নতুন মণ্ডলীৰ লগত কেনেকৈ নিজকে খাপ খোৱাব পাৰে?
আপুনি কেতিয়াবা নিজৰ মণ্ডলী সলনি কৰিবলগীয়া হৈছিল নে? সেই সময়ত আপুনি হয়তো ভাই জʼন চাৰ্ল্চৰ দৰেই অনুভৱ কৰিছিল। তেওঁ কৈছে, “যেতিয়া আপুনি বেলেগ ঠাইত গৈ থাকে আৰু নতুন মণ্ডলীলৈ যায়, তেতিয়া আপুনি বহুত কিছু কৰিবলগীয়া হয়। আপুনি এয়াও ধ্যান দিবলগীয়া হয় যে পৰিয়ালৰ সকলোৰে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকে। এই সকলোবোৰ কৰাটো ইমান সহজ নহয়।” ইয়াৰ উপৰিও এজন ব্যক্তিয়ে বেলেগ ঠাইলৈ গʼলে, তেওঁক কাম, থাকিবলৈ ঘৰ আৰু যদি লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ কাৰণে নতুন স্কুল বিচাৰিবলগীয়া হয়। লগতে নতুন ঠাইৰ বতৰ, সেই ঠাইৰ সংস্কৃতি আৰু প্ৰচাৰ এলেকা পুৰণি ঠাইতকৈ একেবাৰে বেলেগ হʼব পাৰে।
ফ্ৰান্সৰ শাখা কাৰ্য্যালয়ে ভাই নিকʼলা আৰু ভনী ছেলীনক এখন নতুন ঠাইলৈ যাবলৈ কʼলে। তাত তেওঁলোকে এক বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল। তেওঁলোকে কৈছে, “আৰম্ভণিতে সকলোবোৰ নতুন আছিল আৰু আমাক ভালো লাগিছিল। কিন্তু কিছু সময়ৰ পাছত আমাক পুৰণি বন্ধুসকলৰ মনত পৰিবলৈ ধৰিলে, তেতিয়ালৈকে নতুন মণ্ডলীৰ ভাই-ভনীসকলৰ লগত আমাৰ বন্ধুত্ব হোৱা নাছিল।”a এখন নতুন মণ্ডলীলৈ গʼলে এনেধৰণৰ সমস্যা আহিব পাৰে। সেই সময়ত আপুনি কি কৰিব পাৰে? আন ভাই-ভনীসকলে কি কৰিব পাৰে? নতুন মণ্ডলীৰ পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাবলৈ চেষ্টা কৰিলে আপুনি কি আশীৰ্বাদ লাভ কৰিব আৰু আনক কেনেকৈ সহায় কৰিব পাৰিব? আহক চাওঁ।
যদি কঠিন লাগে, এই চাৰিটা পদক্ষেপ লওক
যিহোৱাৰ ওপৰত ভৰসা ৰাখক
১. যিহোৱাৰ ওপৰত ভৰসা ৰাখক। (গীত. ৩৭:৫) জাপানত থকা ভনী কাজুমীয়ে ২০ বছৰৰ পৰা এখন মণ্ডলীত আছিল। কিন্তু তেওঁৰ স্বামীৰ ট্ৰেন্সফাৰৰ পাছত তেওঁলোকে এখন নতুন মণ্ডলীলৈ যাবলগীয়া হʼল। তেতিয়া ভনীয়ে সকলোবোৰ যিহোৱাৰ ওপৰত এৰি দিছিল আৰু তেওঁৰ ওপৰত ভৰসা ৰাখিলে। তাই এইদৰে কৈছে, “বহুবাৰ মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ আৰু বহুত চিন্তিত হৈ পৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনাত যিহোৱাক মোৰ মনৰ সকলো কথা জনাইছিলোঁ আৰু যিহোৱাই মোক প্ৰতিবাৰে সাহস দিলে।”
আমি যিহোৱাৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বঢ়াব পাৰোঁ? এজোপা পুলি ডাঙৰ হোৱাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি তাক পানী আৰু সাৰ দিব লাগিব। ঠিক সেইদৰে, আমি নিজৰ বিশ্বাস বঢ়াবলৈ কিছুমান কাম কৰিব লাগিব। আৰম্ভণিতে উল্লেখ কৰা ভাই নিকʼলাই কয় যে তেওঁ অব্ৰাহাম, যীচু আৰু পৌলৰ বিষয়ে পঢ়িলে। তেওঁলোকে যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ বহুতো ত্যাগ কৰিছিল। এই বিষয়ে চিন্তা কৰাৰ বাবে তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁকো সহায় কৰিব। যদি আপুনি নিয়মীয়াকৈ বাইবেল পঢ়িব, তাৰ অধ্যয়ন কৰিব, তেনেহʼলে আপুনি নতুন মণ্ডলীৰ লগত খাপ খাব পাৰিব। ইয়াৰ উপৰিও আপুনি শিকা কথাবোৰ আনক জনাই তেওঁলোকৰ উৎসাহ বঢ়াব পাৰিব।
তুলনা নকৰিব
২. তুলনা নকৰিব। (উপ. ৭:১০) যেতিয়া জৱেলে আফ্ৰিকাৰ বেনিন দেশৰ পৰা আহি আমেৰিকাত থাকিবলৈ ধৰিলে, তেতিয়া দুয়োখন দেশৰ সংস্কৃতিৰ মাজত পাৰ্থক্য দেখিবলৈ পালে। তেওঁ কৈছে, “মই যাকেই লগ পাইছিলোঁ, তেওঁ মোৰ গোটেই জীৱন কাহিনী শুনিব বিচাৰিছিল।” ভাইক এয়া ভাল লগা নাছিল আৰু তেওঁ বহুত আমনি পাইছিল। সেইবাবে, তেওঁ ভাই-ভনীসকলৰ পৰা আঁতৰি থাকিছিল। কিন্তু যেতিয়া তেওঁ সেই ঠাইৰ ভাই-ভনীসকলক ভালদৰে জানিলে, তেতিয়া তেওঁৰ চিন্তাধাৰা সলনি হʼল। তেওঁ কৈছে, “আমি পৃথিৱীৰ যʼতেই নাথাকোঁ কিয়, আমি মানুহেই হয়, কেৱল আমাৰ কথা-বতৰাৰ ধৰণহে বেলেগ। যদিও ভাই-ভনীসকল আমাতকৈ বেলেগ, তথাপি আমি তেওঁলোকক আঁকোৱালি লোৱা উচিত।” সেইবাবে, আপোনাৰ নতুন মণ্ডলীক পুৰণি মণ্ডলীৰ লগত তুলনা নকৰিব। এই বিষয়ে অগ্ৰগামী সেৱা কৰা ভনী এন-লীজে এইদৰে কৈছে, “মই নতুন ঠাইত নতুন বস্তু শিকিবলৈ আহিছোঁ, নতুন লোকসকলক লগ কৰিবলৈ আহিছোঁ, আগতে যি কৰিছিলোঁ, সেয়া কৰিবলৈ অহা নাই নহয়।”
প্ৰাচীনসকল, আপোনালোকেও নিজৰ নতুন মণ্ডলীক পুৰণি মণ্ডলীৰ লগত তুলনা কৰা উচিত নহয়। হয়তো নতুন মণ্ডলীৰ পদ্ধতিবোৰ অলপ বেলেগ হʼব পাৰে, কিন্তু যি বেলেগ সেয়া ভুল নহʼবও পাৰে। কিবা পৰামৰ্শ দিয়াৰ আগতে সেই ঠাইৰ পৰিস্থিতিৰ বিষয়ে অনুসন্ধান কৰি লওক। (উপ. ৩:১, ৭খ) আনক কেৱল এয়া নকʼব যে এইদৰে কৰা উচিত বা এইদৰে কৰা উচিত নহয়। কিন্তু নিজে এক ভাল উদাহৰণ ৰাখক, তেতিয়া আপোনাক দেখি আনে শিকিব।—২ কৰি. ১:২৪.
ভাই-ভনীসকলৰ লগত থাকক
৩. ভাই-ভনীসকলৰ লগত থাকক। (ফিলি. ১:২৭) যেতিয়া আপুনি কোনো এখন বেলেগ ঠাইলৈ যায়, তেতিয়া কৰিবলগীয়া বহুতো কাম থাকে আৰু সেই কাম কৰিবলৈ বহুত সময় লাগিব পাৰে। কিন্তু প্ৰতিখন সভালৈ যাওক আৰু সম্ভৱ হʼলে ৰাজ্যগৃহত উপস্থিত হওক। কিয়নো আপুনি সভালৈ নগʼলে ভাই-ভনীসকলে আপোনাক কেনেকৈ জানিব পাৰিব? আপোনাক কেনেকৈ সহায় কৰিব পাৰিব? লুছিণ্ডা নামৰ এগৰাকী ভনীয়ে নিজৰ দুজনী জীয়েকৰ লগত দক্ষিণ আফ্ৰিকাৰ এখন ডাঙৰ চহৰত থাকিবলৈ ধৰিলে। তেওঁলোকে কেনেকৈ নতুন মণ্ডলীৰ পৰিস্থিতিৰ লগত নিজকে খাপ খোৱালে তাৰ বিষয়ে কৈছে, “মোৰ বন্ধুসকলে মোক নতুন মণ্ডলীলৈ যোৱাৰ লগে লগে ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ, তেওঁলোকৰ লগত থাকিবলৈ, প্ৰচাৰলৈ যাবলৈ আৰু সভাবোৰত ভাগ লʼবলৈ কৈছিল। আমি ভাইসকলক এয়াও কʼলোঁ যে তেওঁলোকে আমাৰ ঘৰত প্ৰচাৰ সভা ৰাখিব পাৰে।”
মণ্ডলীৰ ভাই-ভনীসকলৰ লগত মিলি কাম কৰিলে তেওঁলোকৰ লগতে আপোনাৰো ‘বিশ্বাস’ বাঢ়িব। আগতে উল্লেখ কৰা ভনী এন-লীজে কয় যে প্ৰাচীনসকলে তেওঁক মণ্ডলীৰ সকলোৰে লগত প্ৰচাৰ কৰাৰ বাবে চেষ্টা কৰিবলৈ কৈছিল। তাই সেইদৰেই কৰিলে। তাই কৈছে, “মই লক্ষ্য কৰিব পাৰিলোঁ যে ভাই-ভনীসকলৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ এয়া এক ভাল উপায় হয়। প্ৰচাৰ কৰাৰ উপৰিও ৰাজ্যগৃহৰ চাফ চিকুণ আৰু মেৰামতিৰ কামত ভাগ লʼলে, ভাই-ভনীসকলে দেখিব পাৰিব যে তেওঁলোকৰ মণ্ডলীক আপুনি নিজৰ বুলি ভাবে। আপুনি যিমানেই বেছি এই কামবোৰত ভাগ লʼব আৰু ভাই-ভনীসকলৰ লগত থাকিব, সিমান সোনকালে ভাই-ভনীসকল আপোনাৰ বন্ধু হʼব পাৰিব আৰু সেই নতুন মণ্ডলী আপোনাৰ পৰিয়াল হৈ পৰিব।”
নতুন বন্ধু বনাওক
৪. নতুন বন্ধু বনাওক। (২ কৰি. ৬:১১-১৩) ভাই-ভনীসকলৰ লগত কথা পাতক আৰু তেওঁলোকক ভালদৰে জানিবলৈ চেষ্টা কৰক। এইদৰে কৰিবলৈ সভালৈ আগতীয়াকৈ আহক আৰু সভাৰ পাছত দেৰিকৈ যাওক। এইদৰে আপুনি ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰে বুলি দেখুৱাব পাৰে। তেওঁলোকৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি তেওঁলোকৰ নাম লৈ মাতিব আৰু প্ৰেমেৰে ব্যৱহাৰ কৰিব, তেতিয়া তেওঁলোকে আপোনাৰ লগত কথা পাতিবলৈ সংকোচ নকৰিব আৰু তেওঁলোকে আপোনাৰ বন্ধু হʼব বিচাৰিব।
নতুন মণ্ডলীৰ ভাই-ভনীসকলে আপোনাক ভাল পাব নে নাই, বুলি ভাবি চিন্তিত নহʼব। তাৰ পৰিৱৰ্তে ভাই-ভনীসকলক আপোনাক জানিবলৈ সুযোগ দিয়ক। ইয়াৰ বাবে আপুনি কি কৰিব পাৰে? মন কৰক ভনী লুছিণ্ডাই কি কৰিলে। তাই কৈছে, “আমি ভাই-ভনীসকলক নিজৰ ঘৰলৈ মাতিছিলোঁ। সেইবাবে, তেওঁলোকৰ লগত আমাৰ ভাল বন্ধুত্ব হʼল আৰু আজিও ভাল বন্ধু হৈ আছোঁ।” আপুনিও এইদৰে কৰিব পাৰে।
এজনে-আনজনক আদৰণি জনাওক
যেতিয়া কোনোবাই প্ৰথমবাৰ নতুন মণ্ডলীলৈ আহে, তেতিয়া সকলোকে নতুন দেখি তেওঁ হয়তো সংকোচ কৰিব পাৰে। তেতিয়া আপুনি কি কৰিব পাৰে? পৌলে কৈছিল, “যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা।” (ৰোম. ১৫:৭) প্ৰাচীনসকল, যীচুৰ দৰে আপোনালোকেও নতুন ভাই-ভনীসকলক আদৰণি জনাব পাৰে আৰু তেওঁলোকক সহায় কৰিব পাৰে। (“যেতিয়া আপুনি নিজৰ মণ্ডলী সলনি কৰে” নামৰ বক্সখন চাওক।) মণ্ডলীৰ আন ভাই-ভনীসকলৰ লগতে সৰু সৰু লʼৰা-ছোৱালীসকলেও এইদৰে কৰিব পাৰে আৰু তেওঁলোকৰ লগত বন্ধুত্ব কৰিব পাৰে।
আনক আদৰণি জনোৱাৰ আৰু এটা উপায় হৈছে অতিথি সৎকাৰ কৰা। ইয়াৰ উপৰিও আপুনি নতুন ভাই-ভনীসকলক বেলেগ বেলেগ উপায়েৰে সহায় কৰিব পাৰে। যেতিয়া এগৰাকী ভনীয়ে নতুন এখন চহৰত গৈ থাকিবলৈ ধৰিলে, তেতিয়া সেই ঠাইৰ মণ্ডলীৰ এগৰাকী ভনীয়ে তাইক গোটেই চহৰখন দেখুৱালে আৰু তাই কʼৰ পৰা বাছ বা ট্ৰেইনত উঠিব পাৰে, সেয়াও দেখুৱালে। এইদৰে কৰাৰ বাবে ভনীজনীৰ বহুত সহায় হʼল আৰু সেই ভনী গৰাকীয়ে দেখুৱা প্ৰেম তাই কেতিয়াও নাপাহৰিলে।
উন্নতি কৰাৰ এক সুযোগ
এটি চৰাইৰ পোৱালিয়ে বাঁহৰ পৰা ওলাবলৈ সদায় সংকোচ কৰি থাকিলে সি কেতিয়াও উৰিব নোৱাৰিব। যদি সি উৰিব বিচাৰে, তেনেহʼলে নিজৰ ভয় দূৰ কৰিব লাগিব। ঠিক সেইদৰে, কোনো এখন নতুন মণ্ডলীলৈ গʼলে আপোনাৰ মনলৈ হয়তো কিছুমান চিন্তা আহিব পাৰে। নতুন মণ্ডলীৰ লোকসকলক লগ কৰিবলৈ আপুনি হয়তো সংকোচ কৰিব পাৰে। কিন্তু আপুনি নিজৰ ভয় দূৰ কৰিব লাগিব, তেতিয়াহে আপুনি উৰিব পাৰিব আৰু নতুন মণ্ডলীত আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিব। নিকʼলা আৰু ছেলীনে কৈছে, “এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ গৈ আপুনি বহুতো কথা শিকিব পাৰে। নতুন ঠাইত গৈ নতুন লোকসকলৰ লগত থাকিবলৈ আমাক কিছুমান সাল-সলনি কৰিবলগীয়া হʼল। কিন্তু এইদৰে কৰাৰ বাবে আমি ভাল গুণবোৰ বঢ়াব পাৰিলোঁ।” যেতিয়া ভাই জʼন চাৰ্ল্চে নিজৰ পৰিয়ালৰ লগত বেলেগ এখন ঠাইত গৈ থাকিবলৈ ধৰিলে, তেতিয়া তেওঁৰ পৰিয়ালৰ বহুতো লাভ হʼল। তেওঁ কৈছে, “মোৰ লʼৰা-ছোৱালীয়ে মণ্ডলীত ভালদৰে উন্নতি কৰিব পাৰিলে আৰু যিহোৱাৰ আৰু কাষ চাপিব পাৰিলে। কিছু মাহৰ ভিতৰতে আমাৰ ছোৱালীজনীয়ে সভাবোৰত ভাগ আগবঢ়াবলৈ ধৰিলে আৰু আমাৰ লʼৰা বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼল।”
আপুনি হয়তো এনে এখন মণ্ডলীলৈ যাব বিচাৰে, যʼত প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন আছে। কিন্তু আপুনি নিজৰ পৰিস্থিতিৰ বাবে এইদৰে কৰিব পৰা নাই। যদি আপোনাৰ লগত এইদৰে হৈছে, তথাপিও আপুনি এই লেখত দিয়া পৰামৰ্শবোৰ পালন কৰিব পাৰে আৰু নিজৰ পুৰণি মণ্ডলীতে কিবা নতুন কৰিবলৈ চেষ্টা কৰিব পাৰে। সদায় যিহোৱাৰ ওপৰত ভৰসা ৰাখক, ভাই-ভনীসকলৰ লগত থাকক আৰু যিমান পাৰে সিমান মণ্ডলীৰ কামবোৰত ভাগ লওক। ইয়াৰ উপৰিও সকলোৰে লগত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰক, ভাই-ভনীসকলৰ লগত বন্ধুত্ব আৰু দৃঢ় কৰক আৰু নতুন বন্ধু বনাবলৈ চেষ্টা কৰক। আপোনাৰ মণ্ডলীত এনে কোনোবা আছে নে, যিয়ে কিছু সময়ৰ আগতে আপোনাৰ মণ্ডলীলৈ আহিছে বা কোনো ভাই বা ভনীক সহায়ৰ প্ৰয়োজন আছে নে? যদি আছে, তেনেহʼলে তেওঁলোকক সহায় কৰক। এনেধৰণৰ প্ৰেমেই খ্ৰীষ্টানসকলৰ পৰিচয় হয় আৰু এইদৰে আপুনি যিহোৱাৰ আৰু কাষ চাপিব পাৰিব। (যোহ. ১৩:৩৫) আপুনি সম্পূৰ্ণ ভৰসা কৰিব পাৰে যে “এনে যজ্ঞত [বলিদানত] ঈশ্বৰ সন্তুষ্ট হয়।”—ইব্ৰী ১৩:১৬.
কিছুমান ভাই-ভনীয়ে এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ যোৱাৰ বাবে কিছুমান সমস্যা সন্মুখীন হʼবলগীয়া হʼল। কিন্তু তেওঁলোকে সেইবোৰ পাৰ কৰিব পাৰিলে। আপুনিও এইদৰে কৰিব পাৰে। এন-লীজে কৈছে, “যেতিয়া আমি মণ্ডলী সলনি কৰোঁ, তেতিয়া আমি নিজৰ হৃদয় বহল কৰিবলগীয়া হয়। এইদৰে কৰাৰ বাবে মই বহুতো বন্ধু বনাব পাৰিলোঁ।” ভনী কাজুমীয়ে কৈছে, “যেতিয়া আপুনি এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ যায়, তেতিয়া আপুনি লক্ষ্য কৰিব পাৰে যে যিহোৱাই আপোনাক কেনেকৈ চম্ভালি আছে। এয়া এক ৰোমাঞ্চকৰ অনুভৱ হয়।” ভাই জুৱেলৰ অনুভৱ আপোনাৰ মনত আছে নে? তেওঁ কৈছে, “এতিয়া মোৰ বহুতো ভাল বন্ধু আছে। এই মণ্ডলী মোৰ আপোন যেন হৈ পৰিছে। যদি মোক এই মণ্ডলী এৰিবলগীয়া হয়, তেনেহʼলে এয়া মোৰ কাৰণে বৰ কঠিন হʼব।”
a যেতিয়া আপোনাক পুৰণি মণ্ডলীৰ মনত পৰে, তেতিয়া আপুনি কি কৰিব পাৰে? এই বিষয়ে জানিবলৈ অক্টোবৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “আপুনি বিদেশত সেৱা কৰিব পাৰিব নে?” নামৰ লেখৰ ২৬ পৃষ্ঠাৰ অনুচ্ছেদ ১-৩ পঢ়ক।