ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 মে’ পৃষ্ঠা ২-৭
  • ন্যায় আৰু দয়া কৰোঁতা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ন্যায় আৰু দয়া কৰোঁতা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি কি নাজানোঁ?
  • আমি কি জানোঁ?
  • “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” কেতিয়াও অন্যায় নকৰিব
  • যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • বিশ্বাসীসকলে যি কʼলে, তাৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 মে’ পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ১৮

গীত ১ যিহোৱাৰ প্ৰেম

ন্যায় আৰু দয়া কৰোঁতা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক!

“সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই জানো ন্যায়-বিচাৰ নকৰিব?”—আদি. ১৮:২৫.

কি শিকিম?

এই লেখত আমি যিহোৱাৰ দয়া আৰু ন্যায় গুণৰ বিষয়ে আৰু গভীৰভাৱে শিকিম। আমি এয়াও শিকিম যে নতুন পৃথিৱীত যেতিয়া বেয়া লোকসকলক আকৌ জীয়াই তোলা হʼব, তেতিয়া আমি কি আশা কৰিব পাৰোঁ।

১. অব্ৰাহামক যিহোৱাই কি গুৰুত্বপূৰ্ণ কথা বুজালে, যাৰ পৰা আমিও শান্ত্বনা লাভ কৰোঁ?

হাজাৰ হাজাৰ বছৰৰ আগতে যিহোৱাই অব্ৰাহামক কৈছিল যে তেওঁ চদোম আৰু ঘমোৰা নগৰখন ধ্বংস কৰিব। তেতিয়া অব্ৰাহাম বহুত চিন্তিত হৈ পৰিছিল। যিহোৱাই এইদৰে কিয় কৰিব তেওঁ বুজি পোৱা নাছিল। সেইবাবে, তেওঁ যিহোৱাক সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্ম্মিককো [ভাল লোককো] সংহাৰ কৰিব নে? . . . সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই জানো ন্যায়-বিচাৰ নকৰিব?” সেই সময়ত যিহোৱাই ধৈৰ্য্য ধৰিলে আৰু মৰমেৰে অব্ৰাহামক এটা গুৰুত্বপূৰ্ণ কথা বুজালে, যাৰ পৰা আজি আমিও শান্ত্বনা লাভ কৰোঁ। যিহোৱাই অব্ৰাহামক কʼলে যে তেওঁ ভাল লোকসকলক কেতিয়াও ধ্বংস নকৰিব।—আদি. ১৮:২৩-৩৩.

২. যিহোৱাই সঠিক ন্যায় কৰে আৰু দয়া দেখুৱাই বুলি আমি কিয় কʼব পাৰোঁ?

২ যিহোৱাই যেতিয়া ন্যায় কৰে, তেতিয়া দয়াও দেখুৱাই আৰু তেওঁৰ ন্যায় সদায় সঠিক হয় বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? কাৰণ যিহোৱাই লোকসকলৰ “মনলৈ দৃষ্টি ৰাখে।” (১ চমূ. ১৬:৭) ইয়াৰ উপৰিও তেওঁ ‘প্ৰতিজন লোকৰ মন জানে।’ (১ ৰাজা. ৮:৩৯; ১ বং. ২৮:৯) এয়া কিমান আচৰিত কথা নহয় নে বাৰু! যিহোৱা আমাতকৈ বহুগুণে বুদ্ধিমান। সেইবাবে, তেওঁৰ কিছুমান নিৰ্ণয় আমি সম্পূৰ্ণৰূপে বুজি নাপাওঁ। পাঁচনি পৌলেও কৈছিল যে “তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য!”—ৰোম. ১১:৩৩.

৩-৪. (ক) আমাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে? (খ) এই লেখত আমি কি শিকিম? (যোহন ৫:২৮, ২৯)

৩ এই সকলো কথা জনাৰ পাছতো আমি হয়তো কেতিয়াবা কেতিয়াবা অব্ৰাহামৰ দৰে প্ৰশ্ন কৰিব পাৰোঁ। আমি ভাবিব পাৰোঁ, ‘যিহোৱাই যিসকল লোকক ধ্বংস কৰিছিল, তেওঁলোকক আকৌ জীয়াই তুলিব নে? যেনে, চদোম আৰু ঘমোৰাৰ লোকসকলক? যিহোৱাই যিসকল লোকক ধ্বংস কৰিছিল, “অধাৰ্ম্মিক” অৰ্থাৎ বেয়া লোকসকল আকৌ জীয়াই তোলাৰ সময়ত তেওঁ তেওঁলোককো জীয়াই তুলিব নে?’—পাঁচ. ২৪:১৫.

৪ আহক এতিয়া চাওঁ যে মৃত লোকসকলক জীয়াই তোলাৰ বিষয়ে আমি কি জানোঁ। অলপতে যোহন ৫:২৮, ২৯ পদৰ বিষয়ে আমাৰ বুজাবুজিত কিছুমান সাল-সলনি হৈছিল। (পঢ়ক।) ইয়াত এই কথাবোৰৰ অৰ্থ বুজোৱা হৈছে যে কিছুমান লোকক “জীৱন পাবলৈ আকৌ জীয়াই তোলা হʼব” আৰু আন কিছুমানক “ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।”a এই বুজাবুজিৰ আধাৰত আৰু কিছুমান সাল-সলনি কৰা হৈছে, যাৰ বিষয়ে আমি এই লেখত আৰু পৰৱৰ্তী লেখত আলোচনা কৰিম। আমি আলোচনা কৰিম যে যিহোৱাৰ ন্যায়ৰ বিষয়ে আমি কি নাজানোঁ আৰু কি জানোঁ।

আমি কি নাজানোঁ?

৫. চদোম আৰু ঘমোৰাৰ লোকসকলৰ বিষয়ে আগতে আমাৰ প্ৰকাশনবোৰত কি কোৱা হৈছিল?

৫ আগতে আমাৰ প্ৰকাশনবোৰত কোৱা হৈছিল যে যিহোৱাই যিসকল লোকক ধ্বংস কৰিছিল, তেওঁলোকৰ কি হʼব। আমি কৈছিলোঁ যে এনে বেয়া লোকসকলক ভৱিষ্যতে আকৌ জীয়াই তোলা নহʼব। যেনে, চদোম আৰু ঘমোৰাৰ লোকসকলক। কিন্তু বহুত প্ৰাৰ্থনা আৰু অধ্যয়ন কৰাৰ যোগেদি আমি জানিব পাৰিলোঁ যে এইদৰে হʼব বুলি আমি সঠিকভাৱে কʼব নোৱাৰোঁ। কিয় বাৰু?

৬. (ক) যিহোৱাই বেয়া লোকসকলক ধ্বংস কৰা কিছুমান ঘটনাৰ বিষয়ে জনাওক? (খ) এই ঘটনাবোৰৰ বিষয়ে আমি কি নাজানোঁ?

৬ যিহোৱাই বেয়া লোকসকলক ধ্বংস কৰাৰ বিষয়ে বাইবেলত বহুতো ঘটনা উল্লেখ আছে। যেনে, যিহোৱাই নোহ আৰু তেওঁৰ পৰিয়ালক এৰি বাকী সকলোকে জলপ্লাৱনত ধ্বংস কৰিলে। তেওঁ ইস্ৰায়েলীসকলৰ জৰিয়তে প্ৰতিজ্ঞা কৰা দেশত থকা সাতটা জাতিক ধ্বংস কৰিছিল। ইয়াৰ উপৰিও তেওঁ এজন স্বৰ্গদূতৰ জৰিয়তে একে ৰাতিতে ১,৮৫,০০০ অচূৰীয়া সৈনিকক মাৰি পেলাইছিল। (আদি. ৭:২৩; দ্বিতী. ৭:১-৩; যিচ. ৩৭:৩৬, ৩৭) কিন্তু বাইবেলত এনে কোনো প্ৰমাণ আছেনে, যাৰ পৰা জানিব পাৰি যে তেওঁ যিসকল লোকক মাৰি পেলাইছিল, তেওঁলোকক একেবাৰে ধ্বংস কৰি দিছিল আৰু তেওঁলোকক আকৌ জীয়াই তোলা নহʼব? বাইবেলত ইয়াৰ বিষয়ে কোনো প্ৰমাণ নাই। আহক আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ।

৭. জলপ্লাৱনত ধ্বংস হোৱা লোকসকলৰ বিষয়ে আৰু কনান দেশৰ বেয়া লোকসকলৰ বিষয়ে আমি কি নাজানোঁ? (বেটুপাতত দিয়া ছবিখন চাওক।)

৭ যিহোৱাই যি লোকসকলক ধ্বংস কৰিছিল, সেই সময়ত তেওঁ প্ৰতিজন ব্যক্তিৰ বিষয়ে কি চিন্তা কৰিছিল, তাৰ বিষয়ে আমি নাজানোঁ। লগতে তেওঁলোকে যিহোৱাক জানিবলৈ আৰু অনুতাপ কৰিবলৈ সুযোগ পালে নে নাপালে, তাৰ বিষয়েও আমি নাজানোঁ। যেনে, জলপ্লাৱনৰ বিষয়ে বাইবেলত কোৱা হৈছে যে ‘নোহে যি সঠিক, সেয়া কৰিবলৈ লোকসকলক প্ৰচাৰ কৰিছিল।’ (২ পিত. ২:৫) কিন্তু বাইবেলত এয়া কʼতো লিখা নাই যে তেওঁ সকলোকে প্ৰচাৰ কৰিলে। ঠিক সেইদৰে কনান দেশত থকা সাতটা জাতিৰ বিষয়ে আমি নাজানোঁ যে তেওঁলোকে যিহোৱাক জানিবলৈ আৰু নিজকে সলনি কৰিবলৈ সুযোগ পালে নে নাই।

নোহ আৰু তেওঁৰ পৰিয়ালে একেলগে মিলি জাহাজ বনাই আছে। জাহাজৰ কিছু অংশ তৈয়াৰ হৈ গʼল। অলপ দূৰত এখন গাওঁ দেখিবলৈ পোৱা গৈছে, তাৰ চাৰিওফালে অৰণ্য আছে।

নোহ আৰু তেওঁৰ পৰিয়ালে একেলগে মিলি জাহাজ বনাই আছে। জলপ্লাৱন অহাৰ আগতে নোহ আৰু তেওঁৰ পৰিয়ালে সকলোকে প্ৰচাৰ কৰিছিল নে নাই, এয়া আমি নাজানোঁ (অনুচ্ছেদ ৭ চাওক)


৮. চদোম আৰু ঘমোৰাৰ লোকসকলৰ বিষয়ে আমি কি নাজানোঁ?

৮ চদোম আৰু ঘমোৰাৰ লোকসকলৰ বিষয়ে কি কʼব পাৰি? লোট তেওঁলোকৰ চহৰতে থাকিছিল। তেওঁ এজন ভাল ব্যক্তি আছিল, কিন্তু তেওঁ সেই ঠাইৰ সকলো লোককে প্ৰচাৰ কৰিছিল নে? এই বিষয়ে আমি নাজানোঁ। চদোমৰ সকলো লোক দুষ্ট আছিল, কিন্তু তেওঁলোকৰ মাজৰ প্ৰতিজনে যি কৰিছিল, সেয়া ভুল হয় বুলি জানিছিল নে? মন কৰক যে যেতিয়া চদোমৰ লোকসকলে লোটৰ ঘৰলৈ অহা অতিথিসকলৰ লগত বেয়া কাম কৰিব বিচাৰিছিল, তাৰ বিষয়ে বাইবেলত কি লিখা আছে। বাইবেলত লিখা আছে যে তাত ‘লʼৰা বুঢ়া আদি কৰি সকলো আছিল।’ তাৰে মাজৰ কিছুমানে সেই বেয়া পৰিস্থিতিতে ডাঙৰ-দীঘল হৈছিল, সেইবাবে তেওঁলোকে যি কৰিব বিচাৰিছিল, সেয়া ভুল হয় বুলি নাজানিছিল। (আদি. ১৯:৪; ২ পিত. ২:৭) গতিকে চিন্তা কৰক দয়ালু ঈশ্বৰে সেই সকলো লোককে এনেবাৰে নাশ কৰি দিলে নে আৰু তেওঁলোকক আকৌ জীয়াই নুতুলিব নে? তেওঁলোক দুষ্ট আছিল, সেইবাবে যিহোৱাই অব্ৰাহামক কৈছিল যে তাত দহজনো ভাল লোক নাই। (আদি. ১৮:৩২) তেওঁলোকৰ বেয়া কামৰ বাবেই যিহোৱাই তেওঁলোকক শাস্তি দিছিল, তেনেহʼলে যেতিয়া নতুন পৃথিৱীত বেয়া লোকসকলক আকৌ জীয়াই তোলা হʼব, তেতিয়া চদোম আৰু ঘমোৰাৰ এজন লোককো ‘আকৌ জীয়াই তোলা নহʼব নে’? এয়া আমি সঠিকভাৱে কʼব নোৱাৰোঁ।

৯. চলোমনৰ বিষয়ে আমি কি নাজানোঁ?

৯ বাইবেলত এনে কিছুমান লোকৰ বিষয়ে কোৱা হৈছে যিসকলে আগতে ভাল কাম কৰিছিল, কিন্তু পাছলৈ বেয়া হৈ পৰিল। ৰজা চলোমনৰ উদাহৰণলৈ মন কৰক, তেওঁ যিহোৱাৰ আজ্ঞাবোৰ ভালদৰে জানিছিল আৰু যিহোৱাই তেওঁক বহুত আশীৰ্বাদ দিছিল। কিন্তু পাছত তেওঁ মিছা দেৱী-দেৱতাসকলক পূজা কৰিবলৈ ধৰিলে। ইয়াৰ বাবে যিহোৱাৰ বহুত খং উঠিল আৰু গোটেই ইস্ৰায়েল ৰাষ্ট্ৰই ইয়াৰ বেয়া পৰিণাম বহু বছৰলৈকে ভুগিবলগীয়া হʼল। কিন্তু বাইবেলত কোৱা হৈছে যে চলোমনৰ মৃত্যুৰ পাছত তেওঁক ‘তেওঁৰ ওপৰ-পিতৃবিলাকৰ লগত মৈদাম দিয়া হʼল।’ তেওঁৰ ওপৰ-পিতৃবিলাক যিহোৱাৰ বিশ্বাসী আছিল আৰু দায়ূদো তেওঁলোকৰ মাজৰ এজন আছিল। (১ ৰাজা. ১১:৫-৯, ৪৩; ২ ৰাজা. ২৩:১৩) সেইবাবে, বহু বছৰলৈকে আমি ভাবিছিলোঁ যে চলোমনক আকৌ জীয়াই তোলা হʼব। কিন্তু চলোমনক তেওঁৰ ওপৰ-পিতৃবিলাকৰ লগত মৈদাম দিয়াটো কোনো গেৰাণ্টি হয় নে যে তেওঁক আকৌ জীয়াই তোলা হʼব? বাইবেলত ইয়াৰ বিষয়ে কʼতো উল্লেখ নাই। কিন্তু কিছুমান লোকে ভাবিব পাৰে যে ‘মৃত্যু হোৱাৰ পাছত এজন ব্যক্তিৰ পাপ ক্ষমা হৈ যায়।’ (ৰোম. ৬:৭) এয়া সঁচা! কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যেতিয়া কোনো এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া যিহোৱাই তেওঁক আকৌ জীয়াই তুলিব আৰু তেওঁক নতুন জীৱন দিবই। মৃত লোকসকলক জীয়াই তোলাটো যিহোৱাৰ ফালৰ পৰা এটা উপহাৰ হয় আৰু তেওঁ যাক বিচাৰে তাকে এই উপহাৰ দিব পাৰে, যাতে তেওঁ সদায় যিহোৱাৰ সেৱা কৰিব পাৰে। (ইয়ো. ১৪:১৩, ১৪; যোহ. ৬:৪৪) চলোমনে এই উপহাৰ পাব নে? এয়া কেৱল যিহোৱাইহে জানে। কিন্তু আমি জানোঁ যে যিহোৱাই যি কৰিব, সেয়া একেবাৰে সঠিক হʼব।

আমি কি জানোঁ?

১০. লোকসকলক ন্যায় কৰাৰ সময়ত যিহোৱাই কেনে অনুভৱ কৰে? (যিহিষ্কেল ৩৩:১১) (ছবিখনো চাওক।)

১০ যিহিষ্কেল ৩৩:১১ পঢ়ক। যিহোৱাই বাইবেলৰ যোগেদি আমাক জনাইছে যে যেতিয়া তেওঁ লোকসকলৰ ন্যায় কৰে, তেতিয়া তেওঁ কেনে অনুভৱ কৰে। ঈশ্বৰৰ প্ৰেৰণাৰে যিহিষ্কেলে যি কৈছিল, সেই কথা পাঁচনি পিতৰে আকৌ এবাৰ কৈছিল ‘কোনোৱে বিনষ্ট হোৱাটো যিহোৱাই নিবিচাৰে।’ (২ পিত. ৩:৯) এয়া জানি আমি কিমান শান্ত্বনা লাভ কৰোঁ যে যিহোৱাই কাকো সদায় দিনৰ বাবে ধ্বংস কৰিব নিবিচাৰে। তেওঁ দয়ালু ঈশ্বৰ হয় আৰু যেতিয়া সম্ভৱ, তেতিয়া দয়া দেখুৱায়।

এজন ভায়ে প্ৰমোদবনত আকৌ জীয়াই তোলা লোকসকলক শিকাই আছে। ওচৰতে এখন হোৱাইট বোৰ্ডত দানিয়েল ২ অধ্যায়ত উল্লেখ থকা বিশাল মূৰ্তিৰ ছবি আছে আৰু ভায়ে সকলোৰে ধ্যান তালৈ আকৰ্ষিত কৰিছে।

যেতিয়া বেয়া লোকসকলক আকৌ জীয়াই তোলা হʼব, তেতিয়া বহুতো লোকে যিহোৱাৰ বিষয়ে জানিবলৈ সুযোগ পাব (অনুচ্ছেদ ১০ চাওক)


১১. কোন লোকসকলক আকৌ জীয়াই তোলা নহʼব আৰু আমি এইদৰে কিয় কʼব পাৰোঁ?

১১ কোন লোকসকলক আকৌ জীয়াই তোলা নহʼব তাৰ বিষয়ে আমি জানোঁ, কাৰণ তেওঁলোকৰ বিষয়ে বাইবেলত উল্লেখ আছে।b যীচুৰ কথাৰ পৰা জানিব পাৰি যে যিহূদা ঈষ্কৰিয়োতীয়াই জানি-শুনি যিহোৱা আৰু যীচুৰ বিৰোধে পাপ কৰিছিল, সেইবাবে তেওঁক আকৌ জীয়াই তোলা নহʼব।c (মাৰ্ক ৩:২৯-ৰ অধ্যয়ন নোট (হিন্দী) চাওক; ১৪:২১; যোহ. ১৭:১২) যীচুৱে কিছুমান ধৰ্মগুৰুৰ বিষয়ে কৈছিল যে তেওঁলোকক আকৌ জীয়াই তোলা নহʼব। কাৰণ তেওঁলোকে যীচুৰ বিৰোধ কৰিছিল।d (মথি ২৩:৩৩; যোহ. ১৯:১১) পাঁচনি পৌলে কৈছিল যে যিসকল ধৰ্মত্যাগীয়ে অনুতাপ কৰা নাছিল, তেওঁলোকক আকৌ জীয়াই তোলা নহʼব।—ইব্ৰী ৬:৪-৮; ১০:২৯.

১২. যিহোৱাৰ দয়াৰ বিষয়ে আমি কি জানোঁ? কিছুমান উদাহৰণ দিয়ক।

১২ এতিয়া আহক যিহোৱাৰ দয়া গুণৰ বিষয়ে আলোচনা কৰোঁ। এই গুণৰ বিষয়ে আমি কি জানোঁ? ওপৰত আমি আলোচনা কৰিছিলোঁ যে ‘কোনো বিনষ্ট’ হোৱাটো যিহোৱাই নিবিচাৰে। এয়া তেওঁ কেনেকৈ প্ৰমাণ কৰিলে? আহক এটা উদাহৰণলৈ মন কৰোঁ। দায়ূদে ব্যভিচাৰ কৰিছিল আৰু তেওঁ এজন ব্যক্তিক হত্যাও কৰাইছিল। কিন্তু যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু তেওঁৰ পাপ ক্ষমা কৰিলে। (২ চমূ. ১২:১-১৩) ৰজা মনচিয়ে বহুতো ডাঙৰ ডাঙৰ পাপ কৰিছিল। কিন্তু যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু তেওঁক ক্ষমা কৰিলে। (২ বং. ৩৩:৯-১৬) এই উদাহৰণবোৰৰ পৰা জানিব পাৰি যে যদি দয়া দেখুৱাৰ কিবা কাৰণ থাকে, তেনেহʼলে যিহোৱাই নিশ্চয় দয়া দেখুৱায়। গতিকে, আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে যিসকল লোকে নিজৰ পাপ স্বীকাৰ কৰিলে আৰু অন্তৰৰ পৰা অনুতাপ কৰিলে, যিহোৱাই তেওঁলোকক আকৌ জীয়াই তুলিব।

১৩. (ক) যিহোৱাই নীনবিৰ লোকসকলক কিয় দয়া দেখুৱালে? (খ) যীচুৱে নীনবিৰ লোকসকলৰ বিষয়ে কি কৈছিল?

১৩ আমি জানোঁ যে যিহোৱাই নীনবিৰ লোকসকলক দয়া দেখুৱালে। যিহোৱাই যোনাক কৈছিল যে তেওঁ লোকসকলৰ “দুষ্টতা” আওকাণ কৰিব নোৱাৰে। সেইবাবে, তেওঁলোকক সতৰ্কবাণী জনাবলৈ যোনাক কৈছিল। কিন্তু যেতিয়া নীনবিৰ লোকসকলে নিজৰ পাপ স্বীকাৰ কৰিলে আৰু অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকক দয়া দেখুৱালে। যিহোৱা যোনাতকৈ বহুত বেলেগ আছিল! যেতিয়া যিহোৱাই নীনবিৰ লোকসকলক ধ্বংস নকৰিলে, তেতিয়া যোনাৰ বহুত খং উঠিল আৰু তেওঁ নীনবিৰ লোকসকলক দয়া দেখুৱা নাছিল। তেতিয়া যিহোৱাই যোনাক মনত পেলাই দিছিল যে তেওঁলোকে ভাল-বেয়াৰ “মাজত প্ৰভেদ” অৰ্থাৎ পাৰ্থক্য কৰিব নোৱাৰে। (যোনা ১:১, ২; ৩:১০; ৪:৯-১১) এই ঘটনাৰ যোগেদি যীচুৱে লোকসকলক শিকালে যে যিহোৱা দয়ালু ঈশ্বৰ হয় আৰু তেওঁ সঠিক ন্যায় কৰে। নীনবিৰ লোকসকলে অনুতাপ কৰিছিল। সেইবাবে, যীচুৱে কৈছিল যে “ন্যায়ৰ সময়ত” তেওঁলোকক আকৌ জীয়াই তোলা হʼব।—মথি ১২:৪১.

১৪. মৃত লোকসকলক জীয়াই তোলাৰ পাছত যেতিয়া বেয়া লোকসকলৰ ন্যায় কৰা হʼব, তেতিয়া নীনবিৰ লোকসকলৰ কি হʼব?

১৪ নীনবিৰ লোকসকলক ‘ন্যায়ৰ সময়ত’ আকৌ জীয়াই তোলা হʼব। ইয়াত কোনটো ন্যায়ৰ বিষয়ে কোৱা হৈছে? যীচুৱে কৈছিল যে ভৱিষ্যতে মৃত লোকসকলক “ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।” (যোহ. ৫:২৯) ইয়াত যীচুৱে ১০০০ বছৰৰ সময়ছোৱাত ‘ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক’ অৰ্থাৎ ভাল আৰু বেয়া লোকসকলক জীয়াই তোলাৰ সময়ৰ বিষয়ে কৈছিল। (পাঁচ. ২৪:১৫) বাইবেলত কোৱা হৈছে যে “যিসকলে বেয়া কামত লাগি আছিল, তেওঁলোকক ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।” ইয়াৰ অৰ্থ হৈছে নতুন পৃথিৱীত জীয়াই তোলাৰ পাছত তেওঁলোকক ঈশ্বৰৰ বিষয়ে শিকোৱা হʼব আৰু তেওঁলোকৰ ন্যায় কৰা হʼব। যিহোৱা আৰু যীচুৱে মন কৰিব যে তেওঁলোকে নিজকে সাল-সলনি কৰিছে নে নাই আৰু ইয়াৰ আধাৰত তেওঁলোকৰ ন্যায় কৰিব। যদি নীনবিৰ কোনো এজন ব্যক্তিয়ে যিহোৱাৰ উপাসনাক অস্বীকাৰ কৰিব, তেনেহʼলে তেওঁক ধ্বংস কৰা হʼব। (যিচ. ৬৫:২০) কিন্তু যিসকল লোকে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼব, তেওঁলোকে জীৱন লাভ কৰিব আৰু সদায় জীয়াই থাকিব।—দানি. ১২.২.

১৫. (ক) চদোম আৰু ঘমোৰাৰ যিসকল লোকক ধ্বংস কৰা হৈছিল, তেওঁলোকক আকৌ জীয়াই তোলা নহʼব বুলি কোৱাটো কিয় সঠিক নহʼব? (খ) যিহূদা ৭ পদত লিখা কথাৰ অৰ্থ কি আছিল? (“যিহূদাই কোৱা কথাৰ অৰ্থ কি আছিল?” নামৰ বক্সখন চাওক।)

১৫ যীচুৱে কৈছিল যে যিসকল লোকে তেওঁক আৰু তেওঁৰ শিক্ষাক গ্ৰহণ নকৰিলে, “ন্যায়ৰ দিনত” তেওঁলোকৰ পৰিস্থিতি চদোম আৰু ঘমোৰাৰ লোকসকলতকৈও বেয়া হʼব। (মথি ১০:১৪, ১৫; ১১:২৩, ২৪; লূক ১০:১২) যীচুৰ সময়ৰ লোকসকল বহুত বেয়া আছিল বুলি বুজাবলৈ তেওঁ চদোম আৰু ঘমোৰাৰ লোকসকলৰ বিষয়ে কৈছিল নে? আমি হয়তো এইদৰে ভাবিব পাৰোঁ। কিন্তু যীচুৰ কথাৰ পৰা জানিব পাৰি যে চদোম আৰু ঘমোৰাৰ লোকসকলৰ ওচৰত হয়তো আশা আছে। তেওঁলোকৰ বিষয়ে কোৱাৰ সময়ত তেওঁ ‘ন্যায়ৰ সময়ৰ’ কথা জনাইছিল। মন কৰক, যীচুৱে নীনবিৰ লোকসকলৰ বিষয়ে কোৱাৰ সময়তো তেওঁ ‘ন্যায়ৰ সময়ৰ’ বিষয়ে উল্লেখ কৰিছিল আৰু তেওঁলোকক সঁচাকৈ আকৌ জীয়াই তোলা হʼব বুলি কৈছিল। সেইবাবে, চদোম আৰু ঘমোৰাৰ কিছুমান লোকক আকৌ জীয়াই তোলা হʼব বুলি আমি কʼব পাৰোঁ। মন কৰক, নীনবিৰ লোকসকলৰ দৰে চদোম আৰু ঘমোৰাৰ লোকসকলেও বেয়া কাম কৰিছিল। নীনবিৰ লোকসকলে অনুতাপ কৰিবলৈ সুযোগ পাইছিল, কিন্তু চদোম আৰু ঘমোৰাৰ লোকসকলে সুযোগ পোৱা নাছিল। যীচুৱে কৈছিল যে “যিসকলে বেয়া কামত লাগি আছিল, তেওঁলোকক ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।” (যোহ. ৫:২৯) সেইবাবে, আমি কʼব পাৰোঁ যে চদোম আৰু ঘমোৰাৰ কিছুমান লোকক আকৌ জীয়াই তোলা হʼব আৰু আমি তেওঁলোকক যিহোৱা আৰু যীচুৰ বিষয়ে শিকাবলৈ সুযোগ পাম।

যিহূদাই কোৱা কথাৰ অৰ্থ কি আছিল?

যীচুৰ মৃত্যুৰ বহু বছৰৰ পাছত তেওঁৰ ভায়েক যিহূদাই লিখিছিল যে চদোম, ঘমোৰা আৰু তাৰ আশে-পাশে থকা চহৰবোৰক “অনন্ত জুইৰ দণ্ড” দি একেবাৰে নাশ কৰি দিয়া হʼব। (যিহূ. ৭) ইয়াত যিহূদাই যি কৈছে, তাৰ অৰ্থ কি আছিল? যীচুৱে যি কৈছিল তেওঁ তাৰ বিপৰীতে কৈছিল নে? (লূক ১০:১২) নহয়। যীচুৱে চদোম আৰু ঘমোৰাৰ সকলো লোককে জীৱিত কৰা হʼব বুলি কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁৰ কথাৰ পৰা জানিব পাৰি যে চদোম আৰু ঘমোৰাৰ কিছুমান লোকক জীয়াই তোলা হʼব। যেতিয়া যিহূদাই চদোম আৰু ঘমোৰাৰ বিষয়ে লিখিছিল, তেতিয়া তেওঁ হয়তো সেই চহৰবোৰ ধ্বংসৰ বিষয়ে কৈছিল, তাত থকা লোকসকলৰ বিষয়ে নহয়। চদোম আৰু ঘমোৰা নগৰখন ধ্বংস কৰা হʼল, যাতে সকলোৱে জানিব পাৰে যে অনৈতিক কাম কৰাৰ কিমান বেয়া পৰিণাম হয়। যিহূদাই যি কথা লিখিছিল, তেনেধৰণৰ কথা বহু বছৰৰ আগতে ভৱিষ্যবক্তা যিৰিমিয়াও লিখিছিল। যিৰিমিয়াই কৈছিল যে চদোম আৰু ঘমোৰাৰ যি পৰিস্থিতি হৈছিল, ইদোম আৰু বাবিলৰো একে পৰিস্থিতি হʼব অৰ্থাৎ এই চহৰকেইখনক একেবাৰে ধ্বংস কৰি দিয়া হʼব আৰু তাত কোনেও বাস নকৰিব। (যিৰি. ৪৯:১৭, ১৮; ৫০:৩৫, ৩৯, ৪০) যিহূদাই যি কৈছিল, তাৰ পৰা আৰু এটা কথা জানিব পাৰি। যিহোৱাই যি লোকসকলক শাস্তি দিছিল, তেওঁলোকৰ ভিতৰত কিছুমান লোকক একেবাৰে ধ্বংস কৰি দিয়া হৈছিল আৰু তেওঁলোকক কেতিয়াও জীয়াই তোলা নহʼব। পিতৰেও ঠিক এইদৰেই কৈছিল।—২ পিত. ২:৬.

১৬. যিহোৱাই কাক জীৱিত কৰিব আৰু কাক নকৰে, এয়া তেওঁ কেনেকৈ নিৰ্ণয় লʼব? (যিৰিমিয়া ১৭:১০)

১৬ যিৰিমিয়া ১৭:১০ পঢ়ক। এই পদত কোৱা আৰু এটা কথা আমি জানোঁ। যিহোৱাই প্ৰতিজন মানুহৰ ‘মনৰ বিচাৰ’ কৰে আৰু হৃদয় পৰীক্ষা কৰে। সেইবাবে, ভৱিষ্যতে যেতিয়া যিহোৱাই কাক জীয়াই তুলিব বুলি নিৰ্ণয় লʼব, সেই সময়ত তেওঁ ‘প্ৰতিজন মানুহৰ আচাৰ-ব্যৱহাৰৰ অনুসৰি তেওঁলোকক প্ৰতিফল দিব।’ যদি প্ৰয়োজন হয়, তেনেহʼলে তেওঁ কঠোৰতাৰে ব্যৱহাৰ কৰিব, কিন্তু সম্ভৱ হʼলে দয়া দেখুৱাব। সেইবাবে, কোনো এজন ব্যক্তিক জীয়াই তোলা নহʼব বুলি কোৱাটো উচিত নহয়। যিসকল লোকৰ বিষয়ে বাইবেলত কোৱা হৈছে, আমি কেৱল তেওঁলোকৰ বিষয়েহে এইদৰে কʼব পাৰোঁ।

“সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” কেতিয়াও অন্যায় নকৰিব

১৭. মৃত্যু হোৱা লোকসকলৰ কি হʼব?

১৭ যেতিয়াৰে পৰা আদম আৰু হৱাই চয়তানৰ ফলীয়া হৈ যিহোৱাৰ বিৰোধ কৰিলে, তেতিয়াৰে পৰা এতিয়ালৈকে কোটি কোটি লোকৰ মৃত্যু হʼল। মৃত্যু আমাৰ “শত্ৰু” আৰু ইয়ে অসংখ্য লোকক নিজৰ কবলত পেলাইছে। (১ কৰি. ১৫:২৬) কিন্তু যিসকল লোকৰ মৃত্যু হʼল, তেওঁলোকৰ কি হʼব? স্বৰ্গত জীৱন লাভ কৰাৰ আশা থকা ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজৰ যিসকলৰ মৃত্যু হৈ গʼল, তেওঁলোকে স্বৰ্গত জীৱন লাভ কৰিলে। তেওঁলোকৰ মাজৰ যিসকলে এতিয়াও পৃথিৱীত বাকী আছে, তেওঁলোকেও স্বৰ্গত অমৰ জীৱন লাভ কৰিব। (প্ৰকা. ১৪:১) ইয়াৰ উপৰিও যিহোৱাক প্ৰেম কৰা বহুতো লোকক এই পৃথিৱীত জীয়াই তোলা হʼব। তেওঁলোকে মচীহৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত আৰু শেষ পৰীক্ষাত বিশ্বাসী হৈ থাকিলে, এই পৃথিৱীত সদাই জীয়াই থাকিব। (দানি. ১২:১৩; ইব্ৰী ১২:১) হাজাৰ বছৰৰ সময়ছোৱাত বেয়া লোকসকলকো জীৱিত কৰা হʼব। তেওঁলোকৰ মাজত এনে লোকসকলো থাকিব, যিসকলে যিহোৱাৰ সেৱা কৰা নাছিল বা ‘বেয়া কামবোৰত লাগি আছিল।’ তেওঁলোকে নিজকে সলনি কৰিবলৈ আৰু যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পাব। (লূক ২৩:৪২, ৪৩) কিন্তু কিছুমান লোক বহুত দুষ্ট আছিল। তেওঁলোকে জানি-শুনি যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিৰুদ্ধে গʼল। সেইবাবে, যিহোৱাই তেওঁলোকক আকৌ জীয়াই নুতুলিবলৈ নিৰ্ণয় লৈছে।—লূক ১২:৪, ৫.

১৮-১৯. (ক) যিহোৱাই সদায় সঠিক ন্যায় কৰে বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ? (যিচয়া ৫৫:৮, ৯) (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৮ আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই লোকসকলৰ সঠিকভাৱে ন্যায় কৰে। অব্ৰাহামে এই কথা ভালদৰে বুজি পাইছিল। তেওঁ জানিছিল যে “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা” ঈশ্বৰ যিহোৱা বহুত দয়ালু, তেওঁ সকলো জানে আৰু যি সঠিক সেয়াই কৰে। যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টকো ন্যায় কৰিবলৈ শিকালে আৰু ন্যায় কৰাৰ দায়িত্বও দিলে। (যোহ. ৫:২২) যিহোৱা আৰু যীচুৱে মানুহৰ হৃদয় পঢ়িব পাৰে আৰু তেওঁলোক কেনেধৰণৰ ব্যক্তি সেয়াও জানে। (মথি ৯:৪) সেইবাবে, তেওঁলোকে ‘কেতিয়াও অন্যায় নকৰিব,’ যি সঠিক সেয়াই কৰিব।

১৯ গতিকে, আহক আমি সম্পূৰ্ণ ভৰসা ৰাখোঁ যে যিহোৱাই সকলো জানে। আমি মনত ৰখা উচিত যে আমি আনৰ ন্যায় কৰিব নোৱাৰোঁ, কেৱল যিহোৱাইহে লোকসকলৰ ন্যায় কৰিব পাৰে। (যিচয়া ৫৫:৮, ৯ পঢ়ক।) যিহোৱা আৰু যীচুৱে একেবাৰে সঠিক ন্যায় কৰিব বুলি সম্পূৰ্ণ ভৰসা ৰাখক। আমাৰ ৰজা যীচু খ্ৰীষ্ট নিজৰ পিতৃৰ দৰে হয়, তেওঁ সঠিক ন্যায় কৰিব আৰু দয়াও দেখুৱাব। (যিচ. ১১:৩, ৪) কিন্তু যিহোৱা আৰু যীচুৱে মহা-সংকটৰ সময়ছোৱাত লোকসকলৰ কেনেকৈ ন্যায় কৰিব, এই বিষয়ে আমি কি জানোঁ? আৰু কি নাজানোঁ? পৰৱৰ্তী লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম।

ভৱিষ্যতে বেয়া লোকসকলক জীয়াই তোলা হʼব, . . .

  • ইয়াৰ বিষয়ে আমি কি নাজানোঁ?

  • ইয়াৰ বিষয়ে আমি কি জানোঁ?

  • যিহোৱাই তেওঁলোকৰ যি ন্যায় কৰিব, সেয়া সঠিক হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

গীত ৫৭ বিভিন্ন জাতিৰ লোকক সত্যৰ বিষয়ে জনাওক

a ছেপ্টেম্বৰ ২০২২ চনৰ প্ৰহৰীদুৰ্গৰ পৃষ্ঠা ১৪-১৯ পঢ়ক।

b আদম, হৱা আৰু কয়িনক জীৱিত কৰা হʼব নে নহয়, ইয়াৰ বিষয়ে জানিবলৈ জানুৱাৰী ১, ২০১৩ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ১২ পৃষ্ঠাত দিয়া ফুটনোট চাওক।

c যোহন ১৭:১২ পদত যিহূদাক “বিনাশৰ লʼৰা” বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে মৃত্যুৰ পাছত তেওঁক একেবাৰে ধ্বংস কৰি দিয়া হʼল আৰু তেওঁক আকৌ জীয়াই তোলা নহʼব।

d এপ্ৰিল ১৫, ২০০৮ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৩২ পৃষ্ঠাৰ অনুচ্ছেদ ৫ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক