পাঠকসকলৰ প্ৰশ্ন
অৰণ্যত ইস্ৰায়েলীসকলৰ ওচৰত খাবলৈ মান্না আৰু বটা চৰাইৰ উপৰিও আৰু কিবা আছিলনে?
অৰণ্যত ৪০ বছৰলৈকে ইস্ৰায়েলীসকলে বিষেশকৈ মান্না খাইছিল। (যাত্ৰা. ১৬:৩৫) দুটা পৰিস্থিতিত যিহোৱাই তেওঁলোকক বটা চৰাই খাবলৈ দিলে। (যাত্ৰা. ১৬:১২, ১৩; গণ. ১১:৩১) কিন্তু ইস্ৰায়েলীসকলৰ ওচৰত খাবলৈ আৰু কিছুমান বস্তু আছিল।
যেনে, বাইবেলত কোৱা হৈছে যে যিহোৱাই নিজৰ লোকসকলক কেতিয়াবা কেতিয়াবা বিশ্ৰাম কৰা ঠাইলৈ নিছিল, যʼত তেওঁলোকে পানী আৰু খাবলৈ কিছুমান বস্তু পাইছিল। (গণ. ১০:৩৩) এবাৰ যিহোৱাই তেওঁলোকক এলীম নামৰ সুন্দৰ ঠাইত নিছিল। ‘সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খেজুৰ গছ আছিল।’ (যাত্ৰা. ১৫:২৭) বাইবেলৰ সময়ৰ গছ-গছনি (ইংৰাজী) নামৰ কিতাপখনত লিখা আছে যে খেজুৰ গছ বহুতো ঠাইত পোৱা যায় আৰু মৰুভূমিত লাখ লাখ লোকে প্ৰায়েই এই ফলটোৱে খাই, ইয়াৰ তেল উলিয়াই আৰু আশ্ৰয় লয়।
হয়তো ইস্ৰায়েলীসকলে এই সুন্দৰ ঠাইখনত থাকিছিল। যি আজি ফেৰন বাদীত আছে। এখন কিতাপত (ডিচকʼভাৰিং দ্যা ৱল্ড অফ দ্যা বাইবেল) লিখা আছে, এই বাদী বা নদীৰ উপত্যকা ১৩০ কিলোমিটাৰ [৮১ মাইল] দীঘল আছে আৰু চীনয়ত যিবোৰ উপত্যকা আছে, তাৰে মাজত এয়া বহুত দীঘলীয়া, সুন্দৰ আৰু জনাজাত। ইয়াত এয়াও লিখা আছে যে “যʼত এই উপত্যকা সমুদ্ৰৰ লগত মিল খায়, তাৰ পৰা ৪৫ কিলোমিটাৰ [২৮ মাইল] দূৰত ফেৰন নামৰ সুন্দৰ ঠাইখন আছে। এই ঠাইখন সমুদ্ৰ তলৰ পৰা ২,০০০ ফুট [৬১০ মাইল] ওখত আছে আৰু ৪.৮ কিলোমিটাৰ [৩ মাইল] দীঘল আছে। ইয়াৰ চাৰিওফালে খেজুৰ গছ দেখিবলৈ পোৱা যায়। এই ঠাইখন ইমান সুন্দৰ আছে যে ইয়াক চীনয়ৰ এদন বাগিছা বুলি কোৱা হয়।
ফেৰনৰ বাদীত খেজুৰ গছ
বহু শতিকাৰ পৰা দেখিবলৈ পোৱা গৈছে যে ইয়াত হাজাৰ হাজাৰ খেজুৰ গছ থকাৰ বাবে লোকসকলে ইয়াত থাকিবলৈ লৈছে। যেতিয়া ইস্ৰায়েলীসকলে মিচৰ দেশ এৰিলে, তেতিয়া তেওঁলোকে নিজৰ লগত সানি থোৱা আটা, আটা সানিবলৈ বাচন আৰু হয়তো অলপ শস্য আৰু তেল লগত লৈ আহিছিল। হয়তো এই বস্তুবোৰ তেওঁলোক বেছিদিন খাবলৈ নাপালে। বাইবেলত এয়াও কোৱা হৈছে যে লোকসকলে “ভেৰা, ছাগ, গৰু আদি অতি অধিক পশুও তেওঁবিলাকৰ লগত” নিলে। (যাত্ৰা. ১২:৩৪-৩৯) হয়তো অৰণ্যৰ পৰিস্থিতি বহুত কঠিন আছিল। ইয়াৰ বাবে হয়তো বহুতো জীৱ-জন্তু মৰি গৈছিল। হয়তো কিছুমান জীৱ-জন্তু ইস্ৰায়েলীসকলে খাইছিল, কিছুমান হয়তো বলিদান দিছিল, হয়তো মিছা দেৱতাবোৰৰ আগতো বলিদান দিছিল।a (পাঁচ. ৭:৩৯-৪৩) তথাপিও ইস্ৰায়েলীসকলৰ ওচৰত হয়তো কিছুমান জীৱ-জন্তু আছিল আৰু এই জন্তুবোৰৰ পোৱালিও আছিল। যেতিয়া ইস্ৰায়েলীসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিলে, তেতিয়া যিহোৱাই যি কৈছিল তাৰ পৰা ইয়াৰ বিষয়ে জানিব পাৰি। যিহোৱাই এইদৰে কৈছিল, “তোমাৰ সন্তানবিলাকে ৪০ বছৰলৈকে এই অৰণ্যত ভেড়া ছাগলিবোৰ চৰাব।” (গণ. ১৪:৩৩, NW) হয়তো তেওঁলোকে এই জীৱ-জন্তুৰ পৰা গাখীৰ পাইছিল আৰু কেতিয়াবা কেতিয়াবা এইবোৰৰ মাংসও খাইছিল। কিন্তু এই জীৱ-জন্তুবোৰ ইমানো নাছিল যে ৪০ বছৰলৈকে প্ৰায় ৩০ লাখ লোকে পেট ভৰাই খাব পাৰে।b
অৰণ্যত জীৱ-জন্তুবিলাকে কি খাইছিল আৰু কʼত পানী বিচাৰি পাইছিল?c আজিৰ তুলনাত সেই সময়ত তাত হয়তো বহুত বৰষুণ হৈছিল আৰু ইয়াৰ বাবে তাত বহুত গছ-গছনিও হৈছিল। ইনচাইট কিতাপৰ ভাগ ১-ত লিখা আছে যে আজিৰ পৰা প্ৰায় ৩,৫০০ বছৰৰ আগতে আৰবত বহুত পানী পোৱা গৈছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? আজি তাত বহুতো শুকান আৰু গভীৰ বাদী বা উপত্যকাবোৰ আছে। ইয়ে প্ৰমাণ কৰে যে তাত ইমানে বৰষুণ পৰিছিল যে তাত নদী বৈছিল। তথাপিও এই অৰণ্য মৰুভূমিৰ দৰে আছিল আৰু বহুত ভয়ানক আছিল। (দ্বিতী. ৮:১৪-১৬) যিহোৱাই চমতকাৰ কৰি তেওঁলোকক পানী নিদিয়া হʼলে ইস্ৰায়েলী আৰু তেওঁলোকৰ জীৱ-জন্তুবোৰ বাচি নাথাকিলহেঁতেন।—যাত্ৰা. ১৫:২২-২৫; ১৭:১-৬; গণ. ২০:২, ১১.
মোচিয়ে ইস্ৰায়েলীসকলক কৈছিল যে যিহোৱাই তেওঁলোকক মান্না খাবলৈ দিছিল যাতে তেওঁলোকে জানিব পাৰে যে “মানুহ কেৱল পিঠাৰে যে নিজীয়ে কিন্তু যিহোৱাৰ মুখৰ পৰা যি যি ওলায়, তাৰেহে যে জীয়ে।”—দ্বিতী. ৮:৩.
a বাইবেলত এনে দুটা পৰিস্থিতিৰ বিষয়ে কোৱা হৈছে যেতিয়া ইস্ৰায়েলীসকলে অৰণ্যত যিহোৱাৰ বাবে জীৱ-জন্তু বলিদান দিছিল। প্ৰথমবাৰ যেতিয়া হাৰোণ আৰু তেওঁৰ লʼৰাবিলাকক পুৰোহিতৰ দায়িত্ব দিয়া হৈছিল আৰু দ্বিতীয়বাৰ নিস্তাৰ পৰ্বৰ সময়ত। এই সকলোবোৰ ইস্ৰায়েলীসকলে মিচৰ দেশ এৰি দিয়া সময়ৰ এবছৰ পাছত অৰ্থাৎ প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫১২-ত হৈছিল।—লেবী. ৮:১৪–৯:২৪; গণ. ৯:১-৫.
b যেতিয়া ইস্ৰায়েলীসকলৰ অৰণ্যত ৪০ বছৰৰ যাত্ৰা শেষ হʼবলগীয়া আছিল, তেতিয়া তেওঁলোকে যুদ্ধৰ পাছত হাজাৰ হাজাৰ জীৱ-জন্তু লুট কৰি লৈছিল। (গণ. ৩১:৩২-৩৪) তথাপিও তেওঁলোকে যেতিয়ালৈকে প্ৰতিজ্ঞা কৰা দেশত গৈ নাপালে, তেতিয়ালৈকে তেওঁলোকে মান্না খাই থাকিল।—যিহো. ৫:১০-১২.
c জীৱ-জন্তুবোৰেও মান্না খাইছিল বুলি কোনো প্ৰমাণ নাই। কিয়নো এজন ব্যক্তিয়ে যিমান মান্না খাব পাৰে, কেৱল সিমানে মান্না বুটলিবলৈ ইস্ৰায়েলীসকলক কোৱা হৈছিল।—যাত্ৰা. ১৬:১৫, ১৬.