ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 আগষ্ট পৃষ্ঠা ১৪-১৯
  • যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি বিশ্বাস ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি বিশ্বাস ৰাখক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই আমাক ক্ষমা কৰিলে বুলি আমি কিয় বিশ্বাস কৰা উচিত?
  • যিহোৱাই আমাক ক্ষমা কৰিলে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?
  • যিহোৱাই যি মনত ৰাখে, সেয়া নাপাহৰিব
  • নিজকে বিশ্বাস দি থাকক
  • যিহোৱাই আপোনাক ক্ষমা কৰিছে—ইয়াৰ পৰা আপোনাৰ কি লাভ হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱা—ক্ষমা কৰাত মহান!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • সকলো লোকে অনুতাপ কৰাটো যিহোৱাই বিচাৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 আগষ্ট পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৩৪

গীত নং ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি বিশ্বাস ৰাখক

‘মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা।’—গীত. ৩২:৫.

কি শিকিম?

যিহোৱাই আমাক ক্ষমা কৰে এই কথাৰ ওপৰত বিশ্বাস কৰাটো কিয় গুৰুত্বপূৰ্ণ আৰু অন্তৰৰ পৰা অনুতাপ কৰিলে যিহোৱাই ক্ষমা কৰে বুলি বাইবেলত কেনেকৈ আশ্বাস দিয়া হৈছে?

১-২. যেতিয়া যিহোৱাই আমাৰ পাপ ক্ষমা কৰি দিয়ে, তেতিয়া আমি কেনে অনুভৱ কৰোঁ? ( ছবিখনো চাওক।)

ৰজা দায়ূদে কিছুমান ডাঙৰ ডাঙৰ পাপ কৰিছিল। সেইবাবে, তেওঁ ভালদৰে জানিছিল যে দোষী অনুভৱ হʼলে কেনেকুৱা লাগে। (গীত. ৪০:১২; ৫১:৩, ওপৰৰ লেখ) কিন্তু পাছত তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, যাৰ বাবে যিহোৱাই তেওঁক ক্ষমা কৰিলে। (২ চমূ. ১২:১৩) ক্ষমা পোৱাৰ পাছত তেওঁ মনৰ শান্তি লাভ কৰিলে।—গীত. ৩২:১.

২ যেতিয়া যিহোৱাই আমাক দয়া দেখুৱাই আৰু ক্ষমা কৰে, তেতিয়া আমিও দায়ূদৰ দৰে মনৰ শান্তি আৰু শান্ত্বনা লাভ কৰোঁ। যদি আমি কিবা গভীৰ পাপ কৰোঁ, তেনেহʼলে যিহোৱাই সেয়া ক্ষমা কৰিবলৈ সাজু থাকে। কিন্তু ইয়াৰ বাবে আমি অন্তৰৰ পৰা অনুতাপ কৰিব লাগিব, নিজৰ পাপ স্বীকাৰ কৰিব লাগিব আৰু সেই পাপ পুনৰ নকৰিম বুলি থিৰাং কৰিব লাগিব। (হিতো. ২৮:১৩; পাঁচ. ২৬:২০; ১ যোহ. ১:৯) আমি এয়া জানিও শান্ত্বনা লাভ কৰোঁ যে যিহোৱাই আমাৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰি দিয়ে যেন আমি সেই পাপ কৰাই নাছিলোঁ।—যিহি. ৩৩:১৬.

ৰজা দায়ূদে বেলকনিত বহি বীণা বজাই গান গাই আছে।

ৰজা দায়ূদে নিজৰ বহুতো গীতত জনাইছে যে যিহোৱাই কেনেকৈ ক্ষমা কৰে (অনুচ্ছেদ ১-২ চাওক)


৩-৪. (ক) বাপ্তিষ্মা লোৱাৰ পাছতো এজনী ভনীয়ে কেনে অনুভৱ কৰিছিল? (খ) এই লেখত আমি কি শিকিম?

৩ কেতিয়াবা কেতিয়াবা কিছুমান লোকক এই কথা মানি লʼবলৈ কঠিন হয় যে যিহোৱাই তেওঁলোকক ক্ষমা কৰি দিলে। জেনিফাৰৰ উদাহৰণলৈ মন কৰক। তাই সত্যত ডাঙৰ-দীঘল হৈছিল। কিন্তু ডাঙৰ হোৱাৰ লগে লগে তাই বেয়া বেয়া কাম কৰিবলৈ ধৰিলে আৰু সেইবোৰ নিজৰ মাক-দেউতাকৰ পৰা লুকুৱাই ৰাখিছিল। কিন্তু বহু বছৰৰ পাছত তাই যিহোৱাৰ ওচৰলৈ উভতি আহিলে আৰু বাপ্তিষ্মা লʼলে। তাই এইদৰে কৈছে, “টকা-পইচা অৰ্জন কৰাটোৱে মোৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। মই অনৈতিক জীৱন-যাপন কৰিছিলোঁ, বহুত মদ খাইছিলোঁ আৰু খং কৰিছিলোঁ। মই জানিছিলোঁ যে অন্তৰৰ পৰা অনুতাপ কৰিলে আৰু ক্ষমা বিচাৰিলে যিহোৱাই যীচুৰ বলিদানৰ আধাৰত আমাক ক্ষমা কৰি দিয়ে। কিন্তু মই এই কথা মানি লʼব পৰা নাছিলোঁ যে যিহোৱাই মোক সঁচাকৈ ক্ষমা কৰি দিলে।”

৪ আপুনি আগতে কৰা ভুলবোৰ যিহোৱাই ক্ষমা কৰিলে বুলি মানি লʼবলৈ আপোনাৰ বাবে কেতিয়াবা কেতিয়াবা কঠিন হয় নে? যদি হয়, তেনেহʼলে মনত ৰাখক যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি দায়ূদৰ দৰে আপুনিও বিশ্বাস কৰাটো যিহোৱাই বিচাৰে। ইয়াৰ লগতে আপুনি মনৰ শান্তি লাভ কৰাটো তেওঁ বিচাৰে। এই লেখত আমি শিকিম যে যিহোৱাই আমাৰ পাপ ক্ষমা কৰিলে বুলি আমি বিশ্বাস কৰাটো কিয় গুৰুত্বপূৰ্ণ আৰু আমি কেনেকৈ নিজকে এই কথাৰ বিশ্বাস দিব পাৰোঁ?

যিহোৱাই আমাক ক্ষমা কৰিলে বুলি আমি কিয় বিশ্বাস কৰা উচিত?

৫. চয়তানে আমাক কি বিশ্বাস দিব বিচাৰে? উদাহৰণ দি বুজাওক।

৫ এইদৰে কৰিলে আমি চয়তানৰ ফান্দৰ পৰা বাছি থাকিব পাৰিম। মন কৰক, আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়াটো চয়তানে বিচাৰে আৰু ইয়াৰ বাবে সি বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰে। যেনে, আমি বহুত ডাঙৰ পাপ কৰিলোঁ আৰু ইয়াৰ ক্ষমা পাব নোৱাৰোঁ বুলি ভবাটো চয়তানে বিচাৰে। কৰিন্থ মণ্ডলীৰ সেই মানুহজনৰ উদাহৰণলৈ মন কৰক, যিজনে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ পাপ কৰিছিল আৰু তেওঁক মণ্ডলীৰ পৰা উলিয়াই দিয়া হৈছিল। (১ কৰি. ৫:১, ৫, ১৩) পাছত তেওঁ অনুতাপ কৰিলে। কিন্তু ভাই-ভনীসকলে তেওঁক ক্ষমা নকৰা আনকি মণ্ডলীতো তেওঁক আদৰণি নজনোৱাটো চয়তানে বিচাৰিছিল। ভাই-ভনীসকলে তেওঁক ক্ষমা নকৰা হʼলে সেই মানুহজনে ভাবিলেহেঁতেন যে যিহোৱাও তেওঁক ক্ষমা কৰা নাই আৰু “তেওঁ বেছি দুখ কৰি নিৰাশাত যেন সোমাই” পৰিলেহেঁতেন আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিলেহেঁতেন। চয়তান সলনি হোৱা নাই, আজিও সি এই পদ্ধতি ব্যৱহাৰ কৰে। সি আমাক বিশ্বাস দিব বিচাৰে যে আমাৰ পাপ ক্ষমা পোৱাৰ যোগ্য নহয়। কিন্তু “আমি তাৰ পৰিকল্পনা নজনা নহওঁ।”—২ কৰি. ২:৫-১১.

৬. যদি আমি দোষী অনুভৱ কৰি আছোঁ, তেনেহʼলে মনৰ শান্তি লাভ কৰিবলৈ আমি কি কৰিব লাগিব?

৬ এইদৰে কৰিলে আমি মনৰ শান্তি লাভ কৰিম আৰু দোষী অনুভৱ নকৰিম। পাপ কৰাৰ পাছত আমি দোষী অনুভৱ কৰোঁ। (গীত. ৫১:১৭) পাপ কৰাৰ পাছত এনে ভাৱনা অহাটো ভাল। কাৰণ এনেধৰণ ভাৱনাই আমাক ভাল কাম কৰিবলৈ উৎসাহিত কৰে। (২ কৰি. ৭:১০, ১১) কিন্তু অনুতাপ কৰাৰ পাছতো যদি আমি দোষী অনুভৱ কৰি থাকোঁ, তেনেহʼলে আমি নিৰুৎসাহ হৈ পৰিম। কিন্তু যিহোৱাই আমাক ক্ষমা কৰি দিলে বুলি যদি আমি বিশ্বাস কৰোঁ, তেনেহʼলে আমি দোষী অনুভৱ নকৰিম। তাৰ পৰিৱৰ্তে আমি শুদ্ধ বিবেকেৰে আৰু আনন্দ মনেৰে তেওঁৰ সেৱা কৰিম আৰু এইদৰে কৰাটো যিহোৱাইও বিচাৰে। (কল. ১:১০, ১১; ২ তীম. ১:৩) গতিকে যিহোৱাই আমাক ক্ষমা কৰিলে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?

যিহোৱাই আমাক ক্ষমা কৰিলে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?

৭-৮. যিহোৱাই মোচিক নিজৰ বিষয়ে কি জনালে আৰু ইয়াৰ বাবে আমি কি কথা ওপৰত বিশ্বাস কৰিব পাৰোঁ? (যাত্ৰাপুস্তক ৩৪:৬, ৭)

৭ যিহোৱাই নিজৰ বিষয়ে কি কৈছিল, তাৰ বিষয়ে চিন্তা কৰক। মন কৰক যিহোৱাই চীনয় পৰ্বতত মোচিৰ লগত কথা পাতোঁতে নিজৰ বিষয়ে কি কৈছিল।a (যাত্ৰাপুস্তক ৩৪:৬, ৭ পঢ়ক।) তেওঁ বিচৰা হʼলে নিজৰ বিষয়ে আৰু নিজৰ গুণৰ বিষয়ে বহুতো কথা জনাব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। তেওঁ মোচিক কʼলে, ‘যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ।’ খন্তেকৰ বাবে চিন্তা কৰকচোন, যিহোৱাৰ এজন সেৱকে যদি অন্তৰৰ পৰা অনুতাপ কৰে, তেনেহʼলে কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ যিহোৱাই তেওঁক ক্ষমা নকৰিব নে? তেওঁ নিশ্চয় ক্ষমা কৰিব আৰু যদি নকৰে, তেনেহʼলে তেওঁ নিৰ্দয় ঈশ্বৰ হৈ পৰিব আৰু আমি জানোঁ যিহোৱাই কেতিয়াও এইদৰে নকৰে।

৮ যিহোৱা সত্য ঈশ্বৰ হয় আৰু তেওঁ নিজৰ বিষয়ে কেতিয়াও মিছা কথা নকয়। (গীত. ৩১:৫) আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ। যদি কেতিয়াবা আমি দোষী অনুভৱ কৰোঁ, তেনেহʼলে আমি নিজকে সুধিব পাৰোঁ: ‘যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ হয় আৰু অনুতাপ কৰা সকলো ব্যক্তি ক্ষমা কৰে বুলি মই বিশ্বাস কৰোঁ নে? যদি বিশ্বাস কৰোঁ, তেনেহʼলে তেওঁ মোকো ক্ষমা কৰিলে বুলি মই বিশ্বাস কৰা উচিত নহʼব নে?’

৯. যিহোৱাই আমাৰ পাপ ক্ষমা কৰে, ইয়াৰ অৰ্থ কি? (গীতমালা ৩২:৫)

৯ যিহোৱাই আমাক ক্ষমা কৰে, ইয়াৰ বিষয়ে তেওঁ বাইবেলৰ লেখকসকলৰ যোগেদি যি লিখুৱালে তাৰ বিষয়ে মনন কৰক। মন কৰক গীতমালাৰ এজন লেখক দায়ূদে ইয়াৰ বিষয়ে কি কʼলে। (গীতমালা ৩২:৫ পঢ়ক।) তেওঁ কʼলে, ‘মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা।’ ইয়াত যি ইব্ৰী শব্দ ‘ক্ষমা কৰা’ বুলি অনুবাদ কৰা হৈছে, তাৰ অৰ্থ হৈছে “উঠোৱা” বা “উঠাই লৈ যোৱা।” যেতিয়া দায়ূদে পাপ কৰিছিল, তেতিয়া তেওঁ পাপৰ বোজাত সোমাই পৰিছিল। কিন্তু যিহোৱাই তেওঁক ক্ষমা কৰিলে। যিহোৱাই যেন দায়ূদৰ পাপৰ বোজা উঠালে আৰু তাক দূৰলৈ লৈ গʼল। তেতিয়া দায়ূদে মনৰ শান্তি লাভ কৰিলে। (গীত. ৩২:২-৪) ঠিক সেইদৰে যদি আমি অন্তৰৰ পৰা নিজৰ পাপৰ বাবে অনুতাপ কৰোঁ, তেনেহʼলে আমিও মনৰ শান্তি লাভ কৰিম। তাৰ পাছত আমি দোষী অনুভৱ কৰাৰ প্ৰয়োজন নাই। কাৰণ যিহোৱাই আমাৰ পাপৰ বোজা উঠাই তাক দূৰলৈ লৈ গʼল।

১০-১১. যিহোৱাই ক্ষমা কৰিবলৈ সাজু হৈ থাকে, ইয়াৰ পৰা আমি তেওঁৰ বিষয়ে কি জানিব পাৰোঁ? (গীতমালা ৮৬:৫)

১০ গীতমালা ৮৬:৫ পঢ়ক।b দায়ূদে এই পদত যিহোৱাৰ বিষয়ে লিখিলে যে তেওঁ ‘ক্ষমা কৰিবলৈ সাজু হৈ থাকে।’ এই শব্দবোৰৰ বিষয়ে বাইবেলৰ বিষয়ে তথ্য দিয়া এখন কিতাপত লিখা আছে, “যিহোৱা ক্ষমা কৰে, এয়া তেওঁৰ স্বভাৱত আছে।” আমি এইদৰে কিয় কʼব পাৰোঁ? ইয়াৰ উত্তৰ আমি পদৰ দ্বিতীয় ভাগত পাওঁ। তাত লিখা আছে, “যিসকলে তোমাক মাতে, তেওঁলোকৰ বাবে তুমি অটুট প্ৰেমেৰে ভৰপূৰ।” ইয়াৰ আগৰ লেখত আমি শিকিছিলোঁ যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক অটুট প্ৰেম কৰে। ইয়াৰ অৰ্থ হৈছে যিহোৱাই তেওঁলোকক কোমল স্নেহ কৰে আৰু সদায় তেওঁলোকৰ লগত থাকে। সেইবাবে, যিসকল লোকে অন্তৰৰ পৰা অনুতাপ কৰে, যিহোৱাই তেওঁলোকৰ মন খুলি “প্ৰচুৰ পৰিমাণে ক্ষমা কৰে।” (যিচ. ৫৫:৭) যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি বিশ্বাস কৰিবলৈ আপোনাৰ বাবে কঠিন হয় নে? যদি হয়, তেনেহʼলে নিজকে এইদৰে সোধক, ‘যিহোৱা ক্ষমা কৰোঁতা ঈশ্বৰ হয় আৰু যি কোনোৱে অন্তৰৰ পৰা অনুতাপ কৰে আৰু তেওঁলৈ কাকূতি মিনতি কৰে, যিহোৱাই তেওঁলোকক ক্ষমা কৰে বুলি মই বিশ্বাস কৰোঁ নে? যদি কৰোঁ, তেনেহʼলে যেতিয়া মই নিজৰ পাপৰ বাবে অন্তৰৰ পৰা অনুতাপ কৰিলোঁ আৰু তেওঁলৈ কাকূতি মিনতি কৰিলোঁ, তেনেহʼলে তেওঁ মোকো ক্ষমা কৰিলে বুলি মই বিশ্বাস কৰা উচিত নহʼব নে?’

১১ যিহোৱাই আমাক ভালদৰে বুজি পায়। এয়া জানি আমি বৰ শান্ত্বনা লাভ কৰোঁ। তেওঁ জানে যে আমি অসিদ্ধ হওঁ আৰু নিবিচৰাৰ সত্ত্বেও আমাৰ পৰা ভুল হয়। (গীত. ১৩৯:১, ২) এই কথা আমি দায়ূদৰ আৰু এটা গীতৰ পৰা জানিব পাৰোঁ। আহক তালৈ মন কৰোঁ। ইয়াৰ পৰা আমাৰ বিশ্বাস হʼব যে যিহোৱাই আমাক ক্ষমা কৰি দিয়ে।

যিহোৱাই যি মনত ৰাখে, সেয়া নাপাহৰিব

১২-১৩. গীতমালা ১০৩:১৪ পদৰ অনুসৰি যিহোৱাই আমাৰ বিষয়ে কি কথা মনত ৰাখে আৰু ইয়াৰ বাবে তেওঁ কি কৰে?

১২ গীতমালা ১০৩:১৪ পঢ়ক। যিসকল লোকে অন্তৰৰ পৰা অনুতাপ কৰে, তেওঁলোকক যিহোৱাই ক্ষমা কৰিবলৈ কিয় সাজু হৈ থাকে, তাৰ বিষয়ে দায়ূদে এই পদত আৰু এটা কাৰণ জনাইছে। তেওঁ কৈছে, “আমি যে ধূলি মাথোন, তাক তেওঁ [যিহোৱাই] সোঁৱৰণ কৰে।” ইয়াৰ অৰ্থ হৈছে যিহোৱাই ভালদৰে জানে যে আমি অসিদ্ধ হওঁ আৰু নিবিচৰাৰ সত্ত্বেও আমাৰ পৰা পাপ হয়। এই কথা ভালদৰে বুজিবলৈ আহক দায়ূদৰ কথা আৰু ভালদৰে চালি-জাৰি চাওঁ।

১৩ দায়ূদে কৈছে যে যিহোৱাই “আমাৰ গঠন জানে।” যিহোৱাই আদমক “মাটিৰ ধূলিৰে” সৃষ্টি কৰিছিল আৰু তেওঁ সিদ্ধ আছিল। যিহোৱাই জানিছিল যে আদমে জীয়াই থাকিবলৈ হʼলে তেওঁ আহাৰ খাব লাগিব, শুব লাগিব আৰু উশাহ লʼব লাগিব। (আদি. ২:৭) কিন্তু দায়ূদে এয়াও কৈছিল যে ‘আমি যে ধূলি মাথোন, তাক যিহোৱাই সোঁৱৰণ কৰে।’ ইয়াৰ অৰ্থ কি? যেতিয়া আদম আৰু হৱাই পাপ কৰিছিল, তেতিয়া তেওঁলোকে অসিদ্ধ হৈ পৰিছিল আৰু তেওঁলোকৰ লʼৰা-ছোৱালী হোৱাৰ বাবে উত্তৰাধিকাৰী হিচাপে তেওঁলোকে পাপ আমাকো দিলে। সেইবাবে, মাটিৰে নিৰ্মিত আমি সকলোৱে বেয়াৰ ফালে বেছিকৈ ঢাল খাওঁ। যিহোৱাই এই কথা কেৱল জানে এনে নহয়, তাৰ পৰিৱৰ্তে দায়ূদে কোৱাৰ দৰে তেওঁ এয়া “সোঁৱৰণ” কৰে। যি গ্ৰীক শব্দৰ অনুবাদ “সোঁৱৰণ কৰে” বুলি কৰা হৈছে, তাৰ অৰ্থ এয়াও হʼব পাৰে যে “কিবা পদক্ষেপ লোৱা।” আমাৰ পৰা কিবা ভুল হয় এয়া যিহোৱাই কেৱল জানে এনে নহয়, তাৰ পৰিৱৰ্তে যেতিয়া আমি হৃদয়েৰে অনুতাপ কৰোঁ, তেতিয়া তেওঁ পদক্ষেপ লয় অৰ্থাৎ আমাক দয়া দেখুৱাই আৰু ক্ষমা কৰে।—গীত. ৭৮:৩৮, ৩৯.

১৪. (ক) যিহোৱাৰ ক্ষমাৰ বিষয়ে দায়ূদে কি কৈছে? (গীতমালা ১০৩:১২) (খ) যিহোৱাই দায়ূদক যিদৰে ক্ষমা কৰিলে, তাৰ পৰা আমি যিহোৱাৰ ক্ষমাৰ বিষয়ে কি শিকিব পাৰোঁ? (“যিহোৱাই ক্ষমা কৰে আৰু পাপবোৰ পাহৰি যায়” নামৰ বক্সখন চাওক।)

১৪ গীতমালা ১০৩-ৰ পৰা যিহোৱাৰ ক্ষমাৰ বিষয়ে কি শিকিব পাৰি? (গীতমালা ১০৩:১২ পঢ়ক।) দায়ূদে কʼলে, “পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।” পূব আৰু পশ্চিমৰ মাজত যি দূৰত্ব আছে সেয়া কেতিয়াও শেষ নহʼব। এইবোৰ এটাই আনটোৰ পৰা সদায় দূৰতে থাকিব। গীতমালাৰ এই পদৰ বিষয়ে এখন কিতাপত বুজোৱা হৈছে যে “যিহোৱাই আমাৰ পাপবোৰ ইমান দূৰত পেলাই দিয়ে যেন তাৰ গোন্ধও নাহে।” সেইবাবে, আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই নিজৰ মনৰ পৰা আমাৰ পাপৰ স্মৃতি সম্পূৰ্ণকৈ মচি পেলাই। আপুনি হয়তো মন কৰিছে যে বহুবাৰ কোনো ভাল গোন্ধ পোৱাৰ লগে লগে আমাৰ আগৰ কথা মনত পৰি যায়। কিন্তু যিহোৱাই যেতিয়া ক্ষমা কৰে, তেতিয়া তেওঁৰ যেন সেই পাপৰ গোন্ধ আৰু কেতিয়াও নাহে। তাৰ পাছত তেওঁ সেই পাপবোৰ আকৌ মনত নেপেলায়, তাৰ বাবে আমাক দোষ নিদিয়ে বা শাস্তি নিদিয়ে।—যিহি. ১৮:২১, ২২; পাঁচ. ৩:১৯.

ছবি: ১. ৰজা দায়ূদ চাদত থিয় হৈ বেৎচেবাক গা ধুই থকাটো চাই আছে। ২. তেওঁ হৃদয়েৰে প্ৰাৰ্থনা কৰি আছে। ৩. তেওঁ কিবা লিখি আছে আৰু গভীৰভাৱে চিন্তা কৰি আছে।

যিহোৱাই ক্ষমা কৰে আৰু পাপবোৰ পাহৰি যায়

যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া তেওঁ আমাৰ পাপবোৰ পাহৰি যায়। ইয়াৰ অৰ্থ হৈছে, তেওঁ সেই পাপবোৰৰ বাবে আমাক কেতিয়াও দোষ আৰু শাস্তি নিদিয়ে। (যিচ. ৪৩:২৫) ৰজা দায়ূদৰ উদাহৰণলৈ মন কৰক, তেওঁৰ পৰা আমি শিকোঁ যে যদি আমি কিবা ডাঙৰ পাপ কৰোঁ, তথাপিও আমি ক্ষমা পাব পাৰোঁ।

দায়ূদে কিছুমান গম্ভীৰ পাপ কৰিছিল। যেনে, তেওঁ ব্যভিচাৰ কৰিছিল আৰু এজন ব্যক্তিক হত্যা কৰাইছিল। কিন্তু পাছত তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে। সেইবাবে, যিহোৱাই তেওঁ ক্ষমা কৰি দিলে। যেতিয়া যিহোৱাই তেওঁক কঠোৰ পৰামৰ্শ দিলে, তেতিয়া তেওঁ সেয়া পালন কৰিলে। তেওঁ নিজকে শুধৰণি কৰিলে আৰু সেই ভুলবোৰ আকৌ নকৰিলে।—২ চমূ. ১১:১-২৭; ১২:১৩.

আগলৈ গৈ যিহোৱাই দায়ূদৰ বিষয়ে তেওঁৰ পুত্ৰ চলোমনক কʼলে, “তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলি” থাকা। (১ ৰাজা. ৯:৪, ৫) যিহোৱাই দায়ূদৰ পাপবোৰৰ বিষয়ে উল্লেখ নকৰিলে, তাৰ পৰিৱৰ্তে তেওঁ দায়ূদৰে বিষয়ে কʼলে যে দায়ূদ তেওঁৰ বিশ্বাসী সেৱক আছিল আৰু তেওঁৰ দৃষ্টিত যি সঠিক সেয়াই কৰিছিল। সেইবাবে, যিহোৱাই তেওঁক “বহুতো আশীৰ্বাদ” দিলে।—গীত. ১৩:৬ NW.

ইয়াৰ পৰা আমি কি শিকোঁ? যিহোৱাই যেতিয়া ক্ষমা কৰে, তেতিয়া তেওঁ আমাৰ পাপবোৰলৈ ধ্যান নিদিয়ে। তাৰ পৰিৱৰ্তে আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে আৰু তাৰ বাবে আশীৰ্বাদ দিয়ে। (ইব্ৰী ১১:৬) সেইবাবে, আমাৰ যিবোৰ ভুল যিহোৱাই পাহৰি গৈছে, আমি সেই ভুলবোৰ মনত পেলাই থকা উচিত নহয়।

১৫. যদি আমি অতীতত কৰা ভুলবোৰৰ বিষয়ে ভাবি দোষী অনুভৱ কৰি আছোঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

১৫ যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি বিশ্বাস কৰিবলৈ যদি আপোনাৰ কঠিন হৈছে, তেনেহʼলে গীতমালা ১০৩-ত দায়ূদে লিখা কথাৰ পৰা আপুনি কেনেকৈ সহায় পাব পাৰে? যদি আপুনি অতীতত কৰা ভুলবোৰ মনত পেলাই দোষী অনুভৱ কৰি আছে, তেনেহʼলে নিজকে সোধক, ‘যিহোৱাই যি কথা মনত ৰাখে, মই সেয়া পাহৰি গৈছোঁ নে? যিহোৱাই মনত ৰাখে যে মই মাটি হওঁ, নিবিচৰাৰ সত্ত্বেও ভুল কৰোঁ আৰু অনুতাপ কৰিলে তেওঁ মোক ক্ষমা কৰি দিয়ে বুলি মই পাহৰিবলৈ ধৰিছোঁ নে? যিবোৰ কথা যিহোৱাই পাহৰি গৈছে, সেই কথাবোৰ মই মনত পেলাই থাকোঁ নে? যেনে, মই সেই পাপবোৰক মনত পেলাই এতিয়াও নিজকে দোষী অনুভৱ কৰোঁ নে, যিবোৰ যিহোৱাই ক্ষমা কৰি দিলে আৰু যাৰ বাবে তেওঁ মোক কেতিয়াও শাস্তি নিদিব? মনত ৰাখক যিহোৱাই আমাৰ অতীতৰ ভুলবোৰলৈ ধ্যান নিদিয়ে আৰু আমিও এইদৰে কৰা উচিত নহয়। (গীত. ১৩০:৩) যেতিয়া আমাৰ বিশ্বাস হʼব যে যিহোৱাই আমাক ক্ষমা কৰি দিলে, তেতিয়া আমি নিজৰ ভুলবোৰৰ বাবে দোষী অনুভৱ নকৰিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিম।

১৬. অতীতৰ ভুলবোৰ মনত পেলাই থকাটো কিয় বিপদজনক হʼব পাৰে? উদাহৰণ দি বুজাওক। (ছবিখনো চাওক)

১৬ এটা উদাহৰণলৈ মন কৰক। গাড়ী চলোৱাৰ সময়ত যদি এজন ব্যক্তিয়ে আগফালে চোৱাৰ পৰিৱৰ্তে আইনাত পিছফালে চাই থাকে, তেনেহʼলে কি হʼব পাৰে? সেই সময়ত এক্সিডেন্ট হʼব পাৰে। এয়া সঁচা যে কেতিয়াবা কেতিয়াবা পিছফালে চোৱাটো ভাল। কিন্তু সকলো সময়তে এইদৰে কৰিলে বিপদ হʼব পাৰে। ঠিক সেইদৰে কেতিয়াবা কেতিয়াবা নিজৰ ভুলৰ বিষয়ে ভবাটো ভাল। এইদৰে কৰিলে আমি সেই ভুল আকৌ কৰাৰ পৰা আঁতৰি থাকিব পাৰিম। কিন্তু আমি যদি সকলো সময়তে সেই ভুলৰ বিষয়ে ভাবি থাকোঁ আৰু নিজকে দোষ দি থাকোঁ, তেনেহʼলে আজি যিহোৱাৰ সেৱাত যি কৰিবলৈ সুযোগ পাইছোঁ, সেয়া কৰিব নোৱাৰিম। সেইবাবে, আমি আগলৈ চোৱা উচিত। আমি নিজৰ ধ্যান নতুন পৃথিৱীত বজাই ৰখা উচিত, যেতিয়া বেয়া স্মৃতিয়ে আমাক আমনি নকৰিব।—যিচ. ৬৫:১৭; হিতো. ৪:২৫.

এজন ব্যক্তিয়ে গাড়ী চলোৱাৰ সময়ত আইনাত পিছফালে চাই আছে। আগলৈ একা-বেঁকা ৰাস্তা আছে।

গাড়ী চলোৱা ব্যক্তিজনে আগলৈ চায়, আইনাত পিছফালে নাচায়। ঠিক সেইদৰে আমি ভৱিষ্যতে পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে ধ্যান দিয়া, অতীতত কৰা ভুলবোৰৰ ওপৰত নহয় (অনুচ্ছেদ ১৬ চাওক)


নিজকে বিশ্বাস দি থাকক

১৭. যিহোৱাই আমাক প্ৰেম কৰে আৰু ক্ষমা কৰে বুলি আমি নিজকে কিয় বিশ্বাস দি থকা উচিত?

১৭ নিজকে বিশ্বাস দি থাকক যে যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপোনাক ক্ষমা কৰিবলৈ সাজু হৈ থাকে। (১ যোহ. ৩:১৯) এইদৰে কৰাটো কিয় গুৰুত্বপূৰ্ণ? কাৰণ চয়তানে আমাক বিশ্বাস দিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে যে আমি যিহোৱাৰ প্ৰেমৰ যোগ্য নহওঁ বা আমি ইমানে গম্ভীৰ পাপ কৰিছোঁ যাৰ আমি ক্ষমা পাব নোৱাৰোঁ। আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়াটো চয়তানে বিচাৰে। সেইবাবে সি হাৰ নামানিব, তাৰ পৰিৱৰ্তে আৰু বেছিকৈ চেষ্টা কৰিব। কাৰণ তাৰ অলপ সময় বাকী আছে। (প্ৰকা. ১২:১২) গতিকে আহক আমি থিৰাং কৰোঁ যে চয়তানক কেতিয়াও জিকিবলৈ নিদিম।

১৮. যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ আমাক ক্ষমা কৰি দিছে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?

১৮ যিহোৱাই আপোনাক প্ৰেম কৰে এই কথাৰ ওপৰত নিজকে বিশ্বাস দিবলৈ ইয়াৰ আগৰ লেখত যি পৰামৰ্শ দিয়া হৈছিল সেইবোৰ পালন কৰক। যিহোৱাই আপোনাক ক্ষমা কৰি দিছে এই কথাৰ ওপৰত নিজকে বিশ্বাস দিবলৈ যিহোৱাই নিজৰ বিষয়ে কি কৈছিল, তাৰ বিষয়ে চিন্তা কৰক। ইয়াৰ উপৰিও তেওঁ বাইবেলৰ লেখকসকলৰ যোগেদি যি কথা লিখুৱাইছে, সেইবোৰ মনন কৰক। সদায় মনত ৰাখক, যিহোৱাই ভালদৰে জানে যে আমি অসিদ্ধ হওঁ আৰু নিবিচৰাৰ সত্ত্বেও ভুল কৰোঁ, সেইবাবে তেওঁ আমাক দয়া দেখুৱায়। এয়াও মনত ৰাখক যে যিহোৱাই আমাৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰি দিয়ে। যদি আপুনি এইদৰে কৰে, তেনেহʼলে দায়ূদৰ দৰে আপুনিও সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰিব, “ধন্যবাদ, যিহোৱা মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা।”—গীত. ৩২:৫.

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই আমাক ক্ষমা কৰি দিছে বুলি আমি বিশ্বাস কৰাটো কিয় গুৰুত্বপূৰ্ণ?

  • যিহোৱাই আমাক ক্ষমা কৰি দিছে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?

  • যিহোৱাই আমাক ক্ষমা কৰি দিছে বুলি আমি নিজকে কিয় বিশ্বাস দি থকা উচিত?

গীত নং ১ যিহোৱাৰ গুনবোৰ

a জুন ২০২২ চনৰ প্ৰহৰীদুৰ্গৰ “যিহোৱা—ক্ষমা কৰাত মহান!” লেখৰ অনুচ্ছেদ ৪-৭ চাওক।

b গীতমালা ৮৬:৫ (NW): “হে যিহোৱা তুমি ভাল আৰু ক্ষমা কৰিবলৈ সাজু হৈ থাকা, যিসকলে তোমাক মাতে, তেওঁলোকৰ বাবে তুমি অটুট প্ৰেমেৰে ভৰপূৰ।”

ছবি: ১. ৰজা দায়ূদ চাদত থিয় হৈ বেৎচেবাক গা ধুই থকাটো চাই আছে। ২. তেওঁ হৃদয়েৰে প্ৰাৰ্থনা কৰি আছে। ৩. তেওঁ কিবা লিখি আছে আৰু গভীৰভাৱে চিন্তা কৰি আছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক