১৯২৪—এশ বছৰৰ আগত
‘নতুন বছৰ আৰম্ভ হৈছে। বাপ্তিষ্মা লোৱা সকলো খ্ৰীষ্টানৰ ওচৰত উৎসাহেৰে যিহোৱাৰ সেৱা কৰাৰ এটা ভাল সুযোগ আছে।’ এয়া জানুৱাৰী ১৯২৪ চনৰ বুলেটিনতa ছপা কৰা হৈছিল। সময় পাৰ হোৱাৰ লগে লগে বাইবেল বিদ্যাৰ্থীসকলে দুটা উপায়েৰে এই পৰামৰ্শ পালন কৰিলে। প্ৰথম, তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কামত ভাগ লʼলে আৰু দ্বিতীয়, প্ৰচাৰত নতুন নতুন উপায় ব্যৱহাৰ কৰিলে।
সাহসেৰে কাম কৰিলোঁ আৰু ৰেডিঅʼ ষ্টেচন তৈয়াৰ কৰিলোঁ
নিউ ইয়ৰ্ক চহৰৰ ষ্টেটন আইলেণ্ডত ডাব্লিউ.বী.বী.আৰ. ৰেডিঅʼ ষ্টেচন নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বাবে বেথেলৰ ভাইসকলে এবছৰ ধৰি বহুত পৰিশ্ৰম কৰিছিল। প্ৰথমে তেওঁলোকে গছবোৰ কাটি ঠাই তৈয়াৰ কৰিলে। তাৰ পাছত এই প্ৰজেক্টত কাম কৰা লোকসকলৰ বাবে এখন ডাঙৰ ঘৰ বনোৱা হʼল আৰু ৰেডিঅʼ ষ্টেচনৰ কাৰণে এটা বিল্ডিং নিৰ্মাণ কৰা হʼল। তাৰ পাছত ভাইসকলে বেলেগ বেলেগ উপকৰণ লগালে, যাতে প্ৰচাৰণৰ কাম সোনকালে কৰিব পাৰে। কিন্তু এই কাম কৰাৰ সময়ত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈছিল।
ভাইসকলৰ বাবে ৰেডিঅʼ ষ্টেচনৰ এন্টেণা লগোৱাটো আটাইতকৈ কঠিন আছিল। এই এন্টেণা ৩০০ ফুট (৯১ মিটাৰ) দীঘল আছিল। ভাইসকলে এই এন্টেণা কাঠৰ দুটা খুটাৰ মাজত লগাব লাগিছিল, যি ২০০ ফুট (৬১ মিটাৰ) ওখ আছিল। তেওঁলোকে প্ৰথমবাৰত সফল নহʼল। কিন্তু তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা কৰিলে আৰু অৱশেষত লগাব পাৰিলে। এই কামত সহযোগ কৰা ভাই কেলবন পৌচাৰে এইদৰে কৈছে, “প্ৰথমবাৰতে এই কামত সফল হোৱা হʼলে আমি নিজকে প্ৰশংসা কৰিলোঁহেঁতেন আৰু এইদৰে কʼলোঁহেঁতেন, ‘দেখিলা আমি কৰিব পাৰিলোঁ।’ কিন্তু ভাইসকলে এই সকলো প্ৰশংসা যিহোৱাক দিলে। কিন্তু আগলৈ আৰু সমস্যা আহিবলগীয়া আছিল।”
ডাব্লিউ.বী.বী.আৰ. এন্টেনা লগাবলৈ এটা খুটা থিয় কৰোঁতে
সেই সময়ত ৰেডিঅʼ ষ্টেচন বহুত কম আছিল। সেইবাবে, ৰেডিঅʼ ষ্টেচনৰ উপকৰণবোৰ সহজে পোৱা নগৈছিল। কিন্তু ভাইসকলে ৫০০ ৱাটৰ এটা পুৰণি ট্ৰান্সমিটাৰ পালে, যাক এজন মানুহে নিজেই বনাইছিল। এতিয়া ভাইসকলক এটা মাইকৰ প্ৰয়োজন আছিল। নতুন মাইক কিনাৰ পৰিৱৰ্তে তেওঁলোকে টেলিফোনৰ মাইক ব্যৱহাৰ কৰিলে। এই সকলো ব্যৱস্থা কৰাৰ পাছত ফেব্ৰুৱাৰী মাহত এদিনা ৰাতি ভাইসকলে ভাবিলে, ‘প্ৰচাৰণ ভালদৰে হʼব নে নাই, আহা! আমি কৰি চাওঁ।’ কিন্তু এতিয়া প্ৰশ্ন হৈছে, ভাইসকলে কি প্ৰচাৰণ কৰিব। তেওঁলোকে ৰাজ্য গীত গাম বুলি ভাবিলে। এই জমনি ঘটনা মনত পেলাই ভাই আৰ্নেষ্ট লৌৱে কৈছে যে যেতিয়া তেওঁলোকে গান গাই আছিল, তেতিয়া জৰ্জ ৰাডাৰফৰ্ডেb তেওঁলোকক ফোন কৰিলে। তেওঁ ২৫ কিলোমিটাৰ (১৫ মাইল) দূৰত ব্ৰুকলিনত আছিল আৰু ৰেডিঅʼত তেওঁলোকৰ গান শুনি আছিল।
ভাই ৰাডাৰফৰ্ডে কʼলে, “কিহৰ চিঞৰ-বাখৰ কৰি আছা, বন্ধ কৰা!” তেওঁৰ কথা শুনি ভাইসকলে বহুত লাজ পালে আৰু লগে লগে প্ৰচাৰণ বন্ধ কৰি দিলে। কিন্তু ভাইসকলে এটা কথা গʼম পালে যে সকলো উপকৰণ ভালদৰে কাম কৰিছে আৰু প্ৰথম কাৰ্য্যক্ৰম আৰম্ভ কৰিবলৈ সাজু আছে।
তাৰ পাছত ফেব্ৰুৱাৰী ২৪, ১৯২৪ চনত আমাৰ ৰেডিঅʼ ষ্টেচনত প্ৰথম কাৰ্য্যক্ৰম প্ৰচাৰিত কৰা হʼল। সেই কাৰ্য্যক্ৰমত ভাই ৰাডাৰফৰ্ডে কʼলে যে এই ৰেডিঅʼ ষ্টেচনৰ যোগেদি “আমাৰ ৰজা খ্ৰীষ্টই আমাক যি কাম দিছে, সেয়া আমি আৰু ভালদৰে কৰিব পাৰিম।” ভায়ে এয়াও কʼলে যে এই ৰেডিঅʼ ষ্টেচন তৈয়াৰ কৰাৰ কাৰণ হৈছে, “সকলো ধৰ্ম বা সম্প্ৰদায়ৰ লোকসকলে বাইবেলৰ পোহৰ পাব পাৰে আৰু আমি কোন সময়ছোৱাত জীয়াই আছোঁ, তাৰ অৰ্থ বুজিব পাৰে।”
বাওঁফালে: ভাই ৰাডাৰফৰ্ড ৰেডিঅʼ ষ্টেচনত সকলোতকৈ আগত থিয় হৈ আছে
সোঁফালে:প্ৰচাৰনৰ বাবে ট্ৰান্সমিটাৰ আৰু আন উপকৰণ
আমাৰ প্ৰথম কাৰ্য্যক্ৰম বহুত ভাল আছিল। পৰৱৰ্তী ৩৩ বছৰলৈকে ডাব্লিউ.বী.বী.আৰ. ৰেডিঅʼ ষ্টেচনৰ যোগেদি যিহোৱাৰ সংগঠনে বহুতো কাৰ্য্যক্ৰম প্ৰচাৰিত কৰিলে।
সাহসেৰে কাম কৰিলোঁ আৰু পাদুৰীসকলৰ নিন্দা কৰিলোঁ
জুলাই ১৯২৪ চনত বাইবেল বিদ্যাৰ্থীসকলে অহায়ʼৰ কʼলম্বাচ চহৰত অধিৱেশনৰ বাবে একগোট হʼল। এই অধিৱেশনত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাই-ভনীসকল আহিছিল। বহুতো ভাষাত ভাষণবোৰ দিয়া হʼল। যেনে, ইংৰাজী, আৰবী, ইটালবী, গ্ৰীক, জাৰ্মান, পʼলিচ, ফ্ৰান্স, ইউক্ৰেনিয়ান, ৰুচি, লিথুৱেনিয়ান, ষ্কেডিনেবিয়ান, আৰু হেংগেৰিয়ান ভাষাত। কাৰ্য্যক্ৰমৰ কিছুমান ভাগ ৰেডিঅʼতো প্ৰচাৰিত কৰা হৈছিল। ইয়াৰ উপৰিও ভাইসকলে অহায়ʼ ষ্টেট জাৰ্নেল নামৰ বাতৰি কাকতত প্ৰতিদিনৰ কাৰ্য্যক্ৰমৰ বিষয়ে বাতৰি ছপা কৰাইছিল।
অহায়ʼৰ কʼলম্বাচ চহৰত ১৯২৪ চনত হোৱা অধিৱেশন
জুলাই ২৪, বৃহস্পতিবাৰে ‘সেৱা দিৱস’ ৰখা হৈছিল। সেইদিনা অধিৱেশনত অহা ৫,০০০-তকৈ বেছি ভাই-ভনীয়ে প্ৰচাৰত ভাগ লৈছিল। তেওঁলোকে প্ৰায় ৩০,০০০ কিতাপ বিতৰণ কৰিলে আৰু হাজাৰ হাজাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰিলে। পাছত প্ৰহৰীদুৰ্গত এইদৰে কোৱা হৈছিল, “এয়া অধিৱেশনৰ আটাইতকৈ ভাল দিন আছিল!”
জুলাই ২৫, শুক্ৰবাৰে অধিৱেশনৰ এটা বিশেষ সময় আহিল। ভাই ৰাডাৰফৰ্ডে নিজৰ ভাষণত এখন ডʼকʼমেন্ট পঢ়িলে, যʼত গীৰ্জাৰ পাদুৰীসকলক স্পষ্টকৈ নিন্দা কৰা হৈছিল। তাত লিখা আছিল যে ৰাজনেতা, ধৰ্মগুৰু আৰু ডাঙৰ ডাঙৰ বেপাৰীসকলে “লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জানিবলৈ বাধা দি আছে, যাৰ যোগেদি ঈশ্বৰে মানৱজাতিক বহুতো আশীৰ্বাদ দিব।” এই ডʼকʼমেন্টত এয়াও কোৱা হৈছিল যে এই সকলো লোকে “ৰাষ্ট্ৰ সংঘক সহযোগ কৰে আৰু কয় যে ঈশ্বৰে তেওঁলোকৰ যোগেদি গোটেই পৃথিৱীত শাসন কৰি আছে। কিন্তু এয়া একেবাৰে মিছা কথা!” এই বাৰ্তা প্ৰচাৰ কৰিবলৈ বাইবেল বিদ্যাৰ্থীসকলক বহুত সাহসৰ প্ৰয়োজন আছিল।
এই অধিৱেশনে ভাই-ভনীসকলৰ ওপৰত কি প্ৰভাৱ পেলালে? ইয়াৰ বিষয়ে প্ৰহৰীদুৰ্গত কোৱা হৈছে যে “কʼলম্বাচত হোৱা অধিৱেশনৰ পৰা প্ৰভুৰ সেনাৰ বিশ্বাস মজবুত হʼল। . . . তেওঁলোকে ইমানেই সাহসী হৈ পৰিল যে শত্ৰুসকলে যিমানেই তাড়না নিদিয়ক কিয় তাৰ সন্মুখীন হʼবলৈ সাজু আছিল।” ভাই লিঅʼ ক্লৌচে কৈছে, “এই অধিৱেশনে আমাক উৎসাহিত কৰি তুলিলে। আমি নিজৰ এলেকাৰ লোকসকলক বাৰ্তা শুনাবলৈ সাজু আছিলোঁ।”
ইক্লছিয়াছটিক্স ইণ্ডিকটেড নামৰ ট্ৰেক্ট
ভাই ৰাডাৰফৰ্ডে ভাষণত যি ডʼকʼমেন্ট পঢ়িছিল, তাত দিয়া তথ্যবোৰ এখন ট্ৰেক্টত ছপা কৰা হʼল। সেই ট্ৰেক্টৰ নাম হৈছে, ইক্লছিয়াছটিক্স ইণ্ডিকটেড (গীৰ্জাৰ পাদুৰীসকলৰ ওপৰত অভিযোগ)। অক্টোবৰ মাহত বাইবেল বিদ্যাৰ্থীসকলে সেই ট্ৰেক্টৰ লাখ লাখ কপি বিতৰণ কৰিলে। ভাই ফ্ৰেংক জনচন এবাৰ অʼক্লহʼমাৰ এখন সৰু এলেকা ক্লিবলেণ্ডত ট্ৰেক্ট বিতৰণ কৰি আছিল। ট্ৰেক্ট বিতৰণ কৰাৰ পাছত তেওঁ আন ভাই-ভনীসকলক লগ কৰিবলৈ এটা ঠাইত গোট খাবলগীয়া আছিল। কিন্তু এতিয়াও তেওঁৰ ওচৰত ২০ মিনিট সময় বাকী আছিল। কিন্তু কোনো এখন ঠাইত ৰৈ বাট চাই থকাটো তেওঁৰ কাৰণে বিপদজনক আছিল। কাৰণ সেই ট্ৰেক্টৰ কাৰণে লোকসকলে খং কৰিছিল আৰু তেওঁক বিচাৰি আছিল। তেওঁ লুকাবলৈ এখন গীৰ্জাত সোমাই গʼল। কিন্তু সেই গীৰ্জাত কোনো নাছিল, সেইবাবে তেওঁ গীৰ্জাৰ বাইবেল আৰু প্ৰতিখন চকীত এখন এখন ট্ৰেক্ট থৈ দিলে। তেওঁৰ ওচৰত আৰু অলপ সময় বাকী আছিল। সেইবাবে, তেওঁ আৰু দুখন গীৰ্জালৈ গʼল আৰু তাতো ট্ৰেক্ট থৈ আহিলে।
ইয়াৰ পাছত ভায়ে সেই ঠাইলৈ গʼল, যʼত ভাই-ভনীসকলে তেওঁক লগ কৰিবলগীয়া আছিল। ওচৰতে এখন পেট্ৰʼল পাম্প আছিল, ভায়ে তাৰ পিছফালে লুকাই থাকিলে আৰু চাইছিল যে যিসকল লোকে তেওঁক বিচাৰি আছিল, তেওঁলোকে তেওঁৰ পিছে পিছে আহি আছে নে। তাৰ পাছত সেই লোকসকলে এখন গাড়ীত সেই ঠাইলৈ আহিল, কিন্তু তেওঁলোকে ভাইক দেখা নাপালে আৰু তাৰ পৰা গুচি গʼল। তেওঁলোকে যোৱাৰ পাছতে ভাই-ভনীসকলে ভাই ফ্ৰেংকক নিবলৈ আহিল। তেওঁলোকে ওচৰৰে এখন এলেকাত প্ৰচাৰ কৰি আছিল। ভায়ে তেওঁলোকৰ গাড়ীত উঠি গুচি গʼল।
সেই ঘটনা মনত পেলাই এজন ভায়ে কৈছে, “ যেতিয়া আমি সেই এলেকাৰ পৰা ওলাই আছিলোঁ, তেতিয়া আমি সেই তিনিখন গীৰ্জাৰ ফালেদি পাৰ হʼলোঁ। প্ৰতিখন গীৰ্জাত প্ৰায় ৫০ জন লোক থিয় হৈ আছিল। কিছুমানে সেই ট্ৰেক্ট পঢ়ি আছিল আৰু কিছুমানে সেয়া পাদুৰীক দেখুৱাই আছিল। সঁচাকৈ, সেইদিনা আমি এটা ডাঙৰ বিপদৰ পৰা বাচিলোঁ। যিহোৱাই আমাক বচালে আৰু ৰাজ্যৰ শত্ৰুসকলৰ হাতৰ পৰা ওলাই আহিবলৈ বুদ্ধি দিয়াৰ বাবে আমি যিহোৱাক বহুত ধন্যবাদ দিলোঁ।”
কেইবাখনো দেশত সাহসেৰে প্ৰচাৰ কৰা হʼল
যোচেফ ক্ৰেট
আন দেশতো বাইবেল বিদ্যাৰ্থীসকলে সাহসেৰে প্ৰচাৰ কৰিলে। ফ্ৰান্সৰ উত্তৰ এলেকাত ভাই যোচেফ ক্ৰেটে পʼলেণ্ডৰ পৰা অহা লোকসকলক প্ৰচাৰ কৰিছিল, যিসকলে কয়লা খনিত কাম কৰিছিল। তাত সেই ভাইজনে এখন ভাষণ দিবলগীয়া আছিল, যাৰ বিষয় আছিল, “অতি সোনকালে মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব।” যেতিয়া ভাই-ভনীসকলে সেই ভাষণৰ নিমন্ত্ৰণ লোকসকলক বিতৰণ কৰিলে, তেতিয়া এজন পাদুৰীয়ে নিজৰ গীৰ্জাৰ লোকসকলক সেই ভাষণ শুনিবলৈ যাবলৈ মানা কৰিলে। কিন্তু পৰিণাম ইয়াৰ একেবাৰে বিপৰীতে হʼল। তাত প্ৰায় ৫,০০০-তকৈ বেছি লোক উপস্থিত হৈছিল আৰু ইয়াৰ লগতে সেই গীৰ্জাৰ পাদুৰীজনো আহিছিল। ভাই ক্ৰেটে সেই পাদুৰীজনক কʼলে আপুনি যি বিশ্বাস কৰে, তাৰ বিষয়ে আমি সকলোৰে আগত আপোনাক কিছুমান প্ৰশ্ন সুধিব বিচাৰোঁ। কিন্তু পাদুৰীজনে এইদৰে কৰিবলৈ মানা কৰিলে। পাছত ভাই ক্ৰেটে লক্ষ্য কৰিলে যে ভাষণ শুনিবলৈ আহা লোকসকল ঈশ্বৰৰ বাক্যৰ প্ৰতি আগ্ৰহী। সেইবাবে, তেওঁৰ ওচৰত যি প্ৰকাশন আছিল, সেয়া লোকসকলৰ মাজত বিতৰণ কৰি দিলে।—আমো. ৮:১১.
ক্লʼড ব্ৰাউন
আফ্ৰিকাত ভাই ক্লʼড ব্ৰাউনে গʼল্ড কʼষ্টত শুভবাৰ্তা প্ৰচাৰ কৰিলে, যি আজি ঘানা নামৰে জনাজাত। তাত ভায়ে বহুতো ভাষণ দিলে আৰু প্ৰকাশনবোৰ বিতৰণ কৰাৰ বাবে তাত সত্যতা বেগেৰে বিয়পিবলৈ ধৰিলে। জʼন ব্লেকচন নামৰ এজন মানুহ ভাই ব্ৰাউনৰ ভাষণ শুনিবলৈ আহিছিল। তেওঁ সেই সময়ত দৰবৰ বিষয়ে পঢ়ি আছিল। ভাষণ শুনি তেওঁ বুজি পালে যে এয়াই সত্য হয়। তেওঁ কৈছে, “সত্যতাৰ বিষয়ে জানি মোৰ বহুত ভাল লাগিল। তাৰ পাছত মই মোৰ লগত পঢ়া বিদ্যাৰ্থীসকলকো ইয়াৰ বিষয়ে জনালোঁ।”
জʼন ব্লেকচন
বাইবেল অধ্যয়ন কৰাৰ পাছত জʼনে বুজি পালে যে ত্ৰিয়েকৰ শিক্ষা বাইবেলৰ অনুসৰি নহয়। তাৰ পাছত তেওঁ এদিনা গীৰ্জালৈ গʼল আৰু ইয়াৰ বিষয়ে পাদুৰীক কিছুমান প্ৰশ্ন সুধিবলৈ ধৰিলে। পাদুৰীৰ ইমানেই খং উঠিল যে তেওঁ চিঞৰি এইদৰে কʼলে, “তুমি খ্ৰীষ্টৰ নহয়, চয়তানৰ পোৱালি। ওলাই যোৱা ইয়াৰ পৰা!”
ঘৰলৈ যোৱাৰ পাছত জʼনে পাদুৰীলৈ এখন চিঠি লিখিলে। চিঠিখনত তেওঁ কʼলে, ‘আপুনি ত্ৰিয়েকৰ শিক্ষাৰ ওপৰত বিশ্বাস কৰে ন? তেনেহʼলে আহক সকলোৰে আগত আপোনাক কিছুমান প্ৰশ্ন সোধো।’ তেতিয়া পাদুৰীজনে জʼনক কʼলে তুমি তোমাৰ সকলোতকৈ ডাঙৰ টিচাৰক লগ কৰা। যেতিয়া জʼনে সেই টিচাৰজনক লগ কৰিবলৈ গʼল, তেতিয়া তেওঁ জʼনক সুধিলে, ‘তুমি পাদুৰীলৈ চিঠি লিখিছিলা নে?’
জʼনে কʼলে, “হয়, লিখিছিলোঁ।”
তেতিয়া টিচাৰে কʼলে, ‘তুমি পাদুৰীজনক ক্ষমা খোজা।’ তেতিয়া জʼনে পাদুৰীজনলৈ এখন চিঠি লিখিলে:
“চাৰ, মোৰ টিচাৰে মোক আপোনাৰ পৰা ক্ষমা খুজিবলৈ কʼলে। মই ক্ষমা খুজিবলৈ সাজু আছোঁ, কিন্তু তাৰ আগতে আপুনি মানি লʼব লাগিব যে আপুনি যি শিকায়, সেয়া ভুল হয়।”
যেতিয়া টিচাৰজনে সেই চিঠি পালে, তেতিয়া তেওঁ আচৰিত হʼল আৰু কʼলে, “ব্লেকচন, তুমি এয়া কি লিখিছা।”
“চাৰ, মোৰ যি সঠিক লাগিল, সেয়া লিখিলোঁ।”
তুমি গীৰ্জাৰ পাদুৰীৰ বিৰোধে কেনেকৈ কʼব পাৰা। তুমি জানানে গীৰ্জা চৰকাৰৰ সহযোগত চলে। যদি তোমাৰ ব্যৱহাৰ এইদৰে থাকে, তেনেহʼলে তোমাক কলেজৰ পৰা উলিয়াই দিয়া হʼব।”
“কিন্তু চাৰ, এটা কথা কওক। . . . যেতিয়া আপুনি কোনো এটা বিষয় পঢ়াই, তেতিয়া আমি বুজি নাপালে আপোনাক প্ৰশ্ন সোধো নহয় নে?”
“হয়, সোধা।”
“সেইদিনা ঠিক এইদৰেই হৈছিল চাৰ। পাদুৰীয়ে বাইবেল পঢ়ি আছিল আৰু মই তেওঁক এটা প্ৰশ্ন সুধিছিলোঁ। যদি তেওঁ সেই প্ৰশ্নৰ উত্তৰ নাজানে, তেনেহʼলে ইয়াত মোৰ কি ভুল? মই তেওঁক কিয় ক্ষমা খুজিম?”
ব্লেকচনে পাদুৰীৰ পৰা ক্ষমা খুজিবলগীয়া নহʼল আৰু তেওঁক কলেজৰ পৰাও উলিওৱা নহʼল।
বাইবেল বিদ্যাৰ্থীসকলে উৎসাহেৰে প্ৰচাৰ কৰিবলৈ সাজু আছিল
ভাই-ভনীসকলে ১৯২৪ চনত যিদৰে উৎসাহেৰে প্ৰচাৰ কৰিছিল, তাৰ বিষয়ে এখন প্ৰহৰীদুৰ্গত এইদৰে লিখা আছিল। ‘আমিও দায়ুদৰ দৰে কʼব পাৰোঁ। “যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কিট-বন্ধন দিলা।” (গীত. ১৮:৩৯) এই বছৰ আমাৰ বাবে বৰ উৎসাহজনক আছিল। যিহোৱাই আমাৰ কামক কেনেকৈ সহযোগ কৰিলে সেয়া আমি চাব পাৰিলোঁ। যিহোৱাৰ বিশ্বাসী সেৱকসকলে আনন্দেৰে তেওঁৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি আছে।
বছৰৰ শেষত ভাইসকলে আৰু এটা ৰেডিঅʼ ষ্টেচন বনোৱাৰ বিষয়ে চিন্তা কৰিলে। তাৰ পাছত চিকাগৰ ওচৰতে এই কাম আৰম্ভ কৰা হʼল। এই ৰেডিঅʼ ষ্টেচনৰ নাম “বʼৰ্ড” বুলি ৰখা হৈছিল, (অসমীয়াত ইয়াৰ অৰ্থ “বাক্য।”) এই নাম একেবাৰে সঠিক আছিল কাৰণ এই ৰেডিঅʼ ষ্টেচনৰ যোগেদি ঈশ্বৰৰ বাক্য দূৰ-দূৰনি ঠাইলৈকে বিয়পিলেহেঁতেন। এইবাৰ ভাইসকলে ৫,০০০ ৱাৰ্ডৰ ট্ৰান্সমিটাৰ লগালে। যাৰ বাবে শ শ কিলোমিটাৰ দূৰত থকা কেনেডালৈকেও লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা শুনিব পাৰিলেহেঁতেন।
যিহোৱাই নিজৰ লোকসকলৰ ওপৰত ১৯২৫ চনত সত্যৰ পোহৰ আৰু দিলেহেঁতেন। তেওঁলোকে প্ৰকাশিত বাক্য ১২ অধ্যায়ৰ কথা আৰু গভীৰবাবে বুজিব পাৰিলেহেঁতেন। কিছুমান লোকে এই নতুন বুজা-বুজিৰ বাবে উজটি খালেহেঁতেন, কিন্তু আন কিছুমানে, তাক আকোৱালি লʼলেহেঁতেন। তেওঁলোকে স্বৰ্গত হোৱা ঘটনাবোৰৰ বিষয়ে জানি আনন্দিত হʼলহেঁতেন। যাৰ প্ৰভাৱ পৃথীৱিত থকা ঈশ্বৰৰ লোকসকলৰ ওপৰত হৈছিল।
a এতিয়া ইয়াক আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা বুলি কোৱা হয়।
b সেই সময়ত ভাই জে.এফ.ৰাডাৰফৰ্ডে বাইবেল বিদ্যাৰ্থীসকলৰ নেতৃত্ব লৈছিল। লোকসকলে কেতিয়াবা কেতিয়াবা তেওঁক “জৰ্জ” বুলি কৈছিল। কাৰণ বেথেলত সেৱা কৰাৰ আগতে তেওঁ মিজুৰী ৰাজ্যৰ এখন আদালতত এজন জৰ্জ হিচাপে কাম কৰিছিল।