ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 আগষ্ট পৃষ্ঠা ২-৬
  • যিহোৱাই আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই পাপী লোকসকলক কি আশা দিছে?
  • প্ৰাচীন সময়ত লোকসকলে যিহোৱাৰ অনুমোদন পাবলৈ কি কৰিলে?
  • যীচুৱে লোকসকলক মুকলি কৰিবলৈ কি কৰিলে?
  • মুক্তিৰ মূল্যৰ বলিদানৰ পৰা আমি কি শিকিব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই আপোনাক ক্ষমা কৰিছে—তেওঁৰ কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাৰ প্ৰেমৰ বাবে পালোঁ বহুতো আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 আগষ্ট পৃষ্ঠা ২-৬

অধ্যয়নৰ লেখ ৩১

গীত নং ১২ যিহোৱা মহান ঈশ্বৰ

যিহোৱাই আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে?

“ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে।”—যোহ. ৩:১৬.

কি শিকিম?

এই লেখত আমি শিকিম যে পাপৰ লগত যুঁজিবলৈ যিহোৱাই কেনেকৈ নিজে আগবাঢ়ি আহি আমাক সহায় কৰে। ইয়াৰ লগতে আমি এয়াও শিকিম যে তেওঁ কেনেকৈ পাপৰ পৰা মুকলি হ’বলৈ আৰু অনন্ত জীৱন জীয়াই থাকিবলৈ আশা দিছে।

১-২. (ক) পাপ কি আৰু আমি ইয়াক কেনেকৈ হৰুৱাব পাৰোঁ? (“ইয়াৰ অৰ্থ কি?” চাওক।) (খ) আমি এই লেখত আৰু এই খণ্ডৰ আন লেখবোৰত কি শিকিম? (এই খণ্ডত দিয়া “আপোনাৰ বাবে এটা বাৰ্তা” নামৰ সৰু লেখখনো চাওক।)

যিহোৱাই আপোনাক কিমান প্ৰেম কৰে, এয়া আপুনি জানিব বিচাৰে নে? যদি জানিব বিচাৰে, তেনেহʼলে তেওঁ পাপ আৰু মৃত্যুৰ দাসত্বৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিলে, তাৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। পাপa এটা শত্ৰুৰ দৰে হয়, যাক আমি নিজ শক্তিৰে কেতিয়াও হৰুৱাব নোৱাৰোঁ। আমি সকলোৱে প্ৰতিদিনে পাপ কৰোঁ আৰু ইয়াৰ বাবে আমাৰ মৃত্যু হয়। (ৰোম. ৫:১২) কিন্তু আনন্দৰ বিষয় যে আমি যিহোৱাৰ সহায়ত পাপক হৰুৱাব পাৰোঁ। তেওঁ আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিব বুলি প্ৰতিজ্ঞা কৰিছে।

২ যিহোৱাই প্ৰায় ৬,০০০ বছৰৰ পৰা লোকসকলক পাপৰ লগত যুঁজিবলৈ সহায় কৰি আছে। কিয়নো তেওঁ আমাক বহুত প্ৰেম কৰে। যেতিয়া যিহোৱাই আমাক সৃষ্টি কৰিলে, তেতিয়াৰে পৰা তেওঁ আমাক প্ৰেম কৰি আহিছে। আমি যাতে এই যুদ্ধত জয়লাভ কৰিব পাৰোঁ, তাৰ বাবে তেওঁ বহু কিছু কৰে। তেওঁ জানে যে পাপৰ বাবেই আমাৰ মৃত্যু হয় আৰু আমাৰ মৃত্যু হোৱাটো যিহোৱাই কেতিয়াও নিবিচাৰে। তাৰ পৰিৱৰ্তে আমি সদায় জীয়াই থকাটো তেওঁ বিচাৰে। (ৰোম. ৬:২৩) এই লেখত আমি ইয়াৰ বিষয়ে তিনিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। (১) যিহোৱাই পাপী লোকসকলক কি আশা দিছে? (২) প্ৰাচীন সময়ত লোকসকলে যিহোৱাৰ অনুমোদন পাবলৈ কি কৰিলে? আৰু (৩) যীচুৱে মানুহক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে? আহক এই প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰোঁ।

যিহোৱাই পাপী লোকসকলক কি আশা দিছে?

৩. আদম আৰু হৱা কেনেকৈ পাপী হʼল?

৩ যেতিয়া যিহোৱাই প্ৰথম পুৰুষ আৰু তিৰোতাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকে আনন্দত থকাটো যিহোৱাই বিচাৰিছিল। যিহোৱাই তেওঁলোকক থাকিবলৈ ধুনীয়া ঘৰ দিছিল, তেওঁলোকৰ বিয়া কৰাই দিছিল লগতে এটা ভাল কামো দিছিল। তেওঁলোকে গোটেই পৃথিৱীখনক এদন বাগিছাৰ দৰে সুন্দৰ কৰি তোলা আৰু তেওঁলোকৰ সন্তানেৰে গোটেই পৃথিৱীখনক পৰিপূৰ্ণ কৰিবলৈ যিহোৱাই তেওঁলোকক কৈছিল। কিন্তু যিহোৱাই তেওঁলোকক এটা আজ্ঞাও দিছিল। তেওঁ কৈছিল যদি তেওঁলোকে জানি-শুনি তেওঁৰ বিৰুদ্ধে যায় আৰু তেওঁৰ আজ্ঞা পালন নকৰে, তেনেহʼলে এই পাপৰ বাবে তেওঁলোকৰ মৃত্যু হʼব। কিন্তু ইয়াৰ পাছত কি হʼল আমি সকলোৱে জানোঁ। এজন দুষ্ট স্বৰ্গদূতে সকলোবোৰ খেলি-মেলি কৰি দিলে। সি যিহোৱা আৰু লোকসকলক প্ৰেম কৰা নাছিল। সি আদম আৰু হৱাক ভুলাবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে তাৰ কথা শুনি যিহোৱাৰ আজ্ঞা উলংঘন কৰিলে। এইদৰে তেওঁলোকে পাপী হৈ পৰিল। তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা নকৰি কিমান ডাঙৰ ভুল কৰিলে। যিহোৱাই যি কৈছিল, সেইদৰেই হʼল। যিহোৱাৰ আজ্ঞা উলংঘন কৰাৰ বাবে তেওঁলোকে ইয়াৰ পৰিণাম ভুগিবলগীয়া হʼল। যেনে, তেওঁলোকে বৃদ্ধ হʼল আৰু অৱশেষত তেওঁলোকৰ মৃত্যু হʼল।—আদি. ১:২৮, ২৯; ২:৮, ৯, ১৬-১৮; ৩:১-৬, ১৭-১৯, ২৪; ৫:৫.

৪. যিহোৱাই কিয় পাপক ঘিণ কৰে আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সহায় কৰে? (ৰোমীয়া ৮:২০, ২১)

৪ যিহোৱাৰ আমাৰ বাবে এই সকলো কথা বাইবেলত লিখুৱাইছে। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই পাপক বহুত ঘিণ কৰে। কাৰণ পাপে আমাক যিহোৱাৰ পৰা দূৰলৈ লৈ যায় আৰু ইয়াৰ বাবে আমাৰ মৃত্যু হয়। (যিচ. ৫৯:২) সকলো সমস্যাৰ মূল কাৰণ হৈছে চয়তান, সি পাপক প্ৰেম কৰে আৰু আমাকো পাপ কৰিবলৈ প্ৰলোভিত কৰে। যেতিয়া আদম আৰু হৱাই পাপ কৰিছিল, তেতিয়া সি ভাবিছিল যে সি যিহোৱাৰ উদ্দেশ্যক বিফল কৰিলে। কিন্তু চয়তানে নাজানিছিল যে যিহোৱাই লোকসকলক কিমান প্ৰেম কৰে। সেইবাবে, যেতিয়া আদম আৰু হৱাই পাপ কৰিলে, তেতিয়া তেওঁলোকৰ সন্তানৰ বাবে যি উদ্দেশ্য ৰাখিছিল, সেয়া তেওঁ সলনি নকৰিলে। আদম আৰু হৱাই পাপ কৰাৰ অলপ পাছতে তেওঁ লোকসকলৰ বাবে এটা আশা দিলে। (ৰোমীয়া ৮:২০, ২১ পঢ়ক।) যিহোৱাই জানিছিল যে আদম আৰু হৱাৰ কিছুমান সন্তানে তেওঁক প্ৰেম কৰিব আৰু পাপৰ বিৰুদ্ধে তেওঁলোকক যুঁজিবলৈ সহায়ৰ প্ৰয়োজন হʼব। সেইবাবে, এজন সৃষ্টিকৰ্তা আৰু পিতৃ হিচাপে যিহোৱাই তেওঁলোকক পাপ আৰু মৃত্যুৰ দাসত্বৰ পৰা ওলাই আহিবলৈ এটা বাট মুকলি কৰিলে। তেওঁ কি কৰিলে বাৰু?

৫. আদম আৰু হৱাই পাপ কৰাৰ অলপ পাছতে যিহোৱাই কি আশা দিলে? (আদিপুস্তক ৩:১৫)

৫ আদিপুস্তক ৩:১৫ পঢ়ক। এই ভৱিষ্যবাণীৰ জৰিয়তে যিহোৱাই জনালে যে চয়তানৰ কি হʼব আৰু এইদৰে লোকসকলক আশা দিলে। তেওঁ কʼলে এটা বংশ আহিব, যি চয়তানৰ মূৰ গুড়ি কৰিব আৰু তাৰ বাবে যিবোৰ দুখ-কষ্ট আছে, সেই সকলো নাইকিয়া কৰিব। (১ যোহ. ৩:৮) কিন্তু তেওঁ এয়াও জনালে যে এইবোৰ হোৱাৰ আগতে চয়তানে এই বংশক আঘাত কৰিব অৰ্থাৎ তেওঁক মাৰি পেলাব। ইয়াৰ বাবে যিহোৱাৰ বহুত দুখ লাগিব। তথাপিও যিহোৱাই এই দুখ সহন কৰিবলৈ সাজু আছিল। কাৰণ ইয়াৰ পৰা লোকসকলে পাপ আৰু মৃত্যুৰ দাসত্বৰ পৰা মুকলি হʼলহেঁতেন।

প্ৰাচীন সময়ত লোকসকলে যিহোৱাৰ অনুমোদন পাবলৈ কি কৰিলে?

৬. যিহোৱাৰ কাষ চাপিবলৈ হেবল আৰু নোহৰ দৰে আন বিশ্বাসী লোকসকলে কি কৰিলে?

৬ সময় পাৰ হোৱাৰ লগে লগে যিহোৱাই এয়া আৰু স্পষ্টকৈ জনালে যে পাপী লোকসকলে তেওঁৰ কাষ চাপিবলৈ কি কৰিব পাৰে? আদম আৰু হৱাৰ দ্বিতীয়জন সন্তান আছিল হেবল, তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰা প্ৰথম ব্যক্তি আছিল। তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল। তেওঁ যিকোনো পৰিস্থিতিত যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল আৰু তেওঁৰ কাষ চাপিব বিচাৰিছিল। সেইবাবে, তেওঁ যিহোৱালৈ বলিদান আগবঢ়ালে। তেওঁ এজন মেৰ ৰখীয়া আছিল। সেইবাবে, তেওঁ কিছুমান মেৰ লʼলে আৰু যিহোৱালৈ বলিদান আগবঢ়ালে। তেতিয়া যিহোৱাই কি কৰিলে? যিহোৱাই ‘হেবল আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে।’ (আদি. ৪:৪) যিহোৱাই আৰু এনে বহুতো লোকৰ বলিদান স্বীকাৰ কৰিলে, যিসকলে তেওঁক প্ৰেম কৰিছিল আৰু তেওঁৰ ওপৰত ভৰসা কৰিছিল। যেনে, নোহৰ বলিদান। (আদি. ৮:২০, ২১) এই সকলো বলিদান স্বীকাৰ কৰাৰ যোগেদি যিহোৱাই দেখুৱালে যে পাপী লোকসকলেও তেওঁৰ অনুমোদন পাব পাৰে আৰু তেওঁৰ কাষ চাপিব পাৰে।b

৭. অব্ৰাহামে নিজৰ পুত্ৰক বলি দিবলৈ সাজু আছিল, ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

৭ অব্ৰাহামৰ বহুত বিশ্বাস আছিল। যিহোৱাই তেওঁক এটা কঠিন কাম দিছিল। যিহোৱাই অব্ৰাহামক তেওঁৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ কৈছিল। চিন্তা কৰক, এয়া শুনি অব্ৰাহামৰ কেনেকুৱা লাগিছিল। নিজৰ মৰমৰ পুত্ৰক বলি দিবলৈ তেওঁৰ হয়তো কিমান কঠিন হৈছিল! তথাপিও তেওঁ এইদৰে কৰিবলৈ সাজু আছিল। যেতিয়া তেওঁ ইচ্‌হাকক বলি দিবলৈ লৈছিল, তেতিয়া যিহোৱাই সঠিক সময়ত তেওঁক ৰখালে। তেওঁ নিজেও তেওঁৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ সাজু আছিল। ইয়াৰ পৰা আপুনি যিহোৱাই আমাক কিমান প্ৰেম কৰে, সেয়া দেখা পালে নে?—আদি. ২২:১-১৮.

৮. মোচিৰ নিয়মৰ অনুসৰি যি বলিদান দিয়া হৈছিল, সেয়া কি কথাক চিত্ৰিত কৰিছিল? (লেবীয়া পুস্তক ৪:২৭-২৯; ১৭:১১)

৮ বহু শতিকাৰ পাছত যিহোৱাই ইস্ৰায়েলী ৰাষ্ট্ৰক নিয়ম দিছিল। তেওঁ নিজৰ লোকসকলক জনাইছিল যে পাপৰ পৰা ক্ষমা পাবলৈ তেওঁলোকে জীৱ-জন্তুৰ বলিদান দিব লাগিব। (লেবীয়া পুস্তক ৪:২৭-২৯; ১৭:১১ পঢ়ক।) এই বলিদানবোৰে যিহোৱাই আগলৈ গৈ মানুহক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ যি ডাঙৰ বলিদান দিবলগীয়া আছিল, সেই কথাৰ চিন আছিল। তেওঁ ভৱিষ্যবক্তাসকলৰ যোগেদি বুজাইছিল যে আহিবলগীয়া বংশই বহুত দুখ-কষ্ট সহন কৰিব লাগিব আৰু যিদৰে মেৰবোৰক বলি দিয়া হয়, ঠিক সেইদৰে তেওঁক মাৰি পেলোৱা হʼব। এই বংশ যিহোৱাৰ এজন প্ৰিয় পুত্ৰ আছিল। (যিচ. ৫৩:১-১২) চিন্তা কৰকচোন, যিহোৱাই মানুহক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কিমান ভাল ব্যৱস্থা কৰিলে। তেওঁ আপোনাৰ বাবেও নিজৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ সাজু আছিল।

যীচুৱে লোকসকলক মুকলি কৰিবলৈ কি কৰিলে?

৯. যোহন বাপ্তিষ্মা দিওঁতাই যীচুৰ বিষয়ে কি কʼলে? (ইব্ৰী ৯:২২; ১০:১-৪, ১২)

৯ প্ৰথম শতিকাত যোহন বাপ্তিষ্মা দিওঁতাই নাচৰতত থকা যীচুৰ বিষয়ে এইদৰে কৈছিল, “চোৱা, ঈশ্বৰৰ ভেড়া পোৱালি, যিয়ে জগতৰ পাপ দূৰলৈ লৈ যায়!” (যোহ. ১:২৯) যোহনৰ এই কথাৰ পৰা স্পষ্ট হʼল যে বহু শতিকাৰ আগতে যি বংশৰ বিষয়ে প্ৰতিজ্ঞা কৰা হৈছিল, সেয়া যীচুৱেই আছিল। অৱশেষত সেই বংশ আহিল, যি নিজৰ জীৱন বলিদান দি লোকসকলক পাপৰ পৰা সম্পূৰ্ণৰূপে মুকলি কৰিলেহেঁতেন। এইদৰে যিহোৱাই যি আশা দিছিল, সেয়া আৰু দৃঢ় হʼল।—ইব্ৰী ৯:২২; ১০:১-৪, ১২ পঢ়ক।

১০. যীচুৱে ‘পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছে’ বুলি কেনেকৈ দেখুৱালে?

১০ যীচুৱে সেই লোকসকলৰ ওপৰত বিশেষ ধ্যান দিছিল, যিসকলক পাপৰ বোজাই হেঁচি ধৰিছিল। যীচুৱে তেওঁলোকক নিজৰ শিষ্য হʼবলৈ মাতিছিল। তেওঁ জানিছিল যে পাপী হোৱাৰ বাবে লোকসকলৰ ওপৰত দুখ-কষ্ট আহে। সেইবাবে, তেওঁ বিশেষকৈ সেই লোকসকলক সহায় কৰিব বিচাৰিছিল, যিসকলে নিজৰ পাপৰ বাবে দুখ অনুভৱ কৰিছিল। তেওঁ এটা উদাহৰণ দি বুজালে যে “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে।” তাৰ পাছত তেওঁ কʼলে, “যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে মই তেওঁলোকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।” (মথি ৯:১২, ১৩) যীচুৱে যিদৰে কৈছিল, ঠিক সেইদৰেই কৰিলে। যেতিয়া এজনী পাপী তিৰোতাই তেওঁৰ ওচৰলৈ আহিল আৰু কান্দি কান্দি নিজৰ চকুপানীৰে যীচুৰ ভৰি তিয়ালে, তেতিয়া যীচুৱে তাইৰ লগত মৰমেৰে কথা পাতিলে আৰু তাইৰ পাপ ক্ষমা কৰিলে। (লূক ৭:৩৭-৫০) ইয়াৰ উপৰিও তেওঁ এজনী চমৰীয়া তিৰোতাক কিছুমান গুৰুত্বপূৰ্ণ সত্যতাৰ বিষয়ে জনালে, যদিও তেওঁ জানিছিল যে সেই তিৰোতাজনী ব্যভিচাৰী হয়। (যোহ. ৪:৭, ১৭-১৯, ২৫, ২৬) ইয়াৰ লগতে যিহোৱাই যীচুক ইমানেই শক্তি দিছিল যে তেওঁ পাপৰ সকলো পৰিণামক আনকি মৃত্যুকো শেষ কৰিব পাৰিলেহেঁতেন। সেইবাবে, যীচুৱে পুৰুষ-মহিলা, সৰু-ডাঙৰ সকলো ধৰণৰ লোককে আকৌ জীয়াই তুলিলে।—মথি ১১:৫.

১১. পাপ কৰা লোকসকলেও যীচুৰ ফালে কিয় আকৰ্ষিত হৈছিল?

১১ যীচুৱে লোকসকলৰ দুখ বুজি পাইছিল আৰু তেওঁলোকক দয়া দেখুৱাইছিল, সেইবাবে বেয়া কাম কৰা লোকসকলেও যীচুৰ ফালে আকৰ্ষিত হৈছিল। লোকসকলে তেওঁৰ লগত কথা পাতিবলৈ অলপো সংকোচ কৰা নাছিল। (লূক ১৫:১, ২) যেতিয়া লোকসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিছিল, তেতিয়া যীচুৱে তেওঁলোকক প্ৰশংসা কৰিছিল আৰু মৰমেৰে ব্যৱহাৰ কৰিছিল। (লূক ১৯:১-১০) যীচুৱে নিজৰ পিতৃৰ দৰে লোকসকসকলক দয়া দেখুৱাইছিল। (যোহ. ১৪:৯) যীচুৱে নিজৰ কথা আৰু কামৰ যোগেদি দেখুৱালে যে তেওঁৰ দয়ালু পিতৃয়ে লোকসকলক কিমান প্ৰেম কৰে আৰু পাপৰ বিৰোধে যুঁজিবলৈ তেওঁলোকক সহায় কৰিব বিচাৰে। যীচুক লগ পাই নিজকে সলনি কৰি তেওঁৰ পিছে পিছে যাবলৈ লোকসকলৰ মন গৈছিল।—লূক ৫:২৭, ২৮.

১২. যীচুৱে নিজৰ মৃত্যুৰ বিষয়ে শিষ্যসকলক কি জনাইছিল?

১২ যীচুৱে জানিছিল যে আগলৈ গৈ তেওঁৰ লগত কি হʼব। তেওঁ বহু বাৰ নিজৰ শিষ্যসকলক জনালে যে তেওঁৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হʼব। (মথি ১৭:২২; ২০:১৮, ১৯) তেওঁ জানিছিল যে তেওঁৰ বলিদানৰ বাবে জগতৰ পাপ দূৰ হৈ যাব, যিদৰে যোহন বাপ্তিষ্মা দিওঁতা আৰু আন ভৱিষ্যবক্তাসকলে কৈছিল। তেওঁ নিজৰ শিষ্যসকলক এয়াও জনাইছিল যে নিজৰ জীৱন বলিদান দিয়াৰ পাছত তেওঁ ‘সকলো ধৰণৰ লোকক নিজৰ ফালে আকৰ্ষিত কৰিব।’ (যোহ. ১২:৩২) তেতিয়া লোকসকলে তেওঁক প্ৰভু বুলি মানিব আৰু তেওঁৰ উদাহৰণত চলি যিহোৱাক আনন্দিত কৰিব। আনকি তেওঁলোকে “পাপৰ পৰা” সম্পূৰ্ণৰূপে “মুকলি” হʼব পাৰিব। (ৰোম. ৬:১৪, ১৮, ২২; যোহ. ৮:৩২) যীচুৱে এই সকলো কথা জানিছিল, সেইবাবে তেওঁ আনন্দেৰে আৰু সাহসেৰে এক দুখজনক মৃত্যু সহিবলৈও সাজু আছিল।—যোহ. ১০:১৭, ১৮.

১৩. (ক) যীচুৰ লগত কি কি হৈছিল? (খ) যিহোৱাই যীচুক মৃত্যু হʼবলৈ দিলে, ইয়াৰ পৰা আমি তেওঁৰ বিষয়ে কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

১৩ যীচুক বিশ্বাসঘাত, গ্ৰেপ্তাৰ আৰু তেওঁক অপমান কৰা হৈছিল। ইয়াৰ লগতে তেওঁৰ ওপৰত মিছা অভিযোগ লগোৱা হৈছিল আৰু বহুত যাতনা দিয়া হৈছিল। অৱশেষত, তেওঁক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। তথাপিও যীচু বিশ্বাসী হৈ থাকিল আৰু সেই সকলো যাতনা সহন কৰিছিল। কিন্তু যিহোৱাই যীচুতকৈ বেছি কষ্ট সহন কৰিছিল। নিজৰ মৰমৰ পুত্ৰক কষ্ট পাই থকা দেখি যিহোৱাই দুখত একেবাৰে ভাঙি পৰিছিল। কিন্তু প্ৰশ্ন হৈছে যে যিহোৱাই নিজৰ লʼৰাক কিয় নবচালে? তেওঁৰ ওচৰততো বহুত শক্তি আছে, তেনেহʼলে কিয় এইদৰে হʼবলৈ দিলে? কাৰণ যিহোৱাই মানৱ জাতিক বহুত প্ৰেম কৰে। যীচুৱে কৈছিল, “ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।”—যোহ. ৩:১৬.

ছবি: ১. যীচুৰ মূৰত কাঁইটৰ কিৰীটি লগোৱা আছে। ২. যীচুৰ হাত দুখন কাঠত বান্ধি থোৱা আছে আৰু তেওঁক চাবুকেৰে কোবাই আছে। ৩. যীচুৱে নিজৰ যাতনাৰ কাঠ উঠাই নিছে আৰু লোকসকলে তেওঁক চাই আছে। ৪. যীচু দুজন অপৰাধীৰ মাজত কাঠত ওলমি আছে আৰু লোকসকলে তেওঁৰ অপমান কৰি আছে।

আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ যিহোৱাই নিজৰ পুত্ৰৰ বলিদান দিলে। যিহোৱাই কিমান দুখ সহন কৰিলে আমি কল্পনাও কৰিব নোৱাৰোঁ (অনুচ্ছেদ ১৩ চাওক)


১৪. যীচুৱে যি বলিদান দিলে, তাৰ পৰা আপুনি কি জানিব পাৰে?

১৪ যিহোৱাই আদম আৰু হৱাৰ লʼৰা-ছোৱালীক কিমান প্ৰেম কৰে, তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে যীচুৰ বলিদান আৰু তেওঁ আপোনাকো কিমান প্ৰেম কৰে তাৰো প্ৰমাণ হয়। চিন্তা কৰক, তেওঁ আপোনাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কিমান ডাঙৰ ত্যাগ কৰিলে আৰু কিমান কষ্ট সহন কৰিলে! ইয়াৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰোঁ। (১ যোহ. ৪:৯, ১০) পাপৰ বিৰোধে যুঁজিবলৈ আৰু তাৰ ওপৰত জয়লাভ কৰিবলৈ তেওঁ আমাৰ মাজৰ প্ৰতিজনকে সহায় কৰিব বিচাৰে।

১৫. যীচুৰ মুক্তিৰ মূল্যৰ বলিদানৰ পৰা লাভৱান হʼবলৈ আমি কি কৰিব লাগিব?

১৫ যিহোৱাই দিয়া আটাইতকৈ ভাল উপহাৰ হৈছে মুক্তিৰ মূল্যৰ বলিদান। এই বলিদানৰ বাবেই আমি নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ। কিন্তু যিহোৱাৰ পৰা ক্ষমা পাবলৈ আমিও কিছুমান কাম কৰিব লাগিব। ইয়াৰ বিষয়ে যোহন বাপ্তিষ্মা দিওঁতা আৰু যীচু খ্ৰীষ্টই এইদৰে কৈছিল, “অনুতাপ কৰা, কিয়নো স্বৰ্গৰাজ্য নিচেই কাষত।” (মথি ৩:১, ২; ৪:১৭) অনুতাপ কৰিলে আমি পাপৰ বিৰোধে যুঁজিব পাৰোঁ আৰু নিজৰ মৰমিয়াল পিতৃৰ কাষ চাপিব পাৰোঁ। কিন্তু অনুতাপ কৰাৰ অৰ্থ কি? আৰু অনুতাপ কৰিলে আমি কেনেকৈ পাপৰ বিৰোধে যুঁজিব পাৰোঁ? ইয়াৰ বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই পাপী লোকসকলক কি আশা দিছে?

  • মোচিৰ নিয়মৰ অনুসৰি জীৱ-জন্তুৰ যি বলিদান দিয়া হৈছিল, সেয়া কিহক চিত্ৰিত কৰিছিল?

  • যীচুৱে মানুহক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে?

গীত নং ১৮ মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা

a ইয়াৰ অৰ্থ কি? যেতিয়া এজন ব্যক্তিয়ে কিবা ভুল কাম কৰে বা যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰে, তেতিয়া বাইবেলত তাক “পাপ” বুলি কোৱা হয়। বাইবেলত আমাৰ অসিদ্ধতা আৰু পাপী পৰিস্থিতিকো “পাপ” বুলি কোৱা হৈছে, যি আমি আদমৰ পৰা উত্তৰাধিকাৰী হিচাপে পাইছোঁ আৰু ইয়াৰ বাবেই আমাৰ মৃত্যু হয়।

b যীচুৱে এই পৃথিৱীলৈ অহাৰ আগতেও যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ বলিদান স্বীকাৰ কৰিছিল। কিয়নো তেওঁ জানিছিল যে আগলৈ গৈ যীচুৱে মানৱজাতিৰ বাবে নিজৰ জীৱন বলিদান দিব আৰু তেওঁলোকক পাপ আৰু মৃত্যুৰ পৰা সম্পূৰ্ণৰূপে মুকলি কৰিব।—ৰোম. ৩:২৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক