ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ২৫
  • পৃথিৱীত শান্তি—কেনেকৈ সম্ভৱ হʼব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিৱীত শান্তি—কেনেকৈ সম্ভৱ হʼব?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ২৫
বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা লোক

পৃথিৱীত শান্তি—কেনেকৈ সম্ভৱ হʼব?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

গোটেই পৃথিৱীত শান্তি স্থাপন হʼব, কিন্তু সেয়া মানুহৰ প্ৰচেষ্টাৰে নহয়। যীচু খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্যৰ যোগেদি ই সম্ভৱ হʼব। এই আশাৰ বিষয়ে বাইবেলে কি শিক্ষা দিছে, তালৈ ধ্যান দিয়ক।

  1. ১. ঈশ্বৰে “পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ” কৰি, “পৃথিবীত, প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি” স্থাপন কৰি তেওঁৰ উদ্দেশ্য পূৰ কৰিব।—গীতমালা ৪৬:৯; লূক ২:১৪.

  2. ২. ঈশ্বৰৰ ৰাজ্যই স্বৰ্গৰপৰা গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। (দানিয়েল ৭:১৪) এই ৰাজ্যই গোটেই পৃথিৱীত হৈ থকা জাতীয়তাবাদ, যি বহুতো বিবাদৰ মূল কাৰণ হয় তাক একেবাৰে নাইকিয়া কৰিব।

  3. ৩. ঈশ্বৰৰ ৰাজ্যৰ ৰজা হৈছে যীচু আৰু তেওঁক “শান্তিৰাজ” বুলি কোৱা হয়। তেওঁ আমাক আশ্বাস দিয়ে যে পৃথিৱীত “শান্তিবৃদ্ধিৰ শেষ নহব।”—যিচয়া ৯:৬, ৭.

  4. ৪. কাজিয়া-কন্দল কৰা লোকসকলে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিব। কাৰণ “অত্যাচাৰপ্ৰিয় লোকক তেওঁৰ [ঈশ্বৰৰ] আত্মাই ঘিণ কৰে।”—গীতমালা ১১:৫; হিতোপদেশ ২:২২.

  5. ৫. শান্তিৰে কেনেকৈ বসবাস কৰিব পাৰি, তাৰ বিষয়ে ঈশ্বৰে তেওঁৰ অধীনত থকা লোকসকলক শিক্ষা দিয়ে। এই শিক্ষাৰ পৰিণামৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম-কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব।”—যিচয়া ২:৩, ৪.

ইতিমধ্যে পৃথিৱীজুৰি লাখ লাখ যিহোৱাৰ সাক্ষীয়ে কেনেকৈ শান্তি বজাই ৰাখিব পাৰি, তাৰ বিষয়ে যিহোৱা ঈশ্বৰৰপৰা শিক্ষা লৈছে। (মথি ৫:৯) আমি বিভিন্ন পৃষ্ঠভূমিৰপৰা আহিছোঁ আৰু ২৩০ খনতকৈ বেছি দেশ বা দ্বীপপুঞ্জত বাস কৰোঁ। আমি সংগী মানৱৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ লোৱাৰপৰা বিৰত থাকোঁ।

বৰ্তমান সময়ত কেনেকৈ শান্তি বজাই ৰাখিব পাৰি, তাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে শিকিছে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক