প্ৰকৃত অৰ্থত বুদ্ধিমান হয়।
b এই নামবোৰ তেওঁলোকক বাবিলৰ লোকসকলে দিছিল।
c দানিয়েল হয়তো তিনিটা কাৰণৰ বাবে বাবিলৰ লোকসকলৰ আহাৰ খাবলৈ মানা কৰিছিল: (১) সেয়া হয়তো এনে জন্তুৰ মাংস আছিল যাক মোচিৰ নিয়মত খাবলৈ মানা কৰা হৈছিল। (দ্বিতী. ১৪:৭, ৮) (২) হয়তো সেই জন্তুৰ তেজ ভালদৰে ওলোৱা নাছিল। (লেবী. ১৭:১০-১২) (৩) সেইবোৰ খোৱাটো মিছা দেবী-দেৱতাৰ উপাসনা কৰাৰ সমান হয় বুলি ভবা হৈছিল, কিয়নো তাত প্ৰায়ে জন্তুবোৰক প্ৰথমে মিছা দেবী-দেৱতাবোৰৰ ওচৰত বলিদান কৰা হৈছিল।—লেবীয়া পুস্তক ৭:১৫ আৰু ১ কৰিন্থীয়া ১০:১৮, ২১, ২২ পদৰ লগত তুলনা কৰক।
d যদি আপুনি বিচাৰে, তেনেহʼলে ওৱাজ লাইফ ক্ৰীয়েটেড? নামৰ ইংৰাজী ব্ৰচাৰখন পঢ়িব পাৰে।
e যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰিবলৈ আপুনি যিহোৱাৰ কাষ চাপক (হিন্দী) নামৰ কিতাপখনো অধ্যয়ন কৰিব পাৰে। ইয়াত যিহোৱাৰ গুণ আৰু তেওঁৰ স্বভাৱৰ বিষয়ে ভালদৰে বুজোৱা হৈছে।
f গীতমালা ১৮:২৫ NW: “যিসকল বিশ্বাসী হৈ থাকে তেওঁলোকৰ প্ৰতি তুমি বিশ্বাসী হৈ থাকা, যিসকল সৰল তেওঁলোকৰ লগত সৰলভাৱে ব্যৱহাৰ কৰা।” মীখা ৬:৮ NW: “হে মনুষ্য, যি ভাল তাক তেওঁ তোমাক দেখুৱালে। ন্যায় কাৰ্য্য কৰা, বিশ্বাসী হৈ থকাক, ভাল পোৱা আৰু নম্ৰভাৱে নিজ ঈশ্বৰৰ সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে।”