অধ্যয়নৰ লেখ ৯
গীত নং ৫১ আমি যিহোৱালৈ সমৰ্পণ কৰিলোঁ!
বাপ্তিষ্মা লʼবলৈ দেৰি নকৰিব!
“তুমি কিয় দেৰি কৰিছা? উঠা, বাপ্তিষ্মা লোৱা।”—পাঁচ. ২২:১৬.
কি শিকিম?
আমি চমৰীয়া লোক, তাৰ্চত থকা চৌল, কৰ্ণীলিয় আৰু কৰিন্থৰ লোকসকলৰ উদাহৰণলৈ মন কৰিম। এইদৰে কৰিলে বাপ্তিষ্মা লʼবলৈ আপুনি সাহস লাভ কৰিব।
১. বাপ্তিষ্মা লোৱাৰ কিছুমান কাৰণ কি?
আপুনি যিহোৱাক প্ৰেম কৰে নে, যিজনে সকলো ভাল বস্তু উপহাৰ দিছে আৰু জীৱন দিছে? আপুনি তেওঁক কিমান প্ৰেম কৰে, সেয়া দেখুৱাব বিচাৰে নে? এইদৰে কৰাৰ আটাইতকৈ ভাল উপায় হৈছে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱা। যেতিয়া আপুনি এইদৰে কৰিব, তেতিয়া আপুনি তেওঁৰ পৰিয়ালৰ ভাগ হৈ পৰিব আৰু তেওঁ আপোনাৰ পিতৃ আৰু বন্ধু হৈ পৰিব। তেওঁ আপোনাক সঠিক পথ দেখুৱাব আৰু আপোনাৰ যত্ন লʼব। কাৰণ আপুনি তেওঁৰ আপোন হৈ পৰিব। (গীত. ৭৩:২৪; যিচ. ৪৩:১, ২) সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ বাবে আপুনি অনন্ত জীৱন জীয়াই থকাৰ সুযোগো লাভ কৰিব।—১ পিত. ৩:২১.
২. এই লেখত আমি কি শিকিম?
২ আপুনি কোনো এটা কাৰণৰ বাবে বাপ্তিষ্মা লʼবলৈ সংকোচ কৰি আছে নে? যদি কৰিছে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। লাখ লাখ লোকক এইদৰেই লাগিছিল। কিন্তু পাছত তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু চিন্তাধাৰা সলনি কৰিলে যাতে বাপ্তিষ্মা লোৱাৰ যোগ্য হʼব পাৰে। আজি তেওঁলোকে আনন্দেৰে আৰু উৎসাহেৰে যিহোৱাৰ সেৱা কৰি আছে। এতিয়া আহক প্ৰথম শতিকাত বাপ্তিষ্মা লোৱা কিছুমান লোকৰ উদাহৰণলৈ মন কৰোঁ। আমি শিকিম যে বাপ্তিষ্মা লʼবলৈ তেওঁলোকে কি কি বাধা পাৰ কৰিবলগীয়া হৈছিল আৰু আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ।
চমৰীয়া লোকসকলে বাপ্তিষ্মা লʼলে
৩. কিছুমান চমৰীয়া লোকক কি কি বাধা পাৰ কৰিবলগীয়া আছিল?
৩ যীচুৰ সময়ছোৱাত চমৰীয়া লোকসকল এক ধাৰ্মিক গোটৰ সদস্য আছিল। সেই গোটৰ লোকসকলে যিহূদিয়াৰ উত্তৰত চিখিম আৰু চমৰীয়াৰ ওচৰে-পাজৰে থকা এলেকাত বাস কৰিছিল। তেওঁলোকে বাপ্তিষ্মা লোৱাৰ আগতে ঈশ্বৰৰ বাক্যৰ সম্পূৰ্ণ জ্ঞান লোৱাৰ প্ৰয়োজন আছিল। কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে বাইবেলৰ কেৱল পাঁচখন কিতাপহে (পঞ্চ গ্ৰন্থ) ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে অৰ্থাৎ আদিপুস্তকৰ পৰা দ্বিতীয় বিবৰণ লৈকে। তেওঁলোকে হয়তো যিহোচূৱা কিতাপখনৰ বিষয়েও এইদৰেই বিশ্বাস কৰিছিল। চমৰীয়া লোকসকলে দ্বিতীয় বিবৰণ ১৮:১৮, ১৯ পদত ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি খ্ৰীষ্ট অহাৰ বাবে বাট চাই আছিল। (যোহ. ৪:২৫) কিন্তু বাপ্তিষ্মা লʼবলৈ হʼলে তেওঁলোকে যীচুৱেই খ্ৰীষ্ট হয় বুলি স্বীকাৰ কৰাৰ প্ৰয়োজন আছিল। “বহুতো চমৰীয়াই” তেওঁক স্বীকাৰ কৰিলে। (যোহ. ৪:৩৯) কিন্তু কিছুমান চমৰীয়াৰ এইদৰে কৰিবলৈ কঠিন হৈছিল। কাৰণ যিহূদী লোকসকলৰ লগত তেওঁলোকে কোনোধৰণৰ সংগতি কৰা নাছিল আৰু তেওঁলোকৰ লগত পক্ষপাত কৰিছিল।—লূক ৯:৫২-৫৪.
৪. ফিলিপে যেতিয়া চমৰীয়া লোকসকলক প্ৰচাৰ কৰিলে, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমানে কি কৰিলে? (পাঁচনিৰ কৰ্ম্ম ৮:৫, ৬, ১৪)
৪ বাপ্তিষ্মা লʼবলৈ চমৰীয়া লোকসকলক কি কথাই সহায় কৰিলে? যেতিয়া প্ৰচাৰক ফিলিপে তেওঁলোকক “খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ধৰিলে,” তেতিয়া কিছুমান চমৰীয়া লোকে “ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:৫, ৬, ১৪ পঢ়ক।) ফিলিপ যিহূদী আছিল, তথাপিও চমৰীয়া লোকসকলে তেওঁৰ কথা শুনিলে। তেওঁলোকে হয়তো পঞ্চ গ্ৰন্থত লিখা সেই কথাষাৰ মনত পেলাইছিল, যʼত লিখা আছে যে ঈশ্বৰে কাৰো লগত পক্ষপাত নকৰে। (দ্বিতী. ১০:১৭-১৯) কাৰণ যিয়েই নহওক কিয়, ফিলিপে যেতিয়া খ্ৰীষ্টৰ বিষয়ে লোকসকলক প্ৰচাৰ কৰিলে, তেতিয়া লোকসকলে ফিলিপৰ “কথা শুনিলে।” ফিলিপে বহুতো চমৎকাৰ কৰিছিল। যেনে, তেওঁ বেমাৰী লোকসকলক সুস্থ কৰিছিল আৰু দুষ্ট স্বৰ্গদূতবিলাকক লোকসকলৰ শৰীৰৰ পৰা উলিয়াইছিল। (পাঁচ. ৮:৭) তেওঁৰ কথা আৰু কামৰ পৰা তেওঁলোকে বুজি পালে যে তেওঁক ঈশ্বৰে পঠিয়াইছে।
৫. চমৰীয়া লোকসকলৰ পৰা আপুনি কি শিকিলে?
৫ চমৰীয়া লোকসকলে বিচৰা হʼলে ফিলিপৰ কথা আওকাণ কৰিব পাৰিলেহেঁতেন। কাৰণ তেওঁ এজন যিহূদী আছিল। অথবা তেওঁলোকে ভাবিব পাৰিলেহেঁতেন যে তেওঁ বেলেগ কথা শিকাই আছে। কিন্তু তেওঁলোকে এইদৰে নকৰিলে। যেতিয়া চমৰীয়া লোকসকলৰ বিশ্বাস হʼল যে ফিলিপে যি শিকাই আছে সেয়া সত্য হয়, তেতিয়া তেওঁলোকে লগে লগে পদক্ষেপ লʼলে। বাইবেলত এইদৰে লিখা আছে, “তেওঁলোকে যেতিয়া ফিলিপৰ ওপৰত বিশ্বাস কৰিলে, যিজনে তেওঁলোকক ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনাইছিল, তেতিয়া পুৰুষ-তিৰোতা সকলোৱে বাপ্তিষ্মা লʼলে।” (পাঁচ. ৮:১২) ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ সঁচা হয় বুলি আপুনি বিশ্বাস কৰে নে? যিহোৱাৰ সাক্ষীসকলৰ মাজত সেই প্ৰেম আছে, যি যীচুৰ প্ৰকৃত শিষ্যসকলৰ পৰিচয় হয় আৰু তেওঁলোকে কাৰো লগত পক্ষপাত নকৰে বুলি আপুনি বিশ্বাস কৰে নে? (যোহ. ১৩:৩৫) যদি বিশ্বাস কৰে, তেনেহʼলে বাপ্তিষ্মা লʼবলৈ দেৰি নকৰিব! বিশ্বাস ৰাখক, ইয়াৰ বাবে যিহোৱাই আপোনাক বহুতো আশীৰ্বাদ দিব।
৬. ৰুবেনৰ অনুভৱৰ ওপৰত মন কৰাৰ বাবে আপোনাৰ কি লাভ হʼল?
৬ জাৰ্মানীত বাস কৰা ৰুবেনৰ অনুভৱলৈ মন কৰক। তেওঁ সাক্ষী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। কিন্তু কিশোৰ অৱস্থাত তেওঁৰ সন্দেহ হʼবলৈ ধৰিলে যে যিহোৱা সঁচাকৈ আছে নে। এই সন্দেহ দূৰ কৰিবলৈ তেওঁ কি কৰিলে? তেওঁ আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিবলৈ ধৰিলে। তেওঁ কৈছে, “ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত মই ইয়াৰ বিষয়ে সত্য জানিবলৈ চেষ্টা কৰিলোঁ। সেইবাবে, মই বহু বাৰ প্ৰকাশনবোৰত বিৱৰ্তনৰ বিষয়ে পঢ়িলোঁ।” ৰুবেনে আমাৰ এখন কিতাপ পঢ়িছিল, যʼত কোৱা হৈছিল যে এজন সৃষ্টিকৰ্তা আছে, যিজনে আমাৰ বিষয়ে চিন্তা কৰে।a এই কিতাপখনে তেওঁৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলালে। তেওঁ মনতে ভাবিবলৈ ধৰিলে, ‘যিহোৱা সঁচাকৈ আছে!’ তাৰ পাছত তেওঁ আমাৰ মুখ্য কাৰ্য্যালয় ফুৰিবলৈ গʼল। তাত গৈ তেওঁ দেখিলে যে বেলেগ বেলেগ দেশৰ ভাই-ভনীসকলে এক পৰিয়ালৰ দৰে একেলগে মিলি যিহোৱাৰ সেৱা কৰি আছে। এই কথাই তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। তাৰ পাছত যেতিয়া তেওঁ জাৰ্মানীলৈ উভতি আহিলে, তেতিয়া ১৭ বছৰ বয়সত তেওঁ বাপ্তিষ্মা লʼলে। আপোনাৰ মনতো কিবা কথাক লৈ যদি সন্দেহ আছে, তেনেহʼলে আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰক। আপুনি ‘সঠিক জ্ঞান’ লৈ নিজৰ সন্দেহ দূৰ কৰিব পাৰে। (ইফি. ৪:১৩, ১৪) যেতিয়া আপুনি বেলেগ বেলেগ দেশৰ ভাই-ভনীসকলৰ অনুভৱ শুনিব আৰু জানিব যে তেওঁলোকৰ মাজত কিমান প্ৰেম আৰু একতা আছে আৰু আপুনি এয়া নিজৰ মণ্ডলীতো অনুভৱ কৰিব, তেতিয়া যিহোৱাৰ পৰিয়ালৰ প্ৰতি আপোনাৰ প্ৰেম আৰু বাঢ়িব।
তাৰ্চত থকা চৌলে বাপ্তিষ্মা লʼলে
৭. চৌলে কিয় নিজৰ চিন্তাধাৰা শুধৰণি কৰাৰ প্ৰয়োজন আছিল?
৭ এতিয়া আহক তাৰ্চত থকা চৌলৰ উদাহৰণলৈ মন কৰোঁ। তেওঁ যিহূদী নিয়মৰ বিষয়ে ভালদৰে জানিছিল আৰু নিজৰ লোকসকলৰ মাজত তেওঁৰ ভাল নাম আছিল। (গালা. ১:১৩, ১৪; ফিলি. ৩:৫) কিছুমান যিহূদী লোকে খ্ৰীষ্টানসকলক ধৰ্মত্যাগী বুলি ভাবিছিল, তেতিয়া চৌলেও খং কৰি খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। তেওঁ ভাবিছিল যে এইদৰে কৰাৰ যোগেদি তেওঁ ঈশ্বৰক আনন্দিত কৰিছে। (পাঁচ. ৮:৩; ৯:১, ২; ২৬:৯-১১) তেওঁ নিজৰ চিন্তাধাৰা শুধৰণি কৰাৰ প্ৰয়োজন আছিল। যীচুৰ ওপৰত বিশ্বাস কৰিবলৈ আৰু বাপ্তিষ্মা লৈ খ্ৰীষ্টান হʼবলৈ তেওঁ এতিয়া নিজেই অত্যাচাৰ সহন কৰিবলৈ সাজু থাকিবলগীয়া আছিল।
৮. (ক) বাপ্তিষ্মা লʼবলৈ চৌলক কি কথাই সহায় কৰিলে? (খ) পাঁচনিৰ কৰ্ম্ম ২২:১২-১৬ পদৰ অনুসৰি অননিয়ই কেনেকৈ চৌলক সহায় কৰিলে? (ছবিখনো চাওক।)
৮ বাপ্তিষ্মা লʼবলৈ তাৰ্চত থকা চৌলক কি কথাই সহায় কৰিলে? যেতিয়া যীচুৱে তেওঁক দেখা দিলে, তেতিয়া উজ্বল পোহৰৰ বাবে তেওঁ অন্ধ হৈ পৰিল। (পাঁচ. ৯:৩-৯) ইয়াৰ পাছত তিনি দিনলৈকে চৌলে একো খোৱা-বোৱা কৰা নাছিল। সেই সময়ছোৱাত তেওঁ হয়তো এই ঘটনাৰ বিষয়ে নিশ্চয় গভীৰভাৱে চিন্তা কৰিছিল। যাৰ বাবে তেওঁৰ বিশ্বাস হʼল যে যীচুৱেই খ্ৰীষ্ট হয় আৰু তেওঁৰ শিষ্যসকলেই সঠিক উপায়েৰে তেওঁৰ সেৱা কৰি আছে। চৌলৰ এই কথাৰ বাবেও দুখ লাগিছিল যে স্তিফানক হত্যা কৰাত তেওঁৰো হাত আছিল। (পাঁচ. ২২:২০) তিনি দিনৰ পাছত অননিয় নামৰ এজন শিষ্যই তেওঁক লগ কৰিবলৈ আহিল। তেওঁ চৌলৰ চকু ভাল কৰিলে আৰু তেওঁ কোনো দেৰি নকৰাকৈ চৌলক বাপ্তিষ্মা লʼবলৈ কʼলে। (পাঁচনিৰ কৰ্ম্ম ২২:১২-১৬ পঢ়ক।) চৌল নম্ৰ হৈ অননিয়ৰ কথা শুনিলে আৰু বাপ্তিষ্মা লৈ এক নতুন জীৱন আৰম্ভ কৰিলে।—পাঁচ. ৯:১৭, ১৮.
বাপ্তিষ্মা লʼবলৈ উৎসাহিত কৰাৰ সময়ত চৌলে বাপ্তিষ্মা লʼলে। আপুনিও এইদৰে কৰিব নে? (অনুচ্ছেদ ৮ চাওক)
৯. চৌলৰ পৰা আপুনি কি শিকিব পাৰে?
৯ আমি চৌলৰ পৰা বহুতো কথা শিকিব পাৰোঁ। অহংকাৰ আৰু মানুহৰ ভয়ৰ বাবে তেওঁ বাপ্তিষ্মা লোৱাৰ পৰা পিছ হুঁহকিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। যেতিয়া চৌলে খ্ৰীষ্টৰ বিষয়ে সত্য গʼম পালে, তেতিয়া তেওঁ নম্ৰ হৈ তাক স্বীকাৰ কৰিলে আৰু নিজকে সম্পূৰ্ণৰূপে সলনি কৰিলে। (পাঁচ. ২৬:১৪, ১৯) চৌলে জানিছিল যে খ্ৰীষ্টান হোৱাৰ বাবে তেওঁৰ ওপৰত অত্যাচাৰ কৰা হʼব, তথাপিও তেওঁ বাপ্তিষ্মা লʼলে। (পাঁচ. ৯:১৫, ১৬; ২০:২২, ২৩) বাপ্তিষ্মা লোৱাৰ পাছতো তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ এৰি দিয়া নাছিল। সেইবাবে, তেওঁ বিভিন্ন ধৰণৰ সমস্যবোৰ সহন কৰিব পাৰিলে। (২ কৰি. ৪:৭-১০) যেতিয়া আপুনি বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হʼব, তেতিয়া আপোনাৰ ওপৰতো বহুতো সমস্যা আহিব পাৰে বা আপোনাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে। কিন্তু আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱা আৰু যীচুৱে সদায় আপোনাক সহায় কৰিব।—ফিলি. ৪:১৩.
১০. এনাৰ অনুভৱৰ ওপৰত ধ্যান দিয়াৰ বাবে আপোনাৰ কি লাভ হʼল?
১০ পূব ইউৰোপত থকা ভনী এনাৰ উদাহৰণলৈ মন কৰক। তাইৰ মাকে বাপ্তিষ্মা লোৱাৰ পাছত তাইয়ো দেউতাকক সুধি বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়ত তাই ন বছৰৰ আছিল। কিন্তু তেওঁলোকৰ লগত থকা সম্বন্ধীয়া লোকসকলে এয়া ভাল পোৱা নাছিল। তেওঁলোকে ভাবিছিল যে পৰিয়ালৰ এজন সদস্যই নিজৰ পূৰ্ব-পুৰুষসকলৰ ধৰ্ম এৰি আন ধৰ্ম পালন কৰাটো বৰ লাজৰ বিষয় হয়। তথাপিও এনা যেতিয়া ১২ বছৰৰ হʼল, তেতিয়া তাই দেউতাকক জনালে যে তাই বাপ্তিষ্মা লʼব বিচাৰে। তেতিয়া দেউতাকে জানিব বিচাৰিছিল যে এয়া তাইৰ নিজৰ নিৰ্ণয় হয় নে কোনোবাই তাইক এইদৰে কৰিবলৈ হেঁচা দিছে। তেতিয়া এনাই কʼলে যে তাই যিহোৱাক বহুত প্ৰেম কৰে, সেইবাবে বাপ্তিষ্মা লʼব বিচাৰে। তেতিয়া দেউতাকে অনুমতি দিলে। বাপ্তিষ্মা লোৱাৰ পাছত তাইৰ সম্বন্ধীয় লোকসকলে তাইক আৰু বেছিকৈ ঠাট্টা কৰিবলৈ আৰু বেয়াকৈ কʼবলৈ ধৰিলে। তাইৰ এজন সম্বন্ধীয় লোকে এইদৰে কৈছিল, “তুমি যিহোৱাৰ সাক্ষী হোৱাতকৈ, অনৈতিক জীৱন-যাপন কৰা আৰু চিগাৰেট খোৱা হʼলেই ভাল আছিল।” এনাই এইবোৰ কেনেকৈ সহন কৰিব পাৰিলে? তাই কৈছে, “যিহোৱাই মোক সাহস দিলে আৰু মা-দেউতাই মোক সদায় সহায় কৰিছিল।” তাই আৰু এটা কথাৰ পৰা সহায় পালে। যিহোৱাই তাইক কেতিয়া সহায় কৰিছিল, সেইবোৰ তাই লিখি ৰাখে আৰু মাজে-সময়ে সেইবোৰ উলিয়াই পঢ়ে যাতে তাই মনত ৰাখিব পাৰে যিহোৱাই এতিয়ালৈকে তাইক কেনেকৈ চম্ভালি ৰাখিছে। আপোনাৰো হয়তো এয়া ভাবি ভয় লাগিব পাৰে যে আপোনাক তাড়না দিয়া হʼব বা বিৰোধ কৰা হʼব। কিন্তু আপুনি মনত ৰাখিব পাৰে যে যিহোৱাই আপোনাকো নিশ্চয় সহায় কৰিব।—ইব্ৰী ১৩:৬.
কৰ্ণীলিয়ই বাপ্তিষ্মা লʼলে
১১. কৰ্ণীলিয়ক কি কথাই বাপ্তিষ্মা লʼবলৈ বাধা দিব পাৰিলেহেঁতেন?
১১ এতিয়া আহক কৰ্ণীলিয়ৰ উদাহৰণলৈ মন কৰোঁ। বাইবেলত কোৱা হৈছে যে তেওঁ সেনাপতি আছিল আৰু তেওঁৰ অধীনত ১০০ জন ৰোমান সৈনিক আছিল। (পাঁচ. ১০:১, ফুট.) এনে লাগে যে সমাজত তেওঁৰ ডাঙৰ পদ আছিল আৰু সেনা বাহিনীতো তেওঁৰ ভাল নাম আছিল। কৰ্ণীলিয়ই “লোকসকলক বহুতো দান দিছিল।” (পাঁচ. ১০:২) পাছত যিহোৱাই পাঁচনি পিতৰক তেওঁৰ ওচৰত শুভবাৰ্তা জনাবলৈ পঠিয়ালে। কিন্তু কৰ্ণীলিয়ই সমাজত ডাঙৰ পদ থকাৰ বাবে বাপ্তিষ্মা লʼবলৈ পিছ হুঁহকি গৈছিল নে?
১২. বাপ্তিষ্মা লʼবলৈ কৰ্ণীলিয়ক কি কথাই উৎসাহিত কৰিলে?
১২ বাপ্তিষ্মা লʼবলৈ কৰ্ণীলিয়ক কি কথাই সহায় কৰিলে? বাইবেলত লিখা আছে, “তেওঁ নিজৰ গোটেই পৰিয়ালৰ সৈতে ঈশ্বৰৰ উপাসনা কৰিছিল।” ইয়াৰ লগতে তেওঁ ঈশ্বৰক কাকূতি-মিনতিও কৰিছিল। (পাঁচ. ১০:২) যেতিয়া পিতৰে তেওঁক শুভবাৰ্তা শুনালে, তেতিয়া তেওঁ আৰু তেওঁৰ গোটেই পৰিয়ালে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিলে আৰু লগে লগে বাপ্তিষ্মা লʼলে। (পাঁচ. ১০:৪৭, ৪৮) ইয়াৰ পৰা জানিব পাৰি যে কৰ্ণীলিয়ই প্ৰয়োজনীয় সাল-সলনি কৰিবলৈ সাজু আছিল যাতে তেওঁ নিজৰ পৰিয়ালৰ লগত মিলি যিহোৱাৰ উপাসনা কৰিব পাৰে।—যিহো. ২৪:১৫; পাঁচ. ১০:২৪, ৩৩.
১৩. কৰ্ণীলিয়ৰ পৰা আপুনি কি শিকিব পাৰে?
১৩ চৌলৰ দৰে কৰ্ণীলিয়ৰ ভাল নাম আৰু ডাঙৰ পদ আছিল। এইবোৰৰ কাৰণে তেওঁ বিচৰা হʼলে বাপ্তিষ্মা লʼবলৈ মানা কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। আপুনিও বাপ্তিষ্মা লʼবলৈ ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছে নে? যদি আছে, তেনেহʼলে যিহোৱাই আপোনাক সহায় কৰিব। যদি আপুনি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰে আৰু তেওঁৰ সেৱা কৰিবলৈ থিৰাং কৰে, তেনেহʼলে যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।
১৪. চুয়ছিৰ অনুভৱলৈ ধ্যান দিয়াৰ বাবে আপোনাৰ কি লাভ হʼল?
১৪ এতিয়া জাপানত থকা চুয়ছিৰ অনুভৱলৈ মন কৰক। তেওঁ বাপ্তিষ্মা লʼবলৈ নিজৰ চাকৰিত কিছুমান সাল-সলনি কৰিবলগীয়া হʼল। তেওঁ এখন বিখ্যাত স্কুলত চাকৰি কৰিছিল, যʼত ফুল সজোৱাৰ দক্ষতা শিকোৱা হয়। তেওঁ তাত হেডমাষ্টৰৰ লগত কাম কৰিছিল, যিজনে বৌদ্ধ ধৰ্মৰ লোকসকলৰ বাবে অন্ত্যেষ্টি কাৰ্য্যক্ৰমৰ ব্যৱস্থা কৰিছিল। যেতিয়া হেডমাষ্টৰে কোনো কাৰ্য্যক্ৰমত যাব নোৱাৰিছিল, তেতিয়া তেওঁ তেওঁৰ ঠাইত গৈছিল আৰু ধৰ্মীয় ৰীতি-নীতিত ভাগ লৈছিল। কিন্তু তেওঁ যেতিয়া মৃত্যুৰ বিষয়ে সত্যতা শিকিলে, তেতিয়া বুজি পালে যে বাপ্তিষ্মা লʼবলৈ হʼলে তেওঁ এইবোৰ এৰিব লাগিব। পাছত তেওঁ সেই ৰীতি-নীতিত ভাগ নলওঁ বুলি নিৰ্ণয় লʼলে। (২ কৰি. ৬:১৫, ১৬) ইয়াৰ বিষয়ে তেওঁ হেডমাষ্টৰৰ লগতো কথা পাতিলে। ইয়াৰ পৰিণাম কি হʼল? হেডমাষ্টৰে তেওঁক চাকৰিৰ পৰা নুলিয়ালে আৰু তেওঁক এয়াও জনালে যে এতিয়াৰ পৰা তেওঁ বৌদ্ধ ধৰ্মৰ ৰীতি-নীতিত ভাগ লোৱাৰ প্ৰয়োজন নাই। চুয়ছিয়ে অধ্যয়ন আৰম্ভ কৰাৰ এবছৰৰ পাছত বাপ্তিষ্মা লʼলে।b যদি আপুনিও যিহোৱাক আনন্দিত কৰিবলৈ নিজৰ চাকৰিত কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে বিশ্বাস ৰাখক তেওঁ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা নিশ্চয় পূৰ কৰিব।—গীত. ১২৭:২; মথি ৬:৩৩.
কৰিন্থৰ লোকসকলে বাপ্তিষ্মা লʼলে
১৫. কৰিন্থৰ লোকসকলক বাপ্তিষ্মা লʼবলৈ কি কথাই বাধা দিব পাৰিলেহেঁতেন?
১৫ প্ৰথম শতিকাত কৰিন্থ এখন বিখ্যাত চহৰ আছিল। তাত লোকসকলে টকা-পইচা গোটোৱাত বেছিকৈ ধ্যান দিছিল আৰু অনৈতিক জীৱন-যাপন কৰিছিল। তেওঁলোকে এনে কাম কৰিছিল, যাক যিহোৱাই ঘৃণা কৰে। এনে পৰিস্থিতিত জীয়াই থকা লোকসকলৰ বাবে শুভবাৰ্তা গ্ৰহণ কৰাটো হয়তো বহুত কঠিন আছিল। তথাপিও যেতিয়া পাঁচনি পৌলে সেই চহৰত আহিল আৰু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনালে, তেতিয়া ‘কৰিন্থৰ বহুতো লোকে এই বাৰ্তা শুনি বিশ্বাস কৰিলে আৰু বাপ্তিষ্মা লʼলে।’ (পাঁচ. ১৮:৭-১১) তাৰ পাছত এদিন যীচু খ্ৰীষ্টই পাঁচনি পৌলক দৰ্শন দিলে আৰু কʼলে, “এই চহৰত মোৰ বহুতো লোক আছে।” সেইবাবে, পাঁচনি পৌলে ডেৰ বছৰলৈকে এই চহৰত প্ৰচাৰ কৰি থাকিল।
১৬. বাপ্তিষ্মা লʼবলৈ কৰিন্থৰ লোকসকলৰ যি বাধা আছিল, সেয়া তেওঁলোকে কেনেকৈ পাৰ কৰিলে? (২ কৰিন্থীয়া ১০:৪, ৫)
১৬ বাপ্তিষ্মা লʼবলৈ কৰিন্থৰ লোকসকলক কি কথাই সহায় কৰিলে? (২ কৰিন্থীয়া ১০:৪, ৫ পঢ়ক।) ঈশ্বৰৰ বাক্য আৰু পবিত্ৰ শক্তিৰ সহায়ত তেওঁলোকে ডাঙৰ ডাঙৰ সাল-সলনি কৰিব পাৰিলে। (ইব্ৰী ৪:১২) কৰিন্থৰ যিসকল লোকে খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা স্বীকাৰ কৰিলে, তেওঁলোকে নিজৰ বেয়া অভ্যাস আৰু আচাৰ-ব্যৱহাৰ এৰিব পাৰিলে। যেনে, অতি মাত্ৰাত মদ খোৱা, চুৰ কৰা আৰু সমকামিতা।—১ কৰি. ৬:৯-১১.c
১৭. আপুনি কৰিন্থৰ লোকসকলৰ পৰা কি শিকিলে?
১৭ মন কৰক, কৰিন্থৰ কিছুমান লোকক অন্তৰৰ গভীৰতাত সোমাই থকা বেয়া অভ্যাস এৰিবলগীয়া আছিল। কিন্তু তেওঁলোকে এয়া ভবা নাছিল যে তেওঁলোকে কেতিয়াও খ্ৰীষ্টান হʼব নোৱাৰে। তাৰ পৰিৱৰ্তে, তেওঁলোকে কঠিন পৰিশ্ৰম কৰিলে যাতে তেওঁলোকে ঠেক দুৱাৰেদি যাব পাৰে যি অনন্ত জীৱনলৈ লৈ যায়। (মথি ৭:১৩, ১৪) আপুনিও বাপ্তিষ্মা লʼব বিচাৰেনে, কিন্তু নিজৰ বেয়া অভ্যাসবোৰ এৰিবলৈ যুঁজি আছে? যদি হয়, তেনেহʼলে হাৰ নামানিব। বেয়া অভ্যাসবোৰ এৰিবলৈ যিহোৱালৈ কাকূতি-মিনতি কৰক আৰু তেওঁক পবিত্ৰ শক্তি বিচাৰক।
১৮. মনিকাৰ অনুভৱৰ ওপৰত ধ্যান দিয়াৰ বাবে আপোনাৰ কি লাভ হʼল?
১৮ জৰ্জিয়াত থকা ভনী মনিকাৰ অনুভৱলৈ মন কৰক। তাই বাপ্তিষ্মা লʼব বিচাৰিছিল। কিন্তু ইয়াৰ বাবে তাই বেয়া কথা আৰু বেয়া মনোৰঞ্জন এৰিবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া আছিল। তাই কৈছে, “যেতিয়া মই কিশোৰী আছিলোঁ, তেতিয়া প্ৰাৰ্থনা কৰাৰ বাবে মই বহুত শক্তি পালোঁ। যিহোৱাই জানিছিল যে মই সঠিক কাম কৰিব বিচাৰোঁ। সেইবাবে, তেওঁ সদায় মোক সহায় কৰিছিল আৰু পথ দেখুৱাইছিল।” পাছত মনিকাই ১৬ বছৰ বয়সতে বাপ্তিষ্মা লʼলে। যিহোৱাৰ সেৱা কৰিবলৈ আপুনিও কিবা বেয়া অভ্যাস এৰিবলগীয়া আছে নে? যদি আছে, তেনেহʼলে নিজকে সলনি কৰিবলৈ যিহোৱালৈ সহায় বিচাৰি থাকক। বাইবেলত কোৱা হৈছে যে যিহোৱাই নিজৰ সেৱকসকলক মন খুলি পবিত্ৰ শক্তি দিয়ে।—যোহ. ৩:৩৪.
বিশ্বাসৰ বাবে আমি পাহাৰো আঁতৰাব পাৰোঁ
১৯. আপুনি পাহাৰৰ সমান সমস্যাবোৰ কেনেকৈ পাৰ কৰিব পাৰে? (ছবিখনো চাওক।)
১৯ বাপ্তিষ্মা লʼবলৈ আপোনাৰ ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে। কিন্তু বিশ্বাস ৰাখক যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপোনাক নিজৰ পৰিয়ালৰ সদস্য বনাব বিচাৰে। প্ৰথম শতিকাত যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, “এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহʼলে এই পাহাৰটোক তোমালোকে কʼবা, ‘ইয়াৰ পৰা তালৈ যা, তেতিয়া ই যাব।’ তোমালোকৰ বাবে একোৱেই অসম্ভৱ নহʼব।” (মথি ১৭:২০) যিসকল লোকে যীচুৰ এই কথা শুনি আছিল, তেওঁলোকে কিছু বছৰৰ আগতে যীচুৰ শিষ্য হৈছিল আৰু তেওঁলোকে নিজৰ বিশ্বাস বঢ়োৱাৰ প্ৰয়োজন আছিল। এই কথা কৈ যীচুৱে তেওঁলোকক আশ্বাস দিছিল যে যদি তেওঁলোকে নিজৰ বিশ্বাস বঢ়ায়, তেনেহʼলে পাহাৰৰ সমান সমস্যাবোৰ পাৰ কৰিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰিব। ভৰসা ৰাখক, যিহোৱাই আপোনাকো সমস্যাবোৰ পাৰ কৰিবলৈ সহায় কৰিব।
বিশ্বাস ৰাখক যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপোনাক নিজৰ পৰিয়ালৰ সদস্য বনাব বিচাৰে (অনুচ্ছেদ ১৯ চাওক)d
২০. এই লেখত প্ৰথম শতিকাৰ আৰু বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলৰ যি উদাহৰণ দিয়া আছে, তেওঁলোকৰ পৰা আপুনি কি কৰিবলৈ উৎসাহিত হৈছে?
২০ যেতিয়া আপুনি গʼম পাই যে কি কথাই আপোনাক বাপ্তিষ্মা লʼবলৈ বাধা দিছে, তেতিয়া তাক পাৰ কৰিবলৈ লগে লগে পদক্ষেপ লওক। প্ৰথম শতিকাৰ আৰু বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলৰ উদাহৰণলৈ মন কৰিলে আপুনি শান্ত্বনা আৰু সাহস পাব পাৰে। তেওঁলোকৰ উদাহৰণৰ পৰা আপোনালোকে উৎসাহিত হোৱা আৰু নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটোৱেই আমাৰ প্ৰাৰ্থনা। এই নিৰ্ণয় আপোনাৰ জীৱনৰ আটাইতকৈ ভাল নিৰ্ণয় হʼব।
গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব
a ৰুবেনে এজন সৃষ্টিকৰ্তা আছেনে, যিজনে আপোনাৰ বিষয়ে চিন্তা কৰে? নামৰ ইংৰাজী কিতাপখন পঢ়িছিল।
b চুয়ছি ফুজিৰ জীৱন কাহিনী পঢ়িবলৈ আগষ্ট ৮, ২০০৫ চনৰ সচেতন থাকক! (ইংৰাজী) পৃষ্ঠা ২০-২৩ চাওক।
c jw.org-ত দিয়া ‘আপুনি বাপ্তিষ্মা লʼবলৈ কিয় সংকোচ কৰিছে?’ (হিন্দী) ভিডিঅʼখন চাওক।
d ছবিৰ বিষয়ে: কিছুমান ভাই-ভনীয়ে আনন্দেৰে সেই লোকসকলক আদৰণি জনাইছে, যিসকলৰ বাপ্তিষ্মা হʼল।