ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 অক্টোবৰ পৃষ্ঠা ৩১
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • আপোনাৰ মনত আছে নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 অক্টোবৰ পৃষ্ঠা ৩১
ওপৰৰ পৰা চলোমনৰ মন্দিৰ হয়তো দেখাত এইদৰে আছিল।

পাঠকসকলৰ প্ৰশ্ন

চলোমনৰ মন্দিৰৰ বাৰাণ্ডা কিমান ওখ আছিল?

মন্দিৰৰ পবিত্ৰ ভাগত পোৱাৰ আগত এটা বাৰাণ্ডা আছিল। নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰ (হিন্দী) ২০২৪ চনৰ আগৰ সংস্কৰণবোৰত কোৱা হৈছিল যে ‘গৃহৰ সন্মুখৰ বাৰাণ্ডা গৃহৰ বহল অনুসাৰে ২০ হাত দীঘল, আৰু ১২০ হাত ওখ আছিল।’ (২ বং. ৩:৪) বাইবেলৰ আন কিছুমান অনুবাদত এয়াও লিখা আছিল যে বাৰাণ্ডাৰ ওখ “১২০ হাত” অৰ্থাৎ ১৭৫ ফুট (৫৩ মিটাৰ) আছিল।

কিন্তু ২০২৪ চনত চপা কৰা নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ (হিন্দী) বাইবেলত চলোমনৰ মন্দিৰৰ বাৰাণ্ডাৰ বিষয়ে এইদৰে লিখা আছে “ইয়াৰ ওখ ২০” হাতa অৰ্থাৎ ৩০ ফুট (৯ মিটাৰ) আছিল। এই সাল-সলনি কিয় কৰা হʼল? আহক ইয়াৰ কিছুমান কাৰণলৈ মন কৰোঁ।

বাৰাণ্ডাৰ ওখৰ বিষয়ে ১ ৰাজাৱলি ৬:৩ পদত উল্লেখ নাই। প্ৰথম ৰাজাৱলি কিতাপখন যিৰিমিয়াই লিখিছিল। এই পদত তেওঁ বাৰাণ্ডাৰ দিঘল আৰু বহলৰ বিষয়ে লিখিছিল, কিন্তু তাৰ ওখৰ বিষয়ে একো লিখা নাছিল। অধ্যায় ৭-ত তেওঁ মন্দিৰৰ আন ভাগবোৰৰ বিষয়ে সৰু সৰু তথ্য ভালদৰে লিখিছিল। যেনে, পিতলৰ প্ৰক্ষালনপাত্ৰৰ বিষয়ে, পিতলৰ দহোটা আধাৰৰ বিষয়ে আৰু পিতলৰ দুটা স্তম্ভৰ বিষয়ে যি বাৰাণ্ডাৰ বাহিৰত আছিল। (১ ৰাজা. ৭:১৫-৩৭) চিন্তা কৰক যদি বাৰাণ্ডা ১৭০ ফুটতকৈ বেছি ওখ আছিল আৰু এয়া মন্দিৰতকৈও ওখ আছিল, তেনেহʼলে যিৰিমিয়াই ইয়াৰ ওখৰ বিষয়ে উল্লেখ নকৰিলেহেঁতেন নে? ইয়াৰ উপৰিও, বহু বছৰৰ পাছত যেতিয়া যিহুদী ইতিহাসবিদসকলে চলোমনৰ মন্দিৰৰ বিষয়ে লিখিলে, তেতিয়া তেওঁলোকে বাৰাণ্ডাৰ ওখ মন্দিৰতকৈ বেছি বুলি কোৱা নাছিল।

বিশেষজ্ঞসকলে কয় যে বাৰাণ্ডাৰ দেৱালবোৰৰ ডাঠ চাই এয়া নালাগে যে ইয়াৰ ওখ ১২০ হাত হʼব পাৰে। প্ৰাচীন সময়ত যেতিয়া পাথৰ বা ইটাৰে ওখ গঢ়বোৰ বনোৱা হৈছিল, তেতিয়া তাৰ দেৱালবোৰ তলৰ পৰা বহুত ডাঠ আছিল, কিন্তু ওপৰৰ ফালে পাতল হৈ গৈছিল। যেনে, মিচৰৰ মন্দিৰৰ দুৱাৰৰ যি দেৱালবোৰ আছিল, সেয়া এইদৰেই বনোৱা হৈছিল। কিন্তু চোলমনৰ মন্দিৰৰ দেৱালবোৰ ইমান ডাঠ নাছিল। বিশেষজ্ঞসকলে বিশ্বাস কৰিছিল যে ইয়াৰ দেৱালবোৰ ৬ হাত বা ৯ ফুট (২.৭ মিটাৰ) ডাঠ আছিল। প্ৰাচীন আৰ্কিটেক হিষ্টৰিয়েন থিওডৰ বুচিংকে এইদৰে কয়, “মন্দিৰৰ দেৱালবোৰৰ ডাঠ ইমান নাছিল যে তাৰ ওপৰত ১২০ হাত ওখ দেৱাল বনাব পাৰি।”

দ্বিতীয় বংশাৱলি ৩:৪ পদৰ নকল বনোৱাৰ সময়ত হয়তো ভুল হৈছিল। কিছুমান পুৰণি হস্তলিপিবোৰত ২ বংশাৱলি ৩:৪ পদত বাৰাণ্ডাৰ ওখ “১২০” লিখা আছে কিন্তু কিছুমান ভৰসাযোগ্য হস্তলিপিবোৰত “২০ হাত” লিখা আছে। যেনে, পঞ্চম শতিকাৰ কোডেক্স আলেকজান্দ্ৰিনাছ আৰু ষষ্ঠ শতিকাৰ কোডেক্স এম্ব্ৰোচিয়ানাছত। কিন্তু প্ৰশ্ন হয় যে নকল বনোৱাসকলে এই ভুল কিয় কৰিলে? তেওঁলোকে “১২০” কিয় লিখিলে? ইব্ৰী ভাষাত “১২০-ক” “এশ বিশ” লিখা হয় আৰু “২০ হাতক” “হাত বিশ।” ইয়াৰ উপৰিও, ইব্ৰী শব্দ “এশ” আৰু “হাত” যিদৰে লিখা হৈ এয়া দেখাত একে নিচিনা হয়। সেইবাবে হয়তো নকল বনোৱাসকলে “হাত” লিখাৰ পৰিৱৰ্তে ভুলতে “এশ” লিখি দিছিল। সেইবাবে, হয়তো কিছুমান পুৰণি হস্তলিপিবোৰত “এশ বিশ” অৰ্থাৎ “১২০” লিখা হৈছে।

আমি চলোমনৰ মন্দিৰৰ প্ৰতিটো তথ্য ভালদৰে বুজিবলৈ আৰু এই মন্দিৰৰ বিষয়ে সঠিক তথ্য দিবলৈ চেষ্টা কৰোঁ। কিন্তু এই মন্দিৰ যিহোৱাৰ মহান মন্দিৰৰ ছাঁ হয়, এই কথাৰ ওপৰত আমি বেচিকৈ ধ্যান দিওঁ। এই মহান মন্দিৰত উপাসনা কৰিবলৈ সুযোগ দিয়াৰ বাবে আমি যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ।—ইব্ৰী ৯:১১-১৪; প্ৰকা. ৩:১২; ৭:৯-১৭.

a দ্বিতীয় বংশাৱলি ৩:৪, NW পদত দিয়া ফুটনোটত বুজোৱা হৈছে যে কিছুমান পুৰণি হস্তলিপিত ‘১২০’ লিখা আছে কিন্তু আন হস্তলিপিত আৰু কিছুমান অনুবাদত ‘২০ হাত’ লিখা আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক