শব্দবোৰৰ বুজা-বুজি
আপোনাৰ বিশ্বাস আছে নে?
যিহোৱাক আনন্দিত কৰিবলৈ বিশ্বাস থকাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু পাঁচনি পৌলে কৈছিল, ‘সকলোৰে যে বিশ্বাস আছে, এনে নহয়।’ (২ থিচ. ৩:২) তেওঁ এই কথাটো সেই “দুৰাচাৰী আৰু দুষ্ট” লোকসকলৰ বিষয়ে কৈছিল, যিসকলে তেওঁক তাড়না দিছিল। এনে আৰু কিছুমান লোক আছে, যিসকলৰ বিশ্বাস নাই। যেনে, সকলো বস্তুক সৃষ্টি কৰা কোনোবা এজন আছে বুলি প্ৰমাণ থকাৰ সত্ত্বেও কিছুমান লোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে। (ৰোম. ১:২০) আন কিছুমান লোকে বিশ্বাস কৰে যে এক শক্তি বা ঈশ্বৰ আছে। কিন্তু যিহোৱাক আনন্দিত কৰিবলৈ ইমানেই বিশ্বাস থকাটো যথেষ্ট নহয়।
যিহোৱা আছে বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস থকা উচিত আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা লোকসকলক যিহোৱাই পুৰস্কাৰ দিয়ে। (ইব্ৰী ১১:৬) বিশ্বাস পবিত্ৰ শক্তিৰ ফলৰ এটা গুণ। আমি পবিত্ৰ শক্তিৰ সহায়তহে বিশ্বাসৰ গুণ বঢ়াব পাৰোঁ। সেইবাবে, পবিত্ৰ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। (লূক ১১:৯, ১০, ১৩) পবিত্ৰ শক্তি লাভ কৰিবলৈ আমি বাইবেল পঢ়িব লাগিব। পবিত্ৰ শক্তিৰ যোগেদি ঈশ্বৰে বাইবেল লিখাইছে। সেইবাবে, যেতিয়া আমি বাইবেল পঢ়োঁ, তাৰ ওপৰত গভীৰভাৱে মনন কৰোঁ আৰু সেই অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া পবিত্ৰ শক্তিয়ে আমাৰ ওপৰত কাম কৰে। তেতিয়া আমি এনেধৰণৰ জীৱন-যাপন কৰিব পাৰোঁ, যাৰ যোগেদি প্ৰমাণ হয় যে আমাৰ বিশ্বাস আছে আৰু এই বিশ্বাস দেখি যিহোৱা আনন্দিত হয়।