ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 অক্টোবৰ পৃষ্ঠা ৩০
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 অক্টোবৰ পৃষ্ঠা ৩০
ইস্ৰায়েলী সংগীতকাৰসকলে তুৰী আৰু নেবল বজাই আছে আৰু জোৰেৰে গীত গাই যিহোৱাৰ উপাসনা কৰি আছে।

আপুনি জানেনে?

ইস্ৰায়েলীসকলৰ বাবে সংগীত বহুত গুৰুত্বপূৰ্ণ আছিল বুলি আমি কিয় কʼব পাৰোঁ?

প্ৰাচীন ইস্ৰায়েলৰ সংস্কৃতিত সংগীত এটা গুৰুত্বপূৰ্ণ ভাগ আছিল। বাইবেলৰ বহুতো কিতাপত লোকসকলে বাদ্যযন্ত্ৰ বজোৱা আৰু গীত গোৱাৰ বিষয়ে উল্লেখ আছে। বাইবেলৰ কিছুমান কিতাপ গীত হয়। যেনে, গীতমালা, পৰমগীত আৰু বিলাপ কিতাপখন। প্ৰাচীন ইস্ৰায়েলৰ বিষয়ে এখন কিতাপত লিখা আছে, “বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰি যে ইস্ৰায়েলীসকলৰ জীৱনত সংগীত অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকে বহুতো পৰিস্থিতিত গীত গাইছিল আৰু বাদ্যযন্ত্ৰ বজাইছিল।”—মিউজিক ইন বিব্লিকেল লাইফ্‌।

দৈনন্দিন জীৱনত। ইস্ৰায়েলীসকলে প্ৰায়ে নিজৰ ভাবনা প্ৰকাশ কৰিবলৈ বাদ্যযন্ত্ৰ বজাইছিল আৰু গীত গাইছিল। (যিচ. ৩০:২৯) ৰজা পতাৰ সময়ত, উৎসৱ পালন কৰাৰ সময়ত বা জয়লাভ কৰাৰ আনন্দত তিৰোতাসকলে খঞ্জৰী বজাই আনন্দেৰে গীত গাইছিল আৰু নাচিছিল। (বিচা. ১১:৩৪; ১ চমূ. ১৮:৬, ৭; ১ ৰাজা. ১:৩৯, ৪০) আপোন লোকসকলৰ মৃত্যুৰ সময়তো ইস্ৰায়েলীসকলে দুখ প্ৰকাশ কৰিবলৈ দুখৰ গীত গাইছিল। (২ বং. ৩৫:২৫) বিশ্বকোষত এইদৰে কোৱা হৈছে, “ইস্ৰায়েলীসকলে সংগীত বহুত ভাল পাইছিল।”

ৰাজ মহলত। ইস্ৰায়েলৰ ৰজাসকলে সংগীত বহুত ভাল পাইছিল। যেনে, ৰজা চৌলে দায়ূদক নিজৰ ৰাজ মহলত সংগীত বজাবলৈ নিযুক্ত কৰিছিল। (১ চমূ. ১৬:১৮, ২৩) পাছত যেতিয়া দায়ূদ ৰজা হʼল, তেতিয়া তেওঁ বাদ্যযন্ত্ৰ বনালে, মনোমোহা গীত ৰচিলে আৰু যিহোৱাৰ মন্দিৰত বাদ্যযন্ত্ৰ বজাবলৈ এটা সমূহ নিযুক্ত কৰিলে। (২ বং. ৭:৬; আমো. ৬:৫) ৰজা চলোমনৰ ৰাজ মহলতো বহুতো গায়ক আৰু গায়িকা আছিল।—উপ. ২:৮.

উপাসনাত। ইস্ৰায়েলীসকলে বিশেষকৈ উপাসনা কৰাৰ সময়ত বাদ্যযন্ত্ৰ বজাইছিল আৰু যিহোৱাৰ প্ৰশংসাত গীত গাইছিল। যিৰূচালেম মন্দিৰত বাদ্যযন্ত্ৰ বজাবলৈ ৪,০০০ পুৰুষ আছিল। (১ বং. ২৩:৫) তেওঁলোকে তাল, নেবল, বীণা আৰু তুৰী বজাইছিল। (২ বং. ৫:১২) এই পাৰ্গত সংগীতকাৰসকলৰ উপৰিও আন ইস্ৰায়েলীসকলে যিহোৱাৰ উপাসনাত গীত গাইছিল। যেনে, যেতিয়া তেওঁলোকে বছৰত তিনিবাৰ উৎসৱ পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল, তেতিয়া তেওঁলোকে যাত্ৰাৰ গীত গাইছিল। (গীত. ১২০–১৩৪) ইয়াৰ লগতে প্ৰাচীন যিহূদী লেখবোৰত কোৱা হৈছে যে ইস্ৰায়েলীসকলে ‘হালেলৰ গীত’a গাইছিল।

আজিও যিহোৱাৰ লোকসকলৰ বাবে গীত বহুত গুৰুত্বপূৰ্ণ হয়। (যাকো. ৫:১৩) আমি যিহোৱাৰ উপাসনা কৰাৰ সময়ত গীত গাওঁ। (ইফি. ৫:১৯) যেতিয়া আমি ভাই-ভনীসকলৰ লগত মিলি এইদৰে কৰোঁ, তেতিয়া আমি এজনে-আনজনৰ আৰু কাষ চাপো। (কল. ৩:১৬) ইয়াৰ উপৰিও সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত সংগীতে আমাক বহুত সাহস দিয়ে। (পাঁচ. ১৬:২৫) যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস আৰু নিজৰ প্ৰেম প্ৰকাশ কৰাৰ এয়া এটা ভাল উপায় হয়।

a গীতমালা ১১৩ পৰা ১১৮-ক যিহুদীসকলে ‘হালেলৰ গীত’ বুলি কৈছিল। এই গীত যিহোৱাৰ প্ৰশংসাত গোৱা হৈছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক